পৃথিৱীৰ ভূগোল, সমাজ বি‍জ্ঞান (দশম শ্ৰেণী)— অতি চমু প্ৰশ্নোত্তৰ



১৷ পৃথিৱীৰ মুঠ মাটিকালি কিমান?
উত্তৰ: পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় ৫১০ নিযুত বৰ্গ কিল’মিটাৰ৷
২৷ ভূ-পৃষ্ঠৰ কিমান শতাংশ স্থলভাগে আগুৰি আছে?
উত্তৰ: ভূ-পৃষ্ঠৰ ৭১ শতাংশ স্থলভাগে আগুৰি আছে৷
৩৷ ভূ-পৃষ্ঠৰ কিমান শতাংশ জলভাগে আগুৰি আছে?
উত্তৰ: ভূ-পৃষ্ঠৰ ২৯ শতাংশ জলভাগে আগুৰি আছে৷
৪৷ পৃথিৱীত কেইখন মহাদেশ আছে?
উত্তৰ: পৃথিৱীত সাতখন মহাদেশ আছে৷
৫৷ পৃথিৱীত কেইখন মহাসাগৰ আছে?
উত্তৰ: পৃথিৱীত পাঁচখন মহাসাগৰ আছে৷
৬৷ ভূ-পৃষ্ঠৰ স্থলভাগৰ মাটিকালি কিমান?
উত্তৰ: ভূ-পৃষ্ঠৰ স্থলভাগৰ মাটিকালি প্ৰায় ১৪৯ নিযুত বৰ্গ কিল’মিটাৰ৷
৭৷ ভূ-পৃষ্ঠৰ জলভাগৰ মাটি‍কালি কিমান?
উত্তৰ: ভূ-পৃষ্ঠৰ জলভাগৰ মাটি‍কালি প্ৰায় ৩৬১ বৰ্গ কিল’মিটাৰ৷
৮৷ পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখৰ নাম লিখা৷
উত্তৰ: পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখৰ হ’ল এছিয়া মহাদেশ৷
৯৷ পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰখনৰ নাম লিখা৷
উত্তৰ: পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰখনৰ নাম—প্ৰশান্ত মহাসাগৰ৷
১০৷ ২০১৫ চনৰ তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ: ২০১৫ চনৰ তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা প্ৰায় ৭৩০ কোটি৷
১১৷ পেঞ্জিয়া কি?
উত্তৰ: মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰৰ পূৰ্বে পৃথিৱীৰ স্থলভাগ একত্ৰ হৈ আছিল৷ তেনে অৱস্থাত থকা স্থলভাগকেই পেঞ্জিয়া বুলি কোৱা হয়৷
১২৷ পান্থালাছা কি?
উত্তৰ: মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰৰ পূৰ্বে পৃথিৱীৰ স্থলভাগ একত্ৰ হৈ আছিল আৰু স্থলভাগৰ চাৰিওকাষে জলভাগে আগুৰি আছিল৷ তেনে অৱস্থাত থকা জলভাগকেই পান্থালাছা বুলি কোৱা হয়৷
১৩৷ টেথিছ সাগৰ কি?
উত্তৰ: পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ ফাট মেলি এখন সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল৷ এই সাগৰকেই টেথিছ সাগৰ বুলি কোৱা হয়৷
১৪৷ আঙ্গাৰালেণ্ড কি?
উত্তৰ: টেথিছ সাগৰে পেঞ্জিয়াক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল৷ ইয়াৰে উত্তৰ অংশটোক আঙ্গাৰালেণ্ড বুলি কোৱা হয়৷
১৫৷ গণ্ডোৱানালেণ্ড কি?
উত্তৰ: টেথিছ সাগৰে পেঞ্জিয়াক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল৷ ইয়াৰে দক্ষিণ অংশটোক গাণ্ডোৱানালেণ্ড বুলি কোৱা হয়৷
১৬৷ পেঞ্জিয়া উত্তৰা-দক্ষিণাকৈ কি কি ভাগত বিভক্ত?
উত্তৰ: পেঞ্জিয়া উত্তৰা-দক্ষিণাকৈ আঙ্গাৰালেণ্ড আৰু গাণ্ডোৱানালেণ্ড— এই দুই ভাগত বিভক্ত৷
১৭৷ পেঞ্জিয়াক কিহে উত্তৰা-দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল?
উত্তৰ: টেথিছ সাগৰে পেঞ্জিয়াক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল৷
১৮৷ লৰেছিয়া কি?
উত্তৰ: টেথিছ সাগৰে পেঞ্জিয়াক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল৷ ইয়াৰে উত্তৰ অংশটোৱেই হ’ল আঙ্গাৰালেণ্ড বা লৰেছি‍য়া৷
১৯৷ জলমণ্ডল কাক বোলে?
উত্তৰ: নদ-নদী, জান-জুৰি, সাগৰ-মহাসাগৰ আদিয়ে আগুৰি থকা ভূ-পৃষ্ঠৰ বৃহৎ জলভাগকেই জলমণ্ডল বুলি কোৱা হয়৷
২০৷ স্থলমণ্ডল কাক বোলে?
উত্তৰ: পৰ্বত-পাহাৰ, সমভূমি, মালভূমি, উপত্যকা আদিৰে গঠিত পৃথিৱাৰ স্থলভাগকেই স্থলমণ্ডল বুলি কোৱা হয়৷
২১৷ কোনকেইখন সাগৰৰ বাদে বাকী সকলো সাগৰ ইখনে সিখনৰ লগত সংযোগ হৈ আছে?
উত্তৰ: কাস্পিয়ান, মৰু আৰু আৰল সাগৰক বাদ দি‍বাকী সকলো সাগৰ ইখনে সিখনৰ লগত সংযোগ হৈ আছে৷
২২৷ পৃথিৱীৰ স্থলমণ্ডল কেইটা বৃহৎ অংশত বিভাজিত হৈ আছে?
উত্তৰ: পৃথিৱীৰ স্থলমণ্ডল চাৰি‍টা বৃহৎ অংশত বিভাজিত হৈ আছে৷
২৩৷ পৃথিৱীৰ স্থলমণ্ডলৰ প্ৰথম অংশটো কোনকেইখন মহাদেশেৰে গঠিত?
উত্তৰ: পৃথিৱীৰ স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, য়ুৰোপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত৷
২৪৷ পৃথিৱীৰ স্থলমণ্ডলৰ দ্বিতীয় অংশটো কোনকেইখন মহাদেশেৰে গঠিত?
উত্তৰ: পৃথিৱীৰ স্থলমণ্ডলৰ দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত৷
২৫৷ পৃথিৱীৰ স্থলমণ্ডলৰ তৃতীয় অংশটো কোনখন মহাদেশেৰে গঠিত?
উত্তৰ: পৃথিৱীৰ স্থলমণ্ডলৰ তৃতীয় অংশটো ওছেনিয়া মহাদেশেৰে গঠিত৷
২৬৷ পৃথিৱীৰ স্থলমণ্ডলৰ চতুৰ্থ অংশটো কোনখন মহাদেশেৰে গঠিত?
উত্তৰ: পৃথিৱীৰ স্থলমণ্ডলৰ চতুৰ্থ অংশটো এণ্টাৰ্কটিকা মহাদেশেৰে গঠিত৷
২৭৷ প্ৰশান্ত মহাসাগৰ কোনকেইখন মহাদেশৰ মাজত অৱস্থিত?
উত্তৰ: প্ৰশান্ত মহাসাগৰ এছিয়া, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত৷
২৮৷ আটলাণ্টিক মহাসাগৰ কোনকেইখন মহাদেশৰ মাজত অৱস্থিত?
উত্তৰ: আটলাণ্টিক মহাসাগৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ আৰু য়ুৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত৷
২৯৷ ভাৰত মহাসাগৰ ক’ত অৱস্থিত?
উত্তৰ: ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত, আফ্ৰিকা মহাদেশৰ পূবত আৰু ওছেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত৷
৩০৷ উত্তৰ মহাসাগৰ ক’ত অৱস্থিত?
উত্তৰ: উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা, য়ুৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত৷
৩১৷ দক্ষিণ মহাসাগৰ ক’ত অৱস্থিত?
উত্তৰ: দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত৷
৩২৷ জলমণ্ডলৰ বৃহৎ অংশ কোন গোলাৰ্ধত অৱস্থিত?
উত্তৰ: জলমণ্ডলৰ বৃহৎ অংশ দক্ষিণ গোলাৰ্ধত অৱস্থিত৷
৩৩৷ স্থলমণ্ডলৰ বৃহৎ অংশ কোন গোলাৰ্ধত অৱস্থিত?
উত্তৰ: স্থলমণ্ডলৰ বৃহৎ অংশ উত্তৰ গোলাৰ্ধত অৱস্থিত৷
৩৪৷ পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশই উত্তৰ গোলাৰ্ধত বাস কৰে?
উত্তৰ: পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত বাস কৰে৷
৩৫৷ কোনকেইখন মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধতে বিস্তৃত?
উত্তৰ: প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধতে বিস্তৃত৷
৩৬৷ কোনখন মহাসাগৰ কেৱল উত্তৰ গোলাৰ্ধত অৱস্থি‍ত?
উত্তৰ: উত্তৰ মহাসাগৰ উত্তৰ গোলাৰ্ধত অৱস্থি‍ত৷
৩৭৷ কোনখন মহাসাগৰ কেৱল দক্ষিণ গোলাৰ্ধত অৱস্থি‍ত?
উত্তৰ: দক্ষিণ মহাসাগৰ কেৱল দক্ষিণ গোলাৰ্ধত অৱস্থি‍ত৷
৩৮৷ পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম লিখা৷
উত্তৰ: পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰখনৰ নাম হ’ল— উত্তৰ মহাসাগৰ৷
৩৯৷ কালিৰ হিচাপত পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম লিখা৷
উত্তৰ: কালিৰ হিচাপত পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম হ’ল— আটলাণ্টিক মহাসাগৰ৷
৪০৷ কালিৰ হিচাপত পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰখনৰ নাম লিখা৷
উত্তৰ: কালিৰ হিচাপত পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰখনৰ নাম হ’ল— ভাৰত মহাসাগৰ৷
৪১৷ কালিৰ হিচাপত পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰখনৰ নাম লিখা৷
উত্তৰ: কালিৰ হিচাপত পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰখনৰ নাম হ’ল—দক্ষিণ মহাসাগৰ৷
৪২৷ প্ৰশান্ত মহাসাগৰৰ মাটিকালি কিমান?
উত্তৰ: প্ৰশান্ত মহাসাগৰৰ মাটিকালি ১৬৫.২ নিযুত বৰ্গ কিল’মিটাৰ৷
৪৩৷ উত্তৰ মহাসাগৰৰ মাটিকালি কিমান?
উত্তৰ: উত্তৰ মহাসাগৰৰ মাটিকালি ১৪.১ নিযুত বৰ্গ কিল’মিটাৰ৷
৪৪৷ মহাসাগৰসমূহৰ গড় গভীৰতা কিমান?
উত্তৰ: মহাসাগৰসমূহৰ গড় গভীৰতা প্ৰায় ৪,০০০ মিটাৰ৷
৪৫৷ সাগৰ-মহাসাগৰৰ গভীৰতা কোন অংশত সৰ্বাধিক?
উত্তৰ: সাগৰ-মহাসাগৰৰ গভীৰতা মাজৰ অংশত সৰ্বাধিক৷
৪৬৷ সাগৰ-মহাসাগৰৰ গভীৰতা কোন অংশত সৰ্বনিম্ন?
উত্তৰ: সাগৰ-মহাসাগৰৰ গভীৰতা উপকূলৰ কাষৰীয়া অংশত সৰ্বনিম্ন৷
৪৭৷ মহীসোপান কাক বোলে?
উত্তৰ: উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশকেই মহীসোপান বুলি কোৱা হয়৷
৪৮৷ মহীঢাল কাক বোলে?
উত্তৰ: মহীসোপানৰ পিছতে পোৱা য়থেষ্ট গভীৰ অংশটোক (২০০০ মিটাৰ পৰ্যন্ত) মহীঢাল বুলি কোৱা হয়৷
৪৯৷ সমুদ্ৰতলীয় দ্ৰোণী কাক বোলে?
উত্তৰ: মহীসোপানৰ পিছতে থকা সাগৰ-মহাসাগৰৰ মাজভাগৰ অতি গভীৰ (৪,০০০ মিটাৰ পৰ্যন্ত গভীৰ) অংশটোক  সমুদ্ৰতলীয় দ্ৰোণী বোলা হয়৷
৫০৷ সামুদ্ৰিক শৈলসি‍ৰা কাক বোলে?
উত্তৰ: সমুদ্ৰতলিত অৱস্থিত পৰ্বতমালাক সামুদ্ৰিক শৈলসি‍ৰা বোলা  হয়৷
৫১৷ দ্বীপ কাক বোলে?
উত্তৰ: নদীৰ তলি বা সমুদ্ৰতলিৰ কোনো অংশ জলপৃষ্ঠতকৈ ওপৰলৈকে ওলাই থকা দেখা যায়৷ এনে অংশকেই দ্বীপ বুলি কোৱা হয়৷
৫২৷ সমুদ্ৰখাত কাক বোলে?
উত্তৰ: সমুদ্ৰতলিত হেলনীয়াকৈ থকা ঠেক, দীঘল আৰু গভীৰতম অংশকেই সমুদ্ৰখাত বুলি কোৱা হয়৷
৫৩৷ পৃথিৱীৰ গভীৰতম সমুদ্ৰখাতটোৰ নাম লিখা৷
উত্তৰ: পৃথিৱীৰ গভীৰতম সমুদ্ৰখাতটোৰ নাম হ’ল— মেৰিয়ানা খাত বা চেলেঞ্জাৰ খাত৷
৫৪৷ প্ৰশান্ত মহাসাগৰে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
উত্তৰ: প্ৰশান্ত মহাসাগৰে পৃথিৱীৰ উপৰিভাগৰ প্ৰায় এক তৃতীয়াংশ ঠাই আগুৰি আছে৷
৫৫৷ প্ৰশান্ত মহাসাগৰৰ উত্তৰে কি মহাসাগৰ অৱস্থিত?
উত্তৰ: প্ৰশান্ত মহাসাগৰৰ উত্তৰে উত্তৰ মহাসাগৰ অৱস্থিত৷
৫৬৷ প্ৰশান্ত মহাসাগৰৰ দক্ষিণে কি মহাসাগৰ অৱস্থিত?
উত্তৰ: প্ৰশান্ত মহাসাগৰৰ দক্ষিণে দক্ষিণ মহাসাগৰ অৱস্থিত৷
৫৭৷ প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান?
উত্তৰ: প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা প্ৰায় ৫,০০০ মিটাৰ৷
৫৮৷ প্ৰশান্ত মহাসাগৰত কিমান সামুদ্ৰিক দ্বীপ আছে?
উত্তৰ: প্ৰশান্ত মহাসাগৰত প্ৰায় ২০,০০০ টা সামুদ্ৰিক দ্বীপ আছে৷
৫৯৷ প্ৰশান্ত মহাসাগৰৰ যিকোনো দুটা দ্বীপৰ নাম লিখা৷
উত্তৰ: প্ৰশান্ত মহাসাগৰৰ দুটা দ্বীপৰ নাম হ’ল— জাপান আৰু টাইৱান৷
৬০৷ প্ৰশান্ত মহাসাগৰৰ যিকোনো দুটা খাতৰ নাম লিখা৷
উত্তৰ: প্ৰশান্ত মহাসাগৰৰ যিকোনো দুটা খাতৰ নাম হ’ল— মেৰিয়ানা আৰু এলিউছিয়ান৷
৬১৷ প্ৰশান্ত মহাসাগৰৰ যিকোনো দুখন সাগৰৰ নাম লিখা৷
উত্তৰ: প্ৰশান্ত মহাসাগৰৰ যিকোনো দুখন সাগৰৰ নাম হ’ল— বেৰিং সাগৰ আৰু জাপান সাগৰ৷
৬২৷ আটলাণ্টিক মহাসাগৰৰ মাটিকালি কিমান?
উত্তৰ: আটলাণ্টিক মহাসাগৰৰ মাটিকালি প্ৰায় ৮২ নিযুত বৰ্গ কিল’মিটাৰ৷
৬৩৷ আটলাণ্টিক মহাসাগৰে পৃথিৱীৰ উপৰিভাগৰ কিমান অংশ ঠাই আগুৰি আছে?
উত্তৰ: আটলাণ্টিক মহাসাগৰে পৃথিৱীৰ উপৰিভাগৰ প্ৰায় এক ষষ্ঠাংশ ঠাই আগুৰি আছে৷
৬৪৷ আটলাণ্টিক মহাসাগৰৰ আকৃতি ইংৰাজী কোনটো আখৰৰ নিচিনা?
উত্তৰ: আটলাণ্টিক মহাসাগৰৰ আকৃতি ইংৰাজী ‘S’ আখৰটোৰ নিচিনা৷
৬৫৷ আটলাণ্টিক মহাসাগৰৰ উত্তৰে কি মহাসাগৰ অৱস্থিত?
উত্তৰ: আটলাণ্টিক মহাসাগৰৰ উত্তৰে উত্তৰ মহাসাগৰ অৱস্থিত৷
৬৬৷ আটলাণ্টিক মহাসাগৰৰ দক্ষিণে কি মহাসাগৰ অৱস্থিত?
উত্তৰ: আটলাণ্টিক মহাসাগৰৰ দক্ষিণে দক্ষিণ মহাসাগৰ অৱস্থিত৷
৬৭৷ আটলাণ্টিক মহাসাগৰৰ গড় গভীৰতা কিমান?
উত্তৰ: আটলাণ্টিক মহাসাগৰৰ গড় গভীৰতা প্ৰায় ৩,০০০ মিটাৰ৷
৬৮৷ মধ্য আটলাণ্টিক শৈলসিৰাৰ উত্তৰ অংশৰ আৰু দক্ষিণ অংশৰ নাম লিখা৷
উত্তৰ: মধ্য আটলাণ্টিক শৈলসিৰাৰ উত্তৰ অংশৰ নাম ডল্‌ফিন উত্থান আৰু দক্ষিণ অংশৰ নাম চেলেঞ্জাৰ উত্থান৷
৬৯৷ আটলাণ্টিক মহাসাগৰৰ যিকোনো দুটা দ্বীপৰ নাম লিখা৷
উত্তৰ: আটলাণ্টিক মহাসাগৰৰ দুটা দ্বীপৰ নাম হ’ল— আইছলেণ্ড আৰু বাৰ্মুদা৷
৭০৷ বাৰ্মুডা কোন মহাসাগৰত অৱস্থিত?
উত্তৰ: বাৰ্মুডা আটলাণ্টিক মহাসাগৰত অৱস্থিত৷
৭১৷ আটলাণ্টিক মহাসাগৰত অৱস্থিত যিকোনো দুটা সামুদ্ৰিক খাতৰ নাম লিখা৷
উত্তৰ: আটলাণ্টিক মহাসাগৰত অৱস্থিত দুটা সামুদ্ৰিক খাতৰ নাম হ’ল— পুৱাৰ্ট’ৰিক’ আৰু  দক্ষিণ ছেণ্ডৱিছ খাত৷
৭২৷ আটলাণ্টিক মহাসাগৰত অৱস্থিত যিকোনো দুখন সাগৰৰ নাম লিখা৷
উত্তৰ: আটলাণ্টিক মহাসাগৰত অৱস্থিত দুখন সাগৰৰ নাম হ’ল— ভূমধ্য সাগৰ আৰু কেৰিবিয়ান সাগৰ৷
৭৩৷ ভাৰত মহাসাগৰৰ  মাটিকালি কিমান?
উত্তৰ: ভাৰত মহাসাগৰৰ  মাটিকালি প্ৰায় ৭৩ নিযুত বৰ্গ কিল’মিটাৰ৷
৭৪৷ ভাৰত মহাসাগৰৰ দক্ষিণে কি মহাসাগৰ আছে?
উত্তৰ: ভাৰত মহাসাগৰৰ দক্ষিণে দক্ষিণ মহাসাগৰ আছে৷
৭৫৷ ভাৰত মহাসাগৰৰ গড় গভীৰতা কিমান?
উত্তৰ: ভাৰত মহাসাগৰৰ গড় গভীৰতা প্ৰায় ৪,০০০ মিটাৰ৷
৭৬৷ ভাৰত মহাসাগৰত অৱস্থিত যিকোনো দুটা সামুদ্ৰিক খাতৰ নাম লিখা৷
উত্তৰ: ভাৰত মহাসাগৰত অৱস্থিত দুটা সামুদ্ৰিক খাতৰ নাম হ’ল— মাডাগাস্কাৰ আৰু চিচিলিজ৷
৭৭৷ ভাৰত মহাসাগৰত অৱস্থিত যিকোনো দুখন সাগৰৰ নাম লিখা৷
উত্তৰ: ভাৰত মহাসাগৰত অৱস্থিত দুখন সাগৰৰ নাম হ’ল— বংগোপসাগৰ আৰু আৰব সাগৰ৷
৭৮৷ ভাৰত মহাসাগৰত অৱস্থিত যিকোনো দুটা সামুদ্ৰিক দ্বীপৰ নাম লিখা৷
উত্তৰ: ভাৰত মহাসাগৰত অৱস্থিত দুটা সামুদ্ৰিক দ্বীপৰ নাম হ’ল— শ্ৰীলংকা আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ৷
৭৯৷ দক্ষিণ মহাসাগৰৰ মাটিকালি কিমান?
উত্তৰ: দক্ষিণ মহাসাগৰৰ মাটিকালি প্ৰায় ২০ নিযুত বৰ্গ কিল’মিটাৰ৷
৮০৷ দক্ষিণ মহাসাগৰে কোন মহাদেশক চাৰিওফালে আগুৰি আছে?
উত্তৰ: দক্ষিণ মহাসাগৰে এণ্টাৰ্কটিা মহাদেশক চাৰিওফালে আগুৰি আছে৷
৮১৷ প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বৰ্ধিত অংশই কোন মহাসাগৰৰ সৃষ্টি কৰিছে?
উত্তৰ: প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বৰ্ধিত অংশই দক্ষিণ মহাসাগৰৰ সৃষ্টি কৰিছে৷
৮২৷ উত্তৰ মহাসাগৰৰ মাটিকালি কিমান?
উত্তৰ: উত্তৰ মহাসাগৰৰ মাটিকালি প্ৰায় ১৪ মিযুত বৰ্গ কিল’মিটাৰ৷
৮৩৷ উত্তৰ মহাসাগৰৰ আকৃতি কেনেকুৱা?
উত্তৰ: উত্তৰ মহাসাগৰৰ আকৃতি ঘূৰণীয়া৷
৮৪৷ উত্তৰ মহাসাগৰৰ গড় গভীৰতা কিমান?
উত্তৰ: উত্তৰ মহাসাগৰৰ গড় গভীৰতা প্ৰায় ৩,৫০০ মিটাৰ৷
৮৫৷ কোনকেইখন মহাসাগৰ বছৰৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে?
উত্তৰ: ইত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ বছৰৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে৷
৮৬৷ পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ উত্তৰ গোলাৰ্ধত অৱস্থিত?
উত্তৰ: পৃথিৱীৰ স্থলভাগৰ প্ৰায় ৬৭ শতাংশ উত্তৰ গোলাৰ্ধত অৱস্থিত৷
৮৭৷ য়ুৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ প্ৰাকৃতিক সীমা কিহে নিৰ্ধাৰণ কৰিছে?
উত্তৰ: য়ুৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ প্ৰাকৃতিক সীমা ভূমধ্য সাগৰে নিৰ্ধাৰণ কৰিছে৷
৮৮৷ য়ুৰোপ আৰু এছিয়া মহাদেশৰ মাজৰ প্ৰাকৃতিক সীমা কিহে নিৰ্ধাৰণ কৰিছে?
উত্তৰ: য়ুৰোপ আৰু এছিয়া মহাদেশৰ মাজৰ প্ৰাকৃতিক সীমা য়ুৰাইল পৰ্বতমালাই নিৰ্ধাৰণ কৰিছে৷
৮৯৷ এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজৰ প্ৰাকৃতিক সীমা কিহে নিৰ্ধাৰণ কৰিছে?
উত্তৰ: এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজৰ প্ৰাকৃতিক সীমা লোহিত সাগৰে নিৰ্ধাৰণ কৰিছে৷
৯০৷ বিষুৱীয় আৰু ক্ৰান্তীয় অঞ্চলৰ জলবায়ু কেনে?
উত্তৰ: বিষুৱীয় আৰু ক্ৰান্তীয় অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ৷
৯১৷ মধ্য অক্ষাংশ অঞ্চলৰ জলবায়ু কেনে?
উত্তৰ: মধ্য অক্ষাংশ অঞ্চলৰ জলবায়ু নাতিশীতোষ্ণ৷
৯২৷ মেৰু অঞ্চলৰ জলবায়ু কেনে?
উত্তৰ: মেৰু অঞ্চলৰ জলবায়ু অতিপাত ঠাণ্ডা৷
৯৩৷ বিষুৱীয় অঞ্চলত কেনে ধৰণৰ উদ্ভিদ পোৱা যায়?
উত্তৰ: বিষুৱীয় অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়৷
৯৪৷ উষ্ণ আৰু শুকান মৰু অঞ্চলত কেনে ধৰণৰ উদ্ভিদ পোৱা যায়?
উত্তৰ: উষ্ণ আৰু শুকান মৰু অঞ্চলত চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ পোৱা যায়৷
৯৫৷ মেৰু অঞ্চলত কেনে ধৰণৰ উদ্ভিদ পোৱা যায়?
উত্তৰ: মেৰু অঞ্চলত শেলুৱৈ আৰু ঢেঁকীয়াজাতীয় উদ্ভিদ পোৱা যায়৷
৯৬৷ কোনখন মহাদেশত স্থায়ী বসতি নাই?
উত্তৰ: এণ্টাৰ্কটিকা মহাদেশত স্থায়ী বসতি নাই৷
৯৭৷ এণ্টাৰ্কটিকা মহাদেশত স্থায়ী বসতি কিয় নাই?
উত্তৰ: অতিপাত শীতল, বৰফাবৃত হোৱাৰ বাবে এণ্টাৰ্কটিকা মহাদেশ কৃষিৰ বাবে উপযোগী নহয়৷ তদুপৰি বছৰটোৰ গোটেই সময়খিনিয়েই ইয়াত সূৰ্যৰ পোহৰ নপৰা বাবে অন্ধকাৰ হৈ থাকে৷ এনেবোৰ কাৰণেতে এণ্টাৰ্কটিকা মহাদেশত স্থায়ী বসতি নাই৷
৯৮৷ এছিয়া মহাদেশৰ মাটিকালি কিমান?
উত্তৰ: এছিয়া মহাদেশৰ মাটিকালি প্ৰায় ৪৪.৬ নিযুত বৰ্গ কিল’মিটাৰ৷
৯৯৷ এছিয়া মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
উত্তৰ: এছিয়া মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় ৩০ শতাংশ ঠাই আগুৰি আছে৷
১০০৷ এছিয়া মহাদেশ মূলতঃ কোন গোলাৰ্ধত অৱস্থিত?
উত্তৰ: এছিয়া মহাদেশ মূলতঃ উত্তৰ গোলাৰ্ধত অৱস্থিত৷
১০১৷ ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি এছিয়া মহাদেশৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ: ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি এছিয়া মহাদেশৰ মুঠ জনসংখ্যা প্ৰায় ৪৩০ কোটি৷
১০২৷ এছিয়া মহাদেশৰ জনসংখ্যা পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ কিমান অংশ?
উত্তৰ: এছিয়া মহাদেশৰ জনসংখ্যা পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ পাঁচভাগৰ তিনি অংশ৷
১০৩৷ এছিয়া মহাদেশত কিমানখন দে‍শ আছে?
উত্তৰ: এছিয়া মহাদেশত ৫১ খন দে‍শ আছে৷
১০৪৷ পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশ্ৰেণীটোৰ নাম লিখা?
উত্তৰ: পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশ্ৰেণীটোৰ নাম হিমালয়৷
১০৫৷ পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশৃংগটোৰ নাম কি?
উত্তৰ: পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতশৃংগটোৰ নাম এভাৰেষ্ট৷
১০৬৷ এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান?
উত্তৰ: এভাৰেষ্ট শৃংগৰ উচ্চতা ৮,৮৪৮ মিটাৰ৷
১০৭৷ পৃথিৱীৰ দ্বিতীয় উচ্চতম পৰ্বতশৃংগটোৰ নাম কি?
উত্তৰ: পৃথিৱীৰ দ্বিতীয় উচ্চতম পৰ্বতশৃংগটোৰ নাম গডৱিন অষ্টিন৷
১০৮৷ Mount K2 বুলি কোনটো শৃংগক কোৱা হয়?
উত্তৰ: Mount K2 বুলি গডৱিন অষ্টিন পৰ্বতশৃংগক কোৱা হয়৷
১০৯৷ Mount K2-ৰ উচ্চতা কিমান?
উত্তৰ: Mount K2-ৰ উচ্চতা ৮,৬১১ মিটাৰ৷
১১০৷ পৃথিৱীৰ সৰ্বোচ্চ মালভূমিখনৰ নাম কি?
উত্তৰ: পৃথিৱীৰ সৰ্বোচ্চ মালভূমিখনৰ নাম পামিৰ মালভূমি৷
১১১৷ এছিয়া মহাদেশৰ দুখন মালভূমিখনৰ নাম লিখা৷
উত্তৰ: এছিয়া মহাদেশৰ দুখন মালভূমিখনৰ নাম হ’ল—ছাইবেৰিয়া মালভূমি আৰু আৰব মালভূমি৷
১১২৷ এছিয়া মহাদেশৰ দুটা হ্ৰদৰ নাম লিখা৷
উত্তৰ: এছিয়া মহাদেশৰ দুটা হ্ৰদৰ নাম হ’ল— চিল্কা আকু লোকটক৷
১১৩৷ এছিয়া মহাদেশৰ দুখন মৰুভূমিৰ নাম লিখা৷
উত্তৰ: এছিয়া মহাদেশৰ দুখন মৰুভূমিৰ নাম হ’ল— থৰ আৰু গোবি৷
১১৪৷ য়ুৰোপ মহাদেশ কোন গোলাৰ্ধত অৱস্থিত?
উত্তৰ: য়ুৰোপ মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত৷
১১৫৷ য়ুৰোপ মহাদেশৰ মাটিকালি কিমান?
উত্তৰ: য়ুৰোপ মহাদেশৰ মাটিকালি প্ৰায় ১০.৯ মিযুত বৰ্গ কিল’মি‍টাৰ৷
১১৬৷ য়ুৰোপ মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
উত্তৰ: য়ুৰোপ মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় ৭.৩ শতাংশ ঠাই আগুৰি আছে৷
১১৭৷ ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি য়ুৰোপ মহাদেশৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ: ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি য়ুৰোপ মহাদেশৰ মুঠ জনসংখ্যা প্ৰায় ৭৪ কোটি৷
১১৮৷ য়ুৰোপ মহাদেশৰ জনসংখ্যা পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ কিমান শতাংশ?
উত্তৰ: য়ুৰোপ মহাদেশৰ জনসংখ্যা পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় ১০.৪ শতাংশ৷
১১৯৷ ভূ-প্ৰাকৃতিকভাৱে য়ুৰোপ মহাদেশক বহলভাৱে কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰ: ভূ-প্ৰাকৃতিকভাৱে য়ুৰোপ মহাদেশক বহলভাৱে দুটা ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগকেইটা হ’ল—
ক) উত্তৰ অংশ: ফ্ৰান্স উপকূলৰ পৰা পশ্চিমে য়ুৰাইল পৰ্বত শ্ৰেণী পৰ্যন্ত সমতল ভূমি অঞ্চল৷
খ) দক্ষিণ অংশ: স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈকে পৰ্বত-পাহাৰ, মালভূমিৰে ওখোৰা-মোখোৰা অঞ্চল৷
১২০৷ য়ুৰোপ মহাদেশৰ দুটা পৰ্বতশ্ৰেণীৰ নাম লিখা৷
উত্তৰ: য়ুৰোপ মহাদেশৰ দুটা পৰ্বতশ্ৰেণীৰ নাম হ’ল— আল্প্‌ছ আৰু ককেছাছ৷
১২১৷ য়ুৰোপ মহাদেশৰ উচ্চতম ঠাইখনৰ নাম লিখা৷
উত্তৰ: য়ুৰোপ মহাদেশৰ উচ্চতম ঠাইখনৰ হ’ল—মাউণ্ট এল্‌ব্ৰাছ শৃংগ৷
১২২৷ আল্প্‌ছ পৰ্বত কোন মহাদেশত অৱস্থিত?
উত্তৰ: আল্প্‌ছ পৰ্বত য়ু্ৰোপ মহাদেশত অৱস্থিত৷
১২৩৷ আল্প্‌ছ পৰ্বতৰ উচ্চতম শৃংগটোৰ নাম কি?
উত্তৰ: আল্প্‌ছ পৰ্বতৰ উচ্চতম শৃংগটোৰ নাম মাউণ্ট ব্লেংক৷
১২৪৷ ভল্গা নদী কোন মহাদেশত অৱস্থিত?
উত্তৰ: ভল্গা নদী য়ুৰোপ মহাদেশত অৱস্থিত৷
১২৫৷ য়ুৰোপ মহাদেশৰ দুটা হ্ৰদৰ নাম লিখা৷
উত্তৰ: য়ুৰোপ মহাদেশৰ দুটা হ্ৰদৰ নাম হ’ল— ওনেগা আৰু লেড’গা৷
১২৬৷ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন?
উত্তৰ: পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ হ’ল আফ্ৰিকা৷
১২৭৷ আফ্ৰিকা মহাদেশৰ মাটিকালি কিমান?
উত্তৰ: আফ্ৰিকা মহাদেশৰ মাটিকালি প্ৰায় ৩০ নিযুত বৰ্গ কিল’মিটাৰ৷
১২৮৷ আফ্ৰিকা মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
উত্তৰ: আফ্ৰিকা মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় ২০ শতাংশ ঠাই আগুৰি আছে৷
১২৯৷ কোনডাল ৰেখাই আফ্ৰিকা মহাদেশক সমানে দুভাগ কৰিছে?
উত্তৰ: বিষুৱ ৰেখাই আফ্ৰিকা মহাদেশক সমানে দুভাগ কৰিছে৷
১৩০৷ আফ্ৰিকা মহাদেশৰ বৃহত্তম দেশখনৰ নাম লিখা৷
উত্তৰ: আফ্ৰিকা মহাদেশৰ বৃহত্তম দেশখনৰ নাম হ’ল— আলজেৰিয়া৷
১৩১৷ ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি আফ্ৰিকা মহাদেশৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ: ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি আফ্ৰিকা মহাদেশৰ মুঠ জনসংখ্যা প্ৰায় ১১ কোটি৷
১৩২৷ আফ্ৰিকা মহাদেশত মুঠ কিমানখন দেশ আছে?
উত্তৰ: আফ্ৰিকা মহাদেশত মুঠ ৫৩ খন দেশ আছে৷
১৩৩৷ কিলিমাঞ্জাৰ‍ো ক’ত অৱস্থিত?
উত্তৰ: কিলিমাঞ্জাৰ‍ো আফ্ৰিকা মহাদেশৰ পূব প্ৰান্তত অৱস্থিত৷
১৩৪৷ আফ্ৰিকা মহাদেশৰ উচ্চতম ঠাইখনৰ নাম কি?
উত্তৰ: আফ্ৰিকা মহাদেশৰ উচ্চতম ঠাইখনৰ নাম কিলিমাঞ্জাৰ‍ো৷
১৩৫৷ পৃথিৱীৰ সবাতোকৈ দীঘল নদীখনৰ নাম কি?
উত্তৰ: পৃথিৱীৰ সবাতোকৈ দীঘল নদীখনৰ নাম নীল নদী৷
১৩৬৷ নীল নদী ক’ত অৱস্থিত?
উত্তৰ: নীল নদী আফ্ৰিকা মহাদেশ অৱস্থিত৷
১৩৭৷ আফ্ৰিকা মহাদেশৰ দুখন নদীৰ নাম লিখা৷
উত্তৰ: আফ্ৰিকা মহাদেশৰ দুখন নদীৰ নাম হ’ল—নীল নদী আৰু কংগ’৷
১৩৮৷ পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম লিখা৷
উত্তৰ: পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম চাহাৰা৷
১৩৯৷ আফ্ৰিকা মহাদেশৰ দুখন মৰুভূমি‍ৰ নাম লিখা৷
উত্তৰ: আফ্ৰিকা মহাদেশৰ দুখন মৰুভূমি‍ৰ নাম হ’ল— চাহাৰা আৰু কালাহাৰী৷
১৪০৷ উত্তৰ আমেৰিকাৰ মাটিকালি কিমান?
উত্তৰ: উত্তৰ আমেৰিকাৰ মাটিকালি প্ৰায় ২৪.৩ নিযুত বৰ্গ কিল’মিটাৰ৷
১৪১৷ উত্তৰ আমেৰিকা মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
উত্তৰ: উত্তৰ আমেৰিকা মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় ১৬.৩ শতাংশ ঠাই আগুৰি আছে৷
১৪২৷ উত্তৰ আমেৰিকা কোন গোলাৰ্ধত অৱস্থিত?
উত্তৰ: উত্তৰ আমেৰিকা উত্তৰ গোলাৰ্ধত অৱস্থিত৷
১৪৩৷ উত্তৰ আমেৰিকা মহাদেশত মুঠ কেইখন দেশ আছে?
উত্তৰ: উত্তৰ আমেৰিকা মহাদেশত মুঠ ২৩ খন দেশ আছে৷
১৪৪৷ পৃথিৱীৰ সৰ্ববৃহৎ দেশখনৰ নাম লিখা৷
উত্তৰ: পৃথিৱীৰ সৰ্ববৃহৎ দেশখনৰ নাম ৰাছিয়া৷
১৪৫৷ পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশখনৰ নাম লিখা৷
উত্তৰ: পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশখনৰ নাম কানাডা৷
১৪৬৷ উত্তৰ আমেৰিকাৰ বৃহত্তম দেশখনৰ নাম লিখা৷
উত্তৰ: উত্তৰ আমেৰিকাৰ বৃহত্তম দেশখনৰ নাম কানাডা৷
১৪৭৷ ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি উত্তৰ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ: ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি উত্তৰ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা প্ৰায় ৫৬৫ নিযুত৷
১৪৮৷ উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম ঠাইখনৰ নাম লিখা৷
উত্তৰ: উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম ঠাইখনৰ নাম মেকিনলে শৃংগ৷
১৪৯৷ উত্তৰ আমেৰিকাৰ নিম্নতম ঠাইখনৰ নাম লিখা৷
উত্তৰ: উত্তৰ আমেৰিকাৰ নিম্নতম ঠাইখনৰ নাম ডেথ্‌ভেলি৷
১৫০৷ উত্তৰ আমেৰিকাৰ ভূ-প্ৰাকৃতিক বিভাগ কেইটা?
উত্তৰ: উত্তৰ আমেৰিকাৰ ভূ-প্ৰাকৃতিক বিভাগ চাৰিটা৷
১৫১৷ ৰকি পৰ্বতমালা ক’ত অৱস্থিত?
উত্তৰ: ৰকি পৰ্বতমালা উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত৷
১৫২৷ উত্তৰ আমেৰিকাৰ দুখন নদীৰ নাম লিখা৷
উত্তৰ: উত্তৰ আমেৰিকাৰ দুখন নদীৰ নাম— মিছিছিপি আৰু মিছৌৰি৷
১৫৩৷ উত্তৰ আমেৰিকাৰ দুটা হ্ৰদৰ নাম লিখা৷
উত্তৰ: উত্তৰ আমেৰিকাৰ দুটা হ্ৰদৰ নাম— মিচি‍গান আৰু গ্ৰেট ছল্ট৷
১৫৪৷ উত্তৰ আমেৰিকাৰ মৰুভূমিসদৃশ অঞ্চলটোৰ নাম লিখা৷
উত্তৰ: উত্তৰ আমেৰিকাৰ মৰুভূমিসদৃশ অঞ্চলটোৰ নাম হ’ল— ক’ল’ৰাড’৷
১৫৫৷ দক্ষিণ আমেৰিকা মহাদেশৰ আকৃতি কেনেকুৱা?
উত্তৰ: দক্ষিণ আমেৰিকা মহাদেশৰ আকৃতি ত্ৰিভুজৰ দৰে৷
১৫৬৷ দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ মাটিকালি কিমান?
উত্তৰ: দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ মাটিকালি প্ৰায় ১৮ নিযুত বৰ্গ কিল’মিটাৰ৷
১৫৭৷ দক্ষিণ আমেৰিকা মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
উত্তৰ: দক্ষিণ আমেৰিকা মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় ১১.৯ শতাংশ ঠাই আগুৰি আছে৷
১৫৮৷ দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ দেশৰ সংখ্যা কিমান?
উত্তৰ: দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ দেশৰ সংখ্যা ১২৷
১৫৯৷ দক্ষিণ আমেৰিকা মহাদেশৰ বৃহত্তম মহাদেশখনৰ নাম লিখা৷
উত্তৰ: দক্ষিণ আমেৰিকা মহাদেশৰ বৃহত্তম মহাদেশখনৰ নাম ব্ৰাজিল৷
১৬০৷ ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ: ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা প্ৰায় ৪০৭ নিযুত৷
১৬১৷ এণ্ডিজ পৰ্বতমালা ক’ত অৱস্থিত?
উত্তৰ: এণ্ডিজ পৰ্বতমালা দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত৷
১৬২৷ পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীৰ নাম লিখা৷
উত্তৰ: পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীৰ নাম এণ্ডিজ৷
১৬৩৷ এণ্ডিজ পৰ্বতমালাৰ উচ্চতম শৃংগটোৰ নাম কি?
উত্তৰ: এণ্ডিজ পৰ্বতমালাৰ উচ্চতম শৃংগটোৰ নাম একান্‌কাগুৱা৷
১৬৪৷ দক্ষিণ আমেৰিকাৰ দুখন নদীৰ নাম লিখা৷
উত্তৰ: দক্ষিণ আমেৰিকাৰ দুখন নদীৰ নাম— আমাজন আৰু পাৰাগুৱে৷
১৬৫৷ ওছে‍নিয়া মহাদেশ কোন গোলাৰ্ধত অৱস্থিত?
উত্তৰ: ওছে‍নিয়া মহাদেশ দক্ষিণ গোলাৰ্ধত অৱস্থিত৷
১৬৬৷ ওছে‍নিয়া মহাদেশৰ মাটিকালি কিমান?
উত্তৰ: ওছে‍নিয়া মহাদেশৰ মাটিকালি প্ৰায় ৮ নিযুত বৰ্গ কিল’মিটাৰ৷
১৬৭৷ ওছে‍নিয়া মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান শতাংশ ঠাই আগুৰি আছে?
উত্তৰ: ওছে‍নিয়া মহাদেশে পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় ৫.৪ শতাংশ ঠাই আগুৰি আছে৷
১৬৮৷ ওছে‍নিয়া মহাদেশৰ বৃহত্তম দেশখনৰ নাম কি?
উত্তৰ: ওছে‍নিয়া মহাদেশৰ বৃহত্তম দেশখনৰ নাম অষ্ট্ৰেলিয়া৷
১৬৯৷ ওছে‍নিয়া মহাদেশৰ মুঠ দেশৰ সংখ্যা কিমান?
উত্তৰ: ওছে‍নিয়া মহাদেশৰ মুঠ দেশৰ সংখ্যা ১৪৷
১৭০৷ ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি ওছে‍নিয়া মহাদেশৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ: ২০১৪ চনৰ আনুমানিক তথ্য অনুসৰি ওছে‍নিয়া মহাদেশৰ মুঠ জনসংখ্যা প্ৰায় ৩৮ নিযুত৷
১৭১৷ ওছে‍নিয়া মহাদেশৰ দুখন প্ৰধান নদীৰ নাম লিখা৷
উত্তৰ: ওছে‍নিয়া মহাদেশৰ দুখন প্ৰধান নদীৰ নাম— মুৰে আৰু ডাৰ্লিং৷
১৭২৷ ওছে‍নিয়া মহাদেশৰ দুটা হ্ৰদৰ নাম লিখা৷
উত্তৰ: ওছে‍নিয়া মহাদেশৰ দুটা হ্ৰদৰ নাম— আয়াৰ আৰু বাৰ্লি৷
১৭৩৷ ওছে‍নিয়া মহাদেশৰ দুখন মৰুভূমি‍ৰ নাম লিখা৷
উত্তৰ: ওছে‍নিয়া মহাদেশৰ দুখন মৰুভূমি‍ৰ নাম— গ্ৰেট ভিক্ট’ৰিয়া আৰু গ্ৰেট ছেণ্ডি৷
১৭৪৷ পৃথিৱীৰ সৰ্বমুঠ দেশৰ সংখ্যা কিমান?
উত্তৰ: পৃথিৱীৰ সৰ্বমুঠ দেশৰ সংখ্যা ১৯৭৷
১৭৫৷ পৃথিৱীৰ ক্ষুদ্ৰতম দেশখনৰ নাম লিখা৷
উত্তৰ: পৃথিৱীৰ ক্ষুদ্ৰতম দেশখনৰ নাম ভেটিকান চিটি৷
১৭৬৷ ৰাছিয়াৰ মাটিকালি কিমান?
উত্তৰ: ৰাছিয়াৰ মাটিকালি প্ৰায় ১,৭০,৯৮,২৪২ বৰ্গ কিল’মিটাৰ৷
১৭৭৷ ভেটিকান চিটিৰ মাটিকালি কিমান?
উত্তৰ: ভেটিকান চিটিৰ মাটিকালি প্ৰায় ০.৪৪ বৰ্গ কিল’মিটাৰ৷
১৭৮৷ পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ দেশ কোনখন?
উত্তৰ: পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ দেশখন হ’ল— চীন৷
১৭৯৷ পৃথিৱীৰ সৰ্বনিম্ন জনসংখ্যাৰ দেশ কোনখন?
উত্তৰ: পৃথিৱীৰ সৰ্বনিম্ন জনসংখ্যাৰ দেশখন হ’ল— ভেটিকান চিটি৷
১৮০৷ পৃথিৱীৰ সৰ্বাধিক সংখ্যক দেশ কোনখন মহাদেশত অৱস্থিত?
উত্তৰ: পৃথিৱীৰ সৰ্বাধিক সংখ্যক দেশ এছিয়া মহাদেশত অৱস্থিত৷
১৮১৷ পৃথিৱীৰ সৰ্বনিম্ন সংখ্যক দেশ কোনখন মহাদেশত অৱস্থিত?
উত্তৰ: পৃথিৱীৰ সৰ্বনিম্ন সংখ্যক দেশ ওছেনিয়া মহাদেশত অৱস্থিত৷
১৮২৷ বাংলাদে‍শৰ ৰাজধানীৰ নাম কি?
উত্তৰ: বাংলাদে‍শৰ ৰাজধানীৰ নাম ঢাকা৷
১৮৩৷ ভূটানৰ ৰাজধানীৰ নাম কি?
উত্তৰ: ভূটানৰ ৰাজধানীৰ নাম থিম্ফু৷
১৮৪৷ চীনৰ ৰাজধানীৰ নাম কি?
উত্তৰ: চীনৰ ৰাজধানীৰ নাম বেইজিং৷
১৮৫৷ ইৰানৰ ৰাজধানীৰ নাম কি?
উত্তৰ: ইৰানৰ ৰাজধানীৰ নাম তেহৰান৷
১৮৬৷ ইৰাকৰ ৰাজধানীৰ নাম কি?
উত্তৰ: ইৰাকৰ ৰাজধানীৰ নাম বাগদাদ৷
১৮৭৷ জাপানৰ ৰাজধানীৰ নাম কি?
উত্তৰ: জাপানৰ ৰাজধানীৰ নাম টকিঅ’৷
১৮৮৷ উত্তৰ কোৰিয়াৰ ৰাজধানীৰ নাম কি?
উত্তৰ: উত্তৰ কোৰিয়াৰ ৰাজধানীৰ নাম পিয়ংয়াং৷
১৮৯৷ দক্ষিণ কোৰিয়াৰ ৰাজধানীৰ নাম কি?
উত্তৰ: দক্ষিণ কোৰিয়াৰ ৰাজধানীৰ নাম ছিঅ’ল৷
১৯০৷ ম্যানমাৰৰ ৰাজধানীৰ নাম কি?
উত্তৰ: ম্যানমাৰৰ ৰাজধানীৰ নাম য়াংগন৷
১৯১৷ নেপালৰ ৰাজধানীৰ নাম কি?
উত্তৰ: নেপালৰ ৰাজধানীৰ নাম কাঠমাণ্ডু৷
১৯২৷ পাকিস্তানৰ ৰাজধানীৰ নাম কি?
উত্তৰ: পাকিস্তানৰ ৰাজধানীৰ নাম ইছলামাবাদ৷
১৯৩৷ ৰাছিয়াৰ ৰাজধানীৰ নাম কি?
উত্তৰ: ৰাছিয়াৰ ৰাজধানীৰ নাম মস্ক’৷
১৯৪৷ ছৌদি আৰবৰ ৰাজধানীৰ নাম কি?
উত্তৰ: ছৌদি আৰবৰ ৰাজধানীৰ নাম ৰিয়াদ৷
১৯৫৷ শ্ৰীলংকাৰ ৰাজধানীৰ নাম কি?
উত্তৰ: শ্ৰীলংকাৰ ৰাজধানীৰ নাম কলম্ব’৷
১৯৬৷ থাইলেণ্ডৰ ৰাজধানীৰ নাম কি?
উত্তৰ: থাইলেণ্ডৰ ৰাজধানীৰ নাম বেংকক৷
১৯৭৷ ফ্ৰান্সৰ ৰাজধানীৰ নাম কি?
উত্তৰ: ফ্ৰান্সৰ ৰাজধানীৰ নাম পেৰিছ৷
১৯৮৷ জাৰ্মানিৰ ৰাজধানীৰ নাম কি?
উত্তৰ: জাৰ্মানিৰ ৰাজধানীৰ নাম বাৰ্লিন৷
১৯৯৷ ইটালিৰ ৰাজধানীৰ নাম কি?
উত্তৰ: ইটালিৰ ৰাজধানীৰ নাম ৰোম৷
২০০৷ নেডাৰলেণ্ডৰ ৰাজধানীৰ নাম কি?
উত্তৰ: নেডাৰলেণ্ডৰ ৰাজধানীৰ নাম এম্‌ষ্টাৰডেম৷
২০১৷ পৰ্টুগালৰ ৰাজধানীৰ নাম কি?
উত্তৰ: পৰ্টুগালৰ ৰাজধানীৰ নাম লিছ্‌বন৷
২০২৷ স্পেইনৰ ৰাজধানীৰ নাম কি?
উত্তৰ: স্পেইনৰ ৰাজধানীৰ নাম মাদ্ৰিদ৷
২০৩৷ ছুইজাৰলেণ্ডৰ ৰাজধানীৰ নাম কি?
উত্তৰ: ছুইজাৰলেণ্ডৰ ৰাজধানীৰ নাম বাৰ্ন৷
২০৪৷ ভেটিকান চিটিৰ ৰাজধানীৰ নাম কি?
উত্তৰ: ভেটিকান চিটিৰ ৰাজধানীৰ নাম ভেটিকান চিটি৷
২০৫৷ আলজেৰিয়াৰ ৰাজধানীৰ নাম কি?
উত্তৰ: আলজেৰিয়াৰ ৰাজধানীৰ নাম আলজিয়াৰ্ছ৷
২০৬৷ ইজিপ্তৰ ৰাজধানীৰ নাম কি?
উত্তৰ: ইজিপ্তৰ ৰাজধানীৰ নাম কাইৰ’৷
২০৭৷ কেনিয়াৰ ৰাজধানীৰ নাম কি?
উত্তৰ: কেনিয়াৰ ৰাজধানীৰ নাম নাইৰ’বি৷
২০৮৷ জিম্বাব’ৱেৰ ৰাজধানীৰ নাম কি?
উত্তৰ: জিম্বাব’ৱেৰ ৰাজধানীৰ নাম হাৰাৰে৷
২০৯৷ কানাডাৰ ৰাজধানীৰ নাম কি?
উত্তৰ: কানাডাৰ ৰাজধানীৰ নাম অ’ট্টৱা৷
২১০৷ হাইটিৰ ৰাজধানীৰ নাম কি?
উত্তৰ: হাইটিৰ ৰাজধানীৰ নাম প’ৰ্ট-আও-প্ৰিন্স৷
২১১৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানীৰ নাম কি?
উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানীৰ নাম ৱাশ্বিংটন ডি চি৷
২১২৷ ব্ৰাজিলৰ ৰাজধানীৰ নাম কি?
উত্তৰ: ব্ৰাজিলৰ ৰাজধানীৰ নাম ব্ৰাছিলিয়া৷
২১৩৷ কলম্বিয়াৰ ৰাজধানীৰ নাম কি?
উত্তৰ: কলম্বিয়াৰ ৰাজধানীৰ নাম ব’গ’টা৷
২১৪৷ পেৰুৰ ৰাজধানীৰ নাম কি?
উত্তৰ: পেৰুৰ ৰাজধানীৰ নাম লিমা৷
২১৫৷ অষ্ট্ৰেলিয়াৰ ৰাজধানীৰ নাম কি?
উত্তৰ: অষ্ট্ৰেলিয়াৰ ৰাজধানীৰ নাম কেনবেৰা৷
২১৬৷ মেক্সিক’ৰ ৰাজধানীৰ নাম কি?
উত্তৰ: মেক্সিক’ৰ ৰাজধানীৰ নাম মেক্সিক’ চিটি৷
২১৭৷ ছোমালিয়াৰ ৰাজধানীৰ নাম কি?
উত্তৰ: ছোমালিয়াৰ ৰাজধানীৰ নাম মোগাডিছু৷
২১৮৷ আফগানিস্তানৰ ৰাজধানীৰ নাম কি?
উত্তৰ: আফগানিস্তানৰ ৰাজধানীৰ নাম কাবুল৷
২১৯৷ চিলিৰ ৰাজধানীৰ নাম কি?
উত্তৰ: চিলিৰ ৰাজধানীৰ নাম ছেণ্টিয়াগ’৷
২২০৷ ইণ্ড’নেছিয়াৰ ৰাজধানীৰ নাম কি?
উত্তৰ: ইণ্ড’নেছিয়াৰ ৰাজধানীৰ নাম জাকাৰ্টা৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ