অসমৰ ভূগোল, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী)— অতি চমু প্ৰশ্নোত্তৰ


১৷ ভাৰতৰ কোন প্ৰান্তত অসম ৰাজ্য অৱস্থিত?
উত্তৰ: ভাৰতৰ উত্তৰ-পূব প্ৰান্তত অসম ৰাজ্য অৱস্থিত৷
২৷ অসম ৰাজ্য ভাৰতৰ আন কেইখন ৰাজ্যৰে পৰিৱেষ্টিত?
উত্তৰ: অসম ৰাজ্য ভাৰতৰ সাতখন ৰাজ্যৰে পৰিৱেষ্টিত৷
৩৷ অসমৰ গাতে লাগি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম লিখা৷
উত্তৰ: অসমৰ গাতে লাগি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম হ’ল— ভূটান আৰু বাংলাদেশ৷
৪৷ কোনখন ৰাজ্যক উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়?
উত্তৰ: অসম ৰাজ্যক উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়৷
৫৷ অসমৰ মুঠ মাটিকালি কিমান?
উত্তৰ: অসমৰ মুঠ মাটিকালি প্ৰায় ৭৮,৪৩৮ বৰ্গ কিল’মিটাৰ৷
৬৷ অসমৰ মাটিকালি ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ?
উত্তৰ: অসমৰ মাটিকালি ভাৰতৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ৷
৭৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ: ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা প্ৰায় ৩ কোটি ১২ লাখ ৫ হাজাৰ (৩১২.০৫ লাখ)৷
৮৷ অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ?
উত্তৰ: অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ ২.৬ শতাংশ৷
৯৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?
উত্তৰ: ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ ৬৩.২৫ শতাংশ৷
১০৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত পুৰুষ-মহিলাৰ অনুপাত কিমান?
উত্তৰ: ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত পুৰুষ-মহিলাৰ অনুপাত ১০০০ : ৯৫৮৷
১১৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ গাঁও অঞ্চলত বাস কৰা লোক কিমান শতাংশ?
উত্তৰ: ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ গাঁও অঞ্চলত বাস কৰা লোক ৮৫.৯০ শতাংশ৷
১২৷ কোনবিলাক নগৰক প্ৰথম শ্ৰেণীৰ নগৰ হিচাপে ধৰা হয়?
উত্তৰ: যিবিসাক নগৰৰ জনসংখ্যা ১ লাখ বা ততোধিক, সেইবিলাক নগৰক প্ৰথম শ্ৰেণীৰ নগৰ হিচাপে ধৰা হয়৷
১৩৷ কোনবিলাক নগৰক দ্বিতীয় শ্ৰেণীৰ নগৰ হিচাপে ধৰা হয়?
উত্তৰ: যিবিলাক নগৰৰ জনসংখ্যা ৫০ হাজাৰৰ পৰা ১ লাখৰ ভিতৰত, তেনে নগৰক দ্বিতীয় শ্ৰেণীৰ নগৰ হিচাপে ধৰা হয়৷
১৪৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা কিমান?
উত্তৰ: ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা ৭৷
১৫৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ দ্বিতীয় শ্ৰেণীৰ নগৰৰ সংখ্যা কিমান?
উত্তৰ: ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ দ্বিতীয় শ্ৰেণীৰ নগৰৰ সংখ্যা ৬৷
১৬৷ অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন?
উত্তৰ: অসমৰ আটাইতকৈ জনবহুল নগৰখন হ’ল গুৱাহাটী৷
১৭৷ অসমৰ দ্বিতীয় জনবহুল নগৰ কোনখন?
উত্তৰ: অসমৰ দ্বিতীয় জনবহুল নগৰখন হ’ল শিলচৰ৷
১৮৷ অসমৰ তৃতীয় জনবহুল নগৰ কোনখন?
উত্তৰ: অসমৰ তৃতীয় জনবহুল নগৰখন হ’ল ডিব্ৰুগড়৷
১৯৷ দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত আটাইতকৈ জনবহুল নগৰ কোনখন?
উত্তৰ: দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত আটাইতকৈ জনবহুল নগৰখন হ’ল ধুবুৰী৷
২০৷ জনসংখ্যাৰ পৰিৱৰ্তনৰ কাৰককেইটা লিখা৷
উত্তৰ: জনসংখ্যাৰ পৰিৱৰ্তনৰ কাৰককেইটা হ’ল— জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন৷
২১৷ কেতিয়াৰ পৰা অসমৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে?
উত্তৰ: স্বাধীনতাৰ পাছত, ১৯৫১ চনৰ পৰা অসমৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে৷
২২৷ কোনখন চুবুৰীয়া দেশৰ পৰা হোৱা জনপ্ৰব্ৰজনে অসমৰ জনসংখ্যা বৃদ্ধিত বহুল প্ৰভাৱ পেলাইছে?
উত্তৰ: চুবুৰীয়া দেশ বাংলাদেশৰ পৰা হোৱা জনপ্ৰব্ৰজনে অসমৰ জনসংখ্যা বৃদ্ধিত বহুল প্ৰভাৱ পেলাইছে৷
২৩৷ জনসংখ্যাৰ ঘনত্ব বুলিলে কি বুজা?
উত্তৰ: জনসংখ্যাৰ ঘনত্ব হ’ল কোনো এখন ঠাইৰ প্ৰতি বৰ্গ কিল’মিটাৰ এলেকাত থকা জনসংখ্যা৷
২৪৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰ: ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিল’মিটাৰত ৩৯৮ জন৷
২৫৷ কোনবোৰ অঞ্চলৰ বসতি সেৰেঙা?
উত্তৰ: সাধাৰণতে যিবিলাক অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল নহয়, যাতায়ত আৰু অৰ্থনৈতিক অৱস্থআ উন্নত নহয়, সেইবিলাক অঞ্চলৰ বসতি সেৰেঙা৷
২৬৷ কোনবোৰ অঞ্চলৰ বসতি ঘন?
উত্তৰ: যিবিলাক অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল, যাতায়ত আৰু অৰ্থনৈতিক অৱস্থআ উন্নত, সেইবিলাক অঞ্চলৰ বসতি ঘন৷
২৭৷ অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰে?
উত্তৰ: অসমৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশ লোকে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰে৷
২৮৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে বসবাস কৰে?
উত্তৰ: ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অংশত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ২১ শতাংশ লোকে বসবাস কৰে৷
২৯৷ ২০১১ চনৰ লোকপিয়ল মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অংশত জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰ: ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অংশত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিল’মিটাৰত ৩৭১ জন৷
৩০৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে বসবাস কৰে?
উত্তৰ: ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য অংশত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ২৭ শতাংশ লোকে বসবাস কৰে৷
৩১৷ ২০১১ চনৰ লোকপিয়ল মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য অংশত জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰ: ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য অংশত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিল’মিটাৰত ৫০০ জন৷
৩২৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে বসবাস কৰে?
উত্তৰ: ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ ৩৬ শতাংশ লোকে বসবাস কৰে৷
৩৩৷ ২০১১ চনৰ লোকপিয়ল মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অংশত জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰ: ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অংশত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিল’মিটাৰত ৬৩১ জন৷
৩৪৷ বৰাক উপত্যকাত থকা জিলাকেইখনৰ নাম লিখা৷
উত্তৰ: বৰাক উপত্যকাত থকা জিলাকেইখনৰ নাম হ’ল— কাছাৰ, হাইলাকন্দি আৰু কৰিমগঞ্জ৷
৩৫৷ ২০১১ চনৰ লোকপিয়ল মতে বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰ: ২০১১ চনৰ লোকপিয়ল মতে বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিল’মিটাৰত ৫৪৫ জন৷
৩৬৷ ২০১১ চনৰ লোকপিয়ল মতে বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে বসবাস কৰে?
উত্তৰ: ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে মতে বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান প্ৰায় ১১ লোকে বসবাস কৰে৷
৩৭৷ পাৰ্বত্য অঞ্চলৰ জিলা দুখনৰ নাম লিখা৷
উত্তৰ: পাৰ্বত্য অঞ্চলৰ জিলা দুখনৰ নাম হ’ল— কাৰ্বি আংলং আৰু ডিমা হাছাও৷
৩৮৷ ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে পাৰ্বত্য অঞ্চলৰ জিলা দুখনৰ মুঠ জনসংখ্যা অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ?
উত্তৰ: পাৰ্বত্য অঞ্চলৰ জিলা দুখনৰ মুঠ জনসংখ্যা অসমৰ মুঠ জনসংখ্যাৰ ৩.৭৫ শতাংশ৷
৩৯৷ ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে পাৰ্বত্য অঞ্চলৰ জিলা দুখনৰ জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰ: পাৰ্বত্য অঞ্চলৰ জিলা দুখনৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিল’মিটাৰত ৬৮ জন৷
৪০৷ ২০০১ চনৰ লোকপিয়ল মতে অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা কোনখন আছিল?
উত্তৰ: ২০০১ চনৰ লোকপিয়ল মতে অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা আছিল কামৰূপ৷
৪১৷ ২০০১ চনৰ লোকপিয়ল মতে অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলা কোনখন আছিল?
উত্তৰ: ২০০১ চনৰ লোকপিয়ল মতে অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলা আছিল ডিমা হাছাও৷
৪২৷ ২০১১ চনৰ লোকপিয়ল মতে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক?
উত্তৰ: ২০১১ চনৰ লোকপিয়ল মতে অসমৰ কামৰূপ (মেট্ৰ’) জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক৷
৪৩৷ ২০১১ চনৰ লোকপিয়ল মতে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন?
উত্তৰ: ২০১১ চনৰ লোকপিয়ল মতে অসমৰ ডিমা হাছাও জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন৷
৪৪৷ ২০০১ চনৰ লোকপিয়ল মতে নগাঁও জিলাত জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰ: ২০০১ চনৰ লোকপিয়ল মতে নগাঁও জিলাত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিল’মিটাৰত ৫৮৩ জন৷
৪৫৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অংশৰ কোন দুখন জিলাৰ জনসংখ্যাৰ ঘনত্ব অসমৰ গড় ঘনত্বতকৈ বেছি?
উত্তৰ: ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অংশত থকা লখিমপুৰ আৰু শিৱসাগৰ— এই দুখন জিলাৰ জনসংখ্যাৰ ঘনত্ব অসমৰ গড় ঘনত্বতকৈ বেছি৷
৪৬৷ অসমত উচ্চ হাৰত জনসংখ্যা বৃদ্ধিৰ কাৰণ লিখা৷
উত্তৰ: অসমত উচ্চ হাৰত জনসংখ্যা বৃদ্ধিৰ কাৰণ হ’ল— জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি‍ আৰু জনপ্ৰব্ৰজন৷
৪৭৷ সমাজ বি‍জ্ঞানীসকলৰ মতে অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত কোন জনগোষ্ঠীৰ?
উত্তৰ: সমাজ বি‍জ্ঞানীসকলৰ মতে অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত অষ্ট্ৰিক জনগোষ্ঠীৰ৷
৪৮৷ সমাজ বি‍জ্ঞানীসকলৰ মতে অসমলৈ আগমন ঘটা দ্বিতীয়টো জনস্ৰোত কোন জনগোষ্ঠীৰ?
উত্তৰ: সমাজ বি‍জ্ঞানীসকলৰ মতে অসমলৈ আগমন ঘটা দ্বিতীয়টো জনস্ৰোত মংগোলীয় জনগোষ্ঠীৰ৷
৪৯৷ অষ্ট্ৰিকসকল অসমলৈ ক’ৰ পৰা আহিছিল?
উত্তৰ: দক্ষিণ-পূব এছিয়াৰ পৰা অষ্ট্ৰিকসকল অসমলৈ আহিছিল৷
৫০৷ খাছীয়া আৰু জয়ন্তীয়াসকল কোন জনগোষ্ঠীৰ লোক?
উত্তৰ: খাছীয়া আৰু জয়ন্তীয়াসকল অষ্ট্ৰিত জনগোষ্ঠীৰ লোক৷
৫১৷ মংগোলীয়সকল অসমলৈ ক’ৰ পৰা আহিছিল?
উত্তৰ: মধ্য এছিয়াৰ পৰা মংগোলীয়সকল অসমলৈ আহিছিল৷
৫২৷ খাছীয়া লোকলকলৰ বাদে অসমৰ জনজাতীয় লোকসকল কোন জনগোষ্ঠীৰ লোক?
উত্তৰ: খাছীয়া লোকলকলৰ বাদে অসমৰ জনজাতীয় লোকসকল অষ্ট্ৰিক জনগোষ্ঠীৰ লোক৷
৫৩৷ অসমত বসবাস কৰা মংগোলীয় জনগোষ্ঠীৰ দুটা জনজাতিৰ নাম লিখা৷
উত্তৰ: অসমত বসবাস কৰা মংগোলীয় জনগোষ্ঠীৰ দুটা জনজাতিৰ নাম হ’ল— বড়ো আৰু কাৰ্বি‍৷
৫৪৷  অসমত বসবাস কৰা মংগোলীয় জনগোষ্ঠীৰ দুটা ভৈয়ামৰ জনজাতিৰ নাম লিখা৷
উত্তৰ: অসমত বসবাস কৰা মংগোলীয় জনগোষ্ঠীৰ দুটা ভৈয়ামৰ জনজাতিৰ নাম হ’ল— ৰাভা আৰু তিৱা৷
৫৫৷ অসমত বসবাস কৰা মংগোলীয় জনগোষ্ঠীৰ দুটা পাহাৰীয়া জনজাতিৰ নাম লিখা৷
উত্তৰ: অসমত বসবাস কৰা মংগোলীয় জনগোষ্ঠীৰ দুটা পাহাৰীয়া জনজাতিৰ নাম হ’ল—কাৰ্বি আৰু গাৰো৷
৫৬৷ অসমত বসবাস কৰা মংগোলীয় জনগোষ্ঠীৰ বৃহৎ জনজাতি কোনটো?
উত্তৰ: অসমত বসবাস কৰা মংগোলীয় জনগোষ্ঠীৰ বৃহৎ জনজাতিটো হ’ল— বড়ো৷
৫৭৷ অসমত বসবাস কৰা মংগোলীয় জনগোষ্ঠীৰ দ্বিতীয় বৃহৎ জনজাতি কোনটো?
উত্তৰ: অসমত বসবাস কৰা মংগোলীয় জনগোষ্ঠীৰ দ্বিতীয় বৃহৎ জনজাতিটো হ’ল— মিছিং৷
৫৮৷ বড়ো জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
উত্তৰ: বড়ো জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম হ’ল— কোকৰাঝাৰ আৰু ওদালগুৰি৷
৫৯৷ মিচিং জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
উত্তৰ: মিচিং জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম হ’ল— ডিব্ৰুগড় আৰু শিৱসাগৰ৷
৬০৷ ৰাভা জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
উত্তৰ: ৰাভা জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম হ’ল— গোৱালপাৰা আৰু দৰং৷
৬১৷ তিৱা জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
উত্তৰ: তিৱা জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম হ’ল—মৰিগাঁও আৰু নগাঁও৷
৬২৷ দেউৰী জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
উত্তৰ: দেউৰী জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম হ’ল— লখিমপুৰ, ডিব্ৰুগড়৷
৬৩৷ সোণোৱাল কছাৰী জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
উত্তৰ: সোণোৱাল কছাৰী জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম হ’ল— তিনিচুকীয়া, যোৰহাট৷
৬৪৷ মেছ কছাৰী জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
উত্তৰ: মেছ কছাৰী জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম হ’ল— গোৱালপাৰা আৰু ডিব্ৰুগড়৷
৬৫৷ কাছাৰৰ বৰ্মন জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
উত্তৰ: কাছাৰৰ বৰ্মন জনজাতিৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম হ’ল— কৰিমগঞ্জ আৰু হাইলাকান্দি৷
৬৬৷ কাৰ্বি জনজাতিৰ বসতি থকা অসমৰ জিলা দুখনৰ নাম লিখা৷
উত্তৰ: কাৰ্বি জনজাতিৰ বসতি থকা অসমৰ জিলা দুখনৰ নাম হ’ল— কাৰ্বি আংলং আৰু ডিমা হাছাও৷
৬৭৷ জনসংখ্যাৰ লেখেৰে অসমৰ তৃতীয় বৃহৎ জনজাতি কোনটো?
উত্তৰ: জনসংখ্যাৰ লেখেৰে অসমৰ তৃতীয় বৃহৎ জনজাতিটো হ’ল— কাৰ্বি৷
৬৮৷ ডিমাছা কছাৰী জনজাতিৰ বসতি থকা অসমৰ জিলা দুখনৰ নাম লিখা৷
উত্তৰ: ডিমাছা কছাৰী জনজাতিৰ বসতি থকা অসমৰ জিলা দুখনৰ নাম হ’ল— কাৰ্বি আংলং আৰু ডিমা হাছাও৷
৬৯৷ গাৰো জনজাতিৰ বসতি থকা অসমৰ জিলা দুখনৰ নাম লিখা৷
উত্তৰ: গাৰো জনজাতিৰ বসতি থকা অসমৰ জিলা দুখনৰ নাম হ’ল— গোৱালপাৰা আৰু ধুবুৰী৷
৭০৷ কুকি জনজাতিৰ বসতি থকা অসমৰ জিলাখনৰ নাম লিখা৷
উত্তৰ: কুকি জনজাতিৰ বসতি থকা অসমৰ জিলাখনৰ নাম হ’ল— ডিমা হাছাও৷
৭১৷ মাৰ জনজাতিৰ বসতি থকা অসমৰ জিলাখনৰ নাম লিখা৷
উত্তৰ: মাৰ জনজাতিৰ বসতি থকা অসমৰ জিলাখনৰ নাম হ’ল— ডিমা হাছাও৷
৭২৷ হাজং জনজাতিৰ বসতি থকা অসমৰ জিলা দুখনৰ নাম লিখা৷
উত্তৰ: হাজং জনজাতিৰ বসতি থকা অসমৰ জিলা দুখনৰ নাম হ’ল— কাৰ্বি আংলং আৰু ডিমা হাছাও৷
৭৩৷ ৰেংমা নগা জনজাতিৰ বসতি থকা অসমৰ জিলাখনৰ নাম লিখা৷
উত্তৰ: ৰেংমা নগা জনজাতিৰ বসতি থকা অসমৰ জিলাখনৰ নাম হ’ল— কাৰ্বি আংলং৷
৭৪৷ জেমি নগা জনজাতিৰ বসতি থকা অসমৰ জিলাখনৰ নাম লিখা৷
উত্তৰ: জেমি নগা জনজাতিৰ বসতি থকা অসমৰ জিলাখনৰ নাম হ’ল— ডি‍মা হাছাও৷
৭৫৷ আৰ্যমূলীয় লোকসকল অসমলৈ ক’ৰ পৰা আহিছিল?
উত্তৰ: আৰ্যমূলীয় লোকসকল অসমলৈ গংগা উপত্যকাৰ সমভূমি অঞ্চলৰ পৰা আহিছিল৷
৭৬৷ আৰ্যমূলীয় লোকসকল কোন নৃ-গোষ্ঠীৰ লোক?
উত্তৰ: আৰ্যমূলীয় লোকসকল ককেছীয় নৃ-গোষ্ঠীৰ লোক৷
৭৭৷ অসমত বসবাস কৰা অধিক সংখ্যক অজনজাতীয় লোক কোন জনগোষ্ঠীৰ?
উত্তৰ: অসমত বসবাস কৰা অধিক সংখ্যক অজনজাতীয় লোক ককেছীয় জনগোষ্ঠীৰ৷
৭৮৷ অসমত বসবাস কৰা দুটা ককেছীয় জনগোষ্ঠীৰ নাম লিখা৷
উত্তৰ: অসমত বসবাস কৰা দুটা ককেছীয় জনগোষ্ঠীৰ নাম হ’ল— ব্ৰাহ্মণ আৰু কায়স্থ৷
৭৯৷ সিন্ধু-আৰ্যমূলীয় ইছলাম ধৰ্মাৱলম্বী লোকসকল অসমলৈ ক’ৰ পৰা আহিছিল?
উত্তৰ: সিন্ধু-আৰ্যমূলীয় ইছলাম ধৰ্মাৱলম্বী লোকসকল আফগানিস্তানৰ অসমলৈ আহিছিল৷
৮০৷ সিন্ধু-আৰ্যমূলীয় ইছলাম ধৰ্মাৱলম্বী লোকসকল অসমলৈ কেতিয়া আহিছিল?
উত্তৰ: প্ৰায় ১৩ শতিকাৰ আৰম্ভণিতে সিন্ধু-আৰ্যমূলীয় ইছলাম ধৰ্মাৱলম্বী লোকসকল অসমলৈ আহিছিল৷
৮১৷ সিন্ধু-আৰ্যমূলীয় ইছলাম ধৰ্মাৱলম্বী লোকসকল অসমলৈ কাৰ নেতৃত্বত আহিছিল?
উত্তৰ: মহম্মদ বিন বখ্‌তিয়াৰ খিলীজি‍ৰ‍ নেতৃত্বত সিন্ধু-আৰ্যমূলীয় ইছলাম ধৰ্মাৱলম্বী লোকসকল অসমলৈ আহিছিল৷
৮২৷ আহোমসকল কোন জনগোষ্ঠীৰ লোক?
উত্তৰ: আহোমসকল মংগোলীয় জনগোষ্ঠীৰ লোক৷
৮৩৷ আহোমসকল অসমলৈ ক’ৰ পৰা আহিছিল?
উত্তৰ: আহোমসকল অসমলৈ চীন দেশৰ পৰা আহিছিল৷
৮৪৷ কাৰ নেতৃত্বত আহোমসকল অসমলৈ আহিছিল?
উত্তৰ: ছ্যু-কা-ফাৰ নেতৃত্বত আহোমসকল অসমলৈ আহিছিল৷
৮৫৷ আহোমসকল‍ে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?
উত্তৰ: আহোমসকল‍ে অসমত ৫৫৮ বছৰ ৰাজত্ব কৰিছিল৷
৮৬৷ আহোমসকলৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
উত্তৰ: আহোমসকলৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম হ’ল— শিৱসাগৰ আৰু যোৰহাট৷
৮৭৷ কোচ ৰাজবংশী লোকৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
উত্তৰ: কোচ ৰাজবংশী লোকৰ বসতি থকা অসমৰ দুখন জিলাৰ নাম হ’ল— নলবাৰী, বৰপেটা৷
৮৮৷ কাৰ নেতৃত্বত ‘গোহাঁই কমল আলি’ নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলৰ নেতৃত্বত ‘গোহাঁই কমল আলি’ নিৰ্মাণ কৰা হৈছিল৷
৮৯৷ ‘গোহাঁই কমল আলি’ ক’ৰ পৰা ক’লৈ নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: ‘গোহাঁই কমল আলি’ কোচবিহাৰৰ পৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰলৈ নিৰ্মাণ কৰা হৈছিল৷
৯০৷ ব্ৰিটিছে কি উদ্দেশ্যে নেপালৰ লোকসকলক অসমলৈ আনিছিল?
উত্তৰ: সৈন্যবাহিনীত নিয়োগ কৰাৰ উদ্দেশ্যে ব্ৰিটিছে নেপালৰ লোকসকলক অসমলৈ আনিছিল৷
৯১৷ চাহ জনজাতিৰ লোকসকল কোন জনগোষ্ঠীৰ?
উত্তৰ: চাহ জনজাতিৰ লোকসকল অষ্ট্ৰিক জনগোষ্ঠীৰ৷
৯২৷ চাহ জনজাতিৰ লোকসকল ক’ৰ পৰা অসমলৈ আহিছিল?
উত্তৰ: মধ্য ভাৰতৰ টোটনাগপুৰ মালভূমি অঞ্চলৰ পৰা চাহ জনজাতিৰ লোকসকল অসমলৈ আহিছিল৷
৯৩৷ বাংলাদেশৰ পুৰণি নাম কি?
উত্তৰ: বাংলাদেশৰ পুৰণি নাম পূৰ্ব বংগ৷
৯৪৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰধান কঠিত ভাষা কি?
উত্তৰ: ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰধান কঠিত ভাষা হ’ল অসমীয়া৷
৯৫৷ বৰাক উপত্যকাৰ প্ৰধান কঠিত ভাষা কি?
উত্তৰ: বৰাক উপত্যকাৰ প্ৰধান কঠিত ভাষা বাংলা৷
৯৬৷ অসমৰ ৰাজ্যভাষা কি?
উত্তৰ: অসমৰ ৰাজ্যভাষা অসমীয়া৷
৯৭৷ অসমৰ আটাইতকৈ পুৰণি পৰিবহণ ব্যৱস্থা কোনটো?
উত্তৰ: অসমৰ আটাইতকৈ পুৰণি পৰিবহণ ব্যৱস্থা পথ পৰিবহণ ব্যৱস্থা৷
৯৮৷ পথ পৰিবহণ ব্যৱস্থাৰ দুটা সুবিধা উল্লেখ কৰা৷
উত্তৰ: পথ পৰিবহণ ব্যৱস্থাৰ দুটা সুবিধা হ’ল—
ক) পথ পৰিবহণ ব্যৱস্থা সুচল, বেগী আৰু নিৰ্ভৰযোগ্য৷
খ) সৰু আৰু ভিতৰুৱা ঠাইসমূহৰ লগত সহজে সংযোগ স্থাপন কৰিব পাৰি৷
৯৯৷ অসমৰ পথ পৰিবহণ ব্যৱস্থাত কেই প্ৰকাৰৰ পথ আছে?
উত্তৰ: অসমৰ পথ পৰিবহণ ব্যৱস্থাত সাত প্ৰকাৰৰ পথ আছে৷
১০০৷ ২০১৫-১৬ চনৰ তথ্য মতে অসমৰ মুঠ পথৰ দৈৰ্ঘ্য কিমান?
উত্তৰ: ২০১৫-১৬ চনৰ তথ্য মতে অসমৰ মুঠ পথৰ দৈৰ্ঘ্য ৪৮,৭২৫ কিল’মিটাৰ৷
১০১৷ ২০১৫-১৬ চনৰ তথ্য মতে অসমৰ মুঠ পকী পথৰ দৈৰ্ঘ্য কিমান?
উত্তৰ: ২০১৫-১৬ চনৰ তথ্য মতে অসমৰ মুঠ পকী পথৰ দৈৰ্ঘ্য ২৫,৫৪৬ কিল’মিটাৰ৷
১০২৷ ২০১৫-১৬ চনত অসমত মুঠ কেইটা ৰাষ্ট্ৰীয় ঘাইপথ আছিল?
উত্তৰ: ২০১৫-১৬ চনত অসমত মুঠ ৩৪ টা ৰাষ্ট্ৰীয় ঘাইপথ আছিল৷
১০৩৷ ৰে’ল পৰিবহণ ব্যৱস্থাৰ দুটা সুবিধা লিখা৷
উত্তৰ: ৰে’ল পৰিবহণ ব্যৱস্থাৰ দুটা সুবিধা হ’ল—
ক) দীৰ্ঘ দূৰত্বৰ বাবে যাত্ৰী আৰু বয়-বস্তু কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত সুচল আৰু নিৰ্ভৰযোগ্য৷
খ) এই পৰিবহণ ব্যৱস্থাই নিয়‍োগৰ সৃষ্টি হয়৷
১০৪৷ অসমৰ ৰে’ল পৰিহবণ ব্যৱস্থা কোন মণ্ডলৰ দায়িত্বত আছে?
উত্তৰ: অসমৰ ৰে’ল পৰিহবণ ব্যৱস্থা উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলৰ দায়িত্বত আছে৷
১০৫৷ উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডলৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত৷
১০৬৷ ২০১২-১৩ চনৰ তথ্য অনুসৰি অসমৰ ৰে’লপথৰ মুঠ দৈৰ্ঘ্য কিমান?
উত্তৰ: ২০১২-১৩ চনৰ তথ্য অনুসৰি অসমৰ ৰে’লপথৰ মুঠ দৈৰ্ঘ্য ২,৪৫৮.৯৩ কিল’মিটাৰ৷
১০৭৷ ২০১২-১৩ চনৰ তথ্য অনুসৰি অসমৰ ব্ৰডগজ ৰে’লপথৰ মুঠ দৈৰ্ঘ্য কিমান?
উত্তৰ: ২০১২-১৩ চনৰ তথ্য অনুসৰি অসমৰ ব্ৰডগজ ৰে’লপথৰ মুঠ দৈৰ্ঘ্য ১,৪৭০.০৬ কিল’মিটাৰ৷
১০৮৷ ২০১২-১৩ চনৰ তথ্য অনুসৰি অসমৰ মিটাৰগজ ৰে’লপথৰ মুঠ দৈৰ্ঘ্য কিমান?
উত্তৰ: ২০১২-১৩ চনৰ তথ্য অনুসৰি অসমৰ মিটাৰগজ ৰে’লপথৰ মুঠ দৈৰ্ঘ্য ৯৮৮.৮৭ কিল’মিটাৰ৷
১০৯৷ শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ নৱ্য জলপথটোৰ দৈৰ্ঘ্য কিমান?
উত্তৰ: শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ নৱ্য জলপথটোৰ দৈৰ্ঘ্য ৮৯১ কিল’মিটাৰ৷
১১০৷ বৰাকৰ জলপথৰ দৈৰ্ঘ্য কিমান?
উত্তৰ: বৰাকৰ জলপথৰ দৈৰ্ঘ্য ১২১ কিল’মিটাৰ৷
১১১৷ অসমত জলপৰিবহণ ব্যৱস্থাৰ হকে কাম কৰা সংস্থা দুটাৰ নাম লিখা৷
উত্তৰ: অসমত জলপৰিবহণ ব্যৱস্থাৰ হকে কাম কৰা সংস্থা দুটাৰ নাম হ’ল—
ক) কেন্দ্ৰীয় অভ্যন্তৰীণ জলপৰিবহণ নিগম
খ) অভ্যন্তৰীণ জলপৰিবহণ সঞ্চালকালয়৷
১১২৷ ব্ৰহ্মপুত্ৰ নদীৰ দুটা ঘাটৰ নাম লিখা৷
উত্তৰ: ব্ৰহ্মপুত্ৰ নদীৰ দুটা ঘাটৰ নাম হ’ল—নিমাতি আৰু পাণ্ডু৷
১১৩৷ অসমৰ অভ্যন্তৰীণ জলপৰিবহণ ব্যৱস্থাৰ দুটা সুবিধা লিখা৷
উত্তৰ: অসমৰ অভ্যন্তৰীণ জলপৰিবহণ ব্যৱস্থাৰ দুটা সুবিধা হ’ল—
ক) অন্য পৰিবহণৰ তুলনাত জলপৰিবহণত ইন্ধনৰ খৰচ কম৷
খ) গধুৰ মাল-বস্তুৰ পৰিবহণৰ ক্ষেত্ৰত জলপৰিবহণ ব্যৱস্থা অতি উপযোগী৷
১১৪৷ অসমত কেইটা বিমান বন্দৰ আছে?
উত্তৰ: অসমত ছটা বিমান বন্দৰ আছে৷
১১৫৷ গুৱাহাটীত অৱস্থিত বিমান বন্দৰটোক কি নামেৰে জনা যায়?
উত্তৰ: গুৱাহাটীত অৱস্থিত বিমান বন্দৰটোক লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ নামেৰে জনা যায়৷
১১৬৷ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম লিখা৷
উত্তৰ: উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো হ’ল— লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ৷
১১৭৷ সম্পদ বুলিলে কি বুজা?
উত্তৰ: যিবিলিাক দ্ৰব্য ব্যৱহাৰ কৰি আমি আমাৰ অভাৱ আৰু অভিলাষ পূৰণ কৰিব পাৰোঁ, সেইবিলাককেই সম্পদ বুলি কোৱা হয়৷
১১৮৷ সম্পদক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰ: সম্পদক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে আৰু সেইকেইটা হৈছে—
ক) প্ৰাকৃতিক সম্পদ
খ) মানৱসৃষ্ট সম্পদ৷
১১৯৷ প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা?
উত্তৰ: প্ৰাকৃতিক কাৰকৰ দ্বাৰা প্ৰকৃতিত সৃষ্টি হোৱা সম্পদসমূহকেই প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়৷
১২০৷ মানৱসৃষ্ট সম্পদ বুলিলে কি বুজা?
উত্তৰ: মানুহে নিজৰ জ্ঞআন, বুদ্ধি, দক্ষতা আৰু কৌশলেৰে নিজৰ ব্যৱহাৰৰ উপযোগীকৈ যিবোৰ সম্পদ সৃষ্টি কৰি লয়, সেইবোৰকে মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়৷
১২১৷ প্ৰাকৃতিক সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: প্ৰাকৃতিক সম্পদৰ দুটা উদাহৰণ হ’ল— উদ্ভিদ আৰু বন্যপ্ৰাণী৷
১২২৷ মানৱসৃষ্ট সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: মানৱসৃষ্ট সম্পদৰ দুটা উদাহৰণ হ’ল— ঔষধ, গৃহ নিৰ্মাণ সামগ্ৰী৷
১২৩৷ নৱীকৰণযোগ্য সম্পদ বুলিলে কি বুজা?
উত্তৰ: যিবোৰ সম্পদ অনৱৰত ব্যৱহাৰ কৰি থকাৰ পাছতো নৱীকৰণ বা পুনঃসৃষ্টি কৰিব পাৰি তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়৷
১২৪৷ অনৱীকৰণযোগ্য সম্পদ বুলিলে কি বুজা?
উত্তৰ: যিবোৰ সম্পদ ব্যৱহাৰৰ পাছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি, তেনে সম্পদকেই অনৱীকৰণ সম্পদ বুলি কোৱা হয়৷
১২৫৷ নৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: নৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ হ’ল— বায়ু আৰু পানী৷
১২৬৷ অনৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: অনৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ হ’ল— কয়লা আৰু খনিজ তেল৷
১২৭৷ জীৱীয় সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: জীৱীয় সম্পদৰ দুটা উদাহৰণ হ’ল— উদ্ভিদ আৰু প্ৰাণী৷
১২৮৷ অজীৱীয় সম্পদৰ দুটা উদাহৰণ দিয়া৷
উত্তৰ: অজীৱীয় সম্পদৰ দুটা উদাহৰণ হ’ল— মাটি আৰু শিল৷
১২৯৷ মানৱ সম্পদ বুলিলে কি বুজা?
উত্তৰ: প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ মানুহৰ কাৰ্যদক্ষতা, শি‍ক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয় আৰু এনে গুণবিলাকৰ বাবেই মানুহকো এক শ্ৰেণীৰ সম্পদ হিচাপে ধৰা হয় আৰু এয়াই হৈছে মানৱ সম্পদ৷
১৩০৷ প্ৰচুৰ প্ৰাকৃতিক সম্পদ থকা সত্ত্বেও অসম পিছ পৰি ৰোৱাৰ মূল কাৰণ কি?
উত্তৰ: প্ৰচুৰ প্ৰাকৃতিক সম্পদ থকা সত্ত্বেও অসম পিছ পৰি ৰোৱাৰ মূল কাৰণ হৈছে প্ৰাকৃতিক সম্পদৰ যথোচিত ব্যৱহাৰ নোহ‍োৱাটো৷
১৩১৷ পলসুৱা মাটি কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ: পলসুৱা মাটি দুই প্ৰকাৰৰ আৰু সেইসমূহ হৈছে— নতুন পলসুৱা মাটি আৰু পুৰণি পলসুৱা মাটি৷
১৩২৷ ২০০৯-১০ চনৰ তথ্যমতে অসমৰ মুঠ মাটিৰ কিমান শতাংশত খেতি কৰা হৈছে?
উত্তৰ: ২০০৯-১০ চনৰ তথ্যমতে অসমৰ মুঠ মাটিৰ ৩৫ শতাংশত খেতি কৰা হৈছে৷
১৩৩৷ ২০১১ চনৰ তথ্যমতে অসমৰ মুঠ মাটিৰ কিমান শতাংশ বনাঞ্চল?
উত্তৰ: ২০১১ চনৰ তথ্যমতে অসমৰ মুঠ মাটিৰ ৩৪ শতাংশ বনাঞ্চল৷
১৩৪৷ অসমৰ মুঠ বনাঞ্চলৰ কিমান শতাংশ সংৰক্ষিত বনাঞ্চল?
উত্তৰ: অসমৰ মুঠ বনাঞ্চলৰ কিমান ৭২ শতাংশ সংৰক্ষিত বনাঞ্চল৷
১৩৫৷ অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে?
উত্তৰ: অসমত ৫খন ৰাষ্ট্ৰীয় উদ্যান আছে৷
১৩৬৷ অসমত অভয়াৰণ্য কেইখন আছে?
উত্তৰ: অসমত ২০ খন অভয়াৰণ্য আছে৷
১৩৭৷ ‘পনীয়া সোণ’ বুলি কিহক কোৱা হয়?
উত্তৰ: খনিজ তেলক ‘পনীয়া সোণ’ বুলি কোৱা হয়৷
১৩৮৷ অসম তথা ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখনৰ নাম কি?
উত্তৰ: অসম তথা ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখনৰ নাম হ’ল ডিগবৈ তৈলক্ষেত্ৰ৷
১৩৯৷ অসম প্ৰধান তৈলক্ষেত্ৰ কেইখন?
উত্তৰ: অসমৰ প্ৰধান তৈলক্ষেত্ৰ আঠখন৷
১৪০৷ অসমৰ দুখন তৈলক্ষেত্ৰৰ নাম লিখা৷
উত্তৰ: অসমৰ দুখন তৈলক্ষেত্ৰ হ’ল— নাহৰকটীয়া তৈলক্ষেত্ৰ আৰু ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰ৷

 

\

 

১৪১৷ ভাৰতৰ মুঠ উৎপাদনৰ কিমান শতাংশ প্ৰাকৃতিক গেছ অসমত উৎপাদন হয়?
উত্তৰ: ভাৰতৰ মুঠ উৎপাদনৰ ২৫ শতাংশ প্ৰাকৃতিক গেছ অসমত উৎপাদন হয়৷
১৪২৷ কয়লা পোৱা অসমৰ দুখন ঠাইৰ নাম লিখা৷
উত্তৰ: কয়লা পোৱা অসমৰ দুখন ঠাইৰ নাম হ’ল— মাকুম  (তিনিচুকীয়া) আৰু গৰমপানী (ডিমা হাছাও)৷
১৪৩৷ চূণশিল কি কামত ব্যৱহাৰ কৰা হয়?
উত্তৰ: চিমেণ্ট প্ৰস্তুত কৰাত, লো আৰু তীখা উৎপাদন কৰাৰ লগতে কিছুমান ৰাসায়নিক উদ্যোগত কেঁচামাল হিচাপে চূণশিল ব্যৱহাৰ কৰা হয়৷
১৪৪৷ চূণশিল পোৱা অসমৰ দুখন ঠাইৰ নাম লিখা৷
উত্তৰ: চূণশিল পোৱা অসমৰ দুখন ঠাইৰ নাম হ’ল— পানীমূৰ (ডিমা হাছাও) আৰু শিলভেটা (কাৰ্বি আংলং)৷
১৪৫৷ লোৰ আকৰৰ সন্ধান পোৱা অসমৰ অঞ্চলকেইটাৰ নাম লিখা৷
উত্তৰ: লোৰ আকৰৰ সন্ধান পোৱা অসমৰ অঞ্চলকেইটাৰ হ’ল গোৱালপাৰা জিলাৰ চান্দৰডিঙা, লেংগুপাৰা আৰু কুমৰী অঞ্চল৷
১৪৬৷ অসমৰ ক’ত ফেল্‌স্পাৰ পোৱা গৈছে?
উত্তৰ: অসমৰ কামৰূপ জিলাৰ হাহিমত ফেল্‌স্পাৰ পোৱা গৈছে‍৷
১৪৫৷ অসমত পুৰুষৰ শিক্ষিতৰ হাৰ কিমান?
উত্তৰ: অসমত পুৰুষৰ শিক্ষিতৰ হাৰ ৭৮ শতাংশ৷
১৪৬৷ অসমত মহিলাৰ শিক্ষিতৰ হাৰ কিমান?
উত্তৰ: অসমত মহিলাৰ শিক্ষিতৰ হাৰ কিমান ৬৭ শতাংশ৷
১৪৭৷ অসমৰ নগৰ অঞ্চলত শিক্ষিতৰ হাৰ কিমান?
উত্তৰ: অসমৰ নগৰ অঞ্চলত শিক্ষিতৰ হাৰ ৮৮ শতাংশ৷
১৪৮৷ অসমৰ গাঁও অঞ্চলত শিক্ষিতৰ হাৰ কিমান?
উত্তৰ: অসমৰ গাঁও অঞ্চলত শিক্ষিতৰ হাৰ ৭০ শতাংশ৷
১৪৯৷ কৃষিভূমিৰ প্ৰাকৃতিক গুণ কেনেদৰে নষ্ট হৈছে?
উত্তৰ: কৃষিভূমিত অত্যধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত কৃষিভূমিৰ প্ৰাকৃতিক গুণ নষ্ট হৈছে৷
১৫০৷ অসমৰ অধিকাংশ লোক কি বৃত্তিৰ সৈতে জড়িত?
উত্তৰ: অসমৰ অধিকাংশ লোক কৃষিৰ সৈতে জড়িত.
১৫১৷ ২০১০-১১ চনৰ তথ্যমতে‍ অসমৰ মুঠ কৃষি-উপযোগী মাটিৰ কিমান অংশত খেতি কৰা হৈছে?
উত্তৰ: ২০১০-১১ চনৰ তথ্যমতে‍ অসমৰ মুঠ কৃষি-উপযোগী মাটিৰ ৮৮ শতাংশত খেতি কৰা হৈছে৷
১৫২৷ অসমক কেইটা কৃষি-জলবায়ৱীয় অঞ্চলত ভাগ কৰ‍া হৈছে?
উত্তৰ: অসমক ছটা কৃষি-জলবায়ৱীয় অঞ্চলত ভাগ কৰ‍া হৈছে৷
১৫৩৷ অসমৰ কোনটো জলবায়ৱীয় অঞ্চলত সৰ্বাধিক পৰিমাণৰ ভূমিত কৃষিকাৰ্য কৰা হৈছে?
উত্তৰ: অসমৰ নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত সৰ্বাধিক পৰিমাণৰ ভূমিত কৃষিকাৰ্য কৰা হৈছে৷
১৫৪৷ অসমৰ কোনটো জলবায়ৱীয় অঞ্চলত আটাইতকৈ কম পৰিমাণৰ ভূমিত কৃষিকাৰ্য কৰা হৈছে?
উত্তৰ: অসমৰ কাৰ্বি আংলং, ডিমা হাছাও জিলাক সামৰি লোৱা পাৰ্বত্য অঞ্চলটোত আটাইতকৈ কম পৰিমাণৰ ভূমিত কৃষিকাৰ্য কৰা হৈছে৷
১৫৫৷ অসমৰ কোনটো জলবায়ৱীয় অঞ্চলত এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ শতকৰা হাৰত সৰ্বাধিক?
উত্তৰ: কাৰ্বি আংলং, ডিমা হাছাও জিলাক সামৰি লোৱা পাৰ্বত্য অঞ্চলটোত এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ শতকৰা হাৰত সৰ্বাধিক৷
১৫৬৷ অসমৰ কোনটো জলবায়ৱীয় অঞ্চলত এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ শতকৰা হাৰত সৰ্বনিম্ন?
উত্তৰ: মধ্য উপত্যকা অঞ্চলত এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ শতকৰা হাৰত সৰ্বনিম্ন৷
১৫৭৷ অসমৰ প্ৰধান খাদ্যশস্য কি?
উত্তৰ: অসমৰ প্ৰধান খাদ্যশস্য ধান৷
১৫৮৷ ২০১০-১১ বৰ্ষৰ তথ্য অনুসৰি অসমৰ মুঠ কিমান পৰিমাণৰ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়?
উত্তৰ: ২০১০-১১ বৰ্ষৰ তথ্য অনুসৰি অসমৰ মুঠ ২৮.১১ লাখ হেক্টৰ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়৷
১৫৯৷ ২০১১-১২ বৰ্ষৰ তথ্য অনুসৰি অসমৰ মুঠ কিমান পৰিমাণৰ মাটিত ধানখেতি কৰা হয়?
উত্তৰ: ২০১১-১২ বৰ্ষৰ তথ্য অনুসৰি অসমৰ মুঠ ২৫.৪৫ লাখ হেক্টৰ মাটিত ধানখেতি কৰা হয়৷
১৬০৷ অসমত কোনবিধ ধানৰ খেতি সৰ্বাধিক পৰিমাণে কৰা হয়?
উত্তৰ: অসমত শালি ধানৰ খেতি সৰ্বাধিক পৰিমাণে কৰা হয়৷
১৬১৷ অসমত প্ৰধানকৈ কেই প্ৰকাৰৰ ধানখেতি কৰা হয়?
উত্তৰ: অসমত প্ৰধানকৈ তিনি প্ৰকাৰৰ ধানখেতি কৰা হয়৷
১৬২৷ অসমত হোৱা দুবিধ খাদ্যশস্যৰ নাম লিখা৷
উত্তৰ: অসমত হোৱা দুবিধ খাদ্যশস্যৰ নাম হ’ল— ধান আৰু মাটিমাহ৷
১৬৩৷ অসমৰ ক’ত ক’ত ঝুম খেতি কৰা হয়?
উত্তৰ: অসমৰ পাৰ্বত্য অঞ্চলটোত থকা কাৰ্বি আংলং ৰু ডিমা হাছাও জিলাত ঝুম খেতি কৰা হয়৷
১৬৪৷ ঝুমখেতি কি?
উত্তৰ: পাহাৰৰ ঢালত হাবি-জংঘল কাটি, জ্বলাই দি সেই ঠাইত খেতি কৰা হয়৷ এনে‍কৈ কৰা খেতিকে ঝুম খেতি বুলি কোৱা হয়৷ সাধাৰণতে এক‍েডোখৰ ঠাইত দুবছৰমান এনেদৰে খেতি কৰাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পায় আৰু তেতিয়া সেই ঠাই সলাই অন্য ঠাইত খেতি কৰিবলৈ লোৱা হয়৷  
১৬৫৷ ঝুমখেতিৰ পৰিৱৰ্তে কি পদ্ধতিৰ কৃষি জনপ্ৰিয়কৰণৰ প্ৰচেষ্টা হাতত লোৱা উচিত?
উত্তৰ: ঝুমখেতিৰ পৰিৱৰ্তে বেদিকা কৃষি পদ্ধতিৰ কৃষি জনপ্ৰিয়কৰণৰ প্ৰচেষ্টা হাতত লোৱা উচিত৷
১৬৬৷ ক্ষুদ্ৰ উদ্যোগত কেনে উদ্যোগসমূহ সামৰি লোৱা হৈছে?
উত্তৰ: নিয়োগৰ সুবিধা দিব পৰা পণ্য উৎপাদনকাৰী আৰু প্ৰস্তুতকাৰী উদ্যোগসমূহ ক্ষুদ্ৰ উদ্যোগে সামৰি লৈ‍ছে৷
১৬৭৷ উত্তৰ-পূব ঔদ্যোগিক বিনিয়োগ নীতি কেতিয়া ঘোষণা কৰা হৈছিল?
উত্তৰ: উত্তৰ-পূব ঔদ্যোগিক বিনিয়োগ নীতি ২০০৭ চনত ঘোষণা কৰা হৈছিল৷
১৬৮৷  অসমত ৰাজ্যিক ঔদ্যোগিক নীতি কেতিয়া ঘোষণা কৰা হয়?
উত্তৰ: অসমত ৰাজ্যিক ঔদ্যোগিক নীতি ২০০৮ চনত ঘোষণা কৰা হয়৷
১৬৯৷ কেন্দ্ৰীয় আৰু ৰাজ্যিক উদ্যোগ নীতিৰ অধীনত বৰ্তমান অসমত কিমানখন বাণিজ্যিক পাম আৰু কিমানখন উদ্যোগ পাম আছে?
উত্তৰ: কেন্দ্ৰীয় আৰু ৰাজ্যিক উদ্যোগ নীতিৰ অধীনত বৰ্তমান অসমত ৬৪ খন বাণিজ্যিক পাম আৰু ৫০ খন উদ্যোগ পাম আছে৷
১৭০৷ অসমত উদ্যোগ বিকাশ কেন্দ্ৰ ক’ত ক’ত আছে?
উত্তৰ: অসমত উদ্যোগ বিকাশ কেন্দ্ৰ শোণিতপুৰ জিলাৰ বালিপাৰা আৰু গোৱালপাৰা জিলাৰ মাটিয়াত আছে৷
১৭১৷ অসমত কেইটা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰ আছে?
উত্তৰ: অসমত ৯ টা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰ আছে৷
১৭২৷ অসমত কেইখন উদ্যোগ পাৰ্ক আছে?
উত্তৰ: অসমত ৬ খন উদ্যোগ পাৰ্ক আছে৷
১৭৩৷ অসমত কিমান ঔদ্যোগিক বিকাশ কেন্দ্ৰ আছে?
উত্তৰ: অসমত ২ টা ঔদ্যোগিক বিকাশ কেন্দ্ৰ আছে৷
১৭৪৷ অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি কেতিয়া ঘোষণা কৰা হয়?
উত্তৰ: অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি ২০১৪ চনত ঘোষণা কৰা হয়৷
১৭৫৷ অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ দুটা লক্ষ্য উল্লেখ কৰা৷
উত্তৰ: অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ দুটা লক্ষ্য হ’ল—
ক) ৰাজ্যখনত, বিশেষকৈ গ্ৰামাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা৷
খ) বৃহৎ সংখ্যক দক্ষ লোকৰ সৃষ্টি কৰা৷
১৭৬৷ অসমৰ উদ্যোগসমূহক কেই প্ৰকাৰত ভাগ কৰা হৈছে?
উত্তৰ: অসমৰ উদ্যোগসমূহক পাঁচ প্ৰকাৰত ভাগ কৰা হৈছে৷
১৭৭৷ কৃষিভিত্তিক উদ্যোগ বুলিলে কি বুজা?
উত্তৰ: মূলতঃ কৃষিজাত শস্যসমূহক কেঁচামাল হিচাপে ব্যৱহাৰ কৰা উদ্যোগসমূহেই কৃষিভিত্তিক উদ্যোগ৷
১৭৮৷ অসমৰ দুবিধ খনি উদ্যেগৰ নাম লিখা৷
উত্তৰ: অসমৰ দুবিধ খনি উদ্যেগ হ’ল— তেল আৰু প্ৰাকৃতিক গেছ উদ্যোগ আৰু চূণশিল উদ্যোগ৷
১৭৯৷ অসমৰ দুবিধ হস্তশিল্প উদ্যেগৰ নাম লিখা৷
উত্তৰ: অসমৰ দুবিধ হস্তশিল্প উদ্যেগৰ নাম হ’ল— (ক) হস্ততাঁত আৰু বস্ত্ৰ উদ্যোগ (খ) বাঁহ‍-বেতৰ উদ্যোগ৷
১৮১৷ অসমৰ দুবিধ কৃষিভিত্তিক উদ্যেগৰ নাম লিখা৷
উত্তৰ: অসমৰ দুবিধ কৃষিভিত্তিক উদ্যেগৰ নাম হ’ল—চাহ উদ্যোগ আৰু ৰবৰ উদ্যোগ৷
১৮২৷ অসমৰ দুবিধ শক্তি উদ্যেগৰ নাম লিখা৷
উত্তৰ: অসমৰ দুবিধ শক্তি উদ্যেগৰ হ’ল— জলশক্তি উদ্যোগ আৰু তেল-কয়লা-গেছভিত্তিক শক্তি উদ্যোগ৷
১৮৩৷ অসমৰ দুবিধ সেৱা খণ্ডৰ উদ্যেগৰ নাম লিখা৷
উত্তৰ: অসমৰ দুবিধ সেৱা খণ্ডৰ উদ্যেগ হ’ল—পৰ্যটন উদ্যোগ আৰু হোটেল ব্যৱসায়৷
১৮৪৷ খাদ্য উদ্যান থকা অসমৰ দুখন ঠাইৰ নাম লিখা৷
উত্তৰ: খাদ্য উদ্যান থকা অসমৰ দুখন ঠাইৰ নাম হ’ল— ছয়গাঁও আৰু নাথকুছি৷
১৮৫৷ অসমত পৰম্পৰাগতভাৱে কেই প্ৰকাৰৰ ৰেচম উৎপাদন কৰা হয়?
উত্তৰ: অসমত পৰম্পৰাগতভাৱে তিনি প্ৰকাৰৰ ৰেচম উৎপাদন কৰা হয়৷
১৮৬৷ ভাৰতৰ মুঠ এৰী উৎপাদনৰ কিমান শতাংশ অসমত উৎপাদন হয়?
উত্তৰ: ভাৰতৰ মুঠ এৰী উৎপাদনৰ প্ৰায় ৬৫ শতাংশ অসমত উৎপাদন হয়৷
১৮৭৷ ‘সোণালী সূতা’ বুলি কিহক কোৱা হয়?
উত্তৰ: ‘সোণালী সূতা’ বুলি মুগা সূতাক কোৱা হয়৷
১৮৮৷ ভাৰতৰ মুঠ মুগা উৎপাদনৰ কিমান শতাংশ অসমত উৎপাদন হয়?
উত্তৰ: ভাৰতৰ মুঠ মুগা উৎপাদনৰ ৯৭ শতাংশতকৈ অধিক অসমত উৎপাদন হয়৷
১৮৯৷ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কি?
উত্তৰ: অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হ’ল— চাহ উদ্যোগ৷
১৯০৷ অসমৰ মুঠ কিমান মাটিত চাহখেতি কৰা হয়?
উত্তৰ: অসমৰ মুঠ ৩১৮ হেজাৰ হেক্টৰ মাটিত চাহখেতি কৰা হয়৷
১৯১৷ ২০১১-১২ চনৰ তথ্যমতে অসমত পঞ্জীয়নভুক্ত বিলৰ সংখ্যা কিমান?
উত্তৰ: ২০১১-১২ চনৰ তথ্যমতে অসমত পঞ্জীয়নভুক্ত বিলৰ সংখ্যা ৪৩০৷
১৯২৷ ২০১১-১২ চনৰ তথ্যমতে অসমত সৰ্বাধিক মাছৰ পোনা উৎপাদনকাৰী জিলা কোনখন?
উত্তৰ: ২০১১-১২ চনৰ তথ্যমতে অসমত সৰ্বাধিক মাছৰ পোনা উৎপাদনকাৰী জিলাখন হ’ল— বৰপেটা৷
১৯৩৷ ২০১১-১২ চনৰ তথ্যমতে অসমত সৰ্বাধিক মাছ উৎপাদনকাৰী জিলা কোনখন?
উত্তৰ: ২০১১-১২ চনৰ তথ্যমতে অসমত সৰ্বাধিক মাছ উৎপাদনকাৰী জিলাখন হ’ল— নগাঁও৷
১৯৪৷ অসমত প্ৰথমবাৰৰ বাবে কেতিয়া তৈলক্ষেত্ৰৰ খননকাৰ্য কৰা হৈছিল?
উত্তৰ: ১৮৮৯ চনত অসমত প্ৰথমবাৰৰ বাবে তৈলক্ষেত্ৰৰ খননকাৰ্য কৰা হৈছিল৷
১৯৫৷ অসমৰ দ্বিতীয়টো তৈলক্ষেত্ৰ ক’ত আৱিষ্কাৰ হয়?
উত্তৰ: অসমৰ দ্বিতীয়টো তৈলক্ষেত্ৰ নাহৰকটীয়াত আৱিষ্কাৰ হয়৷
১৯৬৷ নাহৰকটীয়া তৈলক্ষেত্ৰত কেতিয়াৰ পৰা তেল উৎপাদন আৰম্ভ হয়?
উত্তৰ: নাহৰকটীয়া তৈলক্ষেত্ৰত ১৯৫৪ চনৰ পৰা তেল উৎপাদন আৰম্ভ হয়৷
১৯৭৷ অসমত মুঠ কেইটা তেল শোধনাগাৰ আছে?
উত্তৰ: অসমত মুঠ চাৰি‍টা তেল শোধনাগাৰ আছে৷
১৯৮৷ অসম তথা ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো?
উত্তৰ: ডিগবৈ তেল শোধনাগাৰ হৈছে অসম তথা ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ৷
১৯৯৷ অসমৰ দুটা কৃষি সমস্যা উল্লেখ কৰা৷
উত্তৰ: অসমৰ দুটা কৃষি সমস্যা হ’ল—
ক) শস্যৰ সুৰক্ষা ব্যৱস্থা আৰু শস্য চপোৱাৰ পদ্ধতি উন্নতত নহয়৷
খ) শস্য, বিশেষকৈ খাদ্যশস্য সমৰক্ষণৰ সুবিধা অতি সীমিত৷
২০০৷ অসমত ঔদ্যোগিকৰণ প্ৰক্ৰিয়া মন্থৰ হোৱাৰ দুটা কাৰণ লিখা৷
উত্তৰ: অসমত ঔদ্যোগিকৰণ প্ৰক্ৰিয়া মন্থৰ হোৱাৰ দুটা কাৰণ হ’ল—
ক) মূলধনৰ অভাৱ
খ) অনুন্নত যোগাযোগ ব্যৱস্থা৷
২০১৷ বৰ্তমান অসমত মধ্যমীয়া উদ্যোগৰ সংখ্যা কিমান?
উত্তৰ: বৰ্তমান অসমত মধ্যমীয়া উদ্যোগৰ সংখ্যা ১০০-তকৈ অধিক৷
২০২৷ বৰ্তমান অসমত ক্ষুদ্ৰ উদ্যোগৰ সংখ্যা কিমান?
উত্তৰ: বৰ্তমান অসমত ক্ষুদ্ৰ উদ্যোগৰ সংখ্যা প্ৰায় ১৭,৫০০৷
২০৩৷ অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি?
উত্তৰ: অসমৰ প্ৰধান খনিজ সম্পদসমূহ হ’ল— কয়লা, তেল, প্ৰাকৃতিক গেছ আৰু চূণশিল৷
২০৪৷ অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমূহ কি কি?
উত্তৰ: অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমূহ হ’ল— ভূমি সম্পদ, বনজ সম্পদ, জলসম্পদ আৰু খনিজ সম্পদ৷
২০৫৷ অসমৰ অৰ্থনীতি মূলতঃ কিহৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰ: অসমৰ অৰ্থনীতি মূলতঃ কৃষি‍ৰ ওপৰত নিৰ্ভৰশীল৷
২০৬৷ অসমৰ মুঠ কৰ্মনিয়োজিত লোকৰ কিমান শতাংশ লোক কৃষি খণ্ডত নিয়োজিত?
উত্তৰ: অসমৰ মুঠ কৰ্মনিয়োজিত লোকৰ ৫৩ শতাংশতকৈ অধিক লোক কৃষি খণ্ডত নিয়োজিত৷
২০৭৷ অসমৰ সাৰ কাৰখানা ক’ত আছে?
উত্তৰ: অসমৰ নামৰূপত সাৰ কাৰখানা আছে৷
২০৮৷ অসমৰ মৰাপাটৰ কল ক’ত আছে?
উত্তৰ: অসমৰ শিলঘাটত মৰাপাটৰ কল আছে৷
২০৯৷ অসমৰ চিমেণ্ট উদ্যোগ ক’ত আছে?
উত্তৰ: অসমৰ চিমেণ্ট উদ্যোগ বোকাজানত আছে৷
২১০৷ অসমৰ কাগজ উদ্যোগ ক’ত আছে?
উত্তৰ: অসমৰ কাগজ উদ্যোগ জাগীৰোড আৰু পাঁচগ্ৰামত আছে৷

 

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ