১৮৫৭ চনৰ বিদ্ৰোহ— সমাজ বি‍জ্ঞান, অষ্টম শ্ৰেণী

১) উত্তৰ লিখা —

(ক) কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ইংৰাজ উপনিৱে‍শত পৰিণত হ’ল?

উত্তৰ: অষ্টাদশ শতিকাৰ দ্বিতীয়ার্ধৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ইংৰাজ উপনিৱে‍শত পৰিণত হ’ল।

(খ) কোন গৱৰ্নৰ জেনেৰেলৰ শাসনকালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল?

উত্তৰ: লৰ্ড ডেলহাউচিৰ শাসনকালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল।

(গ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল?

উত্তৰ: ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ আছিল মংগল পাণ্ডে।

(ঘ) মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল?

উত্তৰ: মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল।

(ঙ) অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিল?

উত্তৰ: অসমৰ কৃষক বিদ্ৰোহসমূহ ৰাইজমেলবিলাকে‍ পৰিচালনা কৰিছিল৷

২) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

‘ক’ অংশ ‘খ’ অংশ
ক) ১৮৫৬ চনৰ আইন মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্ৰমণ।
খ) ১৮৫৭ চনৰ ২৯ মাৰ্চ গোমধৰ কোঁৱৰৰ বিদ্ৰোহ।
গ) ১৮৫৮ চন ফুলগুৰি ধেৱা।
ঘ) ১৮২৮ চন সাগৰ যাত্ৰা বাধ্যতামূলক কৰা।
ঙ) ১৮৬১ চন ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টোৰিয়াৰ অধীন।

উত্তৰ:

‘ক’ অংশ ‘খ’ অংশ
ক) ১৮৫৬ চনৰ আইন সাগৰ যাত্ৰা বাধ্যতামূলক কৰা।
খ) ১৮৫৭ চনৰ ২৯ মাৰ্চ মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্ৰমণ।
গ) ১৮৫৮ চন ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টোৰিয়াৰ অধীন।
ঘ) ১৮২৮ চন গোমধৰ কোঁৱৰৰ বিদ্ৰোহ।
ঙ) ১৮৬১ চন ফুলগুৰি ধেৱা।

৩) শুদ্ধ/ অশুদ্ধ নিৰ্ণয় কৰা—

(ক) অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল।

উত্তৰ: শুদ্ধ

(খ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁচী।

উত্তৰ: অশুদ্ধ

(গ) ১৮৫৭ চনৰ বিদ্ৰোহত বাহাদুৰ ছাহ দ্বিতীয়ক ভাৰতবৰ্ষৰ সম্ৰাট বুলি ঘোষণা কৰিছিল।

উত্তৰ: শুদ্ধ

(ঘ) মণিৰাম দেৱানে পুৰন্দৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ ইংৰাজক আৱে‍দন জনাইছিল।

উত্তৰ: অশুদ্ধ

(ঙ) ১৮৬১ চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্ৰোহ কৰিছিল।

উত্তৰ: অশুদ্ধ 

৪) চমু টোকা লিখা—

(ক) মণিৰাম দেৱান

(খ) ফুলগুৰি ধেৱা

(গ) চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ

উত্তৰ:

(ক) মণিৰাম দেৱান: ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত অসমৰ প্ৰধান নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা ওৰফে মণিৰাম দেৱান। মণিৰাম দেৱান চতুৰ, ৰাজনৈতিক তথা প্ৰশাসনিক দক্ষতাসম্পন্ন ব্যক্তি আছিল। প্ৰথম অৱস্থাত মণিৰাম দেৱান ইংৰাজৰ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজেই এজন ভুক্তভোগী হোৱা হেতুকে লাহে লাহে ইংৰাজবিদ্বেষী হৈ পৰে। সেয়েহে ইংৰাজৰ অধীনৰ ‘দেৱান’-ৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ চিনামৰা আৰু চেলেঙত নিজাকৈ চাহবাগিচা খুলি প্ৰথম অসমীয়া তথা ভাৰতীয় চাহখেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰে। মণি‍ৰামৰ এই ব্যৱসায় সহজভাৱে ল’ব নোৱাৰি ইংৰাজে বিভিন্ন প্ৰকাৰে তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ অসমত পুনৰ কন্দৰ্পেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা চেষ্টা অথলে যোৱাত অৱশেষত ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযোগ গ্ৰহণ কৰি অসমতো সশস্ত্ৰ সংগ্ৰামৰ প্ৰস্তুতি চলায়। এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা, কন্দৰ্পেশ্বৰ সিংহ প্ৰমুখ্যে অন্যান্য সহযোগীসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহৰ প্ৰস্তুতি চলাবলৈ আহ্বান জনায়। কিন্তু প্ৰস্তুতি ভালেখিনি আগবঢ়াৰ সময়তে দেৱানৰ বিদ্ৰোহ সম্পৰ্কীয় কিছুমান নথি-পত্ৰ ইংৰাজৰ হাতত পৰাত তৎকালীনভাৱে মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলক আটক কৰি কোনো আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত ইংৰাজে যোৰহাটত ফাঁচি দিয়ে।

(খ) ফুলগুৰি ধেৱা: ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত ভাৰতৰ শাসনভাৰ পোনপটীয়াকৈ ইংৰাজ চৰকাৰৰ হাতলৈ যায় যদিও এই পৰিৱর্তন ভাৰতীয় জনসাধাৰণৰ বাবে শুভ নাছিল৷ ইংৰাজে বিদ্ৰোহৰ ঘাটি পূৰাবলৈ প্ৰজাৰ ওপৰত নতুন নতুন কৰ প্ৰৱর্তন কৰি সাধাৰণ প্ৰজা আৰু কৃষকৰ জীৱন দুর্বিসহ কৰি তুলিছিল৷ তেনে সময়তে ১৮৫১-৫২ চনত ইংৰাজ চৰকাৰে অসমত আবকাৰী কানিৰ প্ৰচলন কৰাত এই খেতি কৰি জীৱিকা নির্বাহ কৰা খেতিয়কসকলৰ উপাৰ্জনৰ পথ বন্ধ হয়৷ অসমত আফু খেতি কৰাও নিষিদ্ধ কৰে৷ ইংৰাজ চৰকাৰৰ এনেবোৰ কার্যত কৃষকসকল ক্ষোভিত আৰু উত্তেজিত হৈ ১৮৬১ চনত নগাঁৱৰ ফুলগুৰিত এক বিদ্ৰোহ কৰে৷ ইয়ে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ‘ফুলগুৰি ধেৱা’৷ ধেৱাৰ অর্থ ৰণ বা যুদ্ধ৷

(গ) চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ: ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল নতুনকৈ চিপাহীসকলৰ মাজত প্ৰৱৰ্তন কৰা ৰয়েল এনফিল্ড ৰাইফল৷ ৰয়েল এনফিল্ড ৰাইফলৰ কার্টিজটোৰ ওপৰত থকা বাকলিখন দাঁতেৰে কামুৰি ছিঙি লৈ ৰাইফলত ভৰাব লাগিছিল। এই কার্টিজটোত গৰু আৰু গাহৰিৰ চৰ্বি সনা থাকে বুলি চিপাহীসকলৰ মাজত এটা জনৰৱ প্ৰচাৰ হয়। গৰু আৰু গাহৰি ক্ৰমে হিন্দু আৰু মুছলমানসকলৰ অখাদ্য হোৱা হেতুকে হিন্দু আৰু মুছলমান চিপাহীসকলে নিজ নিজ ধৰ্ম নষ্ট হয় বুলি উত্তেজিত হৈ পৰে৷ তেওঁলোকৰ বিশ্বাস দৃঢ় হৈছিল যে এই কার্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধর্ম নষ্ট কৰিব বি‍চাৰিছে৷ সেয়ে চিপাহীসকলে বিদ্ৰোহৰ সূচনা কৰে৷

৫) চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইভাগত বিভক্ত কৰিব পাৰি? যিকোনো এটা কাৰণৰ বিষয়ে লিখা।

উত্তৰ: চিপাহী বিদ্ৰোহৰ কাৰণবোৰক পাঁচ ভাগত বিভক্ত কৰিব পাৰি। সেইবোৰ হ’ল—

(i) ৰাজনৈতিক

(ii) অৰ্থনৈতিক

(iii) সামাজিক

(iv) সামৰিক

(v) ধৰ্মীয় বা তৎকালীন কাৰণ

সামৰিক কাৰণ: ভাৰতীয় চিপাহীসকলৰ সাহায্যত ইংৰাজে ভাৰতত এক বিশাল সাম্ৰাজ্য গঢ়িবলৈ সক্ষম হৈছিল যদিও ইয়াৰ বিনিময়ত চিপাহীসকলে কোনো ধৰণৰ সুবিধা পোৱা নাছিল৷ ইংৰাজ চিপাহীসকলৰ তুলনাত ভাৰতীয় চিপাহীসকলৰ বেতন কম আছিল৷ ভাৰতীয় চিপাহীসকলে চুবেদাৰতকৈ উচ্চ পদ নাপাইছিল৷ ইংৰাজ সামৰিক কর্মচাৰীসকলে প্ৰায়েই ভাৰতীয় চিপাহীসকলক দুর্ব্যৱহাৰ কৰিছিল৷ এনেবোৰ কাৰণত ভাৰতীয় চিপাহীসকলৰ মনত ইংৰাজৰ প্ৰতি বিদ্বেষ বাঢ়ি গৈ বিদ্ৰোহৰ সূচনা হৈ‍ছিল৷ 

৬) লৰ্ড ডেলহাউচিৰ নীতিসমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া বুলি ভাবা? লিখা।

উত্তৰ: ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ ৰাজনৈতিক কাৰণৰ ভিতৰত লৰ্ড ডেলহাউচিৰ উগ্ৰ সাম্ৰাজ্যবাদী নীতিসমূহ পূৰামাত্ৰাই জগৰীয়া আছিল। ডেলহাউচিয়ে স্বত্ববিলোপ নীতি প্ৰয়োগ কৰি চাথাৰা, নাগপুৰ, চম্বলপুৰ আদি ৰাজ্য অধিগ্ৰহণ কৰাত ভাৰতীয় জনসাধাৰণৰ মনত ভয়, শংকা, সন্দেহ আৰু অবিশ্বাসৰ সৃষ্টি হৈছিল৷ ডেলহাউচিৰ শাসনকালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মর্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল৷ মোগল সম্ৰাটৰ অস্তিত্ব নাশ কৰাৰ ষড়যন্ত্ৰতো ডেলহাউচি লিপ্ত হৈছিল৷ ডেলহাউচিয়ে কু-শাসনৰ দোহাই দি অযোধ্যা, নাগপুৰ ৰাজ্য কোম্পানীৰ সাম্ৰাজ্যভুক্ত কৰা আৰু অযোধ্যাৰ ৰাজকোশ লুণ্ঠন কৰা কার্যই ভাৰতীয়সকলৰ মনত প্ৰচণ্ড ঘৃণাৰ সৃষ্টি কৰিছিল, যাৰ পৰিণতিস্বৰূপে ১৮৫৭ চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল৷

৭) এচাম ইতিহাসবিদৰ মতে চিপাহী বিদ্ৰোহক কিয় ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি ক’ব পৰা নাযায়? যুক্তি দৰ্শোৱা।

উত্তৰ: স্বাধীনতা যুদ্ধৰ আগৰ জাতীয়তাবাদৰ ধাৰণা সেই সময়ত জনসাধাৰণৰ মাজত উদ্ভৱ হোৱাই নাছিল। এই বিদ্ৰোহ বিশেষকৈ চিপাহীসকলৰ বিদ্ৰোহ আছিল৷ জাতি, শ্ৰেণী, ধর্ম নির্বিশেষে সকলো ভাৰতীয় এই বিদ্ৰোহত অংশ লোৱা নাছিল৷ তাৰ উপৰি গোর্খা, শিখ, জমিদাৰ শ্ৰেণী আৰু বুদ্ধিজীৱীসকল এই বিদ্ৰোহৰ পৰা আঁতৰত আছিল। এখন স্বাধীনতা যুদ্ধৰ বাবে যি পূর্বপ্ৰস্তুতি, ৰাজনৈতিক সংগঠন তথা নেতাৰ প্ৰয়োজন, ১৮৫৭ চনৰ বিদ্ৰোহত তাৰ অভাৱ পৰিলক্ষি‍ত হয়৷ এনেবোৰ কাৰণতে এচাম ইতিহাসবিদৰ মতে চিপাহী বিদ্ৰোহক ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি ক’ব পৰা নাযায়৷

৮) চিপাহী বিদ্ৰোহৰ নেতাসকলৰ ফটো সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা।

উত্তৰ:

৯) ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি চিপাহী বিদ্ৰোহ সংঘটিত হোৱা ঠাই সমুহ যথা স্থানত বহুওৱা।

উত্তৰ:

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ