আমাৰ ভাৰতবৰ্ষ— সমাজ বি‍জ্ঞান, ষষ্ঠ শ্ৰেণী

(ক) উত্তৰ দিয়া—

(১) ভাৰতৰ প্ৰধান প্ৰাকৃতি‍ক বিভাগবোৰ কি কি?

উত্তৰ: ভাৰতৰ প্ৰধান প্ৰাকৃতি‍ক বিভাগবোৰ হ’ল—

(ক) উত্তৰৰ পার্বত্য অঞ্চল

(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল

(গ) দাক্ষিণাত্য মালভূমি অঞ্চল

(ঘ) উপকূলীয় নিম্নভূমি অঞ্চল৷

(২) দ‍ক্ষিণ ভাৰতৰ চাৰিখন প্ৰধান নদীৰ নাম লিখা৷

উত্তৰ: দ‍ক্ষিণ ভাৰতৰ চাৰিখন প্ৰধান নদীৰ নাম হ’ল— নর্মদা, গোদাবৰী, মহানদী আৰু কাৱেৰী৷

(৩) ভাৰতবর্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ সাতখনৰ নাম লিখা৷

উত্তৰ: ভাৰতবর্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ সাতখনৰ নাম হ’ল—

(ক) আফগানিস্তান

(খ) পাকিস্তান‍

(গ) চীন

(ঘ) নেপাল

(ঙ) ভূটান

(চ) বাংলাদেশ

(ছ) ম্যানমাৰ

(৪) ভাৰতবর্ষত মুঠতে কিমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে?

উত্তৰ: ভাৰতবর্ষত মুঠতে ২৮ খন ৰাজ্য আৰু ৮ টা কেন্দ্ৰীয় শাসিত অঞ্চল আছে৷

(৫) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত কিয় জনবসতি ঘন?

উত্তৰ: উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঠিত৷ এনে পলসুৱা মাটি কৃষিকর্মৰ বাবে উপযোগী হোৱা হেতুকে এই অঞ্চলত জনবসতি ঘন৷

(৬) ‍ভাৰতবর্ষৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত কি কি পার্থক্য আছে?

উত্তৰ:‍ ভাৰতবর্ষৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজৰ পার্থক্য—

(ক) পূব উপকূল বহল আনহাতে পশ্চিম উপকূল শিলাময় আৰু ঠেক৷

(খ) পূব উপকূলটো সাৰুৱা হোৱাৰ পৰিৱর্তে পশ্চিম উপকূল অসাৰুৱা৷

(৭) ভাৰতবর্ষক কিয় এখন বৈচিত্ৰ্যপূর্ণ দেশ বুলি কোৱা হয়?

উত্তৰ: দ্বাৰকাৰ পৰা অৰুণাচললৈ আৰু কণ্যাকুমাৰীৰ পৰা গিৰিৰাজ হিমালয়ৰ পাদদেশৰ বদৰিকাশ্ৰমলৈ এই বিশাল ভূ-খণ্ড বিচিত্ৰতাৰে পৰিপূর্ণ৷ বিচিত্ৰ ইয়াৰ ভৌগলিক পৰিৱে‍শ, নানান জাতি-উপজাতিৰ মানুহ আৰু এওঁলোকৰ জীৱন ধাৰণৰ নিজস্ব প্ৰণালীসমূহ৷ সকলোৰে আছে সভত্যা-সংস্কৃতিৰ নিজস্ব ইতিহাস, ধর্ম, নিজস্ব ভাষা-সাহিত্য৷ সুউচ্চ পর্বতমালা, বৃহৎ নদী, মৰুভূমি, পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ দিয়া ঠাই, সমতল ভূ-ভাগ, সাগৰ, মনোৰম উপকূল আৰু দ্বীপমালাই ভাৰতবর্ষক এক বৈচিত্ৰ্যপূর্ণ দেশলৈ ৰূপান্তৰ কৰিছে৷

(খ) সোঁফালৰ লগত বাঁওফাল মিলোৱা—

বাঁওফাল সোঁফাল
এভাৰেষ্ট ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ
তাপ্তী স্বাস্থ্যকৰ ঠাই
আন্দামান আৰু নিকোবৰ পৃথিৱীৰ সর্বোচ্চ পর্বত শৃঙ্গ
নেপাল বংগোপসাগৰত থকা দ্বীপপুঞ্জ
নাইনিতাল দক্ষিণ ভাৰতৰ নদী

উত্তৰ:

বাঁওফাল সোঁফাল
এভাৰেষ্ট পৃথিৱীৰ সর্বোচ্চ পর্বত শৃঙ্গ
তাপ্তী দক্ষিণ ভাৰতৰ নদী
আন্দামান আৰু নিকোবৰ বংগোপসাগৰত থকা দ্বীপপুঞ্জগ
নেপাল বভাৰতৰ প্ৰতিৱে‍শী ৰাষ্ট্ৰ
নাইনিতাল স্বাস্থ্যকৰ ঠাই

(গ) খালী ঠাই পূৰ কৰা—

(১) ভাৰতৰ মূল ভূখণ্ডৰ দক্ষিণত থকা ঠাইখন হ’ল _____ (কন্যাকুমাৰী/পণ্ডিচেৰী) ৷

উত্তৰ: ভাৰতৰ মূল ভূখণ্ডৰ দক্ষিণত থকা ঠাইখন হ’ল কন্যাকুমাৰী

(২) ভাৰতবর্ষক ______ প্ৰায় সমানে দুভাগ কৰিছে (বিষুৱ ৰেখাই/ মকৰক্ৰান্তি‍ ৰেখাই/ কর্কটক্ৰান্তি‍ ৰেখাই)৷

উত্তৰ: ভাৰতবর্ষক মকৰক্ৰান্তি‍ ৰেখাই প্ৰায় সমানে দুভাগ কৰিছে‍৷

(৩) গংগা নদীৰ উৎস হিমবাহ ______ (টামছুক খাম্বাৰ/গংগোত্ৰী)৷

উত্তৰ: গংগা নদীৰ উৎস হিমবাহ টামছুক খাম্বাৰ

(৪)______ ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে৷ (চুৱেজ খালে/ পানামা খালে/ পক প্ৰণালীয়ে)৷

উত্তৰ: পক প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে৷

(ঘ) ভূচিত্ৰাৱলী বা মানচিত্ৰৰ সহায় লৈ উত্তৰ উলিওৱা—

(১) আৰব সাগৰত পৰা দুখন উল্লেখযোগ্য নদীৰ নাম৷

উত্তৰ: আৰব সাগৰত পৰা দুখন উল্লেখযোগ্য নদীৰ নাম হ’ল— নর্মদা আৰু তাপ্তী৷

(২) হিমালয় পর্বতমালাৰ একেবাৰে ওচৰা-উচৰিকৈ থকা তিনিখন দেশৰ নাম৷

উত্তৰ: হিমালয় পর্বতমালাৰ একেবাৰে ওচৰা-উচৰিকৈ থকা তিনিখন দেশৰ নাম হ’ল— ভাৰত, চীন আৰু নেপাল৷

(৩) ভাৰতবর্ষৰ প্ৰতিবেশী দ্বীপ ৰাষ্ট্ৰ কি?

উত্তৰ: ভাৰতবর্ষৰ প্ৰতিবেশী দ্বীপ ৰাষ্ট্ৰ হ’ল— শ্ৰীলংকা৷

(৪) ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলত পৰা নদীসমূহ চি‍নাক্ত কৰি নাম লিখা৷

উত্তৰ: ভাৰতৰ পূব উপকূলত পৰা নদী— মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী৷

ভাৰতৰ পশ্চিম উপকূলত পৰা নদী— নর্মদা, তাপ্তী৷

(ঙ) মানচিত্ৰ নং-৭ অধ্যয়ন কৰি ভাৰতবর্ষৰ ৰাজ্য আৰু কেন্দীয় শাসিত অঞ্চলসমূহৰ ৰাজধানীসহ এখন তালিকা প্ৰস্তুত কৰা৷

উত্তৰ: ভাৰতবৰ্ষৰ ৰাজ্য আৰু ৰাজধানীসমূহৰ নাম তলত  দিয়া হৈছে‍

ৰাজ্যৰ নামৰাজধানী
১৷ অসমদিছপুৰ
২৷ অৰুণাচল প্ৰদেশইটানগৰ
৩৷ নাগালেণ্ডকহিমা
৪৷ মণিপুৰইম্ফল
৫৷ মিজোৰামআইজল
৬৷ মেঘালয়শ্বিলং
৭৷ ত্ৰি‍পুৰাআগৰতলা
৮৷ চিকিমগেংটক
৯৷ হাৰিয়ানাচণ্ডীগড়
১০৷ হিমাচল প্ৰদেশচিমলা
১১৷ পঞ্জাবচণ্ডীগড়
১২৷ উত্তৰাখণ্ডডেৰাডুন(শীত) গেইৰচেইন (গ্ৰীষ্ম)
১৩৷ ৰাজস্থানজয়পুৰ
১৪৷ উত্তৰ প্ৰদেশলক্ষ্নৗ
১৫৷ বিহাৰপাটনা
১৬৷ গুজৰাটগান্ধীনগৰ
১৭৷ মধ্যপ্ৰদেশভূপাল
১৮৷ ছট্টিশগড়ৰায়পুৰ
১৯৷ ঝাৰখণ্ডৰাঁচী
২০৷ পশ্চিমবংগকলকাতা
২১৷ মহাৰাষ্ট্ৰমুম্বাই
২২৷ উৰিষ্যা ভূৱনেশ্বৰ
২৩৷ গোৱাপানাজী
২৪৷ কর্ণাটক বাংগালুৰু
২৫৷ তেলেংগানাহায়দৰাবাদ
২৬৷ কেৰেলাথিৰুৱন্তপুৰম
২৭৷ তামিলনাডুচেন্নাই
২৮৷ অন্ধ্ৰপ্ৰদেশহায়দৰাবাদ (প্ৰস্তাৱিত অমৰাৱতী)

ভাৰতবৰ্ষৰ কেন্দ্ৰীয়শাসিত অঞ্চল আৰু সেইসমূহৰ ৰাজধানীসমূহৰ নাম তলত  দিয়া হৈছে‍

কেন্দ্ৰীয় শাসিত অঞ্চলৰ নামৰাজধানী
১৷ দিল্লীনতুন দিল্লী
২৷ চণ্ডীগড়চণ্ডীগড়
৩৷ জম্মু আৰু কাশ্মীৰশ্ৰীনগৰ
৪৷ লাডাখলেহ
৫৷ পণ্ডিচেৰী (পুডুচেৰী)পণ্ডিচেৰী
৬৷ আন্দামান নিকোবৰ দ্বীপপুঞ্জপ’র্টব্লেয়াৰ
৭৷ লাক্ষাদ্বীপকাৱাৰাট্টি‍
৮৷ দমন আৰু ডিউ দাদৰা আৰু নগৰ হাভেলি‍দমন
যুগুতালে‍— বৰ্ণালী ঠাকুৰে‍
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ