আন্তৰ্জাতিক সংস্থা— ৰাষ্ট্ৰসংঘ আৰু অন্যান্য, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী)— অতি চমু প্ৰশ্নোত্তৰ



১৷ জাতিসংঘ কেতিয়া গঠন হৈছিল?
উত্তৰ: ১৯২০ চনত জাতিসংঘ গঠন কৰা হৈছিল৷
২৷ প্ৰথম বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ: ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল৷
৩৷ দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ: ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল৷
৪৷ ৰাষ্ট্ৰসংঘ কিয় গঠন কৰা হৈছিল?
উত্তৰ: বিবদমান বিষয়সমূহৰ শান্তিপূৰ্ণ সমাধানৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু শৃংখলা প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল৷
৫৷ ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰৰ দিনা ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল৷
৬৷ ‘ৰাষ্ট্ৰসংঘ দিৱস’ কেতিয়া পালন কৰা হয়?
উত্তৰ: ২৪ অক্টোবৰৰ দিনটো ‘ৰাষ্ট্ৰসংঘ দিৱস’ হিচাপে পালন কৰা হয়৷
৭৷ কোনখন সন্মিলনত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল?
উত্তৰ: ১৯৪৫ চনত হোৱা ছানফ্ৰান্সিক’ সন্মিলনত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল৷
৮৷ ছানফ্ৰান্সিস্ক’ সন্মিলনত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ কৰি ৰাষ্ট্ৰসংঘ গঠন কৰিছিল?
উত্তৰ: ছানফ্ৰান্সিস্ক’ সন্মিলনত ৫১খন ৰাষ্ট্ৰই স্বাক্ষৰ কৰি ৰাষ্ট্ৰসংঘ গঠন কৰিছিল৷
৯৷ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্যৰাষ্ট্ৰৰ সংখ্যা কিমান?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্যৰাষ্ট্ৰৰ সংখ্যা ১৯৩৷
১০৷ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত অৱস্থিত৷
১১৷ ৰাষ্ট্ৰসংঘৰ চনদত কেইটা অনুচ্ছেদ আছে?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ চনদত ১১১ টা অনুচ্ছেদ আছে৷
১২৷ ৰাষ্ট্ৰসংঘৰ যিকোনো এটা উদ্দেশ্য লিখা৷
উত্তৰ: ৰাষ্ট্ৰসংঘৰ এটা উদ্দেশ্য হ’ল— আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা৷
১৩৷ ৰাষ্ট্ৰসংঘৰ এটা নীতি উল্লেখ কৰা৷
উত্তৰ: ৰাষ্ট্ৰসংঘৰ এটা নীতি হ’ল— সকলো সদস্যৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ইয়াৰ প্ৰতিষ্ঠা৷
১৪৷ ৰাষ্ট্ৰসংঘ কেইটা প্ৰধান অংগৰে গঠিত?
উত্তৰ: ৰাষ্ট্ৰসংঘ ৬ টা প্ৰধান অংগৰে গঠিত৷
১৫৷ ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কোনটো?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো হৈছে— ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা৷
১৬৷ প্ৰতিখন ৰাষ্ট্ৰৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ কিমানজন প্ৰতিনিধি প্ৰেৰণ কৰিব পাৰে?
উত্তৰ: প্ৰতিখন ৰাষ্ট্ৰৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ পাঁচজন প্ৰতিনিধি প্ৰেৰণ কৰিব পাৰে৷
১৭৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰতিখন সদস্য ৰাষ্ট্ৰই কেইটা ভোট প্ৰদান কৰিব পাৰে?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰতিখন সদস্য ৰাষ্ট্ৰই এটাকৈ ভোট প্ৰদান কৰিব পাৰে৷
১৮৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশন কিমান দিনৰ মূৰে মূৰে অনুষ্ঠিত হয়?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশন প্ৰতি এবছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়৷
১৯৷ ৰাষ্ট্ৰসংঘ গঠন হোৱা সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা কিমান আছিল?
উত্তৰ: ৰাষ্ট্ৰসংঘ গঠন হোৱা সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা আছিল ৫জন৷
২০৷ ৰাষ্ট্ৰসংঘ গঠন হোৱা সময়ত নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সংখ্যা কিমান আছিল?
উত্তৰ: ৰাষ্ট্ৰসংঘ গঠন হোৱা সময়ত নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সংখ্যা আছিল ৬জন৷
২১৷ কেতিয়া আৰু কিমান নং অনুচ্ছেদৰ সংশোধন কৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা ১০ জনলৈ বৃদ্ধি কৰা হয়?
উত্তৰ: ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদৰ সংশোধন কৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা ১০ জনলৈ বৃদ্ধি কৰা হয়৷
২২৷ বৰ্তমান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যৰ সংখ্যা কিমান?
উত্তৰ: বৰ্তমান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যৰ সংখ্যা ১৫৷
২৩৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক কোনে নিৰ্বাচিত কৰে?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে৷
২৪৷ নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণৰ বাবে মুঠ কেইজন সদস্যৰ সন্মতি থাকিব লাগে?
উত্তৰ: নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণৰ বাবে মুঠ ৯ জন সদস্যৰ সন্মতি থাকিব লাগে৷
২৫৷ নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণৰ বাবে মুঠ কেইজন স্থায়ী সদস্যৰ সন্মতি থাকিব লাগে?
উত্তৰ: নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণৰ বাবে মুঠ ৫ জন স্থায়ী সদস্যৰ সন্মতি থাকিব লাগে৷
২৬৷ নিৰাপত্তা পৰিষদৰ কোনবিলাক সদস্যৰ ‘ভেটো’ প্ৰদানৰ ক্ষমতা আছে?
উত্তৰ: নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ ‘ভেটো’ প্ৰদানৰ ক্ষমতা আছে৷
২৭৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰাষ্ট্ৰ কেইখন আছে?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰাষ্ট্ৰ ৫ খন৷
২৮৷ ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত ইয়াৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা কিমান আছিল?
উত্তৰ: ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত ইয়াৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা আছিল ১৮৷
২৯৷ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা কেতিয়া ২৭ জনলৈ বৃদ্ধি কৰা হয়?
উত্তৰ: ১৯৬৫ চনত ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা ২৭ জনলৈ বৃদ্ধি কৰা হয়৷
৩০৷ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা কেতিয়া ৫৮ জনলৈ বৃদ্ধি কৰা হয়?
উত্তৰ: ১৯৭৩ চনত ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা ৫৮ জনলৈ বৃদ্ধি কৰা হয়৷
৩১৷ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ একোজন সদস্যৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ একোজন সদস্যৰ কাৰ্যকাল ৩ বছৰ৷
৩২৷ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলক কোনে নিৰ্বাচন কৰে?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচন কৰে৷
৩৩৷ ৰাষ্ট্ৰসংঘৰ চনদৰ কোন অনুচ্ছেদ অনুসৰি অৰ্থনৈতিক আৰু সামাজিক পৰিষদ গঠন কৰা হৈছে?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ চনদৰ ৫৫ নং অনুচ্ছেদ অনুসৰি অৰ্থনৈতিক আৰু সামাজিক পৰিষদ গঠন কৰা হৈছে৷
৩৪৷ ৰাষ্ট্ৰসংঘৰ চনদৰ কোন অনুচ্ছেদ অনুসৰি ন্যাসৰক্ষী পৰিষদ গঠন কৰা হৈছে?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ চনদৰ ৭৬ নং অনুচ্ছেদ অনুসৰি ন্যাসৰক্ষী পৰিষদ গঠন কৰা হৈছে৷
৩৫৷ ন্যাসৰক্ষী পৰিষদৰ মুখ্য উদ্দেশ্য কি?
বা
ন্যাসৰক্ষী পৰিষদ কিয় গঠন কৰা হৈছিল?
উত্তৰ: ন্যাসৰক্ষী পৰিষদৰ মুখ্য উদ্দেশ্য হ’ল—এই পৰিষদৰ অন্তৰ্গত দেশবিলাকৰ জনসাধাৰণক অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শি‍ক্ষাৰ ক্ষেত্ৰত আগবঢ়াই স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তোলা৷
৩৬৷ ন্যাসৰক্ষী পৰিষদ কেই ধৰণৰ সদস্যৰে গঠিত?
উত্তৰ: ন্যাসৰক্ষী পৰিষদ তিনি ধৰণৰ সদস্যৰে গঠিত৷
৩৭৷ ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটো কি?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটো হ’ল— আন্তৰ্জাতিক ন্যায়ালয়৷
৩৮৷ ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক ন্যায়ালয় কেইজন ন্যায়্যধীশৰ দ্বাৰা গঠিত?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক ন্যায়ালয় ১৫ জন ন্যায়্যধীশৰ দ্বাৰা গঠিত৷
৩৯৷ ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক ন্যায়ালয়ৰ সদস্য সংখ্যা কিমান?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক ন্যায়ালয়ৰ সদস্য সংখ্যা ১৯৩৷
৪০৷ ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক ন্যায়ালয়ৰ প্ৰধান কাম কি?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক ন্যায়ালয়ৰ প্ৰধান কাম হ’ল—ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা৷
৪১৷ ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত ইয়াৰ কোনটো অংগই ৰূপায়িত কৰে?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত ইয়াৰ সচিবালয়ে ৰূপায়িত কৰে৷
৪২৷ ৰাষ্ট্ৰসংঘৰ চনদৰ কোন অনুচ্ছেদ অনুসৰি সচিবালয়ৰ সচিবপ্ৰধানক নিয়োগ কৰা হয়?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ চনদৰ ৯৭ নং অনুচ্ছেদ অনুসৰি সচিবালয়ৰ সচিবপ্ৰধানক নিয়োগ কৰা হয়৷
৪৩৷ ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ সচিবপ্ৰধানক কোনে নিয়োগ কৰে?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ অনুমোদনক্ৰমে সচিবালয়ৰ সচিবপ্ৰধানক নিয়োগ কৰে৷
৪৪৷ ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ সচিবপ্ৰধানৰ কাৰ্যকাল কেই বছৰ?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ সচিবপ্ৰধানৰ কাৰ্যকাল ৫ বছৰ৷
৪৫৷ ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবপ্ৰধান কোন আছিল?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবপ্ৰধান আছিল— নৰৱে’ৰ ট্ৰাইভহাল্ডান লী৷
৪৬৷ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিবপ্ৰধান কোন?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিবপ্ৰধান হ’ল—পৰ্টুগালৰ এণ্টনিঅ’ গুটেৰেছ৷
৪৭৷ ILO-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: ILO-ৰ সম্পূৰ্ণ নাম হ’ল—আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ (Internatioinal Labour Organisation)৷
৪৮৷ WHO-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: WHO-ৰ সম্পূৰ্ণ নাম হ’ল—বিশ্ব স্বাস্থ্য সংস্থা (World Health Organisation)৷
৪৯৷ UNDP-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: UNDP-ৰ সম্পূৰ্ণ নাম হ’ল— ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি‍ (United Nations Development Programme)৷
৫০৷ UNHRC-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: UNHRC-ৰ সম্পূৰ্ণ নাম হ’ল—ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ (United Nations Human Rights Commission)৷
৫১৷ UNICEF-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: UNICEF-ৰ সম্পূৰ্ণ নাম হ’ল—ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (United Nations International Children’s Emergency)৷ ‍
৫২৷ UNESCO-ৰ সম্পূৰ্ণ নাম লিখা৷

উত্তৰ: UNESCO-ৰ সম্পূৰ্ণ নাম হ’ল—ৰাষ্ট্ৰসংঘৰ শি‍ক্ষা, বি‍জ্ঞান আৰু সাংস্কৃতিক সংগঠন (United Nations Educational, Scientific and Cultural Organisation)৷
৫৩৷ IMF-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: IMF-ৰ সম্পূৰ্ণ নাম হ’ল—আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি‍(International Money Fund)৷
৫৪৷ FAO-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: FAO-ৰ সম্পূৰ্ণ নাম হ’ল—খাদ্য আৰু কৃষি সংগঠন (Food and Agriculture Organisation)৷
৫৫৷ ৰাষ্ট্ৰসংঘ কিমান বছৰৰ পূৰ্বে গঠন হৈছিল?
উত্তৰ: ৭৫ বছৰৰ পূৰ্বে ৰাষ্ট্ৰসংঘ গঠন হৈছিল৷
৫৬৷ কোন দেশে ৰাষ্ট্ৰসংঘৰ স্থিতিত কিছু জোকাৰণিৰ সৃষ্টি কৰিছে?
উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ স্থিতিত কিছু জোকাৰণিৰ সৃষ্টি কৰিছে৷
৫৭৷ ৰাষ্ট্ৰসংঘৰ ‘নিৰস্ত্ৰীকৰণ আয়োগ’ (Disarmament Commission) কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৯৫২ চনৰ জানুৱাৰি মাহত ৰাষ্ট্ৰসংঘৰ ‘নিৰস্ত্ৰীকৰণ আয়োগ’ (Disarmament Commission) গঠন কৰা হৈছিল৷
৫৮৷ ৰাষ্ট্ৰসংঘই ‘আংশিকভাৱে আণৱিক অস্ত্ৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি’ (Partial Nuclear Test Ban Treaty) কেতিয়া স্বাক্ষৰ কৰিছিল?
উত্তৰ: ১৯৬৩ চনত ৰাষ্ট্ৰসংঘই ‘আংশিকভাৱে আণৱিক অস্ত্ৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি’ (Partial Nuclear Test Ban Treaty) স্বাক্ষৰ কৰিছিল৷
৫৯৷ ৰাষ্ট্ৰসংঘই ‘বহিঃ মহাকাশ চুক্তি’ (Outer Space Treaty) কেতিয়া স্বাক্ষৰ কৰিছিল?
উত্তৰ: ১৯৬৭ চনত ৰাষ্ট্ৰসংঘই ‘বহিঃ মহাকাশ চুক্তি’ (Outer Space Treaty) স্বাক্ষৰ কৰিছিল৷
৬০৷ ৰাষ্ট্ৰসংঘই ‘পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি’ (Nuclear Non-proliferation Treaty) কেতিয়া স্বাক্ষৰ কৰিছিল?
উত্তৰ: ১৯৬৮ চনত ৰাষ্ট্ৰসংঘই ‘পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি’ (Nuclear Non-proliferation Treaty) স্বাক্ষৰ কৰিছিল৷
৬১৷ ৰাষ্ট্ৰসংঘই ‘সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি’ (Seabed Control Treaty) কেতিয়া স্বাক্ষৰ কৰিছিল?
উত্তৰ: ১৯৭১ চনত ৰাষ্ট্ৰসংঘই ‘সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি’ (Seabed Control Treaty) স্বাক্ষৰ কৰিছিল৷
৬২৷ ৰাষ্ট্ৰসংঘই ‘SALT—1’ (Strategic Arms Limitation Treaty—1) কেতিয়া স্বাক্ষৰ কৰিছিল?
উত্তৰ: ১৯৭২ চনত ৰাষ্ট্ৰসংঘই ‘SALT—1’ (Strategic Arms Limitation Treaty—1) স্বাক্ষৰ কৰিছিল৷
৬৩৷ ৰাষ্ট্ৰসংঘই ‘SALT—2’ (Strategic Arms Limitation Treaty—2)  কেতিয়া স্বাক্ষৰ কৰিছিল?
উত্তৰ: ১৯৭৯ চনত ৰাষ্ট্ৰসংঘই ‘SALT—2’ (Strategic Arms Limitation Treaty—2)  স্বাক্ষৰ কৰিছিল৷
৬৪৷ ৰাষ্ট্ৰসংঘই ‘পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি’ (Nuclear Arms Control Treaty) কেতিয়া স্বাক্ষৰ কৰিছিল?
উত্তৰ: ১৯৯৩ চনত ৰাষ্ট্ৰসংঘই ‘পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি’ (Nuclear Arms Control Treaty) স্বাক্ষৰ কৰিছিল৷
৬৫৷ ৰাষ্ট্ৰসংঘই ‘START—1’ (Strategic Arms Reduction Treaty—1) কেতিয়া স্বাক্ষৰ কৰিছিল?
উত্তৰ: ১৯৯১ চনত ৰাষ্ট্ৰসংঘই ‘START—1’ (Strategic Arms Reduction Treaty—1) স্বাক্ষৰ কৰিছিল৷
৬৬৷ ৰাষ্ট্ৰসংঘই ‘START—2’ (Strategic Arms Reduction Treaty—2) কেতিয়া স্বাক্ষৰ কৰিছিল?
উত্তৰ: ১৯৯৩ চনত ৰাষ্ট্ৰসংঘই ‘START—2’ (Strategic Arms Reduction Treaty—2) স্বাক্ষৰ কৰিছিল৷
৬৭৷ ‘পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি’ (Comprehensive Test Ban Treaty, CTBT) কেইখন ৰাষ্ট্ৰৰ দ্বাৰা স্বাক্ষৰিত হৈছিল?
উত্তৰ: ‘পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি’ (Comprehensive Test Ban Treaty, CTBT) ১৫৮ খন ৰাষ্ট্ৰৰ দ্বাৰা স্বাক্ষৰিত হৈছিল৷
৬৮৷ ৰাষ্ট্ৰসংঘই কেতিয়া ‘প্ৰতিৰোধমূলক কূটনীতি’ (Preventive Diplomacy) গ্ৰহণ কৰিছিল?
উত্তৰ: ৰাষ্ট্ৰসংঘই ২০০৭ চনৰ জুন মাহত ‘প্ৰতিৰোধমূলক কূটনীতি’ (Preventive Diplomacy) গ্ৰহণ কৰিছিল৷
৬৯৷ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰিত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল৷
৭০৷ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠনৰ উদ্দে‍শ্য কি?
বা
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কিয় গঠন কৰা হৈছিল?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠনৰ উদ্দে‍শ্য হ’ল— বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা অধিকাৰসমূহক সুৰক্ষা দিয়া৷
৭১৷ জন্মক্ষণত মানৱ অধিকাৰ আয়োগৰ সদস্য সংখ্যা কিমান আছিল?
উত্তৰ: জন্মক্ষণত মানৱ অধিকাৰ আয়োগৰ সদস্য সংখ্যা আছিল ১৮৷
৭২৷ ১৯৬২ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্য সংখ্যা কিমান আছিল?
উত্তৰ: ১৯৬২ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্য সংখ্যা আছিল ২১৷
৭৩৷ ১৯৯০ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্য সংখ্যা কিমান আছিল?
উত্তৰ: ১৯৯০ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্য সংখ্যা আছিল ৫৩৷
৭৪৷ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্যৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্যৰ কাৰ্যকাল ৩ বছৰ৷
৭৫৷ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ মুখ্য কাম কি?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ মুখ্য কাম হ’ল— বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা অধিকাৰসমূহক সুৰক্ষা দিয়া৷
৭৬৷ ৰাষ্ট্ৰসংঘই কেতিয়া মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে?
উত্তৰ: ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে৷
৭৭৷ কেইখন ৰাষ্ট্ৰৰ সমৰ্থনত ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে?
উত্তৰ: ৪৮ খন ৰাষ্ট্ৰৰ সমৰ্থনত ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে৷
৭৮৷ ‘মানৱ অধিকাৰ দিৱস’ কোন তাৰিখে পালন কৰা হয়?
উত্তৰ: ‘মানৱ অধিকাৰ দিৱস’ ১০ ডিচেম্বৰ তাৰিখে পালন কৰা হয়৷
৭৯৷ মানৱ অধিকাৰ ঘোষণাপত্ৰত কেইটা অনুচ্ছেদ আছে?
উত্তৰ: মানৱ অধিকাৰ ঘোষণাপত্ৰত এটা অনুচ্ছেদ আছে৷
৮০৷ ৰাষ্ট্ৰসংঘই কেতিয়া ইয়াৰ সদস্যৰাষ্ট্ৰবিলাকত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠনৰ বাবে সদস্যৰাষ্ট্ৰবিলাকৰ পৰামৰ্শ বিচাৰিছিল?
উত্তৰ: ১৯৬৬ চনত ৰাষ্ট্ৰসংঘই কেতিয়া ইয়াৰ সদস্যৰাষ্ট্ৰবিলাকত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠনৰ বাবে সদস্যৰাষ্ট্ৰবিলাকৰ পৰামৰ্শ বিচাৰিছিল৷
৮১৷ ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় অধিৱেশন ক’ত অনুষ্ঠিত হৈছি‍ল?
উত্তৰ: ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় অধিৱেশন ভিয়েনাত অনুষ্ঠিত হৈছি‍ল৷
৮২৷ ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হয়?
উত্তৰ: ১৯৯৩ চনৰ ১২ অক্টোবৰত ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়৷
৮৩৷ কোন অধ্যাদেশ অনুসৰি মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়?
উত্তৰ: ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰৰ দিনা ঙাৰতৰ ৰাষ্ট্ৰপতিয়ে জাৰি কৰা অধ্যাদেশ অনুসৰি মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়৷
৮৪৷ ‘মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩’ কেতিয়া গ্ৰহণ কৰা হৈছিল?
উত্তৰ: ১৯৯৪ চনৰ ৮ জানুৱাৰিৰ দিনা ‘মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩’ গ্ৰহণ কৰা হৈছিল৷
৮৫৷ কোনখন আইন অনুসৰি ভাৰতবৰ্ষৰ ৰাজ্যবিলাকতো মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়?
উত্তৰ: ‘মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩’ অনুসৰি ভাৰতবৰ্ষৰ ৰাজ্যবিলাকতো মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়৷
৮৬৷ কেনে ব্যক্তি ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি হ’ব পাৰে?
উত্তৰ: উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰা ব্যক্তি ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি হ’ব পাৰে৷
৮৭৷  ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে?
উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে৷
৮৮৷ ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলৰ কাৰ্যকাল কেই বছৰ?
উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলৰ কাৰ্যকাল ৫ বছৰ৷
৮৯৷ জাতিসমূহৰ সংঘ (Commonwealth of Nations)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: জাতিসমূহৰ সংঘ (Commonwealth of Nations)-ৰ মুখ্য কাৰ্যালয় লণ্ডনত অৱস্থিত৷
৯০৷ এমনেষ্টি ইণ্টাৰনেছনেল (Amnesty International, AI)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: এমনেষ্টি ইণ্টাৰনেছনেল (Amnesty International, AI)-ৰ মুখ্য কাৰ্যালয় লণ্ডনত অৱস্থিত৷
৯১৷ উত্তৰ আটলাণ্টিক চুক্তি সংগঠন (North Atlantic Treaty Organization, NATO)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: উত্তৰ আটলাণ্টিক চুক্তি সংগঠন (North Atlantic Treaty Organization, NATO)-ৰ মুখ্য কাৰ্যালয় ব্ৰুচেলছত অৱস্থিত৷
৯২৷ আন্তঃৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি অভিকৰণ (International Renewable Energy Agency)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: আন্তঃৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি অভিকৰণ (International Renewable Energy Agency)-ৰ মুখ্য কাৰ্যালয় সংযুক্ত আৰব এমিৰেট্‌ছত অৱস্থিত৷
৯৩৷ এছি‍য়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক নিগম (APEC)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: এছি‍য়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক নিগম (APEC)-ৰ মুখ্য কাৰ্যালয় ছিংগাপুৰত অৱস্থিত৷
৯৪৷ দক্ষিণ-পূব এছীয় জাতিসমূহৰ সংস্থা (ASEAN)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: দক্ষিণ-পূব এছীয় জাতিসমূহৰ সংস্থা (ASEAN)-ৰ মুখ্য কাৰ্যালয় জাকাৰ্টাত অৱস্থিত৷
৯৫৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (International Cricket Council, ICC)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (International Cricket Council, ICC)-ৰ মুখ্য কাৰ্যালয় ডুবাইত অৱস্থিত৷
৯৬৷ আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন (FIFA)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন (FIFA)-ৰ মুখ্য কাৰ্যালয় জুৰিকত অৱস্থিত৷
৯৭৷ বিশ্ব অৰ্থনৈতিক মঞ্চ (World Economic Forum, WEF)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: বিশ্ব অৰ্থনৈতিক মঞ্চ (World Economic Forum, WEF)-ৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত৷
৯৮৷ আন্তঃৰাষ্ট্ৰীয় হকি‍ ফেডাৰেচন (International Hockey Federation)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: আন্তঃৰাষ্ট্ৰীয় হকি‍ ফেডাৰেচন (International Hockey Federation)-ৰ মুখ্য কাৰ্যালয় লৌচেন (ছুইজাৰলেণ্ড)-ত অৱস্থিত৷
৯৯৷ দক্ষি‍ণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা (South Asian Association for Regional Co-operation, SAARC)-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: দক্ষি‍ণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা (South Asian Association for Regional Co-operation, SAARC)-ৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডু (নেপাল)-ত অৱস্থিত৷
১০০৷ ৰাষ্ট্ৰসংঘ গঠনৰ পূৰ্বে এক‍ে উদ্দেশ্যৰে‍ গঠন হোৱা সংগঠনটোৰ নাম কি আছিল?
উত্তৰ: ৰাষ্ট্ৰসংঘ গঠনৰ পূৰ্বে এক‍ে উদ্দেশ্যৰে‍ গঠন হোৱা সংগঠনটোৰ নাম— ‘জাতিসংঘ’ (League of Nations)৷
১০১৷ ভেটো কি?
উত্তৰ: ভেটো হৈছে কোন‍ো সিদ্ধান্ত বা প্ৰস্তাৱ নাকচ কৰিব পৰা এক সাংবিধানকি অধিকাৰ৷ 

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ