মুদ্ৰা আৰু বেংক ব্যৱস্থা, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী)— চমু প্ৰশ্নোত্তৰ



১৷ সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে?
উত্তৰ: এজন ব‍্যক্তিৰ বাবে প্ৰয়োজনীয় সকলো বস্তু নিজে উৎপাদন কৰাটো সম্ভৱ নহয়৷ সেয়েহে প্ৰাচীন কালত এজন‍ে আনজনৰ লগত বস্তুৰ সলনি বস্তু প্ৰত্যক্ষভাৱে বিনিময় কৰি নিজৰ অভাৱসমূহ দূৰ কৰিছিল৷ এনদেৰ‍ে হোৱা বিনিময়ত বিনিময় কৰোঁতাসকলৰ মাজত অভাৱৰ সংগতি থকাটো প্ৰয়োজন৷ অৰ্থাৎ পৰস্পৰৰ মাজত বিনিময় হবলগীয়া বস্তুকেইটাৰ অভাৱ থকাটো প্ৰয়োজন৷ উদাহৰণস্বৰূপে— যদি এজন ব্যক্তিয়ে কুঁহিয়াৰ উৎপাদন কৰে, কিন্তু ধান উৎপাদন নকৰে; তেন্তে‍ ধানৰ অভাৱ পূৰণ কৰিবলৈ তেওঁ ধান উৎপাদনকাৰী আন এজন ব্যক্তিৰ লগত কুঁহিয়াৰৰ সলনি ধান বিনিময় কৰিব লাগিব৷ কিন্তু এই বিনিময় তেতিয়াহে সম্ভৱ হ’ব, যদিহে ধান উৎপাদকাৰী ব্যক্তিজনক কুঁহিয়াৰৰ প্ৰয়োজন হয়৷ অন্যথা এই বিনিময় সম্ভৱ নহ’ব৷ এনেদৰে সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত অসুবিধাৰ সৃষ্টি কৰিছিল৷    
২৷ মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা?
উত্তৰ: মুদ্ৰাক সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয়। সা-সামগ্ৰী বেছি দিনলৈ সঞ্চয় কৰি ৰাখিব নোৱাৰি; এটা সময়ত এইবোৰ নষ্ট হৈ‍ যায়৷ বিনিময় প্রথাত সেয়ে সঞ্চয়ৰ ভাণ্ডাৰ নাছিল। মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি। সামগ্ৰীৰ দৰে মুদ্ৰা নষ্ট হৈ নাযায় আৰু প্রয়োজন সাপেক্ষে যিকোনো সময়ত সা-সামগ্ৰী ক্রয় কৰাত ব্যৱহাৰ কৰিব পাৰি। তদুপৰি মুদ্ৰা নিজৰ লগত নাৰাখি বেংকতো সঞ্চয় কৰি থ’ব পাৰি৷ এনে অৰ্থতেই মুদ্ৰাক সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয়৷
৩। মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়?
উত্তৰ: মুদ্ৰাৰ সবাতোকৈ গুৰত্বপূৰ্ণ বৈশিষ্ট্যটো হ’ল ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা। এই বৈশিষ্ট্য অবিহনে মুদ্ৰা বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে।
৪। মুদ্ৰাৰ তাৰল্য গুণ কি?
উত্তৰ: যিকোনো মুদ্ৰাক সমমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰ কৰিব পৰা গুণটোকেই মুদ্ৰাৰ তাৰল্য গুণ বুলি কোৱা হয়।
৫৷ ‘মুদ্ৰা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী’— ব্যাখ্যা কৰা।
উত্তৰ: মুক্ত সামগ্ৰীসমূহৰ বাদে যিবোৰ সামগ্ৰীৰ কিনা-বেচা হয়, সেইবিলাকৰ প্ৰত্যেকৰে একো এক‍োটা আৰ্থিক মূল্য আছে৷  মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মূল্যই হৈছে সামগ্ৰীটোৰ দাম৷ মুদ্ৰাৰ মাধ্যমেৰে সকলো সামগ্ৰীৰ মূল্য নিৰূপণ কৰা হয়। সেই বাবেই মুদ্ৰাক সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী বুলি কোৱা হয়৷‍
৬। সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি?
উত্তৰ: সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য হ’ল—
সসীম বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেন-দেনহে সম্পন্ন কৰিব পাৰি৷ আনহাতে অসীম বিহিত মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেন-দেন সম্পন্ন কৰিব পাৰি৷
৭। আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য সম্পাদন কৰে?
উত্তৰ: আঞ্চলিক গ্রাম্য বেংকে দুই ধৰণৰ কাৰ্য সম্পাদন কৰে৷ সেইকেইটা হ’ল—
(ক) অতি কম সুদৰ বিনিময়ত গাঁওবাসীক ঋণ প্ৰদান কৰি‍‍ সকাহ দিয়ে৷
(খ) গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰে‍।
৮। অনা-বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ?
উত্তৰ: অনা-বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ বেলেগ৷ কাৰণ—
ক) অনা-বেংক প্ৰতিষ্ঠানসমূহে বেংকৰ নিচিনাকৈ চেকৰ যোগান নধৰে আৰু সেয়ে চেকৰ জড়িয়তে এনে প্ৰতিষ্ঠানৰ পৰা সঞ্চয়কাৰীয়ে জমা ধন উলিয়াই অনাৰ সুযোগ লাভ নকৰে৷
খ) বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে; কিন্তু অনা-বেংক প্ৰতিষ্ঠানসমূহত এনে বীমা আঁচনিৰ ব্যৱস্থা নাথাকে৷
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ