অসমত ব্ৰিটিছবিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ, সমাজ বি‍জ্ঞান (X) — অতি চমু প্ৰশ্নোত্তৰ



১৷ অসমত ব্ৰিটিছ শাসনকালৰ পূৰ্বে ৰাজহ সংগ্ৰহ কিহৰ জৰিয়তে হৈছিল?
উত্তৰ: অসমত ব্ৰিটিছ শাসনকালৰ পূৰ্বে শ্ৰমৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰা হৈছিল৷
২৷ ব্ৰিটিছৰ শাসনকালত অসমত সৃষ্টি হোৱা সুদখোৰ মহাজন শ্ৰেণীটো ক’ৰ আছিল?
উত্তৰ: ব্ৰিটিছৰ শাসনকালত অসমত সৃষ্টি হোৱা সুদখোৰ মহাজন শ্ৰেণীটো প্ৰধানতঃ ৰাজস্থানৰ মাৰোৱাৰ আৰু বংগদেশৰ আছিল৷
৩৷ মাৰোৱাৰীসকলৰ গৃহভূমি ক’ত?
উত্তৰ: মাৰোৱাৰীসকলৰ গৃহভূমি হ’ল ৰাজস্থান ৰাজ্যৰ মাৰোৱাৰ অঞ্চল৷
৪৷ অসমত মহামাৰিয়ে সংকট সৃষ্টি কৰা বছৰকেইটা উল্লেখ কৰা৷
উত্তৰ: অসমত মহামাৰিয়ে সংকট সৃষ্টি কৰা বছৰকেইটা হ’ল— ১৮৩৯, ১৮৪৭ আৰু ১৮৫২ চন৷
৫৷ চাহখেতিয়কক উৎসাহিত কৰিবৰ বাবে ব্ৰিটিছে কি পদক্ষেপ গ্ৰহণ ক‍িৰিছিল?
উত্তৰ: চাহখেতিয়কক উৎসাহিত কৰিবৰ বাবে ব্ৰিটিছে চাহবাগিচাৰ অন্তৰ্গত ভূমিসমূহৰ ৰাজহ ৰেহাই দিছিল৷
৬৷ আহোম ৰাজত্বকালতে ভাৰতবৰ্ষৰ এক বিশেষ বজাৰ দখল কৰা অসমৰ কুটীৰ শিল্পটো কি আছিল?
উত্তৰ: আহোম ৰাজত্বকালতে ভাৰতবৰ্ষৰ এক বিশেষ বজাৰ দখল কৰা কুটীৰ শিল্পটো হ’ল পাট-মুগা শিল্প৷
৭৷ ৰাজহ সংগ্ৰহৰ দায়িত্বৰ বাবে ব্ৰিটিছে কোন কোন অঞ্চলৰ লোকক অসমলৈ আনিছিল?
উত্তৰ: ৰাজহ সংগ্ৰহৰ দায়িত্বৰ বাবে ব্ৰিটিছে ৰাজস্থানৰ মাৰোৱাৰ আৰু বংগদেশৰ শ্ৰীহট্ট অঞ্চলৰ লোকক অসমলৈ আনিছিল
৮৷ কি কাৰণে অসমৰ অভিজাত শ্ৰেণীটোৰ অধিকাংশই ব্ৰি‍টিছ প্ৰশাসনত জড়িত হোৱাৰ পৰা বঞ্চিত হৈছিল?
উত্তৰ: আধুনিক শি‍ক্ষাৰে শিক্ষিত নোহোৱা কাৰণে অসমৰ অভিজাত শ্ৰেণীটোৰ অধিকাংশই ব্ৰি‍টিছ প্ৰশাসনত জড়িত হোৱাৰ পৰা বঞ্চিত হৈছিল
৯৷ কেতিয়া ব্ৰিটিছে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল?
উত্তৰ: ১৮৪৩ চনত ব্ৰিটিছে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল
১০৷ দাস প্ৰথা বিলুপ্তিৰ জৰিয়তে ব্ৰিটিছে অসমৰ লগুৱা-লিকচৌ শ্ৰেণীটোক অভিজাত শ্ৰেণীৰ পৰা মুক্ত কৰাৰ আঁৰৰ মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰ: দাস প্ৰথা বিলুপ্তিৰ জৰিয়তে ব্ৰিটিছে অসমৰ লগুৱা-লিকচৌ শ্ৰেণীটোক অভিজাত শ্ৰেণীৰ পৰা মুক্ত কৰাৰ আঁৰৰ মুখ্য উদ্দেশ্য আছিল বাগিচাসমূহত বনুৱাৰ যোগান ধৰা৷
১১৷ ব্ৰিটিছৰ বিৰুদ্ধে কোনে অসমত প্ৰথমবাৰৰ বাবে বিদ্ৰোহ কৰিছিল আৰু কেতিয়া কৰিছিল?
উত্তৰ:  গোমধৰ কোঁৱৰে ১৮২৮ চনত ব্ৰিটিছৰ বিৰুদ্ধে অসমত প্ৰথমবাৰৰ বাবে বিদ্ৰোহ কৰিছিল
১২৷ সৰ্বভাৰতীয় পৰ্যায়ত হোৱা ১৮৫৭ চনৰ বিদ্ৰোহক আৰু কি নামেৰে জনা যায়?
উত্তৰ: সৰ্বভাৰতীয় পৰ্যায়ত হোৱা ১৮৫৭ চনৰ বিদ্ৰোহক চিপাহী বিদ্ৰোহ নামেৰে জনা যায়
১৩৷ বশ্যতামূলক মিত্ৰতা নীতি কোনে প্ৰচলন কৰিছিল?
উত্তৰ: লৰ্ড ৱেলেছলিয়ে বশ্যতামূলক মিত্ৰতা নীতি প্ৰচলন কৰিছিল
১৪৷ স্বত্ববিলোপ নীতি কোনে প্ৰচলন কৰিছিল?
উত্তৰ: লৰ্ড ডেল্‌হাউছিয়ে‍স্বত্ববিলোপ নীতি প্ৰচলন কৰিছিল
১৫৷ কেতিয়া মিৰাটত ভাৰতীয় সৈন্যই বিদ্ৰোহ ঘোষণা কৰিছিল?
উত্তৰ: ১৮৫৭ চনৰ ১০ মে’ত মিৰাটত ভাৰতীয় সৈন্যই বিদ্ৰোহ ঘোষণা কৰিছিল
১৬৷ ১৮৫৭ চনৰ বিদ্ৰোহীসকলে কোনজন মোগল সন্তানক ভাৰতৰ সম্ৰাট পাতিব বিচাৰিছিল?
উত্তৰ: ১৮৫৭ চনৰ বিদ্ৰোহীসকলে দ্বিতীয় বাহাদুৰ শ্বাহক ভাৰতৰ সম্ৰাট পাতিব বিচাৰিছিল
১৭৷ ১৮৫৭ চনত অসমত হোৱা বিদ্ৰোহত কোন শ্ৰেণীৰ লোকে মুখ্য ভূমিকা পালন কৰিছিল?
উত্তৰ: ১৮৫৭ চনত অসমত হোৱা বিদ্ৰোহত অভিজাত শ্ৰেণীৰ লোকে মুখ্য ভূমিকা পালন কৰিছিল
১৮৷ মণিৰাম দেৱানৰ প্ৰকৃত নাম কি?
উত্তৰ: মণিৰাম দেৱানৰ প্ৰকৃত নাম মণিৰাম বৰভাণ্ডাৰ বৰুৱা৷
১৯৷ মণিৰাম দেৱানে কলিকতাৰ পৰা চিঠি প্ৰেৰণ কৰা দুজন ব্যক্তিৰ নাম লিখা৷
উত্তৰ: মণিৰাম দেৱানে কলিকতাৰ পৰা চিঠি প্ৰেৰণ কৰা দুজন ব্যক্তিৰ নাম হ’ল— পিয়লি বৰুৱা আৰু দুতিৰাম বৰুৱা৷
২০৷ মণিৰাম দেৱানে বিদ্ৰোহৰ প্ৰস্তুতি কৰাৰ কথা ব্ৰিটিছে কেনে ধৰণে গম পাইছিল?
উত্তৰ: শিৱসাগৰৰ প্ৰিন্সিপাল এছিছ্‌টেণ্ট কেপ্টেইন হল্‌ৰইডে মণিৰাম দেৱানৰ দ্বাৰা প্ৰেৰিত  কেইখনমান চিঠি ধৰা পেলাবলৈ সক্ষম হৈছিল আৰু মণিৰাম দেৱানৰ বিদ্ৰোহৰ প্ৰস্তুতি কথা গম পাইছিল
২১৷ কন্দৰ্পেশ্বৰ সিংহক কেতিয়া ব্ৰিটিছে আটক কৰিছিল?
উত্তৰ: কন্দৰ্পেশ্বৰ সিংহক ১৮৫৭ চনৰ ৭ ছেপ্টেম্বৰৰ দিনা ব্ৰিটিছে আটক কৰিছিল
২২৷ মণিৰাম দেৱানক ব্ৰিটিছে ক’ত গ্ৰেপ্তাৰ কৰিছিল?
উত্তৰ: মণিৰাম দেৱানক ব্ৰিটিছে কলিকতাত গ্ৰেপ্তাৰ কৰিছিল
২৩৷ আলিপুৰ জেইলত মণিৰাম দেৱানক কিমান দিন ৰখা হৈছিল?
উত্তৰ: আলিপুৰ জেইলত মণিৰাম দেৱানক প্ৰায় আঢ়ৈ মাহ ৰখা হৈছিল
২৪৷ কেতিয়া মণিৰাম দেৱানক ফাঁচী দিয়া হৈছিল?
উত্তৰ: ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰিৰ দিনা মণিৰাম দেৱানক ফাঁচী দিয়া হৈছিল
২৫৷ মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল?
উত্তৰ: মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচী দিয়া হৈছিল
২৬৷ ১৮৬৩ চনৰ পৰা ব্ৰিটিছ চৰকাৰে কন্দৰ্পেশ্বৰ সিংহক কিমান টকাকৈ পেঞ্চন দিছিল?
উত্তৰ: ১৮৬৩ চনৰ পৰা ব্ৰিটিছ চৰকাৰে কন্দৰ্পেশ্বৰ সিংহক ৫০০ টকাকৈ পেঞ্চন দিছিল
২৭৷ কিমান চনত অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল?
উত্তৰ: ১৮২৬ চনত অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল
২৮৷ মণিৰাম দেৱানক কেতিয়া ব্ৰিটিছে চিৰস্তাদাৰ পদত নিযুক্তি দিছিল?
উত্তৰ: ১৮২৮ চনত মণিৰাম দেৱানক ব্ৰিটিছে চিৰস্তাদাৰ পদত নিযুক্তি দিছিল
২৯৷ ‘অসম টি কোম্পানি’ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ: ১৮৩৯ চনত ‘অসম টি কোম্পানি’ প্ৰতিষ্ঠা কৰা হৈছিল
৩০৷ কেপ্তেইন হল্‌ৰইডে কেতিয়া শিৱসাগৰৰ মুখ্য বিষয়া হিচাপে কৰ্মত যোগ দিছিল?
উত্তৰ: ১৮৫১ চনত কেপ্তেইন হল্‌ৰইডে শিৱসাগৰৰ মুখ্য বিষয়া হিচাপে কৰ্মত যোগ দিছিল
৩১৷ কন্দৰ্পেশ্বৰ সিংহৰ পিতৃ কোন আছিল?
উত্তৰ: কন্দৰ্পেশ্বৰ সিংহৰ পিতৃ আছিল কামেশ্বৰ সিংহ৷
৩২৷ মণিৰাম দেৱানে মফট্ মিল্‌ছ‍ক কেইখন আৱেদন দাখিল কৰিছিল?
উত্তৰ: মণিৰাম দেৱানে মফট্ মিল্‌ছ‍ক দুখন আৱেদন দাখিল কৰিছিল
৩৩৷ ১৮৫৩ চনত কলিকতা উচ্চ ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ কোন আছিল?
উত্তৰ: ১৮৫৩ চনত কলিকতা উচ্চ ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ আছিল মফট্‌ মিল্‌ছ৷
৩৪৷ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক’ত ফাঁচী দিয়া হৈছিল?
উত্তৰ: মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাটত ফাঁচী দিয়া হৈছিল
৷ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ এটা প্ৰধান কাৰণ উল্লেখ কৰা৷
উত্তৰ: অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ এটা প্ৰধান কাৰণ হ’ল— অভিজাত শ্ৰেণীৰ অসন্তুষ্টি‍৷
৷ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ এটা প্ৰধান কাৰণ উল্লেখ কৰা৷
উত্তৰ: অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলাৰ এটা প্ৰধান কাৰণ হ’ল— বিদ্ৰোহীৰ সংখ্য‍া একবোৰে কম আছিল৷
  অসমত হোৱা ১৮৫৭ চনৰ বিদ্ৰোহৰ এটা গুৰুত্ব উল্লেখ কৰা৷
উত্তৰ: অসমত হোৱা ১৮৫৭ চনৰ বিদ্ৰোহৰ এটা গুৰুত্ব হ’ল—
৷ কেতিয়া ভাৰতৰ শাসনক্ষমতা ইষ্ট ইণ্ডিয়া কোম্পানিৰ হাতৰ পৰা ইংলেণ্ডৰ ৰাণীলৈ হস্তান্তৰিত হয়?
উত্তৰ: ১৮৫৮ চনত ভাৰতৰ শাসনক্ষমতা ইষ্ট ইণ্ডিয়া কোম্পানিৰ হাতৰ পৰা ইংলেণ্ডৰ ৰাণীলৈ হস্তান্তৰিত হয়
৷ ১৮৫৭-৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানিৰ ঘাটি বাজেট কিমানলৈ বৃদ্ধি পাইছিল?
উত্তৰ: ১৮৫৭-৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানিৰ ঘাটি বাজেট ১৪ মিলিয়ন পাউণ্ডললৈ‍বৃদ্ধি পাইছিল
৪০৷ ১৮৫৭-৫৮ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ ঘাটি বাজেট পূৰণৰ বাবে কি উপায় অৱলম্বন কৰিছিল?
উত্তৰ: ১৮৫৭-৫৮ চনত হোৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ ঘাটি বাজেট পূৰণ কৰিবৰ বাবে পৰৱৰ্তী সময়ত ভাৰতীয় জনসাধাৰণৰ ওপৰত বিভিন্নি ধৰণৰ কৰ-কাটল আৰোপ কৰিছিল৷
৪১৷ ভাৰতত কৰ বৃদ্ধিৰ হাৰ ১৮৫৪ চনৰ পৰা ১৮৭০ চনৰ মাজৰ কালছোৱাত কিমানলৈ বৃদ্ধি পাইছিল?
উত্তৰ: ভাৰতত কৰ বৃদ্ধিৰ হাৰ ১৮৫৪ চনৰ পৰা ১৮৭০ চনৰ মাজৰ কালছোৱাত প্ৰায় ১০০ শতাংশলৈ বৃদ্ধি পাইছিল
৪২৷ অসমৰ কোনকেইখন জিলাত ব্ৰিটিছে আৱকাৰী কৰ আৰোপ কৰিছিল?
উত্তৰ: অসমৰ কামৰূপ, দৰং আৰু নগাঁও জিলাত ব্ৰিটিছে আৱকাৰী কৰ আৰোপ কৰিছিল
৷ ৰাইজমেলসমূহ কোন শ্ৰেণীৰ লোকৰ তত্ত্বাৱধানত গঢ় লৈ উঠিছিল?
উত্তৰ: গাঁওবুঢ়া, দলৈ, গোসাঁই আদি সমাজৰ মুখীয়াল শ্ৰেণীৰ লোকৰ তত্ত্বাৱধানত ৰাইজমেলসমূহ গঢ় লৈ উঠিছিল
৷ অসমৰ কৃষক ৰাইজে ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথম বিদ্ৰোহ কোনটো?
উত্তৰ: অসমৰ কৃষক ৰাইজে ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো বিদ্ৰোহ হ’ল ফুলগুৰিৰ কৃষক বিদ্ৰোহ বা ফুলগুৰি ধাৱা৷
৷ অসমৰ কৃষক ৰাইজে ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো বিদ্ৰোহ কেতিয়া আৰু ক’ত সংঘটিত হৈছিল?
উত্তৰ: অসমৰ কৃষক ৰাইজে ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো বিদ্ৰোহ ১৮৬১ চনত নগাঁও জিলাৰ ফুলগুৰি‍ অঞ্চলত সংঘটিত হৈছিল
৷ আফুগুটিৰ পৰা কি প্ৰস্তুত কৰা হয়?
উত্তৰ: আফুগুটিৰ পৰা কানি প্ৰস্তুত কৰা হয়
৷ ব্ৰিটিছে কেতিয়া অসমত আফুখেতি কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল?
উত্তৰ: ১৮৬১ চনত ব্ৰিটিছে অসমত আফুখেতি কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল
৷ ফুলগুৰিত কৃষক বিদ্ৰোহ সংঘটিত হোৱাৰ সময়ত নগাঁও জিলাৰ উপায়ুক্ত কোন আছিল?
উত্তৰ: ফুলগুৰিত কৃষক বিদ্ৰোহ সংঘটিত হোৱাৰ সময়ত নগাঁও জিলাৰ উপায়ুক্ত আছিল হাৰ্বাৰ্ট স্কন্স্৷
৷ ফুলগুৰিত কৃষক বিদ্ৰোহ সংঘটিত হোৱাৰ সময়ত নগাঁও জিলাৰ সহকাৰী উপায়ুক্ত কোন আছিল?
উত্তৰ: ফুলগুৰিত কৃষক বিদ্ৰোহ সংঘটিত হোৱাৰ সময়ত নগাঁও জিলাৰ সহকাৰী উপায়ুক্ত আছিল লেফ্‌টেনেণ্ট ছিংগাৰ৷
৫০৷ ফুলগুৰিৰ কৃষক ৰাইজে উপায়ুক্তক কি দাবী উত্থাপন কৰিছিল?
উত্তৰ: আফুখেতি বন্ধ প্ৰত্যাহাৰ কৰিবলৈ আৰু তামোল-পাণৰ খেতিৰ ক্ষেত্ৰত কৰ আৰোপ নকৰিবলৈ ফুলগুৰিৰ কৃষক ৰাইজে উপায়ুক্তক দাবী জনাইছিল৷
৫১৷ ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা ব্ৰিটিছ বিষয়াগৰাকী কোন আছিল?
উত্তৰ: ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা ব্ৰিটিছ বিষয়াগৰাকী আছিল লেফ্‌টেনেণ্ট ছিংগাৰ৷
৫২৷ ব্ৰিটিছ কৰ্তৃপক্ষই ফুলগুৰি ধাৱাক কি হিচাপে অভিহিত কৰিছিল?
উত্তৰ: ব্ৰিটিছ কৰ্তৃপক্ষই ফুলগুৰি ধাৱাক কানি খোৱা খেতিয়কে আফু খেতি বন্ধৰ প্ৰতিবাদত কৰা এক সমান্য বিদ্ৰোহ হিচাপে অভিহিত কৰিছিল
৷ ফুলগুৰিৰ কৃষক বিদ্ৰোহত প্ৰধানতঃ কোন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিছিল?
উত্তৰ: ফুলগুৰিৰ কৃষক বিদ্ৰোহত প্ৰধানতঃ তিৱা জনজাতিৰ আফু খেতিয়কসকল আৰু মাছমৰীয়া শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰিছিল
৫৪৷ ফুলগুৰি বিদ্ৰোহৰ সময়ত অসমৰ কমিছনাৰ কোন আছিল?
উত্তৰ: ফুলগুৰি বিদ্ৰোহৰ সময়ত অসমৰ কমিছনাৰ আছিল মেজৰ হেন্‌ৰি হপ্‌কিন্স্৷
৷ ১৮৬৮-৬৯ চনৰ কালছোৱাত অসমত মাটিৰ খাজনা কি হাৰত বৃদ্ধি হৈছিল?
উত্তৰ: ১৮৬৮-৬৯ চনৰ কালছোৱাত অসমত মাটিৰ খাজনা শতকৰা ২৫-ৰ পৰা ৫০ ভাগলৈ বৃদ্ধি হৈছিল
৷ ‘আসাম ৰায়ত’ (Assam Riot)  বুলিলে কি বুজা?
উত্তৰ: ১৮৯৩ চনৰ মাৰ্চ মাহৰ পৰা ঊনবিংশ শতিকাৰ শেষ দশকলৈকে চলা কৃষক বিদ্ৰোহলানিক আসাম ৰায়ত বুলি কোৱা হয়৷
৷ নামনি অসমৰ কোনকেইখন জিলাত কৃষক বিদ্ৰোহ হৈছিল?
উত্তৰ: নামনি অসমৰ কামৰূপ আৰু দৰং জিলাত কৃষক বিদ্ৰোহ হৈছিল
৷ ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰ: ১৮৯৩-৯৪ চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিল৷
৷ কৃষক বিদ্ৰোহৰ সময়ত ৰঙিয়া আৰু তামোলপুৰৰ তহচিলদাৰ কোন আছিল?
উত্তৰ: কৃষক বিদ্ৰোহৰ সময়ত ৰঙিয়া আৰু তামোলপুৰৰ তহচিলদাৰ আছিল ৰাধানাথ বৰুৱা৷
৬০৷ কৃষক বিদ্ৰোহৰ সময়ত ৰঙিয়াৰ উপায়ুক্ত কোন আছিল?
উত্তৰ: কৃষক বিদ্ৰোহৰ সময়ত ৰঙিয়াৰ উপায়ুক্ত আছিল মেক কেব৷
৬১৷ নামনি অসমত কৃষক বিদ্ৰোহ সংঘটিত হোৱা কেইটামান অঞ্চলৰ নাম লিখা৷
উত্তৰ: নামনি অসমত কৃষক বিদ্ৰোহ সংঘটিত হোৱা কেইটামান অঞ্চলৰ নাম হ’ল— ৰঙিয়া, লচিমা, চৌখুঁটী, পানাগাঁও, সৰ্থেবাৰী, পাটাছাৰকুচি, তামোলপুৰ, পথৰুঘাট আদি৷
৬২৷ লচিমা কোন জিলাৰ অন্তৰ্গত আছিল?
উত্তৰ: লচিমা ব্ৰিটিছৰ শাসনকালত কামৰূপ জিলাৰ অন্তৰ্গত আছিল৷ বৰ্তমান ই বৰপেটা জিলাৰ অন্তৰ্গত৷
৷ লচিমাৰ কৃষক বিদ্ৰোহৰ সময়ত সৰুক্ষেত্ৰী মৌজাৰ মৌজাদাৰ কোন আছিল?
উত্তৰ: লচিমাৰ কৃষক বিদ্ৰোহৰ সময়ত সৰুক্ষেত্ৰী মৌজাৰ মৌজাদাৰ আছিল দাসোৰাম চৌধুৰী৷
৷ লচিমাৰ কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰা ক‍েইজনমান নেতৃস্থানীয় ব্যক্তিৰ নাম লিখা৷
উত্তৰ: লচিমাৰ কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰা ক‍েইজনমান নেতৃস্থানীয় ব্যক্তিৰ হ’ল— পুষ্পৰাম কলিতা, মংগলু কলিতা, দেবী দত্ত শৰ্মা, জয়ন্তী বেজ, নিৰ্ভাষা কলিতা আৰু নাউচাকু কলিতা৷
৷ পথৰুঘাট কোন জিলাৰ অন্তৰ্গত?
উত্তৰ: পথৰুঘাট দৰং জিলাৰ অন্তৰ্গত
৷ পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত দৰঙৰ উপায়ুক্ত (জিলাধিপতি) কোন আছিল?
উত্তৰ: পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত দৰঙৰ উপায়ুক্ত (জিলাধিপতি) আছিল জে. ডি. এণ্ডাৰছন৷‍
৬৭৷ পথৰুঘাটৰ বিদ্ৰোহৰ বিচাৰ কোনে কৰিছিল?
উত্তৰ: মঙলদৈৰ মহকুমাধিপতি ৰেনছম চাহাবে পথৰুঘাটৰ বিদ্ৰোহৰ বিচাৰ কৰিছিল
৷ জয়ন্তীয়া ৰাজ্য কেতিয়া ব্ৰিটিছৰ অধীনলৈ যায়?
উত্তৰ: ১৮৩৫ চনত জয়ন্তীয়া ৰাজ্য ব্ৰিটিছৰ অধীনলৈ যায়
৬৯৷ ১৮৩৫ চনত জয়ন্তীয়া ৰাজ্য কাৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়?
উত্তৰ: ১৮৩৫ চনত জয়ন্তীয়া ৰাজ্য ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়
৭০৷ জয়ন্তীয়াসকলে ব্ৰিটিছৰ বিৰুদ্ধে কেতিয়া বিদ্ৰোহ কৰিছিল?
উত্তৰ: ১৮৬২-৬২ চনত জয়ন্তীয়াসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল
৭১৷ জয়ন্তীয়া বিদ্ৰোহৰ সময়ত ব্ৰিটিছ প্ৰশাসনে কাক সামৰিক আৰু অসামৰিক দুয়ো ধৰণৰ কৰ্তৃত্ব প্ৰদান কৰিছিল?
উত্তৰ: জয়ন্তীয়া বিদ্ৰোহৰ সময়ত ব্ৰিটিছ প্ৰশাসনে জেনেৰেল জি ডিশ্বাৱাৰ্ছক সামৰিক আৰু অসামৰিক দুয়ো ধৰণৰ কৰ্তৃত্ব প্ৰদান কৰিছিল
৭২৷ জয়ন্তীয়া বিদ্ৰোহৰ সময়ত ব্ৰিটিছ প্ৰশাসনে কাক খাচী-জয়ন্তীয়া পাহাৰৰ ডেপুটি কমিছনাৰ হিচাপে নিয়োগ কৰিছিল?
উত্তৰ: জয়ন্তীয়া বিদ্ৰোহৰ সময়ত ব্ৰিটিছ প্ৰশাসনে বি ডাব্লিউ মৰ্টনক খাচী-জয়ন্তীয়া পাহাৰৰ ডেপুটি কমিছনাৰ হিচাপে নিয়োগ কৰিছিল
৭৩৷ উকিয়াং নবাক ধৰাই দিয়াৰ বাবদ ব্ৰিটিছ চৰকাৰে কিমান টকা পুৰস্কাৰ হিচাপে ঘোষণা কৰিছিল?
উত্তৰ: উকিয়াং নবাক ধৰাই দিয়াৰ বাবদ ব্ৰিটিছ চৰকাৰে ১,০০০ টকা পুৰস্কাৰ হিচাপে ঘোষণা কৰিছিল
৭৪৷ কেতিয়া জয়ন্তীয়া বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে?
উত্তৰ: ১৮৬৩ চনত জয়ন্তীয়া বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে
৷ জয়ন্তীয়া বিদ্ৰোহ কোন চনৰ পৰা কোন চনলৈ হৈছিল?
উত্তৰ: জয়ন্তীয়া বিদ্ৰোহ ১৮৬১ চনৰ পৰা ১৮৬৩নলৈ‍কে‍হৈছিল
৷ জয়ন্তীয়াসকলে কৰা বিদ্ৰোহত কোনে নেতৃত্ব দিছিল?
উত্তৰ: জয়ন্তীয়াসকলে কৰা বিদ্ৰোহত উকিয়াং নবাই নেতৃত্ব দিছিল
জয়ন্তীয়াসকলে কেতিয়া জোৱাইত থকা ব্ৰিটিছ ছাউনীত আক্ৰমণ কৰিছিল?
উত্তৰ: জয়ন্তীয়াসকলে ১৮৬২ চনৰ ১৭ জানুৱাৰিৰ দিনা জোৱাইত থকা ব্ৰিটিছ ছাউনীত আক্ৰমণ কৰিছিল
৷ আংগামী নগাসকলে কেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল?
উত্তৰ: ১৮৭৮-৮০ চনৰ কালছোৱাত আংগামী নগাসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল
  আংগামী নগাসকলে কোনজন ব্ৰিটিছ বিষয়াক হত্যা কৰিছিল?
উত্তৰ: আংগামী নগাসকলে ব্ৰিটিছ বিষয়া ডামাণ্টক হত্যা কৰিছিল
৮০৷ আংগামী নগাসকলৰ বিদ্ৰোহ কোনে দমন কৰিছিল?
উত্তৰ: কৰ্নেল জন্‌ষ্ট’নে আংগামী নগাসকলৰ বিদ্ৰোহ দমন কৰিছিল
৮১৷ টিকেন্দ্ৰজিৎ কোন আছিল?
উত্তৰ: টিকেন্দ্ৰজিৎ মণিপুৰৰ সেনাপতি আৰু ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা আছিল
৮২৷ টিকেন্দ্ৰজিতক কিয় ফাঁচী দিয়া হৈছিল?
উত্তৰ: ব্ৰিটিছ বিষয়াক হত্যা কৰা আৰু ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ফাঁচী দিয়া হৈছিল
৮৩৷ মণিপুৰীসকলে ব্ৰিটিছৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ: মণিপুৰীসকলে ব্ৰিটিছৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ নেতৃত্ব দিছিল সেনাপতি টিকেন্দ্ৰজিতে৷
৮৪৷ কেতিয়া মণিপুৰ ৰাজ্য ব্ৰিটিছৰ শাসনলৈ যায়?
উত্তৰ: ১৮৯১ চনত মণিপুৰ ৰাজ্য ব্ৰিটিছৰ শাসনলৈ যায়
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ