ভাৰতীয় গণতন্ত্ৰ, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী) — চমু প্ৰশ্নোত্তৰ



১৷ ব্ৰিটিছ চৰকাৰে ‘কেবিনেট মিছন’-ক কিয় ভাৰতলৈ পঠাইছিল?
উত্তৰ: ভাৰতবৰ্ষক ৰাজনৈতিক ক্ষমতা হস্তান্তৰ কৰাৰ বিষয়ে আলোচনা কৰাৰ লগতে ভাৰতৰ বাব‍ে এখন সংবিধান ৰচনাৰ কাৰণে প্রয়োজনীয় পৰিৱে‍শ আৰু প্রস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠাইছিল৷
২৷ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰিলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল?
উত্তৰ: ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰিলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ‘ভাৰত চৰকাৰ আইন’-ৰ ভিত্তিত চলিছিল আৰু আইনখন প্ৰস্তুত কৰিছিল ব্ৰিটিছ সংসদে৷
৩৷ প্ৰস্তাৱনাত ‘আমি ‍ভাৰতীয় জনগণে’ বুলি কিয় উল্লেখ কৰা হৈছে?
উত্তৰ: সংবিধানৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানখনৰ আঁৰত থকা বৃহৎ শক্তি— এই কথাটো স্পষ্ট কৰিবৰ বাবেই প্ৰস্তাৱনাত ‘আমি ‍ভাৰতীয় জনগণে’ বুলি উল্লেখ কৰা হৈছে৷
৪৷ ‘সাৰ্বভৌম’ মানে কি বুজা?
উত্তৰ: ‘সাৰ্বভৌম’ মানে হ’ল সৰ্বোচ্চ ক্ষমতা থকা অৱস্থা। এখন ৰাষ্ট্ৰ যেতিয়া বাহ্যি‍কভাৱেও কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও দেশখন কোনো শক্তিৰ দ্বাৰা পৰিচালিত নহয়, তেতিয়াই সেইখন ৰাষ্ট্ৰক সাৰ্বভৌম ৰাষ্ট্ৰ বুলি কোৱা হয়৷
৫৷ কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপে‍ক্ষ’ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰ: ১৯৭৬ চনত হোৱা ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধনী অনুসৰি সংবিধানৰ প্রস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিৱি‍ষ্ট কৰা হৈছে।
৬৷ ‘অৰ্ধ যুক্তৰাষ্ট্ৰ’ কাক বোলে?
উত্তৰ: যিবোৰ ৰাষ্ট্ৰত যুক্তৰাষ্ট্ৰত থাকিবলগীয়া কিছুমান বৈশিষ্ট্য থকা সত্ত্বে‍ও এককেন্দ্ৰিক চৰকাৰৰো কিছু বৈশিষ্ট্য একাত্ম হৈ থাকে, তেনেবোৰ ৰাষ্ট্ৰকে অৰ্ধযুক্তৰাষ্ট্ৰ বুলি কোৱা হয়৷ উদাহৰণস্বৰূপে ভাৰতবৰ্ষ এখন অৰ্ধযুক্তৰাষ্ট্ৰ৷
৭৷ কোনখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল?
উত্তৰ: ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে‍ পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ