অসমত ব্ৰিটিছবিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ, সমাজ বি‍জ্ঞান (X) — চমু টোকা


১৷ অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা

অসমত ব্ৰিটিছ শাসনৰ পূৰ্বৱৰ্তী অৱস্থাত মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল৷ এক সম্পূৰ্ণ নতুন ৰাজহ ব্যৱস্থাৰে অসমৰ অৰ্থনীতি ব্ৰিটিছসকলে তেওঁলোকৰ কৰায়ত্তলৈ আনিবলৈ সক্ষম হৈছিল৷ ব্ৰিটিছে টকা বা মুদ্ৰাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য ৰাজহ সংগ্ৰহৰ ব্যৱস্থা কৰিছিল৷
আহোম ৰাজত্বকালত ফুকন, বৰুৱা, ৰাজখোৱা আদি বিষয়বাব পোৱা কিছু সংখ্যক লোকক মৌজাদাৰ বাব দি ব্ৰিটিছে ৰাজহ সংগ্ৰহৰ কামত নিয়োগ কৰিছিল৷ কিন্তু গৰিষ্ঠ সংখ্যকেই আধুনিক শি‍ক্ষাৰে শিক্ষিত নোহোৱাৰ বাবে লিখা-পঢ়া জনা আৰু ৰাজহ সংগ্ৰহৰ সামৰ্থ্য থকা লোক বংগদেশৰ শ্ৰীহট্ট আৰু পশ্চিম ভাৰতৰ মাৰোৱাৰ আদি অঞ্চলৰ পৰা আনি নিয়োগ কৰিছিল৷ ফলস্বৰূপে আহোমৰ শাসনকালৰ অসমীয়া অভিজাত শ্ৰেণীটো বিদেশীৰ অধীনত ৰায়ত হ’বলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল আৰু ইংৰাজৰ প্ৰতি বিদ্বেষী হৈ উঠিছিল৷
ব্ৰিটিছে ঊনবিংশ শতিকাত উজনি অসমত চাহ খেতিয়কক উৎসাহিত কৰিবলৈ চাহবাগিচাৰ অন্তৰ্গত ভূমি ৰাজহ ৰেহাই দিয়াত সেই ৰাজহৰ বোজা দুখীয়া সাধাৰণ কৃষকে বহন কৰিবলগীয়া হৈছিল৷ ১৮৫৭ চনৰ বিদ্ৰোহৰ পাছত বিদ্ৰোহৰ ঘাটি পূৰণ কৰিবলৈ ব্ৰিটিছে ভালেমান নতুন কৰ ব্যৱস্থাৰ প্ৰচলন কৰিছিল৷ সেইবোৰ হ’ল— ১৮৫৮ চনত টিকট কৰ, ১৮৬০ চনত আয়কৰ, আমদানি কৰ, হাবি-কাঠ-বাঁহৰ ব্যৱহাৰৰ বাবদ অনুজ্ঞা কৰ আৰু চৰ-চাপৰিত গৰু-ম’হ চৰোৱাৰ বাবদ গ্ৰেজিং কৰ বহুওৱা হৈছি‍ল৷ তদুপৰি কামৰূপ, দৰং আৰু নগাঁৱত আৱকাৰী কৰ প্ৰৱৰ্তন কৰা হৈছিল৷ ১৮৫৪ চনৰ পৰা ১৮৭০ চনৰ ভিতৰত কৰ বৃদ্ধিৰ হাৰ ১০০% হৈছিল৷
ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ নীতি আৰু মুদ্ৰা অৰ্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণী এটাৰ সৃষ্টি কৰিছিল আৰু অসমৰ প্ৰজাই এই মহাজন শ্ৰেণীৰ পৰা টকা ধাৰলৈ লৈ হ’লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল৷ এই মহাজন শ্ৰেণীৰ লোকসকল আছিল প্ৰধানতঃ মাৰোৱাৰী, বাঙালী সম্প্ৰদায়ৰ লোক৷
মুঠৰ ওপৰত  ইংৰাজে‍ প্ৰৱৰ্তন কৰা মাটিৰ খাজনা আৰু অন্যান্য ৰাজহ সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা দিনক দিনে শোচনীয় কৰি তুলিছিল৷

২৷ মণিৰাম দেৱান

১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা, তাৰ নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান, চমুকৈ মণিৰাম দেৱান৷ মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্ৰশাসনিক দক্ষতাসম্পন্ন ব্যক্তি আছিল৷ আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজেই এজন ভুক্তভোগী হোৱা হেতু শেষলৈ ইংৰাজবিদ্বষেী হৈ পৰে৷ মণিৰাম দেৱানে ইংৰাজৰ অধিনৰ ‘দেৱান’ৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ ‘চিনামৰা’ আৰু ‘চেলেং’-ত নিজাকৈ দুখন চাহবাগিচা খুলি প্ৰথম অসমীয়া তথা ভাৰতীয় চাহখেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰে৷ মণিৰামৰ এই ব্যৱসায় সহজভাৱে নলৈ ইংৰাজে বিভিন্ন প্ৰকাৰে তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ‍ অসমত পুনৰ কন্দৰ্পেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা চেষ্টা অথলে যোৱাত অৱশেষত ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযোগ গ্ৰহণ কৰি অসমতো সশস্ত্ৰ সংগ্ৰামৰ প্ৰস্তুতি চলালে৷ এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা, কন্দৰ্পেশ্বৰ সিংহ প্ৰমুখ্যে অন্যান্য সহযোগীৰ লগত যোগাযোগ কৰি বিদ্ৰোহৰ প্ৰস্তুতি চলাবলৈ আহ্বান জনালে৷ চাৰিঙৰ ৰজা কন্দৰ্পেশ্বৰ সিংহৰ বাসভৱন গোপন আলোচনাৰ কেন্দ্ৰ হৈ পৰিল৷ কিন্তু আঁচনি মতে কাম নহ’ল৷ প্ৰস্তুতি ভালেখিনি আগ বঢ়াৰ সময়তে মণিৰাম দেৱানৰ বিদ্ৰোহ সম্পৰ্কীয় কিছুমান নথি‍-পত্ৰ ইংৰাজৰ হাতত পৰাত তৎকালীনভাৱে মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলক আটক কৰা হ’ল৷ কোনো আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ১৬ ফেব্ৰুৱাৰিত যোৰহাটত ফাঁচী দিলে৷ 

৩৷ ফুলগুৰি ধাৱা

ব্ৰিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লোৱাৰ পাছত ১৮৬১ চনত আইন কৰি আফু খেতি কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল৷ ফলস্বৰূপে এই  নিষেধাজ্ঞাই সেই সময়ত আফু খেতিৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা নগাঁও জিলাৰ ফুলগুৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ তিৱা কৃষকসকল বি‍ক্ষুব্ধ হৈ পৰিছিল৷ তদুপৰি ঠিক সেই সময়তে‍ এটি গুজৱ প্ৰচাৰ হ’ল যে অতি শীঘ্ৰে ব্ৰিটিছে তামোল-পাণৰ খেতিৰ ওপৰতো কৰ বহুৱাব৷ উল্লিখিত কাৰণসমূহৰ বাবেই প্ৰায় ১,৫০০ কৃষক মিলিত হৈ ফুলগুৰিত ৰাইজমেল পাতি উক্ত পদক্ষেপসমূহ বাতিল কৰিবৰ বাবে উপায়ুক্তক আৱেদন জনোৱাৰ সিদ্ধান্ত লয়৷
কিন্তু সেই সময়ৰ নগাঁৱৰ উপায়ুক্ত হাৰ্বাৰ্ট স্কন্সে ৰাইজৰ আৱেদনৰ প্ৰতি সঁহাৰি নজনাই তেওঁলোকক দুৰ্ব্যৱহাৰহে কৰিলে৷ ক্ষোভিত ৰাইজে এই অপমানৰ প্ৰতিবাদ কৰিবলৈ ১৫ অক্টোবৰ (১৮৬১)-ৰ পৰা ৫ দিন ধৰি ফুলগুৰিত ৰাইজমেল পাতিলে৷ ১৮ অক্টোবৰৰ দিনা মেলত প্ৰায় ৪,০০ লোক সমবেত হৈছিল৷ অৱশেষত আৰক্ষীয়ে লোকসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰিলে৷ ক্ষোভিত কৃষকসকল আৰু আৰক্ষীৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়৷ সংঘৰ্ষত কৃষকসকল অমানুষিক অত্যাচাৰৰ সন্মুখীন হ’ল যদিও নগাঁৱৰ সহকাৰী উপায়ুক্ত লেফ্‌টেনেণ্ট ছিংগাৰৰ মৃত্যু হয় আৰু তেওঁৰ মৃতদেহ উত্তেজিত ৰাইজে কলং নদীত উটুৱাই দিয়ে৷ ছিংগাৰৰ লগত যোৱা পুলিচ বাহিনী ভয়তে পলায় পত্ৰং দিয়ে৷
এই ঘটনাটোৱেই অসমৰ ইতিহাসৰ পাতত ফুলগুৰিৰ ধাৱা নামেৰে অভিহিত হয় আৰু ইয়েই আছিল ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে কৃষক ৰাইজে কৰা অসমৰ প্ৰথমটো বিদ্ৰোহ৷ অৱশ্যে এই ঘটনাৰ পাছত বহুতো বিদ্ৰোহীক ইংৰাজে কাৰাবন্দী কৰে আৰু কেইবাজনকো ফাঁচী দিয়ে৷ 

৪৷ লচিমাৰ কৃষক বিদ্ৰোহ

ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে অসমৰ কৃষক ৰাইজে গঢ়ি তোলা বিদ্ৰোহলানি‍ৰ ভিতৰত লাচিমাৰ কৃষক বিদ্ৰোহ অন্যতম৷ লচিমা বৰ্তমান বৰপেটা জিলাৰ (সেই সময়ৰ অবিভক্ত কামৰূপ জিলা) সৰুক্ষেত্ৰী মৌজাৰ অন্তৰ্গত৷ ইয়াৰ বিদ্ৰোহীসকলে বিদ্ৰোহৰ কালছোৱাত সশস্ত্ৰ পন্থা অৱলম্বন কৰিছিল৷ ১৮৯৪ চনৰ ২১ জানুৱাৰিৰ দিনা লচিমাৰ ওচৰৰ কাপ্লা গাঁৱত মৌজাদাৰ দাসুৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্ৰহ কৰিবলৈ যাওঁতে গাঁওবাসীয়ে নিৰ্দয়ভাৱে মাৰ‍-পিট কৰেযাৰ ফলত কিছু দিনৰ পাছতে দাসুৰাম চৌধুৰীৰ মৃত্যু হয়৷ ঘটনাস্থলীত উপস্থিত হৈ বৰপেটাৰ মহকুমাধিপতি মাধৱচন্দ্ৰ বৰদলৈয়ে ৭৫ জন লোকক আটক কৰি লচিমাৰ জিৰণি শিৱিৰলৈ লৈ যায়৷ প্ৰায় ৩,০০০ লোকে শিৱিৰৰ চাৰিওফালে ঘেৰাও কৰি জ্বলাই দিয়াৰ ভাবুকি দিয়াত বন্দীসকলক মুকলি কৰি দিয়া হয়৷ পাছদিনা উপায়ুক্ত মেক কেবে ৩০ জনমান পুলিচ আৰু গোৰ্খা ৰেজিমেণ্টৰ লোকক লগত লৈ ৫৯ জন বিদ্ৰোহী কৃষকক গ্ৰেপ্তাৰ কৰি অস্থায়ী কাৰাগাৰত ভৰাই থৈছিল৷ ২৫ জানুৱাৰিৰ আবেলিলৈ প্ৰায় ৬,০০০ লোকে বন্দীসকলৰ মুক্তি বিচাৰি এখন আৱেদন উপায়ুক্তক দাখিল কৰিছিল৷ কিন্তু উপায়ুক্ত মেক কেবে‍ সঁহাৰি জনোৱাৰ পৰিৱৰ্তে শক্তি প্ৰয়োগ কৰি ৰাইজক খেদি পঠিয়ায়৷ বন্দীসকলক পৰৱৰ্তী সময়ত বিভিন্ন শাস্তি প্ৰদান কৰা হৈছিল৷ সশ্ৰম কাৰাদণ্ড ভোগ কৰাসকলৰ ভিতৰত পুষ্পৰাম কলিতা, দেৱী দত্ত শৰ্মা, জয়ন্তী বেজ, নিৰ্ভাষা কলিতা, নাউচাকু কলিতা আৰু মংলু কলিতাৰ নাম উল্লেখযোগ্য৷ 

৫৷ পথৰুঘাটৰ ৰণ

ব্ৰিটিছ চৰকাৰে বৰ্ধিত হাৰত খাজনা সংগ্ৰহ কৰাৰ প্ৰতিবাদত ১৮৯৪ চনত দৰং জিলাৰ পথৰুঘাট অঞ্চলৰ কৃষকসকলে  বিদ্ৰোহ কৰিছিল৷ ৰাইজমেলৰ জৰিয়তে সংগঠিত হোৱা কৃষকসকলে চৰকাৰক খজনা পৰিশোধ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই সিদ্ধান্তৰ বিৰুদ্ধে যোৱা কৃষকসকলক সমাজচ্যুত কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ কলাইগাঁও, মঙলদৈ, ছিপাঝাৰ আৰু পথৰুঘাটৰ কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পাছত জানুৱাৰি মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে তিনিদিনীয়াকৈ বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰিবলৈ লোৱা কথাটো জানি জিলাধিপতি জে ডি এণ্ডাৰছনে সেই সমাৱেশ বনধ কৰিবলৈ সসৈন্যে আহি ২৭ তাৰিখে আহি সেই স্থানত উপস্থিত হৈছিলহি৷
পুচিল-মিলিটেৰিৰ সহায়ত খাজনা নিদিয়া কৃষকলকলৰ সম্পত্তি ক্ৰোক কৰিবলৈ যোৱা বেৰিংটন চাহাবক প্ৰায় ২০০ জন কৃষকে ঘেৰি ধৰিছিল৷ বেৰিংটনে কোনোমতে প্ৰাণ ৰক্ষা কৰি গৈ জিলাধিপতিক ঘটনাৰ সবিশেষ জনায়৷ প্ৰায় ২,০০০ জন উত্তেজিত কৃষকে হাতে হাতে লাঠি লৈ জিৰণি শিৱিৰৰ ফালে আগবাঢ়ি যায়৷ আৰক্ষী অধীক্ষকে শক্তি প্ৰয়োগ কৰি তেওঁলোকক  আঁতৰাবলৈ চেষ্টা কৰে৷ ইয়াৰ ফলত দুয়ো পক্ষৰ মাজত তুমুল সংঘৰ্ষ হয়৷ দুয়ো পক্ষৰে লোক গুৰুতৰভাৱে আহত হয়৷ শেষত আৰক্ষীয়ে গুলী চালনা কৰে৷ বেচৰকাৰী তথ্য অনুযায়ী এই ঘটনাত ১৪০ জন কৃষকৰ মৃত্যু হয় আৰু ১৫০ জন আহত হয়৷ আনহাতে চৰকাৰী তথ্যমতে‍১৫ জনৰ মৃত্যু আৰু ৩৭ জন আহত হয়৷
ব্ৰিটিছ কঠোৰ হাতেৰে দমন কৰা পথৰুহাটৰ এই বিদ্ৰোহক পথৰুঘাটৰ ৰণ বা পথৰুঘাটৰ কৃষক বিদ্ৰোহ নামেৰে জনা যায়৷ পৰৱৰ্তী সময়ত ৩৭ জন কৃষকক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰি বিচাৰৰ অন্তত ৬ জনক শাস্তি প্ৰদান কৰে আৰু বাকীসকলক মুকলি কৰি দিয়ে৷


৬৷ অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব

ব্ৰিটিছৰ সাম্ৰাজ্যবাদী শোষণৰ বিৰুদ্ধে ঊনবিংশ শতিকাত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহ ব্ৰিটিছে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল যদিও অসম তথা ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এইলানী বিদ্ৰোহ অতি গৰুত্বপূৰ্ণ৷ ইয়াৰ গুৰুত্ব সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ’ল—
ক) কৃষক-ৰাইজৰ আন্তৰিক যোগদানে এই বিদ্ৰোহলানীক এক গণভিত্তি প্ৰদান কৰিছিল৷
খ) সমাজৰ অন্যান্য শ্ৰেণীৰ লোকৰ পৰাও এই বিদ্ৰোহসমূহে সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল৷ কিয়নো ম’টিৰ খাজনা বৃদ্ধিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা অসমৰ শিক্ষিত আৰু আঢ্যৱন্ত মধ্যবিত্ত শ্ৰেণী, ব্যৱসায়ী আদিয়ে পৰোক্ষভাৱে হ’লেও বিদ্ৰোহীসকলক সহায়-সমৰ্থন কৰিছিল৷
গ) এই বিদ্ৰোহসমূহ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কৱলৰ পৰা মুক্ত হ’বলৈ অসমৰ জনসাধাৰণে কৰা প্ৰয়াসৰ এক নিদৰ্শন আছিল৷ কিছু পৰিমাণে সফলো হৈছিল এই বিদ্ৰোহ৷ বিশেষকৈ ফুলগুৰিৰ ধাৱাৰ ক্ষেত্ৰত৷ কিয়নো এই ঘটনা সংঘটিত হোৱাৰ পাছত ব্ৰিটিছ চৰকাৰ‍ে কেতিয়াও তামোল-পাণৰ খেতিৰ ক্ষেত্ৰত কৰ বহুওৱা নাছিল‍৷
ঘ) ১৮৬১ চন পৰা চলি অহা এইলানি বিদ্ৰোহে পৰৱৰ্তী সময়ত অসমীয়া জনগণক স্বাধীনতা সংগ্ৰামৰ বাবে বিশেষভাৱে অনুপ্ৰেৰণা যোগাইছিল৷

৭৷ টিকে‍ন্দ্ৰজিৎ

মণিপুৰৰ মহাৰজা চন্দ্ৰকীৰ্তি সিংহৰ পুত্ৰ টিকেন্দ্ৰজিতৰ জন্ম হৈছিল ১৮৫৯ খ্ৰীষ্টাব্দত৷ সৰৰে পৰা তেওঁ নানা খেলা-ধূলাৰ উপৰি অশ্ব আৰু অস্ত্ৰচালনাত অসীম ৰাপ আছিল৷ যৌৱনকালত টিকেন্দ্ৰজিৎ এজন দুৰ্ধৰ্ষ বাঘচিকাৰী হিচাপে জনাজাত আছিল৷ কথিত আছে যে হাতত তৰুৱাল লৈ তেওঁ একোটা বাঘকো বশ কৰিব পাৰিছিল৷ বাঘ চিকাৰৰ প্ৰতি থকা তেওঁৰ তীব্ৰ আকৰ্ষণ দেখিয়েই তেওঁৰ পিতৃয়ে তেওঁক ‘কইৰেং’ (বাঘচিকাৰী) বুলি মাতিছিল৷ টিকেন্দ্ৰজিৎ যিদৰে বলী আৰু পৰাক্ৰমী আছিল, সেইদৰে তেওঁৰ বুদ্ধিমত্তাও আছিল প্ৰখৰ৷
ব্ৰিটিছসকলৰ সাম্ৰাজ্যবাদৰ বিস্তাৰৰ বিৰুদ্ধে মণিপুৰীসকলে গঢ়ি তোলা প্ৰতিৰোধ সংগ্ৰামৰ মহানায়ক আছিল বীৰ সেনাপতি টিকেন্দ্ৰজিৎ সিংহ৷ পৰাক্ৰমী ব্ৰিটিছ সাম্ৰাজ্যবাদৰ অবাঞ্ছিত হস্তক্ষেপক প্ৰত্যাহ্বান জনাই মণিপুৰৰ স্বতন্ত্ৰতা আৰু স্বকীয়তাৰ হকে বীৰত্বৰে যুঁজি তেওঁ ৰচিছিল অনন্য ইতিহাস৷ মাতৃভূমিৰ প্ৰতি থকা অসীম শ্ৰদ্ধা আৰু চেনেহৰ চানেকিৰে টিকেন্দ্ৰজিতে বীৰৰ দৰে মৃত্যুবৰণ কৰিছিল৷ সঁচা অৰ্থত টিকেন্দ্ৰজিতৰ নেতৃত্বত সংগঠিত হোৱা মণিপুৰীসকলৰ অভ্যুত্থান ভাৰতীয় ইতিহাসৰ এক স্মৰণীয় কাহিনী৷ ‍‍
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ