অৰ্থনৈতিক উন্নয়ন, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী)— চমু প্ৰশ্নোত্তৰ

 


১৷ অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা৷
উত্তৰ: অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য হ’ল—
অৰ্থনৈতিক বিকাশঅৰ্থনৈতিক উন্নয়ন
১) অর্থনৈতিক বিকাশে দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধিৰ দিশটো নিৰ্দেশ কৰে৷অর্থনৈতিক উন্নয়নে দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয়ৰ বৃদ্ধিৰ লগতে জনসাধাৰণৰ সামগ্ৰীক উন্নয়নৰ দিশটো নিৰ্দেশ কৰে।
২) অৰ্থনৈতিক বিকাশ হোৱা মানেই অৰ্থনৈতিক উন্নয়ন হোৱাটো নুবুজায়অৰ্থনৈতিক উন্নয়ন হ’বলৈ হ’লে অৰ্থনৈতিক বিকাশ হ’বই লাগিব, কিয়নো অৰ্থনৈতিক বিকাশ হৈছে অৰ্থনৈতিক উন্নয়নৰ এক অংশহে মাথোঁ৷

২৷ মানৱ উন্নয়নৰ তিনিটা সূচক কি কি?
উত্তৰ: মানৱ উন্নয়নৰ তিনিটা সূচক হ’ল—
(ক) প্ৰত্যাশিত আয়ুস
(খ) শিক্ষা আৰু
(গ) জীৱন যাত্ৰাৰ মান।
৩৷ সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা?
উত্তৰ: মানৱ উন্নয়নে জনসাধাৰণৰ সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন বুজায়৷ এখন সমাজৰ বিভিন্ন ব্যক্তিৰ পছন্দ-অপছন্দ অথবা ভাল লগা, বেয়া লগাৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয়৷ প্ৰত্যাশিত আয়ুস, শি‍ক্ষা, জীৱনযাত্ৰাৰ মান— এই তিনিটা সূচক হ’ল এই পছন্দৰ মূল আধাৰ৷ সমষ্টিগত পছন্দই অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দক সাঙুৰি লয়৷ এখন দেশৰ জনসাধাৰণৰ সামূহিক, অৰ্থনৈতিক, সামজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন যাপনৰ মান বৃদ্ধিত গুৰুত্ব প্ৰদান কৰিলে সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলি ক’ব পাৰি৷
৪৷ ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য হ’ল—
(ক) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্রতৰ কৰা।
(খ) দৰিদ্ৰতা নিৰ্মূল কৰা।
(গ) নিয়োগ বৃদ্ধি কৰা।
৫৷ নিটি আয়োগৰ সদস্যসকল কোন কোন?
উত্তৰ: নিটি আয়োগৰ সদস্যসকল হ’ল— প্রধানমন্ত্ৰী (অধ্যক্ষ), প্রধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকল, চাৰিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ