ভাৰতীয় গণতন্ত্ৰ, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী) — অতি চমু প্ৰশ্নোত্তৰ

Indian Democracy


১৷ ভাৰতবৰ্ষত ব্ৰিটিছে কিমান বছৰ শাসন কৰিছিল?
উত্তৰ: ব্ৰিটিছে ভাৰতবৰ্ষত ১৯০ বছৰ শাসন কৰিছিল৷
২৷ কেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল?
উত্তৰ: ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল৷
৩৷ গণতন্ত্ৰৰ পৰস্পৰ পৰিপূৰক অংগ কোনটো?
উত্তৰ: গণতন্ত্ৰৰ পৰস্পৰ পৰিপূৰক অংগটো হৈছে সংবিধান৷
৪৷ সংবিধান নাথাকি‍লে এখন ৰাষ্ট্ৰ গণতান্ত্ৰিক হ’ব পাৰেনে?
উত্তৰ: সংবিধান নাথাকি‍লে এখন ৰাষ্ট্ৰ গণতান্ত্ৰিক হ’ব নোৱাৰে৷
৫৷ ইংলেণ্ডত শ্ৰমিক দল কেতিয়া ক্ষমতালৈ আহিছিল?
উত্তৰ: ১৯৪৫ চনৰ ইংলেণ্ডত শ্ৰমিক দল ক্ষমতালৈ আহিছিল৷
৬৷ ইংলেণ্ডৰ কোন চৰকাৰে ভাৰতক স্বাধীনতা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল?
উত্তৰ: ইংলেণ্ডত ১৯৪৫ চনত গঠিত হেৱা শ্ৰমিক দলৰ চৰকাৰে ভাৰতক স্বাধীনতা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল৷
৭৷ ভাৰতৰ বাবে সংবিধান  প্ৰণয়নৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ কোনে লৈছিল?
উত্তৰ: ইংলেণ্ডত ১৯৪৫ চনত গঠিত হেৱা শ্ৰমিক দলৰ চৰকাৰে ভাৰতৰ বাবে সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছিল৷
৮৷ কেবিনেট মিছনক কোনে ভাৰতলৈ পঠিয়াইছিল?
উত্তৰ: ইংলেণ্ডত ১৯৪৫ চনত গঠিত হেৱা শ্ৰমিক দলৰ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল৷
৯৷ কেবিনেট মিছনত কেইজন সদস্য আছিল?
উত্তৰ: কেবিনেট মিছনত তিনি‍জন সদস্য আছিল৷
১০৷ কাৰ তৎপৰতাত ভাৰতত সংবিধান সভা গঠিত হৈছি‍ল?
উত্তৰ: কেবিনেট মিছনৰ তৎপৰতাত ভাৰতত সংবিধান সভা গঠিত হৈছি‍ল৷
১১৷ সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া হৈছিল?
উত্তৰ: সংবিধান সভাৰ প্ৰথম বৈঠক হৈছিল ১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে৷
১২৷ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল?
উত্তৰ: সংবিধান সভাৰ প্ৰথমখন বৈঠকত ড° সচ্চিদানন্দ সিন্‌হাই সভাপতিত্ব কৰিছিল৷
১৩৷ সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল?
উত্তৰ: সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ড° ৰাজেন্দ্ৰ প্ৰসাদ৷
১৪৷ কেতিয়া সংবিধান সভাৰ স্থায়ী সভাপতিজন নিৰ্বাচন কৰা হৈছিল?
উত্তৰ: ১৯৪৬ চনৰ ৯ ডিচেম্বৰৰ দিনা সংবিধান সভাৰ স্থায়ী সভাপতিজন নিৰ্বাচন কৰা হৈছিল৷
১৫৷ সংবিধান প্ৰস্তুতকৰকণৰ সম্পৰ্কত সংবিধান সভাৰ মুঠ কেইখন বৈঠক হৈছিল?
উত্তৰ: সংবিধান প্ৰস্তুতকৰকণৰ সম্পৰ্কত সংবিধান সভাৰ মুঠ ১১ খন বৈঠক হৈছিল৷
১৬৷ সংবিধান সভাৰ খচৰা কমিটি‍খন কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৯৪৭ চনৰ ২৯ আগষ্টৰ দিনা সংবিধান সভাৰ খচৰা কমিটি‍খন গঠন কৰা হৈছিল৷
১৭৷ সংবিধান সভাৰ খচৰা কমিটি‍ত কেইজন সদস্য আছিল?
উত্তৰ: সংবিধান সভাৰ খচৰা কমিটি‍ত সাতজন সদস্য আছিল৷
১৮৷ সংবিধান সভাৰ খচৰা কমিটিখনৰ অধ্যক্ষ কোন আছিল?
উত্তৰ: সংবিধান সভাৰ খচৰা কমিটিখনৰ অধ্যক্ষ আছিল ড° ভীমৰাও ৰামজী আম্বেদকাৰ৷
১৯৷ সংবিধানৰ খচৰা প্ৰস্তুত কৰোঁতে খচৰা কমিটি‍ক কিমান দিনৰ প্ৰয়োজন হৈছিল?
উত্তৰ: সংবিধানৰ খচৰা প্ৰস্তুত কৰোঁতে খচৰা কমিটি‍ক ২ বছৰ ১১ মাহ ১৭ দিন, অৰ্থাৎ প্ৰায় তিনি বছৰ কালৰ প্ৰয়োজন হৈছিল৷
২০৷ সংবিধান সভাৰ খচৰা কমিটিয়ে কেতিয়া সংবিধানৰ খচৰাখন সভাপতিক দাখিল কৰিছিল?
উত্তৰ: ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনা সংবিধান সভাৰ খচৰা কমিটিয়ে সংবিধানৰ খচৰাখন সভাপতিক দাখিল কৰিছিল৷
২১৷ ভাৰতৰ সংবিধানখন কেতিয়া বলৱৎ কৰা হয়?
উত্তৰ: ১৯৫০ চনৰ ২৬ জানুৱাৰিৰ দিনা ভাৰতৰ সংবিধানখন বলৱৎ কৰা হয়৷
২২৷ ভাৰত চৰকাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
উত্তৰ: ১৯৩৫ চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰা হৈছিল৷
২৩৷ সংবিধানৰ প্ৰস্তাৱানাই কি বুজায়?
উত্তৰ: সংবিধানৰ মূল বিষয়বস্তুৰ চমু বিৱৰণ থকা অংশটোৱেই হৈছে প্ৰস্তাৱনা৷
২৪৷ ভাৰতীয় সংবিধানৰ আত্মা, বিবেক, দুৱাৰডলি আৰু ছাবি-কাঠী বুলি কি‍হক কোৱা হয়?
উত্তৰ: ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনক সংবিধানৰ আত্মা, বিবেক, দুৱাৰডলি আৰু ছাবি-কাঠী বুলি কোৱা হয়৷
২৫৷ ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘ঐক্য’— এই তিনিটা শব্দ কেতিয়া সংবিধানৰ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল?
উত্তৰ: ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘ঐক্য’— এই তিনিটা শব্দ ১৯৭৬ চনৰ ১৮ ডিচেম্বৰত সংবিধানৰ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল৷
২৬৷ ভাৰতৰ সংবিধানৰ কোন সংশোধনী অনুসৰি ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘ঐক্য’ শব্দকেইটা প্ৰস্তাৱনাত সংয‍োগ কৰা হৈছিল?
উত্তৰ: ভাৰতৰ সংবিধানৰ ৪২ নং সংশোধনী অনুসৰি ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘ঐক্য’ শব্দকেইটা প্ৰস্তাৱনাত সংয‍োগ কৰা হৈছিল৷
২৭৷ সাৰ্বভৌম মানে কি?
উত্তৰ: সাৰ্বভৌম মানে সৰ্বোচ্চ ক্ষমতা থকা বা স্বাধীন৷ যেতিয়া এখন ৰাষ্ট্ৰ কোনো বিদেশী শক্তিৰ তলতীয় নহয়, তেতিয়া সেই ৰাষ্ট্ৰখনক সাৰ্বভৌম ৰাষ্ট্ৰ বুলি কোৱা হয়৷
২৮৷ সমাজবাদী ৰাষ্ট্ৰ মানে কি?
উত্তৰ: জনসাধাৰণৰ মাজত আয়, মৰ্যাদা আৰু জীৱন ধাৰণৰ মানৰ বিষয়ত কোনো ধৰণৰ বৈষম্য নথকা আৰু জাতীয় আয়ৰ সমবিতৰণেৰে মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা কৰিব বিচৰা ৰাষ্ট্ৰই হৈছে সমাজবাদী ৰাষ্ট্ৰ৷
২৯৷ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ মানে কি?
উত্তৰ: যিবিলাক ৰাষ্ট্ৰত কোনো চৰকাৰী ধৰ্ম নাথাকে আৰু চৰকাৰে ধৰ্মক লৈ কোনো ধৰণৰ বৈষম‍্য নাৰাখে  বা কোনো ধৰ্মৰ প্ৰতি বিশেষভাৱে অনুগ্ৰহ প্ৰদৰ্শন নকৰে, তেনে ৰাষ্ট্ৰকেই ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়৷
৩০৷ গণতান্ত্ৰিক শব্দটোৱে‍ কি বুজায়?
উত্তৰ: গণতান্ত্ৰিক শব্দটোৱে এক ধৰণৰ শাসন ব্যৱস্থাক বুজায়, যি শাসন ব্যৱস্থাত জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধিৰ দ্বাৰা শাসন ব্যৱস্থা পৰিচালিত হয়৷
৩১৷ প্ৰজাতন্ত্ৰ বা গণৰাজ্য মানে কি?
উত্তৰ: যি ব্যৱস্থাত ৰাষ্ট্ৰ এখনৰ ৰাষ্ট্ৰপ্ৰধানৰ ক্ষেত্ৰত বংশানুক্ৰমিক ব্যৱস্থা নাথাকে; বৰঞ্চ ৰাষ্ট্ৰপ্ৰধানজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তিহে হয়, তেনে ব্যৱস্থাকে ‍প্ৰজাতন্ত্ৰ বা গণৰাজ্য বুলি কোৱা হয়৷
৩২৷ ভাতৃত্ববোধ মানে কি?
উত্তৰ: ভাতৃত্ববোধ মানে ঐক্যৰ ভাব৷
৩৩৷ কেতিয়া নেহৰুৱে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱসমূহ উত্থাপন কৰিছিল?
উত্তৰ: ১৯৪৬ চনৰ ১৩ ডিচেম্বৰৰ দিনা  নেহৰুৱে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱসমূহ উত্থাপন কৰিছিল৷
৩৪৷ নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱসমূহ কেতিয়া গ্ৰহণ কৰা হয়?
উত্তৰ: ১৯৪৭ চনৰ ২২ জানুৱাৰিৰ দিনা নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হয়৷
৩৫৷ নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱত থকা কোনটো শব্দ পৰৱৰ্তী সময়ত বাদ দিয়া হৈছিল?
উত্তৰ: নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱত থকা ‘স্বাধীন’ শব্দ পৰৱৰ্তী সময়ত বাদ দিয়া হৈছিল৷
৩৬৷ ‘যুক্তৰাষ্ট্ৰ’ শব্দটোৰ ইংৰাজী প্ৰতিশব্দটো লিখা৷
উত্তৰ: ‘যুক্তৰাষ্ট্ৰ’ শব্দটোৰ ইংৰাজী প্ৰতিশব্দটো হ’ল ‘Federation’৷
৩৭৷ ‘Federation’ শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা আহিছে?
উত্তৰ: ‘Federation’ শব্দটো লেটিন ভাষাৰ ‘Foedus’ শব্দটোৰ পৰা আহিছে৷
৩৮৷ লেটিন শব্দ ‘foedus’-ৰ অৰ্থ কি?
উত্তৰ: লেটিন শব্দ ‘foedus’-ৰ অৰ্থ হ’ল— ‘চুক্তি’ বা ‘সন্ধি’৷
৩৯৷ যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা?
উত্তৰ: যুক্তৰাষ্ট্ৰ হৈছে পাৰস্পৰিক চুক্তি অথবা সন্ধিৰ দ্বাৰা সন্মিলিত হোৱা একাধিক ৰাষ্ট্ৰ বা ৰাজ্যৰ একাটা গোট বা তেনেদৰে গঠিত হেৱা এক বৃহত্তৰ ৰাষ্ট্ৰ৷
৪০৷ ভাৰতত কেতিয়া যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ: ১৯৩৫ চনত ভাৰত চৰকাৰ আইনৰ জৰিয়তে ভাৰতত যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰৱৰ্তন কৰা হৈছিল৷
৪১৷ যুক্তৰাষ্ট্ৰীয় পদ্ধতি পোনপ্ৰথমে ক’ত প্ৰয়োগ কৰা হৈছিল?
উত্তৰ: যুক্তৰাষ্ট্ৰীয় পদ্ধতি পোনপ্ৰথমে আমেৰিকাত প্ৰয়োগ কৰা হৈছিল৷
৪১৷ ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কোনখন দেশক কোৱা হয়?
উত্তৰ: আমেৰিকাক ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কোৱা হয়৷
৪২৷ স্বাধীন ভাৰতত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধান অনুসৰণ কৰা হৈছে?
উত্তৰ: স্বাধীন ভাৰতত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত কানাডাৰ সংবিধান অনুসৰণ কৰা হৈছে৷
৪৩৷ যুক্তৰাষ্ট্ৰৰ যিকোনো এটা বৈশিষ্ট্য লিখা৷
উত্তৰ: যুক্তৰাষ্ট্ৰৰ এটা বৈশিষ্ট্য হৈছে— এই ব্যৱস্থাত সাংবিধানিকভাৱে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন কৰা হয়৷
৪৪৷ ভাৰতৰ সংবিধানত ‘যুক্তৰাষ্ট্ৰ’ শব্দটো কিয় উল্লেখ কৰা হোৱা নাই?
উত্তৰ: প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তন নথকাৰ বাবেই ভাৰতৰ সংবিধানত ‘যুক্তৰাষ্ট্ৰ’ শব্দটো উল্লেখ কৰা হোৱা নাই৷
৪৫৷ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক ‘ৰাজ্যসমূহৰ সংঘ’ (Union of States) বুলি ঘোষণা কৰা হৈছে?
উত্তৰ: ভাৰতীয় সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰতক ‘ৰাজ্যসমূহৰ সংঘ’ (Union of States) বুলি ঘোষণা কৰা হৈছে৷
৪৬৷ ভাৰতৰ অংগৰাজ্যবিলাকৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা আছেনে?
উত্তৰ: ভাৰতৰ অংগৰাজ্যবিলাকৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা নাই৷
৪৭৷ কেইখন সূচীৰ জৰিয়তে ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ কৰা হৈছে?
উত্তৰ: তিনিখন সূচীৰ জৰিয়তে ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ কৰা হৈছে৷
৪৮৷ ভাৰতৰ ৰাজ্যবিলাকত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাক নিযুক্ত কৰা হয়?
উত্তৰ: ভাৰতৰ ৰাজ্যবিলাকত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে ৰাজ্যপালক নিযুক্ত কৰা হয়৷
৪৯৷ ভাৰতবৰ্ষত এক ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ মূল কাৰণটো কি?
উত্তৰ: ভাৰতবৰ্ষত এক ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ মূল কাৰণটো হৈছে— দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক ৰক্ষা কৰা৷
৫০৷ ‘ছাৰকাৰিয়া আয়োগ’ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ‘ছাৰকাৰিয়া আয়োগ’ ১৯৮৩ চনত গঠন কৰা হৈছিল৷
৫১৷ ‘ছাৰকাৰিয়া আয়োগ’ কিয় গঠন কৰা হৈছিল?
উত্তৰ: ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত সংশোধন আনি অংগৰাজ্যবোৰক স্বতন্ত্ৰতা প্ৰদান কৰাৰ দাবী উত্থাপনৰ উদ্দেশ্যে ‘ছাৰকাৰিয়া আয়োগ’ গঠন কৰা হৈছিল৷
৫২৷ ভাৰতক কিয় ‘সহযোগিতামূলক যুক্তৰাষ্ট্ৰ’ হিচাপে অভিহিত কৰিবলৈ লোৱা হৈছে?
উত্তৰ: ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কেন্দ্ৰ আৰু ৰাজ্যৰ সহযোগিতাৰ ওপৰতে মূলতঃ নিৰ্ভৰশীল বাবে ভাৰতক ‘সহযোগিতামূলক যুক্তৰাষ্ট্ৰ’ হিচাপে অভিহিত কৰিবলৈ লোৱা হৈছে৷
৫৩৷ সংসদীয় গণতন্ত্ৰ কি?
উত্তৰ: সংসদক প্ৰাধান্য দি পৰিচালিত হোৱা গণতান্ত্ৰিক ব্যৱস্থাই হ’ল সংসদীয় গণতন্ত্ৰ৷
৫৪৷ আমেৰিকাত সংসদক কি বুলি কোৱা হয়?
উত্তৰ: আমেৰিকাত সংসদক ‘কংগ্ৰেছ’ বুলি কোৱা হয়৷
৫৫৷ শাসনৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা, জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত সন্থা বা গোটক ভাৰতবৰ্ষত কি বুলি কোৱা হয়?
উত্তৰ: শাসনৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা, জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত সন্থা বা গোটক ভাৰতবৰ্ষত ‘সংসদ’ বুলি কোৱা হয়৷
৫৬৷ ‘সংসদ’ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি?
উত্তৰ: ‘সংসদ’ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ’ল— ‘Parliament’৷
৫৭৷ ভাৰতৰ সংসদত কেইখন সদন আছে?
উত্তৰ: ভাৰতৰ সংসদত দুখন সদন আছে৷
৫৮৷ ভাৰতৰ উচ্চ সদন কোনখন?
উত্তৰ: ভাৰতৰ উচ্চ সদন হৈছে ৰাজ্যসভা৷
৫৯৷ ভাৰতৰ নিম্ন সদন কোনখন?
উত্তৰ: ভাৰতৰ নিম্ন সদন হৈছে লোকসভা৷
৬০৷ ভাৰতত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধান অনুসৰণ কৰা হৈছে?
উত্তৰ: ভাৰতত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধান অনুসৰণ কৰা হৈছে৷
৬১৷ কেতিয়া ভাৰতত সীমিত ৰূপত সংসদীয় পদ্ধতি আৰম্ভ কৰা হৈছিল?
উত্তৰ: ১৯৩৫ চনত ভাৰত চৰকাৰ আইনৰ জৰিয়তে ভাৰতত সীমিত ৰূপত সংসদীয় পদ্ধতি আৰম্ভ কৰা হৈছিল৷
৬২৷ ‘ভাৰতীয়কৰণ’ মানে কি?
উত্তৰ: কোনো বিষয় বা কোনো বস্তুক ভাৰতৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতি সাপেক্ষে কিছু সালসলনি কৰি লোৱা প্ৰক্ৰিয়াই হ’ল ভাৰতীয়কৰণ৷
৬৩৷ ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ আৰু ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা যিকোনো এটা প্ৰভেদ উল্লেখ কৰা৷
উত্তৰ: ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ আৰু ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা এটা প্ৰভেদ হ’ল— ইংলেণ্ডৰ ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্ৰমে হোৱা ব্যক্তি; আনহাতে ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানজন জনসাধাৰণৰ দ্বাৰা পৰোক্ষভাৱে নিৰ্বাচিত হোৱা ব্যক্তি৷‍  
৬৪৷ ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানজনক কি বুলি কোৱা হয়?
উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানজনক ৰাষ্ট্ৰপতি বুলি কোৱা হয়৷
৬৫৷ ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানজনক কোনে নিৰ্বাচন কৰে?
উত্তৰ: ৰাজ্যিক বিধানসভাৰ নিৰ্বাচিত সদস্য আৰু সংসদৰ উভয় সদনৰ নিৰ্বাচিত সদস্যসকলৰ দ্বাৰা গঠিত নিৰ্বাচক মণ্ডলীয়ে ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানজনক নিৰ্বাচন কৰে৷
৬৬৷ ইংলেণ্ডত উচ্চ সদনক কি বুলি কোৱা হয়?
উত্তৰ: ইংলেণ্ডত উচ্চ সদনক ‘হাউছ অব লৰ্ডছ্‌’ বুলি কোৱা হয়৷

৬৭৷ তলত দিয়া প্ৰশ্নসমূহৰ বাবে‍ শুদ্ধ উত্তৰটো বাছি লিখা:
(i) কেবিনেট মিছন ইংলেণ্ডৰ কেইজন মন্ত্ৰীৰে গঠিত গোট আছিল?
(a) দুজন
(b) তিনিজন
(c) চাৰিজন
(d) পাঁচজন
উত্তৰ: (b) তিনিজন৷
(ii) সংবিধান সভাৰ সভাপতি আছিল?
(a) ° বি আৰ আম্বেদকাৰ
(b) ° সচ্চিদানন্দ সিনহা
(c) ° ৰাজেন্দ্ৰ প্ৰসাদ 
(d) এটাও নহয়
উত্তৰ: (c) ড° ৰাজেন্দ্ৰ প্ৰসাদ৷
(iii) নতুন সংবিধান বলৎ কৰা হৈছিল—
(a) ১৫ আগষ্ট ১৯৪৭ চনত
(b) ২৬ জানুৱাৰি ১৯৫০ চনত
(c)  ডিচেম্বৰ ১৯৪৬ চনত 
(d) ২৯ আগষ্ট ১৯৪৭ চনত
উত্তৰ: (b) ২৬ জানুৱাৰি, ১৯৫০ চনত৷
(iv) ১৯৫০ চনৰ ২৬ জানুৱাৰিত সংবিধান কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত তলৰ কোনকেইটা শব্দ নাছিল?
(a) সাৰ্বভৌম, সমাজবাদী, ঐক্য
(b) গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, গণৰাজ্য
(c) সমাজবাদী, ঐক্য, গণৰাজ্য
(d) সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য
উত্তৰ: (d) সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য
(v) সৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ _________ক্ষমতা
(a) ভ্যন্তৰীণ
(b) সৰ্বোচ্চ
(c) বাহ্যিক
(d) গণতান্ত্ৰিক
উত্তৰ: (b) সৰ্বোচ্চ
(vi) যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ ‘Federation’ টো প্রকৃততে তলৰ কোনটো ভাষাৰ শব্দ? 
(a) গ্ৰীক 
(b) ফৰাচী
(c) স্পেনিচ
(d) লেটিন
উত্তৰ: (d) লেটিন
(viii) যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়—
(a) ইংলেণ্ড
(b) আমেৰিকা
(c) চুইজাৰলেণ্ড
(d) জাপান
উত্তৰ: (b) আমেৰিকা৷
(viii) সংবিধানৰ প্রস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দ দুটা কোন সংশোধনী মতে অন্তৰ্ভুক্ত হয়?
(a) ২৪ নং 
(b) ৪১ নং
(c) ৪৪ নং 
(d) ৪২ নং
উত্তৰ: (d) ৪২ নং
(ix) জনপ্ৰতিনিধিৰে গঠিত সন্থাক আমেৰিকাত কি বোলে?
(a) কংগ্ৰেছ
(b) মেম্বাৰ
(c) প্ৰতিনিধি
(d) এটাও নহয়
উত্তৰ: (a) কংগ্ৰেছ
(x) কোন চনৰ আইনে পৰাধীন ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰ প্রৱৰ্তন কৰিছিল?
(a) ১৯০৫ চনৰ বংগ বিভাজন আইন
(b) ১৮৫৮ চনৰ ভাৰত শাসন আইন
(c) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন
(d) ১৯১৯ চনৰ ভাৰত পৰিষদ আইন
উত্তৰ: (c) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন
(xi) ভাৰতবৰ্ষৰ সংসদ ইংলেণ্ডৰ সংসদতকৈ—
(a) বেছি শক্তিশালী
(b) কম শক্তিশালী
(c) সম শক্তিশালী
(d) এটাও নহয়
উত্তৰ: (b) কম শক্তিশালী
(xii) ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?
(a) আমেৰিকা
(b) ইংলেণ্ড
(c) কানাডা
(d) অষ্ট্ৰেলিয়া
উত্তৰ: (b) ইংলেণ্ড
(xiii) ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোন দেশৰ সংবিধান অনুসৰণ কৰিছিল?
(a) আমেৰিকা
(b) ইংলেণ্ড
(c) কানাডা
(d) চুইজাৰলেণ্ড
উত্তৰ: (c) কানাডা
(xiv) কেবিনেট মিন ভাৰতলৈ আহিছিল—
(a) ১৯৪৭ চনত
(b) ১৯৪৫ চনত 
(c) ১৯৪২ চনত
(d) ১৯৪৬ চনত
উত্তৰ: (d) ১৯৪৬ চনত
(xv) ভাৰতবৰ্ষৰ সংবিধানখন প্রস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ কেইখন বৈঠক বহিছিল? 
(a) ১১ খন
(b) ১০ খন
(c) ১২ খন
(d) ১৫ খন
উত্তৰ: (a) ১১ খন

৬৮. খালী ঠাই পূৰণ কৰা:
(i) বৃটিছৰ অধীনত থকা ভাৰতবৰ্ষই ______ চনৰ _____ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰাৰ লগে লগে বিশ্বৰ এখন বৃহৎ ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিলে
(ii) ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্রস্তুতি চলাবৰ অৰ্থে বৃটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত_____________ ক ভাৰতলৈ পঠিয়াই
(iii) কেবিনেট মিছনৰ তৎপৰতাত _______ সভা গঠন হৈছিল আৰু ইয়াৰ প্রথমখন বৈঠক বহিছিল _______ চনৰ ____ তাৰিখে
(iv) সংবিধান সভাৰ প্রথম বৈঠকত সভাপতিত্ব কৰিছিল ____________
(v) _______________ ক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নির্বাচিত কৰিছিল
(vi) সংবিধান সভাই ________ চনৰ ____ তাৰিখে এখন খচৰা কমিটি‍ গঠন কৰে
(vii)_____________ আছিল খচৰা কমিটিৰ অধ্যক্ষ
(viii) নতুন সংবিধানখন ___________ চনৰ _________তাৰিখে বলৱৎ কৰা হয়। 
(ix)___________ ল সংবিধানৰ পাতনি। 
(x)__________ যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। 
(xi) ১ নং অনুচ্ছেদত ভাৰতক এখন __________ বুলি ঘোষণা কৰা কৰা হৈছে
(xii) ভাৰতবৰ্ষৰ সংসদ _________ সদনেৰে গঠিত
(xiii) ১৯৩৫ চনৰ _________ আইনখনে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল
(xiv) ভাৰতবৰ্ষৰ সংসদৰ ________ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউছ অৱ লৰ্ডছতকৈ বহু পৃথক
(xv) ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধানজন _________ হোৱা ব্যক্তি নহয়

উত্তৰ:

(i) বৃটিছৰ অধীনত থকা ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰাৰ লগে লগে বিশ্বৰ এখন বৃহৎ ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিলে
(ii) ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্রস্তুতি চলাবৰ অৰ্থে বৃটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত কেবিনেট মিছন ক ভাৰতলৈ পঠিয়াইছিল
(iii) কেবিনেট মিছনৰ তৎপৰতাত সংবিধান সভা গঠন হৈছিল আৰু ইয়াৰ প্রথমখন বৈঠক বহিছিল ১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে
(iv) সংবিধান সভাৰ প্রথম বৈঠকত সভাপতিত্ব কৰিছিল ° সচ্চিদানন্দ সিন্‌হাই
(v) ° ৰাজেন্দ্ৰ প্ৰসাদ ক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নির্বাচিত কৰিছিল
(vi) সংবিধান সভাই ১৯৪৭ চনৰ ২৯ আগষ্ট তাৰিখে এখন খচৰা কমিটি‍ গঠন কৰে
(vii) ° বি আৰ আম্বেদকাৰ আছিল খচৰা কমিটিৰ অধ্যক্ষ
(viii) নতুন সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰি তাৰিখে বলৱৎ কৰা হয়। 
(ix) প্ৰস্তাৱনা ল সংবিধানৰ পাতনি। 
(x) আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। 
(xi) ১ নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা কৰা হৈছে
(xii) ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত
(xiii) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল
(xiv) ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউছ অৱ লৰ্ডছতকৈ বহু পৃথক
(xv) ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্ৰমে হোৱা ব্যক্তি নহয়
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ