উৎসৱ— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী


অনুশীলনীৰ প্ৰশ্নোত্তৰ


১৷ চমু উত্তৰ লিখা:

(ক) শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি?

উত্তৰ: শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম ‘গুৰু নানক জয়ন্তী’৷

(খ) বৰদিন কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে?

উত্তৰ: বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে৷

(গ) অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে?

উত্তৰ: অসমৰ ভোগালী বিহুৰ লগত পোংগল উৎসৱৰ মিল আছে৷

(ঘ) ওনাম উৎসৱত কি নৃত্য পৰিৱেশন কৰা হয়?

উত্তৰ: ওনাম উৎসৱত কাইকোট্টিকালি‍ নৃত্য পৰিৱেশন কৰা হয়৷

(কাইকোট্টিকালি নৃত্যটো চাবৰ বাবে ছাত্ৰ-ছাত্ৰীসকললৈ তলৰ ভিডিঅটো আগবঢ়োৱা হৈছে‍)

কাইকোট্টিকালি নৃত্য

(ঙ) দশেৰা উৎসৱৰ লগত একে সময়তে পূব ভাৰতত পালন কৰা উৎসৱটো কি?

উত্তৰ: দশেৰা উৎসৱৰ লগত একে সময়তে পূব ভাৰতত পালন কৰা উৎসৱটো হ’ল— দুৰ্গাপূজা৷

(চ) বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম লিখা৷

উত্তৰ: বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম হ’ল চট্ পূজা৷

২৷ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা:


‘ক’‘খ’
বিহু তামিলনাডু
বৈশাখী মহাৰাষ্ট্ৰ
পোংগল অসম
ওনাম পঞ্জাব
গণেশ চতুৰ্থী কেৰেলা

উত্তৰ:

‘ক’‘খ’
বিহু অসম
বৈশাখী পঞ্জাব
পোংগল তামিলনাডু
ওনাম কেৰেলা
গণেশ চতুৰ্থী মহাৰাষ্ট্ৰ


৩৷ উত্তৰ লিখা:

(ক) বিহু কেইটা আৰু কি কি?

উত্তৰ: বিহু তিনিটা আৰু সেইকেইটা হ’ল—

(i) ব’হাগ বিহু বা ৰঙালী বিহু

(ii) কাতি বিহু বা কঙালী বিহু

(iii) মাঘ বিহু বা ভোগালী বিহু৷

(খ) ফাকুৱা উৎসৱ কেনেদৰে পালন কৰা হয়?

উত্তৰ: ৰং-বিৰঙৰ বস্ত্ৰ পৰিধান কৰি ফাকুগুড়ি এজনে আনজনৰ গাত সানি নাইবা ৰংমিহলি পানী এজনে আনজনৰ গালৈ ছটিওৱাৰ লগতে নৃত্য-গীতৰ মাজেৰে আনন্দ উপভোগ কৰি ফাকুৱা উৎসৱ পালন কৰা হয়৷‍

(গ) বুদ্ধ পূৰ্ণিমা কিয় পালন কৰা হয়?

উত্তৰ: বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক বুদ্ধদেৱৰ জন্ম, সিদ্ধিলাভ আৰু মৃত্যু ব’হাগ মাহৰ পূৰ্ণিমা তিথিতে হৈছিল৷ সেইবাবে ব’হাগ মাহৰ পূৰ্ণিমাৰ দিনটোক এক পৱিত্ৰ দিন হিচাপে বুদ্ধ পূৰ্ণিমা পালন কৰা হয়৷

(ঘ) ঈদ কেইটা আৰু কি কি?

উত্তৰ: ঈদ দুটা৷ সেইকেইটা হ’ল—

(i) ঈদ-উল ফিতৰ

(ii) ঈদোজ্জোহা৷

(ঙ) দশেৰা উৎসৱত কাৰ কাৰ প্ৰতিমূৰ্তি জ্বলাই দিয়া হয়?

উত্তৰ: দশেৰা উৎসৱত ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিমূৰ্তি জ্বলাই দিয়া হয়৷

৪৷ তুমি ভাল পোৱা যিকোনো এটা উৎসৱৰ বিষয়ে পাঁচটা বাক্য লিখা৷

উত্তৰ: মই ভাল পোৱা উৎসৱ বিহুৰ বিষয়ে তলত পাঁচটা বাক্য লিখা হৈছে‍—(i) বিহু অসমৰ জাতীয় উৎসৱ

(ii) অসমত এই উৎসৱ জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলো লোকেই পালন কৰে৷

(iii) বিহু মূলতঃ কৃষিৰ লগত জড়িত উৎসৱ বাবে ইয়াক কৃষিভিত্তিক উৎসৱ বুলিও কোৱা হয়৷

(iv) বিহু তিনিটা আৰু সেইকেইটা হ’ল— ব’হাগ বিহু (ৰঙালী বিহু), কাতি বিহু (কঙালী বিহু) আৰু মাঘ বিহু (ভোগালী বিহু)৷

(v) বিহুক অসমীয়াৰ বাপতিসাহোন বুলি কোৱা হয়৷

৫৷ শুদ্ধ উত্তৰটোত   চিন দিয়া:

(ক) গুৰু নানক বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক৷

(খ) ওনাম উৎসৱ কেৰেলাত ধৰ্মনিৰপেক্ষভাৱে পালন কৰা হয়৷

(গ) চট্ পূজাত সূৰ্য দেৱতাক পূজা কৰা হয়৷

উত্তৰ:

(ক) গুৰু নানক বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক৷

(খ) ওনাম উৎসৱ কেৰেলাত ধৰ্মনিৰপেক্ষভাৱে পালন কৰা হয়৷ 

(গ) চট্ পূজাত সূৰ্য দেৱতাক পূজা কৰা হয়৷ 


অন্যান্য প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


ক) চমু উত্তৰৰ প্ৰশ্ন

১) অসমৰ জাতীয় উৎসৱ কি?

উত্তৰ: অসমৰ জাতীয় উৎসৱ বিহু৷

২) তোমালোকে পালন কৰা যিকোনো দুটা উৎসৱৰ নাম লিখা৷

উত্তৰ: আমি পালন কৰা দুটা উৎসৱৰ নাম হ’ল—

ক) বিহু

খ) ফাকুৱা

৩) বিহু কেইটা আৰু কি কি?

উত্তৰ: বিহু তিনিটা৷ সেইকেইটা হ’ল—

ক) ব’হাগ বিহু (ৰঙালী বিহু)

খ) কাতি বিহু (কঙালী বিহু)

গ) মাঘ বিহু (ভোগালী বিহু)

৪) ব’হাগ বিহুৰ প্ৰথম দিনটোক কি বুলি কোৱা হয়?

উত্তৰ: ব’হাগ বিহুৰ প্ৰথম দিনটোক গৰু বিহু বুলি কোৱা হয়৷

৫) ব’হাগ বিহু কেইদিন ধৰি পালন কৰা হয়?

উত্তৰ: ব’হাগ বিহু সাত দিন ধৰি পালন কৰা হয়৷

৬) ব’হাগ বিহুক আৰু কি নামেৰে জনা যায়?

উত্তৰ: ব’হাগ বিহুক ৰঙালী বিহু নামেৰেও জনা যায়৷

৭) কাতি বিহু কেতিয়া পালন কৰা হয়?

উত্তৰ: আহিন মাহৰ শেষৰ দিনটোত কাতি বিহু পালন কৰা হয়৷

৮) কাতি বিহুক আৰু কি নামেৰে জনা যায়?

উত্তৰ: কাতি বিহুক কঙালী বিহু নামেৰেও জনা যায়৷

৯) কাতি বিহুত পথাৰত কি কৰা হয়?

উত্তৰ: কাতি বিহুত খেতি-পথাৰত চাকি-বন্তি জ্বলোৱা হয়৷

১০) মাঘ বিহুক আৰু কি নামেৰে জনা যায়?

উত্তৰ: মাঘ বিহুক ভোগালী বিহু নামেৰে জনা যায়৷

১১) মাঘ বিহু কেতিয়া পালন কৰা হয়?

উত্তৰ: পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়৷

১২) মাঘ বিহুত অনুষ্ঠিত কৰা দুবিধ খেলৰ নাম লিখা৷

উত্তৰ: মাঘ বিহুত অনুষ্ঠিত কৰা দুবিধ খেলৰ নাম— 

ক) ম’হযুঁজ (বৰ্তমান নিষিদ্ধ)

খ) কড়ি খেল

১৩) ওনাম উৎসৱ ক’ত পালন কৰা হয়?

উত্তৰ: ওনাম উৎসৱ কেৰেলা ৰাজ্যত পালন কৰা হয়৷

১৪) ওনাম উৎসৱ কেইদিন ধৰি পালন কৰা হয়?

উত্তৰ: ওনাম উৎসৱ দহ দিন ধৰি পালন কৰা হয়৷

১৫) ওনাম উৎসৱৰ লগত কি নাচৰ সম্পৰ্ক আছে?

উত্তৰ: ওনাম উৎসৱৰ লগত কাইকোট্টিকালি নাচৰ সম্পৰ্ক আছে৷

১৬) ওনাম উৎসৱৰ লগত সম্পৰ্ক থকা নাও খেলবিধৰ নাম কি?

উত্তৰ: ওনাম উৎসৱৰ লগত সম্পৰ্ক থকা নাও খেলবিধৰ নাম হ’ল— ভেলুমকালি৷

(ভেলুমকালি  নাওখেল চাবৰ বাবে ছাত্ৰ-ছাত্ৰীসকললৈ তলৰ ভিডিঅ’টো আগবঢ়োৱা হৈছে‍)

ভেলুমকালি নাওখেল

১৭) পোংগল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়?

উত্তৰ: পোংগল উৎসৱ তামিলনাডু ৰাজ্যত পালন কৰা হয়৷

১৮) পোংগল উৎসৱক অসমৰ কোনটো উৎসৱৰ লগত তুলনা কৰা হয়?

উত্তৰ: পোংগল উৎসৱক অসমৰ ভোগালী বিহুৰ লগত তুলনা কৰা হয়৷

১৯) দশেৰা উৎসৱ ক’ত পালন কৰা হয়?

উত্তৰ: দশেৰা উৎসৱ উত্তৰ ভাৰতত পালন কৰা হয়৷

২০) ৰামৰ পত্নীৰ নাম কি আছিল?

উত্তৰ: ৰামৰ পত্নীৰ নাম আছিল সীতা৷

২১) সীতাক লংকালৈ কোনে হৰণ কৰি নিছিল?

উত্তৰ: ৰাৱণে সীতাক লংকালৈ হৰণ কৰি নিছিল৷

২২) ৰাৱণৰ মূৰ কেইটা আছিল?

উত্তৰ: ৰাৱণৰ মূৰ দহটা আছিল৷

২৩) দশেৰা উৎসৱত কাৰ কাৰ প্ৰতিমূৰ্তি জ্বলাই দিয়া হয়?

উত্তৰ: দশেৰা উৎসৱত ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিমূৰ্তি জ্বলাই দিয়া হয়৷

২৪) দশেৰা উৎসৱ পালনৰ সময়ত পূব ভাৰতত কি উৎসৱ পালন কৰা হয়?

উত্তৰ: দশেৰা উৎসৱ পালনৰ সময়ত পূব ভাৰতত দুর্গাপূজা পালন কৰা হয়৷

২৫) দুর্গা পূজা কোন ঋতুত পালন কৰা হয়?

উত্তৰ: দুর্গা পূজা শৰৎ ঋতুত পালন কৰা হয়৷

২৬) চট্ পূজা প্ৰধানকৈ ক’ত ক’ত পালন কৰা হয়?

উত্তৰ: চট্ পূজা প্ৰধানকৈ বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা হয়৷

২৭) চট্ পূজাত কাক পূজা কৰা হয়?

উত্তৰ: চট্ পূজাত সূৰ্য দেৱতাক পূজা কৰা হয়৷

২৮) চট্ পূজাত পুৰুষে নে মহিলাই মুখ্য ভূমিকা পালন কৰে?

উত্তৰ: চট্ পূজাত মহিলাই মুখ্য ভূমিকা পালন কৰে৷

২৯) ফাকুৱা উৎসৱ কোন মাহত পালন কৰা হয়?

উত্তৰ: ফাকুৱা উৎসৱ ফাগুন মাহত পালন কৰা হয়৷

৩০) ফাকুৱাত ৰাজস্থানত কি বাদ্যযন্ত্ৰ বজোৱা হয়?

উত্তৰ: ফাকুৱাত ৰাজস্থানত ‘চোং’ নামৰ বাদ্যযন্ত্ৰ বজোৱা হয়৷

৩১) ফাকুৱাক ব্ৰজধামত কি বুলি কোৱা হয়?

উত্তৰ: ফাকুৱাক ব্ৰজধামত ‘হোলি’ বুলি কোৱা হয়৷

৩২) ফাকুৱাক পশ্চিমবংগত কি বুলি কোৱা হয়?

উত্তৰ: ফাকুৱাক পশ্চিমবংগত ‘দৌলযাত্ৰা’ বুলি কোৱা হয়৷

৩৩) ফাকুৱাক অসমত আৰু কি বুলি কোৱা হয়?

উত্তৰ: ফাকুৱাক অসমত ঠাইবিশেষে ‘দৌল উৎসৱ’ বুলিও কোৱা হয়৷

৩৪) ঈদ কোন ধৰ্মৰ লোকে পালন কৰে?

উত্তৰ: ঈদ ইছলাম ধৰ্মৰ লোকে পালন কৰে৷

৩৫) ঈদ কেইটা আৰু কি কি?

উত্তৰ: ঈদ দুটা আৰু সেইকেইটা হ’ল— ঈদ-উল-ফিতৰ আৰু ঈদুজ্জোহা৷

৩৬) ঈদ-উল-ফিতৰ কোন মাহত পালন কৰা হয়?

উত্তৰ: ঈদ-উল-ফিতৰ আৰবী কেলেণ্ডাৰৰ চাৱাল মাহত পালন কৰা হয়৷

৩৭) ঈদুজ্জহা আৰবী কেলেণ্ডাৰৰ কোন মাহত পালন কৰা হয়?

উত্তৰ: ঈদুজ্জহা আৰবী কেলেণ্ডাৰৰ জিলহজ্ব মাহত (১০ তাৰিখে) পালন কৰা হয়৷

৩৮) বৌদ্ধ ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰ: বুদ্ধদেৱে বৌদ্ধ ধৰ্ম প্ৰৱৰ্তন কৰিছিল৷

৩৯) বুদ্ধ পূর্ণিমা কেতিয়া পালন কৰা হয়?

উত্তৰ: ব’হাগ মাহৰ পূর্ণিমা তিথিত বুদ্ধ পূর্ণিমা পালন কৰা হয়৷

৪০) বুদ্ধ পূর্ণিমা কিয় পালন কৰা হয়?

উত্তৰ: বুদ্ধদেৱৰ জন্ম, সিদ্ধিলাভ আৰু মৃত্যু ব’হাগ মাহৰ পূর্ণিমা তিথিতে হৈছিল৷ সেয়ে এই তিথিক পৱিত্ৰ বুদ্ধ পূর্ণিমা হিচাপে পালন কৰা হয়৷

৪১) শিখ ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰ: গুৰু নানকে শিখ ধৰ্ম প্ৰৱৰ্তন কৰিছিল৷

৪২) গুৰু নানক জয়ন্তী কোন মাহত পালন কৰা হয়?

উত্তৰ: কাতি মাহত (পূর্ণিমা তিথিত) গুৰু নানক জয়ন্তী পালন কৰা হয়৷

৪৩) বৰদিন কোন ধৰ্মৰ লোকে পালন কৰে?

উত্তৰ: খ্ৰীষ্টান ধৰ্মৰ লোকে বৰদিন পালন কৰে৷

৪৪) বৰদিন কোন তাৰিখে পালন কৰা হয়? 

উত্তৰ: ডিচেম্বৰ মাহৰ ২৫ তাৰিখে বৰদিন পালন কৰা হয়৷

৪৫) ‘পৌষ সংক্ৰান্তি’ ক’ত পালন কৰা হয়?

উত্তৰ: ‘পৌষ সংক্ৰান্তি’ উৰিষ্যাত পালন কৰা হয়৷

৪৬) ‘নববৰ্ষ’ ক’ত পালন কৰা হয়?

উত্তৰ: ‘নববৰ্ষ’ পশ্চিমবংগ ৰাজ্যত পালন কৰা হয়৷

৪৭) ‘বৈশাখী’ ক’ত পালন কৰা হয়?

উত্তৰ: ‘বৈশাখী’ পঞ্জাবত পালন কৰা হয়৷

৪৮) ‘গণেশ চতুৰ্থী’ ক’ত পালন কৰা হয়?

উত্তৰ: ‘গণেশ চতুৰ্থী’ মহাৰাষ্ট্ৰত পালন কৰা হয়৷

৪৯) ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যতে পালন কৰা উৎসৱ কেইটামানৰ নাম লিখা৷

উত্তৰ: ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যতে পালন কৰা উৎসৱ কেইটামানৰ নাম হ’ল— ৰাখীবন্ধন, দেৱালী, বিশ্বকৰ্মা পূজা, সৰস্বতী পূজা, বৰদিন, দুৰ্গাপূজা, ঈদ৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ