মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি মেধা সন্ধানী পৰীক্ষা (অষ্টম শ্ৰেণী)— ২০১৯

CHIEF MINISTER’S SPECIAL SCHOLARSHIP SCHEME

Talent Search Examination, 2019

Class—VIII

(PAPER—I)

MEDIUM: ASSAMESE

Full Marks: 100

Time: 3 hours

 

PARTI

বিষয়: অসমীয়া (মাতৃভাষা)

(নম্বৰ: ১৫)

১৷ শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা:   ৩

(ক) কোনখন গল্প-সংকলনৰ বাবে শীলভদ্ৰই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

  (১) আগমণিৰ ঘাট

  (২) আহঁতগুৰি

  (৩) মধুপুৰ বহুদূৰ

  (৪) আকৌ মধুপুৰ

(খ) ‘জোনাকী’ কাকতখনৰ প্ৰথম সম্পাদক আছিল

  (১) লক্ষ্মীনাথ বেজবৰুৱা

  (২) চন্দ্ৰকুমাৰ আগৰৱালা

  (৩) আনন্দচন্দ্ৰ আগৰৱালা

  (৪) জ্যোতিপ্ৰসাদ আগৰৱালা

(গ) হোমী জাহাংগীৰ ভাবাৰ জন্ম হৈছিল

  (১) ১৯০৯ চনৰ ৩১ অক্টোবৰ

  (২) ১৯০৯ চনৰ ৩০ অক্টোবৰ

  (৩) ১৯০৮ চনৰ ৩০ অক্টোবৰ

  (৪) ১৯০৭ চনৰ ৩০ অক্টোবৰ

২। কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোঁহি, তুমি গমেই পোৱা নাইনে? এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাৱত তন্ময় হৈ আছিল? লিখা। ২

৩৷ উত্তৰ লিখা (যি কোনো দুটা) : ২

  (ক) ‘জাগা জননী সন্তান’ কবিতাটিত কবিয়ে কাক জাগি উঠিবলৈ কৈছে?

  (খ) সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়?

  (গ) অসমীয়া গদ্যসাহিত্যৰ জনক ভট্টদেৱৰ প্ৰকৃত নাম কি?

8৷ প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা (যি কোনো এছোৱা): ২

  (ক) যশোদা সুন্দৰী দেখন্ত পাছে

   সমস্ত জগত গৰ্ভতে আছে।।

  (খ) সংস্কৃতি হ’ল জাতীয় জীৱনৰ চালিকা শক্তি।

৫। বাক্য ৰচনা কৰা (যি কোনো দুটা): ২

   চিৰবৈৰী, ইতিহাস, আপুৰুগীয়া।

৬৷ তলত দিয়া সৰল বাক্যটো যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা: ১

   শ্যামন্তিকা আহিল, মালবিকা নাহিল।

৭। এটা শব্দত প্ৰকাশ কৰা:

  (ক) বিষ্ণুক ভক্তি কৰে যি

  (খ) পৰস্পৰে হাতে হাতে কৰা যি যুঁজ

৮৷ তলত দিয়া বিশেষ্যপদ দুটাৰ বিশেষণ ৰূপ লিখা : ২২১

   ইতিহাস, সৰলতা

৯৷ সন্ধি ভাঙা আৰু গঠন কৰা : ২২১

   সংগীত, অধীন


PART—II

Sub: English

(Marks: 10)

1. Read the following passage carefully and answer the questions given below:

The Smith family from South-East England were celebrating Christmas at a beach resort in Southern Thailand. Tilly Smith was a ten-years-old school girl, her sister was seven-years-old. Their parents were Penny and Colin Smith.

  (a) “Who was Tilly Smith? 1

  (b) Where did the Smith family live? 1

  (c) Why did they come to the sea beach? 1

2. Fill in the blanks in the sentences below using the appropriate forms of words given in the following box: 3

 (a) The meeting was by the youngest member of the board.

 (b) I meta from an antique land.

 (c) The guide called Stephen Hawking a worthy . to Issac Newton.

 

3. Answer the following questions (any two): 2x2=3

 (a) Why was Mill-Wheel afraid to leave Jody alone?

 (b) Why is Macavity called, ‘The master of criminal’?

 (c) Mention any two things that Parimal Ghosh knew about Bipin Babu.

4. Do as directed (any one): 1

 (a) People speak English in England.

     (Change the voice)

(b) He said to me, “Where is your book?”

    (Change the narration)

 

PART—III

বিষয়: সমাজ বিজ্ঞান

( নম্বৰ: 25)

১৷ উত্তৰ লিখা : ১x ১০=১০

(ক) বানপানী হৈ যোৱাৰ পাছত নৈত কিহৰ মাত্ৰা বৃদ্ধি পায়?

(খ) আহোমসকলৰ সৰ্বমুঠ কিমানজন ৰজাই ৰাজত্ব কৰিছিল?

(গ) মহাত্মা গান্ধীয়ে কেতিয়া এখন সংবিধানৰ দাবী কৰিছিল?

(ঘ) কোন চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক স্থাপন হৈছিল?

(ঙ) কোন চনত ভাৰতৰ ত্ৰিৰঙ্গা পতাকাখন ৰাষ্ট্ৰীয় পতাকাৰূপে স্বীকৃতি পাইছিল?‌

(চ) কোন পৰ্তুগীজ নাবিকে ১৪৯৮ খ্ৰীষ্টাব্দত ভাৰতলৈ অহা জলপথ আৱিষ্কাৰ কৰিছিল?

(ছ) অসমত বৰ্তমান কেইখন গাঁও আছে?

(জ) ভাৰতত বিজ্ঞানসন্মত মানচিত্ৰ প্ৰস্তুতিৰ সূচনা কোনে কৰিছিল?

(বা) কোনখন যুদ্ধই ভাৰতত ফৰাচীৰ প্ৰভাব লুপ্ত কৰিলে বুলি ক’ব পাৰি?

(ঞ) সুস্থ মনৰ বাবে মানুহক কিহৰ প্ৰয়োজন?


২৷ খালী ঠাই পূৰণ কৰা : ১x ৫=৫

 (ক) আমাৰ ভাৰতবৰ্ষ এখন ____ দেশ।

 (খ) পৰিয়ালবোৰ হৈছে ____ প্ৰাথমিক গোট।

 (গ) মধ্যযুগৰ শাসন আছিল ____।

 (ঘ) _____ সম্পদসমূহৰ ভাণ্ডাৰ সীমিত

 (ঙ) মৌলিক অধিকাৰ ____ এক গুৰুত্বপূৰ্ণ অংশ।


৩৷ শুদ্ধ উত্তৰ নিৰ্ণয় কৰা : ১ x 8=8

 (ক) বিশ্ব সিংহৰ ১৮/ ২০ জন পুতেক আছিল।

 (খ) ৭নং/ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথটো ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাই পথ।

 (গ) বৰাক নৈ‍ প্ৰায় ৯০৪/ ৭০০ কিল’মিটাৰ দীঘল।

 (ঘ) ১৫/ ১৭ মাৰ্চ তাৰিখটো বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয়।

৪৷ চমু উত্তৰ লিখা : ২x ৩=৬

 (ক) শিক্ষাৰ অধিকাৰ আইন, ২০০৯ চনৰ প্ৰধান উদ্দেশ্য কি?

 (খ) শংকৰদেৱৰ সাধনাৰ মূল বিষয়বস্তু কি আছিল?

 (গ) গৰম পানীৰ সোঁত বুলিলে কি বুজা?

 

PART—IV

বিষয়: গণিত

(নম্বৰ: 25)

১। শুদ্ধ উত্তৰটো বাছি উলিওৱা : ১x ৫=৫

(ক) অন্যোন্যক নথকা পৰিমেয় সংখ্যাটো হ’ল

  (১) 1

  (২) -1

  () 0

(খ) 64 ৰ ঘনমূল হ’ল

  (১) 8

  (২) 4

  (৩) 2

(গ) x/3=0 হ’লে‍ x ৰ মান হ’ব

  (১) 3

  (২) 0

  (৩) 1

(ঘ) কোনো বহুস্তলকৰ তল (F), কাষ (E) আৰু শীৰ্ষবিন্দু (V) ৰ মাজৰ সম্পৰ্কটো হৈছে

  (১) E + V= F+2

  (২) E+F = V+2

  (৩) F+V = E+2

(ঙ) 3.5— 0.5 শ্ৰেণী অন্তৰালৰ নিম্নসীমা হ’ল

  (১) 7

  (২) 3.5

  () 10.5


২৷ উত্তৰ লিখা : ২x ৫= ১০

(ক) সৰল কৰা আৰু উত্তৰটো সূচকীয় ৰূপত প্ৰকাশ কৰা:

\[{\left( { - 3} \right)^4} \times {\left( {\frac{5}{3}} \right)^4}\]

(খ) সমাধান কৰা :

\[\frac{{2x}}{3} + 1 = \frac{{7x}}{{15}} + 3\]

(গ) বৰ্গমূল উলিওৱা:

57476

(ঘ) -2 তকৈ ডাঙৰ 5টা পৰিমেয় সংখ্যা লিখা।

(ঙ) \(7{x^2} - 4xy + 8{y^2} + 5x - 3y\) ৰ পৰা \(5{x^2} - 4{y^2} + 6y - 3\) বিয়োগ কৰা।

৩ । এটা বৰ্গাকাৰ মাটিৰ কালি 2304 বৰ্গমিটাৰ । বৰ্গাকাৰ মাটিৰ  বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। ৩

৪ । সমাধ্যন কৰা :     

\[\frac{{3y + 4}}{{2 - 6y}} = \frac{{ - 2}}{5}\]

৫। উৎপাদক বিশ্লেষণ কৰা : ২ x ২ = ৪

  (ক) \({x^2} + xy + 8x + 8y\)

  (খ) \(16{x^4} - 81\)


PART—V

বিষয়: বিজ্ঞান

(নম্বৰ: 25)

১৷ উত্তৰ লিখা : ১ x ৫=৫

 (ক) এবিধ ৰাসায়নিক সাৰৰ নাম লিখা৷

 (খ) বসন্ত ৰোগৰ প্ৰতিষেধক কোনে আৱিষ্কাৰ কৰিছিল?

 (গ) থাৰ্ম’প্লাষ্টিকৰ এটা উদাহৰণ দিয়া।

 (ঘ) সূৰ্যৰ বগা পোহৰত কেইটা ৰং থাকে?

 (ঙ) এটা এককোষী জীৱৰ উদাহৰণ দিয়া।


২৷ উত্তৰ লিখা : ২ x ৫=১০

 (ক) মহাকৰ্ষণ বল কাক বোলে?

 (খ) কোলাহল (noise) আৰু সুললিত শব্দ (Musical sound) কাক বোলে?

 (গ) প্ৰতিফলনৰ সূত্ৰসমূহ লিখা৷

 (ঘ) গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম লিখা৷

 (ঙ) কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে, ব্যাখ্যা কৰা।

৩৷ কাৰণ দৰ্শোৱা : ৩ x ২=৬

(ক) ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল.পি.জি. (L.P.G) অধিক ভাল।

(খ) খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়।

৪৷ এটা প্ৰাণীকোষৰ চিহ্নিত চিত্ৰ আঁকি তলৰ অংশবিলাক চিনাক্ত কৰা : ৪

    (ক) কোষাৱৰণ

    (খ) ৰসধানী

    (গ) কোষকেন্দ্ৰ

    (ঘ) কোষপ্ৰৰস



CHIEF MINISTER’S SPECIAL SCHOLARSHIP SCHEME

Talent Search Examination, 2019

Class—VIII

(PAPER—II)


Subject : ART EDUCATION AND

GENERAL KNOWLEDGE

MEDIUM: ASSAMESE

Full Marks: 50

Time: 2 hours

 

১। এটা হাতীৰ ছবি অংকন কৰা। ৮

        নাইবা

   এটা পদুম ফুলৰ ছবি অংকন কৰা।

২৷ স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰীজনৰ নাম কি আছিল? ১

৩৷ অসমৰ বৰ্তমান ৰাজ্যপালৰ নাম কি? ১

৪৷ ২০১৯ চনত কোনজন অসমীয়াক মৰণোত্তৰভাৱে ‘ভাৰতৰত্ন’ বঁটা প্ৰদান কৰা হয়? ১

৫৷ ‘সোণৰ খাৰু নালাগে মোক’ নামৰ উপন্যাসখনৰ লেখক কোন?

৬৷ নলবাৰী জিলাত স্থাপন কৰা সংস্কৃত বিশ্ববিদ্যালয়খন কাৰ নামত নামকৰণ কৰা হৈছে? ১

৭। ‘সাহিত্য অকাদেশী বঁটা’ প্ৰাপ্ত  হীৰেণ ভট্টাচাৰ্য্যৰ প্ৰথম কবিতাপুথিখন কি? ১

৮৷ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ১

৯৷ সূৰ্যৰ পোহৰত কেইটা ৰং থাকে? ১

১০৷ অসমৰ কোনখন চহৰক ‘দেবদাৰু নগৰী’ বোলা হয়?

১১৷ শূন্য সংখ্যাটো পৃথিৱীৰ কোনজন গণিতজ্ঞ পণ্ডিতে প্ৰথমে  আৱি‍ষ্কাৰ কৰিছিল?‌ ১

১২৷ মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ১

১৩৷ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? ১

১৪৷ অসমৰ ক’ত কাঁহৰ বাচন তৈয়াৰ কৰা হয়? ১

১৫৷ অসম বিধানসভাৰ আসন কেইখন? ১

১৬৷ কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন-চাং অসমলৈ আহিছিল? ১

১৭৷ অসমীয়া নাট্যসাহিত্যৰ জনক কোন? তেওঁৰ প্ৰথম নাটখনৰ নাম কি? ২

১৮৷ অসমত প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? ২

১৯৷ অসমৰ তৃতীয়গৰাকী অলিম্পিয়ান কোন আৰু তেওঁ কি খেলত অংশগ্ৰহণ কৰিছিল? ২

২০৷ অসমৰ চূণ-শিল থকা জিলা দুখনৰ নাম লিখা৷ ২

২১৷ বগীবিল দলঙক সংযোগ কৰা জিলা দুখনৰ নাম লিখা। ২

২২৷ অসম চুক্তি অনুযায়ী অসমত প্ৰতিষ্ঠা হোৱা দুটা উল্লেখযোগ্য প্ৰকল্প উল্লেখ কৰা। ২

২৩৷ স্বৰ্গদেউ ৰুদ্ৰসিংহই নিজৰ মাকৰ স্মৃতিৰ বাবে নিৰ্মাণ কৰা স্মৃতিচিহ্ন দুটা কি কি?

২৪৷ জোনাকী যুগৰ ‘ত্ৰিমূৰ্ত্তি’ বুলি কাক কাক কোৱা হয়? ৩

২৫৷ ‘‘বাণিজ্যিক বেংকত তিনি ধৰণৰ একাউণ্ট খুলিব পাৰি’’— একাউণ্টকেইটা কি কি? ৩

২৬৷ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা : ৫

‘ক’ অংশ‘খ’ অংশ
(ক) ৰাজা ৰামমোহন ৰায়প্ৰাৰ্থনা সমাজ
(খ) ৰামকৃষ্ণ পৰমহংসদেৱব্ৰাহ্ম সমাজ
(গ) ছাৰ ছৈয়দ আহমদ খানআৰ্য সমাজ
(ঘ) গোবিন্দ ৰাণাডেআলিগড় আন্দোলন
(ঙ) দয়ানন্দ সৰস্বতী ৰামকৃষ্ণ মিছন

২৭৷ খালী ঠাই পূৰ কৰা : ১x ২=২

(ক) অৰ্থনীতিৰ ভাষাত গ্ৰাহকক ___ বুলি কোৱা হয়।

(খ) ____ যুক্তৰাষ্ট্ৰৰ সংবিধানখন আধুনিক যুগৰ প্ৰথম লিখিত সংবিধান।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ