আহাৰৰ প্ৰয়োজনীয়তা— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। চমুকৈ উত্তৰ লিখা—

(ক) আমাক কিয় আহাৰৰ প্রয়োজন হয়?

উত্তৰ: আহাৰৰ পৰাই আমি শক্তি পাওঁ আৰু আহাৰৰ বাবেই আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধি সম্ভৱ৷ সেয়েহে আমাক আহাৰৰ প্ৰয়োজন৷ 

(খ) খাদ্যত থকা উপাদানবোৰ কি কি?

উত্তৰ: খাদ্যত থকা উপাদানবোৰ হৈছে— শৰ্কৰা, প্ৰ’টিন, চৰ্বি, ভিটামিন, খনিজ দ্ৰব্য আৰু পানী।

(গ) শৰ্কৰা, প্র’টিন আৰু চর্বিজাতীয় আহাৰৰ দুটাকৈ নাম উল্লেখ কৰা।

উত্তৰ:

১। শৰ্কৰা জাতীয় আহাৰৰ দুটা নাম— (i) ভাত, (ii) আলু।

২। প্ৰ’টিন জাতীয় আহাৰৰ দুটা নাম— (i) মটৰ, (ii) ছয়াবিন।

৩। চর্বি জাতীয় আহাৰৰ দুটা নাম— (i) ঘিউ, (ii) মাখন।

(ঘ) সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰৰ কিয় প্রয়োজন? 

উত্তৰ: আমাৰ শৰীৰৰ বাবে‍ প্ৰয়োজন হোৱা শৰ্কৰা, প্ৰ’টিন, চৰ্বি, ভিটামিন আৰু খনিজ দ্ৰব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰ আহাৰেই হৈছে সুষম আহাৰ৷ 

সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু ৰোগমুক্ত হৈ থকাত সহায় কৰে৷ সুষম আহাৰ নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানৰ অভাৱ হয় আৰু ইয়াৰ ফলত শৰীৰৰ বেমাৰ-আজাৰ হ’ব পাৰে৷ সেয়ে‍ আমাক সুষম আহাৰৰ প্ৰয়োজন।

(ঙ) আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে?

উত্তৰ: আমি যথেষ্ট পৰিমাণে পানী খাব লাগে৷ ইয়াৰ কাৰণসমূহ হ’ল—

(i) পানীয়ে আহাৰক শৰীৰে সহজে গ্রহণ কৰিব পৰাকৈ সৰল দ্ৰৱণীয় অৱস্থালৈ আনে। 

(ii)পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদার্থবোৰ ঘাম আৰু প্ৰস্ৰাৱৰূপে বাহিৰ কৰাত সহায় কৰে। 

(iii) পানীয়ে শৰীৰ শীতল কৰি ৰাখে। 

(iv) পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে।

২। খালী ঠাই পূৰ কৰা—

(ক) জীয়াই থাকিবৰ বাবে ______ প্ৰয়োজন।

উত্তৰ: জীয়াই থাকিবৰ বাবে  আহাৰৰ  প্ৰয়োজন।

(খ) আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হল ______

উত্তৰ: আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হল  প্ৰ’টিন 

(গ) সেউজীয়া শাক-পাচলি আৰু ফল-মূলত ______ আৰু ______ থাকে।

উত্তৰ: সেউজীয়া শাক-পাচলি আৰু ফল-মূলত  ভিটামিন  আৰু  খনিজ পদাৰ্থ  থাকে।

(ঘ) প্রয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক ______ আহাৰ বোলে।

উত্তৰ: প্রয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক  সুষম  আহাৰ বোলে।

(ঙ) ভিটামিন ______ ৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে।

উত্তৰ: ভিটামিন  A  ৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে।

৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

‘ক’ ‘খ’
আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ’ল কেলচিয়াম
শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ দ্রব্যবিধ হ’ল লো
তেজৰ গঠনত সহায় কৰা খনিজ দ্রব্যবিধ হ’ল গৰল
আয়’ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ’ল শৰ্কৰা

উত্তৰ:

‘ক’ ‘খ’
আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ’ল শৰ্কৰা
শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ দ্রব্যবিধ হ’ল কেলচিয়াম
তেজৰ গঠনত সহায় কৰা খনিজ দ্রব্যবিধ হ’ল লো
আয়’ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ’ল গৰল

৪। শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা— 

(ক) আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ’ল—

গাখীৰ আৰু দৈ/ চর্বি আৰু প্ৰটিন/ ভিটামিন আৰু খনিজ দ্রব্য। 

উত্তৰ: ভিটামিন আৰু খনিজ দ্ৰব্য।

(খ) দীর্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত  হোৱা বেমাৰক কি বুলি কোৱা হয়—

 বেৰিবেৰি/ কুকুৰীকণা/ অভাৱজনিত ৰোগ।

উত্তৰ: অভাৱজনিত ৰোগ।

(গ) ভিটামিন C অধিক পৰিমাণে থকা খাদ্য হ’ল— 

গাখী/ আমলখি/ ছয়াবিন।

উত্তৰ: আমলখি।

(ঘ) আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদার্থবোৰ বাহিৰ কৰাত সহায় কৰা খাদ্যবিধ হ’ল—

গাখীৰ/ পানী/ শাক-পাচলি।

উত্তৰ: পানী।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ