মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম— সমাজ বি‍জ্ঞান (X) অতি চমু প্ৰশ্নোত্তৰ



১৷ প্ৰথম বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ: ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল৷
২৷ মহাত্মা গান্ধীৰ প্ৰকৃত নাম কি?
উত্তৰ: মহাত্মা গান্ধীৰ প্ৰকৃত নাম মোহন দাস কৰমচাঁদ গান্ধী৷
৩৷ ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সৰ মিত্ৰশক্তিয়ে ভাৰতৰ জাতীয়তাবাদীসকলক কি প্ৰতি‍শ্রুতি দিছিল?
উত্তৰ: ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সৰ মিত্ৰশক্তিয়ে ভাৰতৰ জাতীয়তাবাদীসকলক প্ৰতি‍শ্রুতি দিছিল যে যদি ভাৰতীয় জাতীয়তাবাদীসকলে বিশ্বযুদ্ধত মিত্ৰশক্তিক সমৰ্থন জনায়, যুদ্ধৰ শেষত ভাৰতক স্বাধীনতা আৰু জাতীয় স্বনিয়ন্ত্ৰণ প্ৰদান কৰা হ’ব৷
৪৷ কিহৰ আশাত ভাৰতৰ জাতীয়তাবাদীসকলে প্ৰথম বিশ্বযুদ্ধত ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সৰ মিত্ৰশক্তিলৈ সমৰ্থন আগ বঢ়াইছিল?
উত্তৰ: ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সৰ মিত্ৰশক্তিয়ে দিয়া প্ৰস্তাৱ অনুসৰি স্বাধীনতা আৰু স্বনিয়ন্ত্ৰণ লাভ কৰাৰ আশাত ভাৰতৰ জাতীয়তাবাদীসকলে প্ৰথম বিশ্বযুদ্ধত ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সৰ মিত্ৰশক্তিলৈ সমৰ্থন আগ বঢ়াইছিল৷
৫৷ ৰুছ বিপ্লৱ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ: ৰুছ বিপ্লৱ ১৯১৭ চনত সংঘটিত হৈছিল৷
৬৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত কেতিয়া মহাত্মা গান্ধীৰ প্ৰৱেশ ঘটিছিল?
উত্তৰ: ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ প্ৰৱেশ ঘটিছিল ১৯১৭-১৮ চনত৷
৭৷ মহাত্মা গান্ধীয়ে কেতিয়া দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ: ১৮৯৩ চনত মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল৷
৮৷ সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল?
উত্তৰ: সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে দক্ষিণ আফ্ৰিকাত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল৷
৯৷ দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ত মহাত্মা গান্ধীৰ বয়স কিমান আছিল?
উত্তৰ: দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ত মহাত্মা গান্ধীৰ বয়স ২৪ বছৰ আছিল৷
১০৷ মহাত্মা গান্ধীৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?
উত্তৰ: মহাত্মা গান্ধীৰ জন্ম ১৮৬৯ চনৰ ২ অক্টোবৰৰ দিনা গুৰাটৰ পুৰবন্দৰত হৈছিল৷
১১৷ মহাত্মা গান্ধীৰ পিতৃৰ নাম কি আছিল?
উত্তৰ: মহাত্মা গান্ধীৰ পিতৃৰ নাম কৰমচাঁদ গান্ধী৷
১২৷ মহাত্মা গান্ধীৰ মাতৃৰ নাম কি আছিল?
উত্তৰ: মহাত্মা গান্ধীৰ মাতৃৰ নাম পুতলীবাঈ গান্ধী৷
১৩৷ মহাত্মা গান্ধীৰ পত্নীৰ নাম কি আছিল?
উত্তৰ: মহাত্মা গান্ধীৰ পত্নীৰ নাম কস্তুৰৱা৷
১৪৷ মহাত্না গান্ধীয়ে আইন পঢ়িবৰ বাবে কেতিয়া লণ্ডনলৈ গৈছিল?
উত্তৰ: ১৮৮৮ চনত মহাত্না গান্ধীয়ে আইন পঢ়িবৰ বাবে লণ্ডনলৈ গৈছিল৷
১৫৷ মহাত্না গান্ধীয়ে কেতিয়া ব্যাৰিষ্টাৰ পাছ কৰিছিল?
উত্তৰ: ১৮৯১ চনত মহাত্না গান্ধীয়ে ব্যাৰিষ্টাৰ পাছ কৰিছিল৷
১৬৷ মহাত্না গান্ধী কেতিয়া দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল?
উত্তৰ: মহাত্না গান্ধী ১৯১৫ চনত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল৷
১৭৷ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ কোন ঠাইত উকালতি কৰিবলৈ গৈছিল?
উত্তৰ: মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ নাটালত উকালতি কৰিবলৈ গৈছিল৷
১৮৷ দক্ষিণ আফ্ৰিকালৈ গৈ মহাত্মা গান্ধী কিহৰ বাবে হতচকীত হৈ পৰিছিল?
উত্তৰ: মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকালৈ গৈ ভাৰতীয় লোকসকলৰ ওপৰত য়ুৰোপীয়সকলে জাপি দিয়া ৰাজনৈতিক আৰু সামাজিক অবিচাৰ দেখি হতচকীত হৈ পৰিছিল৷
১৯৷ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ নাটালত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম কি আছিল?
উত্তৰ: মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ নাটালত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম ‘নাটাল ইণ্ডিয়ান কংগ্ৰেছ’৷
২০৷ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত উলিওৱা বাতৰি কাকতখনৰ নাম কি আছিল?
উত্তৰ: মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত উলিওৱা বাতৰি কাকতখনৰ নাম ‘ইণ্ডিয়ান অপিনিয়ন’৷
২১৷ দক্ষিণ আফ্ৰিকাত অন্যায়-অবিচাৰৰ বিৰুদ্ধে কৰা সংগ্ৰামত মহাত্মা গান্ধীয়ে কিহক মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল?
উত্তৰ: দক্ষিণ আফ্ৰিকাত অন্যায়-অবিচাৰৰ বিৰুদ্ধে কৰা সংগ্ৰামত মহাত্মা গান্ধীয়ে প্ৰতিবাদী কাৰ্যসূচী হিচাপে অহিংসাকেই মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল৷
২২৷ দক্ষিণ আফ্ৰিকাৰ কোনখন প্ৰদেশত ভাৰতীয়সকলক ভাৰতীয়সকল প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল?
উত্তৰ: দক্ষিণ আফ্ৰিকাৰ ট্ৰান্স্‌ভেল প্ৰদেশত ভাৰতীয়সকলক ভাৰতীয়সকল প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল৷
২৩৷ মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাত থকা কালছোৱাত ভাৰতীয়সকলে কোন ধৰ্মৰ নীতি অনুসৰি বিয়া কৰাবলগীয়া হৈছিল?
উত্তৰ: মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাত থকা কালছোৱাত ভাৰতীয়সকলে খ্ৰীষ্টান ধৰ্মৰ নীতি অনুসৰি বিয়া কৰাবলগীয়া হৈছিল৷
২৪৷ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কিমান দিন কাৰাবাস খটিবলগীয়া হৈছিল?
উত্তৰ: মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত ন মাহ দিন কাৰাবাস খটিবলগীয়া হৈছিল৷
২৫৷ দক্ষিণ আফ্ৰিকাত কোনখন আইনৰ জৰিয়তে মহাত্মা গান্ধীক কাৰামুক্ত কৰা হৈছিল?
উত্তৰ: দক্ষিণ আফ্ৰিকাত ‘ইণ্ডিয়ান ৰিলিফ এক্ট’-ৰ জৰিয়তে মহাত্মা গান্ধীক কাৰামুক্ত কৰা হৈছিল৷
২৬৷ ‘সত্যাগ্ৰহ’ শব্দটো গান্ধীজীয়ে পোনপ্ৰথমে ক’ত প্ৰয়োগ কৰিছিল?
উত্তৰ: ‘সত্যাগ্ৰহ’ শব্দটো গান্ধীজীয়ে পোনপ্ৰথমে দক্ষিণ আফ্ৰিকাত প্ৰয়োগ কৰিছিল৷
২৭৷ কোন দুটা শব্দ লগ লাগি ‘সত্যাগ্ৰহ’ শব্দটো সৃষ্টি হৈছে?
উত্তৰ: ‘সত্য’ আৰু ‘আগ্ৰহ’ এই দুটা শব্দ লগ লাগি ‘সত্যাগ্ৰহ’ শব্দটো সৃষ্টি হৈছে৷
২৮৷ ‘সত্যাগ্ৰহ’ শব্দটোৰ অৰ্থ কি?
উত্তৰ: ‘সত্যাগ্ৰহ’ শব্দটোৰ অৰ্থ হ’ল ‘সত্যৰ প্ৰতি আগ্ৰহ’৷
২৯৷ গান্ধীজীৰ মতে সত্যাগ্ৰহৰ তাৎপৰ্য কি?
উত্তৰ: গান্ধীজীৰ মতে সত্যাগ্ৰহৰ তাৎপৰ্য হ’ল জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ‍ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা৷
৩০৷ মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে কাৰ কাৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল‍?
উত্তৰ: মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে লিঅ’ টলষ্টয় আৰু থৰোৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল‍৷
৩১৷ মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ঘূৰি অহাৰ পাছত ভাৰতৰ কোনকেইটা অঞ্চলৰ স্থানীয় বিবাদ সমাধানত জড়িত হৈ পৰিছিল?
উত্তৰ: মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ঘূৰি অহাৰ পাছত ভাৰতৰ উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেড়া আৰু আহমেদাবাদৰ স্থানীয় বিবাদ সমাধানত জড়িত হৈ পৰিছিল৷
৩২৷ কি চৰ্তত মহাত্মা গান্ধীয়ে গুজৰাটৰ কৃষকসকলক সেন্যবাহিনীত যোগ দিবলৈ উৎসাহ যোগাইছিল?
উত্তৰ: স্বৰাজ আৰু স্বশাসন লাভৰ চৰ্তত মহাত্মা গান্ধীয়ে গুজৰাটৰ কৃষকসকলক সেন্যবাহিনীত যোগ দিবলৈ উৎসাহ যোগাইছিল৷
৩৩৷ কোন চনলৈকে মহাত্মা গান্ধী ব্ৰিটিছ চৰকাৰৰ সহযোগী আছিল?
উত্তৰ: ১৯১৮ চনলৈকে মহাত্মা গান্ধী ব্ৰিটিছ চৰকাৰৰ সহযোগী আছিল৷
৩৪৷ কেতিয়া ব্ৰিটিছ চৰকাৰৰ প্ৰতি মহাত্মা গান্ধীৰ মোহভংগ ঘটিছিল?
উত্তৰ: ১৯১৯ চনৰ ঘটনাপ্ৰবাহৰ পাছত ব্ৰিটিছ চৰকাৰৰ প্ৰতি মহাত্মা গান্ধীৰ মোহভংগ ঘটিছিল৷
৩৫৷ ৰাওলাট আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
উত্তৰ: ৰাওলাট আইন ১৯১৯ চনত প্ৰণয়ন কৰা হৈছিল৷
৩৬৷ ৰাওলাট আইনে ব্ৰিটিছ চৰকাৰক কি অধিকাৰ প্ৰদান কৰিছিল?
উত্তৰ: ৰাওলাট আইনে যিকোনো মানুহকে বিনাবিচাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ অধিকাৰ ব্ৰিটিছ চৰকাৰক প্ৰদান কৰিছিল৷
৩৭৷ মহাত্মা গান্ধীয়ে কেতিয়া অহিংস আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ: মহাত্মা গান্ধীয়ে ১৯১৯ চনৰ ৬ এপ্ৰিলত অহিংস আন্দোলন আৰম্ভ কৰিছিল৷
৩৮৷ ১৯১৯ চনৰ হৰতাল কাৰ্যসূচী কোন তাৰিখে আৰম্ভ হৈছিল?
উত্তৰ: ১৯১৯ চনৰ ৬ এপ্ৰিলৰ দিনা হৰতাল কাৰ্যসূচী আৰম্ভ হৈছিল৷
৩৯৷ কোনটো আন্দোলনে মহাত্না গান্ধীক এজন সৰ্বভৰতীয় নেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: সত্যাগ্ৰহ আন্দোলনে‍মহাত্না গান্ধীক এজন সৰ্বভৰতীয় নেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল৷
৪০৷ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল?
উত্তৰ: জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ১৯১৯ চনৰ ১৩ এপ্ৰিলত সংঘটিত হৈছিল৷
৪১৷ জালিয়ানৱালাবাগ কোনখন ৰাজ্যৰ অন্তৰ্গত?
উত্তৰ: জালিয়ানৱালাবাগ পঞ্জাব ৰাজ্যৰ অন্তৰ্গত৷
৪২৷ ১৯১৯ চনৰ ১০ এপ্ৰিলত ব্ৰিটিছে গ্ৰেপ্তাৰ কৰা পঞ্জাৱৰ জনপ্ৰিয় নেতা দুগৰাকীৰ নাম কি কি?
উত্তৰ: ১৯১৯ চনৰ ১০ এপ্ৰিলত ব্ৰিটিছে গ্ৰেপ্তাৰ কৰা পঞ্জাৱৰ জনপ্ৰিয় নেতা দুগৰাকীৰ নাম হ’ল— ড° সত্যপাল আৰু ড° কিট্‌ছলিউ৷
৪৩৷ জালি‍য়ানৱালাবাগৰ গণসভা কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ: ১৯১৯ চনৰ ১৩ এপ্ৰিলত জালি‍য়ানৱালাবাগৰ গণসভা অনুষ্ঠিত হৈছিল৷
৪৪৷ জালি‍য়ানৱালাবাগৰ হত্যাকাণ্ডৰ মূল খলনায়ক কোন আছিল?
উত্তৰ: জালি‍য়ানৱালাবাগৰ হত্যাকাণ্ডৰ মূল খলনায়ক আছিল জেনেৰেল ডায়াৰ৷
৪৫৷ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ কালছোৱাত নিৰাপত্তাৰ দায়িত্ববাহী বিষয়া কোন আছিল?
উত্তৰ: জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ কালছোৱাত নিৰাপত্তাৰ দায়িত্ববাহী বিষয়া আছিল জেনেৰেল ডায়াৰ৷
৪৬৷ কাৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে জালিয়ালৱালাবাগৰ নিৰীহ লোকলৈ গুলীচালনা কৰিছিল?
উত্তৰ: জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে জালিয়ালৱালাবাগৰ নিৰীহ লোকলৈ গুলীচালনা কৰিছিল৷
৪৭৷ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ অনুসন্ধান কৰিবলৈ কাৰ নেতৃত্বত এখন আয়োগ গঠন কৰা হৈছিল?
উত্তৰ: জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ অনুসন্ধান কৰিবলৈ লৰ্ড হাণ্টাৰৰ নেতৃত্বত এখন আয়োগ গঠন কৰা হৈছিল৷
৪৮৷ ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি কিয় ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল?
উত্তৰ: জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদস্বৰূপে ‍ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল৷
৪৯৷ মুছলমানলকলে তুৰস্কৰ সম্ৰাটক কি হিচাপে গণ্য কৰিছিল?
উত্তৰ: মুছলমানলকলে তুৰস্কৰ সম্ৰাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল৷
৫০৷ কাৰ কাৰ নেতৃত্বত খিলাফৎ সমিতি গঠন হৈছিল?
উত্তৰ: মৌলানা চৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত খিলাফৎ সমিতি গঠন হৈছিল৷
৫১৷ অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ: অসহযোগ আন্দোলন আৰম্ভ হৈছিল৷
৫২৷ অসহযোগ আন্দোলনৰ মুখ্য লক্ষ কি আছিল?
উত্তৰ: অসহযোগ আন্দোলনৰ মুখ্য লক্ষ আছিল— ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা আৰু অহিংস পথেৰে ভাৰতবৰ্ষক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰা৷
৫৩৷ অসহযোগ আন্দোলনত কোনে নেতৃত্ব দিছিল?
উত্তৰ: মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনত নেতৃত্ব দিছিল৷
৫৪৷ অসহযোগ আন্দোলনৰ এটা কাৰক উল্লেখ কৰা৷
উত্তৰ: অসহযোগ আন্দোলনৰ এটা কাৰক হ’ল— ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অৰ্থনৈতিক শোষণ৷
৫৫৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথম সৰ্ববৃহৎ আন্দোলন হিচাপে কোনটো আন্দোলন পৰিগণিত হৈছিল?
উত্তৰ: অসহযোগ আন্দোলন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথম সৰ্ববৃহৎ আন্দোলন হিচাপে পৰিগণিত হৈছিল৷
৫৬৷ কেতিয়া অসহযোগ আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল?
উত্তৰ: ১৯২০ চনৰ ১ আগষ্টত অসহযোগ আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷
৫৭৷ অসহযোগ আন্দোলনৰ সময়ছোৱাত কংগ্ৰেছে গঢ়ি তোলা দুটা জাতীয়া শি‍ক্ষানুষ্ঠানৰ নাম লিখা৷
উত্তৰ: অসহযোগ আন্দোলনৰ সময়ছোৱাত কংগ্ৰেছে গঢ়ি তোলা দুটা জাতীয়া শি‍ক্ষানুষ্ঠানৰ নাম হ’ল— কাশী বিদ্যপীঠ, বেনাৰস বিদ্যাপীঠ৷
৫৮৷ কাছাৰী ত্যাগ কৰা উকীলসকলৰ ভৰণ-পোষণৰ বাবে বছৰি এক লাখকৈ টকা দিয়াৰ কথা কোনে ঘোষণা কৰিছিল?
উত্তৰ: শেঠ যমনলাল বাজাজে কাছাৰী ত্যাগ কৰা উকীলসকলৰ ভৰণ-পোষণৰ বাবে বছৰি এক লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছিল৷
৫৯৷ অসহযোগ আন্দোলনৰ সময়ছোৱাত কংগ্ৰেছে কিমান স্বেচ্ছাসেৱক সদস্যভুক্ত কৰিছিল?
উত্তৰ: অসহযোগ আন্দোলনৰ সময়ছোৱাত কংগ্ৰেছে প্ৰায় ৪০,০০০ স্বেচ্ছাসেৱক সদস্যভুক্ত কৰিছিল৷
৬০৷ অসহযোগ আন্দোলনৰ সময়ছোৱাত স্থানীয় ৰাজহুৱা বিবাদবোৰ ক’ত মীমাংসা কৰা হৈছিল?
উত্তৰ: অসহযোগ আন্দোলনৰ সময়ছোৱাত স্থানীয় ৰাজহুৱা বিবাদবোৰ ৰাইজৰ আদালতত মীমাংসা কৰা হৈছিল৷
৬১৷ অসহযোগ আন্দোলনৰ এটা ইতিবাচক দিশ উল্লেখ‍ কৰা৷
উত্তৰ: অসহযোগ আন্দোলনৰ এটা ইতিবাচক দিশ হ’ল— এই আন্দোলনৰ ফলত হাতেৰে সূতা কটা আৰু তাঁতশিল্পৰ উন্নতি সাধন হৈছিল৷
৬২৷ অসহযোগ আন্দোলনৰ এটা নেতি‍বাচক দিশ উল্লেখ‍ কৰা৷
উত্তৰ: অসহযোগ আন্দোলনৰ এটা নেতি‍বাচক দিশ হ’ল— বিধানমণ্ডল, আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন৷
৬৩৷ চৌৰিচৌৰাৰ হিংসাত্মক ঘটনা কেতিয়া সংঘটিত হৈছিল?
উত্তৰ: ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰিত চৌৰিচৌৰাৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল৷
৬৪৷ কেতিয়া অসহযোগ আন্দোলনৰ অন্ত পৰিছিল?
উত্তৰ: ১৯২২ চনৰ ১২ ফেব্ৰুৱাৰিৰ দিনা অসহযোগ আন্দোলনৰ অন্ত পৰিছিল৷
৬৫৷ অসহযোগ আন্দোলনৰ পাছত গান্ধীয়ে কিমান দিন কাৰাবাস খাটিছিল?
উত্তৰ: অসহযোগ আন্দোলনৰ পাছত গান্ধীয়ে ৬ বছৰ কাৰাবাস খাটিছিল৷
৬৬৷ ভাৰত চৰকাৰ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল?
উত্তৰ: ভাৰত চৰকাৰ আইন ১৯১৯ চনত প্ৰণয়ন কৰা হৈছিল৷
৬৭৷ ছাইমন কমিছন কেতিয়া ভৰতলৈ আহিছিল?
উত্তৰ: ১৯২৮ চনত ছাইমন কমিছন ভৰতলৈ আহিছিল৷
৬৮৷ ছাইমন কমিছনত কেইজন সদস্য আছিল?
উত্তৰ: চাইমন কমিছনত সাতজন সদস্য আছিল৷
৬৯৷ কি ধ্বনিৰে কংগ্ৰেছে ছাইমন কমিছনৰ প্ৰতিবাদ কৰিছিল?
উত্তৰ: ‘Simon go back’ (ছাইমন ঘূৰি যোৱা) ধ্বনিৰে কংগ্ৰেছে ছাইমন কমিছনৰ প্ৰতিবাদ কৰিছিল৷
৭০৷ লালা লাজপত ৰায়ৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ: লাহোৰত ১৯২৮ চনত লালা লাজপত ৰায়ৰ নেতৃত্বত এক ছাইমনবিৰোধী সমদল ওলাইছিল৷ এই সমদলত অংশগ্রহণ কৰোঁতাসকলক পুলিচে বেয়াকৈ লাঠীচালনা কৰিছিল আৰু ইয়াৰ ফলত লালা লাজপত ৰায় বেয়াকৈ আহত হৈছিল৷ তাৰ ফলতেই ১৯২৮ চনৰ ১৭ নৱেম্বৰৰ দিনা লালা লাজপত ৰায়ৰ মৃত্যু হয়৷
৭১৷ ১৯২৯ চনত লাহোৰত হোৱা কংগ্ৰেছৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?
উত্তৰ: ১৯২৯ চনত লাহোৰত হোৱা কংগ্ৰেছৰ অধিৱেশনত জৱাহৰলাল নেহৰুৱে সভাপতিত্ব কৰিছিল৷
৭২৷ আইন অমন্য আন্দোলন  কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ: ১৯৩০ চনত আইন অমন্য আন্দোলন আৰম্ভ হৈছিল৷
৭৩৷ ছাইমন কমিছনৰ প্ৰধান উদ্দেশ্য কি আছিল?
উত্তৰ: ছাইমন কমিছনৰ প্ৰধান উদ্দেশ্য আছিল মণ্টেগো-ছেম্‌ছফৰ্ড সংস্কাৰ (১৯১৯) কিমান কৃতকাৰ্য হৈছিল, তাক অনুসন্ধান কৰা৷
৭৪৷ ছাইমন কমিছন কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ছাইমন কমিছন ১৯২৮ চনত গঠন কৰা হৈছিল৷
৭৫৷ ‘শ্বেতকায়সকলৰ কমিছন’ বুলি কিহক বুজোৱা হয়?
উত্তৰ: ‘শ্বেতকায়সকলৰ কমিছন’ বুলি ‘ছাইমন কমিছন’-ক বুজোৱা হয়
৭৬৷ কিয় ছাইমন কমিছনক ‘শ্বেতকায়সকলৰ কমিছন’ বুলি ভাৰতীয়সকলে অভিহিত কৰিছিল?
উত্তৰ: ছাইমন কমিছনত কেৱল ব্ৰিটিছ সংসদৰ সদস্যকহে অন্তৰ্ভুক্ত কৰা হৈছিল বাবে ‘শ্বেতকায়সকলৰ কমিছন’ বুলি ভাৰতীয়সকলে অভিহিত কৰিছিল৷
৭৭৷ ছাইমন কমিছনৰ প্ৰতিবাদস্বৰূপে কেতিয়া বংগদেশত হৰতাল আৰম্ভ হৈছিল?
উত্তৰ: ছাইমন কমিছনৰ প্ৰতিবাদস্বৰূপে ১৯২৮ চনৰ ৩ ফেব্ৰুৱাৰিত বংগদেশত হৰতাল আৰম্ভ হৈছিল৷
৭৮৷ আইন অমান্য আন্দোলনৰ সময়ছোৱাত ভাৰতৰ ভাইচ্‌ৰয় কোন আছিল?
উত্তৰ: আইন অমান্য আন্দোলনৰ সময়ছোৱাত ভাৰতৰ ভাইচ্‌ৰয় আছিল লৰ্ড আৰৱিন৷
৭৯৷ ১৯২৮ চনত কলিকতাত বহা কংগ্ৰেছ অধিৱেশনে ব্ৰিটিছ চৰকাৰক কি সকীয়নি দিছিল?
উত্তৰ: ১৯২৮ চনত কলিকতাত বহা কংগ্ৰেছ অধিৱেশনে ব্ৰিটিছ চৰকাৰক এই সকীয়নি দিয়া হৈছিল যে যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয়, তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ’ব৷
৮০৷ ১৯৩০ চনৰ ২৬ জানুৱাৰিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত কি দিৱস হিচাপে পালন কৰা হৈছিল?
উত্তৰ: ১৯৩০ চনৰ ২৬ জানুৱাৰিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত পূৰ্ণ স্বৰাজ দিৱস হিচাপে পালন কৰা হৈছিল৷
৮১৷ গান্ধী-আৰৱিন চুক্তিৰ যিকোনো এটা চৰ্ত উল্লেখ কৰা৷
উত্তৰ: গান্ধী-আৰৱিন চুক্তিৰ এটা চৰ্ত হ’ল— মাটিৰ খাজনাৰ পৰিমাণ কম কৰা৷
৮২৷ গান্ধীয়ে ভাইচ্‌ৰয় আৰৱিনলৈ প্ৰেৰণ কৰা পত্ৰখনত মুঠ কেইটা দাবী অন্তৰ্ভুক্ত হৈছিল?
উত্তৰ: গান্ধীয়ে ভাইচ্‌ৰয় আৰৱিনলৈ প্ৰেৰণ কৰা পত্ৰখনত মুঠ ১১ টা দাবী অন্তৰ্ভুক্ত হৈছিল৷
৮৩৷ আইন অমান্য আন্দোলনৰ আৰম্ভণি কিহৰ জৰিয়তে হৈছিল?
উত্তৰ: গান্ধীৰ লোণ সত্যাগ্ৰহ বা দাণ্ডি যাত্ৰাৰ জৰিয়তে আইন অমান্য আন্দোলনৰ আৰম্ভণি হৈছিল৷
৮৪৷ দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ: ১৯৩০ চনৰ ১২ মাৰ্চত দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল৷
৮৫৷ সবৰমতী আশ্রম কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: মহাত্মা গান্ধীয়ে সবৰমতী আশ্রম প্ৰতিষ্ঠা কৰিছিল৷
৮৬৷ দাণ্ডি যাত্ৰাৰ বাবে মুঠ কি‍মান দিনৰ প্ৰয়োজন হৈছিল?
উত্তৰ: দাণ্ডি যাত্ৰাৰ বাবে মুঠ ২৫ দিনৰ প্ৰয়োজন হৈছিল৷
৮৭৷ সবৰমতী আশ্রম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান?
উত্তৰ: সবৰমতী আশ্রম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব ৩৮৫ কিল’মিটাৰ৷
৮৮৷ মহাত্মা গান্ধী আৰু তেওঁৰ অনুগামীসকল দাণ্ডিত উপস্থিত হোৱা দিনটো উল্লেখ কৰা৷
উত্তৰ: মহাত্মা গান্ধী আৰু তেওঁৰ অনুগামীসকল দাণ্ডিত উপস্থিত হোৱা দিনটো হ’ল ১৯৩০ চনৰ ৬ এপ্ৰিল৷
৮৯৷ সীমান্ত গান্ধী নামে কাক জনা যায়?
উত্তৰ: সীমান্ত গান্ধী নামে খান আব্দুল গফুৰ খানক জনা যায়৷
৯০৷ প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ: ১৯৩০ চনৰ নৱেম্বৰ মাহত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল৷
৯১৷ ‘খুদাই খিট্‌মদগাৰছ’ মানে ক‍ি?
উত্তৰ: ‘খুদাই খিট্‌মদগাৰছ’ মানে ‘ঈশ্বৰৰ সেৱক’৷
৯২৷ কংগ্ৰেছে কিয় প্ৰথম ঘূৰণীয়া মেজমেল বৰ্জন কৰিছিল?
উত্তৰ: ভাৰতত আইন অমান্য আন্দোলন চলি থকা বাবে‍ কংগ্ৰেছে প্ৰথমখন ঘূৰণীয়া মেজমেল বৰ্জন কৰিছিল৷
৯৩৷ গান্ধী-আৰৱিন চুক্তি কেতিয়া সম্পন্ন হৈছিল?
উত্তৰ: ১৯৩১ চনৰ ৫ মাৰ্চত গান্ধী-আৰৱিন চুক্তি সম্পন্ন হৈছিল৷
৯৪৷ কোন চুক্তি অনুসৰি ভাৰতৰ সাগৰৰ পাৰৰ গাঁওবাসীয়ে প্ৰয়োজনীয় নিমখ তৈয়াৰ কৰাৰ অনুমতি পাইছিল?
উত্তৰ: গান্ধী-আৰৱিন চুক্তি অনুসৰি ভাৰতৰ সাগৰৰ পাৰৰ গাঁওবাসীয়ে প্ৰয়োজনীয় নিমখ তৈয়াৰ কৰাৰ অনুমতি পাইছিল৷
৯৫৷ দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ: ১৯৩১ চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল৷
৯৬৷ দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি কোন আছিল?
উত্তৰ: দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি আছিল মহাত্মা গান্ধী৷
৯৭৷ আইন অমান্য আন্দোলনৰ কাৰ্যসূচী প্ৰথমবাৰৰ বাবে কেতিয়া প্ৰত্যাহাৰ কৰা হৈছিল?
উত্তৰ: ১৯৩১ চনত গান্ধী-আৰৱিন চুক্তি সম্পাদন হোৱাৰ পাছত আইন অমান্য আন্দোলনৰ কাৰ্যসূচী প্ৰথমবাৰৰ বাবে প্ৰত্যাহাৰ কৰা হৈছিল৷
৯৮৷ আইন অমান্য আন্দোলন দ্বিতীয়বাৰৰ বাবে কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ: ১৯৩২ চনৰ ৪ জানুৱাৰিত আইন অমান্য আন্দোলন দ্বিতীয়বাৰৰ বাবে আৰম্ভ হৈছিল৷
৯৯৷ মণ্টেগো-ছেম্‌ছফৰ্ড সংস্কাৰ কেতিয়া সম্পন্ন হৈছিল?
উত্তৰ: ১৯১৯ চনত মণ্টেগো-ছেম্‌ছফৰ্ড সংস্কাৰ সম্পন্ন হৈছিল৷
১০০৷ কেতিয়া আইন অমান্য আন্দোলন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈ‍ছিল?
উত্তৰ: ১৯৩৪ চনৰ মে’ মাহত আইন অমান্য আন্দোলন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈ‍ছিল৷
১০১৷ কোনজন ব্ৰিটিছ প্ৰধান মন্ত্ৰীয়ে  সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰি‍ছিল?
‍উত্তৰ: ব্ৰিটিছ প্ৰধান মন্ত্ৰী ৰামছে মেক্‌ড’নাল্ডে  সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰি‍ছিল৷
১০২৷ সাম্প্ৰদায়িক বাটোৱাৰাৰ মূল নীতি কি আছিল?
উত্তৰ: সাম্প্ৰদায়িক বাটোৱাৰাৰ মূল নীতি আছিল ‘বিভাজন আৰু শাসন’৷
১০৩৷ সাম্প্ৰদায়িক বাটোৱাৰা নীতি কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ: সাম্প্ৰদায়িক বাটোৱাৰা নীতি ১৯৩২ চনৰ ১৭ আগষ্টত প্ৰৱৰ্তন কৰা হৈছিল৷
১০৪৷ কোনখন চুক্তিৰ জৰিয়তে ব্ৰিটিছে বাটোৱাৰা নীতি সংশোধন কৰিবলৈ সন্মত হৈছিল?
উত্তৰ: পুনে চুক্তি (১৯৩২)-ৰ জৰিয়তে ব্ৰিটিছে বাটোৱাৰা নীতি সংশোধন কৰিবলৈ সন্মত হৈছিল৷
১০৫৷ হৰিজন সেৱক সংঘ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: মহাত্মা গান্ধীয়ে হৰিজন সেৱক সংঘ প্ৰতিষ্ঠা কৰিছিল৷
১০৬৷ ব্ৰিটিছে কেতিয়া ভাৰতক প্ৰাদেশিক স্বায়ত্ত শাসন প্ৰদান কৰে?
উত্তৰ: ১৩৩৫ চনত ব্ৰিটিছে ভাৰতক প্ৰাদেশিক স্বায়ত্ত শাসন প্ৰদান কৰে৷
১০৭৷ প্ৰাদেশিক স্বায়ত্ত শাসনৰ বাবে ব্ৰিটিছ-ভাৰতত মুঠ কেইখন প্ৰদে‍শ আছিল?
উত্তৰ: প্ৰাদেশিক স্বায়ত্ত শাসনৰ বাবে ব্ৰিটিছ-ভাৰতত মুঠ ১১ খন প্ৰদে‍শ আছিল৷
১০৮৷ কংগ্ৰেছ মন্ত্ৰীসভাই কেতিয়া পদত্যাগ কৰিছিল?
উত্তৰ: কংগ্ৰেছ মন্ত্ৰীসভাই ১৯৩৯ চনৰ ১ নৱেম্বৰত পদত্যাগ কৰিছিল৷
১০৯৷ ভাৰত চৰকাৰ আইন কেতিয়া প্ৰণয়ন কৰা হয়?
উত্তৰ: ১৯৩৫ চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰা হয়৷
১১০৷‍ কংগ্ৰেছ মন্ত্ৰীসভাই কিয় পদত্যাগ কৰিছিল?
উত্তৰ: কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় বিধান পৰিষদৰ সদস্যসকলৰ লগত আলোচনা নকৰাকৈ ভাৰত চৰকাৰে জাৰ্মানিৰ বিপক্ষে ভাৰত‍েও যুদ্ধত অংশগ্ৰহণ কৰা বুলি ঘোষণা কৰে৷ কিন্তু ভাৰতক স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিলেহে যুদ্ধত চৰকাৰৰ লগত যুক্ত হোৱাৰ কথা কংগ্ৰেছে প্ৰকাশ কৰে৷ কিন্তু চৰকাৰে এই কথা মানি নোলোৱাত কংগ্ৰেছ মন্ত্ৰীসভাই পদত্যাগ কৰে৷
১১১৷ মুছলীম লিগে কেতিয়া মুক্তি দিৱস পালন কৰিছিল?
উত্তৰ: ১৯৪৯ চনৰ ২২ ডিচেম্বৰত মুছলীম লিগে মুক্তি দিৱস পালন কৰিছিল৷
১১২৷ কেতিয়া পাকিস্তান ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰা হৈছিল?
উত্তৰ: ১৯৮০ চনৰ মাৰ্চ মাহত হোৱা মুছলিম লিগৰ লাহোৰ অধিৱেশনত পাকিস্তান ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰা হৈছিল৷
১১৩৷ দ্বিজাতি তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোনে বক্তৃতা আগ বঢ়াইছিল?
উত্তৰ: দ্বিজাতি তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি মহম্মদ আলী জিন্নাই বক্তৃতা আগ বঢ়াইছিল৷
১১৪৷ মুছলমানসকলৰ বাবে সুকীয়া গৃহভূমিৰ প্ৰস্তাৱত ব্ৰিটিছে কিয় উৎসাহ যোগাইছিল?
উত্তৰ: ভাৰতৰ স্বাধীনতা আন্দোলনক দুৰ্বল কৰি তুলিবৰ বাবেই ব্ৰিটিছে মুছলমানসকলৰ বাবে সুকীয়া গৃহভূমিৰ প্ৰস্তাৱত উৎসাহ যোগাইছিল৷
১১৫৷ আগষ্ট প্ৰস্তাৱ কেতিয়া ঘোষণা কৰা হৈছিল?
উত্তৰ: ১৯৪০ চনৰ আগষ্ট মাহত আগষ্ট প্ৰস্তাৱ ঘোষণা কৰা হৈছিল৷
১১৬৷ কংগ্ৰেছ আৰু মুছলিম লিগে কিয় আগষ্ট প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল?
উত্তৰ: আগষ্ট প্ৰস্তাৱত ভাৰতৰ স্বাধীনতা প্ৰদানৰ বিষয়টোক লৈ কোনো কথা উল্লেখ নথকাত কংগ্ৰেছ আৰু মুছলিম লিগে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল৷
১১৭৷ ব্যক্তিগত সত্যাগ্ৰহ কাৰ্যসূচী কেতিয়া পালন কৰা হৈছিল?
উত্তৰ: ১৯৪০ চনৰ অক্টোবৰ মাহত ব্যক্তিগত সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰা হৈছিল৷
১১৮৷ কিয় ব্যক্তিগত সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল?
উত্তৰ: আগষ্ট প্ৰস্তাৱত ভাৰতৰ স্বাধীনতা প্ৰদানৰ বিষয়টোক লৈ কোনো কথা উল্লেখ নথকা বাবে কংগ্ৰেছে ব্যক্তিগত সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰিছিল৷
১১৯৷ ব্যক্তিগত সত্যাগ্ৰহক আৰু কি নামেৰে জনা যায়?
উত্তৰ: ব্যক্তিগত সত্যাগ্ৰহক ‘দিল্লীলৈ ব’লক (দিল্লী চলো) সত্যাগ্ৰহ’ নামেৰেও জনা যায়৷
১২০৷ ব্যক্তিগত সত্যাগ্ৰহৰ বাবে গ্ৰেপ্তাৰ হোৱা প্ৰথমজন সত্যাগ্ৰহী কোন আছিল?
উত্তৰ: ব্যক্তিগত সত্যাগ্ৰহৰ বাবে গ্ৰেপ্তাৰ হোৱা প্ৰথমজন সত্যাগ্ৰহী আছিল আচাৰ্য বিনোৱা ভাবে‍৷
১২১৷ ক্ৰিপ্‌ছ মিছন কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৯৪২ চনত ক্ৰিপ্‌ছ মিছন গঠন কৰা হৈছিল৷
১২২৷ স্ব-শাসিত ভাৰত যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ কোনে আগ বঢ়াইছিল?
উত্তৰ: স্ব-শাসিত ভাৰত যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ ষ্টেনফ’ৰ্ড ক্ৰিপ্‌ছে আগ বঢ়াইছিল৷
১২৩৷ কংগ্ৰেছ আৰু মুছলিম লিগে কিয় স্ব-শাসিত ভাৰত যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল?
উত্তৰ: তৎকালীন ক্ষমতা হস্তান্তৰৰ বাবে কোনো প্ৰস্তাৱ নিদিয়া বাবে কংগ্ৰেছ আৰু মুছলিম লিগে স্ব-শাসিত ভাৰত যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল৷
১২৪৷ ‘এটা দেওলীয়া বেংকৰ এখন দিন ওকলা চেক’ বুলি কিহক কোৱা হৈছিল?
উত্তৰ: আগষ্ট প্ৰস্তাৱক ‘এটা দেওলীয়া বেংকৰ এখন দিন ওকলা চেক’ বুলি কোৱা হৈছিল৷
১২৫৷ দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি কেতিয়া হৈছিল?
উত্তৰ: ১৯৩৯ চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল৷
১২৬৷ গান্ধী আৰু নেহৰুৱে কি চৰ্তসাপেক্ষে দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছক সহায় কৰাৰ প্ৰতি‍শ্রুতি দিছিল?
উত্তৰ: পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ চৰ্তসাপেক্ষে গান্ধী আৰু নেহৰুৱে দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছক সহায় কৰাৰ প্ৰতি‍শ্রুতি দিছিল৷
১২৭৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী কোন আছিল?
উত্তৰ: দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী আছিল ৱিন্‌ষ্টন ছাৰ্ছিল৷
১২৮৷ ছাৰ ষ্টেন্‌ফ’ৰ্ড ক্ৰিপ্‌ছক কিয় ভাৰতলৈ পঠিওৱা হৈছিল?
উত্তৰ: ছাৰ ষ্টেন্‌ফ’ৰ্ড ক্ৰিপ্‌ছক কিয় ভাৰতলৈ পঠিওৱা হৈছিল৷
১২৯৷ ছাৰ ষ্টেনফ’ৰ্ড ক্ৰিপ্‌ছে ভাৰতৰ প্ৰতি কি প্ৰস্তাৱ আগ বঢ়াইছিল?
উত্তৰ: ছাৰ ষ্টেনফ’ৰ্ড ক্ৰিপ্‌ছে ভাৰতৰ ৰাজনৈতিক দলসমূহৰ লগত আলোচনা কৰি য়ুৰোপত চলি থকা যুদ্ধত ভাৰতীয়সকলৰ পৰা সহায়ৰ আৰু সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে ভাৰতীয়সকলক আশ্বস্ত কৰিবৰ বাবে যুদ্ধৰ পাছতে ভাৰতত ডমিনিয়ন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ বাবে পৃথক অধিকাৰ প্ৰদান কৰা হ’ব বুলি প্ৰস্তাৱ আগ বঢ়াইছিল৷
১৩০৷ ব্ৰিটিছৰ বিৰোদ্ধে ভাৰতৰ তৃতীয় বৃহৎ আন্দোলন হিচাপে কোনটো আন্দোলনক জনা যায়?
উত্তৰ: ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ তৃতীয় বৃহৎ আন্দোলন হিচাপে ভাৰত ত্যাগ আন্দোলনক জনা যায়৷
১৩১৷ ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কেতিয়া হৈছিল?
উত্তৰ: ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কেতিয়া হৈছিল
১৩২৷ ভাৰত ত্যাগ আন্দোলনক আৰু কি নামেৰে জনা যায়?
উত্তৰ: ভাৰত ত্যাগ আন্দোলনক ‘আগষ্ট বিপ্লৱ’ নামেৰেও জনা যায়৷
১৩৩৷ আগষ্ট বিপ্লৱ বুলি কোনটো আন্দোলনক কোৱা হয়?
উত্তৰ: আগষ্ট বিপ্লৱ বুলি ভাৰত ত্যাগ আন্দোলনক কোৱা হয়৷
১৩৪৷ আগষ্ট ক্ৰান্তি মৈদান বুলি কোনখন ঠাইক কোৱা হয়?
উত্তৰ: বোম্বাইৰ গোৱালিয়া টেংকক আগষ্ট ক্ৰান্তি মৈদান বুলি কোৱা হয়৷
১৩৫৷ কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে কৰিম কিম্বা মৰিম শ্ল’গান দিছিল?
উত্তৰ: ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে কৰিম কিম্বা মৰিম শ্ল’গান দিছিল৷
১৩৬৷ সুভাষ চন্দ্ৰ বসু কেইবাৰৰ বাবে কংগ্ৰেছৰ সভপতি হিচাপে নিৰ্বাচিত হৈছিল?
উত্তৰ: সুভাষ চন্দ্ৰ বসু দুবাৰৰ বাবে কংগ্ৰেছৰ সভপতি হিচাপে নিৰ্বাচিত হৈছিল৷
১৩৭৷ কেতিয়া সুভাষ চন্দ্ৰ বসুক ব্ৰিটিছে গৃহবন্দী কৰিছিল?
উত্তৰ: ১৯৪১ চনত ব্ৰিটিছে সুভাষ চন্দ্ৰ বসুক গৃহবন্দী কৰিছিল৷
১৩৮৷ কাৰ সহযোগত সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজৰ পুনৰ্গঠন কৰিছিল?
উত্তৰ: ৰাসবিহাৰী বসুৰ সহযোগত সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজৰ পুনৰ্গঠন কৰিছিল৷
১৩৯৷ কোনে পোনপ্ৰথমে ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো পোষণ কৰিছিল?
উত্তৰ: কেপ্টেইন মোহন সিঙে ‍পোনপ্ৰথমে ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো পোষণ কৰিছিল৷
১৪০৷ ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন?
উত্তৰ: ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজৰ জন্মদাতা কেপ্টেইন মোহন সিং৷
১৪১৷ ভাৰতীয় স্বতন্ত্ৰ লিগ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৯৪২ চনৰ মাৰ্চ মাহত ভাৰতীয় স্বতন্ত্ৰ লিগ গঠন কৰা হৈছিল৷
১৪২৷ ভাৰতীয় স্বতন্ত্ৰ লিগৰ বেংকক অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ: ১৯৪২ চনৰ জুন মাহত ভাৰতীয় স্বতন্ত্ৰ লিগৰ বেংকক অধিৱেশন অনুষ্ঠিত হৈছিল৷
১৪৩৷ ভাৰতীয় স্বতন্ত্ৰ লিগৰ বেংকক অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?
উত্তৰ: ভাৰতীয় স্বতন্ত্ৰ লিগৰ বেংকক অধিৱেশনত ৰাসবিহাৰী বসুৱে সভাপতিত্ব কৰিছিল৷
৪৪৷ আই এন এ (INA)-ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: আই এন এ (INA)-ৰ সম্পূৰ্ণ নাম— ভাৰতীয় জাতীয় সেনা বাহিনী (Indian National Army)৷
১৪৫৷ কেতিয়া সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় স্বতন্ত্ৰ লিগৰ সভাপতিপ পদ গ্ৰহণ কৰিছিল?
উত্তৰ: সুভাষ চন্দ্ৰ বসুৱে ১৯৪২ চনত ভাৰতীয় স্বতন্ত্ৰ লিগৰ সভাপতিপ পদ গ্ৰহণ কৰিছিল৷
১৪৬৷ ভৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্ল’গান কি আছিল?
উত্তৰ: ভৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্ল’গান আছিল— জয় হিন্দ৷
১৪৭৷ সুভাষ চন্দ্ৰ বসুৱে স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ কেতিয়া গঠন কৰিছিল?
উত্তৰ: ১৯৪৩ চনৰ ২১ অক্টোবৰত সুভাষ চন্দ্ৰ বসুৱে স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ গঠন কৰিছিল৷
১৪৮৷ সুভাষ চন্দ্ৰ বসুৱে স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ ক’ত গঠন কৰিছিল?
উত্তৰ: সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ গঠন কৰিছিল৷
১৪৯৷ সুভাষ চন্দ্ৰ বসুৱে গঠন কৰা স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰক কি নামেৰে জনা যায়?
উত্তৰ: সুভাষ চন্দ্ৰ বসুৱে গঠন কৰা স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰক ‘আজাদ হিন্দ চৰকাৰ’ নামেৰে জনা যায়৷
১৫০৷ কাৰ সহযোগত ভাৰতীয় জাতীয় সেনা বাহিনীয়ে ব্ৰিটিছ আৰু ব্ৰিটিছৰ সহযোগী সেনাৰ বিপক্ষে যুদ্ধ কৰিছিল?
উত্তৰ: জাপানৰ সহযোগত ভাৰতীয় জাতীয় সেনা বাহিনীয়ে ব্ৰিটিছ আৰু ব্ৰিটিছৰ সহযোগী সেনাৰ বিপক্ষে যুদ্ধ কৰিছিল
১৫১৷ ভাৰতীয় জাতীয় সেনা বাহিনীৰ মহিলা বাহিনীটোৰ নাম কি আছিল?
উত্তৰ: ভাৰতীয় জাতীয় সেনা বাহিনীৰ মহিলা বাহিনীটোৰ নাম ‘ঝান্সী ৰাণী ৰেজিমেণ্ট’৷
১৫২৷ ‘‘মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম’’—এই বিখ্যাত উক্তিটো কাৰ?
উত্তৰ: ‘‘মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম’’—এই বিখ্যাত উক্তিটো সুভাষ চন্দ্ৰ বসুৰ৷
১৫৩৷ ১৯৪৬ চনত ইংলেণ্ডত কোন দলে চৰকাৰ গঠন কৰে?
উত্তৰ: ১৯৪৬ চনত ইংলেণ্ডত শ্ৰমিক দলে চৰকাৰ গঠন কৰে৷
১৫৪৷ ১৯৪৬ চনত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী কোন আছিল?
উত্তৰ: ১৯৪৬ চনত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী আছিল মিষ্টাৰ ক্লিমেণ্ট এট্‌লি৷
১৫৫৷ ভাৰতলৈ কেতিয়া কেবিনেট মিছন পঠিওৱা হৈছিল?
উত্তৰ: ১৯৪৬ চনত ভাৰতলৈ কেবিনেট মিছন পঠিওৱা হৈছিল৷
১৫৬৷ কেবিনেট মিছন ভাৰতলৈ কোনে পঠিয়াইছিল?
উত্তৰ: ১৯৪৬ চনত তদানীন্তন ব্ৰিটিছ প্ৰধান মন্ত্ৰী মি: ক্লিমেণ্ট এট্‌লিয়ে‍ ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল৷
১৫৭৷ কেবিনেট মিছনৰ উদ্দেশ্য কি আছিল?
উত্তৰ: কেবিনেট মিছনৰ উদ্দেশ্য আছিল— ভাৰতত সৃষ্টি হোৱা অচলাৱস্থা দূৰ কৰি ভাৰতক স্বাধীনতা প্ৰদান কৰা৷
১৫৮৷ এট্‌লি মন্ত্ৰীসভাৰ কোন কোন সদস্য কেবিনেট মিছনৰ সদস্য হিচাপে আছিল?
উত্তৰ: এট্‌লি মন্ত্ৰীসভাৰ তিনিজন সদস্য ক্ৰমে ছাৰ ষ্টেফ’ৰ্ড ক্ৰিপ্‌ছ, লৰ্ড পেথিক লৰেন্স আৰু এ.ভি. আলেকজেণ্ডাৰ কেবিনেট মিছনৰ সদস্য হিচাপে আছিল৷
১৫৯৷ মুছলি‍ম লিগে কেতিয়া প্ৰত্যক্ষ দাবী দিৱস পালন কৰিছিল?
উত্তৰ: ১৯৪৬ চনৰ ১৬ আগষ্টত মুছলি‍ম লিগে প্ৰত্যক্ষ দাবী দিৱস পালন কৰিছিল৷
১৬০৷ মুছলিম লিগে প্ৰত্যক্ষ দাবী দিৱস কিয় পালন কৰিছিল?
উত্তৰ: মুছলমানসকলৰ বাবে সুকীয়া গৃহভূমি হিচাপে পাকিস্তানক সাকাৰ ৰূপত পোৱাৰ দাবীত মুছলি‍ম লিগে প্ৰত্যক্ষ দাবী দিৱস পালন কৰিছিল৷
১৬১৷ লৰ্ড মাউণ্ট বেটেন কেতিয়া ভাৰতৰ ভাইচ্‌ৰয় হৈছিল?
উত্তৰ: ১৯৪৭ চনৰ মাৰ্চ মাহত লৰ্ড মাউণ্ট বেটেন ভাৰতৰ ভাইচ্‌ৰয় হৈছিল৷
১৬২৷ কেতিয়া ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইনৰ অনুমোদন জনায়?
উত্তৰ: ১৯৪৭ চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইনৰ অনুমোদন জনায়৷
১৬৩৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত ভাৰতত ব্ৰিটিছ ভাইচ্‌ৰয় কোন আছিল?
উত্তৰ: ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত ভাৰতত ব্ৰিটিছ ভাইচ্‌ৰয় আছিল লৰ্ড মাউণ্টবেটেন৷
১৬৪৷ কেতিয়া ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল?
উত্তৰ: ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল৷
১৬৫৷ স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্নৰ জেনেৰেল কোন আছিল?
উত্তৰ: স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্নৰ জেনেৰেল আছিল লৰ্ড মাউণ্টবেটেন৷
১৬৬৷ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী কোন আছিল?
উত্তৰ: স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী আছিল জৱাহৰলাল নেহৰু৷
১৬৭৷ স্বাধীন পাকিস্তানৰ প্ৰথম গৱৰ্নৰ জেনেৰেল কোন আছিল?
উত্তৰ: স্বাধীন পাকিস্তানৰ প্ৰথম গৱৰ্নৰ জেনেৰেল আছিল মহম্মদ আলী জিন্না৷
১৬৮৷ ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা কেতিয়া আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল?
উত্তৰ: ১৯৪৭ চনৰ ১৭ আগষ্টত ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হৈছিল৷
১৬৯৷ ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়?
উত্তৰ: ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেডক্লিফ ৰেখা নামেৰে জনা যায়৷
১৭০৷ কেতিয়া বাংলাদেশে স্বাধীনতা লাভ কৰে?
উত্তৰ: ১৯৭১ চনৰ মাৰ্চ মাহত বাংলাদেশে স্বাধীনতা লাভ কৰে৷
১৭১৷ ভাৰত আৰু বাংলাদেশৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়?
উত্তৰ: ভাৰত আৰু বাংলাদেশৰ মাজৰ সীমাৰেখাক ৰেডক্লিফ ৰেখা নামেৰে জনা যায়
১৭২৷ বাংলাদেশক পূৰ্বতে কি নামেৰে জনা গৈছিল?
উত্তৰ: বাংলাদেশক পূৰ্বতে পূব পাকিস্তান নামেৰে জনা গৈছিল৷
১৭৩৷ মহাত্মা গান্ধীয়ে ‘কাইজাৰ ই হিন্দ’ স্বৰ্ণ পদক কিহৰ বাবে লাভ কৰিছিল?
উত্তৰ: দ্বিতীয় বুৱাৰ যুদ্ধত আগ বঢ়োৱা অৱদানৰ বাবে মহাত্মা গান্ধীয়ে ‘কাইজাৰ ই হিন্দ’ স্বৰ্ণ পদক লাভ কৰিছিল৷
১৭৪৷ মহাত্মা গান্ধীয়ে ‘কাইজাৰ ই হিন্দ’ স্বৰ্ণ পদক কিয় ঘূৰাই দিছিল?
উত্তৰ: জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাবস্বৰূপে মহাত্মা গান্ধীয়ে ‘কাইজাৰ ই হিন্দ’ স্বৰ্ণ পদক ঘূৰাই দিছিল৷
১৭৫৷ মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল?

উত্তৰ: নাথুৰাম গডচেই মহাত্মা গান্ধীক হত্যা কৰিছিল৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ