আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস— সমাজ বি‍জ্ঞান, ষষ্ঠ শ্ৰেণী

১) উত্তৰ লিখা—

ক) সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন কিহৰ বিষয়ে বুজাইছিল?

উত্তৰ: সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন আদিম মানুহৰ কষ্টকৰ জীৱন-সংগ্ৰামৰ কথা বুজাইছিল৷

খ) আদিম মানুহে হাবিত পোৱা ফল-মূলৰ গছবোৰৰ বিষয়ে কি লক্ষ্য কৰিছিল?

উত্তৰ: আদিম মানুহে হাবিত পোৱা ফল-মূলৰ গছবোৰৰ ক্ষেত্ৰত কেনেকৈ গুটিৰ পৰা গছ গজে, ফল-মূল দি‍য়া গছবোৰ ক’ত বেছিকৈ গজে, কিছুমান ঠাইত গছবোৰ সোনকালে গজে আৰু কিছুমান ঠাইত যে‍ গছবোৰ পলমকৈ গজে আদি দিশ লক্ষ্য কৰিছিল৷ 

গ) খেতি কৰাৰ বাবে আদিম মানুহে কিহেৰে সঁজুলি তৈয়াৰ কৰিছিল?

উত্তৰ: খেতি কৰাৰ বাবে আদিম মানুহে প্ৰথমে শিলেৰে নির্মিত কুঠাৰৰ দৰে অস্ত্ৰ ব্যৱহাৰ কৰিছিল৷ লগতে জীৱ-জন্তুৰ হাড়, দাঁত আৰু কাঠৰ বিভিন্ন আহিলা খেতিৰ উপযোগীকৈ তৈয়াৰ কৰি লৈ‍ছিল৷

ঘ) আদিম মানুহে কি কি কাৰণে জীৱ-জন্তু পুহিছিল?

উত্তৰ: আদিম মানুহে বিভিন্ন কাৰণত জীৱ-জন্তু পুহিছিল৷ আদিম মানুহে পোহা জন্তুবোৰৰ ভিতৰত কুকুৰ পু্হিছিল বিশেষকৈ ঘৰ পহৰা দিয়া, চিকাৰত সহায় কৰা আদি কামৰ বাবে৷ আনহাতে গৰু, ছাগলী, ভেড়া, গাহৰি আদি পুহিছিল মঙহ, গাখীৰ আদি খাদ্য পোৱাৰ লগতে কিছুমান জন্তুক যাতায়তৰ কামত ব্যৱহাৰ কৰিবৰ বাবে‍৷

ঙ) চকাৰ ব্যৱহাৰে আদিম মানুহক কি কি কামত সহায় কৰিছিল?

উত্তৰ: চকাৰ আৱিষ্কাৰ আদিম মানুহৰ এক অতি উল্লেখযোগ্য আৱিষ্কাৰ৷ আদিম মানুহে চকা লগোৱা গাড়ী তৈয়াৰ কৰি, জন্তুৰ দ্বাৰা টনোৱাৰ ব্যৱস্থা কৰি দূৰ-দূৰণিলৈ যাতায়ত কৰিছিল৷ তাৰ উপৰি ফচল আৰু বিভিন্ন গধুৰ বোজা কঢ়িয়াইছিল চকা লগোৱা গাড়ীৰ দ্বাৰা৷ সময়ত মাটিৰ নানান ধৰণৰ পাত্ৰ বনোৱা কামতো চকা ব্যৱহাৰ কৰিছিল৷

চ) গাঁৱত দলবদ্ধভাৱে বসবাস কৰাৰ পৰা আদিম মানুহৰ কি কি সুবিধা হৈছিল?

উত্তৰ: আদিম মানুহৰ জীৱন অতি কষ্টকৰ আৰু নিৰাপত্তাহীন আছিল৷ তেওেঁলাকে খাদ্য, পানীৰ বাবে সততে দূৰ-দূৰণি‍লৈ ভ্ৰমণ কৰি থাকিবলগা হৈছিল৷ বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণৰো সন্মুখীন হৈছিল৷ কিন্তু যেতিয়াৰ পৰা আদিম মানুহে গাঁৱত দলবদ্ধভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰা তেওেঁলাকৰ নিৰাপত্তা আৰু সহায়-সহযোগিতা নিশ্চিত হৈছিল৷ তেওেঁলাকে সধাৰণতে নদীৰ পাৰত গাঁও পতাৰ ফলত দৈনন্দিন জীৱন আৰু খেতি-বাতিৰ বাবে প্ৰয়োজন হোৱা পানীৰ সমস্যাও সমাধান হৈছিল৷

ছ) আদিম মানুহে কি কি কাৰণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল?

উত্তৰ: আদিম মানুহে ৰন্ধা-বঢ়া, খোৱা-বোৱা কৰিবলৈ আৰু শষ্য আদি সাঁচি ৰাখিবলৈ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল৷

২) মানচিত্ৰ পর্যৱেক্ষণ কৰি উত্তৰ দিয়া—

দাওজালি হার্ডিং কোল জিলাত? তোমাৰ জিলাখনৰ পৰা ই কোন দিশত অৱস্থিত?

উত্তৰ: দাওজালি হাডিং অসমৰ উত্তৰ কাছাৰ জিলাত অৱস্থিত৷

(তোমাৰ জিলাখনৰ পৰা ই কোন দিশত অৱস্থিত?— এই অংশটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ জিলা অনুযায়ী কৰি ল’ব৷ তলত কোন জিলাৰ পৰা কোন দিশত অৱস্থিত, সেই সম্পৰ্কীয় এখন তালিকা দিয়া হৈছে৷)

জিলা কোন দিশত অৱস্থিত
ওদালগুৰি দক্ষিণ দিশত
কাছাৰ উত্তৰ দিশত
কামৰূপ দক্ষিণ-পূব দিশত
কামৰূপ মহানগৰ দক্ষিণ-পূব দিশত
কাৰ্বি আংলং দক্ষিণ দিশত
কোকৰাঝাৰ দক্ষিণ-পূব দিশত
কৰিমগঞ্জ উত্তৰ দিশত
গোলাঘাট দক্ষিণ-পশ্চিম দিশত
গোৱালপাৰা দক্ষিণ-পূব দিশত
চিৰাং দক্ষিণ-পূব দিশত
চৰাইদেউ দক্ষিণ-পশ্চিম দিশত
ডিব্ৰুগড় দক্ষিণ-পশ্চিম দিশত
ডিমা হাছাও এই জিলাতে অৱস্থিত
তিনিচুকীয়া দক্ষিণ-পশ্চিম দিশত
দক্ষিণ শালমাৰা-মানকাচৰ পূব দিশত
দৰং দক্ষিণ দিশত
ধুবুৰী পূব দিশত
ধেমাজি দক্ষিণ-পশ্চিম দিশত
নগাঁও দক্ষিণ দিশত
নলবাৰী দক্ষিণ-পূব দিশত
পশ্চিম কাৰ্বি আংলং দক্ষিণ দিশত
বঙাইগাঁও দক্ষিণ-পূব দিশত
বাক্সা দক্ষিণ-পূব দিশত
বিশ্বনাথ দক্ষিণ দিশত
বৰপেটা দক্ষিণ-পূব দিশত
মাজুলী দক্ষিণ-পশ্চিম দিশত
মৰিগাঁও দক্ষিণ দিশত
যোৰহাট দক্ষিণ-পশ্চিম দিশত
লখিমপুৰ দক্ষিণ-পশ্চিম দিশত
শিৱসাগৰ দক্ষিণ-পশ্চিম দিশত
শোণিতপুৰ দক্ষিণ দিশত
হাইলাকান্দি উত্তৰ দিশত
হোজাই দক্ষিণ দিশত

৩) প্ৰকল্প প্ৰস্তুত কৰা—

তোমাৰ অঞ্চলত চকা কি কি কামত ব্যৱহাৰ কৰা হয়৷

উত্তৰ: আমাৰ অঞ্চলত চকা বিভিন্ন কামত ব্যৱহাৰ হয়৷ দৈনন্দিন যাতায়ত, যেনে— গাড়ী, চাইকেল, স্কুটাৰ, ৰেলগাড়ী আদি সকলোতে চকা ব্যৱহাৰ কৰা হয়৷ কুমাৰসকলে মাটিৰ পাত্ৰ, পুতলা নির্মাণতো চকা ব্যৱহাৰ কৰে৷

৪) ভাৰতৰ এখন মানচিত্ৰ আঁকি তলৰ ঠাইবোৰ যথাস্থানত বহুওৱা—

ক) বুর্জাহোম
খ) মহাগ‍ড়
গ) চীৰাণ্ড
ঘ) ভীমবেটকা
ঙ) পৈয়ামপল্লী

উত্তৰ:

ভাৰতৰ মেপ

যুগুতালে— বৰ্ণালী ঠাকুৰে‍

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ