পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ— সমাজ বি‍জ্ঞান, ষষ্ঠ শ্ৰেণী

(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা—

(ক) পৃথিৱীৰ প্ৰধান চাৰিটা মণ্ডল কি কি?

উত্তৰ: পৃথিৱীৰ প্ৰধান চাৰিটা মণ্ডল হ’ল— স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল৷

(খ) পৃথিৱীৰ প্ৰধান মহাদেশবোৰৰ নাম কি কি?

উত্তৰ: পৃথিৱীৰ প্ৰধান মহাদেশবোৰৰ নাম হ’ল— এছিয়া, য়ুৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টার্কটিকা বা কুমেৰু মহাদেশ৷

(গ) দক্ষিণ গোলার্ধত পৰা মহাদেশখনৰ নাম কি?

উত্তৰ: দক্ষিণ গোলার্ধত পৰা মহাদেশখনৰ নাম হ’ল— এণ্টার্কটিকা বা কুমেৰু মহাদেশ৷

(ঘ) বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি কি?

উত্তৰ: বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম হ’ল— ট্ৰপ’স্ফ‍িয়েৰ, ষ্ট্ৰে‍ট’স্ফ‍িয়েৰ, মেছ’স্ফ‍িয়েৰ আৰু থার্ম’স্ফ‍িয়েৰ৷

(ঙ) জীৱৰ বাবে বায়ুমণ্ডল কিয় প্ৰয়োজনীয়?

উত্তৰ: বায়ুমণ্ডল পৃথিৱীৰ এক অতি দৰকাৰী আৰু এৰাব নোৱৰা অংগ৷ বায়ুমণ্ডলে পৃথিৱীৰ জীৱকুলৰ শ্বাস-প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয় বায়ুৰ যোগান ধৰাৰ লগতে সূর্যৰ  ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা জীৱ-জগতক ৰক্ষা কৰে‍৷

(চ) মহাদেশ আৰু মহাসাগৰসমূহৰ নাম কি কি?

উত্তৰ: মহাদেশবোৰৰ নাম হ’ল— এছিয়া, য়ুৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টার্কটিকা বা কুমেৰু মহাদেশ৷

মহাসাগৰসমূহৰ নাম হ’ল— প্ৰশান্ত মহাসাগৰ, আট্‌লাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ৷

(ছ) জীৱমণ্ডলত মানুহে কি কি পৰিৱর্তন সাধন কৰিছে?

উত্তৰ: মানুহে কৰা বিভিন্ন কার্যৰ ফলত জীৱমণ্ডলত বহুতো পৰিৱর্তন সাধন হৈছে৷ অপৰিকল্প‍িতভাৱে ঘৰ-দুৱাৰ, কল-কাৰখানা, নদীবান্ধ আদিৰ নির্মাণে জীৱমণ্ডলৰ  অন্তর্গত বায়ু, পানী আৰু মাটি প্ৰদূষিত কৰিছে৷ জধে‍-মধে‍ অৰণ্য ধ্বংস কৰাৰ ফলত ভূমি ক্ষয় হোৱাৰ লগতে অৰণ্যত থকা প্ৰাণীৰ বাসস্থানৰ অভাৱ হৈছে৷ মানুহে কৰা কার্যৰ বাবে কার্বন-ডাই-অক্সাইড গেছৰ বৃদ্ধ‍িয়ে গোলকীয় উষ্ণতা বৃদ্ধ‍ি কৰিছে৷

(২) শুদ্ধ উত্তৰটোত ( ) চিন দিয়া—

(ক) এছিয়া মহাদেশৰ পৰা য়ুৰোপক পৃথক কৰা পর্বতমালা—

  (১) এণ্ড‍িজ

  (২) হিমালয়

  (৩) য়ুৰাল

উত্তৰ: য়ুৰাল৷

(খ) শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধ—

  (১) নাইট্ৰ’জেন

  (২) অক্স‍িজেন

  (৩) কার্বন-ডাই-অক্সাইড

উত্তৰ: নাইট্ৰ’জেন৷

(গ) কঠিন শিলাৰে‍ গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো—

  (১) বায়ুমণ্ডল

  (২) জলমণ্ডল

  (৩) স্থলমণ্ডল

উত্তৰ: স্থলমণ্ডল৷

(ঘ) আটাইতকৈ বৃহৎ মহাদেশখন হ’ল—

  (১) আফ্ৰিকা

  (২) এছিয়া

  (৩) ওচেনিয়া

উত্তৰ: এছিয়া৷

(৩) জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত? দলত আলোচনা কৰি লিখা৷

উত্তৰ: জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ‍ হ’লে, পৃথিৱীৰ সম্পদসমূহৰ ব্যৱহাৰৰ ক্ষ‍েত্ৰত আমি সুচিন্তিত হ’ব লাগি‍ব৷ অপৰিকল্প‍িতভাৱে ঘৰ-দুৱাৰ, কল-কাৰখানা, নদীবান্ধ আদি নির্মাণৰ পৰা বিৰত থাকিব লাগি‍ব আৰু অৰণ্য ধ্বংসকাৰ্য বন্ধ কৰি নতুনকৈ বৃক্ষৰোপণ কৰিব লাগি‍ব৷ তেতিয়াহে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল, জীৱমণ্ডলৰ ভাৰসাম্য ৰক্ষা হ’ব আৰু পৃথিৱীখন জীৱৰ বসবাসৰ উপযোগী হৈ থাকিব৷

যুগুতালে— বৰ্ণালী ঠাকুৰে‍

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ