পৰিয়াল— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী




অনুশীলনীৰ প্ৰশ্নোত্তৰ


চমু উত্তৰ দিয়া:

ক) পৰিয়াল এটা কোনে পৰিচালনা কৰে?

উত্তৰ: পৰিয়াল এটা পৰিয়ালটোৰ মুৰব্বীজনে পৰিচালনা কৰে৷

খ) অনিতাৰ পৰিয়ালৰ সদস্য কেইজন?

উত্তৰ: অনিতাৰ পৰিয়ালৰ সদস্য ৯ জন৷

গ) অনিতাৰ পৰিয়ালটো কোনটো পৰিয়ালৰ অন্তৰ্গত?

উত্তৰ: অনিতাৰ পৰিয়ালটো যৌথ পৰিয়ালৰ অন্তৰ্গত৷

ঘ) শশাংকুৰ পৰিয়ালটো কি পৰিয়াল?

উত্তৰ: শশাংকুৰ পৰিয়ালটো একক পৰিয়াল৷

 

২৷ খালী ঠাই পূৰ কৰা:

ক) সমাজৰ এটা প্ৰাথমিক গোট হ’ল _____

উত্তৰ: সমাজৰ এটা প্ৰাথমিক গোট হ’ল  পৰিয়াল

খ) পৰিয়াল এটা শৃংখলাবদ্ধভাৱে চলিবৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে নিজা নিজা ______ থাকে৷

উত্তৰ: পৰিয়াল এটা শৃংখলাবদ্ধভাৱে চলিবৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে নিজা নিজা  নীতি‍-নিয়ম  থাকে৷

গ) শশাংকুৱে ধুনীয়া ______ আঁকে৷

উত্তৰ: শশাংকুৱে ধুনীয়া   ছবি  আঁকে৷

ঘ) শি‍ক্ষয়িত্ৰীয়ে শশাংকুক সাধুকথা ______ ৰে বুজায়৷

উত্তৰ: শি‍ক্ষয়িত্ৰীয়ে শশাংকুক সাধুকথা  ইংগিত আৰু অংগভংগীৰে‍‍  বুজায়৷


৩৷ উত্তৰ লিখা:

ক) একক পৰিয়াল বুলিলে কি বুজা?

উত্তৰ: যি পৰিয়ালত মাক-দেউতাকৰ লগতে তেওঁলোকৰ সন্তানসকল থাকে, তেনে পৰিয়ালেই হ’ল একক পৰিয়াল৷

খ) শশাংকুৱে কিয় ইংগিতেৰে কথা পাতে?

উত্তৰ: শশাংকুৱে কাণেৰে ভালদৰে নুশুনে আৰু সেয়ে কথা ক’বও নোৱাৰে৷ সেইবাবে শশাংকুৱে আকাৰ-ইংগিতেৰে কথা পাতে৷

গ) যৌথ পৰিয়াল বুলিলে কি বুজা?

উত্তৰ: যিবোৰ পৰিয়ালত ককাক-আইতাক, বৰদেউতাক-বৰমাক, খুড়াক-খুড়ীয়েক, পেহীয়েক, মাক-দেউতাক আৰু তেওঁলোকৰ ল’ৰা-ছোৱালী— সকলো একেলগে থাকে, তেনে পৰিয়ালকে যৌথ পৰিয়াল বুলি কোৱা হয়৷

ঘ) শশাংকুৱে বিদ্যালয়ত লগৰীয়াৰ লগত কি কি কৰে?

উত্তৰ: শশাংকুৱে লগৰীয়াৰ লগত বিদ্যালয়ত থকা নানা ধৰণৰ পুতলাৰ খেল, সাঁথৰৰ খেল আৰু কাঠৰ টুকুৰা লগ লগাই বস্তু সজা আদি খেল খেলে৷

৪৷ তলত দিয়া সদস্যসকলৰ সম্পৰ্ক বিচাৰি উলিয়াই ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা৷


‘ক’‘খ’
দেউতাৰ ককায়েক পেহী
ককাৰ দেউতাক বৰদেউতা
দেউতাৰ মাক মামা
মাৰ ভায়েক ককা
দেউতাৰ ভনীয়েক আইতা
মাৰ দেউতাক আজুককা

উত্তৰ:

‘ক’‘খ’
দেউতাৰ ককায়েক বৰদেউতা
ককাৰ দেউতাক আজুককা
দেউতাৰ মাক আইতা
মাৰ ভায়েক মামা
দেউতাৰ ভনীয়েক পেহী
মাৰ দেউতাক ককা


৫৷ তোমালোকৰ নিজৰ নিজৰ পৰিয়ালৰ বিষয়ে পাঁচটাকৈ বাক্য লিখা৷‍

উত্তৰ:

ক) মোৰ পৰিয়ালত মই, মোৰ মা আৰু দেউতা আছোঁ৷

খ) দেউতা হৈছে আমাৰ পৰিয়ালটোৰ মুৰব্বী৷

গ) আমাৰ পৰিয়ালটো এটা একক পৰিয়াল৷

ঘ) মোৰ দেউতাই হৈছে আমাৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী৷

ঙ) মোৰ দেউতাই এখন চৰকাৰী বিদ্যালয়ত শি‍ক্ষকতা কৰে৷



অন্যান্য প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

১) একক পৰিয়াল বুলিলে কি বুজা?

উত্তৰ: যি পৰিয়ালত মাক-দেউতাকৰ লগতে তেওঁলোকৰ সন্তানসকল থাকে, তেনে পৰিয়ালেই হ’ল একক পৰিয়াল৷

২) এটা একক পৰিয়ালত কোন কোন থাকে?

উত্তৰ: এটা একক পৰিয়ালত মাক-দেউতাক আৰু তেওঁলোকৰ সন্তানসকল থাকে৷

৩) পৰিয়াল বুলিলে কি বুজা?

উত্তৰ: পিতৃ-মাতৃ, বাই-ভনী, ককাই-ভাই মিলিয়েই হৈছে এটা পৰিয়াল৷

৪) পৰিয়াল এটা কোনে পৰিচালনা কৰে?

উত্তৰ: পৰিয়াল এটা পৰিয়ালটোৰ মুৰব্বীজনে পৰিচালনা কৰে৷

৫) যৌথ পৰিয়াল বুলিলে কি বুজা?

উত্তৰ: যিবোৰ পৰিয়ালত ককাক-আইতাক, বৰদেউতাক-বৰমাক, খুড়াক-খুড়ীয়েক, পেহীয়েক, মাক-দেউতাক আৰু তেওঁলোকৰ ল’ৰা-ছোৱালী— সকলো একেলগে থাকে, তেনে পৰিয়ালকে যৌথ পৰিয়াল বুলি কোৱা হয়৷

৬) অনিতাৰ ঘৰ ক’ত?

উত্তৰ: অনিতাৰ ঘৰ শিৱসাগৰ জিলাৰ নাজিৰাত৷

৭) অনিতাক বিদ্যালয়লৈ যোৱাত কোনে সহায় কৰি দিয়ে?

উত্তৰ: অনিতাক বিদ্যালয়লৈ যোৱাত খুড়ীয়েকে সহায় কৰি দিয়ে৷

৮) অনিতাৰ পৰিয়ালৰ সদস্য কেইজন?

উত্তৰ: অনিতাৰ পৰিয়ালৰ সদস্য ৯ জন৷

৯) অনিতাৰ পৰিয়ালটো একক পৰিয়াল নে যৌথ পৰিয়াল?

উত্তৰ: অনিতাৰ পৰিয়ালটো যৌথ পৰিয়াল৷

১০) অনিতাক কোনে বিদ্যালয়লৈ লৈ যায়?

উত্তৰ: অনিতাক খুড়াকে বিদ্যালয়লৈ লৈ যায়৷

১১) অনিতাৰ খুড়াকৰ ল’ৰাটোৰ নাম কি?

উত্তৰ: অনিতাৰ খুড়াকৰ ল’ৰাটোৰ  নাম জিণ্টু৷

১২) অনিতাই বিদ্যালয়ৰ পৰা আহি কাৰ লগত খেলে?

উত্তৰ: অনিতাই বিদ্যালয়ৰ পৰা আহি খুড়াকৰ ল’ৰা জিণ্টুৰ লগত খেলে৷

১৩) আবেলি অনিতাই ককাকৰ লগত কি কৰে?

উত্তৰ: আবেলি অনিতাই ককাকৰ লগত ফুলনিত পানী দিয়ে৷

১৪) ৰাতি শোৱাৰ সময়ত অনিতাক কোনে সাধু শুনায়?

উত্তৰ: ৰাতি শোৱাৰ সময়ত অনিতাৰ আইতাকে তাইক সাধু শুনায়৷

১৫) প্ৰত্যেক দেওবাৰে অনিতাক কোনে গান শিকায়?

উত্তৰ: প্ৰত্যেক দেওবাৰে অনিতাৰ পেহীয়েকে তাইক গান শিকায়৷

১৬) বিদ্যালয়ত হোৱা বাৰ্ষিক অধিৱেশনত অনিতাই কি পুৰস্কাৰ পাইছিল?

উত্তৰ: বিদ্যালয়ত হোৱা বাৰ্ষিক অধিৱেশনত জ্যোতিসংগীতৰ প্ৰতিযোগিতাত অনিতাই প্ৰথম পুৰস্কাৰ পাইছিল৷

১৭) অনিতাই নিজৰ পঢ়া টেবুলখন কেনেকৈ ৰাখে?

উত্তৰ: অনিতাই নিজৰ পঢ়া টেবুলখন পৰিষ্কাৰ আৰু পৰিপাটিকৈ ৰাখে৷

১৮) অনিতাৰ পঢ়াৰ যত্ন কোনে লয়?

উত্তৰ: মাকে অনিতাৰ পঢ়াৰ যত্ন লয়৷

১৯) অনিতাৰ পৰিয়ালৰ কোনে উপাৰ্জন কৰে?

উত্তৰ: অনিতাৰ পৰিয়ালত তাইৰ দেউতাক আৰু খুড়াকে উপাৰ্জন কৰে৷

২০) অনিতাৰ পৰিয়ালৰ মুৰব্বী কোন?

উত্তৰ: অনিতাৰ পৰিয়ালৰ মুৰব্বী তাইৰ ককাক৷

২১) মণি, পৰী আৰু জুৰি‍-- তিনিগৰাকী সহপাঠী একেলগে এটা ভাড়াঘৰত থাকে৷ এইটো এটা পৰিয়ালনে?

উত্তৰ: মণি, পৰী আৰু জুৰি-- তিনিগৰাকী সহপাঠী একেলগে এটা ভাড়াঘৰত থাকে৷ এইটো এটা পৰিয়াল নহয়৷

২২) শশাংকুৰ ঘৰ ক’ত?

উত্তৰ: শশাংকুৰ ঘৰ শোণিতপুৰ জিলাৰ চতি‍য়াত৷

২৩) শশাংকুৰ পৰিয়ালত কোন কোন আছে?

উত্তৰ: শশাংকুৰ পৰিয়ালত শশাংকু আৰু তাৰ মাক-দেউতাক আছে৷

২৪) শশাংকুৰ পৰিয়ালটো একক পৰিয়াল নে যৌথ পৰিয়াল?

উত্তৰ: শশাংকুৰ পৰিয়ালটো একক পৰিয়াল৷

২৫) শশাংকুৱে ক’ত পঢ়ে?

উত্তৰ: শশাংকুৱে প্ৰাক্-প্ৰাথমিক বিদ্যালয়ত পঢ়ে৷

২৬) শশাংকুক ৰাতিপুৱা শোৱাৰ পৰা কোনে জগাই দিয়ে?

উত্তৰ: শশাংকুক ৰাতিপুৱা শোৱাৰ পৰা মাকে জগাই দিয়ে৷

২৭) শশাংকুক বিদ্যালয়লৈ যাবৰ সময়ত কোনে পোছাক পিন্ধাই দিয়ে?

উত্তৰ: শশাংকুক বিদ্যালয়লৈ যাবৰ সময়ত মাকে পোছাক পিন্ধাই দিয়ে৷

২৮) শশাংকুৰ প্ৰিয় খেল কি?

উত্তৰ: শশাংকুৰ প্ৰিয় খেল ক্ৰিকেট৷

২৯) শশাংকুৱে বিদ্যালয়ত লগৰীয়াৰ লগত কি কি কৰে?

উত্তৰ: শশাংকুৱে বিদ্যালয়ত লগৰীয়াৰ লগত নানা ধৰণৰ পুতলা, সাঁথৰ আৰু কাঠৰ টুকুৰা লগ লগাই বস্তু সজা আদি খেল খেলে৷

৩০) শশাংকুৱে কিয় ইংগিতেৰে কথা পাতে?

উত্তৰ: শশাংকুৱে কাণেৰে ভালদৰে নুশুনে আৰু সেয়ে কথা ক’বও নোৱাৰে৷ সেইবাবে শশাংকুৱে আকাৰ-ইংগিতেৰে কথা পাতে৷

৩১) তলত দিয়া সম্পৰ্কবোৰ কি বুলি কয় লিখা—

ক) দেউতাকৰ ককায়েক
খ) ককাৰ দেউতাক
গ) দেউতাৰ মাক
ঘ) মাৰ ভায়েক
ঙ) দেউতাৰ ভনীয়েক
চ) মাৰ দেউতাক
ছ) মাৰ মাক
জ) মাৰ ভনীয়েক
ঝ) বাইদেউৰ গিৰিয়েক
ঞ) পেহীৰ গিৰিয়েক
ট) মাহীৰ গিৰিয়েক
ঠ) মামাৰ ঘৈণীয়েক
ড) খুড়াৰ ঘৈণীয়েক
ঢ) বৰদেউতাৰ ঘৈ‍ণীয়েক
ণ) জেঠাইৰ গিৰিয়েক


উত্তৰ:

ক) দেউতাকৰ ককায়েক বৰদেউতা
খ) ককাৰ দেউতাক আজুককা
গ) দেউতাৰ মাক আইতা
ঘ) মাৰ ভায়েক মামা
ঙ) দেউতাৰ ভনীয়েক পেহী
চ) মাৰ দেউতাক ককা
ছ) মাৰ মাক আইতা
জ) মাৰ ভনীয়েক মাহী
ঝ) বাইদেউৰ গিৰিয়েক ভিনদেউ
ঞ) পেহীৰ গিৰিয়েক পেহা
ট) মাহীৰ গিৰিয়েক মহা
ঠ) মামাৰ ঘৈণীয়েক মামী
ড) খুড়াৰ ঘৈণীয়েক খুড়ী
ঢ) বৰদেউতাৰ ঘৈ‍ণীয়েক বৰমা
ণ) জেঠাইৰ গিৰিয়েক জেঠু/ জেঠপেহা

৩২) তোমাৰ পৰিয়ালত কোন কোন আছে?

উত্তৰ: আমাৰ পৰিয়ালত মা, দেউতা, মই আৰু মোৰ বাইদেউ আছোঁ৷

বা

আমাৰ পৰিয়ালত মই, মোৰ ককা, আইতা, খুড়া, খুড়ী, বৰদেউতা, বৰমা, এজন দাদা, এজন ভাইটি, দুগৰাকী ভণ্টী আৰু দুগৰাকী বাইদেউ আছোঁ৷‍


অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ