অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ— সমাজ বি‍জ্ঞান (দশম শ্ৰেণী) অতি চমু প্ৰশ্নোত্তৰ


১৷ ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰ: ভূগোল বিষয়টো প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা হৈছে— প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল৷
২৷ ভূগোলৰ কোনটো প্ৰধান শাখাত অৰ্থনৈতিক ভূগোল অন্তৰ্গত?
উত্তৰ: ভূগোলৰ মানৱ ভূগোল শাখাটোত অৰ্থনৈতিক ভূগোল অন্তৰ্গত৷
৩৷ অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা দিয়া৷
উত্তৰ: ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, সেই শাখাটোকেই অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়৷
৪৷ কি কি কাৰকৰ বাব‍ে ভূ-পৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়?
উত্তৰ: ভূ-প্ৰকৃতি, ভূ-তাত্ত্বিক গঠনৰ পাৰ্থক্য, জলবায়ু, মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ আদি কাৰকৰ বাব‍ে ভূ-পৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়৷
৫৷ দুবিধ প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা৷
উত্তৰ: দুবিধ প্ৰাকৃতিক দুৰ্যোগ হ’ল— ভূমিকম্প আৰু বানপানী৷
৬৷ উপকূলীয় অঞ্চল কেনে অৰ্থনৈতিক কাৰ্যত আগবঢ়া?
উত্তৰ: উপকূলীয় অঞ্চল মাছৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যত আগবঢ়া৷
৭৷ ঘাঁহনিৰ প্ৰাচুৰ্যপূৰ্ণ অঞ্চলবোৰ কেনে অৰ্থনৈতিক কাৰ্যত আগবঢ়া?
উত্তৰ: ঘাঁহনিৰ প্ৰাচুৰ্যপূৰ্ণ অঞ্চলবোৰ পশুপালনত আগবঢ়া৷
৮৷ সাৰুৱা সমভূমি অঞ্চল কেনে অৰ্থনৈতিক কাৰ্যত আগবঢ়া?
উত্তৰ: সাৰুৱা সমভূমি অঞ্চল কৃষিৰ ক্ষেত্ৰত আগবঢ়া৷
৯৷ অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু কি?
উত্তৰ: অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু হ’ল—মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ৷
১০৷ আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন?
উত্তৰ: আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ হ’ল জৰ্জ ছিজ্‌হ’ম৷
১১৷ জৰ্জ ছিজহ’মৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি?
উত্তৰ: জৰ্জ ছিজহ’মৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য হ’ল এখম ঠাইৰ অৰ্থনৈতিক গতি আৰু দিশ নিৰ্ণয় কৰা৷
১২৷ মানুহৰ অৰ্থনৈতিক‍ বৃত্তি কেই প্ৰকাৰৰ?
উত্তৰ: মানুহৰ অৰ্থনৈতিক‍ বৃত্তি চাৰি প্ৰকাৰৰ৷
১৩৷ প্ৰাথমিক বৃত্তি মানে কি?
উত্তৰ: যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা নিজৰ প্ৰয়োজনীয় সম্পদ আহৰণ কৰে, তাক‍ে প্ৰাথমিক বৃত্তি বুলি কোৱা হয়৷
১৪৷ দ্বিতীয়ক বৃত্তি মানে কি?
উত্তৰ: যিবিলাক কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলে, সেইবিলাক কাৰ্যকে দ্বিতীয়ক বৃত্তি বুলি কোৱা হয়৷
১৫৷ তৃতীয়ক বৃত্তি মানে কি?
উত্তৰ: যিবিলাক কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায়, সেইবিলাককে তৃতীয়ক বৃত্তি বুলি কোৱা হয়৷
১৬৷ চতুৰ্থক বৃত্তি মানে কি?
উত্তৰ:যিবিলাক কাৰ্যই দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সূচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে, সেইবিলাককে চতুৰ্থক বৃত্তি বুলি কোৱা হয়৷‍
১৭৷ প্ৰাথমিক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: প্ৰাথমিক বৃত্তিৰ এটা উদাহৰণ হ’ল— কৃষিকাৰ্য৷
১৮৷ দ্বিতীয়ক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: দ্বিতীয়ক বৃত্তিৰ এটা উদাহৰণ হ’ল— নিৰ্মাণকাৰ্য৷
১৯৷ তৃতীয়ক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: তৃতীয়ক বৃত্তিৰ এটা উদাহৰণ হ’ল— যাতায়ত৷
২০৷ চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: চতুৰ্থক বৃত্তিৰ এটা উদাহৰণ হ’ল— প্ৰশাসন৷
২১৷ অৰ্থনৈতিক ভূগোল অধ্যয়নৰ যিকোনো দুটা পদ্ধতি উল্লেখ কৰা৷
উত্তৰ: অৰ্থনৈতিক ভূগোল অধ্যয়নৰ দুটা পদ্ধতি হ’ল—আঞ্চলিক পদ্ধতি আৰু বিষয়বস্তু সম্বন্ধীয় বা পণ্যদ্ৰব্য সম্বন্ধীয় পদ্ধতি৷
২২৷ অৰ্থনৈতিক ভূগোলৰ যিকোনো দুটা শাখা উল্লেখ কৰা৷
উত্তৰ: অৰ্থনৈতিক ভূগোলৰ দুটা শাখা হ’ল—কৃষি ভূগোল আৰু ঔদ্যোগিক ভূগোল৷
২৩৷ বহনক্ষম উন্নয়ন মানে কি?
উত্তৰ: যি উন্নয়নে ভৱিষ্যৎ প্ৰজন্মসমূহৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰাৰ সামৰ্থ্যৰ ক্ষেত্ৰত আপোচ নকৰাকৈ বৰ্তমান প্ৰজন্মৰ নিজ নিজ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে, তাকে বহনক্ষম উন্নয়ন বুলি কোৱা হয়৷
২৪৷ সম্প্ৰতি কিয় সকলো অৰ্থনৈতিক কাৰ্যতে বহনক্ষম উন্নয়নত গুৰুত্ব দিয়া হৈছে?
উত্তৰ: যিহেতু সকলো অৰ্থনৈতিক কাৰ্য বা উন্নয়ন প্ৰক্ৰিয়া পৰিৱেশৰ লগত ওতপ্ৰোতভাৱে জড়িত, সেয়ে সম্প্ৰতি সকলো অৰ্থনৈতিক কাৰ্যতে বহনক্ষম উন্নয়নত গুৰুত্ব দিয়া হৈছে৷
২৫৷ কৃষি ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: কৃষি ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) কৃষিৰ প্ৰকাৰ
খ) কৃষিকাৰ্যৰ বিতৰণ আৰু পদ্ধতি৷
২৬৷ ঔদ্যোগিক ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: ঔদ্যোগিক ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) ঔদ্যোগিক সামগ্ৰীৰ বিতৰণ
খ) উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ৷
২৭৷ সম্পদ ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: সম্পদ ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) সম্পদৰ প্ৰকাৰ
খ) সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক৷
২৮৷ পৰিবহণ ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: পৰিবহণ ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) সম্পদৰ বিতৰণত পৰিবহণৰ ভূমিকা
খ) পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ৷
২৯৷ বজাৰ ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: বজাৰ ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ
খ) বজাৰৰ প্ৰকাৰ আৰু বিতৰণ৷
৩০৷ পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ
খ) পৰিকল্পনা ব্যৱস্থা৷
৩১৷ পৰ্যটন ভূগোলৰ দুটা বিষয়বস্তু উল্লেখ কৰা৷
উত্তৰ: পৰ্যটন ভূগোলৰ দুটা বিষয়বস্তু হ’ল—
ক) পৰ্যটনৰ প্ৰকাৰ
খ) পৰ্যটন ব্যৱস্থাপ উন্নয়ন প্ৰক্ৰিয়া৷
৩২৷ সম্পদ কাক বোলে?
উত্তৰ: মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকেই সম্পদ বুলি কোৱা হয়৷
৩৩৷ সম্পদৰ যিকোনো দুটা উদাহৰণ দিয়া৷
উত্তৰ: সম্পদৰ দুটা উদাহৰণ হ’ল— বায়ু আৰু পানী৷
৩৪৷ মানুহৰ মৌলিক প্ৰয়োজন কেইটা আৰু কি কি?
উত্তৰ: মানুহৰ মৌলিক প্ৰয়োজন তিনি‍টা আৰু সেইকেইটা হৈছে— খাদ্য, বস্ত্ৰ আৰু বাসস্থান৷
৩৫৷ পৃথিৱীৰ যিকোনো বস্তুৱেই সম্পদ হয়নে?
উত্তৰ: পৃথিৱীৰ যিকোনো বস্তুৱেই সম্পদ নহয়৷ সম্পদ হ’বলৈ হ’লে বস্তু এটাৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকিব লাগিব৷
৩৬৷ অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ’বলৈ বস্তু এটাৰ কি কি গুণ থাকিব লাগে?
উত্তৰ: অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ’বলৈ বস্তু এটাৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ থাকিব লাগে৷
৩৭৷ সম্পদৰ লগত মানুহ কি কি ধৰণে জড়িত?
উত্তৰ: সম্পদৰ লগত মানুহ দুই ধৰণে জড়িত— ক) সম্পদৰ উৎপাদক হিচাপে আৰু খ) সম্পদৰ উপভোক্তা হিচাপে৷
৩৮৷ প্ৰাকৃতিক সম্পদ কাক বোলে?
উত্তৰ: প্ৰাকৃতিক কাৰকৰ দ্বাৰা প্ৰকৃতিত সৃষ্টি হোৱা সম্পদসমূহকেই প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়৷
৩৯৷ মানৱসৃষ্ট সম্পদ কাক বোলে?
উত্তৰ: মানুহে নিজৰ জ্ঞআন, বুদ্ধি, দক্ষতা আৰু কৌশলেৰে নিজৰ ব্যৱহাৰৰ উপযোগীকৈ যিবোৰ সম্পদ সৃষ্টি কৰি লয়, সেইবোৰকে মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়৷
৪০৷ মানৱ সম্পদ বুলিলে কি বুজা?
উত্তৰ: প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ মানুহৰ কাৰ্যদক্ষতা, শি‍ক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয় আৰু এনে গুণবিলাকৰ বাবেই মানুহকো এক শ্ৰেণীৰ সম্পদ হিচাপে ধৰা হয় আৰু এয়াই হৈছে মানৱ সম্পদ৷
৪১৷ দুবিধ প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া৷
উত্তৰ: প্ৰাকৃতিক সম্পদৰ দুটা উদাহৰণ হ’ল— উদ্ভিদ আৰু বন্যপ্ৰাণী৷
৪২৷ দুবিধ মানৱসৃষ্ট সম্পদৰ উদাহৰণ দিয়া৷
উত্তৰ: মানৱসৃষ্ট সম্পদৰ দুটা উদাহৰণ হ’ল— ঔষধ, গৃহ নিৰ্মাণ সামগ্ৰী৷
৪৩৷ নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে?
উত্তৰ: যিবিলাক সামগ্ৰীয়ে মানুহক কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে, তেনে সামগ্ৰীকেই নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয়৷
৪৪৷ প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনা কাক বোলে?
উত্তৰ: যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহক অপকাৰ সাধন কৰে, তেনে সামগ্ৰী বা পৰিঘটনাকেই প্ৰতিৰোধক সামগ্ৰী বা প্ৰতিৰোধক পৰিঘটনা বোলে৷
৪৫৷ দামোদৰ বান্ধ ক’ত অৱস্থিত?
উত্তৰ: দামোদৰ বান্ধ ঝাৰখণ্ডত অৱস্থিত৷
৪৬৷ সম্পত্তি বুলিলে কি বুজা?
উত্তৰ: যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, তেনে সামগ্ৰীকেই সম্পত্তি বুলি কোৱা হয়৷
৪৭৷ সম্পত্তিৰ যিকোনো দুটা বৈশিষ্ট্য লিখা৷
উত্তৰ: সম্পত্তিৰ দুটা বৈশিষ্ট্য হ’ল—
ক) সম্পত্তিৰ যোগান তুলনামূলকভৱে সীমিত আৰু ইয়াক এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি৷
খ) সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ আৰু অপকাৰ দুয়োটাই হ’ব পাৰে৷  
৪৮৷ সম্পদ আৰু সম্পত্তিৰ মাজৰ যিকোনো এটা পাৰ্থক্য লিখা৷
উত্তৰ: সম্পদ আৰু সম্পত্তিৰ মাজৰ এটা পাৰ্থক্য হ’ল—সকলো সম্পত্তিয়েই সম্পদ, কিন্তু সকল‍ো সম্পদ সম্পত্তি নহ’বও পাৰে৷
৪৯৷ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি‍ সম্পদসমূহক বহলভাৱে কেইটা ভাগত ভাগ কৰা হৈছে?
উত্তৰ: সৃষ্টি প্ৰক্ৰিয়া অনুসৰি‍ সম্পদসমূহক বহলভাৱে তিনি‍টা ভাগত ভাগ কৰা হৈছে৷
৫০৷ প্ৰাকৃতিক সম্পদসমূহক কি কি অৱস্থাত পোৱা যায়?
উত্তৰ: প্ৰাকৃতিক সম্পদসমূহক গোটা, জুলীয়া, গেছীয়, ধাতৱ আৰু অধাতৱ অৱস্থাত পোৱা যায়৷
৫১৷ কাগজ কিহৰ পৰা প্ৰস্তুত কৰা হয়?
উত্তৰ: বাঁহৰ পৰা কাগজ প্ৰস্তুত কৰা হয়৷
৫২৷ খনিজ পদাৰ্থৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম লিখা৷
উত্তৰ: খনিজ পদাৰ্থৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তু হ’ল— ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য৷
৫৩৷ অৰ্থনৈতিকভাৱে সমৃদ্ধিশালী পৃথিৱীৰ যিকোনো দুখন দেশৰ নাম লিখা৷
উত্তৰ: অৰ্থনৈতিকভাৱে সমৃদ্ধিশালী পৃথিৱীৰ দুখন দেশ হ’ল— জাপান আৰু টাইৱান৷
৫৪৷ প্ৰাকৃতিক গঠন-বৈশিষ্ট্য আনুসৰি সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰ: প্ৰাকৃতিক গঠন-বৈশিষ্ট্য আনুসৰি সম্পদক জীৱীয় আৰু অজীৱীয়— এই দুই ভাগত ভাগ কৰা হৈছে
৫৫৷ জীৱীয় সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: জীৱীয় সম্পদৰ দুটা উদাহৰণ হ’ল— উদ্ভিদ আৰু প্ৰাণী৷
৫৬৷ অজীৱীয় সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: অজীৱীয় সম্পদৰ দুটা উদাহৰণ হ’ল— মাটি আৰু শিল৷
৫৭৷ ব্যৱহাৰৰ উপযোগিতা অনুসৰি সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰ: ব্যৱহাৰৰ উপযোগিতা অনুসৰি সম্পদক নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য— এই দুই ভাগত ভাগ কৰা হৈছে৷
৫৮৷ নৱীকৰণযোগ্য বা পুনঃসৃষ্টি‍ক্ষম সম্পদ কাক বোলে?
উত্তৰ: যিবিলাক সম্পদ অনৱৰত  ব্যৱহাৰ কৰি থকাৰ পাছতো নৱীকৰণ বা পুনঃসৃষ্টি কৰিব পাৰি, সেইবিলাকক সম্পদকেই নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়৷
৫৯৷ অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ কাক বোলে?
উত্তৰ: যিবিলাক সম্পদ অনৱৰত  ব্যৱহাৰ কৰি থকাৰ পাছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি, সেইবিলাকক সম্পদকেই অনৱীকৰণযোগ্য সম্পদ বা ক্ষয়শীল বুলি কোৱা হয়৷
৬০৷ নৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: নৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ হ’ল— বায়ু আৰু পানী৷
৬১৷ অনৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: অনৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ হ’ল— খনিজ তেল আৰু কয়লা৷
৬২৷ মালিকীস্বত্বৰ ভিত্তিত সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰ: মালিকীস্বত্বৰ ভিত্তিত সম্পদক তিনিটা ভাগত ভাগ কৰা হৈছে আৰু সেইকেইটা হ’ল—ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক বা বিশ্ব সম্পদ৷
৬৩৷ ব্যক্তিগত সম্পদ কাক বোলে?
উত্তৰ: মানুহৰ নিজ নিজ অধিকাৰ বা দখলত থকা সম্পদসমূহকেই ব্যক্তিগত সম্পদ বুলি কোৱা হয়৷
৬৪৷ জাতীয় সম্পদ কাক বোলে?
উত্তৰ: এখন দেশৰ তত্ত্বাৱধানত বা দখলত থকা সম্পদসমূহকেই জাতীয় সম্পদ বুলি কোৱা হয়৷
৬৫৷ আন্তৰ্জাতিক বা বিশ্ব সম্পদ কাক বোলে?
উত্তৰ: সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদসমূহক একেলগে আন্তৰ্জাতিক সম্পদ বা বিশ্ব সম্পদ বুলি কোৱা হয়৷
৬৬৷ ব্যক্তিগত সম্পদৰ দুটা উদাহণ দিয়া৷
উত্তৰ: ব্যক্তিগত সম্পদৰ দুটা উদাহণ হ’ল— কৰ্মদক্ষতা আৰু সা-সম্পত্তি৷
৬৭৷ জাতীয় সম্পদৰ দুটা উদাহণ দিয়া৷
উত্তৰ: জাতীয় সম্পদৰ দুটা উদাহণ হ’ল—ৰাস্তা-ঘাট আৰু অভয়াৰণ্য৷
৬৮৷ আন্তৰ্জাতিক সম্পদৰ দুটা উদাহণ দিয়া৷
উত্তৰ: আন্তৰ্জাতিক সম্পদৰ দুটা উদাহণ হ’ল—সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডল৷
৬৯৷ বিশ্ব সম্পদসমূহৰ উদ্‌ঘাটন আৰু ব্যৱহাৰ কোনটো সংস্থাই পৰিচালনা কৰে?
উত্তৰ: ৰাষ্ট্ৰসংঘই বিশ্ব সম্পদসমূহৰ উদ্‌ঘাটন আৰু ব্যৱহাৰ পৰিচালনা কৰে৷
৭০৷ বিতৰণ অনুসৰি প্ৰাকৃতিক সম্পদক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰ: বিতৰণ অনুসৰি প্ৰাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে আৰু সেইকেইটা হ’ল— চিৰবিৰাজমান সম্পদ আৰু স্থানিক সম্পদ৷
৭১৷ চিৰবিৰাজমান সম্পদ বুলিলে ‍কি বুজা?
উত্তৰ: যিবিলাক প্ৰাকৃতিক সম্পদ সকলো ঠাইতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ, তেনে প্ৰাকৃতিক সম্পদকে চিৰবিৰাজমান সম্পদ বুলি কোৱা হয়৷
৭২৷ স্থানিক সম্পদ বুলিলে ‍কি বুজা?
উত্তৰ: যিবিলাক প্ৰাকৃতিক সম্পদ পৃথিৱীৰ কিছুমান বিশেষ বিশেষ ঠাইতহে উপলভ্য, তেনে প্ৰাকৃতিক সম্পদকে স্থানিক সম্পদ বুলি কোৱা হয়৷
৭৩৷ চিৰবিৰাজমান সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: চিৰবিৰাজমান সম্পদৰ দুটা উদাহৰণ হ’ল— সূৰ্যৰ ৰশ্মি আৰু বায়ু৷
৭৪৷ স্থানিক সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: স্থানিক সম্পদৰ দুটা উদাহৰণ হ’ল— কয়লা আৰু খনিজ তেল৷
৭৫৷ সম্পদ সংৰক্ষণ বুলিলে কি বুজা?
উত্তৰ: কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদৰ সংৰক্ষণ বুলি কোৱা হয়৷
৭৬৷ সম্পদ সংৰক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য কি?
উত্তৰ: সম্পদ সংৰক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য হ’ল—প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদসমূহ এনদেৰে আহৰণ কৰা যাতে ইয়াৰ পৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ৷
৭৭৷ পৃথিৱীত জৈৱ বৈচিত্ৰ্য হ্ৰাস পোৱাৰ এটা কাৰণ উল্লেখ কৰা৷
উত্তৰ: পৃথিৱীত জৈৱ বৈচিত্ৰ্য হ্ৰাস পোৱাৰ এটা কাৰণ হ’ল— অৰণ্য ধ্বংসকাৰ্য৷
৭৮৷ অসমৰ দুবিধ মূল্যৱান উদ্ভিদৰ নাম লিখা৷
উত্তৰ: অসমৰ দুবিধ মূল্যৱান উদ্ভিদ হ’ল—অৰ্জুন আৰু অগৰু৷
৭৯৷ দুবিধ বিলুপ্তপ্ৰায় প্ৰাণীৰ নাম লিখা৷
উত্তৰ: দুবিধ বিলুপ্তপ্ৰায় প্ৰাণীৰ নাম হ’ল— সোণালী বন্দৰ আৰু শগুণ৷
৮০৷ IUCN-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: IUCN-ৰ সম্পূৰ্ণ নাম হ’ল— আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা (International Union for Conservation of Nature)৷
৮১৷ IUCN কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?
উত্তৰ: IUCN ৰাষ্ট্ৰসংঘ নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত৷
৮২৷ UNESCO-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: UNESCO-ৰ সম্পূৰ্ণ নাম হ’ল—ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈ‍জ্ঞানিক আৰু সাংস্কৃতিক সংস্থা (United Nation’s Educational, Scientific and Cultural Organization)৷
৮৩৷ UNESCO কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?
উত্তৰ: UNESCO ৰাষ্ট্ৰসংঘ নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত৷
৮৪৷ কাৰ প্ৰচেষ্টাত IUCN গঠিত হৈছিল?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ প্ৰথম সঞ্চালকপ্ৰধান জুলিয়ান হাক্স্‌লেৰ প্ৰচেষ্টাত প্ৰচেষ্টাত IUCN গঠিত হৈছিল৷
৮৫৷ IUCN কেতিয়া গঠিত হৈছিল?
উত্তৰ: ১৯৪৮ চনত IUCN গঠিত হৈছিল৷
৮৬৷ IUCN-ৰ মূল উদ্দেশ্য কি?
উত্তৰ: IUCN-ৰ মূল উদ্দেশ্য হ’ল— সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা৷
৮৭৷ WWF-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: WWF-ৰ সম্পূৰ্ণ নাম হ’ল—বিশ্বজোৰা প্ৰকৃতি পুঁজি (World Wide Fund fof Nature)‍৷
৮৮৷ IUCN-ৰ নেতৃত্বত গঠন হোৱা দুটা সংস্থাৰ নাম লিখা৷
উত্তৰ: IUCN-ৰ নেতৃত্বত গঠন হোৱা দুটা সংস্থাৰ নাম হ’ল—IUCN আৰু  WCMC৷
৮৯৷ ভাৰতৰবৰ্ষৰ পৰিৱেশ সম্পৰ্কীয় মন্ত্ৰণালয়টোৰ নাম কি?
উত্তৰ: ভাৰতৰবৰ্ষৰ পৰিৱেশ সম্পৰ্কীয় মন্ত্ৰণালয়টোৰ নাম হ’ল— পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়৷
৯০৷ ভাৰতীয় বন গৱেষণা আৰু শি‍ক্ষা সংস্থা কেতিয়া গঠন কৰা হৈছি‍ল?
উত্তৰ: ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শি‍ক্ষা সংস্থা গঠন কৰা হৈছি‍ল৷
৯১৷ পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা ভাৰতৰ দুটা বেচৰকাৰী সংস্থাৰ নাম লিখা৷
উত্তৰ: পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা ভাৰতৰ দুটা বেচৰকাৰী সংস্থাৰ নাম হ’ল—বি‍জ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ (Centre for Science and Environment) আৰু গ্ৰীনপিছ ইণ্ডিয়া (Greenpeace India)৷
৯২৷ পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা অসমৰ দুটা বেচৰকাৰী সংস্থাৰ নাম লিখা৷
উত্তৰ: পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰা অসমৰ দুটা বেচৰকাৰী সংস্থাৰ নাম হ’ল— ‘আৰণ্যক’ আৰু ‘অসম বি‍জ্ঞান সমিতি’৷
৯৩৷ বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ: ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়৷
৯৪৷ সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰাৰ বাবে যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা৷
উত্তৰ: সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰাৰ বাবে দুটা ব্যৱস্থা হ’ল—
ক) বিকল্প সম্পদৰ সন্ধান
খ) বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস৷
৯৫৷ কপাহী সূতাৰ বিকল্প হিচাপে কি সম্পদ ব্যৱহাৰ কৰিব পাৰি?
উত্তৰ: কপাহী সূতাৰ বিকল্প হিচাপে কৃত্ৰিম আঁহ ব্যৱহাৰ কৰিব পাৰি৷
৯৬৷ প্ৰাকৃতিক ৰবৰৰ বিকল্প হিচাপে কি সম্পদ ব্যৱহাৰ কৰিব পাৰি?
উত্তৰ: প্ৰাকৃতিক ৰবৰৰ বিকল্প হিচাপে কৃত্ৰিম ৰবৰ ব্যৱহাৰ কৰিব পাৰি৷
৯৭৷ পুনৰাৱৰ্তন প্ৰক্ৰিয়া বুলিলে কি বুজা?
উত্তৰ: সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ যি প্ৰক্ৰিয়াৰ জৰিয়তে ব্যৱহাৰ-উপযোগী কেঁচা সামগ্ৰীৰ পুনৰ্বব্যৱহাৰ কৰা হয়, সেই প্ৰক্ৰিয়াকেই পুনৰাৱৰ্তন বুলি কোৱা হয়৷
৯৮৷ ৰাসায়নকি সাৰৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰা উচিত?
উত্তৰ: ৰাসায়নকি সাৰৰ পৰিৱৰ্তে জৈৱ সাৰ ব্যৱহাৰ কৰা উচিত৷
৯৯৷ ৰাসায়নকি কীটনাশক দ্ৰব্যৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰা উচিত?
উত্তৰ: ৰাসায়নকি কীটনাশক দ্ৰব্যৰ পৰিৱৰ্তে জৈৱ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা উচিত
১০০৷ সম্পদৰ প্ৰধান বৈশিষ্ট্যকেইটা লিখা৷
উত্তৰ: সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল— উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম৷
১০১৷ “সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব” কোনে কৈছিল?
উত্তৰ: “সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব”— অৰ্থনীতিবিদ জিম্মাৰমেনে কৈছিল?
১০২৷ মানুহ এবিধ সম্পদ হয়নে?
উত্তৰ: মানুহ এবিধ সম্পদ হয়
১০৩৷ খনিজ তেলৰ পৰা প্রস্তুত কৰা দুবিধ সামগ্ৰীৰ নাম লিখা।
উত্তৰ: খনিজ তেলৰ পৰা প্রস্তুত কৰা দুবিধ সামগ্ৰীৰ নাম হ’ল— ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য৷
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ