মুদ্ৰা আৰু বেংক ব্যৱস্থা, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী)— দীঘল প্ৰশ্নোত্তৰ



১৷ বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা।

উত্তৰ: বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা হ’ল—
ক) অভাৱৰ সংগতিহীনতা: বিনিময় প্ৰথাত বিনিময় কৰোঁতাসকলৰ মাজত অভাৱৰ সংগতি থকাটো প্ৰয়োজন৷ অৰ্থাৎ পৰস্পৰৰ মাজত বিনিময় হ’বলগীয়া বস্তুকেইটাৰ অভাৱ থকাটো প্ৰয়োজন৷ উদাহৰণস্বৰূপে— যদি এজন ব্যক্তিয়ে কুঁহিয়াৰ উৎপাদন কৰে, কিন্তু ধান উৎপাদন নকৰে; গতিকে ধানৰ অভাৱ পূৰণ কৰিবলৈ তেওঁ ধান উৎপাদনকাৰী আন এজন ব্যক্তিৰ লগত কুঁহিয়াৰৰ সলনি ধান বিনিময় কৰিব লাগিব৷ কিন্তু এই বিনিময় তেতিয়াহে সম্ভৱ হ’ব, যদিহে ধান উৎপাদকাৰী ব্যক্তিজনক কুঁহিয়াৰৰ প্ৰয়োজন হয়৷ অন্যথা এই বিনিময় সম্ভৱ নহ’ব৷ এনেদৰে সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত অসুবিধাৰ সৃষ্টি কৰিছিল৷    
(খ) হিচাপ-নিকাচৰ উমৈহতীয়া একক অভাৱ: পণ্য বিনিময় প্রথাত দ্রব্যৰ মূল্য নিৰ্ণয়ৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। বিনিময়ৰ ক্ষেত্ৰত বিভিন্ন সামগ্ৰীৰ মূল্য অন্য সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিবলগীয়া হয়; মূল্য নিৰ্ধাৰণৰ কোনো উমৈহতীয়া একক নাথাকে। অৰ্থাৎ বিনিময় প্রথাত এটা বস্তুৰ কিমান পৰিমাণৰ বিপৰীতে আনটো বস্তুৰ কিমান পৰিমাণ সংগ্ৰহ কৰা হ’ব তাৰ কোনো নিৰ্দিষ্ট মাপ-কাঠী নাথাকে।
(গ) বিভাজনীয়তাৰ অসুবিধা: কিছুমান সামগ্ৰী সৰু সৰু অংশত ভাগ কৰিব নোৱাৰি‍। উদাহৰণস্বৰূপে হাতী৷ সেয়ে কম পৰিমাণৰ চাউল বা আন তেনে বস্তুৰ লগত হাতী এটাক সৰু সৰুকৈ ভাগ কৰি বিনিময় কৰিব নোৱাৰি। এনেদৰ‍ে অবিভাজনীয়তাই বিনিময় প্ৰথাত অসুবিধাৰ সৃষ্টি কৰে‍৷
(ঘ) মূল্য ভাণ্ডাৰৰ অভাৱ: বিনিময় ব্যৱস্থাত যিবোৰ সামগ্ৰী বিনিময় কৰা হয়, সেইবোৰ সা-সামগ্ৰী বেছি দিনলৈ সঞ্চয় কৰি ৰাখিব নোৱাৰি; এটা সময়ত এইবোৰ নষ্ট হৈ‍ যাব৷ বিনিময় প্রথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰি ৰাখিব লাগি‍ব৷ কিন্তু সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰি ৰখাটো সুবিধাজনক নহয়৷

২। মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য ব্যাখ্যা কৰা।
উত্তৰ: মুদ্ৰাৰ চাৰিটা প্রধান বৈশিষ্ট্য হ’ল
(ক) মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব নহ’লে ই বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে।
(খ) মুদ্ৰা সহজে চিনাক্তকৰণ কৰিব পৰা হ’ব লাগিব। আন সকলো সামগ্ৰীতকৈ ই বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ’লে সামগ্ৰী ক্ৰয়-বিক্ৰয়ত জটিলতাই দেখা দিব।
(গ) সহজতে নষ্ট হৈ যোৱা সামগ্ৰী মুদ্ৰা হ’ব নোৱাৰে। মাছ, কণী, গাখীৰ, শাক-পাচলি আদি মুদ্ৰা হ’ব নোৱাৰে। কাৰণ এইবোৰ সামগ্ৰী বেছিদিনলৈ সঞ্চয় কৰি ৰাখিব নোৱাৰি। সঞ্চয়ৰ ভাণ্ডাৰ হ’বলৈ হ’লে মুদ্ৰা বেছি দিনলৈ টিকিব লাগিব৷
(ঘ) মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ’ব লাগিব। অৰ্থাৎ একে ধৰণৰ মুদ্ৰাবোৰৰ আকাৰ সমান আৰু একে হ’ব লাগিব।

৩। মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা।
উত্তৰ: মুদ্ৰাৰ প্ৰধান কাৰ্যাৱলী তলত আলোচনা কৰা হ’ল
(ক) বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে: বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হয়৷ কিন্তু মুদ্ৰা ব্যৱস্থাত সকলো সামগ্ৰী বা সেৱাৰ বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰা ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ যোগেদি বজাৰত ক্ৰেতা আৰু বিক্ৰেতাই বস্তুৰ বিনিময় সম্পন্ন কৰে। ক্ৰেতা এজনে এক নিৰ্দিষ্ট পৰিমাণৰ মুদ্ৰা প্ৰদান কৰি এক নিৰ্দিষ্ট পৰিমাণৰ দ্রব্য সংগ্ৰহ কৰে।
(খ) সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠী হিচাপে কাৰ্য সম্পাদন কৰে: মুক্ত সামগ্ৰীসমূহৰ বাদে যিবোৰ সামগ্ৰীৰ কিনা-বেচা হয়, সেইবিলাকৰ প্ৰত্যেকৰে একো এক‍োটা আৰ্থিক মূল্য আছে৷ মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মূল্যই হৈছে সামগ্ৰীটোৰ দাম৷ এনেদৰে মুদ্ৰাই সা-সামগ্ৰীসমূহৰ মূল্যৰ মাপকাঠী হিচাপে কাম কৰে৷
(গ) স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে: কিছুমান সম্পদ কিনা-বেচা কৰাৰ সময়ত লগে লগে মূল্য পৰিশোধ কৰা নহয়৷ ঠিক তেনেদৰে ঋণ গ্ৰহণ কৰোঁতাই ঋণদাতাক ঋণ পৰিশোধ কৰোঁতেও সময় লাগে৷ এনদেৰে স্থগিত হোৱা সকলো দেনা-পাওনাৰ হিচাপ মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰা হয়৷
(ঘ) মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে: অন্যান্য সামগ্ৰীৰ দৰে মুদ্ৰা সহজে নষ্ট নহয়। মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু প্ৰয়োজন সাপেক্ষে ভৱিষ্যতে কোনো সম্পদ ক্ৰয় কৰাত ব্যৱহাৰ কৰিব পাৰি৷ সেইবাবে মুদ্ৰাক সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলিও কোৱা হয়৷

৪। চেক এখন মুদ্ৰানে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা।
উত্তৰ: চেক এখন মুদ্ৰা নহয়৷ ইয়াৰ কাৰণবোৰ হ’ল—
ক) মুদ্ৰাৰ দৰে চেক এখনৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে। কোনো ব্যক্তিয়ে চেক গ্ৰহণ নকৰিলে তেওঁৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি।
খ) মুদ্ৰাৰ তাৰল্য গুণতকৈ চেকৰ তাৰল্য গুণ কম৷
গ) চেকৰ সহায়ত প্ৰত্যক্ষভাৱে দ্ৰব্য বা সেৱা ক্ৰয় কৰিব নোৱাৰি৷ পৰোক্ষভাৱেহে ই সম্ভৱ৷
ঘ) এক নিৰ্দিষ্ট সময়লৈকেহে চেক এখনৰ বৈধতা থাকে৷
ঙ) মুদ্ৰাৰ নিচিনাকৈ চেক এখনে সা-সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ বা মূল্যৰ একক হিচাপে কাম কৰিব নোৱাৰে৷
 এনেবোৰ কাৰণতে চেক এখনক মুদ্ৰা বুলি ক’ব নোৱাৰি৷ ই মুদ্ৰা পৰিশোধৰ এক আদেশহে মাথোঁ৷ সেয়েহে ইয়াক ‘ধনাদেশ’ আৰু ‘নিকট মুদ্ৰা’ বুলিও কোৱা হয়৷

৫৷ মুদ্ৰাই সৃষ্টি কৰিব পৰা চাৰিটা প্ৰধান অসুবিধা ব্যাখ্যা কৰা।
উত্তৰ: মুদ্ৰাই সৃষ্টি কৰিব পৰা চাৰিটা অসুবিধাৰ বিষয়ে তলত লিখা হ’ল—
(ক) মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবোৰ জটিল সমস্যাৰ সৃষ্টি হয়। মুদ্ৰাৰ মূল্য অবিৰামভাৱে হ্ৰাস হ’লে মুদ্ৰাৰ ক্ৰয়ক্ষমতা হ্ৰাস পায়। ঠিক সেইদৰে সামগ্ৰীৰ মূল্য অতি মাত্ৰাত কমি গ’লে বা মুদ্ৰাৰ মূল্য অত্যধিক বৃদ্ধি হ’লে উৎপাদকাৰীয়ে লোকচান ভৰিবলগীয়া হয় আৰু উৎপাদন হ্ৰাস পালে নিবনুৱা সমস্যাৰ সৃষ্টি হয়৷
(খ) মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰকৰণৰ এবিধ আহিলা হ’ব পাৰে। মুদ্ৰাসৰ্বস্ব অর্থনীতিত মুদ্ৰা অৰ্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে‍। ই সামাজিক বৈষম্যৰ সৃষ্টি কৰে।
(গ) মুদ্ৰাৰ প্রতি থকা দুৰ্বলতা সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ’ব পাৰে। মুদ্ৰাৰ লোভত মানুহে সমাজত দুৰ্নীতি, অনিয়ম, অবিচাৰ আদি সংঘটিত কৰা দেখা যায়।
(ঘ) মুদ্ৰাৰ পৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়। ক’লা মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ সৈতে জড়িত। ইয়াৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাবলগীয়া হয়৷ 

৬। কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা।
উত্তৰ: কেন্দ্ৰীয় বেংকৰ চাৰিটা প্রধান কাৰ্য তলত আলোচনা কৰা হ’ল
(ক) কাগজী মুদ্ৰা ছপাকৰণ: কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে আৰু এইটো হৈছে কেন্দ্ৰীয় বেংকৰ একচেটি‍য়া অধিকাৰ। বাকী কোনো বেংকৰ এই অধিকাৰ নাই৷‍
(খ) আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ: বাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতাৰ ওপৰত আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে৷ কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে৷
(গ) বেংকসমূহৰ বেংক: কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক। আটাইবোৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে৷ কেন্দ্ৰীয় বেংক হৈছে আনবোৰ বেংকৰ বিপদৰ বন্ধু৷ আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকে বাকীবোৰ বেংকক সহায় কৰে৷
(ঘ) চৰকাৰৰ বেংক: চৰকাৰৰ বেংক হিচাপে ই চৰকাৰক বিত্তৰ যোগান ধৰে৷ চৰকাৰক আয় নীতি, ৰাজহ নীতি, বাণিজ্য নীতি আদিৰ বিষয়ে কেন্দ্ৰীয় বেংকে চৰকাৰক নিজৰ পৰামৰ্ণ দিয়ে৷ তদুপৰি‍ চৰকাৰৰ প্ৰতিনিধি হিচাপে চৰকাৰৰ ৰাজহ আৰু ব্যয়ৰ হিচাপ ৰাখে‍।

৭। বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কাৰ্য ব্যাখ্যা কৰা।
উত্তৰ: বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কাৰ্য তলত আলোচনা কৰা হ’ল
(ক) সঞ্চয় সংগ্ৰহ: বাণিজ্যিক বেংকসমূহে জনসাধাৰণৰ পৰা ধন জমা ৰাখে বা সঞ্চয় সংগ্ৰহ কৰে৷ ইয়াৰ বিপৰীতে বেংক‍ে জমাকাৰীক সুদ প্ৰদান কৰে৷ বাণিজ্যিক বেংকৰ সঞ্চয় বা আমানত তিনি ধৰণৰ আৰু সেইবোৰ হ’ল—
(i) চলিত আমানত
(ii) স্থিৰ আমানত
(iii) সঞ্চয় আমানত
(খ) ঋণৰ যোগান: বাণিজ্যিক বেংকে বিভিন্ন ব্যক্তিৰ পৰা সঞ্চয় হিচাপে সংগ্ৰহ কৰা মুদ্ৰাখিনি অধিক সুদৰ হাৰত কৃষক, উদ্যোগপতি, ব্যৱসায়ী আদি সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিক বা কোনো ব্যৱসায়িক প্ৰতিষ্ঠানক ঋণ হিচাপে যোগান ধৰে। বাণিজ্যিক বেংকে সাধাৰণতে হ্ৰস্বকালীন ঋণহে যোগান ধৰে৷
৮। তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা।
(ক) আই ডি বি আই
(খ) আঞ্চলিক গ্ৰাম্য বেংক
(গ) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক
(ঘ) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক

উত্তৰ: (ক) আই ডি বি আই: ১৯৬৪ চনত স্থাপিত আই. ডি. বি. আই.-ৰ মুখ্য কাৰ্যসমূহ হ’ল—
(i) ঔদ্যোগিক প্রতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্রদান কৰে।
(ii) ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্রসাৰতা বৃদ্ধিত সহায় কৰা। এই বেংকে উদ্যোগসমূহলৈ ঋণৰ ৰূপত প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱেও আৰ্থিক সাহায্য আগবঢ়ায়।
(iii) অর্থনৈতিক দিশত পিছ পৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাইৰ ব্যৱস্থাৰে কম সুদৰ হাৰত ঋণ আগবঢ়ায়।
(iv) প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধি কৰাৰ ব্যৱস্থা হাতত লয়।


উত্তৰ: (খ) আঞ্চলিক গ্ৰাম্য বেংক: ১৯৭৫ চনত স্থাপন হোৱা এই বেংকৰ প্রধান কাৰ্য দুটা হ’ল
(i) অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া।
(ii) গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰ উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা।

উত্তৰ: (গ) নাবাৰ্ড: ১৯৮২ চনত স্থাপন হোৱা ৰাষ্ট্ৰীয় কৃষি গ্ৰামোন্নয়ন বেংক বা নাবাৰ্ডৰ প্ৰধান কাৰ্যবোৰ হ’ল—


(i) গাওঁ অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে আটাইবোৰৰ
শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হ’ল নাবাৰ্ড।
(ii) ঋণ প্রদান প্রক্ৰিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা, প্ৰশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে।
(iii) সকলো বিত্তীয় প্রতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ ৰিজাৰ্ভ বেংক আদিৰ সৈতে নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে।

উত্তৰ: (ঘ) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক: ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক বা ছিড্‌বি-ৰ মুখ্য কাৰ্যাৱলী—
(ক) ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা।
(খ) ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰৰ সুবিধা কৰা।
(গ) অৰ্ধনগৰ এলেকাত ক্ষুদ্ৰ উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাওঁ আৰু অৰ্ধনগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যাৰ বহিৰ্গমন ৰোধ কৰা।
(ঘ) ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহলৈ অৰ্থসাহায্য আগবঢ়োৱা আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্যোগলৈ ঋণ আগবঢ়োৱা৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ