আদি প্ৰস্তৰ যুগ— সমাজ বি‍জ্ঞান, ষষ্ঠ শ্ৰেণী

১) উত্তৰ লিখা—

ক) আদিম যুগৰ মানুহে কি কি খাদ্য খাইছিল?

উত্তৰ: আদিম যুগৰ মানুহে বনৰীয়া জীৱ-জন্তুৰ মাংস, মাছ, ফল-মূল, গছৰ শিপা, গুটি, পাত আদি খাইছিল৷

খ) আদিম মানুহে কি কাৰণে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল?

উত্তৰ: আদিম মানুহে বিভিন্ন কাৰণত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল যদিও মূলতঃ চিকাৰ আৰু খাদ্য সংগ্ৰহৰ বাবেই আদিম মানুহে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল৷

গ) বর্তমান সময়ৰ মানুহৰ ভ্ৰমণৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ মাজত কি কি ক্ষেত্ৰত মিল আৰু অমিল আছে?

উত্তৰ: বর্তমান সময়ৰ মানুহৰ ভ্ৰমণৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ মাজত কিছু ক্ষেত্ৰত মিল আৰু কিছু ক্ষে‍ত্ৰত অমিল দেখিবলৈ পোৱা যায়৷ মিলৰ ভিতৰত আদিম যুগৰ মানুহ আৰু বর্তমান যুগৰ মানুহ উভয়ে বন্ধু-বান্ধৱ, আত্মীয়-স্বজনক লগ কৰিবলৈ ভ্ৰমণ কৰে৷ আনহাতে অমিলৰ ভিতৰত বর্তমান সময়ৰ মানুহে দৈনন্দিন প্ৰয়োজন পূৰ কৰিবৰ বাবে ভ্ৰমণ কৰে, কিন্তু আদিম মানুহে মূলতঃ চিকাৰ আৰু খাদ্য সংগ্ৰহৰ বাবেই ভ্ৰমণ কৰিছিল৷ ঠিক সেইদৰে আদিম মানুহে জীৱ-জন্তুৰ গতি-বিধিৰ লগত নিজৰো গতি-বিধিৰ পৰিৱর্তন কৰিছিল; কিন্তু বর্তমান সময়ৰ মানুহে জীৱ-জন্তুৰ গতি-বিধিৰ লগত নিজৰ গতি-বিধিৰ পৰিৱর্তন নকৰে৷

ঘ) আদিম যুগৰ মানুহে শিলকে কিয় সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল?

উত্তৰ: আদিম যুগৰ মানুহে শিলৰ বাহিৰে অন্য কোনো ধাতুৰ ব্যৱহাৰ নাজানিছিল৷ সেয়েহে শিলেৰেই তেওঁলোকে বিভিন্ন সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ তেওঁলোকৰ বিভিন্ন কামত অহাকৈ গঢ় দি লৈছিল৷

ঙ) বর্তমান শিলক কি কি কামত ব্যৱহাৰ কৰা হয় তাৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা৷

উত্তৰ: বর্তমান শিলক মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়৷ এইসমূহৰ ভিতৰত ঘৰ, দলং, ৰেলপথ, ৰাস্তা-ঘাট নির্মাণ তথা মথাউৰি আদি‍ত বান্ধ দিয়াত শিল ব্যৱহাৰ কৰা হয়৷ বর্তমান সময় মেচি‍‍নৰ যুগ যদিও বর্তমান সময়তো মচলা আদি গুড়ি কৰিবৰ কাৰণে শিলৰ পটা ব্যৱহাৰ কৰা দেখা যায়৷ তদুপৰি দা, কুঠাৰ, কটাৰী আদি ধাৰ কৰিবৰ বাবে শিলৰ ব্যৱহাৰ কৰা হয়৷

চ) জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল?

উত্তৰ: প্ৰত্নতত্ত্ববিদসকলে ধাৰণা কৰে যে কোনো চিকাৰী নাইবা খাদ্য সংগ্ৰহকাৰীৰ জৰিয়তেই জুইৰ আৱিষ্কাৰ হৈছিল৷ সম্ভৱতঃ খাদ্যৰ সন্ধানত আদিম মানুহে হাবিয়ে-বননিয়ে ঘূৰি ফুৰোঁতে শিলে-শিলে ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা আৰু সেই ‍‍ফিৰিঙতি শুকান ডাল-পাত আদিৰ সংস্পর্শলৈ আহি জুইৰ সৃষ্টি কৰা দেখিবলৈ পাইছিল৷ তেতিয়াৰ পৰাই হয়তো তেওেঁলাকে লাহে লাহে জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল৷ জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ এক উল্লেখনীয় অধ্যায়৷

ছ) আদিম মানুহে জুই কি কি কামত ব্যৱহাৰ কৰিছিল?

উত্তৰ: আদিম মানুহে চিকাৰ কৰি অনা জীৱ-জন্তু, মাছ আদি জুইত সিজাই খাইছিল৷ ঠাণ্ডা তথা ৰাতিৰ আন্ধাৰৰ পৰা পৰিত্ৰাণ পাবলৈও আদিম মানুহে জুইৰ ব্যৱহাৰ কৰিছিল৷


২) দলগত কার্য:

গ) তোমালোকে বহীত দুটা ভাগ কৰি এটা ভাগত আদিম মানুহে খোৱা খাদ্য  আৰু আনটো ভাগত বর্তমান মানুহে খোৱা খাদ্যৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা৷

উত্তৰ:

আদিম মানুহৰ খাদ্য বর্তমান মানুহৰ খাদ্য
জীৱ-জন্তুৰ মাংস মাংস
মাছ মাছ
ফল-মূল ফল-মূল
গছৰ শিপা নানান বিধৰ দাইল
গছৰ গুটি ৰুটী
গছৰ পাত ভাত


উত্তৰ:

সঁজুলিৰ নাম সঁজুলিবোৰ কিহেৰে নির্মিত
কটাৰী
দা
কুঠাৰ
কোৰ
খৰাহী
ডলা
পটা

৩) আদিম মানুহে সংগ্ৰহ কৰা খাদ্য কিয় সাঁচি নাৰাখিছিল ব্যাখ্যা কৰা৷

উত্তৰ: আদিম মানুহে দৈ‍নিক চিকাৰ আৰু গছৰ ফল-মূল সংগ্ৰহ কৰি খাইছিল৷ তেওঁলোকে যি খাদ্যবস্তু সংগ্ৰহ কৰিছিল, সেইবোৰ লগে-ভাগে ভগাই খাইছিল৷ সঞ্চয় কৰি ৰখাৰ কথা ভবাই নাছিল তথা সেই সময়ত সাঁচি ৰখাৰ সুব্যৱস্থাও নাছিল৷ সেইবাবেই আদিম মানুহে সংগ্ৰহ কৰা খাদ্যবস্তু সাঁচি‍ নাৰাখিছিল৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ