অসম আমাৰ ৰূপহী— অংকুৰণ, পঞ্চম শ্ৰেণী

অসম আমাৰ ৰূপহী 

গীতিকাৰ: ° ভূপেন হাজৰিকা

অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূর্য উঠা দেশ।
  গোটেই জীৱন বিচাৰিলেও
   অলেখ দিৱস ৰাতি
  অসম দেশৰ দৰে নেপাওঁ
   ইমান ৰসাল মাটি।
 
চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ
ভাৰতৰে পূৰ্ব দিশৰ সূর্য উঠা দেশ।
  ব’হাগতে আমাৰে আই
    মহুৰা হৈ ঘূৰে
  মাঘত সোণৰ হাতেৰে
    লখিমী আদৰে।
 
শৰৎ নিশাই তৰাৰে সজাই আইৰে কেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ।
 পাহাৰ-ভৈয়াম একে কৰা ৰামধেনুৰেই দৰে
 তোমাৰ ভাষাৰ মৰমবোৰে‍ মিলন সেতু গঢ়ে
 লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ,
 জন্ম ললোঁ ইয়াতেই ইয়াতে যেন মৰোঁ।
পাম কত এনে মধুৰ ৰূপৰ সমাৱেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ।


পাঠভিত্তিক ক্ৰিয়া


১৷ গীতটি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা।

(ছাত্ৰী-ছাত্ৰীসকলে তলত দিয়া ভিডি‍অটোৰ পৰা গীতটো সম্পূৰ্ণ শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ শিকিব পাৰিব৷)


গীতটিৰ পঠিত ৰূপ

২৷ গীতটি একক আৰু দলীয়ভাৱে (সমবেত সংগীত হিচাপে) গোৱা।

(ছাত্ৰী-ছাত্ৰীসকলে তলত দিয়া ভিডি‍অটোৰ পৰা গীতটো শুনি‍ গাবলৈ‍ শিকিব পাৰিব৷)

গীতটিৰ শ্ৰব্য ৰূপ

৩৷ উত্তৰ দিয়া।

(ক) ড° ভূপেন হাজৰিকাই ‘আই’ বুলি কাক সম্বোধন কৰিছে?

উত্তৰ:° ভূপেন হাজৰিকাই ‘আই’ বুলি  অসম দেশক সম্বোধন কৰিছে।

(খ) ড° ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে? 

উত্তৰ:° ভূপেন হাজৰিকাই মাঘ মাহত পথাৰৰ পৰা লখিমী আদৰাৰ কথা কৈছে।

(গ) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়?

 উত্তৰ: শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায়।

(ঘ) পাহাৰ-ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে?

উত্তৰ: অসম দেশৰ মানুহৰ ভাষাৰ মৰমবোৰে পাহাৰ-ভৈয়ামৰ মিলন সেতু গঢ়ে।

(ঙ) ড° ভূপেন হাজৰিকাই ক’ত মৃত্যু বৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰিছে?

উত্তৰ:  ° ভূপেন হাজৰিকাই অসম দেশতেই  মৃত্যু বৰণ   কৰিবলৈ ইচ্ছা প্রকাশ কৰিছে।

(চ) এই গীতটিত গীতিকাৰ  ° ভূপেন হাজৰিকাই ‘সূর্য উঠা দেশ’ মানে কোনখন দেশক বুজাইছে?

 উত্তৰ: গীতটিত  ° ভূপেন  হাজৰিকাই ‘সূর্য উঠা দেশ’ মানে অসম দেশক বুজাইছে।

(ছ) গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক’তো কি নোপোৱাৰ কথা কৈছে?

উত্তৰ: গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক’তো ইমান ৰসাল মাটি নোপোৱাৰ কথা কৈছে।

জ)  ° ভূপেন  হাজৰিকাই  অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা।

উত্তৰ:  ° ভূপেন  হাজৰিকাই কৈছে যে অসমৰ পৰিৱেশ ৰূপে-গুণে সমৃদ্ধ। ইয়াৰ মাটিবোৰ ৰসাল, চাৰিওফালে সেউজ পৰিৱেশ বিৰাজমান। ব’হাগত শিপিনীয়ে‍ মহুৰা ফুৰুৱা দৃশ্য, মাঘত দাৱনীয়ে লখিমী আদৰাৰ দৃশ্য অতি মনোমোহা। শৰৎ কালৰ নিশা ফৰকাল আকাশৰ তৰাবোৰে অসমী আইৰ কেশ সজাই তোলে।  

এইদৰে গীতিকাৰে অসমৰ পৰিৱেশৰ এক সুন্দৰ বৰ্ণনা গীতটিত দাঙি ধৰিছে। 

(ক) ৰামধনু কি আৰু ৰামধনুৰ দৰে পাহাৰ-ভৈয়াম একে কৰা মানে কি?

উত্তৰ: কেতিয়াবা ৰ’দে আৰু বৰষুণ একেলগে দিলে আকাশত দেখা পোৱা সাতটা ৰঙৰ সমাৱেশক ৰামধেনু বোলে। ৰামধনুৰ দৰে পাহাৰ-ভৈয়াম একে কৰা মানে পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত  থকা মিলা-প্ৰীতিৰ কথা কৈছে। 

(খ) লৌহিত‍্য মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্রতিপাত জনাইছে?

উত্তৰ: লৌহিত্য মানে লুইত বা ব্ৰহ্মপুত্ৰ নদী। লুইতৰ বহল পাৰ অৰ্থাৎ অসমখন গীতিকাৰৰ জন্মভূমি৷ সেইবাবে গীতিকাৰে প্ৰণিপাত জনাইছে। 

গীতটিৰ মূল কথাখিনি কোৱা আৰু লিখা৷ 

উত্তৰ: ‘অসম আমাৰ ৰূপহী’ গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই অসমৰ ৰূপ-গুণৰ বৰ্ণনা কৰিছে। তেওঁ কৈছে যে গোটেই জীৱনটো, বহু দিন বহু ৰাতি বিচাৰি ফুৰিলেও তেওঁ অসমৰ দৰে ৰসাল মাটি আন ক’তো বিচাৰি নাপায়। ইয়াৰ সেউজ পৰিৱেশ অতি বিনন্দীয়া। ব’হাগৰ তাঁতশালৰ শিপিনী, মাঘৰ পথাৰৰ দাৱনী, শৰৎ নিশাৰ তৰাভৰা ফৰকাল আকাশ— এই সকলোৱেই আই অসমীক সজাই তোলে। এই অসমী আইৰ বুকু পাহাৰ-ভৈয়ামৰ মিলনভূমি। সেয়ে গীতিকাৰে এই সূৰ্য উঠা, ৰূপে-গুণে সমৃদ্ধ দেশখনত জন্ম লভাৰ দৰে ইয়াতেই মৃত্যু বৰণ কৰাৰ ইচ্ছা প্ৰকাশ কৰি এই লুইতৰ বহল পাৰক প্ৰণিপাত জনাইছে।

উত্তৰ দিয়া। 

(ক) গীতটিত ‘ম’ আখৰটো ২০ বাৰ ব্যৱহাৰ হৈছে। ‘ৰ’ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে?

উত্তৰ: গীতটিত ‘ৰ’ আখৰটো ৪৯ বাৰ ব্যৱহাৰ হৈছে। 

(খ)  গীতটিত আ-কাৰ ৪০ বাৰ ব্যৱহাৰ হৈছে। ইয়াত কোনটো স্বৰচিহ্ন এবাৰো ব্যৱহাৰ হোৱা নাই?

উত্তৰ: ঋ-কাৰ  স্বৰচিহ্নটো এবাৰো ব্যৱহাৰ হোৱা নাই। 

(গ) গীতটিত থকা ‘ৰ’ আৰু ‘ৰে’-ৰে শেষ হোৱা শব্দবোৰ লিখা।

‘ৰ’-ৰে শেষ হোৱা
মা
দে‍
মা
দি‍
ভা
ধু
পা
ৰূ

‘ৰে‍’-ৰে শেষ হোৱা
ঘূ ৰে‍
ৰে‍
মা ৰে‍
হা ৰে‍
ৰে‍
ৰে‍
ৰে‍
ভা ৰে‍
লৌ ৰে‍
বো ৰে‍

উত্তৰ: 

‘ৰ’-ৰে শেষ হোৱা
মা
দে‍
তো মা
দি‍
সো
ভা ষা
ভা
ধু
পা হা
ৰূ

‘ৰে‍’-ৰে শেষ হোৱা
ঘূ ৰে‍
ৰা ৰে‍
মা ৰে‍
হা তে‍ ৰে‍
ৰে‍
ৰে‍
ৰে‍
ভা ৰে‍
লৌ হি‍ ত্য ৰে‍
বো ৰে‍

ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)


গীতটিৰ পৰা স্বৰচিহ্ন যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা আখৰবোৰ বিচাৰি উলিয়াই লিখা আৰু সেইবোৰত কি কি স্বৰচিহ্ন যোগ হৈছে ভাঙি দেখুওৱা।


যেনে‍: ৰূপহী ৰূ ৰ + ঊ-কাৰ

উত্তৰ: 

গুণৰো গু গ + উ-কাৰ
মহুৰা হু হ + উ-কাৰ

গীতটিত থকা যুক্তাক্ষৰযুক্ত শব্দবিলাকৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা আৰু সেইবোৰৰ প্ৰতিটোৰে দুটাকৈ নতুন শব্দ লিখা৷ 

যেনে  বিনন্দীয়া  ন্দ  ন + দ  আনন্দ, সুন্দৰ

উত্তৰ: গীতটিত থকা যুক্তাক্ষৰযুক্ত শব্দবিলাকৰ যুক্তাক্ষৰবোৰ ভাঙি সেইবোৰৰ প্ৰতিটোৰে দুটাকৈ নতুন শব্দ গঠন কৰি তলৰ তালিকাত দিয়া হৈছে৷

শব্দ যুক্তাক্ষৰ যুক্তাক্ষৰৰ ভাঙনি‍ নতুন শব্দ
পূৰ্ব ৰ্ব ৰ + ব খৰ্ব, পৰ্বত
সূৰ্য ৰ্য ৰ + য কাৰ্য, আৰ্য
লৌহিত্যৰে‍ ত্য ত + য় ত্যাগ, আদিত্য
প্ৰণিপাত প্ৰ প + ৰ প্ৰথম, প্ৰতাপ
জন্ম ন্ম ন + ম সন্মান, উন্মাদ

উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা।

(ক) উদাহৰণ ⟹ ৰূপহ— ৰূপহী,  কাঁহ— কাঁহী

কপাহ 
চেনেহ 
বাঁহ 
উত্তৰ:
কপাহ কপাহী
চেনেহ চেনেহী
বাঁহ বাঁহী
(খ) উদাহৰণ ⟹ ৰস ৰসাল,  নোম নোমাল
জীপ 
তেজ   
কোব  
উত্তৰ:
জীপ জীপাল
তেজ তেজাল
কোব কোবাল

(গ) উদাহৰণ ⟹   সোণ— সোণালী, ৰং ৰঙালী

ৰূপ
জোন 
ভোগ
উত্তৰ:
ৰূপ ৰূপালী
জোন জোনালী
ভোগ ভোগালী

(ঘ) উদাহৰণ ⟹ বিনন্দ— বিনন্দীয়া, চহৰ চহৰীয়া

দুখ
নিয়ম
নগৰ
উত্তৰ:
দুখ দুখীয়া
নিয়ম নিয়মীয়া
নগৰ নগৰীয়া

দলগতভাৱে‍ আলোচনা কৰি একে অৰ্থ প্ৰকাশ কৰা শব্দ (সমাৰ্থক) লিখা।

উদাহৰণ: সূৰ্য— বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি।

পদুম পদ্ম, কমল, অব্জ, শতদল, পঙ্কজ
ঘৰ গৃহ, আলয়, ভৱন, কুটীৰ, আবাস, নিবাস, বাসগৃহ
আকাশ স্বৰ্গ, গগন, নভ, ব্যোম, অম্বৰ, অন্তৰীক্ষ
বায়ু বতাহ, পৱন, সমীৰ, সমীৰণ, মলয়
পৃথিৱী ধৰণী, ধৰিত্ৰী, বসুমতী, বসুন্ধৰা, ধৰা, বিশ্ব

তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দবোৰ গীতটিত আছে। তাৰ পৰা বিচাৰি উলিয়াই লিখা।
যেনে: আৰম্ভণি ― শেষ
বিচ্ছেদ মিলন
নিৰস ৰসাল
কুৰূপা সুৰূপা
ঠেক বহল
অনাদৰ আদৰ
জীওঁ মৰোঁ
পশ্চিম পূব

তলৰ অংশ দুটা আঁচ টানি মিলোৱা।


যি চিত্ৰ আঁকে সোণালী
যি ৰসেৰে পৰিপূৰ্ণ চিত্ৰকৰ
যি সোণৰ নিচিনা বৰণৰ গীতিকাৰ
যি গীত লিখে ৰসাল

উত্তৰ:

যি চিত্ৰ আঁকে চিত্ৰকৰ
যি ৰসেৰে পৰিপূৰ্ণ ৰসাল
যি সোণৰ নিচিনা বৰণৰ সোণালী
যি গীত লিখে গীতিকাৰ

তলৰ শব্দ বোৰেৰে বাক্য সাজা:

অলেখ: ৰাতিৰ আকাশত অলেখ তৰা দেখিবলৈ পোৱা যায়৷
আদৰ: বিহু অসমীয়াৰ অতি আদৰৰ।
পৰিৱেশ: আমি আমাৰ পৰিৱেশ চাফ-চিকুণকৈ ৰখা উচিত।
সমাৱেশ: সভা-সমিতিত বহুতো মানুহৰ সমাৱেশ ঘটে।
বিনন্দীয়া: অসমৰ পৰিৱেশ অতি বিনন্দীয়া

জ্ঞান সম্প্ৰসাৰণ


‘অসম আমাৰ ৰূপহী’-ত থকা আখৰকেইটাৰ সহায়ত নতুন শব্দ গঠন কৰা।

{যিটো আখৰৰ লগত যিটো -কাৰ (স্বৰচিহ্ন) যুক্ত হৈ আছে তেনেকৈয়ে থাকিব আৰু এটা শব্দত কোনো আখৰ এবাৰতকৈ বেছি ব্যৱহাৰ হ’ব নোৱাৰিব৷}

যেনে ―

ৰূপ অৰূপ ৰূপম মা মাহী মহী
পৰ পৰম পৰমা ... ... ...
মৰ অমৰ সমৰ ... ... ...

ছাত্ৰ-ছাত্ৰীসকলে মন কৰিবলগীয়া কথা

ইয়াৰে,

‘ম’ আখৰটোত এবাৰ কোনো স্বৰচিহ্ন ব্যৱহাৰ হোৱা নাই আৰু এবাৰ ‘আ-কাৰ’ (-া) ব্যৱহাৰ হৈছে৷

‘ৰ’ আখৰটোত এবাৰ কোনো স্বৰচিহ্ন ব্যৱহাৰ হোৱা নাই আৰু এবাৰ ‘ঊ-কাৰ’ (ূ) ব্যৱহাৰ হৈছে৷

‘হ’ আখৰটোত ‘ঈ-কাৰ’ (-ী) ব্যৱহাৰ হৈছে৷

লগতে এটা কথা মনত ৰাখিব লাগিব যে নতুনকৈ গঠন কৰা শব্দকেইটাৰ প্ৰতিটোতে এটা আখৰ এবাৰতকৈ বেছি ব্যৱহাৰ হ’ব নোৱাৰিব৷ গতিকে আমি তলত দিয়া ধৰণে শব্দ গঠন কৰিব লাগিব৷


উত্তৰ: ‘অসম আমাৰ ৰূপহী’-ত থকা আখৰকেইটা থকা আখৰকেইটা হৈছে— অ, স, ম, আ, ৰ, প আৰু হ৷

আখৰশব্দ
অমৰা, অমিতা, অলঙ্কাৰ
সমীৰণ, সজাগ, সৰল
মকৰা, ময়ূৰ, মছলা
আম, আখৰ, আকাশ
মামানুহ, মাটি, মাইকী
ৰজা, ৰণ, ৰগৰ
ৰূৰূপ, ৰূপালী, অৰূপ
পানী, পৃথিৱী, পিঠা
হীহীন, হীৰা, হীৰক


‘‘জন্ম ল’লোঁ ইয়াতেই, ইয়াতে যেন মৰোঁ’’ বুলি ড° ভূপেন হাজৰিকাই কামনা কৰাৰ দৰে কবি নলিনীবালা দেৱীয়েও তেওঁৰ ‘জনমভূমি’ নামৰ কবিতাটোত নিজৰ জনমভূমিতে মৰাৰ কথা লিখিছে। সেই কবিতাটো সংগ্ৰহ কৰি পঢ়ি চোৱা।

(ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কবিতাটো তলত  দিয়া হৈছে৷)

জনমভূমি

মেলিলোঁ প্ৰথম চকু

তোমাৰ কোলাতে আই 

জনমৰ আদিম পুৱাত;
মুদিম আকৌ চকু

তোমাৰ কোলাতে শুই

জীৱনৰ শেষ সন্ধিয়াত 

মৰাৰ পিছতো যেন

পাওঁহি আকৌ ঠাই 

চেনেহৰ শীতলী কোলাত
ভাগৰুৱা আতমাই

শেষৰ জিৰণি লৈ

জিৰাবহি তোমাৰ ছায়াত

পখী হৈ আকাশৰ

বুকুত ফুৰিম উৰি

বাহ ওখ বিৰিখত;

পুৱতিৰ লগে লগে

জগাম তোমাক নিতে

বনৰীয়া সুৱদী গীতত

আকাশৰ তৰা হৈ

লাগি চাম ৰৈ 

সেউজীয়া শুৱনি জেউতি
জোনাকত মিল হৈ

বিমান পথত ৰৈ 

ওৰে ৰাতি কৰিম আৰতি

হিমালয় পৰ্বতৰ

শুকুলা টিঙত গৈ

ফুলি মানসী বিলত

মলয়াৰ চোঁৱৰত

পাৰিজাত ৰেণু সানি

ঢুলাম তোমাৰ চৰণত

নদী হৈ পখালিম

দুখানি চৰণ নিতে,

মাটি হৈ মিলিম বুকুত
সোণোৱালী মেঘ হৈ

ৰঙা হাঁহি বিৰিঙাম 

শেঁতা পৰা দুখনি ওঁঠত

তোমাৰেই ধূলি বালি

তোমাৰ আকাশ বায়ু

আই মোৰ সৰগত বাস;
তুমি মোৰ মৰতৰ

পুণ্য মুকুতিৰ ভূমি               

তুমি মোৰ তীৰ্থৰ প্ৰভাস

মোৰ চেনেহী দেশ

তোমাৰ দুখীয়া পঁজা

ৰচা তাত শান্তিৰ স্বৰগ;
পাম এনে

প্ৰতি সৰল প্ৰাণৰ ভাষা

সেৱাৰ মহিমাময় ত্যাগ

দুখীয়াৰ ভগা পঁজা

একেোখনি তীৰ্থ তাত

একোখনি পুণ্যৰ আশ্ৰম;
মৰিলে পুনৰ আহি

দুখীয়া দেশতে মোৰ 

লওঁ যেন পুনৰ জনম 


‘চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ’

অসমৰ চিৰ সেউজ পৰিৱেশএতিয়া আছে নে? 

যদি নাই তেনেহ'লে কেনেকৈ ই বিনষ্ট হল? 

বৰ্তমান কি কৰিলে আমি  আমাৰ পৰিৱেশ সেউজীয়া কৰি ৰাখিব পাৰিম? সেই বিষয়ে আলোচনা চক্ৰ পাতি যুক্তি সহকাৰে নিজৰ মত ব্যক্ত কৰা।

উত্তৰ: অসমৰ চিৰসেউজ পৰিৱেশ এতিয়া বহু পৰিমাণে বিনষ্ট হ'ল। মানুহে নিজৰ প্ৰয়োজনৰ বাবে জধে-মধে গছ-গছনি কটাৰ ফলত অসমৰ চিৰ সেউজ পৰিৱেশ বিনষ্ট হ'ল। আমি চেষ্টা কৰিলে নিশ্চয় আমাৰ পৰিৱেশ সেউজীয়া কৰি ৰাখিব পাৰিম। তাৰ বাবে সকলোৱে জধে-মধে গছ কটা বন্ধ কৰিব লাগিব আৰু যিমান পাৰি গছ ৰুব লাগিব। লগতে গছ-গছনিৰ আপডাল কৰিব লাগিব। 

চমুটোকা লিখা।

লখিমী আদৰা, সাঙুৰি দিয়া বা খোৱা,  ন-খোৱা,  খেতি উঠা উৎসৱ। 

উত্তৰ:

লখিমী আদৰা (ধানৰ আগ অনা উৎসৱ) ― খেতি চপোৱাৰ অৰ্থে পালিত উৎসৱৰ অংগৰূপে পৰম্পৰাগত ৰীতি-নীতি অনুযায়ী গছিধান ঘৰলৈ অনা কাৰ্য।

সাঙুৰি দিয়া বা খোৱা― কোনো এঘৰত ধান চপাবলৈ সমূহীয়াকৈ অথচ কোনো পাৰিশ্ৰমিক অবিহনে কৰি দিয়া কাম। এই অৰ্থত সাঙুৰি দিয়া মানুহে যি ভোজ–ভাত খায় তাকে সাঙুৰি খোৱা বোলে। ইয়াকে সাউৰি খোৱাও বোলা হয়।

ন-খোৱা― নকৈ চপোৱা খাদ্য শস্য, বিশেষকৈ নতুন ধানৰ চাউলেৰে লগে-ভাগে খোৱা প্ৰীতি ভোজ। সাধাৰণতে পৰ্যাপ্ত মাছ-পুঠি ৰে ভোজ-ভাতৰ আয়োজন কৰা হয়৷

খেতি উঠা উৎসৱ― পথাৰৰ পৰা খেতি চপোৱা কাৰ্যৰ সমাপ্তি উপলক্ষে আয়োজিত উৎসৱ, য'ত আনন্দ সহকাৰে পৰমজনাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয়।

     


প্ৰকল্প


‘অসম আমাৰ ৰূপহী’ এটি দেশপ্ৰেমমূলক গীত। ড° ভূপেন হাজৰিকাই ৰচনা কৰা অন্য দুটি দেশপ্ৰেমমূলক গীত সংগ্ৰহ কৰি গোৱা। যেনে – মহাবাহু ব্ৰহ্মপুত্ৰ…

(ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে ‘মহাবাহু ব্ৰহ্মপুত্ৰ’ গীতটোৰ লগতে ভূপেন হাজৰিকাদেৱৰ আন এটি দেশপ্ৰেমমূলক গীত ‘আমি অসমীয়া নহওঁ দুখীয়া’ গীতৰ কথাৰ লগতে শ্ৰব্য ৰূপ তলত দিয়া হৈছে৷)


মহাবাহু ব্ৰহ্মপুত্ৰ
কথা: স্বকীয় ৰূপ লৈ ব’হাগনো আহে ক’লৈ?
ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰলৈ নহয় জানো?
এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বা কি?
 
মহাবাহু ব্ৰহ্মপুত্ৰ
মহামিলনৰ তীৰ্থ
কত যুগ ধৰি আহিছে প্ৰকাশি‍
সমন্বয়ৰ অৰ্থ৷
 
সুদূৰ কান্যকুব্জৰে পৰা বাৰভূঞা আহিছিলে,
সেই বংশতে শংকৰদেউ ইয়াতে জনমিলে৷
মৰুৰ দেশৰে আজান ফকীৰে
মধুৰ জিকিৰ ৰচিলে,
দিল্লীৰ দিলৱাৰে আহি
হস্তীপুথি আঁকিলে,
পঞ্চনদীৰ টেগবাহাদুৰে
ধৰমৰ সেতু গঢ়িলে,
সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্বতস্ফূৰ্ত!
 
দূৰৰ লাচিতে শৰাইঘাটতে শতৰু আগচিলে
জাতি-ধৰ্ম-ভাষা সবাকে স্বদেশপ্ৰেমেৰে বান্ধিলে
কিৰাটপুত্ৰ বিষ্ণুৰাভাই
মাটিৰ কৃষ্টি জীয়ালে
সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্বতস্ফূৰ্ত৷৷
 
পদ্মা নদী!
পদ্মা নদীৰ ধুমুহাত পৰি
কত শতজন আহিলে,
লুইতৰ দুয়ো পাৰে কতনা
অতিথি আদৰিলে,
কিছু ল’ব লাগে কিছু দিব লাগে
জীণ যাবলে হ’লে,
মিলিব লাগে মিলাব লাগে
ৰবীন্দ্ৰনাথেও ক’লে,
অগ্ৰৱাল জ্যোতিয়ে ইয়াতে
জ্যোতিৰ প্ৰপাত বোৱালে,
অজীনপাতকী সৱৰ চক্ৰ
জ্যোতিৰে কৰি ব্যৰ্থ৷


গীতটিৰ শ্ৰব্য ৰূপ

আমি অসমীয়া নহওঁ দুখীয়া
কথা: (সাহিত্যসম্ৰাট বেজবৰুৱাদেৱে কৈছিল, ‘‘আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ’ম?’’ সঁচা, পিছে…)
 
আমি অসমীয়া নহওঁ দুখীয়া
বুলি সান্ত্বনা লভিলে নহ’ব,
আজিৰ অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলে যাব৷৷
 
নানা জাতি-উপজাতি
ৰহণীয়া কৃষ্টি,
আঁকোৱালি লৈ হৈছিল সৃষ্টি
এই মোৰ অসম দেশ,
বিভেদ পৰিহৰি
নিজ হাতে শ্ৰম কৰি
দেশক নগঢ়িলে
এই দেশ হ’ব নিঃশেষ,
আৰু মনবোৰো ভাগি-ছিগি যাব
আজিৰ অসমীয়াই নিজক নবচালে
অসমতে মগনীয়া হ’ব৷
 
প্ৰতি অসমীয়াই কি কৰা উচিত?
উপদেশ দিবলৈ নাই লাচিত৷
‘‘ডাঙৰ নহয় দেশতকৈ মোৰ
দুৰ্বলচিতীয়া মোমাইবোৰ’’ বোলা
হেংদানধাৰী লাচিত নেথাকিলেও
আগুৱাই যাবই লাগিব,
অ’ নহ’লে অসমীয়াই অসমৰ মাটিতে
নিজেই ভগনীয়া হ’ব৷
 
কথা: (‘‘অসম মৰিলে আমিও মৰিম’’ বুলি
ক’বলৈ কোনো যে নাই
বুলি আজি কোনে কয়…)
 
কোনোবা কাপুৰুষক
পুৰুষ কৰিবলে’
জ্যোতিপ্ৰসাদো যে আছে,
‘‘অসম মৰিলে আমিও মৰিম’’
বুলি ক’বলৈ শ্বহীদো আছে,
আজি অম্বিকাগিৰিৰ চিঞৰক হেজাৰে
হাতে-কামে নৱৰূপ দিব,
আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে
অসমতে ভগনীয়া হ’ব৷
 
আনৰে‍ লগতে অসমীয়া অসমতে
যদিহে নেবাচে‍ বাৰু ক’তনো বাচি‍ব,
মোৰ আইক ভাল পাওঁ বুলিলে
আনৰ আইক জানো
ঘিণ কৰাটো বুজাব?
প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়
আৰু দূৰণিৰ পৰা আহি
লুইতৰ পাৰৰে মাটিক
মাতৃ বোলা প্ৰতি ভাৰতীয় হ’ল
নতুন ৰূপৰ অসমীয়া৷
আমি‍‍ সেইভাৱে‍ থাকিলেই হ’ব
নহ’লে আমাৰ ‘ৰাজহাড় নাই’ বুলি
বিশ্বই বৰকে‍‍‍ হাঁহিব৷
 
বিশ্বপ্ৰেম
বিনন্দীয়া বুলি
অনুভৱ কৰা প্ৰতিজন অসমীয়া
তুমিওতো জানা এটি কথা
আপোন মাতৃৰ
অশ্ৰু নমচিলে
বিশ্বপ্ৰেম হ’ব বৃথা,
তুমি বিশ্বৰ শৰীৰত
পঙ্গু অঙ্গ হ’লে
বিশ্বই জানো ভাল পাব?
পৃথিৱীত জনমি সচেতন নহ’লে
প্ৰাপ্যও থিতাতে হেৰাব৷
 
থলুৱা আৰু নতুন অসমীয়াক
এইবেলি সেৱা যাচি লৈ
সোঁৱৰাব খুজিছোঁ,
অসমৰে ৰাইজে নিজকে পাহৰিলে
ভোগালীতো দুৰ্ভোগ পাব,
আৰু বাপতি-সাহোন সেই ৰঙালী বিহুটিও
কঙালীত পৰিণত হ’ব৷
 
আজিৰ অসমীয়াই নিজক নবচালে
অসম ৰসাতলে যাব৷
আমি অসমীয়া নহওঁ দুখীয়া
বুলি সান্ত্বনা লভিলে নহ’ব…

অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত থলুৱা নৃত্যৰ ছবি সংগ্ৰহ কৰা। এতিয়া ছবিবোৰ এলবামত লগাই নৃত্যৰ নাম, কোন জনগোষ্ঠীৰ মাজত সেই নৃত্য প্ৰচলিত আৰু কোন উৎসৱৰ লগত জড়িত সেই বিষয়ে লিখি থোৱা।


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


১৷ ড° ভূপেন হাজৰিকাৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল?

উত্তৰ: ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত ড°ভূপেন হাজৰিকাৰ জন্ম হৈছিল। 

২৷ ড° ভূপেন হাজৰিকাৰ পিতৃ আৰু মাতৃৰ নাম লিখা।

উত্তৰ: ড° ভূপেন হাজৰিকাৰ পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু  মাতৃৰ নাম  শান্তিপ্ৰিয়া হাজৰিকা।

৩৷ ড° ভূপেন হাজৰিকাই ক'ত আৰু কেতিয়া প্ৰথম গীত পৰিবেশন কৰিছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই ১৯৩০ চনত ৫ বছৰ বয়সতে গুৱাহাটীৰ   'কটন কলেজিয়েট হাইস্কুল'ৰ সভাত প্ৰথম গীত পৰিবেশন কৰিছিল।

৪৷ ড° ভূপেন হাজৰিকাই কিমান চনত জয়মতী বোলছবিৰ বাবে গীত বাণীবদ্ধ কৰিছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই ১৯৩৬ চনত ‘জয়মতী’ বোলছবিৰ বাবে দুটি গীত বাণীবদ্ধ কৰিছিল।

৫৷ ড° ভূপেন হাজৰিকাই ৰচনা কৰা প্ৰথম গীত  কোনটো? গীতটি কেতিয়া ৰচনা কৰিছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই ৰচনা কৰা প্ৰথম গীতটি হৈছে-“কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰ তান’। গীতটি ১৯৩৭ চনত ৰচনা কৰিছিল। 

৬৷ ড° ভূপেন হাজৰিকাই ১৯৩৯ চনত কোনখন ছবিত অভিনয় কৰিছিল আৰু ছবিখনৰ বাবে কোনটো গীত বাণীবদ্ধ কৰিছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই ১৯৩৯ চনত ইন্দ্ৰমালতী  ছবিত অভিনয় কৰিছিল  আৰু  'মইনা কেতিয়া আহিলি তই'  গীতটি পৰিবেশন কৰিছিল।

৭৷ ড° ভূপেন হাজৰিকাই কেতিয়া আৰু কোন স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই ১৯৪০ চনত 'তেজপুৰ চৰকাৰী বয়জ হাইস্কুল'ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

৮৷ ড° ভূপেন হাজৰিকাই কোনখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই  'বেনাৰস হিন্দু বিশ্ববিদ্যালয়'ত অধ্যয়ন কৰিছিল।

৯৷ ড° ভূপেন হাজৰিকাই কিমান চনত আকাশবাণীত গীত পৰিবেশন কৰিছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই ১৯৪৩ চনত আকাশবাণীত গীত পৰিবেশন কৰিছিল।

১০৷ ড° ভূপেন হাজৰিকাই কি বিষয়ত এম. এ. পাছ কৰিছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই ৰাজনীতি বিজ্ঞানত এম.এ. পাছ কৰিছিল।

১১৷ ড° ভূপেন হাজৰিকাই কোন কলেজত প্ৰবক্তা হিচাপে যোগদান কৰিছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই   বি. বৰুৱা  কলেজত  প্রবক্তা  হিচাপে যোগদান কৰিছিল।

১২৷ ড° ভূপেন হাজৰিকাই কোনখন বোলছবিত সংগীত পৰিচালনা কৰিছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই  'চিৰাজ' বোলছবিত সংগীত পৰিচালনা কৰিছিল।

১৩৷ ড° ভূপেন হাজৰিকাই কিমান চনত কাৰ সৈতে আৰু ক'ত বিবাহ পাশত আৱদ্ধ হৈছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই ১৯৫০ চনত  প্রিয়ম  পেটেলৰ সৈতে নিউয়র্ক চহৰত বিবাহ পাশত আৱদ্ধ হৈছিল।

১৪৷ ড° ভূপেন হাজৰিকাই কিমান চনত কোনখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই ১৯৫২ চনত কলম্বিয়া  বিশ্ববিদ্যালয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্রী লাভ কৰিছিল৷ 

১৫৷ ড° ভূপেন হাজৰিকাৰ থেছিচৰ বিষয় কি আছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাৰ   থেছিচৰ বিষয়  আছিল  'মাছ কমিউনিকেশন ইন ইন্ডিয়া'জ এডাল্ট এডুকেচন'।

১৬৷ ড° ভূপেন হাজৰিকাই কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই ১৯৫৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত প্রবক্তা  হিচাপে যোগদান কৰিছিল।

১৭৷ ড°  ভূপেন হাজৰিকাই কিমান চনত  মানুহে মানুহৰ বাবে’ গীতটি ৰচনা কৰিছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই ১৯৬০ চনত  'মানুহে মানুহৰ বাবে'  গীতটি ৰচনা কৰিছিল।

১৮৷ ড° ভূপেন হাজৰিকাই কোন দুখন কথাছবিৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই ‘শকুন্তলা’ আৰু  ‘লটি-ঘটি’ কথাছবিৰ বাবে ৰাষ্ট্রপতি পদক লাভ  কৰিছিল।

১৯৷ ড° ভূপেন হাজৰিকাই কিমান চনত কোন সমষ্টিৰ পৰা অসম বিধানসভাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল?

উত্তৰ:  ড° ভূপেন হাজৰিকাই ১৯৫৭ চনত নাওবৈচা সমষ্টিৰ পৰা অসম বিধান সভালৈ বিধায়ক হিচাপে নির্বাচিত হৈছিল।

২০৷ ড° ভূপেন হাজৰিকাই কিমান চনত প্ৰথমবাৰৰ বাবে হিন্দী বোলছবিত সংগীত পৰিচালনা কৰিছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই ১৯৭৩ চনত প্ৰথমবাৰৰ বাবে হিন্দী বোলছবিত সংগীত পৰিচালনা কৰিছিল। 

২১৷  কিমান চনত ড° ভূপেন হাজৰিকাৰ দেহাৱসান ঘটে ?

উত্তৰ: ২০১১ চনৰ ৫ নবেম্বৰত মুম্বাইত ড° ভূপেন হাজৰিকা দেহাৱসান ঘটে। 

২২৷ ড° ভূপেন হাজৰিকাই মৰণোত্তৰভাৱে কি সন্মান লাভ কৰিছিল?

উত্তৰ: ড° ভূপেন হাজৰিকাই মৰণোত্তৰভাৱে 'পদ্মবিভূষণ' সন্মান লাভ কৰিছিল।

যুগুতালে  বাব্‌লি দেৱীয়ে 

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ