(১) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া—
(ক) মানচিত্ৰৰ উপাদান
কেইবিধ আৰু কি কি?
উত্তৰ: মানচিত্ৰৰ
উপাদান তিনিবিধ৷ সেইবোৰ হ’ল— দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন৷
(খ) প্ৰধান দিশ চাৰিটা
কি কি?
উত্তৰ: প্ৰধান দিশ চাৰিটা হ’ল— পূব, পশ্চিম, উত্তৰ, দক্ষিণ৷
(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?
উত্তৰ: ভূ-পৃষ্ঠৰ ওপৰৰ
দূৰত্বক মানচিত্ৰৰ দূৰত্বৰ লগত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকেই মাপনী বা
স্কেল বোলে৷
(ঘ) কিছু ক্ষেত্ৰত
গোলকতকৈ মানচিত্ৰ কিদৰে বেছি সুবিধাজনক?
উত্তৰ: কিছু ক্ষেত্ৰত
গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক৷ গোটেই পৃথিৱীখনৰ বিষয়ে একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰত
গোলকসটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি; কিন্তু আমি যেতিয়া পৃথিৱীৰ কোনো এটা
অংশ অর্থাৎ কোনো দেশ, ৰাজ্য, জিলা, চহৰ বা গাঁও আদিৰ বিষয়ে অধ্যয়ন কৰিবলৈ লওঁ,
তেতিয়া গোলকৰ সলনি মানচিত্ৰ বেছি সুবিধাজনক হয়৷ মানচিত্ৰত সৰু অংশ এটাৰ সবিশেষ
পোৱা যায়৷
(ঙ) মানচিত্ৰ আৰু
নক্সাৰ মাজত পার্থক্য কি?
উত্তৰ: গোটেই পৃথিৱীখন
বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱর্তন কৰি কাগজ বা তেনে কোনো সমতল পৃষ্ঠত
দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি অংকন কৰা চিত্ৰই হ’ল মানচিত্ৰ৷ আনহাতে নক্সা হ’ল
ডাঙৰ মাপনীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰ৷
(চ) মানচিত্ৰ অধ্যয়নৰ
ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কি দৰে সহায় কৰে?
উত্তৰ: মানচিত্ৰ অধ্যয়নৰ
ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে বিশেষভাৱে সহায় কৰে৷ মানচিত্ৰত কোনো এখন ঠাইৰ
ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, গছ-গছনি, ৰে’লপথ, পুখুৰী, কুঁৱা, খেতি-পথাৰ আদিৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি
দেখুৱাব পৰা নাযায়৷ সেয়েহে, এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰ সহায়ত
দেখুওৱা হয়৷ মানচিত্ৰত ব্যৱহাৰ হোৱা এই চিহ্নবোৰ গোটেই পৃথিৱীতে একে হোৱা
হেতুকে এইবোৰৰ সহায়ত আমি যিকোনো এখন ঠাইৰ বিভিন্ন ধৰণৰ তথ্যসমূহ জানিব পাৰোঁ৷
(২) শুদ্ধ উত্তৰটোত ‘✔’ চিহ্ন দিয়া—
(ক) উদ্ভিদৰ বিতৰণ
দেখুওৱা মানচিত্ৰবিধ হ’ল—
(১) বতৰৰ মানচিত্ৰ
(২) বিষয়ভিত্তিক
মানচিত্ৰ
(৩) ৰাজনৈতিক মানচিত্ৰ
উত্তৰ: বিষয় ভিত্তিক
মানচিত্ৰ৷
(খ) তলৰ কোনটো
দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং ব্যৱহাৰ কৰা হয়—
(১) পানী ভাগ
(২) পর্বত
(৩) সমভূমি
উত্তৰ: পানী ভাগ৷
(গ) কম্পাছ ব্যৱহাৰ
কৰা হয়—
(১) সাংকেতিক চিহ্ন
দেখুৱাবলৈ৷
(২) প্ৰধান দিশ নির্ণয়
কৰিবলৈ৷
(৩) দূৰত্ব জুখিবলৈ৷
উত্তৰ: প্ৰধান দিশ
নির্ণয় কৰিবলৈ৷
(ঘ) তলৰ কোনটোৰ বাবে
মাপনীৰ প্ৰয়োজন?
(১) মানচিত্ৰ অংকন
(২) আর্হি চিত্ৰ
(৩) চিহ্ন
উত্তৰ: মানচিত্ৰ অংকন৷ ✔