অসম: জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি‍— সমাজ বি‍জ্ঞান, ষষ্ঠ শ্ৰেণী

() উত্তৰ দিয়া—

(ক) কি বৃত্তিৰ ওপৰত অসমৰ অধিকাংশ মানুহ নিৰ্ভৰশীল?

উত্তৰ: অসমৰ অধিকাংশ মানুহ কৃষি বৃত্তিৰ ওপৰত নিৰ্ভৰশীল।

(খ) চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য কি?

উত্তৰ: চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য হ’লইহঁতৰ পাত সদায় সেউজীয়া হৈ থাকে।

(গ) মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত?

উত্তৰ: মানাহ ৰাষ্ট্ৰীয় উদ্যান বাক্সা আৰু চিৰাং জিলাত অৱস্থিত।

(ঘ) প্ৰাকৃতিক উদ্ভিদ বুলিলে কি বুজা?

উত্তৰ: মানুহৰ প্ৰভাৱ নপৰাকৈ বা লালন-পালন নোপোৱাকৈ প্ৰাকৃতিকভাৱে ডাঙৰ-দীঘল হোৱা গছ-গছনিকে প্ৰাকৃতিক উদ্ভিদ বোলে‍।

() চমু উত্তৰ লিখা

(ক) জলবায়ু বুলিলে কি বুজা?

উত্তৰ: কোনো এখন ঠাই বা অঞ্চলৰ জলবায়ু বুলিলে সেই ঠাই বা অঞ্চলটোৰ ৪০-৫০ বছৰৰ সূৰ্যৰ পোহৰ, বায়ুৰ উষ্ণতা আৰু চাপ, বতাহ, বৰষুণৰ পৰিমাণ, আৰ্দ্ৰতাৰ গড় অৱস্থাটোকেই বুজায়।

(খ) অসমৰ প্ৰধান ঋতু কেইটা আৰু কি কি?

উত্তৰ: অসমৰ প্ৰধান ঋতু  টা৷ এই ঋতু  টা হ’ল—

(১) গ্ৰীষ্ম

(২) বৰ্ষা

(৩) শৰৎ

(৪) শীত।

(গ) বৰ্ষাকাল ধানখেতিৰ বাবে উপযোগী হোৱাৰ কাৰণ কি?

উত্তৰ: ধানখেতি কৰিবলৈ অধিক পৰিমাণৰ পানী আৰু উষ্ণ জলবায়ুৰ প্ৰয়োজন হয়৷ যিহেতু, বৰ্ষাকালত অসমত দক্ষিণ-পশ্চিম মৌছুমী বতাহৰ ফলত যথেষ্ট বৰষুণ হয় আৰু সেই সময়ত অসমৰ উষ্ণতাও বেছি হৈ‍ থাকে, সেয়ে বৰ্ষাকাল ধানখেতিৰ বাবে উপযোগী সময়৷  

(ঘ) কৃষিৰ লগত জলবায়ুৰ সম্পৰ্ক কেনে ধৰণৰ?

উত্তৰ: যিকোনো এখন ঠাইৰ কৃষি সেই ঠাইখনৰ জলবায়ু আৰু মাটিৰ ওপৰত নিৰ্ভৰশীল। জলবায়ুৰ ওপৰত ভিত্তি কৰি এটা বছৰক বিভিন্ন ঋতু ভাগ কৰা হয়। গ্ৰীষ্ম আৰু বৰ্ষাকালত তাপ আৰু বৰষুণৰ পৰিমাণ বেছি বাবে সেই সময়ত তেনে বতৰৰ উপযোগী শস্যৰ খেতি কৰা হয়। যেনে— ধান, মৰাপাট, জিকা, লাউ আদি৷ আনহাতে শীতকালত তাপ আৰু বৰষুণৰ পৰিমাণ কম বাবে তাপ আৰু পানী কম পৰিমাণে লগা খেতি কৰা হয়৷ যেনে— মাকৈ, কবি, আলু আদি। এনেকৈয়ে জলবায়ু আৰু কৃষিৰ মাজত এটা ওতপ্ৰোত সম্বন্ধ চলি আছে।

(ঙ) চিৰসেউজীয়া উদ্ভিদ আৰু পৰ্ণপাতী উদ্ভিদৰ প্ৰধান পাৰ্থক্যসমূহ কি কি?

উত্তৰ: চিৰসেউজীয়া উদ্ভিদ আৰু পৰ্ণপাতী উদ্ভিদৰ প্ৰধান পাৰ্থক্যসমূহ হ’ল—

(১) চিৰসেউজীয়া উদ্ভিদৰ পাত সদায় সেউজীয়া হৈ‍ কাৰ পৰিৱর্তে বছৰটোত এবাৰকৈ‍ পৰ্ণপাতী উদ্ভিদবিলাকসকলো পাত সৰি যায় আৰু কিছু দিন পাছত পুনৰ কুঁহিপাত ওলা

(২) চিৰসেউজীয়া উদ্ভিদক গড়ে ২০০ চেণ্টিমিটাৰতকৈ বেছি বৰষুণ লাগে; আনহাতে পৰ্ণপাতী উদ্ভিদক সাধাৰণতে ৮০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ গড় বৰষুণ লাগে৷

(চ) গছ-গছনি আমাক কিয় লাগে আলোচনা কৰা৷ 

উত্তৰ: গছ-গছনি মানুহ তথা অন্যান্য জীৱসমূহৰ জীৱন নির্বাহৰ বাবে অত্যন্ত প্ৰয়োজনীয় এক প্ৰাকৃতিক সম্পদ৷ গছ-গছনিয়ে এৰি দিয়া অক্সিজেন গেছ আমি উশাহত ল‌ওঁ আৰু আমি এৰি দিয়া কাৰ্বন-ডাই-অক্সাইড গেছ গছ-গছনিয়ে গ্ৰহণ কৰে‍। গছ-গছনিৰ বাবেই আমাৰ বায়ুমণ্ডলৰ প্ৰদূষণ নিয়ন্ত্ৰণ হয়। ইয়াৰ উপৰি গছৰ শিপাই মাটিত খামোচ মাৰি ধৰি ভূমিক্ষয় ৰোধ কৰে। গছৰ পৰাই আমি আমাৰ প্ৰয়োজনীয় আচবাব-পত্ৰ তৈয়াৰ কৰি‍ লওঁ। ঘৰ-দুৱাৰ, খিৰিকী, চাং, চকী, মেজ আদিৰ উপৰি ইয়াক আমি ইন্ধন হিচাপে‍ও ব্যৱহাৰ কৰোঁ। তদুপৰি অসমৰ হাবিত পোৱা বিভিন্ন ধৰণৰ ঔষধি গছ বিভিন্ন বেমাৰৰ ঔষধ হিচাপে‍ ব্যৱহাৰ কৰা হয়। গছ-গছনিয়ে আমাৰ জীৱন ধাৰণ প্ৰণালীত বিভিন্ন ধৰণে উপকাৰ কৰে।

(ছ) গছ-গছনি আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ কিয় দৰকাৰ? আলোচনা কৰা

উত্তৰ: পৃথিৱীৰ জলবায়ুৰ ওপৰত উদ্ভিদৰ বিশেষ প্ৰভাৱ পৰিলক্ষিত হয়। এই উদ্ভিদে প্ৰাণীজগতক সুৰক্ষা দি থকাৰ উপৰি মানুহৰ জীৱন ধাৰণত বিশেষভাৱে সহায় কৰি আহিছে। মানুহৰ মৌলিক প্ৰয়োজনীয় সামগ্ৰী, খাদ্য সামগ্ৰী, ঔষধ আদি সকলো প্ৰাকৃতিক উদ্ভিদৰ পৰাই আহৰণ কৰা হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে খেতি-বাতি, নগৰ-চহৰ আদি স্থাপনৰ বাবে অধিক ঠাইৰ আৱশ্যক হৈছে। অপৰিকল্পিতভাৱে বনৰ জীৱ-জন্তু হত্যা কৰা, পাহাৰ কাটি দ ঠাই পূৰোৱা, য’তে-ত’তে খননকাৰ্য কৰা আদিয়ে বৰ্তমান সময়ত প্ৰাকৃতিক উদ্ভিদৰ লগতে বন্যপ্ৰাণী জীয়াই থকাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে। তাৰ উপৰি মানুহে প্ৰকৃতিৰ ওপৰত কৰা এনে ধ্বংসমূলক কাৰ্যৰ বাবে গোটেই পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈছে। অসমৰ হাবিত পোৱা মূল্যৱান জীৱ-জন্তু, যেনে― গড়, হাতী, হৰিণা, বাঘ, বনৰীয়া ম’হ আদি চোৰাং চিকাৰী আৰু দুষ্ট প্ৰকৃতিৰ মানুহে হত্যা কৰি তাৰ অংগ-প্ৰত্যংগ অবৈধভাৱে বজাৰত বিক্ৰি কৰিছে। ইয়াৰ উপৰি অসমৰ হাবিত পোৱা বিভিন্ন ধৰণৰ মূল্যৱান গছ, কাঠ চোৰাং বেপাৰীয়ে অবৈধভাৱে কাটি বিক্ৰী কৰা দেখা যায়। আনহাতে আমাৰ ৰাজ্যৰ বিভিন্ন মাছ, যেনেখলিহনা, পুঠি, পাটিমূতুৰা, গঙাটোপ, বটিয়া, মাগুৰ আদিৰ বিদেশৰ বজাৰত জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ ফলত এইবিলাকৰ গুৰুত্ব বৃদ্ধি পাই আহিছে। এনেবোৰ কাৰণ ওপৰত ভিত্তি কৰি আমি  প্ৰাকৃতিক উদ্ভিদৰ লগতে বন্যপ্ৰাণীসমূহক সংৰক্ষণ কৰাৰ বিশেষ প্ৰয়োজন

(৩) খালী ঠাই পূৰ কৰা

(ক) কোনো এটা অঞ্চলৰ কমেও ৫০ বছৰত সূৰ্যৰ পোহৰ, উষ্ণতা, বায়ুৰ চাপ, বৃষ্টিপাত, আৰ্দ্ৰতা আদিৰ গড় অৱস্থাকে ______ বুলি কোৱা হয়।

উত্তৰ: কোনো এটা অঞ্চলৰ কমেও ৫০ বছৰত সূৰ্যৰ পোহৰ, উষ্ণতা, বায়ুৰ চাপ, বৃষ্টিপাত, আৰ্দ্ৰতা আদিৰ গড় অৱস্থাকে জলবায়ু বুলি কোৱা হয়

(খ) জলবায়ুৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি অসমত বছৰটোক ______ ঋতুত ভাগ কৰিব পাৰি।

উত্তৰ: জলবায়ুৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি অসমত বছৰটোক চাৰিটা ঋতুত ভাগ কৰিব পাৰি

(গ) ভাৰতবৰ্ষৰ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান ______৷

উত্তৰ: ভাৰতবৰ্ষৰ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান প্ৰথম

(ঘ) ______ বতাহৰ বাবে বৰ্ষাকালত অসম প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

উত্তৰ: দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসম প্ৰচুৰ পৰিমাণে বৰষুণ হয়

(ঙ) বৰ্তমান অসমত ______ খন অভয়াৰণ্য আছে।

উত্তৰ: বৰ্তমান অসমত  ১৭  খন অভয়াৰণ্য আছে

(চ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ______ বাবে বিখ্যাত।

উত্তৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত

(ছ) শীতকালত দিন চুটি আৰু ৰাতি ______ হয়।

উত্তৰ: শীতকালত দিন চুটি আৰু ৰাতি  দীঘল  হয়৷

(৪) শুদ্ধ উত্তৰটো বাছি উলিওৱা

(ক) পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখন হ’ল

(১) চেৰাপুঞ্জী(২) মৌচিনৰাম, (৩) শ্বিলং

উত্তৰ: (২) মৌচিনৰাম।

(খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘাইকৈ অসমৰ কোন জিলাত অৱস্থিত?

(১) গোলাঘাট, (২) যোৰহাট, (৩) মৰিগাঁও, (৪) কামৰূপ 

উত্তৰ: (১) গোলাঘাট।

(গ) এবছৰত একোবাৰকৈ নিজৰ পাত সলোৱা উদ্ভিদবিধ হ’ল

(১) পৰ্ণপাতী, (২) চিৰসেউজীয়া, (৩) তৃণভূমি

উত্তৰ: (১) পৰ্ণপাতী।

(ঘ) উদ্ভিদে এৰি দিয়া গেছবিধৰ নাম

(১) কাৰ্বন-ডাই-অক্সাইড, (২) অক্সিজেন, (৩) নাইট্ৰজেন 

উত্তৰ: (২) অক্সিজেন।

(৫) সমভূমি অঞ্চলৰ কৃষি আৰু পাহাৰীয়া অঞ্চলৰ কৃষিৰ মাজত কি কি পাৰ্থক্য আছে? লিখা

উত্তৰ: সমভূমি অঞ্চলৰ কৃষি আৰু পাহাৰীয়া অঞ্চলৰ কৃষিৰ মাজ পাৰ্থক্য হ’ল—

(১) সমভূমি অঞ্চলৰ খেতি হাল বাই, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি ব্যৱহাৰ কৰি কৰা হয় আনহাতে‍ পাহাৰীয়া অঞ্চলত খাঁজ কাটি কৃষিকার্য কৰা হয়।

(২) ধান, মৰাপাট, সৰিয়হ, গম আদি সমভূমি অঞ্চলৰ প্ৰধান কৃষি। বিভিন্ন আলু, কচু, ফল-মূল আদি পাহাৰীয়া অঞ্চলৰ প্ৰধান কৃষি।

(৬) প্ৰকল্প-

তোমালোকৰ চাৰিওফালে পোৱা যিকোনো ছটা চৰাইৰ নাম তালকিাভুক্ত কৰাৰ লগতে তলত দিয়া বিষয় অনুসাৰে টোকা প্ৰস্তুত কৰা—
(ক) চৰাইৰ ৰং
(খ) চৰাইৰ বাহৰ ধৰণ
(গ) খোৱা খাদ্য
(ঘ) মাত
(ঙ) আন আন বৈশিষ্টসমূহ, ইত্যাদি৷

উত্তৰ:

চৰাইৰ নাম চৰাইৰ ৰং চৰাইৰ বাহৰ ধৰণ খোৱা খাদ্য মাত আন আন বৈশিষ্টসমূহ
(ক) টুনী পাতল মটিয়া, সেউজীয়া৷ মূৰ অলপ ৰঙচুৱা৷ গছৰ পাতৰ আঁহে‍ৰেই দুখন পাত চিলাই মোনাৰ দৰে বনাই খেৰ-কুতা ভৰাই৷ কীট-পতংগ, ফুলৰ মৌ, ধান টুইট-টুইট চতুৰ প্ৰকৃতিৰ৷
(খ) বুলবুলি‍ মুগা ধোঁৱা বৰণৰ৷ তলছোৱা ৰঙা৷ চাউল থোৱা পাচি-খৰাহীৰ নিচিনা৷ কীট-পতংগ, ফল-মূল সুৰীয়া মূৰত কিৰিটী থাকে৷
(গ) ঘৰচিৰিকা ধোঁৱা বৰণৰ৷ ক’লা আৰু মুগা বৰণৰ ফুট৷ শুকান পাত, সৰু ঠানি, ফটা কাগজ আদিৰে মানুহৰ ঘৰৰ চালত বাহ সাজে৷ কীট-পতংগ, শইচ চিৰিক-চিৰিক সমগ্ৰ জীৱন একে ঠাইত থাকে৷
(ঘ) চিলনী কজলা মটিয়া৷ শুকান ডাল পাতেৰে ওখ গছৰ ডালত বাহ সাজে৷ মাংস চি-ই-ইল প্ৰখৰ দৃষ্টিশক্তি সম্পন্ন৷
(ঙ) সখিয়তী হালধীয়া ঘাঁহ আৰু গছৰ বাকলিৰে খাটোলাৰ নিচিনা বাহ সাজে৷ বাহটো গছত ওলমি থাকে৷ কীট-পতংগ, ফল-মূল সখী-ঔ সখী-ঔ ই একোবাৰত তিনিটা কণী পাৰে৷
(চ) কাউৰী ক’লা গছৰ ফেৰেঙনিত ডাল পাতেৰে বাহ সাজে৷ ভাত,ৰুটি,সৰু প্ৰাণী কা-কা মতা, মাইকী দুয়োটাই উমনিত বহে৷
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ