ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ— সমাজ বি‍জ্ঞান (X) অতি চমু প্ৰশ্নোত্তৰ



১৷ ইংগো-ব্ৰহ্মী যুদ্ধ কেতিয়া হৈছিল?
বা
ইংৰাজ আৰু মানৰ মাজত যুদ্ধ কেতিয়া হৈছিল?
উত্তৰ: ইংগো-ব্ৰহ্মী যুদ্ধ ১৮২৫ চনত হৈছিল৷
২৷ য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰ: ১৮২৬ চনত ২৪ ফেব্ৰুৱাৰিত য়াণ্ডাবু সন্ধি হৈছিল৷
৩৷ য়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল?
উত্তৰ: ব্ৰহ্মদেশ (ম্যানমাৰ)-ৰ ৰজা আৰু ব্ৰিটিছৰ মাজত য়াণ্ডাবু সন্ধি হৈছিল৷
৪৷ কেতিয়াৰ পৰা ব্ৰিটিছে অসম শাসন কৰিবলৈ লয়?
উত্তৰ: ১৮২৬ চনৰ য়াণ্ডাবু সন্ধিৰ পাছৰ পৰাই ব্ৰিটিছে অসম শাসন কৰিবলৈ লয়৷
৫৷ চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰ: ১৮৫৭ চনত চিপাহী বিদ্ৰোহ হৈছিল৷
৬৷ কিমান চনত জাৰি কৰা ইংলেণ্ডৰ ৰাণীৰ ঘোষণাপত্ৰ অনুসৰি ভাৰতবৰ্ষ ইংলেণ্ডৰ ৰাণীৰ অধীনলৈ গৈছিল?
উত্তৰ: ১৮৫৮ চনত জাৰি কৰা ইংলেণ্ডৰ ৰাণীৰ ঘোষণাপত্ৰ অনুসৰি ভাৰতবৰ্ষ ইংলেণ্ডৰ ৰাণীৰ অধীনলৈ গৈছিল৷
৭৷ কোনছোৱা কালক কোম্পানিৰ দিন বা কোম্পানিৰ আমোল বুলি কোৱা হয়?
উত্তৰ: ১৮২৬ চনৰ পৰা ১৮৫৮ চনৰ মাজৰ সময়ছোৱাক কোম্পানিৰ দিন বা কোম্পানিৰ আমোল বুলি কোৱা হয়৷
৮৷ জ্ঞান প্ৰদায়িনী সভা কেতিয়া গঠন হৈছিল?
উত্তৰ: জ্ঞান প্ৰদায়িনী সভা ১৮৫৭ চনত গঠন হৈছিল৷
৯৷ কাৰ কাৰ নেতৃত্বত জ্ঞান প্ৰদায়িনী সভা গঠন হৈছিল?
উত্তৰ: আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ নেতৃত্বত জ্ঞান প্ৰদায়িনী সভা গঠন হৈছিল৷
১০৷ কেতিয়াৰ পৰা অসমত চৰকাৰী ভাষা হিচাপে বাংলা ভাষাৰ প্ৰচলন হৈছিল?
উত্তৰ: ১৮৩৬ চনৰ পৰা অসমত চৰকাৰী ভাষা হিচাপে বাংলা ভাষাৰ প্ৰচলন হৈছিল৷
১১৷ কেতিয়া অসমীয়া ভাষাই অসমত চৰকাৰী ভাষা হিচাপে স্বীকৃতি পাইছিল?
উত্তৰ: ১৮৭৩ চনত অসমীয়া ভাষাই অসমত চৰকাৰী ভাষা হিচাপে স্বীকৃতি পাইছিল৷
১২৷ অসমীয়া লিটাৰেৰী ছ’চাইটি কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৮৭২ চনত অসমীয়া লিটাৰেৰী ছ’চাইটি গঠন কৰা হৈছিল৷
১৩৷ কাৰ কাৰ নেতৃত্বত অসমীয়া লিটাৰেৰী ছ’চাইটি গঠন হৈছিল?
উত্তৰ: দেৱীচৰণ বৰুৱা আৰু গুণগোৱি‍ন্দ ফুকনৰ নেতৃত্বত অসমীয়া লিটাৰেৰী ছ’চাইটি গঠন হৈছিল৷
১৪৷ অসমীয়া লিটাৰেৰী ছ’চাইটি গঠনৰ প্ৰধান উদ্দেশ্য কি আছিল?
উত্তৰ: অসমীয়া লিটাৰেৰী ছ’চাইটি গঠনৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা কৰা৷
১৫৷ ‘লিটাৰেৰী ছ’চাইটি’-ৰ হৈ কোন দুজন ব্যক্তিয়ে লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰকপত্ৰ দাখিল কৰিছিল?
উত্তৰ: ‘লিটাৰেৰী ছ’চাইটি’-ৰ হৈ জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰকপত্ৰ দাখিল কৰিছিল৷
১৬৷ ‘লিটাৰেৰী ছ’চাইটি’ কেতিয়ালৈকে সক্ৰিয় হৈ আছিল?
উত্তৰ: ১৮৮৫ চনলৈকে ‘লিটাৰেৰী ছ’চাইটি’ সক্ৰিয় হৈ আছিল৷
১৭৷ অ: ভা: উ: সা: স:-ৰ সম্পূৰ্ণ ৰূপটো লিখা৷
উত্তৰ: অ: ভা: উ: সা: স:-ৰ সম্পূৰ্ণ ৰূপটো হ’ল অসমীয়া ভাষা উন্নতি সাধিনী সভা৷
১৮৷ অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল৷
১৯৷ অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠনৰ উদ্দেশ্য কি আছিল?
উত্তৰ: অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠনৰ উদ্দেশ্য আছিল—অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতি সাধন কৰা৷
২০৷ হেমকোষ কি?
উত্তৰ: হেমকোষ হৈছে অসমীয়া ভাষাৰ এখন অভিধান৷
২১৷ হেমকোষ কোনে প্ৰণয়ন কৰিছিল?
উত্তৰ: হেমচন্দ্ৰ বৰুৱাই হেমকোষ প্ৰণয়ন কৰিছিল৷
২২৷ অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰকাশ কৰি উলিওৱা আলোচনীখনৰ নাম কি?
উত্তৰ: অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰকাশ কৰি উলিওৱা আলোচনীখনৰ নাম ‘জোনাকী’৷
২৩৷ প্ৰথম অসমীয়া বাৰ্তালোচনীখনৰ নাম কি?
উত্তৰ: প্ৰথম অসমীয়া বাৰ্তালোচনীখনৰ নাম হ’ল ‘অৰুণোদই’৷
২৪৷ কেতিয়াৰ পৰা ‘অৰুণোদই’ প্ৰকাশ পাইছিল?
উত্তৰ: ১৮৪৬ চনৰ পৰা ‘অৰুণোদই’ প্ৰকাশ পাইছিল৷
২৫৷ কেতিয়াৰ পৰা ‘জেনাকী’ প্ৰকাশ পাইছিল?
উত্তৰ: ১৮৮৯ চনৰ ফেব্ৰুৱাৰি মাহৰ পৰা ‘জেনাকী’ আলোচনী প্ৰকাশ পাইছিল৷
২৬৷ ‘জোনাকী’-ৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ: ‘জোনাকী’-ৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা৷
২৭৷ জোনাকীৰ প্ৰথম সংখ্যাত ৰাজনৈতিক বিষয়ৰ সম্পৰ্কত কি কথা স্পষ্ট কৰা হৈছিল?
উত্তৰ: জোনাকীৰ প্ৰথম সংখ্যাত ৰাজনৈতিক বিষয়ৰ সম্পৰ্কত এই কথা স্পষ্ট কৰা হৈছিল যে ৰাজনীতিৰ পৰা ই সম্পূৰ্ণ মুক্ত হৈ থাকিব৷
২৮৷ ‘জোনাকী’ আলোচনীত অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় প্ৰবন্ধ লিখা দুজন ব্যক্তিৰ নাম লিখা৷
উত্তৰ: ‘জোনাকী’ আলোচনীত অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় প্ৰবন্ধ লিখা দুজন ব্যক্তিৰ নাম হ’ল— কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্য৷
২৯৷ অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৯১৬ চনত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল৷
৩০৷ অসম ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰ: অসম ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল— অসমীয়া ভাষাৰ উন্নতি সাধন কৰা৷
৩১৷ অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশনৰ সভাপতি কোন আছিল?
উত্তৰ: অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন অধিৱেশনৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা৷
৩২৷ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল?
উত্তৰ: অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিল ‘মিলন’৷
৩৩৷ তেজপুৰ ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: তেজপুৰ ৰায়ত সভা ঊনবিংশ শতিকাৰ শেষৰ ফালে গঠন কৰা হৈছিল৷
৩৪৷ নগাঁও ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: নগাঁও ৰায়ত সভা ঊনবিংশ শতিকাৰ শেষৰ ফালে গঠন কৰা হৈছিল৷
৩৫৷ ঊনৈছ শতিকাৰ শেষৰ ফালে গঠি‍ত হোৱা ৰায়ত সভা দুখন কি কি?
উত্তৰ: ঊনৈছ শতিকাৰ শেষৰ ফালে গঠি‍ত হোৱা ৰায়ত সভা দুখন হ’ল— তেজপুৰ ৰায়ত সভা আৰু নগাওঁ ৰায়ত সভা৷
৩৬৷ তেজপুৰ ৰায়ত সভা গঠনত আৰু কাৰ্যসূচী ৰূপায়ণত মুখ্য ভূমিকা পালন কৰা তিনিগৰাকী ব্যক্তিৰ নাম লিখা৷
উত্তৰ: তেজপুৰ ৰায়ত সভা গঠনত আৰু কাৰ্যসূচী ৰূপায়ণত মুখ্য ভূমিকা পালন কৰা তিনিগৰাকী ব্যক্তি হ’ল— লক্ষ্মীকান্ত বৰকাকতি, হৰিবিলাস আগৰৱালা আৰু লম্বোদৰ বৰা৷
৩৭৷ ৰায়ত সভাৰ উদ্দেশ্য কি আছিল?
উত্তৰ: ৰায়ত সভাৰ উদ্দেশ্য আছিল— কৃষকৰ বিভিন্ন সমস্যাৰ সমাধান কৰা৷
৩৮৷ কোনছোৱা কালত অসমত কৃষক বিদ্ৰোহসমূহ সংঘটিত হৈছিল?
উত্তৰ: ১৮৬১-১৮৯৩-ৰ কালছোৱাত অসমত কৃষক বিদ্ৰোহসমূহ সংঘটিত হৈছিল৷
৩৯৷ আইন অমান্য আন্দোলনৰ সময়ছোৱাত কিহৰ তত্ত্বাৱধানত ৰায়ত সভাসমূহ পুনৰ সক্ৰিয় হৈ উঠিছিল?
উত্তৰ: আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত ৰায়ত সভাসমূহ পুনৰ সক্ৰিয় হৈ উঠিছিল৷
৪০৷ আইন অমান্য আন্দোলনৰ সময়ছোৱাত যথেষ্ট শক্তিশালী হৈ পৰা দুখন ৰায়ত সভাৰ নাম লিখা৷
উত্তৰ: আইন অমান্য আন্দোলনৰ সময়ছোৱাত যথেষ্ট শক্তিশালী হৈ পৰা দুখন ৰায়ত সভা হ’ল— নদুৱাৰ ৰায়ত সভা আৰু ছয়দুৱাৰ ৰায়ত সভা৷
৪১৷ অসমত ৰায়ত সভাই ভূমি ৰাজহ কিমান শতাংশ হ্ৰাসৰ বাবে আৱেদন জনাইছিল?
উত্তৰ: অসমত ৰায়ত সভাই ভূমি ৰাজহ ৫০ শতাংশ হ্ৰাসৰ বাবে আৱেদন জনাইছিল৷
৪২৷ সদৌ অসম ৰায়ত সভা কেতিয়া গঠন হৈছিল?
উত্তৰ: সদৌ অসম ৰায়ত সভা ১৯৩৩ চনত গঠন হৈছিল৷
৪৩৷ সদৌ অসম ৰায়ত সভা গঠনৰ মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰ: সদৌ অসম ৰায়ত সভা গঠনৰ মুখ্য উদ্দেশ্য আছিল— ৰায়ত সভাসমূহক অধিক সক্ৰিয় আৰু শক্তিশালী কৰা৷
৪৪৷ সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশন ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ: সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশন যোৰহাটৰ টিলিকি আমত ১৯৩৩ চনত অনুষ্ঠিত হৈছিল৷
৪৫৷ সদৌ অসম ৰায়ত সভাৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ: সদৌ অসম ৰায়ত সভাৰ প্ৰথম সভাপতি আছিল নবীন চন্দ্ৰ বৰদলৈ৷
৪৬৷ সদৌ অসম ৰায়ত সভাৰ দেৰগাঁও অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ: সদৌ অসম ৰায়ত সভাৰ দেৰগাঁও অধিৱেশন ১৯৩৪ চনত অনুষ্ঠিত হৈছিল৷
৪৭৷ সদৌ অসম ৰায়ত সভাৰ দেৰগাঁও অধিৱেশনত কিমান কৃষকে অংশগ্ৰহণ কৰিছিল?
উত্তৰ: সদৌ অসম ৰায়ত সভাৰ দেৰগাঁও অধিৱেশনত প্ৰায় ৩,০০০ কৃষকে অংশগ্ৰহণ কৰিছিল৷
৪৮৷ সদৌ অসম ৰায়ত সভাৰ দেৰগাঁও অধিৱেশনত সভাপতি কোন আছিল?
উত্তৰ: সদৌ অসম ৰায়ত সভাৰ দেৰগাঁও অধিৱেশনত সভাপতি আছিল ডা: হৰেকৃষ্ণ দাস৷
৪৯৷ ১৯৩৪-৩৯-ৰ কালছোৱাত অসমত কিমানখন ৰায়ত সভা গঠন হৈছিল?
উত্তৰ: ১৯৩৪-৩৯-ৰ কালছোৱাত অসমত প্ৰায় ৩০০ খন ৰায়ত সভা গঠন হৈছিল৷
৫০৷ কেতিয়াৰ পৰা ৰায়ত সভাসমূহৰ কাম-কাজ নোহোৱা হৈ পৰিছিল?
উত্তৰ: ১৯৩৯ চনত কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাৰ পৰা ৰায়ত সভাসমূহৰ কাম-কাজ নোহোৱা হৈ পৰিছিল৷
৫১৷ আহোম সভা কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: আহোম সভা ১৮৯৩ চনত গঠন কৰা হৈছিল৷
৫২৷ কাৰ নেতৃত্বত আহোম সভা গঠন হৈছিল?
উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱাৰ নেতৃত্বত আহোম সভা গঠন হৈছিল৷
৫৩৷ আহোম সভাৰ প্ৰথম অধিৱেশন ক’ত আৰু কেতিয়া হৈছিল?
উত্তৰ: আহোম সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰ জিলাত, ১৮৯৩ চনত অনুষ্ঠিত হৈছিল৷
৫৪৷ আহোম সভাৰ সম্পাদক কোন  আছিল?
উত্তৰ: আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঞিবৰুৱা৷
৫৫৷ পদ্মনাথ গোহাঞিবৰুৱা কিমান বছৰৰ বাব‍ে আহোম সভাৰ সম্পাদক হৈ আছিল?
উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱা ৪০ বছৰৰ বাব‍ে আহোম সভাৰ সম্পাদক হৈ আছিল৷
৫৬৷ আহোম সভা কিয় গঠন কৰা হৈছিল?
উত্তৰ: আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰথেনৈতিক, শৈক্ষিক, সাংস্কৃতিক উন্নতিৰ বাবে আহোম সভা গঠন কৰা হৈছিল৷
৫৭৷ আহোম সভাক পাছলৈ কি বুলি নামকৰণ কৰা হৈছিল?
উত্তৰ: আহোম সভাক পাছলৈ ‘সদৌ অসম আহোম এছ’চিয়েছন’ হিচাপে নামকৰণ কৰা হৈছিল৷
৫৮৷ ‘আহোম সভা’-ক কেতিয়া ‘সদৌ অসম আহোম এছ’চিয়েছন’ নামকৰণ কৰা হৈছিল?
উত্তৰ: ‘আহোম সভা’-ক ১৯১০ চনত ‘সদৌ অসম আহোম এছ’চিয়েছন’ নামকৰণ কৰা হৈছিল৷
৫৯৷ সদৌ অসম আহোম এছ’চিয়েছনৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী উল্লেখ কৰা৷
উত্তৰ: সদৌ অসম আহোম এছ’চিয়েছনৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী হ’ল— আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা৷
৬০৷ সদৌ অসম আহোম এছ’চিয়েছনত কেতিয়াৰ পৰা বিভাজনৰ সৃষ্টি হৈছিল?
উত্তৰ: সদৌ অসম আহোম এছ’চিয়েছনত ১৯৪১ চনৰ পৰা বিভাজনৰ সৃষ্টি হৈছিল৷
৬১৷ কিহৰ দ্বাৰা অনুপ্ৰাণিত হৈ একাংশ সদস্য সদৌ অসম আহোম এছ’চিয়েছনৰ পৰা ওলাই গৈছিল?
উত্তৰ: জাতীয় কংগ্ৰেছৰ দ্বাৰা অনুপ্ৰাণিত হৈ একাংশ সদস্য সদৌ অসম আহোম এছ’চিয়েছনৰ পৰা ওলাই গৈছিল৷
৬২৷ সদৌ অসম আহোম এছ’চিয়েছনৰ পৰা ওলাই যোৱা সদস্যসকলে নতুনকৈ কি সংগঠনৰ জন্ম দিছিল?
উত্তৰ: সদৌ অসম আহোম এছ’চিয়েছনৰ পৰা ওলাই যোৱা সদস্যসকলে নতুনকৈ ‘জাতীয়তাবাদী আহোম সন্মিলন’ নামৰ সংগঠনটোৰ জন্ম দিছিল৷
৬৩৷ কেতিয়াৰ পৰা আহোম এছ’চিয়েছন ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল?
উত্তৰ: ১৯৫০ চনৰ পৰা আহোম এছ’চিয়েছন ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল৷
৬৪৷ যোৰহাট সাৰ্বজনিক সভা কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৮৮৪ চনত যোৰহাট সাৰ্বজনিক সভা গঠন কৰা হৈছিল৷
৬৫৷ যোৰহাট সাৰ্বজনিক সভা কাৰ নেতৃত্বত গঠন হৈছিল?
উত্তৰ: জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা গঠন হৈছিল৷
৬৬৷ যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক সভাপতি কোন?
উত্তৰ: যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ৷
৬৭৷ যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক সম্পাদক কোন?
উত্তৰ: যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা৷
৬৮৷ কিহৰ দ্বাৰা অনুপ্ৰাণিত হৈ জগন্নাথ বৰুৱাই যোৰহাট সাৰ্বজনিক সভা গঠনৰ প্ৰচেষ্টা হাতত লৈছিল?
উত্তৰ: আত্মীয় সভা, ভাৰতীয় সংস্থা আদি বংগৰ কিছুমান সংস্থাৰ দ্বাৰা অনুপ্ৰাণিত হৈ জগন্নাথ বৰুৱাই যোৰহাট সাৰ্বজনিক সভা গঠনৰ প্ৰচেষ্টা হাতত লৈছিল৷
৬৯৷ অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠানটোৰ নাম লিখা৷
উত্তৰ: অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠানটোৰ নাম হ’ল যোৰহাট সাৰ্বজনিক সভা৷
৭০৷ যোৰহাট সাৰ্বজনিক সভাৰ দুটা মূল উদ্দেশ্য লিখা?
উত্তৰ: যোৰহাট সাৰ্বজনিক সভাৰ দুটা মূল উদ্দেশ্য হ’ল—
ক) ৰাইজৰ আশআ, আকংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা৷
খ) চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা৷
৭১৷ বংগ বিভাজনৰ সময়ত যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি কোন আছিল?
উত্তৰ: বংগ বিভাজনৰ সময়ত যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি আছিল জগন্নাথ বৰুৱা৷
৭২৷ যোৰহাট সাৰ্বজনিক সভাই ১৮৮৬ চনৰ কোনখন আইনৰ প্ৰতিবাদ কৰিছিল?
উত্তৰ: যোৰহাট সাৰ্বজনিক সভাই ১৮৮৬ চনৰ অসমৰ ভূমি আৰু ৰজহ নিয়ন্ত্ৰণ আইনৰ প্ৰতিবাদ কৰিছিল৷
৭৩৷ যোৰহাট সাৰ্বজনিক সভাই ১৮৯৩ চনত কোনখন আয়োগৰ ওচৰত কানি প্ৰচলন বন্ধ কৰিবৰ বাবে স্মাৰকপত্ৰ দাখিল কৰিছিল?
উত্তৰ: যোৰহাট সাৰ্বজনিক সভাই ১৮৯৩ চনত ৰাজকীয় কানি আয়োগৰ ওচৰত কানি প্ৰচলন বন্ধ কৰিবৰ বাবে স্মাৰকপত্ৰ দাখিল কৰিছিল৷
৭৪৷ বংগ বিভাজনৰ সময়ত অসমৰ মুখ্য আয়ুক্ত কোন আছি‍ল?
উত্তৰ: বংগ বিভাজনৰ সময়ত অসমৰ মুখ্য আয়ুক্ত আছি‍ল ব্যামফিল্ড ফুলাৰ৷
৭৫৷ কেতিয়া জগন্নাথ বৰুৱাৰ মৃত্যু হৈছিল?
উত্তৰ: ১৯০৭ চনৰ ২১ এপ্ৰিলত জগন্নাথ বৰুৱাৰ মৃত্যু হৈছিল৷
৭৬৷ যোৰহাট সাৰ্বজনিক সভা কেতিয়ালৈকে বৰ্তি আছিল?
উত্তৰ: যোৰহাট সাৰ্বজনিক সভা ১৯২১ চনলৈকে বৰ্তি আছিল৷
৭৭৷ যোৰহাট সাৰ্বজনিক সভা কেতিয়াৰ পৰা ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল?
উত্তৰ: জগন্নাথ বৰুৱাৰ মৃত্যু (১৯০৭ চনৰ ২১ এপ্ৰিল)-ৰ পাছৰ পৰা  যোৰহাট সাৰ্বজনিক সভা ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল৷
৭৮৷ আছাম এছ’চিয়েছন গঠনৰ মুখ্য উদ্দেশ্য কি আছি‍ল?
উত্তৰ: আছাম এছ’চিয়েছন গঠনৰ মুখ্য উদ্দেশ্য আছি‍ল— জনসাধাৰণৰ ইচ্ছা-আকাংক্ষাক চৰকাৰৰ ওচৰত অৱগত কৰা৷
৭৯৷ কেতিয়া আছাম এছ’চিয়েছন গঠন কৰা হৈছি‍ল?
উত্তৰ: ১৯০৩ চনত আছাম এছ’চিয়েছন গঠন কৰা হৈছি‍ল৷
৮০৷ কাৰ নেতৃত্বত আছাম এছ’চিয়েছন গঠন কৰা হৈছিল?
উত্তৰ: মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ’চিয়েছন গঠন কৰা হৈছিল৷
৮১৷ আছাম এছ’চিয়েছনৰ প্ৰথমখন বৈঠক কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ: আছাম এছ’চিয়েছনৰ প্ৰথমখন বৈঠক ১৯০৫ চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হৈছিল৷
৮২৷ আছাম এছ’চিয়েছনৰ প্ৰথম বৈঠকত কাক সভাপতি নিৰ্বাচন কৰা হৈছিল?
উত্তৰ: গৌৰীপুৰৰ ৰজা প্ৰভাতচন্দ্ৰ বৰুৱাক আছাম এছ’চিয়েছনৰ প্ৰথম বৈঠকৰ সভাপতি নিৰ্বাচন কৰা হৈছিল৷
৮৩৷ আছাম এছ’চিয়েছনৰ প্ৰথমখন বৈঠকত কাক উপসভাপতি নিৰ্বাচন কৰা হৈছিল?
উত্তৰ: জগন্নাথ বৰুৱাক আছাম এছ’চিয়েছনৰ প্ৰথমখন বৈঠকত উপসভাপতি নিৰ্বাচন কৰা হৈছিল৷
৮৪৷ আছাম এছ’চিয়েছনৰ প্ৰথমখন বৈঠকত কাক সম্পাদক নিৰ্বাচন কৰা হৈছিল?
উত্তৰ: মাণিক চন্দ্ৰ বৰুৱাক আছাম এছ’চিয়েছনৰ প্ৰথমখন বৈঠকত সম্পাদক নিৰ্বাচন কৰা হৈছিল৷
৮৫৷ আছাম এছ’চিয়েছনে সম্পাদন কৰা যিকোনো এটা কাম উল্লেখ কৰা৷
উত্তৰ: আছাম এছ’চিয়েছনে সম্পাদন কৰা এটা কাম হ’ল— বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰা৷
৮৬৷ মণ্টেগ’-ছেম্‌ছফ’ৰ্ড ৰিপ’ৰ্ট কেতিয়া প্ৰকাশ কৰা হৈছিল?
উত্তৰ: ১৯১৮ চনত মণ্টেগ’-ছেম্‌ছফ’ৰ্ড ৰিপ’ৰ্ট প্ৰকাশ কৰা হৈছিল৷
৮৭৷ আছাম এছ’চিয়েছনে কাক কাক প্ৰতিনিধিৰূপে লণ্ডনলৈ পঠিয়াইছিল?
উত্তৰ: আছাম এছ’চিয়েছনে নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্নলাল বৰুৱাক প্ৰতিনিধিৰূপে লণ্ডনলৈ পঠিয়াইছিল৷
৮৮৷ কোনটো সংগঠনৰ হেঁচাৰ বাব‍ে অসম মণ্টেগ’-ছেম্‌ছফ’ৰ্ড সংস্কাৰ আঁচনিৰ অন্তৰ্ভুক্ত হৈছিল?
উত্তৰ: আছাম এছ’চিয়েছনৰ হেঁচাৰ বাব‍ে অসম মণ্টেগ’-ছেম্‌ছফ’ৰ্ড সংস্কাৰ আঁচনিৰ অন্তৰ্ভুক্ত হৈছিল৷
৮৯৷ আছাম এছ’চিয়েছনে কেতিয়া স্বতন্ত্ৰ পৰিচয় ত্যাগ কৰিছিল?
উত্তৰ: আছাম এছ’চিয়েছনে ১৯২১ চনত স্বতন্ত্ৰ পৰিচয় ত্যাগ কৰিছিল৷
৯০৷ আছাম এছ’চিয়েছনে স্বতন্ত্ৰ পৰিচয় ত্যাগ কৰি কোনটো সংগঠনৰ লগত চামিল হৈছিল?
উত্তৰ: আছাম এছ’চিয়েছনে স্বতন্ত্ৰ পৰিচয় ত্যাগ কৰি জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগত চামিল হৈছিল৷
৯১৷ ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিল৷
৯২৷ আছাম এছ’চিয়েছনৰ একাংশ নেতা-কৰ্মীয়ে এছ’চিয়েছনক কোনটো সংগঠনলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা চলাইছিল?
উত্তৰ: আছাম এছ’চিয়েছনৰ একাংশ নেতা-কৰ্মীয়ে এছ’চিয়েছনক কংগ্ৰেছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা চলাইছিল
৯৩৷ আছাম এছ’চিয়েছনক কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে কাৰ পৌৰোহি‍ত্যত যোৰহাটতত এখন অধিৱেশন অনুষ্ঠিত হৈছিল?
উত্তৰ: আছাম এছ’চিয়েছনক কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে ছবিলাল উপাধ্যায়ৰ পৌৰোহি‍ত্যত যোৰহাটতত এখন অধিৱেশন অনুষ্ঠিত হৈছিল৷
৯৪৷ জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ্গঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল?
উত্তৰ: ১৯২০ চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ্গঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল৷
৯৫৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা৷
৯৬৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ৷
৯৭৷ অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰৰ বাবে মহাত্মা গান্ধীক কোন সংগঠনৰ তত্ত্বাৱধানত আমন্ত্ৰণ জনোৱা হৈছিল?
উত্তৰ: অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰৰ বাবে মহাত্মা গান্ধীক অসম প্ৰদেশ কংগ্ৰেঠ কমিটিৰ তত্ত্বাৱধানত আমন্ত্ৰণ জনোৱা হৈছিল৷
৯৮৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৪১ তম বাৰ্ষিক অধিৱেশন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৪১ তম বাৰ্ষিক অধিৱেশন ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিল৷
৯৯৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি কোন আছি‍ল?
উত্তৰ: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি আছি‍ল বিষ্ণুৰাম মেধি‍৷
১০০৷ বিষ্ণুৰাম মেধিয়ে কোন চনৰ পৰা কোন চনলৈকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ কাৰ্যভাৰ চলাইছিল?
উত্তৰ: বিষ্ণুৰাম মেধিয়ে ১৯৩০ চনৰ পৰা ১৯৩৯ চনলৈকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ কাৰ্যভাৰ চলাইছিল৷
১০১৷ অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ: অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ৷
১০২৷ কেবিনেট মিছনে গোট ‘গ’-ৰ বাবে কোন কোন অঞ্চল নিৰ্বাচন কৰিছিল?
উত্তৰ: কেবিনেট মিছনে গোট ‘গ’-ৰ বাবে বংগ আৰু অসমক নিৰ্বাচন কৰিছিল৷
১০৩৷ অসমৰ সৈতে পূৰ্ববংগক সংলগ্ন কৰি নতুনকৈ গঠন কৰা প্ৰদেশখনৰ নাম প্ৰথম অৱস্থাত কি আছিল?
উত্তৰ: অসমৰ সৈতে পূৰ্ববংগক সংলগ্ন কৰি নতুনকৈ গঠন কৰা প্ৰদেশখনৰ নাম প্ৰথম অৱস্থাত ‘পূৰ্ববংগ’ আছিল৷
১০৪৷ ‘পূৰ্ব বংগ’ নামটোৰ লগত ‘অসম’ নামটো সংযোগ কৰিবলৈ কোনটো সংস্থাই দাবী জনাইছিল?
উত্তৰ: ‘পূৰ্ব বংগ’ নামটোৰ লগত ‘অসম’ নামটো সংযোগ কৰিবলৈ অসমস্থিত য়ুৰোপীয় চাহ খেতিয়ক সংস্থাই দাবী জনাইছিল৷
১০৫৷ বংগ বিভাজন কেতিয়া কাৰ্যকৰী হৈছিল?
উত্তৰ: ১৯০৫ চনৰ ১৬ অক্টোবৰত বংগ বিভাজন কাৰ্যকৰী হৈছিল৷
১০৬৷ ‘পূৰ্ব বংগ আৰু অসম’ প্ৰদেশৰ লেফ্‌টেনেণ্ট গৱৰ্নৰ কোন আছিল?
উত্তৰ: ‘পূৰ্ব বংগ আৰু অসম’ প্ৰদেশৰ লেফ্‌টেনেণ্ট গৱৰ্নৰ আছিল ব্যামফিল্ড ফুলাৰ৷
১০৭৷  বংগ বিভাজনৰ ফলত অসমৰ ৰাজধানী ক’ৰ পৰা ক’লৈ স্থানান্তৰিত হৈছিল?
উত্তৰ: বংগ বিভাজনৰ ফলত অসমৰ ৰাজধানী ঢাকাৰ পৰা শ্বিলঙলৈ স্থানান্তৰিত হৈছিল৷
১০৮৷ বংগ ভংগৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা অসমৰ কেইগৰাকীমান ব্যক্তিৰ নাম লিখা৷
উত্তৰ: বংগ ভংগৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা অসমৰ কেইগৰাকীমান ব্যক্তি হ’ল— অম্বিকাগিৰী ৰায়চৌধুৰী আৰু পদ্মনাথ গোহাঞিবৰুৱা৷
১০৯৷ ‘বন্দিনী ভাৰত’ কি?
উত্তৰ: ‘বন্দিনী ভাৰত’ হৈছে অম্বিকাগিৰী ৰায়চৌধুৰীৰ দ্বাৰা ৰচিত এখন বিদ্ৰোহাত্মক নাটক৷
১১০৷ ‘বন্দিনী ভাৰত’ কোনে ৰচনা কৰিছিল?
উত্তৰ: অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ‘বন্দিনী ভাৰত’ ৰচনা কৰিছিল৷
১১১৷ ‘সেৱা সংঘ’ নামৰ বিপ্লৱী অনুষ্ঠানটো কোনে গঢ়ি তুলিছিল?
উত্তৰ: ‘সেৱা সংঘ’ নামৰ বিপ্লৱী অনুষ্ঠানটো অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গঢ়ি তুলিছিল৷
১১২৷ অম্বিকাগিৰী ৰায়চৌধুৰীক ব্ৰিটিছে কিয় বন্দী কৰিছিল?
উত্তৰ: ব্যামফিল্ড ফুলাৰক হত্যা কৰাৰ উদ্দেশ্যে গুৱাহাটী-শ্বিলং পথত বোমা পোতাৰ অপৰাধত অম্বিকাগিৰী ৰায়চৌধুৰীক ব্ৰিটিছে বন্দী কৰিছিল৷
১১৩৷ অসহযোগ আন্দোলন কেতিয়াৰ পৰা কেতিয়ালৈকে চলিছিল?
উত্তৰ: অসহযোগ আন্দোলন ১৯২০ চনৰ পৰা ১৯২২ চনলৈকে চলিছিল৷
১১৪৷ কোনে অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল?
উত্তৰ: মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল৷
১১৫৷ অসহযোগ আন্দোলনৰ উদ্দেশ্য কি আছিল?
উত্তৰ: অসহযোগ আন্দোলনৰ উদ্দেশ্য আছিল অহিংস পথেৰে ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰা৷
১১৬৷ আছাম এছ’চিয়েছনৰ কোন অধিৱেশনত অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল?
উত্তৰ: ১৯২০ চনৰ ডিচেম্বৰ মাহত তেজপুৰত অনুষ্ঠিত আছাম এছ’চিয়েছনৰ ১৭ সংখ্যক অধিৱেশনত অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল৷
১১৭৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল?
উত্তৰ: ১৯২১ চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল৷
১১৮৷ মহাত্মা গান্ধী কেতিয়া অসমলৈ আহিছিল?
উত্তৰ: ১৯২১ চনত মহাত্মা গান্ধী অসমলৈ আহিছিল৷
১১৯৷ তিলক সোঁৱৰণী স্কুল কেতিয়া আৰু ক’ত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ: ১৯২১ চনৰ ফেব্ৰুৱাৰি মাহত গুৱাহাটীত তিলক সোঁৱৰণী স্কুল প্ৰতিষ্ঠা কৰা হৈছিল৷
১২০৷ কাৰ বাসভৱনৰ চৌহদত তিলক সোঁৱৰণী স্কুল আৰম্ভ কৰা হৈছিল?
উত্তৰ: ৰোহিণী কুমাৰ চৌধুৰীৰ ভৰলুমুখত থকা বাসভৱনৰ চৌহদত তিলক সোঁৱৰণী স্কুল আৰম্ভ কৰা হৈছিল৷
১২১৷ অসমৰ অসহযোগ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা৷
উত্তৰ: অসমৰ অসহযোগ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ ফলাফল হ’ল— কানিৰ প্ৰচলন বন্ধ হোৱা৷
১২২৷ ‘গান্ধী মহাৰাজৰ জয়’ ধ্বনিৰে কোনে অসহযোগ আন্দোলনত যোগ দিছিল?
উত্তৰ: কৰিমগঞ্জ মহকুমাৰ অন্তৰ্গত চৰাগোলা আৰু লংগাই উপত্যকাৰ ১৩ খন চাহ বাগিচাৰ চাহ শ্ৰমিকসকলে ‘গান্ধী মহাৰাজৰ জয়’ ধ্বনিৰে অসহযোগ আন্দোলনত যোগ দিছিল৷
১২৩৷ আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ: আইন অমান্য আন্দোলন ১৯৩০ চনত আৰম্ভ হৈছিল৷
১২৪৷ আইন অমান্য আন্দোলন কেতিয়াৰ পৰা কেতিয়ালৈকে চলিছিল?
উত্তৰ: আইন অমান্য আন্দোলন ১৯৩০ চনৰ পৰা ১৯৩৪ চনলৈকে চলিছিল৷
১২৫৷ আইন অমান্য আন্দোলনৰ উদ্দেশ্য কি আছিল?
উত্তৰ: ব্ৰিটিছৰ প্রশাসন ব্যৱস্থাটোক অচল কৰিবলৈ নিৰ্দিষ্ট আইনসমূহ আমন্য কৰাটোৱেই আইন অমান্য আন্দোলনৰ উদ্দেশ্য আছিল৷
১২৬৷ কিহৰ জৰিয়তে আইন অমান্য আন্দোলনৰ আৰম্ভণি হৈছিল?
উত্তৰ: দাণ্ডিযাত্ৰাৰ জৰিয়তে আইন অমান্য আন্দোলনৰ আৰম্ভণি হৈছিল৷
১২৭৷ সবৰমতী আশ্রম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান?
উত্তৰ: সবৰমতী আশ্রম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব প্ৰায় ২৪০ মাইল৷
১২৮৷ দাণ্ডিযাত্ৰাত মহাত্মা গান্ধীৰ সতীৰ্থ কিমান আছিল?
উত্তৰ: দাণ্ডিযাত্ৰাত মহাত্মা গান্ধীৰ সতীৰ্থ ৭৮ গৰাকী আছিল৷
১২৯৷ দাণ্ডিযাত্ৰাত অসমৰ কোনে অংশগ্ৰহণ কৰিছি‍ল?
উত্তৰ: দাণ্ডিযাত্ৰাত অসমৰ লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছি‍ল৷
১৩০৷ কানিংহাম চাৰ্কুলাৰ কেতিয়া প্ৰকাশ কৰা হৈছি‍ল?
উত্তৰ: কানিংহাম চাৰ্কুলাৰ ১৯৩০ চনত প্ৰকাশ কৰা হৈছি‍ল৷
১৩১৷ আইন অমান্য আন্দোলনৰ কাৰ্যপন্থাস্বৰূপে অসমৰ কিমান ছাত্ৰই শি‍ক্ষানুষ্ঠান ত্যাগ কৰিছিল?
উত্তৰ: আইন অমান্য আন্দোলনৰ কাৰ্যপন্থাস্বৰূপে অসমৰ ৩,১১৭ জন ছাত্ৰই শি‍ক্ষানুষ্ঠান ত্যাগ কৰিছিল৷
১৩২৷ জাপানে কেতিয়া ছিংগাপুৰ আৰু ৰেংগুন দখল কৰিছিল?
উত্তৰ: ১৯৪২ চনত জাপানে ছিংগাপুৰ আৰু ৰেংগুন দখল কৰিছিল৷
১৩৩৷ ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ কেতিয়া গৃহীত হৈছিল?
উত্তৰ: ১৯৪২ চনৰ ৮ আগষ্টত ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত হৈছিল৷
১৩৪৷ ভাৰত ত্যাগ আন্দোলনক আৰু কি নামেৰে জনা যায়?
উত্তৰ: ভাৰত ত্যাগ আন্দোলনক ‘আগষ্ট বিপ্লৱ’ নামেৰে জনা যায়৷
১৩৫৷ আগষ্ট ক্ৰান্তি মৈদান বুলি কোনখন ঠাইক কোৱা হয়?
উত্তৰ: বোম্বাইৰ গোৱালিয়া টেংকক আগষ্ট ক্ৰান্তি মৈদান বুলি কোৱা হয়৷
১৩৬৷ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে কি শ্ল’গান দিছিল?
উত্তৰ: ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে ‘কৰিম কিম্বা মৰিম’ শ্ল’গান দিছিল৷
১৩৭৷ কুশল কোঁৱৰক ব্ৰিটিছে কিয় ফাঁচী দিছিল?
উত্তৰ: ১৯৪৩ চনৰ জুন মাহত সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ব্ৰিটিছে ফাঁচী দিছিল৷
১৩৮৷ কনকলতা ক’ৰ জীয়াৰী আছিল?
উত্তৰ: কনকলতা শোণিতপুৰ জিলাৰ গহপুৰৰ জীয়াৰী আছিল৷
১৩৯৷ মৃত্যুৰ সময়ত কনকলতাৰ বয়স কিমান আছিল?
উত্তৰ: মৃত্যুৰ সময়ত কনকলতাৰ বয়স আছিল ১৪ বছৰ৷
১৪০৷ ভাৰত ত্যাগ আন্দোলনৰ সময়ত আত্মগোপন কৰা দুগৰাকী নেতাৰ নাম লিখা৷
উত্তৰ: ভাৰত ত্যাগ আন্দোলনৰ সময়ত আত্মগোপন কৰা দুগৰাকী নেতা হ’ল—জয়প্ৰকাশ নাৰায়ণ আৰু ৰামমনোহৰ লোহিয়া৷

১৪১৷ ভাৰত ত্যাগ আন্দোলনৰ সময়ত আত্মগোপন কৰা অসমৰ দুগৰাকী নেতাৰ নাম লিখা৷
উত্তৰ: ভাৰত ত্যাগ আন্দোলনৰ সময়ত আত্মগোপন কৰা অসমৰ দুগৰাকী নেতা হ’ল— গহনচন্দ্ৰ গোস্বামী আৰু জ্যোতিপ্ৰসাদ আগৰৱালা৷
১৪২৷ ভাৰত ত্যাগ আন্দোলনৰ সময়ত বজালীত কিমান গোপন স্বেচ্ছাসেৱী কেন্দ্ৰ গঠিত হৈছিল?
উত্তৰ: ভাৰত ত্যাগ আন্দোলনৰ সময়ত বজালীত প্ৰায় ৩২ টা গোপন স্বেচ্ছাসেৱী কেন্দ্ৰ গঠিত হৈছিল৷
১৪৩৷ ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে বিধানসভাৰ কিমান আসন লাভ কৰিছিল?
উত্তৰ: ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে বিধানসভাৰ ৫৮ খন (১০৮ খনৰ ভিতৰত) আসন লাভ কৰিছিল৷
১৪৪৷ ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত সংখ্যগৰিষ্ঠ দল কোনটো আছিল?
উত্তৰ: ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত সংখ্যগৰিষ্ঠ দলটো আছিল কংগ্ৰেছ৷
১৪৫৷ ১৮৪৬ চনত অসমত কংগ্ৰেছ দলৰ নেতা কোন আছিল?
উত্তৰ: ১৮৪৬ চনত অসমত কংগ্ৰেছ দলৰ নেতা আছিল গোপীনাথ বৰদলৈ৷
১৪৬৷ বৰদলৈ মন্ত্ৰীসভা কেতিয়া গঠিত হৈছি‍ল?
উত্তৰ: ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰিত বৰদলৈ মন্ত্ৰীসভা গঠিত হৈছি‍ল৷
১৪৭৷ কৰিমগঞ্জৰ কৃষি গৱেষণা কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰ: কৰিমগঞ্জৰ কৃষি গৱেষণা কেন্দ্ৰ ১৯১৩ চনত প্ৰতিষ্ঠা হৈছিল৷
১৪৮৷ তিতাবৰ কৃষি গৱেষণা কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰ: তিতাবৰ কৃষি গৱেষণা কেন্দ্ৰ ১৯২৩ চনত প্ৰতিষ্ঠা হৈছিল৷
১৪৯৷ নগাঁৱত অসম পশু চিকিৎসা মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰ: নগাঁৱত অসম পশু চিকিৎসা মহাবিদ্যালয় ১৯৪৮ চনত প্ৰতিষ্ঠা হৈছিল৷
১৫০৷ যোৰহাটৰ অসম কৃষি মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ: যোৰহাটৰ অসম কৃষি মহাবিদ্যালয় ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা হৈছিল৷
১৫১৷ অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ: অসম কৃষি বিশ্ববিদ্যালয় ১৯৬৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল৷
১৫২৷ অসম কৃষি বিশ্ববিদ্যালয়ে সামৰি লোৱা মহাবিদ্যালয় দুখনৰ নাম লিখা৷
উত্তৰ: অসম কৃষি বিশ্ববিদ্যালয়ে সামৰি লোৱা মহাবিদ্যালয় দুখনৰ নাম হ’ল— অসম পশু চিকিৎসা মহাবিদ্যালয় (নগাঁও) আৰু অসম কৃষি মহাবিদ্যালয় (যোৰহাট)৷
১৫৩৷ নগাঁৱৰ পশু চিকিৎসা মহাবিদ্যালয় পৰৱৰ্তী সময়ত ক’লৈ স্থানান্তৰিত কৰা হয়?
উত্তৰ: নগাঁৱৰ পশু চিকিৎসা মহাবিদ্যালয় পৰৱৰ্তী সময়ত গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰিত কৰা হয়৷
১৫৪৷ উত্তৰ-পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়খনৰ নাম কি?
উত্তৰ: উত্তৰ-পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়খনৰ নাম হ’ল অসম কৃষি বিশ্ববিদ্যালয়৷
১৫৫৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ যিকোনো এটা উদ্দেশ্য লিখা৷
উত্তৰ: অসম কৃষি বিশ্ববিদ্যালয়ৰ যিকোনো এটা উদ্দেশ্য হ’ল— কৃষি খণ্ডত মানৱ সম্পদৰ বিকাশ সাধন কৰা৷
১৫৬৷ উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি ৰাজহুৱা বিশ্ববিদ্যালয়খনৰ নাম কি?
উত্তৰ: উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি ৰাজহুৱা বিশ্ববিদ্যালয়খনৰ নাম হ’ল গুৱাহাটী বিশ্ববিদ্যালয়৷
১৫৭৷ গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰ: ১৯৪৮ চনৰ ২৬ জানুৱাৰিৰ দিনা গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল৷
১৫৮৷ অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ’ব পাৰে বুলি পোনপ্ৰথমে কোনে অভিমত প্ৰকাশ কৰিছিল?
উত্তৰ: অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ’ব পাৰে বুলি পোনপ্ৰথমে ছাৰ মাইকেল ছেড্‌লাৰে অভিমত প্ৰকাশ কৰিছিল৷
১৫৯৷ অসমত এখন বিশ্ববিদ্যালয় গঢ়ি তোলাৰ ৰাজহুৱা দাবী কেতিয়া উত্থাপন হৈছিল?
উত্তৰ: অসমত এখন বিশ্ববিদ্যালয় গঢ়ি তোলাৰ ৰাজহুৱা দাবী ১৯১৭ চনৰ ডিচেম্বৰ মাহত উত্থাপন হৈছিল৷
১৬০৷ ১৯৪০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে যাৱতীয় তথ্য-পাতি সংগ্ৰহ আৰু উপযুক্ত স্থান নিৰ্বাচনৰ দায়িত্ব কাক দিয়া হৈছিল?
উত্তৰ: ১৯৪০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে যাৱতীয় তথ্য-পাতি সংগ্ৰহ আৰু উপযুক্ত স্থান নিৰ্বাচনৰ দায়িত্ব সূৰ্যকুমাৰ ভূঞাক দিয়া হৈছিল৷
১৬১৷ কোন অধীনিয়মৰ অধীনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল?
উত্তৰ: গুৱাহাটী বিশ্ববিদ্যালয় অধীনিয়ম ১৯৪৭-ৰ অধীনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল৷
১৬২৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস ২৬ জানুৱাৰি তাৰিখে পালন কৰা হয়৷
১৬৩৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাকালত ইয়াৰ অধীনত কেইখন মহাবিদ্যালয় আছিল?
উত্তৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাকালত ইয়াৰ অধীনত ১৭ খন মহাবিদ্যালয় আছিল৷
১৬৪৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাকালত ইয়াৰ অধীনত কেইটা স্নাতকোত্তৰ বিভাগ আছিল?
উত্তৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাকালত ইয়াৰ অধীনত ৮ টা স্নাতকোত্তৰ বিভাগ আছিল৷
১৬৫৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদক বৰ্তমান কি নামেৰে জনা যায়?
উত্তৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদক বৰ্তমান গোপীনাথ বৰদলৈ নগৰ নামেৰে জনা যায়৷
১৬৬৷ গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া জালুকবাৰীলৈ স্থানান্তৰিত কৰা হয়?
উত্তৰ: ১৯৫৫-৫৬ চনত গুৱাহাটী বিশ্ববিদ্যালয় জালুকবাৰীলৈ স্থানান্তৰিত কৰা হয়৷
১৬৭৷ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ৰ নাম লিখা৷
উত্তৰ: উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ৰ নাম হ’ল— অসম চিকিৎসা মহাবিদ্যালয়৷
১৬৮৷ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক’ত অৱস্থিত?
উত্তৰ: উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত৷
১৬৯৷ বেৰি হোৱাইট স্কুলৰ বাবে কোন‍ে আৰু কিমান আৰ্থিক পুঁজি আগ বঢ়াইছিল?
উত্তৰ: বেৰি হোৱাইট স্কুলৰ বাবে বেৰি হোৱাইটে ৫০,০০০ টৰাক আৰ্থিক পুঁজি আগ বঢ়াইছিল৷
১৭০৷ বেৰি হোৱাইট কোনখন জিলাৰ চিভিল ছাৰ্জন আছিল?
উত্তৰ: বেৰি হোৱাইট লখিমপুৰ জিলাৰ চিভিল ছাৰ্জন আছিল৷
১৭১৷ অসম চিকিৎসা মহাবিদ্যালয়ত ৰেডিঅ’ল’জি বিভাগ কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ: ১৯১০ চনত অসম চিকিৎসা মহাবিদ্যালয়ত ৰেডিঅ’ল’জি বিভাগ আৰম্ভ কৰা হৈছিল৷
১৭২৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ আনুষ্ঠানিক নামকৰণ কেতিয়া কৰা হৈছিল?
উত্তৰ: ১৯৪৭ চনৰ ৩ নৱেম্বৰৰ দিনা অসম চিকিৎসা মহাবিদ্যালয়ৰ আনুষ্ঠানিক নামকৰণ কৰা হৈছিল৷
১৭৩৷ অসমৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নাম লিখা৷
উত্তৰ: অসমৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নাম হ’ল— গুৱাহাটী চিকিৎসা মহাবিদ্যালয়৷
১৭৪৷ শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ: ১৯৬৮ চনত শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হৈছিল৷
১৭৫৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ: ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰৰ দিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল৷
১৭৬৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে কিমান ছাত্ৰৰ নামভৰ্তি কৰা হৈছিল?
উত্তৰ: গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে ১০০ জন ছাত্ৰৰ নামভৰ্তি কৰা হৈছিল৷
১৭৭৷ ‘জোনাকী যুগ’ বুলিলে কোনছোৱা সময়ক বুজোৱা হয়?
উত্তৰ: ‘জোনাকী যুগ’ বুলিলে ১৮৮৯ চনৰ পৰা ১৯২৯ চনৰ মাজৰ সময়ছোৱাক বুজোৱা হয়৷
১৭৮৷ ‘জোনাকী’ আলোচনীৰ প্ৰথম প্ৰকাশ কেতিয়া হৈছিল?
উত্তৰ: ১৯৮৯ চনৰ ফেব্ৰুৱাৰি মাহত ‘জোনাকী’ আলোচনীৰ প্ৰথম প্ৰকাশ হৈছিল৷
১৭৯৷ ‘জোনাকী’ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন?
উত্তৰ: ‘জোনাকী’ আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক হ’ল চন্দ্ৰকুমাৰ আগৰৱালা৷
১৮০৷ ছাৰ মাইকেল ছেড্‌লাৰ কোন আছিল?
উত্তৰ: ছাৰ মাইকেল ছেড্‌লাৰ আছিল ১৯১৭ চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া কলিকতা বিশ্ববিদ্যালয় আয়োগৰ অধ্যক্ষ৷
১৮১৷ কাৰ স্মৃতিত ‘তিলক সোঁৱৰণী স্কুল’ প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ: লোকমান্য বাল গংগাধৰ তিলকৰ স্মৃতিত ‘তিলক সোঁৱৰণী স্কুল’ প্ৰতিষ্ঠা কৰা হৈছিল৷
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ