১৷ ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা
(১৯৯৯১-বৰ্তমানলৈ)-ৰ মাজত থকা এটা মূল পাৰ্থক্য ব্যাখ্যা কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়ন আৰম্ভ হয় ১৯৫১
চনত৷ এই উন্নয়ন আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে সময়ছোৱাক দুটা ভাগত ভাগ কৰা হৈছে৷ তাৰে
প্ৰথমছোৱা হ’ল ১৯৫০-১৯৯১ আৰু দ্বিতীয়ছোৱা সময় হ’ল ১৯৯১ চনৰ পৰা বৰ্তমানলৈকে৷
প্ৰথমছোৱা সময়ত অৰ্থনৈতিক উন্নয়নত ৰাজহুৱা খণ্ডই
মুখ্য ভূমিকা পালন কৰিছিল আৰু স্বাভাৱিকতে অৰ্থনৈতিক উন্নয়নত ৰাষ্ট্ৰৰ ভূমিকাই প্ৰাধান্য
লাভ কৰিছিল৷ আনহাতে, দ্বিতীয়ছোৱা কালত ৰাজহুৱা খণ্ডৰ পৰিৱৰ্তে ব্যক্তিগতকৰণ, উদাৰীকৰণ,
গোলকীকৰণ বা বিশ্বায়নৰ ক্ষেত্ৰতহে গুৰুত্ব আৰোপ কৰা হৈছিল আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব
হ্ৰাস পাইছিল৷
ভাৰতবৰ্ষৰ অৰ্থনীতিত ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত
খণ্ডৰ সহাৱস্থান হৈ আহিছে৷ ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনলৈ যিহেতু ৰাজহুৱা খণ্ডৰ ভূমিকা
মুখ্য আছিল, সেয়ে স্বাভাৱিকতে অৰ্থনৈতিক উন্নয়নত ৰাষ্ট্ৰৰ ভূমিকাই প্ৰাধান্য লাভ কৰিছিল৷
এই সময়ছোৱাত ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনীতিয়ে কিছুমান নিৰ্দিষ্ট লক্ষ্য স্থিৰ কৰি আগ
বাঢ়িছিল যদিও সময়ে সময়ে দেখা দিয়া অনাবৃষ্টি, ৰাজনৈতিক দৃশ্যপট পৰিৱৰ্তন, দুবাৰকৈ সীমান্তত
সংঘটিত হোৱা যুদ্ধই এই লক্ষ্যসমূহত উপনীত হোৱাত বাধাৰ সৃষ্টি কৰিছিল, যাৰ ফলস্বৰূপে
অৰ্থনৈতিক উন্নয়নৰ হাৰ আশানুৰূপ নহ’ল৷ এই সময়ছোৱাত
ঘৰুৱা জাতীয় আয় বৃদ্ধিৰ হাৰ গড় হিচাপত ৩.৫ শতাংশহে আছিল৷ বিত্তীয় ঘাটি, ৰাজহুৱা খণ্ডৰ
উদ্যোগসমূহৰ লোকচান, মুদ্ৰাস্ফীতি আদি নানান সমস্যাই ভাৰতীয় অৰ্থনীতি জুৰুলা কৰি
পেলাইছিল৷ ভাৰতবৰ্ষৰ বৈদিশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত
বিশ্ব বেংকেও পৰামৰ্শ আগ বঢ়ায় যে ভাৰতীয় অৰ্থনীতিৰ গাঁথনিমূলক পৰিৱৰ্তন হোৱাটো উচিত৷
ভাৰতীয় অৰ্থনীতিৰ এই পটভূমিতেই সেই সময়ৰ প্ৰধানমন্ত্ৰী পি. ভি. নৰসিংহ ৰাওৰ নেতৃত্বাধীন
কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰি পূৰ্বৰ ৰাজহুৱা খণ্ডৰ
গুৰুত্ব হ্ৰাস কৰি উদাৰীকৰণ, ব্যক্তিগতকৰণ, গোলকীকৰণ বা বিশ্বায়নত গুৰুত্ব প্ৰদান
কৰে৷ এনে অৰ্থনৈতিক সংস্কাৰ সাধনৰ ফলত এই সময়ছোৱাত কিছুমান সুফল পোৱা পৰিলক্ষিত হয়৷
সেইবোৰ হ’ল—
ক) অৰ্থনৈতিক
উন্নয়নৰ হাৰ বৃদ্ধি৷
খ) পাইকাৰি
মূল্যসূচীৰ হ্ৰাস৷
গ) কেন্দ্ৰীয়
বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি৷
২৷ ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা৷
(ক)
চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ আয় বৃদ্ধিৰ হাৰ কম হোৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা
দিছিল৷ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও
তেনে ভালেমান উদ্যোগে লোকচান ভৰিবলগীয়া হৈছিল৷
উক্ত কাৰণসমূহৰ বাবে ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ সাধন কৰাটো অপৰিহাৰ্য হৈ পৰিছিল। পৰিণামস্বৰূপে ১৯৯১ চনত ভাৰত চৰকাৰে নতুন অর্থনৈতিক নীতি ঘোষণা কৰিবলগীয়া হৈছিল।
৩৷ অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা৷
উত্তৰ: ১৯৯১ চনত গ্ৰহণ কৰা ভাৰতৰ অর্থনৈতিক সংস্কাৰ কাৰ্যসূচীৰ তিনিটা
সুফল হ’ল—
(ক)
ভাৰতবৰ্ষৰ অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে। ২০০৫-০৬, ২০০৬-০৭, ২০০৭-০৮ চনৰ কালছোৱাত
বাৰ্ষিক উন্নয়নৰ হাৰ আছিল যথাক্ৰমে ৯.৫%, ৯.৭% আৰু ৯.২%৷ ১৯৫১ চনৰ পৰা এতিয়ালৈকে ভাৰতীয়
অৰ্থনীতিৰ উন্নয়নৰ হাৰে ইমানলৈ বৃদ্ধি পোৱা নাছিল৷ ২০০৯-১০ চনৰ পৰা ২০১২-১৩ চনলৈ গড়
হিচাপত বাৰ্ষিক উন্নয়নৰ হাৰ আছিল ৬.৭%৷ ২০১৩-১৪ চনত এই হাৰ বৃদ্ধি হয় ৭.২%-লৈ৷
৪৷ অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা
কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্রৱৰ্তন কৰাৰ ফলত কিছুমান
অসুবিধাৰ সৃষ্টি হৈছে। এনে দুটা অসুবিধা হ’ল—
৫৷ অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাক ছটা প্ৰধান লক্ষ্য উল্লেখ কৰা৷
উত্তৰ: অসমৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য হ’ল—