১।
সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক
প্ৰথমে প্রয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা।
উত্তৰ:
‘সত্যাগ্ৰহ’ শব্দটো ‘সত্য’
আৰু আগ্ৰহ’ শব্দ দুটা লগলাগি সৃষ্টি হৈছে আৰু ইয়াৰ অৰ্থ ‘সত্যৰ প্রতি আগ্রহ’, অৰ্থাৎ
সত্যনিষ্ঠ হৈ কাম কৰা। গান্ধীজীৰ মতে, সত্যাগ্ৰহ একপক্ষীয় প্ৰতিৰোধ নহয়। ইয়াৰ তাৎপৰ্য
হ’ল জনসাধাৰণে গভীৰভাৱে ৰাজনৈতিক কাৰ্যকলাপত
আত্মনিয়োগ কৰা। সত্যাগ্ৰহৰ ভিত্তি হ’ল অহিংসা। গান্ধীজীৰ
মতে ‘‘সত্যাগ্ৰহ হ’ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ
প্ৰক্ৰিয়া’’৷
যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক
প্ৰথমে প্রয়োগ কৰিছিল, সেই তিনিটাৰ বিষয়ে তলত সংক্ষিপ্ত ৰূপত লিখা হৈছে—
(ক) ভাৰতৰ উত্তৰ বিহাৰৰ চম্পাৰণত মহাত্মা
গান্ধীয়ে ভূস্বামীসকলৰ বিপক্ষে সত্যাগ্ৰহৰ জৰিয়তে কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল৷
(খ) গুজৰাটৰ খেড়াত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ
পাছতো চৰকাৰে আৰোপ কৰা অত্যধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল৷
(গ) আহমেদাবাদত বঞ্চিত মিলশ্ৰমিকসকলৰ হৈ
মিলমালিকসকলৰ বিপক্ষে থিয় দিছিল৷
২। ভাৰতত
খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল?
উত্তৰ:
মুছলমানসকলে তুৰস্কৰ সম্ৰাটক
খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল৷ কিন্তু প্ৰথম বিশ্বযুদ্ধত তুৰস্কৰ পৰাজয়ৰ
ফলস্বৰূপে খলিফাৰ গুৰুত্ব একেবাৰে কমি গৈছিল৷ যুদ্ধৰ পাছত খলিফাই নিজৰ সাম্ৰাজ্যৰে
ঠাইবিলাকৰ ওপৰত অধিকাৰ হেৰুৱাই পেলাইছিল, যাৰ ফলস্বৰূপে ইছলামধৰ্মী লোকসকলৰ মাজত ব্ৰিটিছসকলৰ বিৰুদ্ধে ব্যাপক উত্তেজনাৰ সৃষ্টি হয়। ভাৰতবৰ্ষৰ
ইছলামধৰ্মী লোকসকলৰ মাজতো ইয়াৰ প্ৰতিক্ৰিয়া পৰিলক্ষিত হয়। মৌলানা চৌকত আলি, মহম্মদ
আলীৰ নেতৃত্বত তুৰস্ক সমস্যাৰ প্রতিকাৰ কৰিবলৈ, অৰ্থাৎ ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক
পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনাৰ উদ্দেশ্যে ভাৰতবৰ্ষৰ ব’ম্বেত ১৯১৯ চনৰ মাৰ্চ মাহত কেন্দ্ৰীয়
খিলাফট সমিতি গঠন কৰি খিলাফৎ আন্দোলন আৰম্ভ কৰা হৈছিল৷
৩। ১৯২০-২২
চনত গান্ধীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীয়ে
কিয় এই আন্দোলন বন্ধ কৰিছিল?
উত্তৰ:
ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা
শান্তিপূৰ্ণভাৱে অটুট ৰাখি ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰাৰ উদ্দেশ্যে ১৯২০-১৯২২
চনৰ কালছোৱাত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন চলাইছিল৷
অসহযোগ আন্দোলনৰ কাৰ্যসূচীসমূহ তলত দিয়া ধৰণৰ আছিল—
১) বিদেশী বয়-বস্তু পৰিত্যাগ কৰি থলুৱাভাৱে উৎপাদিত
সামগ্ৰীৰ প্ৰচলনত গুৰুত্ব দিয়া হৈছিল৷ বহুতো ঠাইত বিদেশী বস্ত্ৰসমূহ জনতাই দ’ম বান্ধি
জ্বলাই দিছিল আৰু যঁতৰত ঘৰতে সূতা কাটি তাঁত বৈ প্ৰস্তুত কৰা খদ্দৰ কাপোৰৰ ব্যৱহাৰৰ
জৰিয়তে স্বদেশী ভাবধাৰা এটা গঢ় লৈ উঠিছিল৷
২) বিদেশী বয়-বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানসমূহ
বৰ্জন কৰা হৈছিল৷
৩) বিধান মণ্ডল, আদালত, শিক্ষানুষ্ঠাল আদি সকলো চৰকাৰী
অনুষ্ঠান-প্ৰতিষ্ঠান বৰ্জন কৰাৰ লগতে সকলো চৰকাৰী বিষয়বাব বৰ্জন কৰিবলৈ ৰাইজক আহ্বান
জনোৱা হৈছিল৷ সেইমৰ্মেবৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় ত্যাগ
কৰিছিল৷ আদালতত কৰ্মৰত বহুতো কৰ্মচাৰীয়ে আদালত পৰিত্যাগ কৰিছিল৷
৪) চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ
সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে সেই সময়ছোৱাত দেশৰ বিভিন্ন ঠাইত জাতীয়তাবাদী ভাবধাৰাৰ
বিদ্যালয়-মহাবিদ্যালয় গঢি় তোলা হৈছিল৷ কংগ্ৰেছে সেই সময়ছোৱাত কাশী বিদ্যাপীঠ, বেনাৰস
বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢি় তুলিছিল৷
৫) নানান ধৰণৰ ব্যক্তিগত আৰু ৰাজহুৱা বিবাদবোৰৰ নিষ্পত্তি
চৰকাৰী আদালতত নকৰি ৰাইজৰ দ্বাৰা গঠিত ৰাইজৰ আদালততে কৰিবলৈ লোৱা হৈছিল৷ কাছাৰী ত্যাগ
কৰা উকীলসকলৰ পৰিয়ালৰ ভৰণ-পোষণৰ বাবে শেঠ যমনলাল বাজাজে বছৰি এক লাখকৈ টকা দিয়াৰ সিদ্ধান্ত
লৈছিল৷
৬) অসহযোগ আন্দোলনৰ কাৰ্যসূচী হিচাপে বিভিন্নজনে ব্ৰিটিছ
চৰকাৰৰ পৰা পোৱা বিভিন্ন বঁটা-বাহন আৰু উপাধি আদি পৰিত্যাগ কৰিছিল৷
৭) বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ-কাটল নিদিয়াৰ সপক্ষে
প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল৷
৮) কংগ্ৰেছে প্ৰায় চল্লিছ লাখ স্বেচ্ছাসেৱকক সদস্যভুক্ত
কৰিছিল৷ প্ৰায় ২০ হাজাৰ যঁতৰ নিৰ্মাণ কৰা হৈছিল৷
৯) অসহযোগ আন্দোলনৰ খৰচ-পাতিৰ বাবে ‘তিলক স্বৰাজ
পুঁজি’ গঢি় তোলা হৈছিল আৰু অতি কম সময়তে এক কোটিতকৈও অধিক টকা সংগ্ৰহ কৰা হৈছিল৷
অসহযোগ আন্দোলনে সমগ্ৰ ভাৰততে প্ৰভাৱ পেলোৱাৰ সময়তে
১৯২২ চনৰ ৫ ফেব্ৰুৱাৰিত পুলিচৰ উত্তৰ প্ৰদেশৰ চৌৰিচৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ
মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল আৰু এই সংঘৰ্ষত পুলিচৰ গুলীত তিনিজন প্ৰতিবাদকাৰীৰ
মৃত্যু হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নি সংযোগ কৰাত সেই আৰক্ষী চকীৰ জামাদাৰ
আৰু দাৰোগাসহ প্রায় ২২ জন পুলিচ কৰ্মী অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। গান্ধীজীয়ে অসহযোগ
আন্দোলনটো অহিংসা পন্থাৰে চলাটো বিচাৰিছিল। কিন্তু চৌৰিচৌৰাত এই আন্দোলনে হিংসাত্মক
ৰূপ পৰিগ্রহণ কৰাত মহাত্মা গান্ধীয়ে এই আন্দোলন স্থগিত ঘোষণা কৰে।
৪ ৷ আইন
অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল ? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল?
উত্তৰ:
আইন অমান্য আন্দোলনৰ মূল লক্ষ্য
আছিল—
(ক) মাদক দ্রব্যৰ প্ৰচলন বন্ধ কৰা।
(খ) টকা আৰু ষ্টাৰ্লিঙৰ অনুপাত সলনি কৰা।
(গ) মাটিৰ খাজনাৰ পৰিমাণ হাস কৰা।
(ঘ) লোণ কৰ বন্ধ কৰা।
(ঙ) সৈন্য বাহিনীৰ ব্যয় কমোৱা।
(চ) প্ৰশাসনীয় ব্যয় সংকোচ কৰা।
(ছ) বিদেশী কাপোৰত সীমা শুদ্ধ আৰোপ কৰা।
(জ) ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা।
(ঝ) সকলো ৰাজনৈতিক বন্ধীক মুক্তি দিয়া।
(ঞ) অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি কৰা।
(ট) আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ-শস্ত্ৰ
ৰখাৰ বৈধতা প্রদান কৰা।
আইন অমান্য
আন্দোলনৰ মূল বৈশিষ্ট্য আছিল—
(ক) এই আন্দোলন আৰম্ভ হৈছিল ১৯৩০ চনৰ ১২
মাৰ্চত গান্ধীজীৰ ‘লোণ সত্যাগ্ৰহ’-ৰ জৰিয়তে, যাক দাণ্ডি যাত্ৰা বুলিও জনা যায়৷ ১৯৩০
চনৰ ৬ এপ্ৰিল তাৰিখে দাণ্ডিত উপস্থিত হৈ লোণ আইনৰ বিৰুধিতা কৰি গান্ধীয়ে নিজে লোণ
প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল৷
(খ) দেশৰ বিভিন্ন প্ৰান্তত লোণ আইনক প্ৰত্যাহ্বান
জনোৱা হৈছিল৷
(গ) দেশৰ বিভিন্ন প্ৰান্তত মদ আদি মাদক দ্ৰব্যৰ
দোকানসমূহৰ আগত পিকেটিং কৰা হৈছিল৷
(ঘ) এই আন্দোলনে ভাৰতীয় জনমানসত ৰাজনৈতিক
সচেতনতা জগাই তুলিছিল৷
(ঙ) হাজাৰ হাজাৰ দেশপ্ৰেমী পুৰুষ, মহিলা
আৰু ল’ৰা-ছোৱালীয়ে আন্দোলন কৰি কাৰাবাস খাটিবলগীয়া হৈছিল৷
(চ) এই আন্দোলনৰ সময়ছোৱাত ব্ৰিটিছ চৰকাৰে
কৰা নিষ্ঠুৰ আচৰণৰ দ্বাৰা গোটেই বিশ্ববাসীৰ সন্মুখতে তেওঁলোকৰ নগ্ন স্বৰূপটো প্ৰকাশ
পোৱাৰ লগতে সমগ্ৰ ব্ৰিটিছ জাতিৰ সন্মান লাঘৱ হৈছিল৷
৫। কি
পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত আন্দোলনৰ কাৰ্যসূচীক
তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া।
উত্তৰ:
জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি,
পূৰ্ববংগত সন্ত্ৰাস আৰু ব্ৰিটিছে দেশক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মলত ঠাই
লোৱা নিৰাপত্তাহীনতা ভাব আদিৰ পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল৷
গান্ধীৰ ‘কৰিম কিম্বা মৰিম’ ধ্বনিৰ প্ৰেৰণাত উদ্বুদ্ধ
হৈ দেশে এই আন্দোলনত জঁপিয়াই পৰিছিল৷ সমগ্ৰ দেশতে হৰতালৰ লগতে বিদেশী সামগ্ৰীপূৰ্ণ
দোকানঘৰ ভাঙি চূৰমাৰ কৰা হৈছিল৷ ব্ৰিটিছ চৰকাৰৰ প্ৰতিষ্ঠান হিচাপে গণ্য কৰা ৰেইল ষ্টেচন,
পুলিচ থানা, আদালত আদি জনসাধাৰণে আক্ৰমণ কৰিছিল৷ ৰেলপথ ধ্বংস কৰাৰ লগতে টেলিফ’ন লাইন
কাটি দিয়া হৈছিল৷ কিছুমান ঠাইত আনকি স্বাধীন চৰকাৰো প্ৰতিষ্ঠা হৈছিল৷ বংগদেশ, বিহাৰ,
উত্তৰ প্ৰদেশ, মুম্বাই, উড়িশা আৰু অন্ধ্ৰপৰেদেশত এই আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল৷
বালিয়া, চাতাৰা, দৰৱাৰ, বালাচোৰ, তালচেৰ আদি ঠাই ব্ৰিটিছ শাসনৰ পৰা মুক্ত বুলি ঘোষণা
কৰা হৈছিল আৰু তাত নিজাকৈ চৰকাৰ গঠন কৰা হৈছিল৷
যদিও এই আন্দোলন দীৰ্ঘম্যাদী নাছিল, ই ভাৰতীয়সকলৰ জাতীয়তাবাদী
ভাবধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অনন্য উদাহৰণ আছিল৷ স্বাধীনতাৰ
জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ এই স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এই আন্দোলনক এক নতুন মাত্ৰা
প্ৰদান কৰিছিল৷ ছাত্ৰ, মহিলা, খেতিয়ক আৰু শ্ৰমিকে এই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা
গ্ৰহণ কৰিছিল৷ এই আন্দোলনৰ পৰিণতি স্বৰূপে ভাৰতবৰ্ষত ব্ৰিটিছৰ শক্তি বহু পৰিমাণে টুটি
আহিছিল। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক
কাৰ্যসূচীলৈ পৰিণত কৰিছিল৷ ভাৰত ত্যাগ আন্দোলনৰ পাছত ভাৰত স্বাধীন হোৱাটো একেবাৰে
নিশ্চিত হৈ পৰিছিল৷ ব্ৰিটিছ চৰকাৰৰ লগত কেৱল
ক্ষমতা হস্তান্তৰ কৰাটোহে বাকী আছিল৷ সেয়ে ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীক ভাৰতীয়
স্বাধীনতা সংগ্ৰামৰ মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব পাৰি৷
৬। ভাৰতৰ
জাতীয় সেনাবাহিনীৰ বিষয়ে এটা চমু টোকা লিখা।
উত্তৰ:
ভাৰতৰ স্বাধীনতা যুদ্ধত ভাৰতীয়
জাতীয় সেনা বাহিনীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতীয় জাতীয় সেনা বাহিনীৰ
ধাৰণাটো প্ৰথমে পোষণ কৰিছিল জাপানী সৈন্যৰ ওচৰত আত্মসমৰ্পণ কৰা ভাৰতীয় বিষয়া কেপ্টেইন
মোহন সিঙে৷ সুভাষ চন্দ্ৰ বসুৱে ১৯৪৩ চনত জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুৰ সহযোগত
ভাৰতীয় জাতীয় সেনাবাহিনী বা ‘আজাদ হিন্দ ফৌজ’ পুনৰ্গঠনহে কৰে৷
১৯৪২ চনৰ মাৰ্চ মাহৰ শেষত টকিঅ’ত প্ৰবাসী
ভাৰতীয়সকলৰ এখন ৰাজনৈতিক অভিৱৰ্তন পাতি তাতেই ‘ভাৰতীয় স্বতন্ত্ৰ লীগ’ নামৰ এটি সংগঠন
গঢ়ি তুলিছিল। তাৰ পাছত সেই বছৰৰে জুন মাহত তেওঁ বেংককত প্ৰাচ্য আৰু দক্ষিণ-পূৰ্ব এছিয়াৰ
বিভিন্ন দেশত বসবাস কৰা প্রবাসী ভাৰতীয় লোকসকলৰ এখন প্রতিনিধিত্বমূলক অভিৱৰ্তন পাতিছিল।
সেই অভিৱৰ্তনতেই ৰাজবিহাৰী বসুক ‘ভাৰতীয় স্বতন্ত্ৰ লীগ’-ৰ সভাপতি নিৰ্বাচন কৰা হৈছিল।
এই সংগঠনটোৰ উদ্দেশ্য আছিল ভাৰতবৰ্ষক ইংৰাজৰ হাতৰ পৰা স্বাধীন কৰা। এই অভিৱৰ্তনতেই
সুভাষচন্দ্ৰ বসুক জাপানলৈ নিমন্ত্ৰণ জনোৱা হৈছিল। সেই মৰ্মে সুভাষ চন্দ্ৰ বসুয়ে ১৯৪৩
চনৰ আগষ্ট মাহত টকিঅ’ত উপস্থিত হৈছিল। সুভাষ চন্দ্ৰ বসুৰ জাপান আগমন আছিল ভাৰতবৰ্ষৰ
স্বাধীনতা আন্দোলনৰ অন্যতম বিৱৰ্তন বিন্দু। টকিঅ’ত উপস্থিত হোৱাৰ পাছতেই ৰাসবিহাৰী
বসুৱে ভাৰতীয় স্বতন্ত্ৰ লীগৰ সভাপতি পদটি এৰি দি সুভাসচন্দ্ৰ বসুক সেই পদত অধিষ্ঠিত
কৰে৷ লগতে তেওঁ ভাৰতীয় জাতীয় সৈন্যবাহিনী বা আজাদ হিন্দ ফৌজৰো সৰ্বোচ্চ মুৰব্বী
হিচীপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ দায়িত্বভাৰ লোৱাৰ পিছতেই ১৯৪৩ চনৰ ২১ অক্টোবৰ তাৰিখে
তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ
(যাক আজাদ হিন্দ চৰকাৰ বুলি জনা যায়) গঠন কৰি ব্ৰিটিছমুক্ত ভাৰত গঠনৰ সংকল্প গ্ৰহণ
কৰে৷ ভাৰতীয় জাতীয় সেনাবাহিনীটোক পুনৰ্গঠন কৰা হয়৷ যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্যবাহিনীত
ভৰ্তি কৰাৰ ব্যৱস্থা লোৱা হয়৷ ইয়াৰ লগতে যুদ্ধপুঁজি
গঠন কৰা হয় আৰু ঝান্সি ৰাণী ৰেজিমেণ্ট নামেৰে
মহিলাসকলৰ বাহিনী এটাও গঠন কৰা হয়৷
ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্ল’গান আছিল—
জয় হিন্দ্৷ ব্ৰিটিছ আৰু সহযোগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনাবাহিনীয়ে জাপানৰ
লগ লাগি ব্ৰহ্মদেশ, ইম্ফল আৰু ক’হিমাত যুদ্ধ কৰিছিল৷ বহুল বিখ্যাত মোক তেজ দিয়া আৰু
মই তোমালোকক স্বাধীনতা দিম উক্তিৰে তেওঁ সৈন্যসকলক বাৰুকৈ অনুপ্ৰাণিত কৰিছিল৷ কিন্তু
যুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সৈন্যবাহিনীকো আত্মসমৰ্পণ কৰিবলৈ
বাধ্য কৰে৷ ভাৰতক ব্ৰিটিছৰ পৰা মুক্ত কৰিবলৈ নেতাজীৰ এই অভিযানে কৃতকাৰ্য হ’ব নোৱাৰিলেও
তেওঁৰ দেশপ্ৰেম সদায় ইতিহাসৰ পৃষ্ঠাত জিলিকি থাকিব৷