ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য— সমাজ বি‍জ্ঞান (X), চমু প্ৰশ্ন আৰু উত্তৰ



১। খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা৷
উত্তৰ: খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হ’ল— মোগল আৰু ব্ৰিটিছ৷
২। সিন্ধু উপত্যকাত আৱি‍ষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম লিখা৷
উত্তৰ: সিন্ধু উপত্যকাত আৱি‍ষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুবিধ মূৰ্তি হ’ল— ষাঁড়গৰুৰ মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি৷
৩। অষ্ট্রিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।
উত্তৰ: অষ্ট্রিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হ’ল—
ক) কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল৷
খ) কপাহৰ পৰা সূতা উলিয়াই কাপোৰ প্ৰস্তুত কৰা কৌশল৷‍
৪। ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্রহণ কৰিছে?
উত্তৰ: ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টি কৰাৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কাৰণ ভাৰতৰ কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়ত ব্যৱস্থা, যোগাযোগৰ বাবে সুচলতা আৰু প্রাকৃতিক সম্পদৰ গুণ আৰু মানৰ ভিন্নতাৰ বাবে কোনো অঞ্চল আৰ্থিকভাৱে অধিকতৰ স্বচ্ছল আৰু কোনো অঞ্চলৰ অৱস্থা কম স্বচ্ছল আৰু লোকসকলে কষ্টসাধ্য জীৱন অতিবাহিত কৰিবলগীয়া হৈছে‍। যিবিলাক অঞ্চলত যাতায়ত আৰু যোগাযোগৰ সুচসতা আছে, সেইবিলাক অঞ্চলৰ সংস্কৃতি লগত সহজে অন্য অঞ্চলৰ সংস্কৃতিৰ সংস্পৰ্শ ঘটিছে; কিন্তু যাতায়ত-যোগাযোগৰ সুচলতা নথকা অঞ্চলসমূহ সেই অনুপাতে পৰা নাই৷ ‍এনেদৰে ভৌগোলিক পৰিস্থিতিয়ে ভাৰতীয় সংস্কৃতিৰ বৰ্ণাঢ্যতা সৃষ্টিত অৰিহণা যোগাইছে৷
৫৷ বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
উত্তৰ: বেদৰ চাৰিখন সংহিতাৰ নাম হ’ল— ঋগ্‌বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ৷
৬। অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?
উত্তৰ: অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে থকা কথাষাৰ হ’ল— ‘‘কোনেও একমাত্ৰ নিজৰ ধৰ্মটোক প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে। বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে।’’
৭৷ সাংস্কৃতিক বহুত্ববাদ মানে কি?
উত্তৰ: সাংস্কৃতিক বহুত্ববাদ হ’ল কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্রতি থকা শ্ৰদ্ধাৰ মনোভাৱ। অৰ্থাৎ, সাংস্কৃতিক বহুত্ববাদে কোনো এটা অঞ্চলৰ বিভিন্ন জাতি-উপজাতিয়ে নিজ নিজ কৃষ্টি-সংস্কৃতি, সামাজিক আচাৰ, লোকবিশ্বাস, ধৰ্মীয় ৰীতি-নীতিৰ সংৰক্ষণ আৰু সংবৰ্ধন কৰিব বিচৰাৰ সমান্তৰালভাৱে আনৰ কৃষ্টি-সংস্কৃতিৰ সৈতে সহবৰ্তিতা আৰু সন্মানৰ ভাব পোষণ কৰাকে‍ বুজায়৷
৮। ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
উত্তৰ: প্রাচীন যুগৰ ভাৰতৰ দুগৰাকী বিজ্ঞানীৰ নাম হ’ল— আৰ্যভট্ট আৰু বৰাহ মিহিৰ।
৯। প্রাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম লিখা।
উত্তৰ: প্রাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম হ’ল— সুশ্ৰুত সংহিতা আৰু চৰক সংহিতা৷
১০। ভাৰতীয় চিত্ৰকলাক কি কি ভাগত ভগাব পাৰি?
উত্তৰ: ভাৰতৰ চিত্ৰকলাক প্রধানতঃ দুটা ভাগত ভাগ কৰা হৈছে৷ সেইকেইটা হ’ল—
ক) বৃহদাকাৰ দেৱাল চিত্ৰ
খ) ক্ষুদ্ৰাকাৰ চিত্ৰ
১১৷ চিত্ৰকলাৰ প্রতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা৷
উত্তৰ: চিত্ৰকলাৰ প্রতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম হ’ল—আকবৰ আৰু ছাহজাহান৷
১২। ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা৷
উত্তৰ: ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম হ’ল
ক) হস্তীবিদ্যাৰ্ণৱ
খ) কুমৰ হৰণ
১৩। হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।
উত্তৰ: হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম হ’ল— দিলবৰ আৰু দোচাই।
১৪। ঝুম খেতি মানে কি বুজা?
উত্তৰ: ঝুম খেতি হৈছে পাহাৰীয়া লোকসকলে ঠাই সলনি কৰি কৰা এক প্ৰকাৰৰ খেতি৷ পাহাৰৰ এঢলীয়া ঠাইত গছ-গছনি, হাবি-বন জ্বলাই দি মুকলি কৰি এই খেতি কৰা হয়৷ কোনো এটা অঞ্চল নিৰ্বাচন কৰি লৈ তাত থকা গছ-গছনি জ্বলাই মুকলি কৰি‍ মাটিডোখৰ কৃষিৰ উপযোগী কৰি লোৱা হয়৷ সেই ঠাইত এবছৰ বা দুবছৰ খেতি কৰাৰ পাছত মাটিৰ উৰ্বৰতা হ্ৰাস পায়৷ তেতিয়া আন এডোখৰ ঠাই নিৰ্বাচন কৰ‍ি পুনৰ তাত একে পদ্ধতিৰে কৃষিকৰ্ম কৰা হয়৷  
১৫। জেং বিহু মানে কি?
উত্তৰ: উজনি অসমৰ মহিলাসকলে নিৰ্জন স্থানত পুৰুষে নেদেখাকৈ পতা বিহুৱেই হৈছে‍ ‘জেং বিহু’৷
১৬৷ ওজাপালিৰ দুটা ভাগৰ নাম লিখা।
উত্তৰ: ওজাপালিৰ দুটা ভাগ হ’ল—
ক) ব্যাসৰ ওজা
খ) সুকনান্নী ওজা।
১৭। প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা।
উত্তৰ: প্রাচীন ভাৰতৰ দুগৰাকী দাৰ্শনিকৰ নাম হ’ল— কণাদ আৰু পটঞ্জলি‍।
১৮। আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।
উত্তৰ: আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জী পুথিৰ নাম হ’ল— দেওধাই বুৰঞ্জী আৰু তুংখুঙ্গীয়া বুৰঞ্জী।
১৯। বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদ্‌যাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লে‍খ কৰা।
উত্তৰ: বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদ্‌যাপিত দুটা স্থানীয় উৎসৱ হ’ল—
ক) দৰং জিলাত দেউল উৎসৱ
খ) পুৰণি গোৱালপাৰা জিলাৰ বাঁসপূজা উৎসৱ৷
২০। দৰঙৰ দুবিধ লোকনৃত্যৰ নাম উল্লেখ কৰা।
উত্তৰ: দৰঙৰ দুবিধ লোকনৃত্য হ’ল
ক) বৰঢুলীয়া,
খ) দেওধানী নৃত্য।
২১। ভাৰতত থকা মূল নৃ-গোষ্ঠীকেইটা কি কি?
উত্তৰ: ভাৰতত থকা মূল নৃগোষ্ঠীকেইটা হ’ল— নৰ্ডিক, নিগ্ৰো, প্রট’ অষ্ট্ৰলয়ড,  অষ্ট্ৰিক, মংগোলীয়,
আৰু প্ৰশস্ত মস্তিস্কী (ৱেষ্টাৰ্ন ব্ৰেচিচেফালিক) গোষ্ঠী।
২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।
উত্তৰ: ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টি কৰা তিনিটা কাৰক হ’ল—
ক) হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদিতা তথা উদাৰতা৷
খ) বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যবাদে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস৷
গ) বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতা।
২৩। প্রাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে?
উত্তৰ: প্রাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ চাৰি ভাগত ভগোৱা হৈছে। সেইকেইটা হৈছে—
ক) মছজিদ,
খ) মঞ্জিল (ৰাজপ্ৰসাদ),
গ) মাকোৱাৰা (মৃতকৰ সৌধ),
ঘ) মিনাৰ (গম্বুজ)।
২৪। UNESCO-ৰ দ্বাৰা বিশ্ব তিহ্য ক্ষেত্র হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনি‍টা স্থাপত্য উল্লেখ কৰা।
উত্তৰ: UNESCO-ৰ দ্বাৰা বিশ্ব তিহ্য ক্ষেত্র হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনি‍টা স্থাপত্য হ’ল—
ক) সাঁচীৰ স্তূপ৷
খ) অজন্তাৰ গুহাসমূহ৷
গ) তাজমহল৷
২৫। ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ-যক্ষিণী, অপেশ্বৰী আৰু হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল
২৬। ভাৰতৰ ভাস্কৰ্য শিল্প-কলাৰ তিনিটা প্রধান শৈলী কি কি?
উত্তৰ: ভাৰতৰ ভাস্কৰ্য শিল্প-কলাৰ তিনিটা প্রধান শৈলী হ’ল
ক) গান্ধাৰ শিল্পকলা৷
খ) মথুৰা শিল্পকলা৷
গ) অমৰাৱতী শিল্পকলা৷
২৭। দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।
উত্তৰ: দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাই হ’ল— অজন্তা (মহাৰাষ্ট্ৰ), চিত্তনাৱাচল (তামিলনাডু) আৰু বাই (মধ্যপ্রদেশ)।
২৮। মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ: মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্রন্থ হ’ল
ক) তুতিনামা,
খ) জাহাঙ্গীৰ নামা আৰু
গ) দাস্তান-ই-আমিৰ৷
২৯। চিত্ৰকলাৰ ষড়াংগ মানে কি বুজা?
উত্তৰ: উত্তৰ: খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাত চিত্ৰ অংকনৰ বাবে ছটা বিশেষ নিয়ম আছিল। সেইকেইটা হ’ল—
ক) আকৃতি
খ) জোখ-মাখ
গ) আৱে‍গ-অনুভূতি প্রকাশক কৌশল
ঘ) কলাত্মক উপস্থাপন
ঙ) সাদৃশ্য জ্ঞান
চ) তুলিকা ব্যৱহাৰৰ নিয়ম৷
এই নিয়ম ছটাকেই ‘চিত্ৰকলাৰ ষড়াংগ’ বুলি কোৱা হৈছিল।
৩০। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ ই এক অনৱদ্য অৱদান। সিন্ধু সভ্যতাৰ সময়তো ভাৰতীয়সকল যৌগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰিব পাৰি৷ বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল৷ মহৰ্ষি পতঞ্জলিয়ে ‘যোগসূত্ৰ’ নামৰ গ্ৰন্থ প্রণয়ন কৰি এই বিদ্যাক এক সুহংহত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক সচেতন, সক্ৰিয় পদ্ধতি হিচাপে আৰু জীৱন যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল।
৩১। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ: ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য হ’ল—
ক) প্ৰাচীন ভাৰতীয় স্থাপত্যসমূহ ৰাজকীয় পৃষ্ঠপোষকতাতহে নিৰ্মাণ হৈছিল৷
খ) ভাৰতৰ স্থাপত্য নিৰ্মাণত তিনিটা শৈলী দেখা যায়৷ স‍েইকেইটা হ’ল— উত্তৰ ভাৰতীয় নাগৰ শৈলী, দক্ষিণ ভাৰতীয় দ্ৰাবিড় শৈলী আৰু বিন্ধ্য আকৰ কৃষ্ণা নদীৰ মাজভাগত দেথিবলৈ পোৱা ৱেচৰ শৈলী৷ এই প্ৰতিটো শৈলীতেই অনেক স্থূল আৰু সূক্ষ্ন কলা-কৌশল বিদ্যমান৷
গ) মন্দিৰসমূহ নিৰ্মাণৰ ক্ষেত্ৰত হিন্দু বাস্তুশাস্ত্ৰ অনুসকৰণ কৰা হৈছিল৷
৩২। ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়?
উত্তৰ: ৰঙালী বিহুৰ সাত দিনক ক্ৰমান্বয়ে গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, কুটুম বিহু, চেনেহী বিহু,
মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়।
৩৩। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?
উত্তৰ: কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু হ’ল— জীৱনৰ সুখ-দুখ, দে‍হৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰচিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশস্তি আদি৷ গোৱালপৰীয়া লোকগীতত এইবিলাকৰ উপৰি স্থানীয় কিংবদন্তি তথা হাতী ধৰা আৰু পোহ মনোৱা বিষয়ো সাঙুৰি লোৱা হয়৷‍
৩৪। অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা৷
উত্তৰ: অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম হ’ল— ৰামায়ণ, মহাভাৰত আৰু বিষ্ণুপুৰাণ৷
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ