মুদ্ৰা আৰু বেংক ব্যৱস্থা, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী)— অতি চমু প্ৰশ্নোত্তৰ

 



১৷ বিনিময় প্ৰথাৰ যিকোনো এটা অসুবিধা লিখা৷
উত্তৰ: বিনিময় প্ৰথাৰ এটা অসুবিধা হ’ল— সংগতিবিহীন অভাৱ৷
২৷ মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায়টো কি আছিল?
উত্তৰ: মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায়টো হ’ল বিনিময় প্ৰথা৷
৩৷ মুদ্ৰাৰ ক্ৰমবিকাশৰ দ্বিতীয় পৰ্যায়টো কি আছিল?
উত্তৰ: মুদ্ৰাৰ ক্ৰমবিকাশৰ দ্বিতীয় পৰ্যায়টো হ’ল জন্তুমান৷
৪৷ মুদ্ৰাৰ ক্ৰমবিকাশৰ তৃতীয় পৰ্যায়টো কি আছিল?
উত্তৰ: মুদ্ৰাৰ ক্ৰমবিকাশৰ তৃতীয় পৰ্যায়টো হ’ল অমুদ্ৰিত ধাতুমান৷
৫৷ মুদ্ৰাৰ ক্ৰমবিকাশৰ চতুৰ্থটো পৰ্যায়টো কি আছিল?
উত্তৰ: মুদ্ৰাৰ ক্ৰমবিকাশৰ চতুৰ্থটো পৰ্যায়টো হ’ল ধাতুমুদ্ৰা৷
৬৷ মুদ্ৰাৰ ক্ৰমবিকাশৰ শেষ তথা পঞ্চমটো পৰ্যায়টো কি আছিল?
উত্তৰ: মুদ্ৰাৰ ক্ৰমবিকাশৰ শেষ তথা পঞ্চমটো পৰ্যায়টো হ’ল কাগজী মুদ্ৰা
৭৷ মুদ্ৰাৰ মুখ্য কাৰ্য কেইটা?
উত্তৰ: মুদ্ৰাৰ মুখ্য কাৰ্য দুটা৷
৮৷ মুদ্ৰাৰ মুখ্য কাৰ্যকেইটা লিখা৷
উত্তৰ: মুদ্ৰাৰ মুখ্য কাৰ্যকেইটা হ’ল—
ক) মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম৷
খ) মুদ্ৰাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠী হিচাপে কাৰ্য সম্পাদন কৰে৷
৯৷ মুদ্ৰাৰ গৌণ কাৰ্য কেইটা?
উত্তৰ: মুদ্ৰাৰ গৌণ কাৰ্য দুটা৷
১০৷ মুদ্ৰাৰ গৌণ কাৰ্যকেইটা লিখা৷
উত্তৰ: মুদ্ৰাৰ গৌণ কাৰ্যকেইটা হ’ল—
ক) মুদ্ৰাই স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে৷
খ) মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে৷
১১৷ মুদ্ৰাৰ দুটা উপনিমিত্ত কাৰ্য উল্লেখ কৰা৷
উত্তৰ: মুদ্ৰাৰ দুটা উপনিমিত্ত কাৰ্য হ’ল—
ক) দেশএখনৰ জাতীয় আয় মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়৷
খ) ধনী আৰু দুখীয়াৰ মাজৰ অৰ্থনৈতিক বৈষম্য মুদ্ৰাৰ সহায়ত হ্ৰাস কৰিব পাৰ‍ি৷
১২৷ বহল অৰ্থত মুদ্ৰা কেই প্ৰকাৰৰ?
উত্তৰ: বহল অৰ্থত মুদ্ৰা দুই প্ৰকাৰৰ৷
১৩৷ বহল অৰ্থত মুদ্ৰাৰ প্ৰকাৰকেইটা লিখা৷
উত্তৰ: বহল অৰ্থত মুদ্ৰাৰ প্ৰকাৰকেইটা হ’ল—হিচাপ‍-নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা৷
১৪৷ সামগ্ৰী মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: বিভিন্ন সামগ্ৰী বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ হ’লে তাকে সামগ্ৰী মুদ্ৰা বুলি কোৱা হয়৷
১৫৷ জন্তু মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: জন্তু একোটা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ হ’লে তাকে জন্তু মুদ্ৰা বুলি কোৱা হয়৷
১৬৷ ধাতুগত মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: সোণ, ৰূপ আদি বিভিন্ন ধাতু যেতিয়া বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ হয়, তেতিয়া তাকে ধাতুগত মুদ্ৰা বুলি কোৱা হয়৷
১৭৷ কাগজী মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: বৰ্তমান সময়ত বিনিময়ৰ মাধ্যম হিচাপে কাগজেৰে নিৰ্মিত যিবোৰ মুদ্ৰা ব্যৱহাৰ কৰা হয়, সেইবিলাককে কাগজী মুদ্ৰা বুলি কোৱা হয়৷
১৮৷ বিহিত মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: যিবোৰ মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত, সেইবিলাক মুদ্ৰাকে বিহিত মুদ্ৰা বুলি কোৱা হয়৷
১৯৷ অবিহিত মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: যিবোৰ মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত নহয় আৰু যিবোৰ মুদ্ৰা গ্ৰহণ নকৰাটো আইনমতে দণ্ডনীয় নহয়, সেইবিলাক মুদ্ৰাকে অবিহিত মুদ্ৰা বুলি কোৱা হয়৷
২০৷ আদেশী মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: চৰকাৰী আদেশৰ ভিত্তিত যিবিলাক মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয়, সেইবিলাক মুদ্ৰাকে আদেশী মুদ্ৰা বুলি কোৱা হয়৷
২১৷ প্ৰতীক মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: যিবিলাক মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য বা খোদিত মূল্য বা লিখিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্য বা ধাতুগত মূল্যতকৈ অধিক, সেইবিলাক মুদ্ৰাকেই প্ৰতীক মুদ্ৰা বুলি কোৱা হয়৷
২২৷ চেক মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: চেক প্ৰকৃততে মুদ্ৰা নহয়৷ ই মুদ্ৰা পৰিশোধৰ বাবে এক আদেশহে মাথোন৷ ইয়াক ধনাদেশ আৰু নিকট মুদ্ৰা বুলিও কোৱা হয়৷
২৩৷ মান মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: দেশ একোখনত ব্যৱহৃত মুদ্ৰাৰ যি এককৰ সৈতে বাকীবোৰ একক মূল্য সম্পৰ্কিত হৈ থাকে, সেই এককটোকেই মান মুদ্ৰা বুলি কোৱা হয়৷ উদাহৰণস্বৰূপে— ভাৰতবৰ্ষত টকাটো হৈছে মান মুদ্ৰা৷
২৪৷ সংকোচিত মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: কেন্দ্ৰীয় বেংকৰ কাৰ্যৰ জৰিয়তে সংকোচিত মুদ্ৰাৰ সৃষ্টি হয়৷ কেন্দ্ৰীয় বেংকে সুদৰ হাৰ বৃদ্ধি কৰিলে সদস্য বেংকসমূহে কম পৰিমাণে ঋণ ল’ব, যাৰ ফলস্বৰূপে ঋণ লওঁতাই কম পৰিমাণে সদস্য বেংকৰ পৰা ঋণ ল’ব৷ ইয়াৰ ফলত মুদ্ৰাৰ যোগান কমিব৷ এইদৰে সৃষ্টি হোৱা মুদ্ৰাই সংকোচিত মুদ্ৰা৷
২৫৷ তপত মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: দেশ এখনৰ অৰ্থনৈতিক সংকটৰ সময়ত মুদ্ৰাৰ মূল্য লৈ যেতিয়া জল্পনা-কল্পনাৰ অন্ত নাথাকে, তেতিয়া দেশ এখনৰ পৰা মূলধনৰ বহিৰ্গমন হ’বলৈ ধৰে৷ এইদৰে মূলধনৰ বহিৰ্গমনে সৃষ্টি কৰা মুদ্ৰাই হৈছে তপত মুদ্ৰা৷
২৬৷ সুলভ মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: কেন্দ্ৰীয় বেংকে সুদৰ হাৰ হ্ৰাস কৰিলে ঋণ লওঁতাই অধিক ঋণ ল’ব আৰু মুদ্ৰাৰ যোগান বৃদ্ধি হ’ব৷ মুদ্ৰাৰ এই বৰ্ধিত যোগনেই হ’ল সুলভ মুদ্ৰা৷
২৭৷ ক’লা মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: আয়কৰ ফাঁকিৰ দৰে অৰ্থনৈতিক অপৰাধৰ ফলত সৃষ্টি হোৱা মুদ্ৰাই হ’ল ক’ল‍া মুদ্ৰা৷
২৮৷ উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: কেন্দ্ৰীয় বেংকে দেশ এখনৰ মুদ্ৰাৰ যিটো অংশ প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে, সেই অংশটোৱেই হ’ল উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা৷
২৯৷ বিহিত মুদ্ৰাৰ ভাগকেইটা কি কি?
উত্তৰ: বিহিত মুদ্ৰাৰ ভাগকেইটা হ’ল— সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰা৷
৩০৷ কাগজী মুদ্ৰাৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: কাগজী মুদ্ৰাৰ এটা উদাহৰণ হৈছে— ভাৰতৰ এশ টকীয়া নোটখন৷
৩১৷ জন্তু মুদ্ৰাৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: জন্তু মুদ্ৰাৰ এটা উদাহৰণ হ’ল— মুদ্ৰা হিচাপে ব্যৱহৃত ছাগলী৷
৩২৷ ধাতুগত মুদ্ৰাৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: ধাতুগত মুদ্ৰাৰ এটা উদাহৰণ হ’ল— মুদ্ৰা হিচাপে ব্যৱহৃত সোণ, ৰূপ আদি ধাতু৷
৩৩৷ অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ’ল— চে‍ক মুদ্ৰা৷
৩৪৷ আদেশী মুদ্ৰাৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: আদেশী মুদ্ৰাৰ এটা উদাহৰণ হ’ল— দেশ এখনত প্ৰচলিত কাগজী মুদ্ৰা৷
৩৫৷ মান মুদ্ৰাৰ এটা উদাহৰণ দিয়া৷
উত্তৰ: মান মুদ্ৰাৰ এটা উদাহৰণ হ’ল— ভাৰতবৰ্ষৰ টকাটো৷
৩৬৷ নিকট মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: একাধিক মুদ্ৰাৰ বৈশিষ্ট্য থকা, যথেষ্ট তাৰল্য গুণ থকা আৰু ব্যয়বিহীনভাৱে মুদ্ৰালৈ ৰূপান্তৰিত কৰিব পৰা বিত্ত উপাদানকে নিকট মুদ্ৰা বুলি কোৱা হয়৷ এই নিকট মুদ্ৰাক প্ৰত্যক্ষভাৱে ৰূপান্তৰ কৰিবলগীয়া হয়৷ উদাহৰণস্বৰূপে, চেক এখন নিকট মুদ্ৰা৷
৩৭৷ প্ৰদৰ্শিত মূল্য বুলিলে কি বুজা?
উত্তৰ: উত্তৰ: মুদ্ৰাৰ ওপৰত যি সাংখ্যিক মান মুদ্ৰিত বা খোদিত থাকে, তাকে প্ৰদৰ্শিত মূল্য বুলি কোৱা হয়৷
৩৮৷ বেংকৰ পূৰ্বপুৰুষ বুলি কাক কোৱা হয়?
উত্তৰ: বেপাৰী, সোণাৰি, ঋণ দিওঁতা মহাজনসকলক‍েই বেংকৰ পূৰ্বপুৰুষ বুলি কোৱা হয়৷
৩৯৷ ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম লিখা৷
উত্তৰ: ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম হ’ল— বেংক অব হিন্দুস্থান৷
৪০৷ ভাৰতবৰ্ষৰ প্ৰথমটো বেংক কেতিয়া স্থাপিত হৈছিল?
উত্তৰ: ভাৰতবৰ্ষৰ প্ৰথমটো বেংক ১৭৭০ চনত স্থাপিত হৈছিল৷
৪১৷ বেংক অব ভেনিচ কি?
উত্তৰ: বেংক অব ভেনিচ হৈছে মধ্যযুগত ইটালিত স্থাপন হোৱা এক বিত্তীয় প্ৰতিষ্ঠান৷
৪২৷ মন্তে (Monte) শব্দটোৱে কি বুজায়?
উত্তৰ: মধ্যযুগৰ ইটালিত যুদ্ধ-বিগ্ৰহৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষৰ বাবে‍ প্ৰয়োজনীয় ধনৰাশি সংগ্ৰহ ধৰিবৰ বাবে নিয়োগ কৰা আয়ুক্তসকলকে   মন্তে (Monte) বুলি কোৱা হয়৷
৪৩৷ মধ্যযুগত ইটালিৰ বৃহৎ অঞ্চল কাৰ দখলত আছিল?
উত্তৰ: মধ্যযুগত ইটালিৰ বৃহৎ অঞ্চল জাৰ্মানসকলৰ দখলত আছিল৷
৪৪৷ মন্তে (Monte) শব্দটোৰ ঠাইত জাৰ্মানসকলে কোনটো শব্দ ব্যৱহাৰ কৰিছিল?
উত্তৰ: মন্তে (Monte) শব্দটোৰ ঠাইত জাৰ্মানসকলে ‘banck’ শব্দটো ব্যৱহাৰ কৰিছিল৷
৪৫৷ জাৰ্মানসকলে ব্যৱহাৰ কৰা ‘banck’ শব্দটো ইটালিত কোনটো শব্দলৈ ৰূপান্তৰিত হৈছিল?
উত্তৰ: জাৰ্মানসকলে ব্যৱহাৰ কৰা ‘banck’ শব্দটো ইটালিত ‘banco’ শব্দটোলৈ ৰূপান্তৰিত হৈছিল?
৪৬৷ জাৰ্মানসকলে ব্যৱহাৰ কৰা ‘banck’ শব্দটো ফ্ৰান্সত কোনটো শব্দলৈ ৰূপান্তৰিত হৈছিল?
উত্তৰ: জাৰ্মানসকলে ব্যৱহাৰ কৰা ‘banck’ শব্দটো ফ্ৰান্সত ‘banke’ শব্দটোলৈ ৰূপান্তৰিত হৈছিল
৪৭৷ জাৰ্মানসকলে ব্যৱহাৰ কৰা ‘banck’ শব্দটো ইংলেণ্ডত কোনটো শব্দলৈ ৰূপান্তৰিত হৈছিল?
উত্তৰ: জাৰ্মানসকলে ব্যৱহাৰ কৰা ‘banck’ শব্দটো ইংলেণ্ডত ‘bank’ শব্দটোলৈ ৰূপান্তৰিত হৈছিল?
৪৮৷ থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বেংকৰ নাম কি?
উত্তৰ: থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বেংকৰ নাম হ’ল গুৱাহাটী বেংক৷
৪৯৷ গুৱাহাটী বেংক কোন চনত স্থাপিত হৈছিল?
উত্তৰ: গুৱাহাটী বেংক ১৯২৬ চনত স্থাপিত হৈছিল৷
৫০৷ কি বেংকে দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক হিচাপে কাৰ্য কৰে?
উত্তৰ: কেন্দ্ৰীয় বেংকে দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক হিচাপে কাৰ্য সম্পাদন কৰে৷
৫১৷ বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম লিখা৷
উত্তৰ: বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম ছুইডেনৰ ৰিক্স বেংক৷
৫২৷ বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটো কোন দেশত অৱস্থিত?
উত্তৰ: বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটো ছুইডেনত অৱস্থিত৷
৫৩৷ বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটো কেতিয়া স্থাপিত হৈছিল?
উত্তৰ: বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটো ১৬৫৬ চনত স্থাপিত হৈছিল৷
৫৪৷ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম লিখা৷
উত্তৰ: ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম ভাৰতীয় ৰিজাৰ্ভ বেংক৷
৫৫৷ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো কেতিয়া স্থাপিত হৈছিল?
উত্তৰ: ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো ১৯৩৫ চনত স্থাপিত হৈছিল৷
৫৬৷ কোন বেংকে দেশ এখনৰ কাগজী মুদ্ৰা ছপা কৰে?
উত্তৰ: কেন্দ্ৰীয় বেংকে দেশ এখনৰ কাগজী মুদ্ৰা ছপা কৰে৷
৫৭৷ দেশ এখনৰ কাগজী মুদ্ৰা ছপা কৰাৰ একছত্ৰী অধিকাৰ কোন বেংকৰ থাকে?
উত্তৰ: দেশ এখনৰ কাগজী মুদ্ৰা ছপা কৰাৰ একছত্ৰী অধিকাৰ কেন্দ্ৰীয় বেংকৰ থাকে৷
৫৮৷ আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ কোন বেংকে নিয়ন্ত্ৰণ কৰে?
উত্তৰ: আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰে৷
৫৯৷ বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদানৰ ক্ষমতা কোন বেংকে নিয়ন্ত্ৰণ কৰিব পাৰে?
উত্তৰ: বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদানৰ ক্ষমতা কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰিব পাৰে৷
৬০৷  কোন বেংকে আন বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে?
উত্তৰ: কন্দ্ৰেীয় বেংকে আন বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে৷
৬১৷ কি বেংকে চৰকাৰক বিত্তৰ যোগান ধৰে?
উত্তৰ: কেন্দ্ৰীয় বেংকে চৰকাৰক বিত্তৰ যোগান ধৰে৷
৬২৷ ঘাটি বাজেট কাক বোলে?
উত্তৰ: বাজেটত দেখুওৱা চৰকাৰী ব্যয়ৰ পৰিমাণতকৈ চৰকাৰী আয়ৰ পৰিমাণ কম হোৱকে ঘাটি বাজেত বোলে৷
৬৩৷ বাজেট ঘাটি দূৰ কৰিবলৈ আমাৰ দেশৰ কেন্দ্ৰীয় চৰকাৰে কাৰ পৰা বিত্তীয় সাহায্য ল’ব পাৰে?
উত্তৰ: বাজেট ঘাটি দূৰ কৰিবলৈ আমাৰ দেশৰ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ পৰা বিত্তীয় সাহায্য ল’ব পাৰে৷
৬৪৷ কেন্দ্ৰীয় চৰকাৰৰ বাজেট ঘাটি দূৰ কৰাত কেন্দ্ৰীয় বেংকে কি দৰে সাহায্য আগ বঢ়ায়?
উত্তৰ: কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰি কেন্দ্ৰীয় চৰকাৰৰ বাজেট ঘাটি দূৰ কৰাত সাহায্য আগ বঢ়ায়৷
৬৫৷ কোন বেংকে চৰকাৰৰ প্ৰতিনিধি হিচাপে চৰকাৰৰ আয়-ব্যয়ৰ হিচাপ ৰাখে?
উত্তৰ: কেন্দ্ৰীয় বেংকে চৰকাৰৰ প্ৰতিনিধি হিচাপে চৰকাৰৰ আয়-ব্যয়ৰ হিচাপ ৰাখে৷
৬৬৷ কোন বেংক দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক?
উত্তৰ: দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক হৈছে দেশখনৰ কেন্দ্ৰীয় বেংক৷
৬৭৷ বৈদেশিক মুদ্ৰাৰ বিনিময় হাৰ ভাৰতবৰ্ষত কোন বেংকে নিৰ্ধাৰণ কৰে?
উত্তৰ: বৈদেশিক মুদ্ৰাৰ বিনিময় হাৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ কৰে৷
৬৮৷ মুক্ত অৰ্থনীতিত বৈদেশি‍ক মুদ্ৰাৰ বিনিময়ৰ হাৰ কিহে নিৰ্ণয় কৰে?
উত্তৰ: মুক্ত অৰ্থনীতিত বৈদেশি‍ক মুদ্ৰাৰ বিনিময়ৰ হাৰ বৈদেশিক মুদ্ৰাৰ বজাৰত মুদ্ৰাৰ যোগান আৰু চাহিদাই নিৰ্ণয় কৰে৷
৬৯৷ আন্তঃবেংক লেনদেন কি?
উত্তৰ: কোনো নিৰ্দিষ্ট বেংকৰ ধনৰাশিৰ অভাৱ হ’লে আন এটা বেংকৰ পৰা ঋণ লয়৷ এইদৰে হোৱা লেনদেনকেই আন্তঃবেংক লেনদেন বুলি কোৱা হয়৷
৭০৷ ভাৰতবৰ্ষত বৰ্তমান অগ্ৰাধিকাৰ খণ্ডলৈ আগ বঢ়োৱা বেংক ঋণৰ পৰিমাণ কিমান হ’ব লাগে?
উত্তৰ: ভাৰতবৰ্ষত বৰ্তমান অগ্ৰাধিকাৰ খণ্ডলৈ আগ বঢ়োৱা বেংক ঋণৰ পৰিমাণ বেংকৰ মুঠ আমানতৰ ৪০% হ’ব লাগে৷
৭১৷ বাণিজ্যিক বেংক বুলিলে কি বুজা?
উত্তৰ: যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয়, ঋণ, বেপাৰ-বাণিজ্য আদিত জড়িত কাৰ্য সম্পাদন কৰে, তেনেবিলাক বেংককেই বাণিজ্যিক বেংক বুলি কোৱা হয়৷
৭২৷ বাণিজ্যিক বেংকৰ সঞ্চয় কেই প্ৰকাৰৰ?
উত্তৰ: বাণিজ্যিক বেংকৰ সঞ্চয় তিনি প্ৰকাৰৰ৷
৭৩৷ চলিত আমানত কি?
উত্তৰ: যি আমানতত জমা কৰিলে জমাকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ জৰিয়তে উলিয়াই আনিব পাৰে, তেনে আমানতকেই চলিত আমানত বুলি কোৱা হয়৷
৭৪৷ স্থিৰ আমানত বা কাল আমানত কি?
উত্তৰ: যি আমানতত জমা কৰিলে জমাকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ জৰিয়তে উলিয়াই আনিব নোৱাৰে তথা আমানতকাৰীয়ে সঞ্চয় উলিয়াবলৈ হ’লে আগতীয়াকৈ বেংকক জনাব লাগে, তেনে আমানতকেই স্থিৰ আমানত বা কাল আমানত বুলি কোৱা হয়৷
৭৫৷ সঞ্চয় আমানত কি?
উত্তৰ: যি সঞ্চয়ৰ ক্ষেত্ৰত জমাৰ এটা অংশ সঞ্চয়কাৰীয়ে প্ৰয়োজন অনুসৰি উলিয়াই আনিব পাৰে, কিন্তু আনটো অংশ উলিয়াবলৈ বেংকৰ আগতীয়া অনুমতিৰ প্ৰয়োজন হয়, তেনে আমানতেই হ’ল সঞ্চয় আমানত বুলি কোৱা হয়৷
৭৬৷ ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনংখ্যাৰ কিমান শতাংশ লোকে বেংকত হিচাপ খুলিছিল?
উত্তৰ: ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনংখ্যাৰ ৩৬ শতাংশ লোকে বেংকত হিচাপ খুলিছিল৷
৭৭৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনংখ্যাৰ কিমান শতাংশ লোকে বেংকত হিচাপ খুলিছিল?
উত্তৰ: ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনংখ্যাৰ ৫৯ শতাংশ লোকে বেংকত হিচাপ খুলিছিল৷
৭৮৷ ২০১৪ চনৰ আগষ্ট মাহলৈ ভাৰতবৰ্ষত কিমান সংখ্যক লোকে বেংকত হিচাপ খুলিছিল?
উত্তৰ: ২০১৪ চনৰ আগষ্ট মাহলৈ ভাৰতবৰ্ষত ২১০.৫ নিযুত লোকে বেংকত হিচাপ খুলিছিল৷
৭৯৷ বাণিজ্যিক বেংকৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা৷
উত্তৰ: বাণিজ্যিক বেংকৰ এটা কাৰ্য হ’ল— বাণিজ্যিক বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে৷
৮০৷ মুদ্ৰাৰ যিকোনো এটা অসুবিধা লিখা৷
উত্তৰ: মুদ্ৰাৰ এটা অসুবিধা হ’ল— মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতা সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ’ব পাৰে৷
৮১৷ মুদ্ৰাৰ যিকোনো এটা ভূমিকা লিখা৷
উত্তৰ: মুদ্ৰাৰ এটা ভূমিকা হ’ল— মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে৷ ফলত মুদ্ৰা ব্যৱস্থাত বিনিময় প্ৰথাৰ অসুবিধাসমূহ আঁতৰ হ’ল আৰু বিনিময় ব্যৱস্থাটো সহজ হৈ পৰিল৷
৮২৷ কিহৰ ভিত্তিত বাণিজ্যিক বেংকসমূহে উদ্ভূত বা সক্ৰিয় আমানত সৃষ্টি কৰে?
উত্তৰ: প্ৰাথমিক বা নিষ্ক্ৰিয় আমানতৰ ভিত্তিত বাণিজ্যিক বেংকসমূহে উদ্ভূত বা সক্ৰিয় আমানত সৃষ্টি কৰে৷
৮৩৷ প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত কি?
উত্তৰ: সঞ্চয়কাৰীয়ে বেংকত যি পৰিমাণৰ সঞ্চয় জমা থয়, সেই পৰিমাণটোৱেই হ’ল প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত৷
৮৪৷ বাণিজ্যিক বেংকৰ অন্যান্য কাৰ্যাৱলীৰ যিকোন‍ো এটা উদাহৰণ দিয়া৷
উত্তৰ: বাণিজ্যিক বেংকৰ অন্যান্য কাৰ্যাৱলীৰ যিকোন‍ো এটা উদাহৰণ হ’ল—বাণিজ্যিক বেংকে গুৰুত্বপূৰ্ণ নথি-পত্ৰ আদিৰ সংৰক্ষক হিচাপে কাৰ্য সম্পাদন কৰ‍ে৷
৮৫৷ IDBI-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: IDBI-ৰ সম্পূৰ্ণ নাম হ’ল— ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক (Industrial Development Bank of India)৷
৮৬৷ IDBI কোন চনত স্থাপন হৈছিল?
উত্তৰ: IDBI ১৯৬৪ চনত স্থাপন হৈছিল৷
৮৭৷ IDBI-ৰ যিকোনো এটা কাৰ্য লিখা৷
উত্তৰ: IDBI-ৰ এটা কাৰ্য হ’ল— ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্ৰদান কৰা৷
৮৮৷ ১৯৭৫ চনত কেইটা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল?
উত্তৰ: ১৯৭৫ চনত ৫ টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল৷
৮৯৷ আঞ্চলিক গ্ৰাম্য বেংকে সম্পাদন কৰা মূল কাম দুটা উল্লেখ কৰা৷
উত্তৰ: আঞ্চলিক গ্ৰাম্য বেংকে সম্পাদন কৰা মূল কাম দুটা হ’ল—
ক) অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া
(খ) গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰ উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা
৯০৷ ভাৰতবৰ্ষত ২০১৪ চনলৈ কেইটা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে?
উত্তৰ: ভাৰতবৰ্ষত ২০১৪ চনলৈ ৫৭ টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে৷
৯১৷ NABARD-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: NABARD-ৰ সম্পূৰ্ণ নাম—ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (National Bank for Agriculture and Rural Development)৷
৯২৷ NABARD কোন চনত স্থাপন কৰা হৈছিল?
উত্তৰ: ১৯৮২ চনত NABARD স্থাপন কৰা হৈছিল৷
৯৩৷ গ্ৰাম্য ঋণৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে সম্পাদন কৰি অহা কাৰ্যসমূহ কোন বেংকলৈ হস্তান্তৰ কৰা হ’ল?
উত্তৰ: গ্ৰাম্য ঋণৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে সম্পাদন কৰি অহা কাৰ্যসমূহ NABARD-লৈ হস্তান্তৰ কৰা হ’ল৷
৯৪৷ নাবাৰ্ডৰ যিকোনো এটা কাৰ্য লিখা৷
উত্তৰ: নাবাৰ্ডৰ এটা কাৰ্য হ’ল— ভাৰতৰ সকলো বিত্তীয় প্ৰতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজাৰ্ভ বেংক আদিৰ সৈতে নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে৷
৯৫৷ SIDBI-ৰ সম্পূৰ্ণ নাম লিখা৷
উত্তৰ: SIDBI-ৰ সম্পূৰ্ণ নাম হ’ল—ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (Small Industries Development Bank of India)৷
৯৬৷ SIDBI আইনখন কোন চনত সংসদত গৃহীত হয়?
উত্তৰ: SIDBI আইনখন ১৯৮৯ চনত সংসদত গৃহীত হয়৷
৯৭৷ কোন চনৰ পৰা SIDBI কাৰ্যকৰী হৈ উঠে?
উত্তৰ: ১৯৯০ চনৰ পৰা SIDBI কাৰ্যকৰী হৈ উঠে৷
৯৮৷ SIDBI-ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: SIDBI-ৰ মুখ্য কাৰ্যালয় লক্ষ্নৌত অৱস্থিত৷
৯৯৷ SIDBI-ৰ যিকোনো এটা কাৰ্য লিখা৷
উত্তৰ: SIDBI-ৰ এটা কাৰ্য হ’ল—ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া৷
১০০৷ অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পঞ্চীকৰণ ক’ত কৰা হয়?
উত্তৰ: ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াত অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পঞ্চীকৰণ কৰা হয়৷
১০১৷ অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকেনে?
উত্তৰ: অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ জমাকাৰীৰ সঞ্চয় বীমা আঁচনি নাথাকে৷
১০২৷ অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহে চেকৰ যোগান ধৰেনে?
উত্তৰ: অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহে চেকৰ যোগান নধৰে৷
১০৩৷ বিহিত মুদ্ৰা কেই প্ৰকাৰৰ?
উত্তৰ: বিহিত মুদ্ৰা দুই প্ৰকাৰৰ৷
১০৪৷ বিহিত মুদ্ৰাৰ প্ৰকাৰকেইটা উল্লেখ কৰা৷
উত্তৰ: বিহিত মুদ্ৰাৰ প্ৰকাৰকেইটা হ’ল— সসীম বিহি‍ত মুদ্ৰা আৰু অসীম বিহি‍ত মুদ্ৰা৷
১০৫৷ সসীম বিহিত মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেন কৰিব পাৰি, তাকে সসীম বিহিত মুদ্ৰা বোলা হয়৷
১০৬৷ অসীম বিহিত মুদ্ৰা বুলিলে কি বুজা?
উত্তৰ: যি বিহিত মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন কৰিব পাৰি, তাকে অসীম বিহিত মুদ্ৰা বোলা হয়৷
১০৭৷ অনা-বেংক বিত্তীয় প্ৰতিষ্ঠান কাক বোলে?
উত্তৰ: যিবিলাক বিত্তীয় প্ৰতিষ্ঠানে সঞ্চয়কাৰীৰ পৰা সঞ্চয় বা আমানত সংগ্ৰহ কৰি বিভিন্নজনলৈ ঋণ আগবঢ়ায়, কিন্তু সঞ্চয়কাৰীক চেকৰ সুবিধা প্ৰদান নকৰে, তেনেবোৰ বিত্তীয় প্ৰতিষ্ঠানকেই অনা-বেংক বিত্তীয় প্ৰতিষ্ঠান বুলি কোৱা হয়৷ 
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ