আন্তৰ্জাতিক সংস্থা— ৰাষ্ট্ৰসংঘ আৰু অন্যান্য, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী)— দীঘল প্ৰশ্নোত্তৰ



১। ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা৷
উত্তৰ: ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্যসমূহ হ’ল—
(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্রতিষ্ঠা কৰা।
(গ) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহ সমাধান কৰা আৰু প্রত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে, তাৰ ব্যৱস্থা কৰা।
(ঘ) উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্রতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাৰ্য সম্পাদন কৰ৷।

ৰাষ্ট্ৰসংঘৰ নীতিসমূহ হ’ল
(ক) সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ’ব
(খ) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব।
(গ) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব।
(ঘ) আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰ‌ই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব।
(ঙ) চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব।
(চ) ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ অভ্যন্তৰীণ বিষয়সমূহত হস্তক্ষেপ নকৰিব৷

২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা।
উত্তৰ: ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ হ’ল নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘ গঠন হোৱা সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্যৰ সংখ্যা আছিল ছজন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্যৰ সংখ্যা দহজনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰকে‍ইখন হ’ল— আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট বিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল’বলৈ হ’লে স্থায়ী পাঁচজন সদস্যসহ মুঠ নজন সদস্যৰ সন্মতি থাকিব লাগিব। স্থায়ী সদস্যসকলৰ ‘ভেটো’ প্ৰয়োগৰ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী ‘ভেটো’ দিলে সিদ্ধান্ত গ্ৰহণ নহয়।

৩। বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।
উত্তৰ: নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্ববাসীৰ মনৰ পৰা যুদ্ধৰ বিভীষিকা আঁতৰ কৰি বিশ্বাস আৰু আস্থাৰ এখন পৃথিৱী গঢ়াৰ অৰ্থে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী কালছোৱাত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ অতি গুৰুত্বপূৰ্ণ৷ ১৯৫২ চনৰ জানুৱাৰি মাহত ৰাষ্ট্ৰসংঘই ‘নিৰস্ত্ৰীকৰণ আয়োগ’ (Disarmment Commision) গঠন কৰে। সেইদৰে ৰাষ্ট্ৰসংঘৰ তৎপৰতাত বিভিন্ন সময়ত তলত দিয়া চুক্তিসমূহ স্বাক্ষৰিত হয়—

চুক্তি‍চন
আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি‍১৯৬৩ চন
বহিঃমহাকাশ চুক্তি১৯৬৭ চন
পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি১৯৬৮ চন
সমুদ্ৰতলি নিয়ন্তুণ চুক্তি১৯৭১ চন
ছল্ট-১ চুক্তি১৯৭২ চন
ছল্ট -২ চুক্তি১৯৭৯ চন
START-1১৯৯১ চন
START-2১৯৯৩ চন
পাৰমাণৱি‍ক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি‍১৯৯৩ চন



তদুপৰি ১৯৯৬ চনত ১৫৮ খন ৰাষ্ট্ৰৰ সমৰ্থনত স্বাক্ষৰিত হোৱা ‘পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি’-কে ধৰি বৰ্তমানলৈকে কেইবাখনো চুক্তি স্বাক্ষৰিত হৈছে৷ ২০০৭ চনত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা ‘প্রতিৰোধমূলক কূটনীতি’-ৰ সহায়ত বিবাদ মীমাংসাৰে শান্তিৰ পৰিৱে‍শ অনাত আগভাগ লোৱাটোও এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।
এনেদৰে বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই বিশ্বত শান্তিৰ বাতাৱৰণ আনি সকলো ধৰণৰ সমস্যাকে বুজাবুজি আৰু আলোচনাৰ মাজেৰে সমাধানৰ ক্ষেত্ৰত লৈ অহা পদক্ষেপ নিশ্চয় আশাপ্ৰদ আৰু ইতিবাচক৷  
৪। ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।
উত্তৰ: ১৯৯৩ চনৰ জুন মাহত ভিয়েনাত অনুষ্ঠিত হোৱা মানৱ অধিকাৰ সম্পৰ্কীয় অধিৱেশনত ৰাষ্ট্ৰসংঘৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰতে একোখনকৈ মানৱ অধিকাৰ আয়োগ গঠন কৰা বিষয়টো গুৰুত্ব সহকাৰে আলোচিত হয়৷ সেই মৰ্মে ভাৰতবৰ্ষত সেই বছৰৰে ২৮ ছেপ্টেম্বৰৰ দিনা ৰাষ্ট্ৰপতিয়ে এক অধ্যাদেশ জাৰি কৰে আৰু সেই অদ্যাদেশ অনুসৰি ১৯৯৩ চনৰ ১২ অক্টোবৰৰ দিনা ভাৰতত মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়৷ সেই বছৰৰে ১৮ ডিচেম্বৰ তাৰিখে আগৰ অধ্যাদেশৰ ঠাইত সংসদত এখন বিধেয়ক উত্থাপন কৰা হয় আৰু ১৯৯৪ চনৰ ৮ জানুৱাৰিৰ দিনা বিধেয়কখন ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ পাছতে ই আইনত পৰিণত হয়৷ সেই আইনখনক ‘মানৱ অধিকাৰ সুৰক্ষা আইন ১৯৯৩’ হিচাপে জনা যায়৷ এই আইন অনুসৰি ভাৰতবৰ্ষৰ ৰাজ্যবিলাকতো ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়৷
ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়্যধীশ হ’ব লাগিব আৰু ইয়াত তলত উল্লেখ কৰা ধৰণৰ সদস্য থাকিব লাগিব—
(ক) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ হ’ব লাগিব।
(খ) এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।
(গ) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কে অভিজ্ঞ লোক হ’ব লাগিব।
তদুপৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসূচীত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতি এই আয়োগৰ সদস্য পদত থাকিব৷ সকলো সদস্যকে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৫ বছৰৰ বাবে নিযুক্তি দিয়ে৷
ভাৰতবৰ্ষত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পৰ্যালোচনা কৰি তাৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰক প্ৰতিৱেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই দিশত অতন্দ্ৰ প্ৰহৰিৰ ভূমিকা পালন কৰিব লাগে৷

উত্তৰ: ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ ৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব প্রদান কৰি আহিছে। বিশ্বৰ প্রত্যেকজন ব্যক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্রয়োজন হোৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ অৰ্থে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৪৮ খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে। সেইবাবে আজিও ১০ ডিচেম্বৰৰ দিনটো ‘মানৱ অধিকাৰ দিৱস’ হিচাপে পালন কৰা হয়। এটা প্রস্তাৱনা আৰু ৩০ টা অনুচ্ছেদ সম্বলিত এই ঘোষণাপত্ৰই মূলতঃ দুটা উদ্দেশ্য সাধন কৰিছে—
(ক) বিশ্বৰ জনগণৰ বাবে প্রয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্ৰত সন্নিৱি‍ষ্ট হৈছে।
(খ) এই ঘোষণাপত্ৰত সন্নিৱিষ্ট অধিকাৰসমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে।

এই ঘোষণাপত্ৰত সন্নিৱিষ্ট অধিকাৰসমূহে ৰাষ্ট্ৰসমূহৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আৰোপ কৰিছে। কাৰণ নীতিগতভাৱে কোনো ৰাষ্ট্ৰই এই অধিকাৰসমূহ আওকাণ কৰিব নোৱাৰে। দেশৰ নাগৰিকসকলক এই অধিকাৰৰ পৰা বঞ্চিত কৰি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো যে সম্ভৱ নহয়, তাক ৰাষ্ট্ৰসংঘই ঘোষণাপত্ৰৰ জৰিয়তে স্পষ্ট কৰি দিছে। বিশ্বৰ নাগৰিকৰ জীৱনযাত্ৰাৰ মান উন্নত কৰা, এটা মৰ্যদাপূৰ্ণ জীৱন যাপনৰ বাট মুকলি কৰাৰ লগতে মানৱ সমাজক সৰ্বদিশৰ ব্যক্তিত্ব বিকাশৰ সুবিধাৰ বাবে ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সম্পৰ্কত এতিয়ালৈকে লোৱা পদক্ষেপ নিশ্চয় আশাব্যঞ্জক।
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ