২৷ ‘সাৰ্বভৌম’, ‘সমাজবাদী’,
‘ধৰ্মনিৰপেক্ষ’, গণতান্ত্ৰিক’ আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা।
উত্তৰ: সাৰ্বভৌম:
ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। ‘সাৰ্বভৌমত্ব’-ই ৰাষ্ট্ৰৰ
সৰ্বোচ্চ ক্ষমতাক বুজায়। অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া
নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত নহয়।
সমাজবাদী: ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। সংবিধানৰ
৪২ তম সংশোধনী আইনৰ জৰিয়তে ‘সমাজবাদী’ শব্দটো প্রস্তাবনাত সংযোজন কৰা হৈছে। এই শব্দটো
সংযোজনৰ দ্বাৰা ইয়াকে দৃঢ়ভাৱে বুজাব বিচৰা হৈছে যে ইয়াৰ জনসাধাৰণৰ মাজত ন্যায়,
মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত কোনো ধৰণৰ বৈষম্য বা অসমতা নাথাকিব। উৎপাদনৰ
আহিলাসমূহ জাতীয়কৰণ কৰা হ’ব, জাতীয় আয়ৰ সমবিতৰণ কৰা হ’ব। মিশ্র অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্রতিষ্ঠা কৰা হ’ব। কোনো পুঁজিপতিৰ দ্বাৰা দেশখনৰ অৰ্থনীতি নিৰ্ধাৰণ কৰা নহ’ব।
ধৰ্মনিৰপেক্ষ: সংবিধানৰ প্রস্তাৱনাত কোৱা হৈছে যে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ
ৰাষ্ট্ৰ হ’ব। ‘ধৰ্মনিৰপেক্ষ’ শব্দৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে
যে ৰাষ্ট্ৰখনে কোনো ধৰ্মকে প্ৰতিনিধিত্ব নকৰিব। ইয়াত সকলোৱে
নিজৰ নিজৰ ধৰ্ম পালন, বিকাশ আৰু প্রচাৰ কৰিব পাৰিব।
গণতান্ত্ৰিক: ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ।
দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্রতিনিধিৰ দ্বাৰা পৰিচালিত। অৰ্থাৎ প্ৰশাসন বিভাগ দেশৰ
জনগণৰ ওচৰত দায়বদ্ধ।
গণৰাজ্য: ভাৰতবৰ্ষ এখন গণৰাজ্য। দেশৰ ৰাষ্ট্ৰপতিজন জনসাধাৰণৰ দ্বাৰা
নিৰ্বাচিত হয়। ৰাষ্ট্ৰপতি পদটো বংশানুক্ৰমিক নহ’ব।
৩। নেহৰুৰ উদ্দেশ্য
সম্পৰ্কিত প্রস্তাৱকেইটা আলোচনা কৰা।
উত্তৰ: নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্রস্তাৱকেইটা তলত আলোচনা কৰা হ’ল—
(ক)
সংবিধানসভাই ভাৰতবৰ্ষক স্বাধীন, সাৰ্বভৌম, গণৰাজ্য হিচাপে ঘোষণা কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ
(পাছলৈ ‘স্বাধীন’ শব্দটো বাদ দিয়া হয়)।
(খ)
ব্ৰিটিছশাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ’ব বিচৰা
দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ’ব।
(গ)
ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা
ৰক্ষা, চিন্তা আৰু মতামত প্রকাশৰ স্বাধীনতাক স্বীকৃতি প্রদান কৰা হ’ব।
ঘ)
অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা
থাকিব।
(ঙ)
দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা হ’ব।
(চ)
আন্তৰ্জাতিক সুসম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা কৰা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ
সহযোগিতা আগবঢ়াব।
(ছ)
জনসাধাৰণেই হ’ব সকলো ক্ষমতাৰ উৎস। সাৰ্বভৌম দেশখনৰ চৰকাৰ আৰু
সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব।
(জ)
সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেৰে
অংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰিব।
নেহৰুৱে
দাঙি ধৰা উক্ত উদ্দেশ্য সম্পৰ্কিত প্রস্তাৱসমূহক মূল আধাৰ হিচাপে লৈ আৰু দেশৰ হাজাৰ
বছৰীয়া সভ্যতা-সংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতাসকলে সংবিধানৰ আদৰ্শ নিৰ্ধাৰণ
কৰিছিল।
৪। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয়
ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ: ভাৰতীয়
গণতন্ত্ৰত যুক্তৰাষ্ট্ৰ কিছুমান বৈশিষ্ট্য বিদ্যমান যদিও ভাৰতবৰ্ষক প্ৰকৃতাৰ্থত যুক্তৰাষ্ট্ৰ বুলি ক’ব নোৱাৰি। তলত যুক্তৰাষ্ট্ৰ প্ৰধান বৈশিষ্ট্যসমূহ
আলোচনা কৰা হ’ল:
(ক) দুই তৰপীয়া চৰকাৰ: যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত দুই ধৰণৰ চৰকাৰ থাকে—
কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ। ভাৰতবৰ্ষতো এই দুই ধৰণৰ চৰকাৰ আছে।
(খ) লিখিত সংবিধান: যুক্তৰাষ্ট্ৰৰ আন এক বৈশিষ্ট্য
হৈছে ইয়াৰ এক লিখিত সংবিধান থাকে। সংবিধানে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ
বিতৰণ কৰাৰ লগতে পৰস্পৰৰ কাৰ্য-পৰিধি নিৰ্ধাৰণ কৰি দিয়ে।
(গ) সাংবিধানিকভাৱে ক্ষমতাৰ বিভাজন: ভাৰতৰ সংবিধানে তিনিখন সূচী— কেন্দ্ৰীয়
সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচীৰ জৰিয়তে ক্ষমতাসমূহ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ভাগ
কৰি দিছে৷ সাধাৰণ জাতীয় ঐক্যৰ বাবে কেন্দ্ৰীয় অনুসূচীৰ অন্তৰ্গত বিষয়সমূহ, যেনে— প্ৰতিৰক্ষা,
বৈদেশিক নীতি, মুদ্ৰা, ডাক-তাঁৰ আদি বিষয়সমূহ কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা হয়৷
আনহাতে শিক্ষা, স্থানীয় শান্তিৰক্ষা আদি ৰাজ্যিক সূচীৰ অন্তৰ্গত বিষয়সমূহ স্থানীয়
ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ কৰা হয়৷ সমৱৰ্তী সূচীৰ অন্তৰ্গত বিষয়সমূহত উভয় চৰকাৰৰে অধিকাৰ
থাকে৷ ই ভাৰতৰ এক যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য৷
(ঘ) স্বাধীন ন্যায়পালিকা: যুক্তৰাষ্ট্ৰীয়
শাসন ব্যৱস্থাত এক স্বাধীন আৰু নিৰপেক্ষ ন্যায়ালয়ৰ ব্যৱস্থা থাকে। অই ন্যায়ালয়ে
সংবিধানৰ চৰম কাৰ্যকৰ্তা আৰু অভিভাৱক বিচাপে দায়িত্ব পালন কৰাৰ লগতে কেন্দ্ৰ আৰু ৰাজ্যৰ
মাজত উদ্ভৱ হোৱা বিবাদসমূহৰ মীমাংসা কৰে।
৫। ভাৰতবৰ্ষৰ সংসদীয়
পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা।
উত্তৰ: ভাৰতবৰ্ষৰ সংসদীয়
পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হ’ল—
ক) দুই ধৰণৰ কাৰ্যপালিকা: সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুই ধৰণৰ কাৰ্যপালিকা
থাকে৷ সেয়া হৈছে— প্ৰকৃত কাৰ্যপালিকা আৰু নামমাত্ৰ কাৰ্যপালিকা৷ নামমাত্ৰ কাৰ্যপালিকা
হ’ল ৰাষ্ট্ৰৰ মুৰব্বী৷ কিন্তু প্ৰকৃতাৰ্থত ৰাষ্ট্ৰৰ সকলো ক্ষমাত প্ৰধান মন্ত্ৰী নেতৃত্বাধীন
মন্ত্ৰী পৰিষদে ব্যৱহাৰ কৰে৷ ভাৰতৰ ক্ষেত্ৰটো ৰাষ্ট্ৰপ্ৰান হৈছে ইয়াৰ ৰাষ্ট্ৰপতি৷
খ) সামূহিক দায়বদ্ধতা: মন্ত্ৰী পৰিষদৰ সদস্যসকল সামূহিকভাৱে বিধান মণ্ডলৰ
ওচৰত দায়বদ্ধ৷ এজন মন্ত্ৰীয়ে আইনসভাত অনাস্থাৰ সন্মুখীন হ’লে সামূহিকভাৱে সমগ্ৰ মন্ত্ৰী
পৰিষদেই দায়ী৷
গ) বিৰোধী দলৰ অস্তিত্ব: শক্তিশালী আৰু সুসংগঠিত একাধিক বিৰোধী
দলৰ অস্তিত্ব সংসদীয় চৰকাৰৰ এক বৈশিষ্ট্য৷
ঘ) প্ৰধান মন্ত্ৰীৰ নেতৃত্ব: বিধান মণ্ডলৰ নিম্ন সদনৰ সংখ্যাগৰিষ্ঠ
দলৰ নেতাজনক প্ৰধান মন্ত্ৰী হিচাপে নিয়োগ কৰি মন্ত্ৰী পৰিষদ গঠন কৰা হয় আৰু তেৱেঁই
মন্ত্ৰী পৰিষদৰ সৰ্বাধিনায়ক৷
ঙ) কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজৰ সম্পৰ্ক: সংসদীয় পদ্ধতিৰ চৰকাৰত বিধান মণ্ডল
আৰু কাৰ্যপালিকা ওতপ্ৰোতভাৱে জড়িত৷ কাৰ্যপালিকাৰ প্ৰতিজন সদস্যই বিধান মণ্ডলৰো সদস্য
হোৱাটো বাধ্যতামূলক৷
ভাৰতবৰ্ষৰ
চৰকাৰৰ ক্ষেত্ৰত লসংসদীয় ব্যৱস্থাৰ উক্ত বৈশিষ্ট্যসমূহ দেখা যায়৷ তদুপৰি আন কেইটামান
বৈশিষ্ট্য হ’ল— ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানজন জনসাধাৰণৰ দ্বাৰা পৰোক্ষভাৱে নিৰ্বাচিত ব্যক্তি৷
ভাৰতবৰ্ষৰ সংসদ ইংলেণ্ডৰ চৰকাৰৰ দৰে ইমান শক্তিশালী নহয়৷ তদুপৰি ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ
গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদনতকৈ বহু পৃথক৷