ফুলকোঁৱৰৰ গীত— অংকুৰণ পঞ্চম শ্ৰেণী

ফুলকোঁৱৰ

পাঠভিত্তিক ক্ৰিয়া 

campaign গীতটো লগে-ভাগে গাওঁ আৰু আবৃত্তি কৰোঁ আহা
উত্তৰ:
import_contacts গীতটোৰ কাহিনীভাগ নিজৰ কথাৰে সজাই-পৰাই কোৱা 
উত্তৰ: এখন ফুলনিত এজনী মালিনী আছিল। তাই ফুলবোৰৰ বৰ যত্ন লৈছিল। ফুলৰ পুলি ৰোৱা, সাৰ-পানী দিয়া, এইবোৰ কৰি তাই ফুলনিখন ধুনীয়াকৈ ৰাখিছিল। এইবোৰ আছিল বাৰ বছৰৰ আগৰ কথা। কিন্তু এতিয়া বাৰ বছৰ ধৰি ফুলনিখনৰ ফুলবোৰ শুকাই আছে। মালিনীয়ে প্ৰতিদিনে সাৰ-পানী দিও ফুলনিখনৰ ফুলবোৰ ফুলাব  পৰা নাই। সেইবাবে মালিনীৰ বৰ দুখ। সকলোৱে ফুলনিখন দেখিলে বৰ দুখ কৰে আৰু মালিনীক সান্ত্বনা দিয়ে। 

তেনেতে এদিন হঠাৎ কাঠৰ পখী ঘোঁৰাত উঠি বহু দূৰৰ পৰা এজন ফুলকোঁৱৰ ফুলনিখনলৈ আহিল। পখীঘোঁৰাত অহাৰ বাবে তেওঁ ছমাহৰ বাট এদিনতে অতিক্ৰম কৰি আহিব পাৰিছে। আহিয়েই তেওঁ মালিনীৰ ফুলনিখনত পৰিল। তেওঁ ঘোঁৰাৰ পৰা নামি আহি ভৰিৰে টিপা মৰাৰ লগে লগে ফুলনিখনৰ সেউতী, মালতী, তগৰ, গুটিমালী আদি ফুলবোৰে শিপা মেলিলে। তাৰ পাছত ফুলকোঁৱৰে মুখেৰে শংখ বজোৱাত ফুলবোৰে পোখা মেলিলে। ফুলকোঁৱৰে শাল মাৰোঁতে‍ফুলবোৰে ডাল মেলিবলৈ ধৰিলে। তাৰ পাছত তেওঁ সকলো ফুললৈ চলি মাৰিলে। তেতিয়া ফুলবোৰে কলি পেলালে। তাৰ পাছত ফুলকোঁৱৰে শূল মাৰোঁতে‍ সকলো ফুল ফুলি উঠিল। ফুলবোৰ দেখি মালিনী আৰু ফুলকোঁৱৰ দুয়ো বৰ সুখী হল। দুয়োজনে ফুলবোৰ চাই আত্মবিভোৰ হৈ থাকোঁতে বাটৰুৱাসকলেও ফুলবোৰ দেখি তবধ মানিলে। সকলোৱে বাৰ বছৰে শুকাই থকা ফুলনিখন সজীৱ হৈ পৰা দেখি মালিনীক অভিনন্দন জনালে। 

menu_book তলৰ শব্দবোৰৰ অৰ্থ গছৰ পাতৰ পৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা

পৰিপাটি

শংখ

জোঙা অস্ত্ৰ

আঙুলি বা হাতেৰে মৰা চেপা

চাঁচি এৰুওৱা পাতল কাঠ

এমূৰ-জোঙা চুটি খুঁটি

ভাগ্য/অৱস্থা


উত্তৰ:

 
শব্দঅৰ্থ
টিপাআঙুলি বা হাতেৰে মৰা চেপা
শালএমূৰ জোঙা চুটি খুঁটি‍
চলিচাঁচি এৰুওৱা পাতল কাঠ
শূলজোঙা অস্ত্ৰ
দশাভাগ্য/অৱস্থা
শঁখাশংখ
তমস্কাৰপৰিপাটি

psychology উত্তৰ দিয়া
(ক) ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল?
উত্তৰ: ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল
(খ) ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ ত পৰিছিল?
উত্তৰ: ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ মালিনীৰ বাৰীত পৰিছিল
(গ) ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে?
উত্তৰ: ফুলকোঁৱৰে কাঠৰ পখীঘোঁৰাত উঠি গৈ ছমাহৰ বাট এদিনতে পালে
(ঘ) ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে?
উত্তৰ: ফুলনিখনৰ ফুলবোৰ ফুলকোঁৱৰে ফুলালে
psychology বুজাই লিখা

(ক) ই বোলে মালিনী   

সি বোলে মালিনী

তোৰ দশা ভাল হ

গীতফাকিত মালিনী কাক বোলা হৈছে? মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে?
উত্তৰ: গীতফাকিত ফুলনিখনৰ গৰাকীক মালিনীবোলা হৈছে।  মালিনীৰ ফুলনিখন বাৰ বছৰ ধৰি শুকাই আছিল। এতিয়া ফুলকোঁৱৰৰ বাবে ফুলনিখনৰ ফুলবোৰ ফুলি উঠিছে। সেয়ে মালিনীৰ দশা ভাল হোৱা বুলি কৈছে
(খ) ফুলকোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল?
উত্তৰ: ফুলকোঁৱৰে ভৰিৰে টিপা মাৰোঁতে‍ ফুলগছবোৰে শিপা মেলিছিল। মুখেৰে শঁখা বজাওঁতে ফুলবোৰে পোখা মেলিছিল। ফুলকোঁৱৰে শাল মাৰোঁতে‍ ফুলবোৰে ডাল মেলিছিল। ফুলকোঁৱৰে চলি মাৰোঁতে ফুলবোৰে কলি পেলাইছিল। ফুলকোঁৱৰে শূল মাৰোঁতে ফুলবোৰ ফুলি উঠিছিল। এনেদৰে ফুলকোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন ফুলি তমস্কাৰ হৈছিল
(গ) শিপা ধৰাৰ পৰা কি কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল?
উত্তৰ: ফুলবোৰে শিপা ধৰাৰ পাছত পোখা মেলিছিল। তাৰ পাছত কলি পেলাইছিল। শেষত ফুলবোৰ ফুলি উঠিছিল
(ঘ) বাৰ বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ?
উত্তৰ:  ফুলকোঁৱৰে ফুলনিখনলৈ আহি ভৰিৰে টিপা মাৰোঁতে ফুলগছবোৰে শিপা মেলিলে। মুখেৰে শঁখা বজাওঁতে ফুলবোৰে পোখা মেলিলে। ফুলকোঁৱৰে শাল মাৰোঁতে ফুলবোৰে ডাল মেলিলে। ফুলকোঁৱৰে চলি মাৰোঁতে ফুলবোৰে কলি পেলালে।ফুলকোঁৱৰে শূল মাৰোঁতে ফুলবোৰ ফুলি উঠিল। এনেদৰে বাৰ বছৰীয়া শুকান ফুলৰ বাৰীখন সলনি হল। 
 ’ অংশৰ লগত ’ অংশ মিলাই লিখা


‘ক’ অংশ‘খ’ অংশ
(ক) জেউতি চৰিলেফুলৰে তিৰ্‌বিৰ্‌ দেখি।
(খ) ফুলনিবাৰীত থাকোঁতে কোঁৱৰেসৱেও পেলালে কলি।
(গ) কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰেইপাহি সিপাহি লেখি,
(ঘ) তগৰ গুটিমালীউৰি যাওঁ উৰি যাওঁ কৰিল,
(ঙ) কৰে হৰি হৰি‍সৱালৈ মাৰিলে শাল,

উত্তৰ:
‘ক’ অংশ‘খ’ অংশ
(ক) জেউতি চৰিলেউৰি যাওঁ উৰি যাওঁ কৰিল,
(খ) ফুলনিবাৰীত থাকোঁতে কোঁৱৰেইপাহি সিপাহি লেখি,
(গ) কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰেসৱালৈ মাৰিলে শাল,
(ঘ) তগৰ গুটিমালীসৱেও পেলালে কলি।
(ঙ) কৰে হৰি হৰি‍ফুলৰে তিৰ্‌বিৰ্‌ দেখি।


ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

গীতটোৰ পৰা চন্দ্ৰবিন্দু (৺) থকা শব্দবোৰ বাছি উলিয়াই লিখা আৰু শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ শিকা

উত্তৰ: গীতটোত চন্দ্ৰবিন্দু থকা শব্দবোৰ হল—

শব্দশুদ্ধ উচ্চাৰণ
ঘোঁৰা
ফুলকোঁৱৰে‍
শঁখা
থাকোঁতে‍
কোঁৱৰে‍

শুদ্ধ শব্দ বহুৱাই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা

(ক) ........ সদাই স্কুললৈ যাওঁ। (সি/ মই )

(খ) ৰতনে সদায় ফুটবল .......... (খেলে/ খেলিছিল)

(গ) গোলাপ ফুলপাহি .......... ৰঙা। (ধক্‌ধকীয়া/ টিক্‌টিকীয়া)

উত্তৰ: 

(ক) মই সদাই স্কুললৈ যাওঁ

(খ) ৰতনে সদায় ফুটবল খেলে

(গ) গোলাপ ফুলপাহি টিক্‌টিকীয়া ৰঙা

গীতটিত ব্যৱহাৰ হোৱা তলত দিয়া  শব্দবোৰৰ বৰ্তমান ৰূপ লিখা

কৰিল, শঁখা, সৱালৈ, একেদিনে, সৱেও,  বজাল


উত্তৰ:
পুৰণি‍ ৰূপবৰ্তমান ৰূপ
কৰিলকৰিলে
শঁখাশংখ
সৱালৈসকলোলৈ
একেদিনে‍এদিনতে
সৱেওসকলোৱে
বজালবজালে

তলৰ গীতফাকিৰ পৰা বিশেষ্য পদকেইটা বাছি উলিওৱা
কাঠৰ পখী ঘোঁৰা                         জেউতি চৰিলে
উৰি যাওঁ উৰি যাওঁ কৰিল,
ছমাহৰ বাটকে                 যায়  একেদিনে
মালিনীৰ বাৰীতে পৰিল
কাঠৰ পখী ঘোঁৰা      এৰি ফুলকোঁৱৰে
  ভৰিৰে মাৰিলে টিপা
সেউতী মালতী                 তগৰ গুটিমালী
  সৱেও ধৰিলে শিপা
উত্তৰ: গীতফাকিত থকা বিশেষ্য পদবোৰ হল—
পখী ঘোঁৰা,  মালিনী, সেউতী, মালতী, তগৰ, গুটিমালী আৰু ফুলকোঁৱৰ 


জ্ঞান সম্প্ৰসাৰণ

* শঙ্খ এবিধ মুখেৰে বজোৱা বাদ্য। মুখেৰে আৰু কি কি বাদ্য বজাব পাৰি?
উত্তৰ: বাঁহী, পেঁপা, গগনা, সুতুলী আদি বাদ্য মুখেৰে বজাব পাৰি

কেইটামান লোকগীত গাওঁ আহা
নিচুকনি গীত
আমাৰে মইনা শুব এ
বাৰীতে বগৰী ৰুব এ
বাৰীৰে বগৰী পকী সৰিব 
মইনাই বুটলি খাব
 
 
বিয়ানাম
মাৰাৰ অলঙ্কাৰ 
থোৱা কাতি কৰি
ঐ ৰাম দেউতাৰাৰ অলঙ্কাৰ থোৱা হে
ৰামচন্দ্ৰই পঠাইছে
সুবৰ্ণৰ অলঙ্কাৰ 
ঐ ৰাম, হাতে যোৰে কৰি লোৱা হে
 
বিহুগীত 
তে গৈয়ে গৈয়ে 
'হাগে পালেহি
ফুলিলে ভেবেলীলতা 
কৈ থাকোঁ মানে ওৰকে নপৰে
আমাৰে বিহুটিৰ কথা
 
বনগীত 
পক ধানৰ মাজে মাজে সৰু সৰু আলি ঐ
সৰু সৰু আলি 
আলিত পৰি গীত জোৰে জাক বালিমাহী সৰু 
সৰু সৰু আলি ঐ 
সৰু সৰু আলি

আবৃত্তি কৰোঁ আহা
ককা আৰু নাতি-লৰা
প্ৰকল্প
তোমালোকৰ অঞ্চলত প্ৰচলিত লোকগীত আৰু স্থানীয় গীতসমূহ সংগ্ৰহ কৰি লিখা
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ