অসমত ব্ৰিটিছবিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ, সমাজ বি‍জ্ঞান (X) — দীঘল প্ৰশ্নোত্তৰ


১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰ: ১৮৫৭-৫৮ চনত হোৱা বিদ্ৰোহৰ কাৰণসমূহ হ’ল
ক) ৰাজনৈতিক কাৰণ: ব্ৰিটিছৰ মাস্ৰাজ্যবাদী নীতি, যেনে— লৰ্ড ৱেলেছ্‌লিৰ বশ্যতামূলক মিত্ৰতা নীতি, লৰ্ড ডেলহাউছিৰ স্বত্ববিলোপ নীতি আদিৰ ফলত ভাৰতৰ বহুতো ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল৷ কেৱল শাসনকাৰ্য অধিকাৰ কৰাই নহয়, ব্ৰিটিছে সেই ৰাজ্যসমূহৰ ৰাজবিষয়াসকলৰ পদমৰ্যাদা, পেঞ্চন আদিও নোহোৱা কৰিছিল৷ ফলস্বৰূপে বঞ্চিত শাসক, ৰাজবিষয়াৰ লগতে তেওঁলোকৰ সমৰ্থকসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছিল৷
খ) অৰ্থনৈতিক কাৰণ: ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ ব্যৱস্থা আৰু অন্যান্য কৰ সংগ্ৰহ ব্যৱস্থাৰ লগতে‍ মুদ্ৰা অৰ্থনীতিয়ে জনসাধাৰণক অসন্তুষ্ট কৰিছিল৷ প্ৰাকৃতিক দুৰ্যোগ, মহামাৰি আৰু দুৰ্ভি‍ক্ষৰ সময়তো চৰকাৰে জনসাধাৰণক কৰ-কাটলৰ পৰা ৰেহাই দিয়া নাছিল৷ নতুন অৰ্থনীতিৰ ফলত থলুৱা কুটিৰ শিল্পৰ অৱনতি ঘটিছিল, যাৰ ফলত ইয়াৰ লগত জড়িত লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছিল৷ এনবোৰ কাৰণত জনসাধাৰণ ব্ৰিটিছৰ প্ৰতি বিদ্বেষী হৈ উঠিছিল৷
গ) ব্ৰিটিছৰ নিয়োগ নীতি: আহোম ৰাজত্বকালত ফুকন, বৰুৱা, ৰাজখোৱা আদি বিষয়বাব পোৱা কিছু সংখ্যক লোকক মৌজাদাৰ বাব দি ব্ৰিটিছে ৰাজহ সংগ্ৰহৰ কামত নিয়োগ কৰিছিল৷ কিন্তু গৰিষ্ঠ সংখ্যকেই আধুনিক শি‍ক্ষাৰে শিক্ষিত নোহোৱাৰ বাবে লিখা-পঢ়া জনা আৰু ৰাজহ সংগ্ৰহৰ সামৰ্থ্য থকা লোক বংগদেশৰ শ্ৰীহট্ট আৰু পশ্চিম ভাৰতৰ মাৰোৱাৰ আদি অঞ্চলৰ পৰা আনি নিয়োগ কৰিছিল৷ ফলস্বৰূপে অসমীয়া অভিজাত শ্ৰেণীটো বিদেশীৰ অধীনত ৰায়ত হ’বলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল আৰু তেওঁলোক ইংৰাজৰ প্ৰতি বিদ্বেষী হৈ উঠিছিল৷
ঘ) সামাজিক কাৰণ: ১৮৪৩ চনত ব্ৰিটিছে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটোৱাত ডা-ডাঙৰীয়া, পুৰোহিত আদি অভিজাত শ্ৰেণীৰ লোকসকল‍ে তেওঁলোকৰ কৃষিকৰ্ম বা অন্যান্য কাম-কাজত পূৰ্বৰ লগুৱা-লিকছৌৰ দৰে নিজেই শাৰীৰিক পৰিশ্ৰম কৰিবগীয়া অৱস্থাৰ সৃষ্টি হৈছিল৷ ইয়াৰ ফলত অভিজাত শ্ৰেণীটোৱে অপমান বোধ কৰিছিল আৰু নতুন শাসন ব্যৱস্থাৰ প্ৰতি অসন্তুষ্ট হৈ পৰিছিল৷
ঙ) ভূমি অধিগ্ৰহণ: ব্ৰাহ্মণ, পুৰোহিত আৰু সত্ৰাধিকাৰসকলৰ কিছু সংখ্যকে পূৰ্বৰে পৰা ভোগ-দখল কৰি অহা লাখেৰাজ আৰু নিস্কৰ ভূমিৰ অতিৰিক্তখিনি ব্ৰিটিছে কাঢ়ি লৈ বাকী অংশত খাজনা আৰোপ কৰিছিল৷ ফলস্বৰূপে এই শ্ৰেণীটোও ব্ৰিটিছ- শাসনৰ বিৰোধী হৈ উঠি‍ছিল৷
এনদৰেই বিভিন্ন শ্ৰেণীৰ মানুহক ব্ৰিটিছ শাসনে দিয়া অসন্তুষ্টিৰ ফলতেই ১৮৫৭-৫৮-ৰ বিদ্ৰোহ সংঘটিত হৈছিল৷ কিন্তু অসমৰ পৰিপ্ৰেক্ষিতত অভিজাত শ্ৰণেী আৰু ডা-ডাঙৰীয়াসকলৰ অসন্তুষ্টিয়েই এই বিদ্ৰোহৰ মূল কাৰণ আছিল আৰু এই বিদ্ৰোহ তেওঁলোকৰ মাজতেই সীমাবদ্ধ আছিল৷ মণিৰাম দেৱান কলিকতাত বাহৰ পাতি থাকোঁতেই মিৰাটত ভাৰতীয় সৈন্যই ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ কথাই মণিৰাম দেৱানকো বিদ্ৰোহৰ বাব‍ে অনুপ্ৰাণিত কৰিছিল আৰু অসমতো এক বিদ্ৰোহ গঢ়ি তোলাৰ পৰিকল্পনা কৰিছিল৷ 

২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।
উত্তৰ: ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা, তাৰ নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান, চমুকৈ মণিৰাম দেৱান৷ মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্ৰশাসনিক দক্ষতাসম্পন্ন ব্যক্তি আছিল৷ আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজেই এজন ভুক্তভোগী হোৱা হেতু শেষলৈ ইংৰাজবিদ্বষেী হৈ পৰে৷ মণিৰাম দেৱানে ইংৰাজৰ অধিনৰ ‘দেৱান’ৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ ‘চিনামৰা’ আৰু ‘চেলেং’-ত নিজাকৈ দুখন চাহবাগিচা খুলি প্ৰথম অসমীয়া তথা ভাৰতীয় চাহখেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰে৷ মণিৰামৰ এই ব্যৱসায় সহজভাৱে নলৈ ইংৰাজে বিভিন্ন প্ৰকাৰে তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ‍ অসমত পুনৰ কন্দৰ্পেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰি মণিৰাম দেৱানে কলিকতালৈ গৈ ব্ৰিটিছ চৰকাৰক এখন আৰ্জি পেচ কৰিবলৈ গৈছিল৷
মণিৰাম দেৱান কলিকতাত বাহৰ পাতি থকা সময়তে  মীৰাটৰ সৈন্যই ইংৰাজৰ বিৰেুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল৷ সেই সুযোগতে মণিৰাম দেৱানে কন্দৰ্পেশ্বৰ সিংহক অসমৰ সিংহাসনত বহুৱাবলৈ পৰিকল্পনা কৰিলে৷ কলিকতাত তেওঁ মধু মল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰৰ লগ লাগি অসমৰ পৰা ইংৰাজক খেদোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰে৷ কলিকতাৰ পৰাই তেওঁ কিছু গোপন চিঠি-পত্ৰ কন্দৰ্পেশ্বৰ সিংহৰ লগতে আন কেইজনমান বিশ্বাসী লোক, যে়নে—  বাহাদুৰ গাঁওবুঢ়া, ফৰ্মুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ আদিলৈ  প্ৰেৰণ কৰি‍ছিল৷ সেই পত্ৰসমূহত তেওঁ ডিব্ৰুগড় আৰু গোলাঘাটত অৱস্থান কৰা ভাৰতীয় সৈন্যসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহ আৰম্ভ কৰিবলৈ উপদেশ দিছিল৷ মণিৰামৰ আহ্বানৰ প্ৰতি উৎসাহজনক সঁহাৰি পোৱাত তেওঁ জগদীশপুৰ, লক্ষ্নৌ আদি ঠাইৰ পৰাও চিপাহী গোটোৱাৰ চেষ্টা কৰে৷ অৱশেষত এইটো সিদ্ধান্ত হৈছিল যে কন্দৰ্পেশ্বৰ সিংহৰ অধীনত চিপাহীসকলে বিদ্ৰোহ কৰিব আৰু মণিৰাম দেৱানে কলিকতাৰ ৰা আহি অস্ত্ৰ-শস্ত্ৰসহ সহায়ৰ হাত আগবঢ়াব৷

এনেদেৰেই মণিৰাম দেৱানে‍ ‍বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল৷ কিন্তু ব্ৰিটিছে সকলো ষড়যন্ত্ৰ ধৰা পেলাবলৈ সক্ষম হোৱাত ই ফলপ্ৰসূ হৈ নুঠিল৷ বৰঞ্চ কলিকতাতে মণিৰাম ব্ৰিটিছৰ হাতত বন্দী হ’বলগীয়া হয়৷ ষড়যন্ত্ৰ অপৰাধত মণিৰামে ১৮৫৮ চনত ২৬ ফেব্ৰুৱাৰিৰ দিনা ব্ৰিটিথৰ চিপজৰীহে ডিঙিত আঁৰি ল’হলগীয়া হয়৷‍

৩। কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা।
উত্তৰ: অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণসমূহ হ’ল
(ক) অসমত বিদ্ৰোহীৰ সংখ্যা অতি কম আছিল৷ মণিৰাম দেৱানৰ সমৰ্থকসকল মাথোঁ শিৱসাগৰ আৰু যোৰহাটতে সীমাবদ্ধ আছিল। নগাওঁ, কামৰূপ, গুৱাহাটী আদি অঞ্চলত এই বিদ্ৰোহৰ কোনো প্রভাৱ পৰা নাছিল।
(খ) নেতাসকলৰ সময়ৰ জ্ঞান নাছিল। সময়মতে কাৰ্যসূচী গ্ৰহণ কৰাত নেতাসকল ব্যৰ্থ হৈছিল। ফলত ইংৰাজে প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বাবে যথেষ্ট সময় পাইছিল৷
(গ) বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্ৰোহথলীৰ পৰা বহু দূৰত আছিল৷ কলিকতাৰ পৰা অসমৰ দূৰত্ব বহুত বেছি আৰু তাৰ পৰা চিঠি-পত্ৰৰ যোগেদি নিৰ্দেশনাৰ জৰি‍য়তে বিদ্ৰোহ পৰিচালনা কৰাটো বাস্তৱসন্মত নাছিল৷ প্ৰশাসনিক অভি‍জ্ঞতা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে প্ৰয়োজনীয় দক্ষতা মণিৰাম দেৱানৰ নাছিল৷
(ঘ) সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহকে বিদ্ৰোহত জড়িত কৰিবলৈ মণিৰাম দেৱান তথা তেখেতৰ সহযোগীসকলে কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল৷ সেই সময়ত নতুনকৈ বিকশিত হৈ উঠা মধ্যবিত্ত অসমীয়া বুদ্ধিজীৱী শ্ৰেণীৰ লোকসকলৰ পুৰণি আহোম ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ অধীনলৈ পুণৰ উভতি যোৱাৰ ইচ্ছা নাছিল৷ গতিকে আন্দোলনত এই শ্ৰেণীৰ লোকৰ কোনো সমৰ্থন বা সহানুভূতি নাছিল৷
(ঙ) অসমত বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল৷ ফলত সমগ্ৰ পৰিকল্পনা ব্ৰিটিছৰ চৰকাৰৰ অৱগত হৈছিল আৰু বিদ্ৰোহ নিৰ্মূল কৰাত চৰকাৰ সফল হৈছিল৷
(চ) অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল৷ মণিৰাম দেৱানে অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰাৰ কথা আছিল যদিও তাৰ আগতেই তেওঁ ধৰা পৰাত সেই পৰিকল্প‍না ব্যৰ্থ হৈছিল৷
(ছ) মিৰাট, দিল্লী, লক্ষ্নৌ আদি ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে অসমত থকা ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় চিপাহীসকৰ সমৰ্থন আদায় কৰাত বিদ্ৰোহৰ নেতাসকল ব্যৰ্থ হৈছল৷  

৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।
উত্তৰ: ইংৰাজ ৰাজত্বৰ বিৰুদ্ধে ১৮৫৭ চনত সংঘটিত হোৱা বিদ্ৰোহ যদিও ব্যৰ্থ হৈছিল তথাপি অসমৰ ৰাজনৈতিক ইতিহাসত ইয়াৰ গুৰুত্ব আছে
(ক) অসম প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত জড়িত হৈ পৰিছিল।
(খ) ১৮৬১ চনৰ পৰা অসমত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্ৰাণিত হৈছিল৷
(গ) অসমত হিন্দু আৰু মুছলমান— এই দুটা প্ৰধান সম্প্ৰদায়ে একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়বোধৰ বিকাশত ইন্ধন যোগাইছিল৷
(ঘ) ১৯৫৭ চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল৷ 

৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা।
উত্তৰ: ফুলগুৰি ধাৱা: ব্ৰিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লোৱাৰ পাছত ১৮৬১ চনত আইন কৰি আফু খেতি কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল৷ ফলস্বৰূপে এই  নিষেধাজ্ঞাই সেই সময়ত আফু খেতিৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা নগাঁও জিলাৰ ফুলগুৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ তিলা কৃষকসকল বি‍ক্ষুব্ধ হৈ পৰিছিল৷ তদুপৰি ঠিক সেই সময়তে‍ এটি গুজৱ প্ৰচাৰ হ’ল যে অতি শীঘ্ৰে ব্ৰিটিছে তামোল-পাণৰ খেতিৰ ওপৰতো কৰ বহুৱাব৷ উল্লিখিত কাৰণসমূহৰ বাবেই প্ৰায় ১৫০০ কৃষক মিলিত হৈ ফুলগুৰিত ৰাইজমেল পাতি উক্ত পদক্ষেপসমূহ বাতিল কৰিবৰ বাবে উপায়ুক্তক জনোৱাৰ সিদ্ধান্ত লয়৷
কিন্তু সেই সময়ৰ নগাঁৱৰ উপায়ুক্ত হাৰ্বাৰ্ট স্কন্সে ৰাইজৰ আৱেদনৰ প্ৰতি সঁহাৰি নজনাই তেওঁলোকক দুৰ্ব্যৱহাৰহে কৰিলে৷ ক্ষোভিত ৰাইজে এই অপমানৰ প্ৰতিবাদ কৰিবলৈ ১৫ অক্টোবৰ (১৮৬১)-ৰ পৰা ৫ দিন ধৰি ফুলগুৰিত ৰাইজমেল পাতিলে৷ ১৮ অক্টোবৰৰ দিনা মেলত প্ৰায় ৪,০০ লোক সমবেত হৈছিল৷ অৱশেষত আৰক্ষীয়ে লোকসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰিলে৷ ক্ষোভিত কৃষকসকল আৰু আৰক্ষীৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়৷ সংঘৰ্ষত কৃষকসকত অমানুষিক অত্যাচাৰৰ সন্মুখীন হ’ল যদিও নগাঁৱৰ সহকাৰী উপায়ুক্ত লেফ্‌টেনেণ্ট ছিংগাৰৰ মৃত্যু হয় আৰু তেওঁৰ মৃতদেহ উত্তেজিত ৰাইজে কলং নদীত উটুৱাই দিয়ে৷ ছিংগাৰৰ লগত যোৱা পুলিচ বাহিনী ভয়তে পলায় পত্ৰং দিয়ে৷
এই ঘটনাটোৱেই অসমৰ ইতিহাসৰ পাতত ফুলগুৰিৰ ধাৱা নামেৰে অভিহিত হয় আৰু ইয়েই আছিল ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে কৃষক ৰাইজে কৰা অসমৰ প্ৰথমটো বিদ্ৰোহ৷ অৱশ্যে এই ঘটনাৰ পাছত বহুতো বিদ্ৰোহীক ইংৰাজে কাৰাবন্দী কৰে আৰু কেইবাজনকো ফাঁচী দিয়ে৷

৬। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা।
উত্তৰ: ৰঙিয়াৰ কৃষক বিদ্ৰোহ: ১৮৯৩ চনৰ ডিচেম্বৰ আৰু ১৮৯৪ চনৰ জানুৱাৰিত উত্তৰ কামৰূপৰ ৰঙিয়াত হাজাৰ হাজাৰ কৃষকে ব্ৰিটিছ চৰকাৰৰ ৰাজহ নীতিৰ প্ৰতিবাদত বিদ্ৰোহ কৰিছিল৷ অসমৰ ইতিহাসত ইয়াকেই ৰঙিয়াৰ কৃষক বিদ্ৰোহ নামেৰে জনা যায়৷ ১৮৯৩ চনৰ ২৪ চনৰ ডিচেন্বৰৰ দিনা ৰঙিয়া বজাৰ লুট-পাটেৰে বিদ্ৰোহৰ আৰম্ভণি ঘটে৷ ৩০ ডিচেম্বৰৰ দিনা ৰঙিয়া আৰু কাষৰীয়া অঞ্চলৰ কেইবা শ কৃষকে ৰঙিয়া আৰু আমোলপুৰৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক লঘু-লাঞ্ছনা কৰে আৰু ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ বিধ্বস্ত কৰাৰ লগতে মাৰোৱাৰী সুদখোৰ মহাজনৰ টকা-পইচাৰ লেন-দেন আৰু মাটি বন্ধকীৰ নথি-পত্ৰ নষ্ট কৰে৷ সশস্ত্ৰ সেনা মোতায়েম কৰি ব্ৰিটিছ চৰকাৰে ৩০ ডিচেম্বৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও বিদ্ৰোহকাৰীসকল সুসংগঠিত থকাত কোনো কৃষক নেতাকে প্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল৷ ব্ৰিটিছৰ দমনমূলক নীতিৰ পাছতো কৃষকসকলৰ ৰাইজমেল চলি থাকিল আৰু এন‍ে এখন ৰাইজমেলৰ পৰাই ১৮৯৪ চনৰ ৮ জানুৱাৰিৰ দিনা ১৫ জন কৃষকক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰে৷ ১৮৯৪ চনৰ ১০ জানুৱাৰিৰ দিনা ৰঙিয়াত উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৩,০০০ কৃষকে‍ এক বিশাল কৃষক-বিক্ষোভ আৰম্ভ কৰে৷ তেওঁলোকে বন্দী কৃষকসকলক মোকলাই দিয়াৰো দাবী জনায়৷ আবেলিলৈ বিদ্ৰোহীসকল আৰু চৰকাৰী পক্ষৰ মাজত প্ৰত্যক্ষ সংঘৰ্ষ হয়৷ চৰকাৰী পক্ষৰ নেতৃত্ব দিছিল কামৰূপৰ উপায়ুক্ত মেক কেবে আৰু আৰক্ষী বিষয়ে ৰেইলিয়ে৷ এই সংঘৰ্ষত আৰক্ষীৰ গুলীত ভালেমান কৃষকে প্ৰাণ হেৰুৱায় আৰু বহুতো কৃষক গুৰুতৰভাৱে আহত হয়৷ শেষত বিদ্ৰোহকাৰীসকলে বিদ্ৰোহথলী ত্যাগ কৰিবলৈ বাধ্য হয়৷ 
লচিমাৰ কৃষক বিদ্ৰোহ: ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে অসমৰ কৃষক ৰাইজে গঢ়ি তোলা বিদ্ৰোহলানীৰ ভিতৰত লাচিমাৰ কৃষক বিদ্ৰোহ অন্যতম৷ লচিমা বৰ্তমান বৰপেটা জিলাৰ (সেই সময়ৰ অবিভক্ত কামৰূপ জিলা) সৰুক্ষেত্ৰী মৌজাৰ অন্তৰ্গত৷ ইয়াৰ বিদ্ৰোহীসকলে বিদ্ৰোহৰ কালছোৱাত সশস্ত্ৰ পন্থা অৱলম্বন কৰিছিল৷ ১৮৯৪ চনৰ ২১ জানুৱাৰিৰ দিনা লচিমাৰ ওচৰৰ কাপ্লা গাঁৱত মৌজাদাৰ দাসুৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহ কৰিবলৈ যাওঁতে গাঁওবাসীয়ে নিৰ্দয়ভাৱে মাৰ‍-পিট কৰেযাৰ ফলত কিছু দিনৰ পাছতে দাসুৰাম চৌধুৰীৰ মৃত্যু হয়৷ ঘটনাস্থলীত উপস্থিত হৈ বৰপেটাৰ মহকুমাধিপতি মাধৱচন্দ্ৰ বৰদলৈয়ে ৭৫ জন লোকক আটক কৰি লচিমাৰ জিৰণি শিৱিৰলৈ লৈ যায়৷ প্ৰায় ৩,০০০ লোকে শিৱিৰৰ চাৰিওফালে ঘেৰাও কৰি জ্বলাই দিয়াৰ ভাবুকি দিয়াত বন্দীসকলক মুকলি কৰি দিয়া হয়৷ পাছদিনা উপায়ুক্ত মেক কেবে ৩০ জনমান পুলিচ আৰু গোৰ্খা ৰেজিমেণ্টৰ লোকক লগত লৈ ৫৯ জন বিদ্ৰোহী কৃষকক গ্ৰেপ্তাৰ কৰি অস্থায়ী কাৰাগাৰত ভৰাই থৈছিল৷ ২৫ জানুৱাৰিৰ আবেলিলৈ প্ৰায় ৬,০০০ লোকে বন্দীসকলৰ মুক্তি বিচাৰি এখন আৱেদন উপায়ুক্তক দাখিল কৰিছিল৷ কিন্তু উপায়ুক্ত মেক কেবে‍ সঁহাৰি জনোৱাৰ পৰিৱৰ্তে শক্তি প্ৰয়োগ কৰি ৰাইজক খেদি পঠিয়ায়৷ বন্দীসকলক পৰৱৰ্তী সময়ত বিভিন্ন শাস্তি প্ৰদান কৰা হৈছিল৷ সশ্ৰম কাৰাদণ্ড ভোগ কৰাসকলৰ ভিতৰত পুষ্পৰাম কলিতা, দেৱী দত্ত শৰ্মা, জয়ন্তী বেজ, নিৰ্ভাষা কলিতা, নাউচাকু কলিতা আৰু মংলু কলিতাৰ নাম উল্লেখযোগ্য৷  ‍ 

৭। ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা।
উত্তৰ: ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ বিষয়ে তলত চমুকৈ এটি খতিয়ান দাঙি ধৰা হ’
ব্ৰিটিছ চৰকাৰে বৰ্ধিত হাৰত খাজনা সংগ্ৰহ কৰাৰ প্ৰতিবাদত ১৮৯৪ চনত দৰং জিলাৰ পথৰুঘাট অঞ্চলৰ কৃষকসকলে  বিদ্ৰোহ কৰিছিল৷ ৰাইজমেলৰ জৰিয়তে সংগঠিত হোৱা কৃষকসকলে চৰকাৰক খজনা পৰিশোধ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই সিদ্ধান্তৰ বিৰুদ্ধে যোৱা কৃষকসকলক সমাজচ্যুত কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ কলাইগাঁও, মঙলদৈ, ছিপাঝাৰ আৰু পথৰুঘাটৰ কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পাছত জানুৱাৰি মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে তিনিদিনীয়াকৈ বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰিবলৈ লোৱা কথাটো জানি জিলাধিপতি জে ডি এণ্ডাৰছনে সেই সমাৱেশ বনধ কৰিবলৈ সসৈন্যে আহি ২৭ তাৰিখে আহি সেই স্থানত উপস্থিত হৈছিলহি৷
পুচিল-মিলিটেৰিৰ সহায়ত খাজনা নিদিয়া কৃষকলকলৰ সম্পত্তি ক্ৰোক কৰিবলৈ যোৱা বেৰিংটন চাহাবক প্ৰায় ২০০ জন কৃষকে ঘেৰি ধৰিছিল৷ বেৰিংটনে কোনোমতে প্ৰাণ ৰক্ষা কৰি গৈ জিলাধিপতিক ঘটনাৰ সবিশেষ জনায়৷ প্ৰায় ২,০০০ জন উত্তেজিত কৃষকে হাতে হাতে লাঠি লৈ জিৰণি শিৱিৰৰ ফালে আগবাঢ়ি যায়৷ আৰক্ষী অধীক্ষকে শক্তি প্ৰয়োগ কৰি তেওঁলোকক  আঁতৰাবলৈ চেষ্টা কৰে৷ ইয়াৰ ফলত দুয়ো পক্ষৰ মাজত তুমুল সংঘৰ্ষ হয়৷ দুয়ো পক্ষৰে লোক গুৰুতৰভাৱে আহত হয়৷ শেষত আৰক্ষীয়ে গুলী চালনা কৰে৷ বেচৰকাৰী তথ্য অনুযায়ী এই ঘটনাত ১৪০ জন কৃষকৰ মৃত্যু হয় আৰু ১৫০ জন আহত হয়৷ আনহাতে চৰকাৰী তথ্যমতে‍১৫ জনৰ মৃত্যু আৰু ৩৭ জন আহত হয়৷
ব্ৰিটিছ কঠোৰ হাতেৰে দমন কৰা পথৰুহাটৰ এই বিদ্ৰোহক পথৰুঘাটৰ ৰণ নামেৰেও জনা যায়৷ পৰৱৰ্তী সময়ত ৩৭ জন কৃষকক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰি বিচাৰৰ অন্তত ৬ জনক শাস্তি প্ৰদান কৰে আৰু বাকীসকলক মুকলি কৰি দিয়ে৷
৮। ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।
উত্তৰ: জয়ন্তীয়া বিদ্ৰোহ: ১৮৩৫ চনত জয়ন্তীয়া ৰাজ্য ৰাজেন্দ্ৰ সিঙৰ পৰা ব্ৰিটিছে অধিকাৰ কৰাৰ পাছত ব্ৰিটিছ চৰকাৰে অন্যান্য কৰৰ লগতে সামূহিকভাৱে মাছ ধৰা আৰু খৰি-খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহতো কৰ আৰোপ কৰিছিল৷ তদুপৰি ধৰ্মীয় আৰু সামাজিক জীৱনত হস্তক্ষেপ, পৰম্পৰাগত অস্ত্ৰ-শস্ত্ৰত নিশেষাধা আৰোপ আদি বিভিন্ন কাৰণত জয়ন্তীয়াসকল অসন্তুষ্ট হৈ পৰিছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল৷
ব্ৰিটিছে ঘৰকৰ আৰোপ কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূত্ৰপাত ঘটাইছিল৷ জয়ন্তীপুৰ, মূলাগোল, জাফলং, ছেৰা আদি অঞ্চলতো বিদ্ৰোহৰ আৰম্ভণি হৈছিল৷ ১৮৬১ চনত উকিয়াং নবাৰ নেতৃত্বত জয়ন্তীয়াসকলে শক্তিশালীভাৱে বিদ্ৰোহ কৰে৷ তেওঁলোকে ১৮৬২ চনৰ ১৭ জানুৱাৰিৰ দিনা জোৱাইত থকা ব্ৰিটিছ ছাউনীত আক্ৰমণ কৰে৷ ব্ৰিটিছৰ ৪৪ নং দেশীয় পদাতিক আৰু ৩৩ নং বেংগল মিলিটেৰি পুলিচ বাহিনীয়ে জয়ন্তীয়াসকলক অমানুষিক অত্যাচাৰ কৰে৷ বিদ্ৰোহীসকলে ব্ৰিটিছৰ অসংখ্য সৈন্য হত্যা কৰে৷ কিন্তু, ব্ৰিটিছ সৈন্যই চলোৱা নেৰানেপেৰা আক্ৰমণৰ ফলত জয়ন্তীয়াসকলৰ শক্তি ক্ৰমান্বয়ে হ্ৰাস পাই আহে৷ বিদ্ৰোহীসকলে  স্বেচ্ছাই আত্মসমৰ্পণ কৰিলে ক্ষমা কৰি দিয়া হ’ব বুলি আৰু উকিয়াং নবাক জীৱন্তে ধৰাই দিয়া লোকক ১,০০০ টকা পুৰস্কাৰ দিয়া হ’ব বুলি ব্ৰিটিছে ঘোষণা কৰিছিল৷ অৱশেষত বিদ্ৰোহৰ নেতৃত্ব দিয়া উকিয়াং নবাক ব্ৰিটিছে কৰায়ত্ত কৰি বহুতো লোকৰ উপস্থিতিত জোৱাইত ফাঁচী দিয়ে৷ এই ঘটনাৰ পাছত বিদ্ৰোহীসকলৰ উৎসাহ ভালেখিনি হ্ৰাস পায় আৰু স্বেচ্ছাই ব্ৰিটিছৰ ওচৰত বিদ্ৰোহীসকলে আত্মসমৰ্পণৰ পথ বাছি লয়৷ এইদৰেই ১৮৬৩ চনত জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে৷
৯। ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।
উত্তৰ:
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ