ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য— সমাজ বি‍জ্ঞান (X), অতি চমু প্ৰশ্নোত্তৰ

 


১৷ ভাৰতবৰ্ষত বিকশিত হোৱা প্ৰাচীনতম সভ্যতাটোৰ নাম লিখা৷
উত্তৰ: ভাৰতবৰ্ষত বিকশিত হোৱা প্ৰাচীনতম সভ্যতাটোৰ নাম সিন্ধু সভ্যতা৷
২৷ সিন্ধু উপত্যকাত নাগৰিক সভ্যতাৰ বিকাশ কেতিয়া হৈছিল?
উত্তৰ: খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত সিন্ধু উপত্যকাত নাগৰিক সভ্যতাৰ বিকাশ হৈছিল৷
৩৷ সিন্ধু সভ্যতাৰ উল্লেখযোগ্য নগৰ দুখনৰ নাম লিখা৷
উত্তৰ: সিন্ধু সভ্যতাৰ উল্লেখযোগ্য নগৰ দুখনৰ নাম হ’ল— হৰপ্পা আৰু মহেঞ্জোদাৰো৷
৪৷ সিন্ধু সভ্যতা ক’ৰ পৰা ক’লৈকে বিস্তৃত আছিল?
উত্তৰ: সিন্ধু উপত্যকাৰ পৰা গাংগেয় উপত্যকাৰ মীৰাটলৈকে সিন্ধু সভ্যতা বিস্তৃত আছিল৷
৫৷ কোনবোৰ বস্তু আৱিষ্কাৰৰ পৰা অনুমান কৰা হৈছে যে সিন্ধু সভ্যতাৰ লোকসকল জীৱ-জন্তুৰ পূজা বা টোটেম বিশ্বাসী আছিল?
উত্তৰ: ষাঁড় গৰু, য়ুনিকৰ্ন আদিৰ ছবি থকা মোহৰ আদিৰ আৱিষ্কাৰৰ পৰা অনুমান কৰা হৈছে যে সিন্ধু সভ্যতাৰ লোকসকল জীৱ-জন্তুৰ পূজা বা টোটেম বিশ্বাসী আছিল৷
৬৷ সিন্ধু সভ্যতাৰ পতন কেতিয়া হৈছিল?
উত্তৰ: খ্ৰীষ্টপূৰ্ব ১৫০০ মানত সিন্ধু সভ্যতাৰ পতন হৈছিল৷
৭৷ পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থখনৰ নাম লিখা৷
উত্তৰ: পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থখনৰ নাম হ’ল— ঋক্‌বেদ৷
৮৷ ঋকবৈদিক যুগক আৰু কি যুগ বুলি কোৱা হয়?
উত্তৰ: ঋকবৈদিক যুগক আদি বৈদিক যুগ বুলি কোৱা হয়৷
৯৷ ঋকবৈদিক যুগ বুলিলে কোনছোৱা সময়ক বুজোৱা হয়?
উত্তৰ: ঋকবৈদিক যুগ বুলিলে খ্ৰীষ্টপূৰ্ব ১৫০০-ৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০-ৰলৈকে‍ সময়ছোৱাক বুজোৱা হয়৷
১০৷ পৰৱৰ্তী বৈদিক যুগ বুলিলে কোনছোৱা সময়ক বুজোৱা হয়?
উত্তৰ: পৰৱৰ্তী বৈদিক যুগ বুলিলে খ্ৰীষ্টপূৰ্ব ১০০০-ৰ পৰা খ্ৰীষ্টপূৰ্ব ৬০০-লৈকে‍ সময়ছোৱাক বুজোৱা হয়৷
১১৷ বেদ কেইখন?
উত্তৰ: বেদ ৪ খন৷
১২৷ কোনখন বেদ সবাতোকৈ প্ৰাচীন?
উত্তৰ: ঋক্‌বেদ সবাতোকৈ প্ৰাচীন৷
১৩৷ আৰণ্যক আৰু উপনিষদসমূহ কেতিয়া ৰচনা কৰা হৈছিল?
উত্তৰ: আৰণ্যক আৰু উপনিষদসমূহ পৰৱৰ্তী বৈদিক যুগত ৰচনা কৰা হৈছিল৷
১৪৷ ৰামায়ণ আৰু মহাভাৰত কেতিয়া ৰচনা কৰা হৈছিল বুলি অনুমান কৰা হয়?
উত্তৰ: পৰৱৰ্তী বৈদিক যুগৰ শেষৰ ফালে ৰামায়ণ আৰু মহাভাৰত ৰচনা কৰা হৈছিল বুলি অনুমান কৰা হয়৷
১৫৷ সমগ্ৰ ভাৰতবৰ্ষত আৰ্য সংস্কৃতিৰ বিস্তাৰ কেতিয়া হৈছিল?
উত্তৰ: খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত সমগ্ৰ ভাৰতবৰ্ষত আৰ্য সংস্কৃতিৰ বিস্তাৰ হৈছিল৷
১৬৷ ভাৰতৰ যিকোনো দুটা নৃ-গোষ্ঠীৰ নাম লিখা৷
উত্তৰ: ভাৰতৰ দুটা নৃ-গোষ্ঠীৰ নাম হ’ল— অষ্ট্ৰিক আৰু মংগোলীয়৷
১৭৷ ধানখেতিৰ কৌশল কোন নৃ-গোষ্ঠীৰ অৱদান?
উত্তৰ: ধানখেতিৰ কৌশল অষ্ট্ৰিক গোষ্ঠীৰ অৱদান৷
১৮৷ কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰাৰ কৌশল কোন নৃ-গোষ্ঠীৰ অৱদান?
উত্তৰ: কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰাৰ কৌশল অষ্ট্ৰিক গোষ্ঠীৰ অৱদান৷
১৯৷ কপাহৰ পৰা সূতা উলিয়াই কাপোৰ তৈয়াৰ কৰাৰ কৌশল কোন নৃ-গোষ্ঠীৰ অৱদান?
উত্তৰ: কপাহৰ পৰা সূতা উলিয়াই কাপোৰ তৈয়াৰ কৰাৰ কৌশল অষ্ট্ৰিক গোষ্ঠীৰ অৱদান৷
২০৷ ধৰ্মীয় পৰম্পৰাত সেন্দূৰৰ ব্যৱহাৰ কোন নৃ-গোষ্ঠীৰ অৱদান?‍
উত্তৰ: ধৰ্মীয় পৰম্পৰাত সেন্দূৰৰ ব্যৱহাৰ অষ্ট্ৰিক গোষ্ঠীৰ অৱদান৷
২১৷ হালধিৰ ব্যৱহাৰ কোন নৃ-গোষ্ঠীৰ অৱদান?
উত্তৰ: হালধিৰ ব্যৱহাৰ অষ্ট্ৰিক গোষ্ঠীৰ অৱদান৷
২২৷ হাতী পোহ মনোৱাৰ কৌশল কোন নৃ-গোষ্ঠীৰ অৱদান?
উত্তৰ: হাতী পোহ মনোৱাৰ কৌশল অষ্ট্ৰিক গোষ্ঠীৰ অৱদান৷
২৩৷ ভাৰতীয় সংবিধানত তালিকাবদ্ধ অনুসূচিত জনজাতিৰ সংখ্যা কিমান?
উত্তৰ: ভাৰতীয় সংবিধানত তালিকাবদ্ধ অনুসূচিত জনজাতিৰ সংখ্যা ৭০৫৷
২৪৷ ২০০১ চনৰ পিয়ল অনুসৰি ভাৰতত বিবেচনাপূৰ্বকভাৱে মাতৃভাষা বুলি ক’ব পৰা প্ৰচলিত ভাষা কিমান আছে?
উত্তৰ: ২০০১ চনৰ পিয়ল অনুসৰি ভাৰতত বিবেচনাপূৰ্বকভাৱে মাতৃভাষা বুলি ক’ব পৰা প্ৰচলিত ভাষা ১০১৩ টা আছে৷
২৫৷ ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত উল্লেখ থকা ভাষাৰ সংখ্যা কিমান?
উত্তৰ: ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত উল্লেখ থকা ভাষাৰ সংখ্যা ১২২৷
২৬৷ বৌদ্ধ ধৰ্মৰ সূচনা কেতিয়া হৈছিল?
উত্তৰ: খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত বৌদ্ধ ধৰ্মৰ সূচনা হৈছিল৷
২৭৷ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন?
উত্তৰ: বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধ৷
২৮৷ জৈন ধৰ্মৰ সূচনা কেতিয়া হৈছিল?
উত্তৰ: খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত জৈন ধৰ্মৰ সূচনা হৈছিল৷
২৯৷ জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?
উত্তৰ: জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰ জৈন৷
৩০৷ ‘‘কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে৷ বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে’’— এনেদৰে কোনে ঘোষণা কৰিছিল?
উত্তৰ: ‘‘কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে৷ বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে’’— এনেদৰে সম্ৰাট অশোকে ঘোষণা কৰিছিল৷
৩১৷ ভাৰতীয় সংস্কৃতিৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা৷
উত্তৰ: ভাৰতীয় সংস্কৃতিৰ দুটা বৈশিষ্ট্য হ’ল—
ক) সাংস্কৃতিক বহুত্ববাদ
খ) বৈচিত্ৰ্যৰ মাজত ঐক্য৷ 
৩২৷ ‘‘ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যৰ মাজত একতা’’ বাক্যাংশটো জনপ্ৰিয় কৰি তোলা কেইজনমান নেতাৰ নাম লিখা৷
উত্তৰ: ‘‘ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যৰ মাজত একতা’’ বাক্যাংশটো জনপ্ৰিয় কৰি তোলা কেইজনমান নেতাৰ নাম হ’ল—মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, আবুল কালাম আজাদ আৰু সুভাষচন্দ্ৰ বসু৷
৩৩৷ ‘ভাৰত সম্ভেদ’ গ্ৰন্থখনিৰ লেখক কোন?
উত্তৰ: ‘ভাৰত সম্ভেদ’ গ্ৰন্থখনিৰ লেখক জৱাহৰলাল নেহৰু৷
৩৪৷ কোন দুখন মহাকাব্যই ভাৰতৰ বিভি‍ন্ন প্ৰান্তক মূল সাস্কৃতিক সুঁতিৰ লগত সাঙুৰি এক বৃহৎ সাংস্কৃতিক পৰিয়াল গঠন কৰাত অৱদান যোগাইছে?
উত্তৰ: ৰামায়ণ আৰু মহাভাৰত— এই দুখন মহাকাব্যই ভাৰতৰ বিভি‍ন্ন প্ৰান্তক মূল সাস্কৃতিক সুঁতিৰ লগত সাঙুৰি এক বৃহৎ সাংস্কৃতিক পৰিয়াল গঠন কৰাত অৱদান যোগাইছে৷
৩৫৷ অৰ্থশাস্ত্ৰৰ ৰচক কোন?
উত্তৰ: অৰ্থশাস্ত্ৰৰ ৰচক কৌটিল্য৷
৩৬৷ চৰক সংহিতাৰ ৰচক কোন?
উত্তৰ: চৰক সংহিতাৰ ৰচক চৰক৷
৩৭৷ সুশ্ৰুত সংহিতাৰ ৰচক কোন?
উত্তৰ: সুশ্ৰুত সংহিতাৰ ৰচক সুশ্ৰুত৷
৩৮৷ ৰাজতৰংগিনীৰ ৰচক কোন?
উত্তৰ: ৰাজতৰংগিনীৰ ৰচক কলহন৷
৩৯৷ সংগম সাহিত্য ভাৰতৰ কোন প্ৰান্তৰ সাহিত্যিক সমল?
উত্তৰ: সংগম সাহিত্য ভাৰতৰ দক্ষিণ প্ৰান্তৰ সাহিত্যিক সমল৷
৪০৷ হিন্দু ধৰ্মৰ বৰ্ণাশ্ৰম ব্যৱস্থাত কেইটা আশ্ৰম আছে?
উত্তৰ: হিন্দু ধৰ্মৰ বৰ্ণাশ্ৰম ব্যৱস্থাত চাৰি‍টা আশ্ৰম আছে৷

৪১৷ ‘‘সত্যমেৱ জয়তে’’ কথাষাৰ কোনখন প্ৰাচীন গ্ৰন্থত উল্লেখ আছে?

উত্তৰ: ‘‘সত্যমেৱ জয়তে’’ কথাষাৰ ‘মুণ্ডক উপনিষদ’ গ্ৰন্থত উল্লেখ আছে৷
৪২৷ ‘‘অহিংসা পৰম ধৰ্ম’’ কথাষাৰ কোনখন প্ৰাচীন গ্ৰন্থত উল্লেখ আছে?
উত্তৰ: ‘‘অহিংসা পৰম ধৰ্ম’’ কথাষাৰ ‘মহাভাৰত’ গ্ৰন্থত উল্লেখ আছে৷
৪৩৷ ‘‘জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী’’ কথাষাৰ কোনখন প্ৰাচীন গ্ৰন্থত উল্লেখ আছে?
উত্তৰ: ‘‘জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী’’ কথাষাৰ ‘ৰামায়ণ’ গ্ৰন্থত উল্লেখ আছে৷
৪৪৷ ‘‘বসুধৈৱ কুটুম্বকম’’ কথাষাৰ কোনখন প্ৰাচীন গ্ৰন্থত উল্লেখ আছে?
উত্তৰ: ‘‘বসুধৈৱ কুটুম্বকম’’ কথাষাৰ ‘মহোপনিষদ’ গ্ৰন্থত উল্লেখ আছে৷
৪৫৷ ‘‘অসতো মা সদ্‌গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ্মা অমৃতং গময়’’ কথাষাৰৰ অৰ্থ কি?
উত্তৰ: ‘‘অসতো মা সদ্‌গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ্মা অমৃতং গময়’’ কথাষাৰৰ অৰ্থ হ’ল— ‘‘মোক অসত্যৰ পৰা সত্যৰ দিশলৈ, মোক অজ্ঞান আন্ধাৰ (তমসা)-ৰ পৰা জ্ঞানৰ পোহৰ (জ্যোতি)-ৰ দিশলৈ, মোক মৃত্যুৰ পৰা অমৃতময়তাৰ দিশলৈ লৈ যোৱা৷”
৪৬৷ ‘‘অসতো মা সদ্‌গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ্মা অমৃতংগময়’’ কথাষাৰ কোনখন প্ৰাচীন গ্ৰন্থত উল্লেখ আছে?
উত্তৰ: ‘‘অসতো মা সদ্‌গময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ্মা অমৃতংগময়’’ কথাষাৰ ‘বৃহদাৰণ্যকোপনিষদ’ গ্ৰন্থত উল্লেখ আছে৷
৪৭৷ ভাৰতত চুলতানী আৰু বাদছাহী যুগত মূলতঃ কেই প্ৰকাৰৰ স্থাপত্য দেখা গৈছিল?
উত্তৰ: ভাৰতত চুলতানী আৰু বাদছাহী যুগত মূলতঃ চাৰি প্ৰকাৰৰ স্থাপত্য দেখা গৈছিল৷
৪৮৷ ‘মাকোৱাৰা’ কি?
উত্তৰ: ‘মাকোৱাৰা’ হৈছে মৃতকৰ শৌধ৷
৪৯৷ ভাৰতৰ প্ৰাচীন মঠ-মন্দিৰ নিৰ্মাণশৈলীৰ ঘাইকৈ কেইটা ভাগ পোৱা যায়?
উত্তৰ: ভাৰতৰ প্ৰাচীন মঠ-মন্দিৰ নিৰ্মাণশৈলীৰ ঘাইকৈ তিনিটা ভাগ পোৱা যায়৷
৫০৷ নাগৰ শৈলী ভাৰতৰ কোন প্ৰান্তত প্ৰচলিত আছিল?
উত্তৰ: নাগৰ শৈলী ভাৰতৰ উত্তৰ প্ৰান্তত প্ৰচলিত আছিল৷
৫১৷ দ্ৰাবিড় শৈলী ভাৰতৰ কোন প্ৰান্তত প্ৰচলিত আছিল?
উত্তৰ: দ্ৰাবিড় শৈলী ভাৰতৰ দক্ষিণ প্ৰান্তত প্ৰচলিত আছিল৷
৫২৷ ৱেচৰ শৈলী ভাৰতৰ কোন প্ৰান্তত প্ৰচলিত আছিল?
উত্তৰ: ৱেচৰ শৈলী বিন্ধ্য পৰ্বত আৰু কৃষ্ণা নদীৰ মাজভাগৰ অংশত প্ৰচলিত আছিল৷
৫৩৷ নাগৰ শৈলীৰ মন্দিৰৰ ওপৰৰ অংশ কেনেকুৱা?
উত্তৰ: নাগৰ শৈলীৰ মন্দিৰৰ ওপৰৰ অংশ অৰ্ধবৃত্তাকাৰ৷
৫৪৷ দ্ৰাবিড় শৈলীৰ মন্দিৰৰ ওপৰৰ অংশ কেনেকুৱা?
উত্তৰ: দ্ৰাবিড় শৈলীৰ মন্দিৰৰ ওপৰৰ অংশ আয়তাকৃতিৰে ক্ৰমান্বয়ে ওপৰলৈ সৰু হৈ যোৱা ধৰণৰ৷
৫৫৷ কি শাস্ত্ৰ অনুসৰি ভাৰতৰ প্ৰাচীন মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: হিন্দু বাস্তুশাস্ত্ৰ অনুসৰি ভাৰতৰ প্ৰাচীন মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিল৷
৫৬৷ ভাৰতৰ কোনটো স্তূপৰ ৰূপটোক আদৰ্শ ৰূপ বুলি কোৱা হয়?
উত্তৰ: ভাৰতৰ সাঁচীৰ স্তূপৰ ৰূপটোক আদৰ্শ ৰূপ বুলি কোৱা হয়৷
৫৭৷ তুৰ্কী, আফগান আৰু মোগল যুগৰ স্থাপত্যসমূহত কি শৈলীৰ প্ৰয়োগ হৈছিল?
উত্তৰ: তুৰ্কী, আফগান আৰু মোগল যুগৰ স্থাপত্যসমূহত ফাৰ্ছী শৈলীৰ প্ৰয়োগ হৈছিল৷
৫৮৷ ভাৰতৰ স্থাপত্যৰাজিৰ ভিতৰত কোনটো স্থাপত্যক মধ্যমণি বুলি ক’ব পাৰি?
উত্তৰ: ভাৰতৰ স্থাপত্যৰাজিৰ ভিতৰত তাজমহলক মধ্যমণি বুলি ক’ব পাৰি৷
৫৯৷ অশোকৰ স্তম্ভসমূহৰ শীৰ্ষত থকা জন্তুৰ মূৰ্তিসমূহ কাৰ জীৱনৰ ঘটনাৰ লগত জড়িত?
উত্তৰ: অশোকৰ স্তম্ভসমূহৰ শীৰ্ষত থকা জন্তুৰ মূৰ্তিসমূহ বুদ্ধদেৱৰ জীৱনৰ ঘটনাৰ লগত জড়িত৷
৬০৷ ভাৰতৰ ভাস্কৰ্য শিল্পক মূলতঃ কেইটা ভাগত ভাগ কৰা হৈছে?
উত্তৰ: ভাৰতৰ ভাস্কৰ্য শিল্পক মূলতঃ তিনি‍টা ভাগত ভাগ কৰা হৈছে৷

৬১৷ গান্ধাৰ শিল্পকলা কোন অঞ্চলত বিকশিত হৈছিল?

উত্তৰ: গান্ধাৰ শিল্পকলা উত্তৰ-পশ্চিম পাকিস্তান আৰু পূব পাকিস্তান অঞ্চলত বিকশিত হৈছিল৷
৬২৷ কেতিয়াৰ পৰা কেতিয়ালৈকে গান্ধাৰ শিল্পকলা সজীৱ হৈ আছিল?
উত্তৰ: খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ পৰা খ্ৰীষ্টীয় সপ্তম শতিকালৈকে গান্ধাৰ শিল্পকলা সজীৱ হৈ আছিল৷
৬৩৷ মথুৰা শিল্পকলাত পৰৱৰ্তী সময়ত কোন শৈলীৰ প্ৰভাৱ পৰিছিল?
উত্তৰ: মথুৰা শিল্পকলাত পৰৱৰ্তী সময়ত গান্ধাৰ শৈলীৰ প্ৰভাৱ পৰিছিল৷
৬৪৷ মথুৰা শিল্পকলাই কোনছোৱা সময়ত চৰম উৎকৰ্ষ সাধন কৰিছিল?
উত্তৰ: মথুৰা শিল্পকলাই গুপ্তযুগত চৰম উৎকৰ্ষ সাধন কৰিছিল৷
৬৫৷ অমৰাৱতী শিল্পকলা কেতিয়াৰ পৰা কেতিয়ালৈকে প্ৰচলিত আছিল?
উত্তৰ: অমৰাৱতী শিল্পকলা খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা প্ৰায় ছশ বছৰলৈকে প্ৰচলিত আছিল৷
৬৬৷ অমৰাৱতী শিল্পকলাৰ পৃষ্ঠপোষক কোন আছিল?
উত্তৰ: অমৰাৱতী শিল্পকলাৰ পৃষ্ঠপোষক আছিল সাতবাহনসকল৷
৬৭৷ কেতিয়া ভাৰতৰ ভাস্কৰ্য শিল্পৰ অৱনতী ঘটে?
উত্তৰ: মধ্যযুগত ভাৰতৰ ভাস্কৰ্য শিল্পৰ অৱনতী ঘটে৷
৬৮৷ প্ৰাচীন ভাৰতৰ চিত্ৰকলাক প্ৰধানতঃ কেইটা ভাগত ভাগ কৰিব পাৰ‍ি?
উত্তৰ: প্ৰাচীন ভাৰতৰ চিত্ৰকলাক প্ৰধানতঃ দুটা ভাগত ভাগ কৰিব পাৰ‍ি৷
৬৯৷ ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ ক’ত প্ৰয়োগ কৰা হৈছিল?
উত্তৰ: গ্ৰন্থসমূহ অলংকৃত কৰাত আৰু সচিত্ৰ বিৱৰণ দিয়াৰ ক্ষেত্ৰত ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ প্ৰয়োগ কৰা হৈছিল৷
৭০৷ অজন্তা কোন ৰাজ্যত অৱস্থিত?
উত্তৰ: অজন্তা মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত৷
৭১৷ আনুমানিক কোন শতিকাৰ পৰা ভাৰতৰ বিভিন্ন প্ৰান্তত তালপাত, সাঁচিপাত, পাটকাপোৰ আদিত চিত্ৰ অংকন কৰিবলৈ লোৱা হৈছিল?
উত্তৰ: আনুমানিক দশম শতিকাৰ পৰা ভাৰতৰ বিভিন্ন প্ৰান্তত তালপাত, সাঁচিপাত, পাটকাপোৰ আদিত চিত্ৰ অংকন কৰিবলৈ লোৱা হৈছিল৷
৭২৷ প্ৰাচীন কালত ৰং প্ৰস্তুত কৰিবলৈ কি কি প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰা হৈছি‍ল?
উত্তৰ: প্ৰাচীন কালত ৰং প্ৰস্তুত কৰিবলৈ এলান্ধু, হালধি, শিলিখাৰ ৰস, কেঁচুৰ ৰস আদি প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰা হৈছি‍ল৷
৭৩৷ মোগল যুগৰ দুখন সচিত্ৰ গ্ৰন্থৰ নাম লিখা৷
উত্তৰ: মোগল যুগৰ দুখন সচিত্ৰ গ্ৰন্থৰ নাম হ’ল— ‘পাদছাহনামা’ আৰু ‘তুতিনামা’৷
৭৪৷ মোগল যুগৰ চিত্ৰসমূহৰ বিষয়বস্তু কি আছিল?
উত্তৰ: মোগল যুগৰ চিত্ৰসমূহৰ বিষয়বস্তু আছিল— সম্ৰাটসকলৰ প্ৰতিকৃতি, যুদ্ধ জয়, চিকাৰকাৰ্য, বাগিচা, ফুল, গছ-লতিকা, জন্তু আদি৷
৭৫৷ ভাৰতৰ ধ্ৰুপদী সংগীতত প্ৰয়োগ কৰা দুবিধ বাদ্যযন্ত্ৰৰ নাম লিখা৷
উত্তৰ: ভাৰতৰ ধ্ৰুপদী সংগীতত প্ৰয়োগ কৰা দুবিধ বাদ্যযন্ত্ৰ হ’ল— বাঁহী আৰু মৃদংগ৷
৭৬৷ ভাৰতত চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্য কেইবিধ?
উত্তৰ: ভাৰতত চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্য আঠবিধ৷
৭৭৷ কথাকলি নৃত্য মূলতঃ কোনখন ৰাজ্যত প্ৰচলিত?
উত্তৰ: কথাকলি নৃত্য মূলতঃ কেৰালা ৰাজ্যত প্ৰচলিত৷
৭৮৷ মোহিনী আট্টম নৃত্য মূলতঃ কোনখন ৰাজ্যত প্ৰচলিত?
উত্তৰ: মোহিনী আট্টম নৃত্য মূলতঃ কেৰালা ৰাজ্যত প্ৰচলিত৷
৭৯৷ ভাৰতনাট্যম মূলতঃ কোনখন ৰাজ্যত প্ৰচলিত?
উত্তৰ: ভাৰতনাট্যম মূলতঃ তামিলনাডু ৰাজ্যত প্ৰচলিত৷
৮০৷ কুচিপুড়ী নৃত্য মূলতঃ কোনখন ৰাজ্যত প্ৰচলিত?
উত্তৰ: কুচিপুড়ী নৃত্য মূলতঃ অন্ধপ্ৰদেশ ৰাজ্যত প্ৰচলিত৷

৮১৷ অ’ডি‍ছি নৃত্য মূলতঃ কোনখন ৰাজ্যত প্ৰচলিত?

উত্তৰ: অ’ডি‍ছি নৃত্য মূলতঃ ওড়িশা ৰাজ্যত প্ৰচলিত৷
৮২৷ কথক নৃত্য মূলতঃ ভাৰতৰ কোন প্ৰান্তত প্ৰচলিত?
উত্তৰ: কথক নৃত্য মূলতঃ ভাৰতৰ উত্তৰ প্ৰান্তত প্ৰচলিত৷
 ৮৩৷ সত্ৰীয়া নৃত্য মূলতঃ কোনখন ৰাজ্যত প্ৰচলিত?
উত্তৰ: সত্ৰীয়া নৃত্য মূলতঃ অসম ৰাজ্যত প্ৰচলিত৷
৮৪৷ মণিপুৰী নৃত্য মূলতঃ কোনখন ৰাজ্যত প্ৰচলিত?
উত্তৰ: মণিপুৰী নৃত্য মূলতঃ মণিপুৰ ৰাজ্যত প্ৰচলিত৷
৮৫৷ ‘যোগসূত্ৰ’ গ্ৰন্থখনৰ সংকলক কোন?
উত্তৰ: ‘যোগসূত্ৰ’ গ্ৰন্থখনৰ সংকলক হ’ল পতঞ্জলি৷
৮৬৷ ‘যোগসূত্ৰ’ গ্ৰন্থখন আনুমানিক কোন শতিকাত সংকলন কৰা হৈছিল?
উত্তৰ: ‘যোগসূত্ৰ’ গ্ৰন্থখন আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত সংকলন কৰা হৈছিল৷
৮৭৷ ‘উত্তৰ-পূৰ্বাঞ্চল’ শব্দটো কোনে প্ৰথমে প্ৰয়োগ কৰিছিল?
উত্তৰ: ‘উত্তৰ-পূৰ্বাঞ্চল’ শব্দটো ব্ৰিটিছসকলে প্ৰথমে প্ৰয়োগ কৰিছিল৷
৮৮৷ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে থকা ভাৰত চৰকাৰৰ পৰিষদখনৰ নাম কি?
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে থকা ভাৰত চৰকাৰৰ পৰিষদখনৰ নাম হ’ল— ‘নৰ্থ-ইষ্ট কাউঞ্চি‍ল’৷
৮৯৷ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত কেইখন ৰাজ্য অৱস্থিত?
উত্তৰ: ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত আঠখন ৰাজ্য অৱস্থিত৷
৯০৷ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল কেইখন বিদেশী ৰাষ্ট্ৰৰে আবৃত?
উত্তৰ: ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল চাৰি‍খন বিদেশী ৰাষ্ট্ৰৰে আবৃত৷
৯১৷ বৰ্মন বংশ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰ: খ্ৰীষ্টীয় চতুৰ্থ শতিকাত বৰ্মন বংশ প্ৰতিষ্ঠা হৈছিল৷
৯২৷ অসমত আহোম ৰাজবংশই কিমান বছৰ শাসন কৰিছিল?
উত্তৰ: অসমত আহোম ৰাজবংশই ৫৯৮ বছৰ (প্ৰায় ছশ বছৰ) শাসন কৰিছিল৷
৯৩৷ মেঘালয়ৰ খাছীয়াসকল কোন গোষ্ঠীৰ লোক?
উত্তৰ: মেঘালয়ৰ খাছীয়াসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক৷
৯৪৷ ডনিপ’ল কোনখন ৰাজ্যৰ বাসিন্দাসকলৰ জনপ্ৰিয় দেৱতা?
উত্তৰ: ডনিপ’ল অৰুণাচল ৰাজ্যৰ বাসিন্দাসকলৰ জনপ্ৰিয় দেৱতা৷
৯৫৷ হৰ্নবিল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়?
উত্তৰ: হৰ্নবিল উৎসৱ নাগালেণ্ড ৰাজ্যত পালন কৰা হয়৷
৯৬৷ হৰ্নবিল উৎসৱ কে‍তিয়া পালন কৰা হয়?
উত্তৰ: প্ৰতি বছৰে ডিচেম্বৰ মাহৰ প্ৰথম দহটা দিনত হৰ্নবিল উৎসৱ পালন কৰা হয়৷
৯৭৷ নগাসকলে কোনবিধ পক্ষীক ত্ৰাণকৰ্তা পৱিত্ৰ জীৱ হিচাপে জ্ঞান কৰে?
উত্তৰ: নগাসকলে ধনেশ পক্ষীক ত্ৰাণকৰ্তা পৱিত্ৰ জীৱ হিচাপে জ্ঞান কৰে৷
৯৮৷ ‘হেৰাকা আন্দোলন’ কোনে গঢ়ি তুলিছিল?
উত্তৰ: স্বাধীনতা-সংগ্ৰামী ৰাণী গাইডালুৱে ‘হেৰাকা আন্দোলন’ গঢ়ি তুলিছিল৷
৯৯৷ মণিপুৰৰ চৈতন্যপন্থী বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ সম্প্ৰদায়টোৰ নাম কি?
উত্তৰ: মণিপুৰৰ চৈতন্যপন্থী বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ সম্প্ৰদায়টোৰ নাম ‘মেইটেই’৷
১০০৷ প্ৰকৃতিপ্ৰাণবাদী (Animist) বিশ্বাস কি?
উত্তৰ: প্ৰকৃতিপ্ৰাণবাদী (Animist) বিশ্বাস হ’ল প্ৰকৃতিৰ সকলো বস্তু, প্ৰাণীকে‍ জীৱন্ত স্বৰূপ থকা বুলি কৰা বিশ্বাস৷

১০১৷ মেঘালয়ৰ জনজাতীয় লোকসকল কেতিয়াৰ পৰা খ্ৰীষ্টান হ’বলৈ আৰম্ভ কৰে?

উত্তৰ: মেঘালয়ৰ জনজাতীয় লোকসকল ১৮৩০ চনৰ পৰা খ্ৰীষ্টান হ’বলৈ আৰম্ভ কৰে৷
১০২৷ মেঘালয়ৰ কিমান শতাংশ লোক কৃষিজীৱী?
উত্তৰ: মেঘালয়ৰ প্ৰায় ৮০ শতাংশ লোক কৃষিজীৱী৷
১০৩৷ চেৰাও নৃত্য কোন ৰাজ্যত প্ৰচলিত?
উত্তৰ: চেৰাও নৃত্য মিজোৰাম ৰাজ্যত প্ৰচলিত৷
১০৪৷ অসমৰ প্ৰাচীন নাম কি?
উত্তৰ: অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষ৷
১০৫৷ প্ৰাগজ্যোতিষ শব্দৰ অৰ্থ কি?
উত্তৰ: প্ৰাগজ্যোতিষ শব্দৰ অৰ্থ হ’ল— প্ৰাচ্যৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ৷
১০৬৷ কোনটো টাইমূলীয় শব্দৰ পৰা ‘অসম’ নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
উত্তৰ: টাইমূলীয় শব্দৰ ‘আ-চাম’-ৰ পৰা ‘অসম’ নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়৷
১০৭৷ কোনটো বড়োমূলীয় শব্দৰ পৰা ‘অসম’ নামটো উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
উত্তৰ: বড়োমূলীয় শব্দ ‘হা-চোম’-ৰ পৰা ‘অসম’ নামটো উৎপত্তি হোৱা বুলি অনুমান কৰা হয়৷
১০৮৷ অসমত শাসন কৰা যিকোনো দুটা ৰাজবংশৰ নাম উল্লেখ কৰা৷
উত্তৰ: অসমত শাসন কৰা যিকোনো দুটা ৰাজবংশৰ নাম হ’ল— বৰ্মন বংশ আৰু আহোম ৰাজবংশ৷
১০৯৷ কোনখন আলোচনীৰ জৰিয়তে অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছিল?
উত্তৰ: ‘অৰুণোদই’ আলোচনীৰ জৰিয়তে অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছিল৷
১১০৷ অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন কি?
উত্তৰ: অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন হ’ল— চৰ্যাপদসমূহ৷
১১১৷ চতুৰ্দশ শতিকাৰ অসমৰ দুগৰাকী কবিৰ নাম লিখা৷
উত্তৰ: চতুৰ্দশ শতিকাৰ অসমৰ দুগৰাকী কবিৰ নাম হ’ল— হেম সৰস্বতী আৰু ৰুদ্ৰ কন্দলি৷
১১২৷ মাধৱ কন্দলিয়ে কোনখন কাব্য সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল?
উত্তৰ: মাধৱ কন্দলিয়ে ‘সপ্তকাব্য ৰামায়ণ’ কাব্য সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল৷
১১৩৷ উত্তৰ ভাৰতীয় ভাষাসমূহৰ ভিতৰত কোনটো ভাষাত ৰামায়ণ প্ৰথম‍ে অনুবাদ কৰা হৈছিল?
উত্তৰ: উত্তৰ ভাৰতীয় ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষাত ৰামায়ণ প্ৰথম‍ে অনুবাদ কৰা হৈছিল৷
১১৪৷ প্ৰাচীন অসমীয়া সাহিত্যৰ মূল বিষয়বস্তু কি আছিল?
উত্তৰ: প্ৰাচীন অসমীয়া সাহিত্যৰ মূল বিষয়বস্তু আছিল— ৰামায়ণ, মহাভাৰত, পুৰাণ, হিন্দু ধৰ্মৰ তত্ত্বকথা আদি৷
১১৫৷ ‘কীৰ্ত্তন’ পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘কীৰ্ত্তন’ পুথিখন শংকৰদেৱে‍ ৰচনা কৰিছিল৷
১১৬৷ ‘নামঘোষা’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ‘নামঘোষা’ মাধৱদেৱে ৰচনা কৰিছিল৷
১১৭৷ শংকৰদেৱে কেইখন অংকীয়া নাট ৰচনা কৰিছিল?
উত্তৰ: শংকৰদেৱে ছখন অংকীয়া নাট ৰচনা কৰিছিল৷
উত্তৰ: শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম হ’ল— চিহ্নযাত্ৰা৷
১১৯৷ ‘বৃন্দাৱনী বস্ত্ৰ’ বৰ্তমান ক’ত সংৰক্ষিত হৈ আছে?
উত্তৰ: ‘বৃন্দাৱনী বস্ত্ৰ’ বৰ্তমান লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামৰ লগতে আন কেইটামান বিখ্যাত সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে৷
১২০৷ অসমীয়া ভাষাত গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?
উত্তৰ: ভট্টদেৱে অসমীয়া ভাষাত গদ্য সাহিত্যৰ সূচনা কৰিছিল৷

১২১৷ ‘কথা গীতা’ কোনে ৰচনা কৰিছিল?

উত্তৰ: ভট্টদেৱে ‘কথা গীতা’ ৰচনা কৰিছিল৷
১২২৷ ‘ভাগৱত কথা’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ভট্টদেৱে ‘ভাগৱত কথা’ ৰচনা কৰিছিল৷
১২৩৷ ‘ৰত্নাৱলী কথা’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ভট্টদেৱে ‘ৰত্নাৱলী কথা’ কোনে ৰচনা কৰিছিল৷
১২৪৷ বৈষ্ণৱ সাহিত্যৰ প্ৰভাৱ নপৰা শংকৰোত্তৰ যুগৰ যিকোনো দুজন কবিৰ নাম লিখা৷
উত্তৰ: বৈষ্ণৱ সাহিত্যৰ প্ৰভাৱ নপৰা শংকৰোত্তৰ যুগৰ দুজন কবিৰ নাম হ’ল— দুৰ্গাবৰ কায়স্থ আৰু সুকবি নাৰায়ণদেৱ৷
১২৫৷ গোবিন্দ মিশ্ৰই ৰচনা কৰা জনপ্ৰিয় গ্ৰন্থখনৰ নাম কি?
উত্তৰ: গোবিন্দ মিশ্ৰই ৰচনা কৰা জনপ্ৰিয় গ্ৰন্থখনৰ নাম ‘পদ্য গীতা’৷
১২৬৷ কাৰ পৃষ্ঠপোষকতাত অসমত বুৰঞ্জীসমূহ ৰচনা কৰা হৈছিল?
উত্তৰ: আহোমসকল পৃষ্ঠপোষকতাত অসমত বুৰঞ্জীসমূহ ৰচনা কৰা হৈছিল৷
১২৭৷ অসমত বুৰঞ্জীসমূহ পোনপ্ৰথমে কি ভাষাত ৰচনা কৰা হৈছিল?
উত্তৰ: অসমত বুৰঞ্জীসমূহ পোনপ্ৰথমে টাই ভাষাত ৰচনা কৰা হৈছিল৷
১২৮৷ কেতিয়াৰ পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখিবলৈ লোৱা হয়?
উত্তৰ: ষোড়শ শতিকাৰ পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখিবলৈ লোৱা হয়৷
১২৯৷ অসমৰ দুখন উল্লেখযোগ্য বুৰঞ্জীৰ নাম লিখা৷
উত্তৰ: অসমৰ দুখন উল্লেখযোগ্য বুৰঞ্জীৰ নাম হ’ল— ‘তুংখুঙীয়া বুৰঞ্জী’ আৰু ‘দেওধাই বুৰঞ্জী’৷
১৩০৷ অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি?
উত্তৰ: অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম হ’ল— ‘অৰুণোদই’৷
১৩১৷ অসমৰ প্ৰথম বাৰ্তালোচনীখন প্ৰথম প্ৰকাশ কেতিয়া হৈছিল?
উত্তৰ: ১৮৪৬ চনত অসমৰ প্ৰথম বাৰ্তালোচনীখন প্ৰথম প্ৰকাশ হৈছিল৷
১৩২৷ অসমৰ প্ৰথম বাৰ্তালোচনীখন কোনে প্ৰকাশ কৰিছিল?
উত্তৰ: অসমৰ প্ৰথম বাৰ্তালোচনীখন আমেৰিকান ব্যেপ্টিষ্ট মিছনাৰিসকলে প্ৰকাশ কৰিছিল৷
১৩৩৷ কিহৰ জৰিয়তে অসমীয়া সাহিত্যলৈ য়ুৰোপীয় সাহিত্যৰ বিভিন্ন ৰূপ আৰু বৈশিষ্ট্যৰ প্ৰৱেশ ঘটে?
উত্তৰ: ‘অৰুণোদই’-ৰ জৰিয়তে অসমীয়া সাহিত্যলৈ য়ুৰোপীয় সাহিত্যৰ বিভিন্ন ৰূপ আৰু বৈশিষ্ট্যৰ প্ৰৱেশ ঘটে৷
১৩৪৷ হাজোত থকা, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ তীৰ্থস্থানখনৰ নাম কি?
উত্তৰ: হাজোত থকা, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ তীৰ্থস্থানখনৰ নাম হ’ল— ‘পোৱামক্কা’৷
১৩৫৷ আজানপীৰক আৰু কি নামেৰে জনা যায়?
উত্তৰ: আজানপীৰক শ্বাহ মিলন নামেৰে জনা যায়৷
১৩৬৷ কাৰ দিনত আজানপীৰ অসমলৈ আহিছিল?
উত্তৰ: স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত আজানপীৰ অসমলৈ আহিছিল৷
১৩৭৷ জিকিৰ আৰু জাৰিসমূহ কোনে ৰচনা কৰিছিল?
উত্তৰ: জিকিৰ আৰু জাৰিসমূহ আজানপীৰে ৰচনা কৰিছিল৷
১৩৮৷ মানৰ আক্ৰমণৰ সময়ত চন্দ্ৰকান্ত সিংহক পঞ্জাৱৰ কোন ৰজাই সহায় কৰিছিল?
উত্তৰ: মানৰ আক্ৰমণৰ সময়ত চন্দ্ৰকান্ত সিংহক পঞ্জাৱৰ ৰজা ৰঞ্জিত সিংহই সহায় কৰিছিল৷
১৩৯৷ অসমত থকা যিকোনো দুখন প্ৰাচীন চিত্ৰপুথিৰ নাম লিখা৷
উত্তৰ: অসমত থকা দুখন প্ৰাচীন চিত্ৰপুথিৰ নাম হ’ল— ‘কুমৰ হৰণ’ আৰু ‘হস্তীবিদ্যাৰ্ণৱ’৷
১৪০৷ অসমৰ পুথি‍চিত্ৰসমূহৰ বিষয়বস্তু কি আছিল?
উত্তৰ: ৰজা-মহাৰজা, ৰাজদৰবাৰ, দেৱীমূৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী আৰু অন্যান্য জীৱ-জন্তু আদিয়েই আছিল অসমৰ পুথি‍চিত্ৰসমূহৰ বিষয়বস্তু৷

১৪১৷ ‘হস্তীবিদ্যাৰ্ণৱ’ পুথিখনৰ কোনে ৰচনা কৰিছিল?

উত্তৰ: ‘হস্তীবিদ্যাৰ্ণৱ’ পুথিখনৰ সুকুমাৰ বৰকাইথে ৰচনা কৰিছিল৷
১৪২৷ ‘হস্তীবিদ্যাৰ্ণৱ’ পুথিখনৰ চিত্ৰসমূহ অংকন কৰা চিত্ৰশি‍ল্পী দুগৰাকীৰ নাম লিখা৷
উত্তৰ: ‘হস্তীবিদ্যাৰ্ণৱ’ পুথিখনৰ চিত্ৰসমূহ অংকন কৰা চিত্ৰশি‍ল্পী দুগৰাকীৰ নাম হ’ল— দিলবৰ আৰু দোচাই৷
১৪৩৷ অসমৰ প্ৰাচীন ভস্কৰ্য শিল্পৰ নিদৰ্শন আৱিষ্কৃত হোৱা দুখন ঠাইৰ নাম লিখা৷
উত্তৰ: অসমৰ প্ৰাচীন ভস্কৰ্য শিল্পৰ নিদৰ্শন আৱিষ্কৃত হোৱা দুখন ঠাইৰ নাম হ’ল—তেজপুৰৰ দ-পৰ্বতীয়া আৰু গোৱালপাৰাৰ সূৰ্যপাহাৰ৷
১৪৪৷ মদন-কামদেৱ মন্দিৰৰ মৈথুন মূৰ্তিসমূহ কি উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল বুলি পণ্ডিতসকলে মত পোষণ কৰিছে?
উত্তৰ: মদন-কামদেৱ মন্দিৰৰ মৈথুন মূৰ্তিসমূহ কোনো তান্ত্ৰিক উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল বুলি পণ্ডিতসকলে মত পোষণ কৰিছে৷
১৪৫৷ দ-পৰ্বতীয়াৰ শিলৰ তোৰণ কেতিয়া নিৰ্মাণ কৰা হৈছিল বুলি পণ্ডিতসকলে মত পোষণ কৰিছে?
উত্তৰ: দ-পৰ্বতীয়াৰ শিলৰ তোৰণ খ্ৰীষ্টীয় ষষ্ঠ শতিকাত নিৰ্মাণ কৰা হৈছিল বুলি পণ্ডিতসকলে মত পোষণ কৰিছে৷
১৪৬৷ অসমৰ স্থাপত্য শিল্পৰ নিদৰ্শনসমূহ কাৰ পৃষ্ঠপোষকতাত নিৰ্মিত?
উত্তৰ: অসমৰ স্থাপত্য শিল্পৰ নিদৰ্শনসমূহ আহোম ৰাজবংশ আৰু কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নিৰ্মিত৷
১৪৭৷ আহোম ৰাজত্বকালত নিৰ্মিত শিৱসাগৰ জিলাৰ দুটা ৰাজকীয় অট্টালিকাৰ নাম লিখা৷
উত্তৰ: আহোম ৰাজত্বকালত নিৰ্মিত শিৱসাগৰ জিলাৰ দুটা ৰাজকীয় অট্টালিকাৰ নাম হ’ল— ৰংঘৰ আৰু কাৰেংঘৰ৷
১৪৮৷ ৰংঘৰ ক’ত অৱস্থিত?
১৪৯৷ কাৰেংঘৰ ক’ত অৱস্থিত?
উত্তৰ: কাৰেংঘৰ শিৱসাগৰত অৱস্থিত৷
১৫০৷ তলাতল ঘৰ ক’ত অৱস্থিত?
উত্তৰ: তলাতল ঘৰ শিৱসাগৰত অৱস্থিত৷
১৫১৷ কামাখ্যা মন্দিৰ ক’ত অৱস্থিত?
উত্তৰ: কামাখ্যা মন্দিৰ গুৱাহাটীত অৱস্থিত৷
১৫২৷ উগ্ৰতাৰা মন্দিৰ ক’ত অৱস্থিত?
উত্তৰ: উগ্ৰতাৰা মন্দিৰ গুৱাহাটীত অৱস্থিত৷
১৫৩৷ উমানন্দ মন্দিৰ ক’ত অৱস্থিত?
উত্তৰ: উমানন্দ মন্দিৰ গুৱাহাটীত অৱস্থিত৷
১৫৪৷ নৱগ্ৰহ মন্দিৰ ক’ত অৱস্থিত?
উত্তৰ: নৱগ্ৰহ মন্দিৰ গুৱাহাটীত অৱস্থিত৷
১৫৫৷ শিৱদ’ল ক’ত অৱস্থিত?
উত্তৰ: শিৱদ’ল শিৱসাগৰত অৱস্থিত৷
১৫৬৷ জয়দ’ল ক’ত অৱস্থিত?
উত্তৰ: জয়দ’ল শিৱসাগৰত অৱস্থিত৷
১৫৭৷ দেৱীদ’ল ক’ত অৱস্থিত?
উত্তৰ: দেৱীদ’ল শিৱসাগৰত অৱস্থিত৷
১৫৮৷ হয়গ্ৰীৱ মাধৱ মন্দিৰ ক’ত অৱস্থিত?
উত্তৰ: হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোত অৱস্থিত৷
১৫৯৷ শুক্লেশ্বৰ মন্দিৰ ক’ত অৱস্থিত?
উত্তৰ: শুক্লেশ্বৰ মন্দিৰ গুৱাহাটীত অৱস্থিত৷
১৬০৷ অসমৰ প্ৰাচীন মন্দিৰসমূহ কোন শৈলীৰ বৈশিষ্ট্যযুক্ত?
উত্তৰ: অসমৰ প্ৰাচীন মন্দিৰসমূহ ৱেচৰ শৈলীৰ বৈশিষ্ট্যযুক্ত৷

১৬১৷ অসমত থকা মন্দিৰসমূহৰ প্ৰধান অংশ দুটা কি কি?

উত্তৰ: অসমত থকা মন্দিৰসমূহৰ প্ৰধান অংশ দুটা হ’ল—গৰ্ভৰৃহ আৰু মণ্ডপ৷
১৬২৷ কোন স্বৰ্গদেউৰ দিনত তলাতল ঘৰৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল?
উত্তৰ: স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত তলাতল ঘৰৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল৷
১৬৩৷ কোন স্বৰ্গদেউৰ দিনত তলাতল ঘৰৰ নিৰ্মাণকাৰ্য সমাপ্ত হৈছিল?
উত্তৰ: স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত তলাতল ঘৰৰ নিৰ্মাণকাৰ্য সমাপ্ত হৈছিল৷
১৬৪৷ ৰংঘৰটো কেই মহলীয়া?
উত্তৰ: ৰংঘৰটো দুমহলীয়া৷
১৬৫৷ ৰংঘৰৰ চালখনত কি আৰ্হি নিৰ্মাণ কৰা আছে?
উত্তৰ: ৰংঘৰৰ চালখনত খে‍লনাৱৰ আৰ্হি নিৰ্মাণ কৰা আছে৷
১৬৬৷ আহোমৰ ৰাজত্বকালত নিৰ্মিত দুখন শিলৰ সাঁকোৰ নাম লিখা৷
উত্তৰ: আহোমৰ ৰাজত্বকালত নিৰ্মিত দুখন শিলৰ সাঁকোৰ নাম হ’ল—নামদাঙৰ শিলৰ সাঁকো আৰু দিনজয়ৰ শিলৰ সাঁকো৷
১৬৭৷ কৰাল কিহেৰে তৈয়াৰ কৰা হৈছিল?
উত্তৰ: মাছ, কণা, বৰা চাউল আদিৰে কৰাল তৈয়াৰ কৰা হৈছিল৷
১৬৮৷ কৰাল কি কামত ব্যৱহাৰ কৰা হৈছিল?
উত্তৰ: ইটা গঁথাৰ কামত কৰাল ব্যৱহাৰ কৰা হৈছিল৷
১৬৯৷ আহোম ৰাজত্বকালত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্ৰাসাদ আদিৰ নিৰ্মাণকাৰ্যৰ জোখ-মাখ কৰা বিষয়াক কি বুলি কোৱা হৈছিল?
উত্তৰ: আহোম ৰাজত্বকালত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্ৰাসাদ আদিৰ নিৰ্মাণকাৰ্যৰ জোখ-মাখ কৰা বিষয়াক চাংৰুং ফুকন বুলি কোৱা হৈছিল৷
১৭০৷ চাংৰুং ফুকনৰ বুৰঞ্জীৰ বিষয়বস্তু কি?
উত্তৰ: চাংৰুং ফুকনৰ কাৰ্যাৱলীয়েই হ’ল চাংৰুং ফুকনৰ বুৰঞ্জীৰ বিষয়বস্তু৷
১৭১৷ অসমৰ লোকসংস্কৃতি বুলিলে কি বুজা?
উত্তৰ: অসমৰ লোকসংস্কৃতি বুলিলে অসমৰ বাৰেৰহণীয়া জাতি‍-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিকে বুজোৱা হয়৷
১৭২৷ অসমৰ জাতীয় উৎসৱ কি?
উত্তৰ: অসমৰ জাতীয় উৎসৱ বিহু৷
১৭৩৷ বিহু কেইটা আৰু কি কি?
উত্তৰ: বিহু তিনিটা আৰু সেইকেইটা হ’ল—ব’হাগ বিহু (ৰঙালী বিহু), কাতি বিহু (কঙালী বিহু) আৰু মাঘ বিহু (ভোগালী বিহু)৷
১৭৪৷ ব’হাগ বিহুক আৰু কি বুলি কোৱা হয়?
উত্তৰ: ব’হাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়৷
১৭৫৷ কাতি বিহুক আৰু কি বুলি কোৱা হয়?
উত্তৰ: কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়৷
১৭৬৷ মাঘ বিহুক আৰু কি বুলি কোৱা হয়?
উত্তৰ: মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়৷
১৭৭৷ ব’হাগ বিহু কেতিয়া পালন কৰা হয়?
উত্তৰ: চ’ত মাহৰ শেষৰ দিনটোৰ পৰা আৰম্ভ কৰি ব’হাগ মাহৰ প্ৰথম ছদিনলৈকে ব’হাগ বিহু পালন কৰা হয়৷
১৭৮৷ কাতি বিহু কেতিয়া পালন কৰা হয়?
উত্তৰ: আহিন মাহৰ শেষৰ দিনটোত কাতি বিহু পালন কৰা হয়৷
১৭৯৷ মাঘ বিহু কেতিয়া পালন কৰা হয়?
উত্তৰ: পুহ মাহৰ শেষৰ দিনটোত মাঘ বিহু পালন কৰা হয়৷
১৮০৷ ব’হাগ বিহু কেইদিনীয়াকৈ পালন কৰা হয়?
উত্তৰ: ব’হাগ বিহু সাতদিনীয়াকৈ পালন কৰা হয়৷

১৮১৷ ব’হাগ বিহুৰ প্ৰথম দিনটোক কি বোলে?

উত্তৰ: ব’হাগ বিহুৰ প্ৰথম দিনটোক গৰু বিহু বোলে৷
১৮২৷ ব’হাগ মাহৰ প্ৰথম দিনটোক কি বোলে?
উত্তৰ: ব’হাগ মাহৰ প্ৰথম দিনটোক মানুহ বিহু বোলে৷
১৮৩৷ কোন স্বৰ্গদেউৰ দিনত প্ৰদৰ্শনীমূলকভাৱে বিহুনৃত্য আৰু খেল-ধেমালিৰ আয়োজন কৰা হৈছিল?
উত্তৰ: স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত প্ৰদৰ্শনীমূলকভাৱে বিহুনৃত্য আৰু খেল-ধেমালিৰ আয়োজন কৰা হৈছিল
১৮৪৷ ভঠেলি উৎসৱ ক’ত পালন কৰা হয়?
উত্তৰ: পুৰণি কামৰূপত ভঠেলি উৎসৱ পালন কৰা হয়৷
১৮৫৷ বাঁসপূজা উৎসৱ ক’ত পালন কৰা হয়?
উত্তৰ: পুৰণি কামৰূপত বাঁসপূজা উৎসৱ পালন কৰা হয়৷
১৮৬৷ বিহুৰ সমধৰ্মী হিচাপে দৰং জিলাত পালন কৰা উৎসৱটোৰ নাম কি?
উত্তৰ: বিহুৰ সমধৰ্মী হিচাপে দৰং জিলাত পালন কৰা উৎসৱটোৰ নাম হ’ল— দেউল উৎসৱ৷
১৮৭৷ বিহুৰ সমধৰ্মী হিচাপে পুৰণি কামৰূপত  কি কি উৎসৱ পালন কৰা হয়?
উত্তৰ: বিহুৰ সমধৰ্মী হিচাপে পুৰণি কামৰূপত  ভঠেলি, স’ৰি বা সুৱেঁৰি, দহৰ ফুৰোৱা আৰু বাৰ গোপাল উলিওৱা উৎসৱ পালন কৰা হয়৷
১৮৮৷ বিহুৰ সমধৰ্মী হিচাপে পুৰণি গোৱালপাৰাত কি উৎসৱ পালন কৰা হয়?
উত্তৰ: বিহুৰ সমধৰ্মী হিচাপে পুৰণি গোৱালপাৰাত বাঁসপূজা উৎসৱ পালন কৰা হয়৷
১৮৯৷ কোন বিহুত ধাননিপথাৰত বন্তি জ্বলোৱা হয়?
উত্তৰ: কাতি বিহুত ধাননিপথাৰত বন্তি জ্বলোৱা হয়৷
১৯০৷ বড়োসকলে কাতি বিহুৰ সময়ত কি গছৰ তলত চাকি জ্বলায়?
উত্তৰ: বড়োসকলে কাতি বিহুৰ সময়ত সিজু গছৰ তলত চাকি জ্বলায়৷
১৯১৷ আকাশবন্তি কি?
উত্তৰ: আকাশবন্তি হৈছে কাতি বিহুত দীঘল বাঁহত আঁৰি জ্বলোৱা চাকি বা বন্তি৷‍
১৯২৷ ভেলাঘৰ কি?
উত্তৰ: মাঘ বিহুৰ উৰুকাৰ ৰাতি ৰং-ৰহইচ কৰিবৰ বাবে মেজিৰ কাষত বাঁহ, খেৰ, নৰা, কলঠৰুৱা আদিৰে সাজি লোৱা অস্থায়ী ঘৰটোকেই ভেলাঘৰ বুলি কোৱা হয়৷ উৰুকাৰ ৰাতি‍ ভোজ-ভাত খোৱাৰ পাছত এই ঘৰ জ্বলাই দিয়া হয়৷
১৯৩৷ যিকোনো দুবিধ পিঠাৰ নাম লিখা৷
উত্তৰ: দুবিধ পিঠাৰ নাম হ’ল— তিলপিঠা আৰু খোলাচাপৰীয়া পিঠা৷
১৯৪৷ মাঘ বিহুক কিয় ভোগালী বিহু বোলা হয়?
উত্তৰ: মাঘ বিহুৰ সময়লৈ অসমীয়া কৃষিজীৱী লোকসকলে খেতি চাপাই আজৰি হয়গৈ আৰু এই সময়ত কৃষকসকল শস্যে-মৎস্যে‍ নদন-বদন হৈ পৰে৷ এনেদৰে ভোগৰ উপযোগী সময় হৈ পৰা বাবেই মাঘ বিহুক ভোগালী বিহু বোলা হয়৷
১৯৫৷ লোকগীত বুলিলে কি বুজা?
উত্তৰ: মানুহৰ ব্যক্তিগত আৰু সামূহিক ভাব-অনুভূতি প্ৰকাশৰ মাধ্যম হিচাপে যিবোৰ গীত অতি প্ৰাচীন কালৰে পৰা নিৰক্ষৰ জনসাধাৰণৰ মাজত ৰচিত আৰু প্ৰচাৰিত হৈ আহিছে, সেই গাতসমূহকেই লোকগীত বুলি কোৱা হয়৷
১৯৬৷ অসমৰ যিকোনো দুবিধ লোকগীতৰ নাম লিখা৷
উত্তৰ: অসমৰ দুবিধ লোকগীতৰ হ’ল— নিচুকণি গীত আৰু বিয়ানাম৷
১৯৭৷ কামৰূপী লোকগীতৰ বিষয়বস্তু কি?
উত্তৰ: কামৰূপী লোকগীতৰ বিষয়বস্তু হ’ল— জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঊশ্বৰচিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশস্তি আদি৷
১৯৮৷ গোৱলপৰীয়া লোকগীতৰ বিষয়বস্তু কি?
উত্তৰ: গোৱলপৰীয়া লোকগীতৰ বিষয়বস্তু হ’ল— জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঊশ্বৰচিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশস্তি আৰু স্থানীয় কিম্বদন্তি তথা হাতী ধৰা আৰু হাতীক পোহ মনোৱাৰ কৌশল৷
১৯৯৷ টোকাৰিগীতৰ বিষয়বস্তু কি?
উত্তৰ: টোকাৰিগীতৰ বিষয়বস্তু হ’ল— জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঊশ্বৰচিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশস্তি আদি৷
২০০৷ লোকগীতৰ ক্ষেত্ৰখনলৈ আগ বঢ়োৱা অৱদানৰ বাবে সংগীত নাটক অকাদেমি বঁটা লাভ কৰা অসমৰ দুগৰাকী শিল্পীৰ নাম লিখা৷
উত্তৰ: লোকগীতৰ ক্ষেত্ৰখনলৈ আগ বঢ়োৱা অৱদানৰ বাবে সংগীত নাটক অকাদেমি বঁটা লাভ কৰা অসমৰ দুগৰাকী শিল্পীৰ নাম হ’ল—খগেন মহন্ত আৰু প্ৰতিমা পাণ্ডে বৰুৱা৷

২০১৷ ওজা-পালিৰ মূল ভাগ কেইটা?

উত্তৰ: ওজা-পালিৰ মূল ভাগ দুটা৷
২০২৷ ব্যাসৰ ওজাৰ বিষয়বস্তু কি?
উত্তৰ: ব্যাসৰ ওজাৰ বিষয়বস্তু হৈ‍ছে ৰমায়ণ, মহাভাৰতৰ কাহিনী৷‍
২০৩৷ সুকনান্নী ওজাৰ বিষয়বস্তু কি?
উত্তৰ: সুকনান্নী ওজাৰ বিষয়বস্তু হ’ল— মনসা দেৱীৰ উপাসনা৷
২০৪৷ ওজা-পালিৰ প্ৰচলন থকা অসমৰ দুখন জিলাৰ নাম লিখা৷
উত্তৰ: ওজা-পালিৰ প্ৰচলন থকা অসমৰ দুখন জিলা হ’ল—বৰপেটা আৰু দৰং৷
২০৫৷ ওজা-পালিৰ দুজন বিশিষ্ট শি‍ল্পীৰ নাম লিখা৷
উত্তৰ: ওজা-পালিৰ দুজন বিশিষ্ট শি‍ল্পীৰ নাম হ’ল— ললিত চন্দ্ৰ নাথ আৰু কিনাৰাম নাথ৷
২০৬৷ দৰং জিলাত প্ৰচলিত দুবিধ লোকনৃত্যৰ নাম লিখা৷
উত্তৰ: দৰং জিলাত প্ৰচলিত দুবিধ লোকনৃত্যৰ নাম হ’ল— ঢেপাঢুলীয়া আৰু বৰঢুলীয়া৷
২০৭৷ লোকনৃত্যৰ ক্ষেত্ৰখনলৈ আগ বঢ়োৱা অৱদানৰ বাবে সংগীত নাটক অকাদেমি বঁটা লাভ কৰা অসমৰ দুগৰাকী শিল্পীৰ নাম লিখা৷
উত্তৰ: লোকনৃত্যৰ ক্ষেত্ৰখনলৈ আগ বঢ়োৱা অৱদানৰ বাবে সংগীত নাটক অকাদেমি বঁটা লাভ কৰা অসমৰ দুগৰাকী শিল্পীৰ নাম হ’ল— ললিত চন্দ্ৰ নাথ আৰু কিনাৰাম নাথ৷
২০৮৷ ঢুলীয়া ওজা-পালিৰ প্ৰচলন অসমৰ কোন অঞ্চলত দেখা যায়?
উত্তৰ: ঢুলীয়া ওজা-পালিৰ প্ৰচলন অসমৰ উজনি অঞ্চলত দেখা যায়৷
২০৯৷ অসমৰ স্থাপত্য শিল্পকলাত কোন যুগৰ শিল্পকলাই বিশেষ স্থান অধিকাৰ কৰিছে?
উত্তৰ: অসমৰ স্থাপত্য শিল্পকলাত আহোম যুগৰ শিল্পকলাই বিশেষ স্থান অধিকাৰ কৰিছে৷
২১০৷ বাগুৰুম্বা কোন জনজাতিৰ জাতীয় উৎসৱ?
উত্তৰ: বাগুৰুম্বা বড়ো জনজাতিৰ জাতীয় উৎসৱ৷
২১১৷ ফাৰকান্তি নৃত্য কোন জনজাতিৰ?
উত্তৰ: ফাৰকান্তি নৃত্য ৰাভা জনজাতিৰ৷
২১২৷ উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্রিক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি?
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্রিক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো হ’ল মেঘালয়ৰ খাছীয়া৷
১৩৷ সিন্ধু সভ্যতাৰ নিদৰ্শন কোন দুখন নগৰত দেখা গৈছিল?
উত্তৰ: সিন্ধু সভ্যতাৰ নিদৰ্শন হৰপ্পা আৰু মহেঞ্জোদাৰো নগৰত দেখা গৈছিল
২১৪৷ সিন্ধু সভ্যতাৰ বিকাশৰ সময় কেতিয়া?
উত্তৰ: সিন্ধু সভ্যতাৰ বিকাশৰ সময় হ’ল—খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দ৷
২১৫৷ সিন্ধু সভ্যতাৰ ঘাই নিৰ্মাতা কোন আছিল?
উত্তৰ: সিন্ধু সভ্যতাৰ ঘাই নিৰ্মাতা দ্ৰাবিড়সকল আছিল বুলি বহুতো পণ্ডিতে মত পোষণ কৰে‍৷
২১৬৷ সিন্ধু সভ্যতাৰ পতনৰ পাছত কোন যুগৰ সূচনা হৈছিল?
উত্তৰ: সিন্ধু সভ্যতাৰ পতনৰ পাছত বৈদিক যুগৰ সূচনা হৈছিল
২১৭৷ ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া ভাষা কেইটা?
উত্তৰ: ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া ভাষা ২২ টা৷
২১৮৷ মিনাৰ কি?
উত্তৰ: মিনাৰ হ’ল গম্বুজ অথবা কীৰ্তিস্তম্ভ৷
২১৯৷ এটা ভাস্কৰ্য শিল্পকলাৰ নাম লিখা
উত্তৰ: এটা ভাস্কৰ্য শিল্পকলাৰ হ’ল— অশোকৰ স্তম্ভসমূহ৷
২২০৷ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: প্ৰতি বছৰে জুন মাহৰ ২১ তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়

২২১৷ বৰ্তমান উত্তৰ-পূৰ্বাঞ্চল পৰিষদত কেইখন ৰাজ্য আছে?

উত্তৰ: বৰ্তমান উত্তৰ পূৰ্বাঞ্চল পৰিষদত আঠখন ৰাজ্য আছে
২২২৷ অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্রচলন কোনে কৰিছিল?
উত্তৰ: শংকৰদেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্রচলন কৰিছিল
২২৩৷ ভট্টদেৱে ৰচনা কৰা দুখন গ্রন্থৰ নাম লিখা
উত্তৰ: ভট্টদেৱে ৰচনা কৰা দুখন গ্রন্থৰ নাম হ’ল— ‘কথাগীতা’ আৰু ‘ভাগৱত কথা’৷
২২৪৷ অসমত থকা পৃথিৱী বিখ্যাত মন্দিৰটো কি?
উত্তৰ: অসমত থকা পৃথিৱী বিখ্যাত মন্দিৰটো হ’ল কামাখ্যা মন্দিৰ৷
২২৫৷ পোৱামক্কা কি?
উত্তৰ: পোৱামক্কা হ’ল হাজোত অৱস্থিত ইছলামধৰ্মী লোকসকলৰ এক পৱিত্ৰ তীৰ্থস্থান৷
২২৬৷ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ: হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো কোচ ৰজা নৰনাৰায়ণে‍ নিৰ্মাণ কৰাইছিল

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ