অৰ্থনৈতিক উন্নয়ন, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী)— অতি চমু প্ৰশ্নোত্তৰ



১৷ অৰ্থনৈতিক বিকাশ বুলিলে কি বুজা?
উত্তৰ: অৰ্থনৈতিক বিকাশ বুলিলে দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয়ৰ বৃদ্ধি হোৱাকে বুজায়৷
২৷ জাতীয় আয় বুলিলে কি বুজা?
উত্তৰ: এটা বিত্তীয় বৰ্ষত দেশ এখনত উৎপাদিত সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ’ল জাতীয় আয়৷
৩৷ দেশ এখনৰ জনমূৰি আয় কি দৰে নিৰূপণ কৰা হয়?
উত্তৰ: দেশ এখনৰ জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে জনমূৰি আয় নিৰূপণ কৰা হয়৷
৪৷ ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষৰ সময়সীমা উল্লেখ কৰা৷
উত্তৰ: প্ৰতি বছৰৰ ১ এপ্ৰিলৰ পৰা পাছৰটো বছৰৰ মাৰ্চ মাহৰ ৩১ তাৰিখলৈকে সময়ছোৱাক ভাৰতবৰ্ষত এক বিত্তীয় বৰ্ষ হিচাপে গ্ৰহণ কৰা হৈছে৷
৫৷ উন্নত দেশসমূহৰ জনমূৰি আয় অনুন্নত দেশসমূহৰ জনমূৰি আয়তকৈ বেছি নে কম?
উত্তৰ: উন্নত দেশসমূহৰ জনমূৰি আয় অনুন্নত দেশসমূহৰ জনমূৰি আয়তকৈ বেছি৷
৬৷ মানৱ উন্নয়ন বুলিলে কি বুজা?
উত্তৰ: মানৱ উন্নয়নে দেশ এখনৰ জনসাধাৰণৰ স্বাস্থ্য, শি‍ক্ষা, জীৱন ধাৰণৰ মান, আৰ্থ-সামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নক বুজায়৷
৭৷ মানৱ উন্নয়নৰ প্ৰথমখন প্ৰতিৱেদন কেতিয়া প্ৰকাশ পায়?
উত্তৰ: মানৱ উন্নয়নৰ প্ৰথমখন প্ৰতিৱেদন ১৯৯০ চনত প্ৰকাশ পায়৷
৮৷ UNDP-ৰ সম্পূৰ্ণ ৰূপ লিখা৷
উত্তৰ: UNDP-ৰ সম্পূৰ্ণ ৰূপ হ’ল— ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (United Nations Development Programme)
৯৷ মানৱ উন্নয়ন প্ৰতিৱেদন কোনে প্ৰকাশ কৰে?
উত্তৰ: মানৱ উন্নয়ন প্ৰতিৱেদন ৰাষ্ট্ৰসংঘই  প্ৰকাশ কৰে৷
১০৷ মানৱ উন্নয়ন প্ৰতিৱেদনত কেইটা সূচক উল্লেখ কৰা হৈছে?
উত্তৰ: মানৱ উন্নয়ন প্ৰতিৱেদনত তিনি‍টা সূচক উল্লেখ কৰা হৈছে৷
১১৷ মানৱ উন্নয়ন প্ৰতিৱেদনৰ সূচককেইটা কি কি?
উত্তৰ: মানৱ উন্নয়ন প্ৰতিৱেদনৰ সূচককেইটা হ’ল— ক) প্ৰত্যাশিত আয়ুস, খ) শি‍ক্ষা আৰু গ) জীৱন যাত্ৰাৰ মান৷
১২৷ প্ৰত্যাশিত আয়ুস কি?
উত্তৰ: জন্মৰ সময়ত মানৱ শিশু এটি যিমান বছৰলৈ জীয়াই থাকিব বুলি যি আশা কৰা হয়, সেই আয়ুসেই হ’ল প্ৰত্যাশিত আয়ুস৷
১৩৷ উন্নত দেশত প্ৰত্যাশিত আয়ুস কম নে বেছি?
উত্তৰ: উন্নত দেশত প্ৰত্যাশিত আয়ুস বেছি৷
১৪৷ UNDP-ৰ অন্তৰ্গত মানৱ উন্নয়ন প্ৰতিৱেদনৰ শি‍ক্ষা সূচকে কি বুজায়?
উত্তৰ: UNDP-ৰ অন্তৰ্গত মানৱ উন্নয়ন প্ৰতিৱেদনৰ শি‍ক্ষা সূচকে শি‍ক্ষাৰ ক্ষেত্ৰত প্ৰাপ্তবয়স্কৰ সাক্ষৰতা আৰু প্ৰাথমিক, মাধ্যমিক আৰু অন্যান্য প্ৰশাখাসমূহৰ সৰ্বমুঠ নামভৰ্তিকৰণৰ অনুপাত নিৰ্ণয় কৰি সেই অনুপাতৰ ভিত্তিত শি‍ক্ষা বা জ্ঞানৰ স্তৰ নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াটোক বুজায়৷
১৫৷ UNDP-ৰ অন্তৰ্গত মানৱ উন্নয়ন প্ৰতিৱেদনৰ জীৱন-যাত্ৰাৰ মানে কি বুজায়?
উত্তৰ: দেশ এখনৰ জনসাধাৰণৰ স্বাস্থ্য, শি‍ক্ষা, আৰ্থ-সামাজিক অৱস্থা আদি বুজায়৷
১৬৷ জীৱন-যাত্ৰাৰ মান উন্নীতকৰণত কিহে বাধাৰ সৃষ্টি কৰে?
উত্তৰ: জীৱন-যাত্ৰাৰ মান উন্নীতকৰণত দৰিদ্ৰতা, অনুন্নত শি‍ক্ষা ব্যৱস্থা আৰু প্ৰয়োজনীয় স্বাস্থ্যসেৱাৰ অভাৱে বাধাৰ সৃষ্টি কৰে৷
১৭৷ সমষ্টিৰ সামূহিক পছন্দ কিহৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হয়?
উত্তৰ: বিভিন্ন ব্যক্তিৰ পছন্দ-অপছন্দ অথবা ভাল-বেয়া লগাৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয়৷
১৮৷ সমষ্টিৰ সামূহিক পছন্দৰ মূল কথা কি?
উত্তৰ: সমষ্টিৰ সামূহিক পছন্দৰ মূল কথা হ’ল— ক) প্ৰত্যাশিত আয়ুস, খ) শি‍ক্ষা আৰু গ) জীৱন যাত্ৰাৰ মান৷
১৯৷ মানৱ উন্নয়নৰ মধ্যবিন্দু বুলিলে কি বুজা?
উত্তৰ: মানৱ উন্নয়নৰ মধ্যবিন্দু বুলিলে জনসাধাৰণকে বুজোৱা হয়৷
২০৷ অৰ্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজৰ এটা পাৰ্থক্য লিখা৷
উত্তৰ: অর্থনৈতিক বিকাশে দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধিৰ দিশটো নিৰ্দেশ কৰে৷
 
অর্থনৈতিক উন্নয়নে দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয়ৰ বৃদ্ধিৰ লগতে জনসাধাৰণৰ সামগ্ৰীক উন্নয়নৰ দিশটো নিৰ্দেশ কৰে।

২১৷ সমষ্টিগত পছন্দই জনসাধাৰণৰ কোনবোৰ পছন্দ সামৰি লৈছে?
উত্তৰ: সমষ্টিগত পছন্দই জনসাধাৰণৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দ সামৰি লৈছে৷
২২৷ মানৱ উন্নয়নৰ ধাৰণাটোৱে কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰে?
উত্তৰ: মানৱ উন্নয়নৰ ধাৰণাটোৱে মানুহৰ সামূহিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন যাপনৰ মান উন্নতকৰণত গুৰুত্ব আৰোপ কৰে৷
২৩৷ ২০১০ চনৰ মানৱ উন্নয়নৰ প্ৰতিৱেদনখনত মানৱ উন্নয়ন সম্পৰ্কীয় কেইটা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰ: ২০১০ চনৰ মানৱ উন্নয়নৰ প্ৰতিৱেদনখনত মানৱ উন্নয়ন সম্পৰ্কীয় তিনিটা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে৷
২৪৷ ২০১০ চনৰ মানৱ উন্নয়নৰ প্ৰতিৱেদনখনত নতুনকৈ সন্নিৱিষ্ট হোৱা মানৱ উন্নয়ন সম্পৰ্কীয় সূচকাংককেইটা কি কি?
উত্তৰ: ২০১০ চনৰ মানৱ উন্নয়নৰ প্ৰতিৱেদনখনত নতুনকৈ সন্নিৱিষ্ট হোৱা মানৱ উন্নয়ন সম্পৰ্কীয় সূচকাংককেইটা হ’ল—
ক) বৈষম্য সাপেক্ষে মানৱ উন্নয়ন সূচকাংক
খ) লিংগ বৈষম্য সূচকাংক৷
গ) বহুমাত্ৰিক দৰিদ্ৰ সূচকাংক৷
২৫৷ ২০১০ চনৰ মানৱ উন্নয়নৰ প্ৰতিৱেদনখনত নতুনকৈ সন্নিৱিষ্ট হোৱা বৈষম্য সাপেক্ষে মানৱ উন্নয়ন সূচকাংকই কি প্ৰতিফলিত কৰে?
উত্তৰ: ২০১০ চনৰ মানৱ উন্নয়নৰ প্ৰতিৱেদনখনত নতুনকৈ সন্নিৱিষ্ট হোৱা বৈষম্য সাপেক্ষে মানৱ উন্নয়ন সূচকাংকই মানৱ উন্নয়নৰ প্ৰভাৱ বিভিন্ন শ্ৰেণীৰ লোকৰ ওপৰত কিদৰে পৰিছে, তাক প্ৰতিফলিত কৰে৷
২৬৷ ২০১০ চনৰ মানৱ উন্নয়নৰ প্ৰতিৱেদনখনত নতুনকৈ সন্নিৱিষ্ট হোৱা লিংগ বৈষম্য সূচকাংকই কি প্ৰতিফলিত কৰে?
উত্তৰ: ২০১০ চনৰ মানৱ উন্নয়নৰ প্ৰতিৱেদনখনত নতুনকৈ সন্নিৱিষ্ট হোৱা লিংগ বৈষম্য সূচকাংকই মানৱ উন্নয়নৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ মাজত থকা অসমতাক প্ৰতিফলিত কৰে৷
২৭৷ ২০১০ চনৰ মানৱ উন্নয়নৰ প্ৰতিৱেদনখনত নতুনকৈ সন্নিৱিষ্ট হোৱা বহুমাত্ৰিক দৰিদ্ৰ সূচকাংকই কি প্ৰতিফলিত কৰে?
উত্তৰ: ২০১০ চনৰ মানৱ উন্নয়নৰ প্ৰতিৱেদনখনত নতুনকৈ সন্নিৱিষ্ট হোৱা বহুমাত্ৰিক দৰিদ্ৰ সূচকাংকই দৰিদ্ৰতাৰ বহুৰূপী চৰিত্ৰ প্ৰতিফলিত কৰে৷
 
২৮৷ অৰ্থনৈতিক পৰিকল্পনা কি?
উত্তৰ: নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিক দৰ্শনেই হ’ল অৰ্থনৈতিক পৰিকল্পনা৷
২৯৷ ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনা সাধাৰণতে কেই বছৰৰ মূৰে মূৰে প্ৰস্তুত কৰা হয়?
উত্তৰ: ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনা সাধাৰণতে পাঁচ বছৰৰ মূৰে মূৰে প্ৰস্তুত কৰা হয়৷
৩০৷ পঞ্চবাৰ্ষিক পৰিকল্পনা বুলিলে কি বুজা?
উত্তৰ: পাঁচ বছৰৰ মূৰে মূৰে যুগুত কৰা অৰ্থনৈতিক পৰিকল্পনাই হ’ল পঞ্চবাৰ্ষিক পৰিকল্পনা৷
৩১৷ ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এটা মূল লক্ষ্য উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এটা মূল লক্ষ্য হ’ল— অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰতৰ কৰা৷
৩২৷ ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
উত্তৰ: ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ১৯৫১ চনত আৰম্ভ হয়৷
৩৩৷ ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা হ’ল— ১ এপ্ৰিল, ১৯৫১-ৰ পৰা ৩১ মাৰ্চ ১৯৫৬-লৈকে৷
৩৪৷ ভাৰতবৰ্ষৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
উত্তৰ: ভাৰতবৰ্ষৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা ১৯৫৬ চনত আৰম্ভ হয়৷
৩৫৷ ভাৰতবৰ্ষৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা হ’ল— ১ এপ্ৰিল, ১৯৫৬-ৰ পৰা ৩১ মাৰ্চ ১৯৬১-লৈকে৷
৩৬৷ ভাৰতবৰ্ষৰ তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
উত্তৰ: ভাৰতবৰ্ষৰ তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা ১৯৬১ চনত আৰম্ভ হয়৷
৩৭৷ ভাৰতবৰ্ষৰ তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা হ’ল— ১ এপ্ৰিল, ১৯৬১-ৰ পৰা ৩১ মাৰ্চ ১৯৬৬-লৈকে৷
৩৮৷ ভাৰতবৰ্ষৰ চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
উত্তৰ: ভাৰতবৰ্ষৰ চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা ১৯৬৯ চনত আৰম্ভ হয়৷
৩৯৷ ভাৰতবৰ্ষৰ চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা হ’ল— ১ এপ্ৰিল, ১৯৬৯-ৰ পৰা ৩১ মাৰ্চ ১৯৭৪-লৈকে৷
৪০৷ ভাৰতবৰ্ষত পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হোৱাৰ পাছত কোন চনৰ পৰা কোন চনলৈকে তিনিখন বাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল?
উত্তৰ: ভাৰতবৰ্ষত পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হোৱাৰ পাছত ১৯৬৬ চনৰ পৰা ১৯৬৯ চনলৈকে তিনিখন বাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল৷
৪১৷ ভাৰতবৰ্ষত কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পাছত তিনিখন বাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল?
উত্তৰ: ভাৰতবৰ্ষত তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পাছত তিনিখন বাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল৷
৪২৷ ভাৰতবৰ্ষত কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পূৰ্বে তিনিখন বাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল?
উত্তৰ: ভাৰতবৰ্ষত চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পূৰ্বে তিনিখন বাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল৷
৪৩৷ ভাৰতবৰ্ষৰ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
উত্তৰ: ভাৰতবৰ্ষৰ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা ১৯৭৪ চনত আৰম্ভ হয়৷
৪৪৷ ভাৰতবৰ্ষৰ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা হ’ল— ১ এপ্ৰিল, ১৯৭৪-ৰ পৰা ৩১ মাৰ্চ ১৯৭৮-লৈকে৷
৪৫৷ ভাৰতবৰ্ষৰ কোনখন পঞ্চবাৰ্ষিক পৰকিল্পনাই পাঁচটা বছৰ অতিক্ৰম কৰাত ব্যৰ্থ হৈছিল?
উত্তৰ: ভাৰতবৰ্ষৰ পঞ্চম পঞ্চবাৰ্ষিক পৰকিল্পনাই পাঁচটা বছৰ অতিক্ৰম কৰাত ব্যৰ্থ হৈছিল৷
৪৬৷ ভাৰতবৰ্ষৰ ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
উত্তৰ: ভাৰতবৰ্ষৰ ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনা ১৯৮০ চনত আৰম্ভ হয়৷
৪৭৷ ভাৰতবৰ্ষৰ ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা হ’ল— ১ এপ্ৰিল, ১৯৮০-ৰ পৰা ৩১ মাৰ্চ ১৯৮৫-লৈকে৷
৪৮৷ ভাৰতবৰ্ষৰ সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
উত্তৰ: ভাৰতবৰ্ষৰ সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা ১৯৮৫ চনত আৰম্ভ হয়৷
৪৯৷ ভাৰতবৰ্ষৰ সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা হ’ল— ১ এপ্ৰিল, ১৯৮৫-ৰ পৰা ৩১ মাৰ্চ, ১৯৯০-লৈকে৷
৫০৷ ভাৰতবৰ্ষৰ অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
উত্তৰ: ভাৰতবৰ্ষৰ অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা ১৯৯২ চনত আৰম্ভ হয়৷
৫১৷ ভাৰতবৰ্ষৰ অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা হ’ল— ১ এপ্ৰিল, ১৯৯২-ৰ পৰা ৩১ মাৰ্চ, ১৯৯৭-লৈকে৷
৫২৷ ভাৰতবৰ্ষৰ নৱম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
উত্তৰ: ভাৰতবৰ্ষৰ নৱম পঞ্চবাৰ্ষিক পৰিকল্পনা ১৯৯৭ চনত আৰম্ভ হয়৷
৫৩৷ ভাৰতবৰ্ষৰ নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা হ’ল— ১ এপ্ৰিল, ১৯৯৭-ৰ পৰা ৩১ মাৰ্চ, ২০০২-লৈকে৷
৫৪৷ ভাৰতবৰ্ষৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
উত্তৰ: ভাৰতবৰ্ষৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনা ২০০২ চনত আৰম্ভ হয়৷
৫৫৷ ভাৰতবৰ্ষৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা হ’ল— ১ এপ্ৰিল, ২০০২-ৰ পৰা ৩১ মাৰ্চ, ২০০৭-লৈকে৷
৫৬৷ ভাৰতবৰ্ষৰ একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
উত্তৰ: ভাৰতবৰ্ষৰ একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা ২০০৭ চনত আৰম্ভ হয়৷
৫৭৷ ভাৰতবৰ্ষৰ একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা হ’ল— ১ এপ্ৰিল, ২০০৭-ৰ পৰা ৩১ মাৰ্চ, ২০১২-লৈকে৷
৫৮৷ ভাৰতবৰ্ষৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়?
উত্তৰ: ভাৰতবৰ্ষৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা ২০১২ চনত আৰম্ভ হয়৷
৫৯৷ ভাৰতবৰ্ষৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা হ’ল— ১ এপ্ৰিল, ২০১২-ৰ পৰা ৩১ মাৰ্চ, ২০১৭-লৈকে৷
৬০৷ ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগে গ্ৰহণ কৰা প্ৰথম দুখন বাৰ্ষিক পৰিকল্পনাৰ সময়সীমা উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগে গ্ৰহণ কৰা প্ৰথম দুখন বাৰ্ষিক পৰিকল্পনাৰ সময়সীমা হ’ল—১ এপ্ৰিল, ১৯৭৮-ৰ পৰা ৩১ মাৰ্চ ১৯৮০-লৈকে৷
৬১৷ নিটি আয়োগ কেতিয়া গঠন কৰা হয়?
উত্তৰ: নিটি আয়োগ ২০১৫ চনত গঠন কৰা হয়৷
৬২৷ পৰিকল্পনা আয়োগৰ ঠাইত নতুনকৈ কি আয়োগ গঠন কৰা হৈছে?
উত্তৰ: পৰিকল্পনা আয়োগৰ ঠাইত নতুনকৈ নিটি আয়োগ গঠন কৰা হৈছে৷
৬৩৷ ভাৰতবৰ্ষৰ কোনখন কেন্দ্ৰীয় চৰকাৰে নিটি আয়োগ গঠন কৰিছিল?
উত্তৰ: ২০১৪ চনত গঠিত হোৱা কেন্দ্ৰীয় চৰকাৰখনে ভাৰতবৰ্ষত নিটি আয়োগ গঠন কৰিছিল৷
৬৪৷ নিটি আয়োগ গঠনৰ মূল উদ্দেশ্য কি?
উত্তৰ: নিটি আয়োগ গঠনৰ মূল উদ্দেশ্য হ’ল ভাৰতবৰ্ষৰ ৰূপান্তৰ কৰা৷
৬৫৷ ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়া নিটি আয়োগ গঠনৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছিল‍?
উত্তৰ: ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ স্বাধীনতা দিৱসৰ দিনা দেসবাসীক উদ্দেশ্য কৰি দিয়া ভাষণত নিটি আয়োগ গঠনৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছিল‍৷
৬৬৷  নিটি আয়োগ গঠন কৰা হ’ল বুলি কেতিয়া ঘোষণা কৰা হয়?
উত্তৰ: ২০১৫ চনৰ ১ জানুৱাৰি দিনা নিটি আয়োগ গঠন কৰা হ’ল বুলি ঘোষণা কৰা হয়৷
৬৭৷ নিটি আয়োগৰ প্ৰথমখন বৈঠক কেতিয়া আৰু ক’ত অনুষ্ঠিত হয়?
উত্তৰ: নিটি আয়োগৰ প্ৰথমখন বৈঠক ২০১৫ চনৰ ৮ ফেব্ৰুৱাৰি দিনা দিল্লীত অনুষ্ঠিত হয়৷
৬৮৷ নিটি আয়োগৰ অধ্যক্ষ কোন?
উত্তৰ: নিটি আয়োগৰ অধ্যক্ষ হ’ল প্ৰধানমন্ত্ৰী৷
৬৯৷ নিটি আয়োগৰ সদস্যসকল কোন কোন?
উত্তৰ: নিটি আয়োগৰ সদস্যসকল হ’ল— প্রধানমন্ত্ৰী (অধ্যক্ষ), প্রধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকল, চাৰিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।
৭০৷ ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীসকল নিটি আয়োগৰ সদস্য হয়নে?
উত্তৰ: ৰাজ্যসমূহৰ মুখ্য মন্ত্ৰীসকল নিটি আয়োগৰ সদস্য হয়৷
৭১৷ কেন্দ্ৰীয় শাসিত‍ অঞ্চলৰ উপৰাজ্যপালসকল নিটি আয়োগৰ সদস্য হয়নে?
উত্তৰ: কেন্দ্ৰীয় শাসিত‍ অঞ্চলৰ উপৰাজ্যপালসকল নিটি আয়োগৰ সদস্য হয়৷
৭২৷ নিটি আয়োগৰ সমিতিখনত কেইজন কেন্দ্ৰীয় মন্ত্ৰী থাকে?
উত্তৰ: নিটি আয়োগৰ সমিতিখনত চাৰি‍জন কেন্দ্ৰীয় মন্ত্ৰী থাকে৷
৭৩৷ নিটি আয়োগৰ উপাধ্যক্ষজনক কোনে নিযুক্তি দিয়ে?
উত্তৰ: নিটি আয়োগৰ উপাধ্যক্ষজনক প্ৰধানমন্ত্ৰীয়ে নিযুক্তি দিয়ে৷
৭৪৷ নিটি আয়োগৰ সমিতিখনত কেইজন পূৰ্ণকালীন সদস্য থাকে?
উত্তৰ: নিটি আয়োগৰ সমিতিখনত তিনি‍জন পূৰ্ণকালীন সদস্য থাকে৷
৭৫৷ নিটি আয়োগৰ সমিতিখনত কেইজন অংশকালীন সদস্য থাকে?
উত্তৰ: নিটি আয়োগৰ সমিতিখনত দুজন অংশকালীন সদস্য থাকে৷
৭৬৷ নিটি আয়োগৰ পৰিচালনা পৰিষদখন কোনসকল সদস্যৰ দ্বাৰা গঠিত?
উত্তৰ: নিটি আয়োগৰ পৰিচালনা পৰিষদখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকলৰ দ্বাৰা গঠিত৷
৭৭৷ নিটি আয়োগৰ পদেন সদস্যসকল কোন কোন?
উত্তৰ: নিটি আয়োগৰ পদেন সদস্যসকল হ’ল সৰ্বোচ্চ চাৰিজন কেন্দ্ৰীয় মন্ত্ৰী৷
৭৮৷ গণতান্ত্ৰিক পৰিকল্পনা বুলিলে কি বুজা?
উত্তৰ: যি পৰিকল্পনা যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয়, তেনে পৰিকল্পনাকে‍ গণতান্ত্ৰিক পৰিকল্পনা বুলি কোৱা হয়৷
৭৯৷ গণতান্ত্ৰিক পৰিকল্পনাত সিদ্ধান্তসমূহ ৰাইজৰ ওপৰত জাপি দিয়া হয় নেকি?
উত্তৰ: গণতান্ত্ৰিক পৰিকল্পনাত সিদ্ধান্তসমূহ ৰাইজৰ ওপৰত জাপি দিয়া নহয়৷
৮০৷ ভাৰতৰ প্ৰশাসন ব্যৱস্থাত কেইটা স্তৰ আছে?
উত্তৰ: ভাৰতৰ প্ৰশাসন ব্যৱস্থাত তিনি‍টা স্তৰ আছে৷
৮১৷ ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ স্তৰকেইটা কি কি?
উত্তৰ: ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ স্তৰকেইটা হ’ল—ক) কেন্দ্ৰীয় চৰকাৰ, খ) ৰাজ্য চৰকাৰ আৰু গ) স্থানীয় নিকায়সমূহ (যেনে: পঞ্চায়ত আৰু নগৰপালিকা)৷
৮২৷ ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ ব্যাখ্যা কেই ভাগত ভগাব পাৰি?
উত্তৰ: ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ ব্যাখ্যা দুভাগত ভগাব পাৰি৷
৮৩৷ ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দুয়োটা ভাগৰ সময়সীমা লিখা৷
উত্তৰ: ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমটো ভাগৰ সময়সীমা হ’ল—১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনলৈকে৷  দ্বিতীয়টো ভাগৰ সময়সীমা হ’ল—১৯৯১-৯২ চনৰ পৰা বৰ্তমানলৈকে৷  
৮৪৷ ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ ভাৰতীয় অৰ্থনীতিৰ উন্নয়নত কোন খণ্ডই মুখ্য ভূমিকা পালন কৰিছিল?
উত্তৰ: ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ ভাৰতীয় অৰ্থনীতিৰ উন্নয়নত ৰাজহুৱা খণ্ডই মুখ্য ভূমিকা পালন কৰিছিল৷
৮৫৷ ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ ভাৰতীয় অৰ্থনীতিৰ উন্নয়নত কোন খণ্ডই গৌণ ভূমিকা পালন কৰিছিল?
উত্তৰ: ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ ভাৰতীয় অৰ্থনীতিৰ উন্নয়নত ব্যক্তিগত খণ্ডই গৌণ ভূমিকা পালন কৰিছিল৷
৮৬৷ ভাৰতবৰ্ষৰ আৰ্থিক ব্যৱস্থা কেনে প্ৰকৃতিৰ?
উত্তৰ: ভাৰতবৰ্ষৰ আৰ্থিক ব্যৱস্থা মিশ্ৰিত আৰ্থিক ব্যৱস্থা৷
৮৭৷ মিশ্ৰিত অৰ্থনৈতিক ব্যৱস্থা কি?
উত্তৰ: যি অৰ্থনৈতিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱসস্থান হয়, তেনে অৰ্থনৈতিক ব্যৱস্থাই হ’ল মিশ্ৰিত অৰ্থনৈতিক ব্যৱস্থা৷
৮৮৷ ভাৰতবৰ্ষৰ ঔদ্যোগিক নীতিৰ এটা প্ৰধান লক্ষ্য উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ ঔদ্যোগিক নীতিৰ এটা প্ৰধান লক্ষ্য হ’ল— সমাজবাদী সমাজ প্ৰতিষ্ঠা কৰা৷
৮৯৷ ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা সময়ৰ এটা মূল লক্ষ্য লিখা৷
উত্তৰ: ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা সময়ৰ এটা মূল লক্ষ্য হ’ল—অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তোলা৷
৯০৷ চীন-ভাৰতৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ: ১৯৬১-৬২ চনত চীন-ভাৰতৰ যুদ্ধ সংঘটিত হৈছিল৷
৯১৷ ভাৰত-পাকিস্তানৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ: ১৯৬৫ চনত ভাৰত-পাকিস্তানৰ যুদ্ধ সংঘটিত হৈছিল৷
৯২৷ ১৯৫০-৫১ চনৰ পৰা ১৯০-৯১ চনৰ সময়ছোৱাত ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ আশানুৰূপ নোহোৱাৰ এটা কাৰণ লিখা৷
উত্তৰ: ১৯৫০-৫১ চনৰ পৰা ১৯০-৯১ চনৰ সময়ছোৱাত ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ আশানুৰূপ নোহোৱাৰ এটা কাৰণ হ’ল— সময়ে সময়ে দেখা দিয়া অনাবৃষ্টি৷
৯৩৷ ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা সময়ত ঘৰুৱা জাতীয় আয় বৃদ্ধিৰ হাৰ গড় হিচাপত কিমান শতাংশ আছিল?
উত্তৰ: ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা সময়ত ঘৰুৱা জাতীয় আয় বৃদ্ধিৰ হাৰ গড় হিচাপত ৩.৫ শতাংশ আছিল৷
৯৪৷ ভাৰতবৰ্ষৰ জাতীয় উৎপাদনলৈ সেৱাখণ্ডৰ বৰঙণিৰ পৰিমাণ ১৯৫০-৫১ চনৰ কালছোৱাত কিমান শতাংশ আছিল?
উত্তৰ: ভাৰতবৰ্ষৰ জাতীয় উৎপাদনলৈ সেৱাখণ্ডৰ বৰঙণিৰ পৰিমাণ ১৯৫০-৫১ চনৰ কালছোৱাত ২৮ শতাংশ আছিল৷
৯৫৷ সেৱাখণ্ড বুলিলে কি বুজা?
উত্তৰ: বেংক, বীমা, পৰিবহণ, ব্যৱসায় আদিৰে গঠিত খণ্ডটোকেই সেৱাখণ্ড বুলি কোৱা হয়৷
৯৬৷ ভাৰতবৰ্ষৰ জাতীয় উৎপাদনলৈ সেৱাখণ্ডৰ বৰঙণিৰ পৰিমাণ ১৯৯০-৯১ চনৰ কালছোৱাত কিমান শতাংশ আছিল?
উত্তৰ: ভাৰতবৰ্ষৰ জাতীয় উৎপাদনলৈ সেৱাখণ্ডৰ বৰঙণিৰ পৰিমাণ ১৯৯০-৯১ চনৰ কালছোৱাত ৪০.৫ শতাংশ আছিল৷
৯৭৷ ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ সূচনা কেতিয়া হয়?
উত্তৰ: ষাঠিৰ দশকৰ মাজভাগত ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ সূচনা হয়৷
৯৮৷ সেউজ বিপ্লৱ বুলিলে কি বুজা?
উত্তৰ: কৃষিখণ্ডত আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ দ্বাৰা কৃষিখণ্ডৰ উৎপাদৰ পৰিমাণ বৃদ্ধি কৰাকেই সেউজ বিপ্লৱ বুলি কোৱা হয়৷
৯৯৷ ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ প্ৰভাৱ প্ৰধানকৈ কোনকেইখন ৰাজ্যত সীমাবদ্ধ আছিল?
উত্তৰ: ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ প্ৰভাৱ প্ৰধানকৈ পঞ্জাব আৰু হাৰিয়ানা ৰাজ্যত সীমাবদ্ধ আছিল৷
১০০৷ ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ প্ৰভাৱ প্ৰধানকৈ কি কি শস্যৰ ক্ষেত্ৰতে‍ সীমাবদ্ধ আছিল?
উত্তৰ: ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ প্ৰভাৱ প্ৰধানকৈ ধান আৰু ঘেঁহু ক্ষেত্ৰতে‍ সীমাবদ্ধ আছিল৷
১০১৷ ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্য কোন চনত ভয়াৱহ হৈ পৰিছি‍ল?
উত্তৰ: ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্য ১৯৯০-৯১ চনত ভয়াৱহ হৈ পৰিছি‍ল৷
১০২৷ ভাৰতীয় অৰ্থনীতিৰ গাঁথনিমূলক পৰিৱৰ্তন হ’ব লাগে বুলি কোনে পৰামৰ্শ আগ বঢ়াইছিল?
উত্তৰ: ভাৰতীয় অৰ্থনীতিৰ গাঁথনিমূলক পৰিৱৰ্তন হ’ব লাগে বুলি বিশ্ব বেংকে পৰামৰ্শ আগ বঢ়াইছিল৷
১০৩৷ ভাৰতবৰ্ষৰ কোনজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ: ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পি. ভি. নৰসিংহ ৰাওৰ কাৰ্যকালত অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰা হৈছিল৷
১০৪৷ ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীৰ মূল কাৰ্যসমূহ কি কি আছিল?
উত্তৰ: ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীৰ মূল কাৰ্যসমূহ হ’ল—উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ৷
১০৫৷ ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীৰ এটি সুফল লিখা৷
উত্তৰ: ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীৰ এটি সুফল হ’ল— এই সংস্কাৰ কাৰ্যসূচীৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে৷
১০৬৷ ২০০৫-২০০৬ চনৰ বাৰ্ষিক অৰ্থনৈতিক উন্নয়নৰ হাৰ কিমান শতাংশ আছিল?
উত্তৰ: ২০০৫-২০০৬ চনৰ বাৰ্ষিক অৰ্থনৈতিক উন্নয়নৰ হাৰ ৯.৫ শতাংশ আছিল৷
১০৭৷ ২০০৬-২০০৭ চনৰ বাৰ্ষিক অৰ্থনৈতিক উন্নয়নৰ হাৰ কিমান শতাংশ আছিল?
উত্তৰ: ২০০৬-২০০৭ চনৰ বাৰ্ষিক অৰ্থনৈতিক উন্নয়নৰ হাৰ ৯.৭ শতাংশ আছিল৷
১০৮৷ ২০০৭-২০০৮ চনৰ বাৰ্ষিক অৰ্থনৈতিক উন্নয়নৰ হাৰ কিমান শতাংশ আছিল?
উত্তৰ: ২০০৭-২০০৮ চনৰ বাৰ্ষিক অৰ্থনৈতিক উন্নয়নৰ হাৰ ৯.২ শতাংশ আছিল৷
১০৯৷ ২০০৯-১০ চনৰ পৰা ২০১২-১৩ চনলৈ গড় হিচাপত বাৰ্ষিক উন্নয়নৰ হাৰ কিমান শতাংশ আছিল?
উত্তৰ: ২০০৯-১০ চনৰ পৰা ২০১২-১৩ চনলৈ গড় হিচাপত বাৰ্ষিক উন্নয়নৰ হাৰ ৬.৭ শতাংশ আছিল৷
১১০৷ ২০১৩-১৪ বাৰ্ষিক উন্নয়নৰ হাৰ কিমান শতাংশ আছিল?
উত্তৰ: ২০১৩-১৪ বাৰ্ষিক উন্নয়নৰ হাৰ ৭.২ শতাংশ আছিল৷
১১১৷ ২০১৫ চনৰ জুলাই মাহত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াত জমা থকা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ কিমান আছিল?
উত্তৰ: ২০১৫ চনৰ জুলাই মাহত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াত জমা থকা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ আছিল— ৩২৮.৭ বিলিয়ন ডলাৰ৷
১১২৷ ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীয়ে সৃষ্টি কৰা এটা সমস্যা উল্লেখ কৰা৷
উত্তৰ: ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীয়ে সৃষ্টি কৰা এটা সমস্যা হ’ল— পণ্যৰ প্ৰতি অধিক আসক্তি গঢ় লৈ‍ উঠাৰ ফলত নৈতিকতাৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি হৈছে৷
১১৩৷ বিত্তীয় অন্তৰ্ভুক্তিকৰণ বুলিলে কি বুজা?
উত্তৰ: সমাজৰ কোনো শ্ৰেণীৰ ব্যক্তি যাতে দেশৰ অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰৰ পৰা বঞ্চিত নহয়, তাক নিশ্চিত কৰা প্ৰক্ৰিয়াটোৱেই হ’ল বিত্তীয় অন্তৰ্ভুক্তিকৰণ৷
১১৪৷ ১৯৯১ চনৰ আগলৈকে ভাৰতবৰ্ষৰ কোনবোৰ খণ্ড ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত আছিল?
উত্তৰ: ১৯৯১ চনৰ আগলৈকে ভাৰতবৰ্ষৰ ঔদ্যোগিক খণ্ড, বিত্তীয় খণ্ড, বৈদেশিক মুদ্ৰাৰ আহৰণ আৰু ব্যৱহাৰ, বাণিজ্য আৰু বিনিয়োগ আদি‍ খণ্ডবোৰ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত আছিল৷
১১৫৷ উদাৰীকৰণ কি?
উত্তৰ: দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলকৰণেই হ’ল উদাৰীকৰণ৷
১১৬৷ কি নীতিয়ে উদ্যোগ জগতখনত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ সুনিশ্চিত কৰিছিল?
উত্তৰ: অনুজ্ঞাপত্ৰ নীতিয়ে উদ্যোগ জগতখনত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ সুনিশ্চিত কৰিছিল৷
১১৭৷ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতো ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত থকা কেইবিধমান দ্ৰব্যৰ নাম লিখা৷
উত্তৰ: অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতো ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত থকা কেইবিধমান দ্ৰব্য হ’ল— সুৰা, চিগাৰেট, বিপদযুক্ত ৰাসায়নিক দ্ৰব্য, ঔদ্যোগিক বিস্ফোৰক, বৈদ্যুতিক সা-সৰঞ্জাম আৰু ঔষধ৷
১১৮৷ ভাৰতবৰ্ষত প্ৰতিৰক্ষা, আণৱিক শক্তি উৎপাদন, ৰে’ল পৰিবহণ ব্যৱস্থা কোন খণ্ডৰ নিয়ন্ত্ৰণত আছে?
উত্তৰ: ভাৰতবৰ্ষত প্ৰতিৰক্ষা, আণৱিক শক্তি উৎপাদন, ৰে’ল পৰিবহণ ব্যৱস্থা ৰাজহুৱা খণ্ডৰ নিয়ন্ত্ৰণত আছে৷
১১৯৷ ব্যক্তিগতকৰণ বুলিলে কি বুজা?
উত্তৰ: চৰকাৰী নিয়ন্ত্ৰণ আৰু অধিনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ’ল ব্যক্তিগতকৰণ৷
১২০৷ ১৯৯১ চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ কেইটা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়ে?
উত্তৰ: ১৯৯১ চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ ৯ টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়ে৷
১২১৷ ভাৰতত ব্যক্তিগতকৰণ নীতি কেতিয়া প্ৰৱৰ্তন হয়?
উত্তৰ: ভাৰতত ব্যক্তিগতকৰণ নীতি ১৯৯১ চনত প্ৰৱৰ্তন হয়৷
১২২৷ নিৰ্বিনিয়োজন নীতিক কিহৰ এক ক্ষুদ্ৰ সংস্কৰণ বুলি কোৱা হয়?
উত্তৰ: নিৰ্বিনিয়োজন নীতিক ব্যক্তিগতকৰণৰ এক ক্ষুদ্ৰ সংস্কৰণ বুলি কোৱা হয়৷
১২৩৷ নিৰ্বিনিয়োজন বুলিলে কি বুজা?
উত্তৰ: কোনো এটা প্ৰতিষ্ঠানৰ সমগ্ৰ মূলধন চৰকাৰৰ পৰা সংগ্ৰহ নকৰি কিছু অংশ ব্যক্তিগত খণ্ডৰ পৰা সংগ্ৰহ কৰাই হ’ল নিৰ্বিনিয়োজন৷
১২৪৷ গোলকীকৰণ বা বিশ্বায়ন বুলিলে কি বুজা?
উত্তৰ: অৰ্থনীতিৰ ক্ষেত্ৰত এখন দেশৰ অৰ্থব্যৱস্থাৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থব্যৱস্থাৰ সংযোগ তথা সংহতি স্থাপন কৰা প্ৰক্ৰিয়াটোৱেই হৈছে গোলকীকৰণ বা বিশ্বায়ন৷
১২৫৷ দেশ এখনে অন্তৰ্মুখী নীতি অৱলম্বন কৰিছে বুলি কেতিয়া ক’ব পাৰি?
উত্তৰ: যেতিয়া দেশ বা ৰাষ্ট্ৰ এখনে পৃথিৱীৰ অন্যান্য দেশ বা ৰাষ্ট্ৰৰ সৈতে সংযোগ স্থাপনৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰে, তেতিয়া সেইখন ৰাষ্ট্ৰই অন্তৰ্মুখী নীতি অৱলম্বন কৰিছে বুলি ক’ব পাৰি৷
১২৬৷ বহিঃবাণিজ্যহীনতা বুলিলে কি বুজা?
উত্তৰ: দেশ বা ৰাষ্ট্ৰ এখনে পৃথিৱীৰ অন্যান্য দেশ বা ৰাষ্ট্ৰৰ সৈতে সংযোগ স্থাপন নকৰি নিজৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত অৰ্থনৈতিক কাৰ্যসমূহ আগ বঢ়াই নিয়াৰ নীতিকেই বহিঃবাণিজ্যহীনতা বুলি কোৱা হয়৷
১২৭৷ গোলকীৰণৰ এটা ফলাফল লিখা৷
উত্তৰ: গোলকীৰণৰ এটা ফলাফল হ’ল— গোলকীৰণৰ ফলত দেশসমূৰ মাজত থকা দূৰত্ব হ্ৰাস হয় আৰু এক সীমান্তৰহিত বিশ্বৰ দিশে ৰাষ্ট্ৰসমূহ ধাৱমান হৈছে৷
১২৮৷ গোলকীকৰণ প্ৰক্ৰি‍য়া ক্ষীপ্ৰতৰ কৰি তোলাত কি প্ৰযুক্তিয়ে মুখ্য ভূমিকা পালন কৰিছে?
উত্তৰ: গোলকীকৰণ প্ৰক্ৰি‍য়া ক্ষীপ্ৰতৰ কৰি তোলাত তথ্য-প্ৰযুক্তিয়ে মুখ্য ভূমিকা পালন কৰিছে৷
১২৯৷ গোলকীকৰণে সৃষ্টি কৰা এটা সমস্যা লিখা৷
উত্তৰ: গোলকীকৰণে সৃষ্টি কৰা এটা সমস্যা হ’ল— ই দেশসমূহৰ তথা বিভিন্ন অঞ্চলৰ স্বকীয় ভাষা-সাহিত্য, সংস্কৃতি জীয়াই ৰখা বা প্ৰৱৰ্তাই ৰখাৰ ক্ষেত্ৰত এক ভাবুকিৰ সৃষ্টি কৰিছে৷    
১৩০৷ অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এটি লক্ষ্য লিখা৷
উত্তৰ: অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এটি লক্ষ্য হ’ল— শেহতীয় প্ৰযুক্তিবিদ্যা আৰু বি‍জ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ সমাধান কৰা৷
১৩১৷ অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত উন্নয়নৰ হাৰ কিমান শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছিল?
উত্তৰ: অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত উন্নয়নৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছিল৷
১৩২৷ অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত কৃষিখণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ কিমান শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছিল?
উত্তৰ: অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত কৃষিখণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬-ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছিল৷
১৩৩৷ অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত স্বাস্থ্য আৰু শি‍ক্ষাখণ্ডত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰাৰ মূল উদ্দেশ্য কি?
উত্তৰ: অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত স্বাস্থ্য আৰু শি‍ক্ষাখণ্ডত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰাৰ মূল উদ্দেশ্য হ’ল— অসমৰ মানৱ উন্নয়ন সূচকাংকৰ মান ঊৰ্ধ্বগামী কৰাৰ লক্ষ্যৰে স্বাস্থ্য আৰু শি‍ক্ষাখণ্ডত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰি শি‍ক্ষাৰ গুণগত মান বৃদ্ধি আৰু শি‍ক্ষক প্ৰশি‍ক্ষণৰ বাবে পুঁজিৰ অভাৱ দূৰ কৰা৷
১৩৪৷ অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত স্বনিয়োগৰ বাবে কি আঁচনি গ্ৰহণ কৰা হৈছিল?
উত্তৰ: অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত স্বনিয়োগৰ বাবে দক্ষতা বৃদ্ধি আঁচনি গ্ৰহণ কৰা হৈছিল৷
১৩৫৷ দক্ষতা বৃদ্ধি আঁচনিৰ‍ দ্বাৰা কোনটো খণ্ডত অধিক গুৰুত্ব দিয়া হৈছিল?
উত্তৰ: দক্ষতা বৃদ্ধি আঁচনিৰ‍ দ্বাৰা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয় উদ্যোগ আৰু গাঁও অঞ্চলৰ পৰম্পৰাগত কুটিৰ শিল্পত অধিক গুৰুত্ব দিয়া হৈছিল৷
১৩৬৷ কোনটো খণ্ডই অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত অগ্ৰাধিকাৰ লাভ কৰিছিল?
উত্তৰ: গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন খণ্ডই অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত অগ্ৰাধিকাৰ লাভ কৰিছিল৷
১৩৭৷ অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নে কি কি খণ্ড সামৰি লৈছিল?
উত্তৰ: অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নে কৃষি আৰু আনুষংগিক খণ্ড, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, হস্ততাঁত আৰু কুটিৰ শিল্পক‍ সামৰি লৈছিল?
১৩৮৷ নিৰ্বিনিয়োজন নীতি কেতিয়া কাৰ্যকৰী হয়?
উত্তৰ: চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ অংশপত্ৰ যেতিয়া কোনো ব্যক্তিক কিনিবলৈ অনুমতি দিয়া হয়, তেতিয়াই নিৰ্বিনিয়োজন কাৰ্যকৰী হয়৷
১৩৯৷ নিটি (NITI) আয়োগৰ সম্পূৰ্ণ ৰূপ লিখা৷
উত্তৰ:  নিটি (NITI) আয়োগৰ সম্পূৰ্ণ ৰূপ হ’ল— ভাৰতবৰ্ষৰ ৰূপান্তৰৰ বাবে ৰাষ্ট্ৰীয় অনুষ্ঠান আয়োগ (National Institution for Transforming India Ayog)৷
১৪০৷ কোন চনত ভাৰতে অৰ্থনৈতিক উদাৰীকৰণ নীতি গ্ৰহণ কৰে?
উত্তৰ: ১৯৯১ চনত ভাৰতে অৰ্থনৈতিক উদাৰীকৰণ নীতি গ্ৰহণ কৰে৷
১৪১৷  অৰ্থনৈতিক বিকাশ, অৰ্থনৈতিক উন্নয়ন আৰু মনাৱ উন্নয়ন— এই ধাৰণাকেইটাৰ অৰ্থ একেইনে?
উত্তৰ: অৰ্থনৈতিক বিকাশ, অৰ্থনৈতিক উন্নয়ন আৰু মনাৱ উন্নয়ন— এই ধাৰণাকেইটাৰ অৰ্থ একেই নহয়৷
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ