পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী) — অতি চমু প্ৰশ্নোত্তৰ


 
১৷ সাম্প্ৰতিক কালত শি‍ক্ষা-দীক্ষা, প্ৰশাসন, ৰাজনীতি আদি সকলো দিশতে পৰিৱেশ সম্বন্ধীয় কথা-বতৰা আহি পৰাৰ মূল কাৰণ কি?
উত্তৰ: সাম্প্ৰতিক কালত শি‍ক্ষা-দীক্ষা, প্ৰশাসন, ৰাজনীতি আদি সকলো দিশতে পৰিৱেশ সম্বন্ধীয় কথা-বতৰা আহি পৰাৰ মূল কাৰণ এয়ে যে সম্প্ৰতি পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে পৰিৱেশৰ সমস্যাই গা কৰি উঠিছে আৰু সেয়ে পৰিৱেশ ৰক্ষা কৰাটো মানুহৰ লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছে৷
২৷ বহল অৰ্থত ‘পৰিৱেশ’ শব্দটোৱে কি বুজায়?
উত্তৰ: বহল অৰ্থত ‘পৰিৱেশ’ শব্দটোৱে কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাটোকে বুজায়৷
৩৷ পৰিৱেশৰ উপাদানসমূহৰ প্ৰধান ভাগ কেইটা আৰু কি কি?
উত্তৰ: পৰিৱেশৰ উপাদানসমূহৰ প্ৰধান ভাগ দুটা৷ সেইকেইটা হৈছে— জৈৱ উপাদান আৰু অজৈৱ উপাদান৷
৪৷ পৰিৱেশৰ জৈৱ উপাদান বুলিলে কোনবোৰ উপাদানক বুজায়?
উত্তৰ: পৰিৱেশৰ জৈৱ উপাদান বুলিলে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, প্ৰাণী, অণুজীৱ আদিক বুজায়৷
৫৷ পৰিৱেশৰ অজৈৱ উপাদান বুলিলে কোনবোৰ উপাদানক বুজায়?
উত্তৰ: পৰিৱেশৰ অজৈৱ উপাদান বুলিলে মাটি, পানী, বায়ু আদি জড় উপাদানসমূহক বুজায়৷
৬৷ পিটাৰ হেগেটৰ মতে পৰিৱেশ মানে কি?
উত্তৰ: পিটাৰ হেগেটৰ মতে পৰিৱেশ মানে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতি৷
৭৷ স্থলমণ্ডল কাক বোলে?
উত্তৰ: শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বুলি কোৱা হয়৷
৮৷ স্থলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ ঠাই আগুৰি আছে?
উত্তৰ: স্থলমণ্ডলে ভূ-পৃষ্ঠৰ ২৯ শতাংশ ঠাই আগুৰি আছে৷
৯৷ স্থলমণ্ডলে কোনবোৰ উপাদানক সামৰি লৈছে?
উত্তৰ: পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, উপত্যকা, উপকূল আদি উপাদানক স্থলমণ্ডলে সামৰি লৈছে৷
১০৷ জলমণ্ডল কাক বোলে?
উত্তৰ: ভূ-পৃষ্ঠৰ নদ-নদী, সাগৰ-মহাসাগৰ, হ্ৰদ, জান-জুৰি আদিৰ পানীৰে আগুৰি থকা বৃহৎ অংশটোকে জলমণ্ডল বুলি কোৱা হয়৷
১১৷ জলমণ্ডলে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
উত্তৰ: জলমণ্ডলে পৃথিৱীৰ উপৰিভাগৰ ৭১ শতাংশ ঠাই আগুৰি আছে৷
১২৷ জলমণ্ডলে কোনবোৰ উপাদান সাঙুৰি লৈছে?
উত্তৰ: সাগৰ-মহাসাগৰ, নদ-নদী, বিল, জান-জুৰি আদি পানীৰে পৰিপূৰ্ণ উপাদানসমূহক জলমণ্ডলে সাঙুৰি লৈছে৷
১৩৷ বায়ুমণ্ডল বুলিলে কি বুজা?
উত্তৰ: ভূ-পৃষ্ঠৰ পৰা কিছু উচ্চতালৈকে ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে থকা গেছীয় পদাৰ্থৰ আৱৰণটোকেই বায়ুমণ্ডল বুলি কোৱা হয়৷
১৪৷ ভূ-পৃষ্ঠৰ পৰা কিমান কিল’মিটাৰ উচ্চতালৈকে বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে?
উত্তৰ: ভূ-পৃষ্ঠৰ পৰা ১,০০০ কিল’মিটাৰ উচ্চতালৈকে বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে৷
১৫৷ বায়ুমণ্ডলে কোনবোৰ উপাদানক সাঙুৰি লৈছে?
উত্তৰ: অক্সিজেন, নাইট্ৰ’জেন, হাইড্ৰ’জেন, কাৰ্বন-ডাই-অক্সাইড, আৰ্গন আদি বিভিন্ন ধৰণৰ গেছৰ লগতে জলীয় বাষ্প, ধূলিকণা আদি উপাদানক বায়ুমণ্ডলে সাঙুৰি লৈছে৷
১৬৷ জীৱমণ্ডল বুলিলে কি বুজা?
উত্তৰ: বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, প্ৰাণী, অণুজীৱ আদি পৰিৱেশৰ জৈৱিক উপাদানসমূহে গঠন কৰা পৰিৱেশৰ অংশটোকেই জীৱমণ্ডল বুলি কোৱা হয়৷
১৭৷ জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ মুঠ প্ৰজাতিৰ সংখ্যা কিমান?
উত্তৰ: জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ মুঠ প্ৰজাতিৰ সংখ্যা প্ৰায় ১.৭৫ নিযুত৷
১৮৷ মানুহ প্ৰজাতিৰ বৈ‍জ্ঞানিক নাম লিখা৷
উত্তৰ: মানুহ প্ৰজাতিৰ বৈ‍জ্ঞানিক নাম হৈছে ‘Homo Sapiens’
১৯৷ পৃথিৱীৰ সোঁমাজেদি পূবা-পশ্চিমাকৈ থকা ৰেখাডালক কি বোলে?
উত্তৰ: পৃথিৱীৰ সোঁমাজেদি পূবা-পশ্চিমাকৈ থকা ৰেখাডালক বিষুৱৰেখা বা নিৰক্ষৰেখা বোলে৷
২০৷ পাৰিৱেশিক সমস্যা বুলিলে কি বুজা?
উত্তৰ: পৰিৱেশৰ লগত জড়িত সমস্যাসমূহকেই পাৰিৱেশিক সমস্যা বুলি কোৱা হয়৷
২১৷ স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড (CO2) গেছৰ পৰিমাণ কিমান?‍
উত্তৰ: স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড (CO2) গেছৰ পৰিমাণ ০.৩৫ শতাংশ৷
২২৷ কাৰ্বন-ডাই-অক্সাইড (CO2) গেছে ভূ-পৃষ্ঠৰ উত্তাপৰ ভাৰসাম্য ৰক্ষাত কেনেদৰে সহায় কৰে?
উত্তৰ: কাৰ্বন-ডাই-অক্সাইড (CO2) গেছে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ভূ-পৃষ্ঠৰ উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰে৷
২৩৷ জীৱাশ্ম ইন্ধন কি?
উত্তৰ: কয়লা, তেল, প্ৰাকৃতিক গেছ আদি যিবিলাক ইন্ধন ভূ-তাত্ত্বিক কালৰ জীৱাশ্ম, অৰ্থাৎ সেই কালৰ জীৱদেহসমূহৰ মৃতদেহসমূহ জমা হৈ থকা ঠাইৰ পৰা উৎপন্ন হৈছে, সেইসমূহকেই জীৱাশ্ম ইন্ধন বুলি কোৱা হয়৷
২৪৷ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড (CO2) গেছ বৃদ্ধিৰ দুটা কাৰণ উল্লেখ কৰা৷
উত্তৰ: বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড (CO2) গেছ বৃদ্ধিৰ দুটা কাৰণ হৈছে—
ক) অত্যধিক মাত্ৰাত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ৷
খ) গছ-গছনি ধ্বংসকাৰ্য৷  
২৫৷ পৰিৱেশৰ স্থানীয় সমস্যাৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: পৰিৱেশৰ স্থানীয় সমস্যাৰ দুটা উদাহৰণ হ’ল—
ক) এটা ক্ষুদ্ৰ উদ্যোগৰ ফলত হোৱা সীমিত ভূমি প্ৰদূষণ৷
খ) কোনো এঠাইত নৈৰ গৰাখহনীয়া সমস্যা৷
২৬৷ পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ হ’ল—
ক) ব্ৰহ্মপুত্ৰ উপত্যকাৰ বনাপানী সমস্যা৷
খ) বিশাল ঔদ্যোগিক এলে‍কাত হোৱা পানী প্ৰদূষণ৷
২৭৷ পৰিৱেশৰ ভৌগোলিক সমস্যাৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: পৰিৱেশৰ ভৌগোলিক সমস্যাৰ দুটা উদাহৰণ হ’ল—
ক) গোলকীয় উত্তাপ বৃদ্ধি৷
খ) সাগৰপৃষ্ঠৰ উত্থান৷
২৮৷ মানুহৰ লগতে জীৱজগতৰ ব্যাপক ক্ষতিসাধন কৰা পৰিৱেশৰ যিকোনো দুটা সমস্যা উল্লেখ কৰা৷
উত্তৰ: মানুহৰ লগতে জীৱজগতৰ ব্যাপক ক্ষতিসাধন কৰা পৰিৱেশৰ দুটা সমস্যা হ’ল— মৰুকৰণ আৰু সাগৰপৃষ্ঠৰ উত্থান৷
২৯৷ প্ৰদূষণ বুলিলে কি বুজা?
উত্তৰ: অনিষ্টকাৰী পদাৰ্থই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বুলি কোৱা হয়৷
৩০৷ প্ৰদূষক মানে কি?
উত্তৰ: যিবিলাক পদাৰ্থ অস্বাভাৱিক মাত্ৰাত পৰিৱেশত মিহলি বা সংযোজিত হৈ পৰাৰ ফলত পৰিৱেশৰ প্ৰদূষণ ঘটে, সেইবিলাক পদাৰ্থকে প্ৰদূষক বুলি কোৱা হয়৷
৩১৷ প্ৰদূষকৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: প্ৰদূষকৰ দুটা উদাহৰণ হ’ল— ছালফাৰ-ডাই-অক্সাইড (SO2) আৰু কাৰ্বন মন’ক্সাইড (CO)৷
৩২৷ পৰিৱেশৰ প্ৰধান উপাদানকেইটা কি কি?
উত্তৰ: পৰিৱেশৰ প্ৰধান উপাদানকেইটা হ’ল— মাটি, পানী, বায়ু আৰু জীৱ৷
৩৩৷ মাটি প্ৰদূষণ বুলিলে কি বুজা?
উত্তৰ: মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজষ্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হৈ মাটিৰ স্বাভাৱিক গুণ বিনষ্ট হোৱাৰ লগতে উৰ্বৰতা কমি যোৱা অৱস্থাক মাটি প্ৰদূষণ বুলি কোৱা হয়৷
৩৪৷ মাটি প্ৰদূষণৰ মূল কাৰণ কি?
উত্তৰ: মাটি প্ৰদূষণৰ মূল কাৰণ হৈছে— আধুনিক কৃষিকাৰ্য, উদ্যোগৰ প্ৰসাৰ আৰু বননি ধ্বংসকাৰ্য৷
৩৫৷ ভূ-গৰ্ভস্থ পানী বুলিলে কি বুজা?
উত্তৰ: ভূ-পৃষ্ঠৰ তলত জমা হৈ থকা পানীভাগকেই ভূ-গৰ্ভস্থ পানী বা ভূ-গৰ্ভস্থ জল বুলি কোৱা হয়৷
৩৬৷ মাটি প্ৰদূষণৰ দুটা কাৰক উল্লেখ কৰা৷
উত্তৰ: মাটি প্ৰদূষণৰ দুটা কাৰক হ’ল—
ক) অধিক শস্য উৎপাদনৰ উদ্দেশ্যে প্ৰয়োগ কৰা অত্যধিক ৰাসায়নিক সাৰৰ প্ৰয়োগ৷
খ) খেতি-পথাৰৰ অনিষ্টকাৰী কীট-পতংগ ধ্বংস কৰিবৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক কীটনাশক দ্ৰব্যৰ প্ৰয়োগ৷
৩৭৷ বায়ুমণ্ডলত কোনবিধ গেছৰ পৰিমাণ সৰ্বাধিক?
উত্তৰ: বায়ুমণ্ডলত নাইট্ৰ’জেন গেছৰ পৰিমাণ সৰ্বাধিক৷
৩৮৷ স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত নাইট্ৰ’জেন গেছৰ পৰিমাণ কিমান?
উত্তৰ: স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত নাইট্ৰ’জেন গেছৰ পৰিমাণ ৭৮.০৮ শতাংশ৷
৩৯৷ স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত অক্সি‍জেন গেছৰ পৰিমাণ কিমান?
উত্তৰ: স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত অক্সি‍জেন গেছৰ পৰিমাণ ২০.৯৪ শতাংশ৷
৪০৷ বায়ু প্ৰদূষণ বুলিলে কি বুজা?
উত্তৰ: কোনো প্ৰকাৰে বায়ুমণ্ডলত অনিষ্টকাৰী পদাৰ্থ মিহলি হৈ ইয়াৰ স্বাভাৱিক গুণ আৰু ধৰ্মৰ পৰিৱৰ্তন ঘটোৱা কাৰ্যকে বায়ু প্ৰদূষণ বুলি কোৱা হয়৷
৪১৷ বায়ু প্ৰদূষণকাৰী প্ৰধান প্ৰাকৃতিক কাৰক কোনটো?
উত্তৰ: বায়ু প্ৰদূষণকাৰী প্ৰধান প্ৰাকৃতিক কাৰকটো হৈছে—আগ্নেয়গিৰি উদ্‌গীৰণ৷
৪২৷ মাউণ্ট পিনাটুব’ ক’ত অৱস্থিত?
উত্তৰ: মাউণ্ট পিনাটুব’ ফিলিপিন্‌ছত অৱস্থিত৷
৪৩৷ মাউণ্ট পিনাটুব’ৰ বৃহৎ উদ্‌গীৰণ কেতিয়া হৈছিল?
উত্তৰ: ১৯৯১ চনত মাউণ্ট পিনাটুব’ৰ বৃহৎ উদ্‌গীৰণ হৈছিল৷
৪৪৷ বায়ু প্ৰদূষণকাৰী দুটা প্ৰাকৃতিক কাৰকৰ উল্লেখ কৰা৷
উত্তৰ: বায়ু প্ৰদূষণকাৰী দুটা প্ৰাকৃতিক কাৰক হ’ল—আগ্নেয়গিৰি উদ্‌গীৰণ আৰু বনজুই৷
৪৫৷ বায়ু প্ৰদূষণকাৰী দুটা মানৱসৃষ্ট কাৰক উল্লেখ কৰা৷
উত্তৰ: বায়ু প্ৰদূষণকাৰী দুটা মানৱসৃষ্ট কাৰক হ’ল— শিল্প-উদ্যোগৰ প্ৰসাৰ আৰু যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ৷
৪৬৷ শিল্প বিপ্লৱৰ আৰম্ভণি ক’ত হৈছিল?
উত্তৰ: য়ুৰোপত শিল্প বিপ্লৱৰ আৰম্ভণি হৈছিল৷
৪৭৷ কেতিয়াৰ পৰা পৃথিৱীৰ বায়ুমণ্ডল প্ৰদূষিত হ’বলৈ আৰম্ভ কৰে?
উত্তৰ: শিল্প বিপ্লৱৰ পাছৰে পৰা পৃথিৱীৰ বায়ুমণ্ডল প্ৰদূষিত হ’বলৈ আৰম্ভ কৰে৷
৪৮৷ জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কি কি গেছৰ পৰিমাণ বৃদ্ধি পায়?
উত্তৰ: জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড, কাৰ্বন-মন’ক্সাইড, নাইট্ৰ’জেন-ডাই-অক্সাইড, ছালফাৰ-ডাই-অক্সাইড, হাইড্ৰ’কাৰ্বন আদি গেছৰ পৰিমাণ বৃদ্ধি পায়৷
৪৯৷ বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ এটা ভয়াৱহ পৰিণতি উল্লেখ কৰা৷
উত্তৰ: বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ এটা ভয়াৱহ পৰিণতি হ’ল— এচিড বৰষুণ৷
৫০৷ এচিড বৰষুণ কেনেকৈ সৃষ্টি হয়?
উত্তৰ: বায়ুমণ্ডলত মাত্ৰাধিক পৰিমাণত ছালফাৰ-ডাই-অক্সাইড আৰু নাইট্ৰ’জেন-ডাই-অক্সাইড মিহলি হ’লে এচিড বৰষুণৰ সৃষ্টি হয়৷
৫১৷ এচি‍ড বৰষুণৰ সমস্যাই দেখা দিয়া দুখন দেশৰ নাম লিখা৷
উত্তৰ: এচি‍ড বৰষুণৰ সমস্যাই দেখা দিয়া দুখন দেশ হ’ল— আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পূব কানাডা৷
৫২৷ পানী প্ৰদূষণ বুলিলে কি বুজা?
উত্তৰ: মিৰ্মল আৰু বি‍শুদ্ধ পানীত দূষিত পদাৰ্থ মিহলি হোৱাৰ ফলত পানীৰ স্বাভাৱিক গুণ বিনষ্ট হৈ ব্যৱহাৰৰ অনুপযোগী হোৱাকে পানী প্ৰদূষণ বুলি কোৱা হয়৷
৫৩৷ পানী প্ৰদূষণৰ দুটা কাৰক উল্লেখ কৰা৷
উত্তৰ: পানী প্ৰদূষণৰ দুটা কাৰক হ’ল— ঔদ্যোগিক আৱৰ্জনা আৰু কৃষিকাৰ্যত ব্যৱহৃত ৰাসায়নিক সাৰ৷
৫৪৷ ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া আৱৰ্জনাৰ দ্বাৰা প্ৰদূষিত হোৱা ভাৰতবৰ্ষৰ এখন প্ৰধান নদীৰ নাম লিখা৷
উত্তৰ: ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া আৱৰ্জনাৰ দ্বাৰা প্ৰদূষিত হোৱা ভাৰতবৰ্ষৰ এখন প্ৰধান নদী হ’ল গংগা৷
৫৫৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ নদীদৈৰ্ঘ্যৰ কিমান শতাংশ কৃষিজনিত কাৰকৰ দ্বাৰা প্ৰদূষিত হৈছে?
উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ নদীদৈৰ্ঘ্যৰ ৫৫ শতাংশ কৃষিজনিত কাৰকৰ দ্বাৰা প্ৰদূষিত হৈছে৷
৫৬৷ ইয়াংছি নদী কোন দেশত অৱস্থিত?
উত্তৰ: ইয়াংছি নদী চীন দেশত অৱস্থিত৷
৫৭৷ ইয়াংছি নদীৰ পানী কি দৰে প্ৰদূষিত হৈছে?
উত্তৰ: ইয়াংছি নদীৰ পাৰত থকা তিনি শতাধিক উদ্যোগৰ পৰা নিৰ্গত ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া আৱৰ্জনাৰ দ্বাৰা ইয়াৰ পানীভাগ প্ৰদূষিত হৈছে৷
৫৮৷ সাগৰৰ পানী প্ৰদূষণৰ এটা কাৰক উল্লেখ কৰা৷
উত্তৰ: সাগৰৰ পানী প্ৰদূষণৰ এটা কাৰক হ’ল— তেলবাহী জাহাজৰ দুৰ্ঘটনা৷
৫৯৷ মৰুভূমিৰ পৰিৱেশ কিয় শুকান?
উত্তৰ: মৰুভূমি অঞ্চলত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱনৰ পৰিমাণ অধিক বাবে ইয়াৰ পৰিৱেশ শুকান৷
৬০৷ মৰুভূমিসমূহে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ঠাই সামৰি লৈছে?
উত্তৰ: মৰুভূমিসমূহে পৃথিৱীৰ স্থলভাগৰ প্ৰায় ২০ শতাংশ ঠাই সামৰি লৈছে৷
৬১৷ শীতল মৰুভূমি বুলিলে কি বুজা?
উত্তৰ: মেৰু অঞ্চলৰ বৰফাবৃত অঞ্চলবোৰক শীতল মৰুভূমি বুলি কোৱা হয়৷
৬২৷ মৰুকৰণ কি?
উত্তৰ: মৰুভূমিৰ কাষৰীয়া উৎপাদনক্ষম অঞ্চলসমূহলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটা প্ৰক্ৰিয়াকে মৰুকৰণ বুলি কোৱা হয়৷
৬৩৷ চাহাৰা মৰুভূমি ক’ত অৱস্থিত?
উত্তৰ: চাহাৰা মৰুভূমি আফ্ৰিকাত অৱস্থিত৷
৬৪৷ ১৯৭৭ চনৰ মৰুকৰণ সম্বন্ধীয় ৰাষ্ট্ৰসংঘৰ অধিৱেশন ক’ত অনুষ্ঠি‍ত হৈছিল?
উত্তৰ: ১৯৭৭ চনৰ মৰুকৰণ সম্বন্ধীয় ৰাষ্ট্ৰসংঘৰ অধিৱেশন আফ্ৰিকা মহাদেশৰ নাইৰ’বিত অনুষ্ঠি‍ত হৈছিল৷
৬৫৷ ৰাষ্ট্ৰসংঘই আগবঢ়োৱা মৰুকৰণৰ সংজ্ঞাটো লিখা৷
উত্তৰ: ৰাষ্ট্ৰসংঘই আগবঢ়োৱা মৰুকৰণৰ সংজ্ঞাটো হ’ল— ‘‘মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বি‍নষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে৷’’
৬৬৷ সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ভূমি মৰুকৰণৰ কবলত পৰিছে?
উত্তৰ: সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ প্ৰায় ৩৫ শতাংশ ভূমি মৰুকৰণৰ কবলত পৰিছে৷
৬৭৷ মৰুকৰণৰ দুটা প্ৰাকৃতিক কাৰক উল্লেখ কৰা৷
উত্তৰ: মৰুকৰণৰ দুটা প্ৰাকৃতিক কাৰক হ’ল— খৰাং বতৰ আৰু উত্তাপ বৃদ্ধি৷
৬৮৷ মৰুকৰণৰ দুটা মানৱসৃষ্ট কাৰক উল্লেখ কৰা৷
উত্তৰ: মৰুকৰণৰ দুটা মানৱসৃষ্ট কাৰক হ’ল— অত্যধিক পশুচাৰণ আৰু বননি ধ্বংসকৰণ৷
৬৯৷ সম্প্ৰতি পৃথিৱীৰ কেইখন দেশৰ আপেক্ষিকভাৱে শুকান অঞ্চলবোৰ মৰুকৰণৰ সন্মুখীন হৈছে?
উত্তৰ: সম্প্ৰতি পৃথিৱীৰ ১০০ খন দেশৰ আপেক্ষিকভাৱে শুকান অঞ্চলবোৰ মৰুকৰণৰ সন্মুখীন হৈছে৷
৭০৷ কোনখন মহাদেশত মৰুকৰণৰ দ্বাৰা ক্ষতিগ্ৰস্ত ভূমিৰ পৰিমাণ অধিক?
উত্তৰ: উত্তৰ আমেৰিকা মহাদেশত মৰুকৰণৰ দ্বাৰা ক্ষতিগ্ৰস্ত ভূমিৰ পৰিমাণ অধিক৷
৭১৷ আমেৰিকা সহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে?
উত্তৰ: আমেৰিকা সহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ ২৭ শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে৷
৭২৷ দক্ষিণ আমেৰিকা মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে?
উত্তৰ: দক্ষিণ আমেৰিকা মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ ২২ শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে৷
৭৩৷ আফ্ৰিকা মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে?
উত্তৰ: আফ্ৰিকা মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ ১৮ শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে৷
৭৪৷ অষ্ট্ৰেলিয়া মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে?
উত্তৰ: অষ্ট্ৰেলিয়া মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ ৮ শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে৷
৭৫৷ এছিয়া মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে?
উত্তৰ: এছিয়া মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ ২০ শতাংশ মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে৷
৭৬৷ বায়ুমণ্ডল আৰু ভূ-পৃষ্ঠৰ উত্তাপৰ উৎস কি?
উত্তৰ: বায়ুমণ্ডল আৰু ভূ-পৃষ্ঠৰ উত্তাপৰ উৎস হ’ল সূৰ্য৷
৭৭৷ ভূ-পৃষ্ঠলৈ অহা সৌৰশক্তিৰ কিমান শতাংশক মেঘ আৰু ভূ-পৃষ্ঠই প্ৰতি‍ফলিত কৰে?
উত্তৰ: ভূ-পৃষ্ঠলৈ অহা সৌৰশক্তিৰ ৩০ শতাংশক মেঘ আৰু ভূ-পৃষ্ঠই প্ৰতি‍ফলিত কৰে৷
৭৮৷ ভূ-পৃষ্ঠলৈ অহা সৌৰশক্তিৰ কিমান শতাংশক বায়ুমণ্ডলে শুহি লয়?
উত্তৰ: ভূ-পৃষ্ঠলৈ অহা সৌৰশক্তিৰ ১৯ শতাংশক বায়ুমণ্ডলে শুহি লয়৷
৭৯৷ ভূ-পৃষ্ঠলৈ অহা সৌৰশক্তিৰ কিমান শতাংশ লীন তাপ হিচাপে বায়ুমণ্ডললৈ যায়?
উত্তৰ: ভূ-পৃষ্ঠলৈ অহা সৌৰশক্তিৰ ৫১ শতাংশ লীন তাপ হিচাপে বায়ুমণ্ডললৈ যায়৷
৮০৷ কোনবোৰ গেছে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখে?
উত্তৰ: কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদি গেছে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখে৷
৮১৷ সেউজ গৃহ গেছ বুলিলে কি বুজা?
উত্তৰ: কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদি গেছসমূহক সেউজ গৃহ গেছ বুলি কোৱা হয়৷
৮২৷ বায়ুমণ্ডলত সেউজ গৃহ গেছসমূহৰ মুঠ পৰিমাণ কিমান শতাংশ?
উত্তৰ: বায়ুমণ্ডলত সেউজ গৃহ গেছসমূহৰ মুঠ পৰিমাণ ০.১ শতাংশ৷
৮৩৷ বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হ’লে বায়ুমণ্ডলৰ উত্তাপৰ কি ধৰণে পৰিৱৰ্তন ঘটে?
উত্তৰ: বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি হ’লে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পায়৷
৮৪৷ বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত কোনবিধ সেউজ গৃহ গেছৰ ভূমিকা সৰ্বাধিক?
উত্তৰ: বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত কাৰ্বন-ডাই-অক্সাইড গেছৰ ভূমিকা সৰ্বাধিক৷
৮৫৷ যোৱা ১৫০ বছৰৰ ভিতৰত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ কিমান বৃদ্ধি হৈছে?
উত্তৰ: যোৱা ১৫০ বছৰৰ ভিতৰত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ ৩০ শতাংশ বৃদ্ধি হৈছে৷
৮৬৷ শিল্প বিপ্লৱৰ পূৰ্বৰ অৱস্থাতকৈ ভূ-পৃষ্ঠৰ গড় উত্তাপ কিমান বৃদ্ধি পাইছে?
উত্তৰ: শিল্প বিপ্লৱৰ পূৰ্বৰ অৱস্থাতকৈ ভূ-পৃষ্ঠৰ গড় উত্তাপ ০.৭৬° চেল্‌ছিয়াছ বৃদ্ধি পাইছে৷
৮৭৷ চলিত শতিকাৰ শেষলৈ ভূ-পৃষ্ঠৰ গড় উত্তাপ কিমান বাঢ়িব বুলি অনুমান কৰা হৈছে?
উত্তৰ: চলিত শতিকাৰ শেষলৈ ভূ-পৃষ্ঠৰ গড় উত্তাপ ৫.৮° চেল্‌ছিয়াছ বাঢ়িব বুলি অনুমান কৰা হৈছে৷
৮৮৷ বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰা দুটা সমস্যা উল্লেখ কৰা৷
উত্তৰ: বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে সৃষ্টি কৰা দুটা সমস্যা হ’ল— মৰুকৰণ আৰু সাগৰপৃষ্ঠৰ উত্থান৷
৮৯৷ গোলকীয় উত্তাপ বৃদ্ধিৰ ভয়াৱহ ভৱিষ্যৎ পৰিণতি কি?
উত্তৰ: গোলকীয় উত্তাপ বৃদ্ধিৰ ভয়াৱহ ভৱিষ্যৎ পৰিণতি হৈছে— সাগৰপৃষ্ঠৰ উত্থানৰ ফলত ভূ-পৃষ্ঠৰ উপকূল অঞ্চলৰ প্ৰায় ৫ নিযুত বৰ্গ কিল’মিটাৰ এলেকা পানীত বুৰ যাব৷
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ