পৃথিৱীৰ প্ৰধান ভূ-অৱয়ব— সমাজ বি‍জ্ঞান, ষষ্ঠ শ্ৰেণী

(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা—

(ক) প্ৰধান ভূ-অৱয়বকে‍ইটা কি কি?

উত্তৰ: প্ৰধান ভূ-অৱয়বকে‍ইটা হ’ল— পর্বত, পাহাৰ, মালভূমি আৰু সমভূমি৷

(খ) পর্বত আৰু মালভূমিৰ পার্থক্য কি কি?

উত্তৰ:

পৰ্বতমালভূমি‍
(১) পর্বত হ’ল প্ৰাকৃতিকভাৱে থকা অতি ওখ ঠাই৷ মালভূমি হৈছে‍ কিছুমান পর্বত বা পাহাৰৰ ওপৰত থকা বহল সমতল ঠাই৷
(২) পর্বতৰ থিয় শিখৰ থাকে‍৷ পৰ্বতৰ দৰে মালভূমিৰ থিয় শিখৰ দেখা নাযায়৷ মালভূমিৰ ওপৰভাগ বহল আৰু সমতল৷
(৩) পর্বতৰ উচ্চতা ইয়াৰ চাৰিওফালে থকা ভূ-ভাগতকৈ অত্যন্ত অধিক হয়৷ মালভূমিৰ উচ্চতা মাত্ৰ কেইমিটাৰমানৰ পৰা কেইবাহাজাৰ মিটাৰ হ’ব পাৰে৷

(গ) উৎপত্তিৰ ফালৰ পৰা পর্বত-পাহাৰক কি কি ভাগত ভাগ কৰা হয়?

উত্তৰ: উৎপত্তিৰ ফালৰ পৰা পর্বত-পাহাৰক তিনিটা ভাগত ভাগ কৰা হয়—

    (i) আগ্নেয় পর্বত

    (ii) ভংগিল পর্বত

    (iii) স্তূপ পর্বত৷

(ঘ) পর্বত-পাহাৰ মানুহৰ কি কি কামত আহে?

উত্তৰ: মানুহৰ জীৱন যাপনত পর্বত-পাহাৰৰ ভূমিকা অতি গুৰুত্বপূর্ণ৷ পর্বত-পাহাৰবোৰত থকা খনিজ সম্পদসমূহ আহৰণ কৰি মানুহে নানান কামত খটুৱায়৷ পর্বতৰ হিমবাহ আৰু নিজৰাৰ পৰা উৎপত্তি হোৱা নদীৰ পানী মানুহৰ উপযোগী পানীৰ ভঁৰাল৷ দুখন পর্বতৰ মাজৰ দ অঞ্চলত নদী আৰু জুৰিত বান্ধ দি জলাশয়ৰ সৃষ্টি কৰি এই জলভাণ্ডাৰৰ পৰা জলবিদ্যুত শক্তি উৎপাদন কৰা হয়৷ আকৌ সেই পানী মানুহে খেতি-বাতিৰ লগতে অন্যান্য কাম-কাজত ব্যৱহাৰ কৰে৷ পাহাৰৰ ঢালত খেতিয়কে বিভিন্ন ধৰণৰ শাক-পাচলি আৰু ফল-মূলৰ খেতি কৰে৷ পর্বত-পাহাৰত থকা অৰণ্যসমূহে মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় খৰি, ফল-মূল, গৃহ নির্মাণৰ সামগ্ৰী পশুখাদ্য আৰু অনেক ঔষধি উদ্ভিদৰ যোগান ধৰে৷ এই সমূহৰ উপৰি পর্বত-পাহাৰত থকা উদ্ভিদে ইয়াৰ ওচৰ-পাঁজৰ অঞ্চলৰ উষ্ণতা, বায়ুমণ্ডলৰ উত্তাপ, বতাহ, বৰষুণ নিয়ন্ত্ৰণতো বিশেষ ভূমিকা পালন কৰে৷

(ঙ) সমভূমি কেনেকৈ গঠিত হয়?

উত্তৰ: নৈ, জান-জুৰিৰ বোৱঁতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই আনি নিম্নভূমি অঞ্চলত জমা কৰে৷ লাখ লাখ বছৰ জুৰি চলি থকা এই কার্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি সমভূমিৰ সৃষ্টি হয়৷ আনহাতে নিম্ন ভূমি‍সমূহতো জমা হোৱা গেদবোৰৰ ফলত সমভূমিৰ সৃষ্টি হয়৷ কেতিয়াবা ভূ-আন্দোলনৰ ফলতো কোনো নিম্ন ভূমি উঠি আহি সমভূমিৰ ৰূপ লয়৷

(চ) নদী উপত্যকা কিয় ঘন জনবসতিপূর্ণ?

উত্তৰ: সাধাৰণতে নদী উপত্যকা অঞ্চলৰ মাটি কৃষিকার্যৰ বাবে উপযুক্ত হোৱাৰ লগতে এনে অঞ্চলবোৰত উদ্যোগ, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধা থাকে৷ তদুপৰি মাছ ধৰা বৃত্তি আৰু কম খৰচী যাতায়তৰ সুবিধা থকাৰ বাবেও এনে অঞ্চলসমূহত জনবসতি ঘন৷

(ছ) পার্বত্য অঞ্চলসমূহত সাধাৰণতে কিয় জনবসতি সেৰেঙা?

উত্তৰ: পার্বত্য অঞ্চলসমূহ সাধাৰণতে থিয় ঢালযুক্ত আৰু শিলাময় হোৱাৰ হেতুকে কৃষিকার্য আৰু গৃহনির্মাণৰ বাবে প্ৰয়োজন হোৱা সমতল ভূমিৰ অভাৱ পৰিলক্ষি‍ত হয়৷ এই অঞ্চলবোৰ বাট-পথ নির্মাণৰ বাবেও অসুবিধাজনক৷ তদুপৰি এনে ‍অঞ্চলৰ জলবায়ু মানুহৰ জীৱন নি‍র্বাহৰ বাবে অধিক উপযোগী নোহোৱাৰ বাবে পার্বত্য অঞ্চলত মানুহৰ জনবসতি সেৰেঙা৷

(২) শুদ্ধটোত (✓ ) চিন দিয়া—

(ক) পাহাৰতকৈ পর্বত বেলেগ হোৱাৰ মূল কাৰণ—

    (১) উচ্চতা    (২) ঢাল      (৩) গঠন প্ৰক্ৰিয়া

উত্তৰ: উচ্চতা৷

(খ) হিমবাহ থকা স্থান হ’ল—

    (১) সমভূমি   (২) পর্বত     (৩) মৰুভূমি

উত্তৰ: পর্বত৷

(গ) দক্ষি‍ণাত্য মালভূমিৰ অৱস্থান—

    (১) চীনত     (২)    নেপালত      (৩)    ভাৰতবর্ষত

উত্তৰ: ভাৰতবর্ষত৷

(৩) খালী ঠাই পূৰ কৰা—

(ক) ৰ’দ, বতাহ, বৰষুণ আদিৰ ফলত ভূ-আকৃতিৰ পৰিৱর্তন হ’লে তাক ______ প্ৰক্ৰিয়াৰ দ্বাৰা ‍‍পৰিৱর্তন হোৱা বুলি কোৱা হয়৷

উত্তৰ: ৰ’দ, বতাহ, বৰষুণ আদিৰ ফলত ভূ-আকৃতিৰ পৰিৱর্তন হ’লে তাক _বাহ্যিক_ প্ৰক্ৰিয়াৰ দ্বাৰা ‍‍পৰিৱর্তন হোৱা বুলি কোৱা হয়৷

(খ) হিমালয় আৰু আল্পচ একোখন _____ পর্বত৷

উত্তৰ: হিমালয় আৰু আল্পচ একোখন _ভংগিল_ পর্বত৷

(গ) _______ সমূহ সাধাৰণতে খনিজ সম্পদত চহকী৷

উত্তৰ:_মালভূমি_ সমূহ সাধাৰণতে খনিজ সম্পদত চহকী৷

(ঘ) ______ অঞ্চলত যাতায়ত ব্যৱস্থা আটাইতকৈ সহজসাধ্য৷

উত্তৰ: _সমভূমি_ অঞ্চলত যাতায়ত ব্যৱস্থা আটাইতকৈ সহজসাধ্য৷

(ঙ) বোৱঁতী পানীৰ সোঁতে ______ সৃষ্টিত বিশেষ ভূমিকা লয়৷

উত্তৰ: বোৱঁতী পানীৰ সোঁতে _সমভূমি_ সৃষ্টিত বিশেষ ভূমিকা লয়৷

(৪) তলত দিয়া পৃথিৱীৰ মানচিত্ৰখনত কেইখনমান পর্বতমালাৰ অৱস্থান দিয়া আছে৷ ভূচিত্ৰাৱলী চাই প্ৰতিখনৰ কাষৰ খালী ঘৰত তলত দিয়া ক্ৰমিক নম্বৰসমূহ বহুওৱা—

    (১) হিমালয় পর্বতমালা

    (২) আল্প্‌ছ পর্বতমালা

    (৩) ৰকি‍ পর্বতমালা

    (৪) এণ্ডিজ পর্বতমালা


পৃথিৱী

উত্তৰ:

(ছাত্ৰ-ছাত্ৰীয়ে দেখাত সুবিধা হোৱাকৈ মানচিত্ৰৰ খালী ঠাইকেইডোখৰলৈ ক্ৰমিক নম্বৰসমূহ আঁক টানি দেখুওৱা হৈছে৷)
পৃথিৱী

(৫) মানুহে পর্বত-পাহাৰ, গছ-গছনি, শিল-মাটি আদি অপৰিকল্পিতভাৱে কাটি থাকিলে এদিন আমাৰ কি কি অসুবিধা হ’ব পাৰে, পাঠৰ আধাৰত এটি টোকা লিখা৷

উত্তৰ: পৃথিৱীত থকা পর্বত-পাহাৰ, গছ-গছনি, শিল-মাটি আদিয়ে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰি আছে৷ যাৰ ফলত পৃথিৱীৰ সকলো জীৱৰে জীৱন ধাৰণ সম্ভৱ হৈ উঠিছে৷ কিন্তু আমি যদি অপৰিকল্পিতভাৱে পর্বত-পাহাৰ, গছ-গছনি, শিল-মাটি আদি ব্যৱহাৰ কৰি থাকোঁ, তেতিয়া পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য নষ্ট হ’ব৷ যধে‍-মধে গছ-গছনি কটা, পাহাৰ কাটি দ ঠাই পূৰোৱা, য’তে-ত’তে খননকার্য কৰাৰ ফলত প্ৰাকৃতিক উদ্ভিদৰ লগতে বন্যপ্ৰাণী জীয়াই থকাৰ ক্ষে‍ত্ৰতো সমস্যাৰ সৃষ্টি হ’ব৷ প্ৰাকৃতিক ভাৰসাম্য নষ্ট হোৱাৰ ফলত জলবায়ুৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব, যাৰ ফলত আমি অতিমাত্ৰা বৃষ্টিপাত বা খৰাঙৰ সন্মুখীন হ’ব পাৰোঁ৷ যধে‍-মধে  প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ ফলত মানুহৰ মৌলিক প্ৰয়োজনীয় সা-সামগ্ৰী, খাদ্যসামগ্ৰী আদিৰ ক্ষে‍ত্ৰতো নাটনিৰ সৃষ্টি হ’ব৷ তদুপৰি গছ-গছনি কটাৰ ফলত মানুহৰ লগতে সমগ্ৰ জীৱকুলে অক্সিজেনৰ অভাৱ আৰু গোলকীয় উষ্ণতা বৃদ্ধি আদিৰ দৰে সমস্যাৰ লগত যুঁজিব লাগিব৷

(৬) ভূচিত্ৰাৱলী চাই হিমালয় পর্বতৰ পৰা উৎপত্তি হোৱা কেইখনমান নৈৰ নাম লিখা৷

উত্তৰ: হিমালয় পর্বতৰ পৰা উৎপত্তি হোৱা কেইখনমান নৈৰ নাম হ’ল— সিন্ধু, যমুনা, গংগা, ব্ৰহ্মপুত্ৰ৷

যুগুতালে‍— বৰ্ণালী ঠাকুৰে‍

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ