সাহসী ছোৱালীজনী— (অংকুৰণ, তৃতীয় শ্ৰেণী)

ক - পাঠভিত্তিক ক্ৰিয়া 

১৷ উত্তৰ লিখা।

ক) দলটোৱে কি ধ্বনি দি শোভাযাত্ৰা কৰিছিল?

উত্তৰ:- দলটোৱে "বন্দে মাতৰম, বন্দে মাতৰম" ধ্বনি দি শোভাযাত্ৰা কৰিছিল।

খ) শোভাযাত্ৰা কৰি দলটো কোনফালে আগবাঢ়িছিল?

উত্তৰ:- শোভাযাত্ৰা কৰি দলটো গহপুৰ থানাৰ ফালে আগবাঢ়িছিল।

গ) শোভাযাত্ৰাৰ সন্মুখত থকা ছোৱালীজনীয়ে কি গীত জুৰিছিল?

উত্তৰ:- শোভাযাত্ৰাৰ সন্মুখত থকা ছোৱালীজনীয়ে

 "ডেকা গাভৰুৰ দল

বীৰ বীৰাঙ্গনাৰ দল" গীত জুৰিছিল।

ঘ) পতাকা উৰুৱাবলৈ যাওঁতে পুলিচে কি কৰিলে?

উত্তৰ:- পতাকা উৰুৱাবলৈ যাওঁতে পুলিচে আগচি ধৰি আগনাবাঢ়িবলৈ হুংকাৰ দিলে । কিন্তু পুলিচৰ হুংকাৰলৈ ভ্ৰূক্ষেপ নকৰি বীৰদৰ্পে পতাকা উৰুৱাবলৈ যোৱা ছোৱালীজনীক পুলিচে গুলি কৰিলে। 

ঙ) দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছোৱালীজনীৰ নাম কি?

উত্তৰ:- দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছোৱালীজনীৰ নাম কনকলতা বৰুৱা।

২৷ তলৰ কথাকেইষাৰ কোনে কৈছিল?

ক) "সাৱধান আৰু আগ নাবাঢ়িবা; এখোজ আগবাঢ়িলেই গুলি কৰিম।"

উত্তৰ:- উক্ত কথাষাৰ গহপুৰ থানাৰ পুলিচে কৈছিল।

খ) " এইখন আমাৰ দেশ, এইখন দেশত বিদেশীৰ কোনো অধিকাৰ নাই। থানাত আমি জাতীয় নিচান উৰুৱামেই।"

উত্তৰ:- উক্ত কথাষাৰ কনকলতা বৰুৱাই কৈছিল।

৩৷ দলত আলোচনা কৰি তলৰ শব্দবোৰৰ অৰ্থ লিখা।

শব্দ              অৰ্থ 

হুংকাৰ       ডাবি

ভ্ৰূক্ষেপ   কেৰাহিকৈ চোৱা       কাৰ্য

আগচি     আগভেটি ধৰি

উত্তপ্ত        বৰ গৰম

উদ্যত        প্ৰস্তুত 

আহুতি      উছৰ্গা 

৪৷ তলৰ শব্দবোৰৰ সহায়ত খালী ঠাই পূৰ কৰা।

নিচান    ভ্ৰূক্ষেপ   উত্তপ্ত   উদাত্ত 

ক) ....... কণ্ঠৰে তাই স্বদেশ প্ৰেমৰ গীত জুৰিছিল।

খ) পুলিচৰ হুংকাৰ শুনাৰ পাছত পৰিৱেশ.... হৈ পৰিল।

গ) ছোৱালীজনীয়ে পুলিচৰ হুংকাৰলৈ ..... নকৰিলে।

ঘ) থানাত আমি জাতীয় .... উৰুৱামেই।

উত্তৰ:- 

ক) উদাত্ত কণ্ঠৰে তাই স্বদেশ প্ৰেমৰ গীত জুৰিছিল।

খ) পুলিচৰ হুংকাৰ শুনাৰ পাছত পৰিৱেশ উত্তপ্ত হৈ পৰিল।

গ) ছোৱালীজনীয়ে পুলিচৰ হুংকাৰলৈ ভ্ৰূক্ষেপ নকৰিলে।

ঘ) থানাত আমি জাতীয় নিচান উৰুৱামেই। 

খ- ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ)

যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখোঁ আহাঁ।

উত্তপ্ত   প্ত  প+ত  পই তই প্ত 

আহ্বান হ্ব  হ+ব  হই বই  হ্ব

সহস্ৰ  স্ৰ  স+ৰ  সই ৰই স্ৰ

কৃষ্ণ ষ্ণ  ষ+ণ  ষই ণই ষ্ণ 

ভ্ৰূক্ষেপ  ভ্ৰূ  ভ+ৰ+ঊ  ভই ৰই ভ্ৰ তাত ঊ-কাৰে ভ্ৰূ

যুক্তাক্ষৰ গঠন কৰোঁ আহাঁ।

হ+ব  হই বই হ্ব 

প+ত  পই তই প্ত 

স+ৰ  সই ৰই স্ৰ

ষ+ণ  ষই ণই ষ্ণ 

ভ+ৰ+ঊ  ভই ৰই ভ্ৰ তাত ঊ-কাৰে ভ্ৰূ 

শুদ্ধটোৰ কাষত  ✔️ চিন আৰু ভুলটোৰ কাষত ✖️ চিন দিয়া।

ষ্ণ  ষ+ণ✔️

ষ+ঞ✖️

ভ্ৰূ  ভ+ঊ+ৰ✖️

ভ+ৰ+ঊ✔️ 

জানো আহাঁ।

ষ ৰ লগত ণ যোগ হ'লে যুক্তাক্ষৰটো ষ্ণ হয়। সেইবাবে বহুতে ষ্ণ যুক্তাক্ষৰ ভাঙোতে ষ+ঞ বুলি ভুল কৰে। 

জানো আহাঁ।

পাঠটোত বিপৰীত লিঙ্গ বুজোৱা কেইটামান শব্দ আছে, যেনে - 

পুংলিঙ্গ বুজোৱা শব্দ- ডেকা, বীৰ

স্ত্ৰীলিঙ্গ বুজোৱা শব্দ- গাভৰু, বীৰাঙ্গনা

এতিয়া পাঠত থকা আন কিছুমান বিপৰীত লিংগৰ লগত চিনাকি হওঁ আহাঁ।

পুংলিংগ     স্ত্ৰীলিংগ

ল'ৰা           ছোৱালী 

ল'ৰাটো       ছোৱালীজনী

ৰূপহ           ৰূপহী 

এজন          এজনী

পাঠত নথকা অথচ আমি প্ৰায়ে ব্যৱহাৰ কৰা কিছুমান তেনেধৰণৰ পুৰুষ আৰু স্ত্ৰী বুজোৱা শব্দৰ লগত চিনাকি হওঁ আহাঁ।

দেউতা     মা

পেহা       পেহী

খুৰা        খুৰী 

তাৱৈ       আমৈ

ককা      আইতা 

বন্ধু          বান্ধৱী 

বাঘ         বাঘিনী

ছাত্ৰ         ছাত্ৰী 

গায়ক      গায়িকা

নায়ক       নায়িকা 

ৰজা         ৰাণী

নিলাজ     নিলাজী

দৰা          কইনা 

বলধ         গাই

চাই চাই লিখা।

স্বাধীনতা আমাৰ জন্মস্বত্ব

গ- জ্ঞান সম্প্ৰসাৰণ

পঢ়ো আৰু লিখোঁ আহাঁ।

● বিষ্ণু সপ্তম শ্ৰেণীৰ ছাত্ৰ।

● সপ্ত মানে সাত।

● সাত দিনত এসপ্তাহ হয়।

● সহস্ৰ মানে এহাজাৰ।

● গুহাক গহ্বৰো বোলে।

জানি থওঁ আহাঁ।

তলৰ শব্দ দুটাত 'ও' আৰু 'ত্ত' ৰ পাৰ্থক্য চাওঁ আহাঁ।

   ওখ    উত্তৰ 

'ও' এটা স্বৰবৰ্ণ- ওপৰত, ওখ, নেওতা

'ত্ত' ত+ত=ত্ত। ও ৰ লগত ৰূপগত পাৰ্থক্য হ'ল - ইয়াৰ ওপৰত মাত্ৰা থাকে। যেনে- উত্তৰ,  সত্তৰ, উদাত্ত

'ন্তু' ন+ত+উ -ইয়াত ত+উ ৰ ৰূপটো দেখাত 'ও'ৰ দৰে হ'লেও ইয়াৰ উচ্চাৰণ উ। যেনে - কিন্তু,  জন্তু,  আগন্তুক 

ঠিক সেইদৰে - স+ত+উ = স্তু - বস্তু,  দস্তুৰ, প্ৰস্তুত,  কস্তুৰী, প্ৰস্তুতি

আকৌ , 'ক'ৰ লগত 'ত' যোগ হ'লে 'ক্ত' ৰ সলনি 'ক্ত'

ৰূপ হয়। যেনে - উক্ত,  মুক্ত,  ভক্ত, যুক্তি,  সংযুক্ত।

জাতীয় পতাকাখন আঁকা । ইয়াৰ বিষয়ে কেইটামান বাক্য লিখোঁ আহাঁ।

উত্তৰ:- আমাৰ জাতীয় পতাকাৰ ৰং তিনিটা। ওপৰত গেৰুৱা, মাজত বগা আৰু তলত সেউজীয়া ৰং আছে। সেয়ে পতাকাখনক ত্ৰিৰংগ পতাকা বুলি কিয় কোৱা হয়।  মাজৰ বগা অংশত নীলা ৰঙৰ এটা চক্ৰ আছে। চক্ৰটোত চৌবিছডাল দণ্ড আছে। চক্ৰটোক আশোক চক্ৰ বোলে। স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ দিনা সমগ্ৰ দেশতে জাতীয় পতাকা উত্তোলন কৰা হয়। জাতীয় পতাকা উত্তোলন কৰোঁতে  কিছুমান নিয়ম মানি চলিব লাগে। সূৰ্য্য উদয় হোৱাৰ পিছত পতাকা উত্তোলন কৰিব লাগে আৰু সূৰ্য্য অস্ত যোৱাৰ আগতে নমাব লাগে।  আমাৰ দেশৰ কিছুমান বিশেষ স্থানত জাতীয় পতাকা সদায় উৰি থাকে। দিল্লীৰ উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়সমূহ, সচিবালয় আদি স্থানত জাতীয় পতাকা সদায় উৰি থাকে। 

তলত উল্লেখ কৰা তাৰিখবোৰ আমি কি কি দিৱস হিচাপে পালন কৰোঁ লিখোঁ আহাঁ।

১৫ আগষ্ট  - স্বাধীনতা দিৱস

২৬ জানুৱাৰী- গণতন্ত্ৰ দিৱস

২ অক্টোবৰ- গান্ধী জয়ন্তী

২০ জুন- বিষ্ণু ৰাভা দিৱস

১৭ জানুৱাৰী- শিল্পী দিৱস

পাঠত থকা স্বদেশ প্ৰেমৰ গীতটো লগে ভাগে গাওঁ আহাঁ।

'ডেকা গাভৰুৰ দল!

বীৰ বীৰাঙ্গনাৰ দল! 

নতুন তেজেৰে ৰাঙলী ৰূপহী 

কৰহি ধৰণী তল।

খোজৰ ভৰত কঁপক  ধৰণী,

তৰুণ চকুত জ্বলক অগনি, 

শত সহস্ৰ মৃত্যু নেওচি

ব'ল আগুৱাই ব'ল।'

ঘ - প্ৰকল্প

● ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা কেইগৰাকীমান ব্যক্তিৰ ছবি সংগ্ৰহ কৰা। ডাঠ কাগজত ছবিবোৰ আঠা লগাই ছবিৰ তলত নাম লিখা।

● "সাহসী ছোৱালীজনী" পাঠটো নাটকীয় সংলাপেৰে অভিনয় কৰা।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ