আকস্মিক দুৰ্ঘটনা— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী

১৷ উত্তৰ লিখা:

ক) প্ৰাথমিক চিকিৎসাৰ বাকচত কি কি বস্তু সংগ্ৰহ কৰি ৰাখিব লাগে?

উত্তৰ: প্ৰাথমিক চিকিৎসাৰ বাকচত বিশুদ্ধ কপাহ, বেণ্ডেজ বা চাফা কাপোৰ, ডেটল, বীজাণুনাশক মলম, বিষ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা মলম আৰু এখন সৰু কেঁচি আদি বস্তু সংগ্ৰহ কৰি ৰাখিব লাগে৷

খ) খোলোঁতে‍ হাত-ভৰিত মোচোকা খালে কি কৰিব লাগে?

উত্তৰ: খোলোঁতে‍ হাত-ভৰিত মোচোকা খালে— 

১) মোচোকা খোৱা ঠাইত লগে লগে পৰিষ্কাৰ পানী ঢালিব লাগে৷ 

২) যদি পোৱা যায়, বৰফ লগাই দিব লাগে৷

৩) বিষ কমোৱা মলম ঘঁহি‍ তিতা কাপোৰেৰে বান্ধি থ’ব লাগে৷

৪) কেঁচা হালধি পিহি লগাই থ’ব লাগে৷

৫) বেছিকৈ উখহিলে বা বেছিকৈ বিষালে ডাক্তৰৰ পৰমৰ্শ ল’ব লাগে৷

গ) কটা-ছিঙাত তেজ ওলালে কি কৰিব লাগে?

উত্তৰ: কটা-ছিঙাত তেজ ওলালে—

১) কটা ঠাইডোখৰ টিপা মাৰি ধৰিব লাগে৷

২) কটা ঠাইডোখৰ পৰিষ্কাৰ পানীৰে ধুই দিব লাগে৷

৩) পৰিষ্কাৰ কপাহ ডেটল লগাই কটা ঠাইডোখৰত লগাব লাগে৷

৪) তেজ ওলোৱা বন্ধ কৰিবৰ বাবে নাৰ্জী ফুল, মানিমুনি, দূবৰি বন, বিশল্যকৰণী আদিৰ যিকোনো এবিধৰ পাত ভালদৰে ধুই, পিহি লৈ কটা ঠাইত লগাব লাগে৷

৫) ক’লা কচুৰ ঠাৰিৰ আঠা লগালেও তেজ ওলোৱা বন্ধ হয়৷

৬) বৰফ লগালেও তেজ ওলোৱা বন্ধ হয়৷

৭) উক্ত সকলো কৰাৰ পাছতো তেজ ওলোৱা বন্ধ নহ’লে ডাক্তৰৰ ওচৰলৈ নিব লাগে৷

ঘ) কীট-পতংগই কামুৰিলে কি কি ব্যৱস্থা ল’ব পাৰি‍?

উত্তৰ: মৌ-মাখি বা বৰল আদি কীট-পতংগই বিন্ধিলে আদাৰ ৰস বা পিঁয়াজৰ‍ ৰস লগাব লাগে৷

ঙ) মূৰ্ছা গ’লে কি কৰা উচিত?

উত্তৰ: মূৰ্ছা গ’লে—

১) চকুৱে‍-মুখে ঠাণ্ডা পানী ছটিয়াই দিব লাগে৷

২) চোলাৰ বুটাম, পেণ্টৰ বেল্ট আৰু জোতা খুলি দিব লাগে৷

৩) মূৰ্ছা যোৱাজনক আগুৰি ভিৰ কৰিব নালাগে৷

৪) হাত আৰু ভৰিৰ তলুৱা মোহাৰি দিব লাগে৷

৫) ভৰি চেঁচা হ’লে তেল মালিচ কৰিব লাগে‍৷

৬) ইয়াৰ পাছতো ভাল নাপালে ডাক্তৰৰ ওচৰলৈ নিব লাগে৷

চ) পানীত পৰা মানুহক আৰোগ্য কৰিবৰ বাবে কি কি ব্যৱস্থা ল’ব পাৰি?

উত্তৰ: পানীত পৰা মানুহক সুস্থ কৰিবৰ বাবে তলত দিয়া ধৰণে ব্যৱস্থ্য ল’ব পাৰি—

১) তলমূৰকৈ মাটিত শুৱাই দিব লাগে৷

২) পিন্ধি থকা তিতা কাপোৰ সলাই দিব লাগে৷

৩) তলমূৰকৈ শুৱাই আঁঠু দুটা কোঁচ খুৱাই বুকুৰ ওচৰলৈ কেইবাৰমান অনা-নিয়া কৰিব লাগে, যাতে পেটৰ পানী বাহিৰলৈ ওলায়৷

৪) ইয়াৰ পাছতো ভাল নাপালে ডাক্তৰৰ ওচৰলৈ নিব লাগে৷

ছ) জুয়ে পুৰিলে কি কৰিব লাগে?

উত্তৰ: জুয়ে পুৰিলে—

১) জুয়ে পোৰা ঠাইত আলু ৰুকি লগাই দিব লাগে৷

২) জুয়ে পোৰা ঠাইত ঠাণ্ডা পানী ঢালিব লাগে বা বৰফ লগাই দিব লাগে৷

৩) পোৰা ঠাইত অমিতাৰ আঠা লগালেও উপকাৰ পোৱা যায়৷

৪) গাজৰ পিহি লগালে ঢৌ নুঠে৷

৫) ছালকুঁৱৰীৰ পাত খুন্দি প্ৰলেপ দিব পাৰি৷

জ) খেলোঁতে কি কি সাৱধানতা লোৱা উচিত?

উত্তৰ: খেলোঁতে ল’বলগীয়া কেইটামান সাৱধানতা হ’ল— 

১) শিল, আইনাৰ টুকুৰা, গজাল আদি পৰি থকা ঠাইত খেলিব নালাগে৷

২) ওখোৰা-মোখোৰা ঠাইত খেলিব নালাগে৷

৩) নদীৰ পাৰত, জুইৰ কাষত, পানী পৰি পিছল হোৱা ঠাইত আৰু বেছি হাবি‍-বন থকা ঠাইত খেলিব নালাগে৷

৪) আলিবাটৰ মাজত বা কাষত খেলিব নালাগে৷

৫) লাঠি, দা-কটাৰী, জুই হাতত লৈ খেলিব নালাগে৷

৬) খেলি থাকোঁতে ইজনে সিজনৰ গালৈ বস্তু দলিয়াব নালাগে৷

৭) খোলোঁতে অযথা ঠেলা-হেঁচা কৰিব নালাগে৷

ঝ) কাম কৰোঁতে‍ কি কি ক্ষেত্ৰত সাৱধান হ’ব লাগে?

উত্তৰ: কাম কৰোঁতে ল’বলগীয়া সাৱধানতা— 

১) কাম কৰোঁতে‍ খৰখেদা কৰিব নালাগে৷

২) দা, কটাৰী, কোৰ, কুঠাৰ আদিৰে কাম কৰোঁতে‍ অন্য কথালৈ মন কৰিব নালাগে৷ দা-কটাৰীৰ ধাৰ থকা ফালটো হাতেৰে ধৰিব নালাগে৷ এইবোৰ বস্তু আছুতীয়া ঠাইত ৰাখিব লাগে, যাতে অহা-যোৱা কৰোঁতে কাৰো হাত-ভৰিত নালাগে৷

৩) তিতা হাতেৰে বিজুলী ছুইচ চুব নালাগে৷ ছুইচৰ বিন্ধাত পেঞ্চিল, গজাল আদি ভৰাব নালাগে৷

৪) গৰম কেটলি, কেৰাহী আদিৰ নাল কাপোৰ বা কাগজেৰে ধৰিহে নমাব লাগে৷

৫) গা ধোৱা ঘৰৰ মজিয়াৰ পৰা গা ধোৱা বা কাপোৰ ধোৱা চাবোনৰ ফেনবোৰ পানী ঢালি আঁতৰাই দিব লাগে৷

৬) জুইৰ কাষত কাগজ, কাপোৰ আদি ৰাখিব নালাগে৷

৭) দমকল মাৰোঁতে লাহে লাহে মাৰিব লাগে৷

২. খালী ঠাই পূৰ কৰা:

ক) শৰীৰত কম পৰিমাণে পোৱা আঘাত ______ চিকিৎসাৰ দ্বাৰাই ভাল কৰিব পাৰি‍৷

উত্তৰ: শৰীৰত কম পৰিমাণে পোৱা আঘাত প্ৰাথমিক চিকিৎসাৰ দ্বাৰাই ভাল কৰিব পাৰি‍৷

খ) কটা ঠাইডোখৰ ______ মাৰি ধৰিব লাগে৷

উত্তৰ: কটা ঠাইডোখৰ টিপা মাৰি ধৰিব লাগে৷

গ) মৌ নাইবা বৰলে বিন্ধিলে ______ ৰস লগাব লাগে৷

উত্তৰ: মৌ নাইবা বৰলে বিন্ধিলে আদা বা পিঁয়াজৰ ৰস ৰস লগাব লাগে৷

ঘ) ভৰি চেঁচা হ’লে তেল ______ কৰিব লাগে৷

উত্তৰ: ভৰি চেঁচা হ’লে তেল তেল মালিচ কৰিব লাগে৷

ঙ) সাপে খোঁটা ঠাইডোখৰৰ দুয়োফালে টানকৈ ______ মাৰিব লাগে৷

উত্তৰ: সাপে খোঁটা ঠাইডোখৰৰ দুয়োফালে টানকৈ গাঁঠি মাৰিব লাগে৷

চ) ______ ৰুকি লগাই দিলে পোৰা ঠাইৰ জলা-পোৰা কমে৷

উত্তৰ: আলু ৰুকি লগাই দিলে পোৰা ঠাইৰ জলা-পোৰা কমে৷

ছ) তিতা হাতেৰে ______ নুচুবা৷

উত্তৰ: তিতা হাতেৰে বিজুলী ছুইচ নুচুবা৷

জ) দা, কটাৰীৰ ______ থকা ফালটো ধৰিব নালাগে৷

উত্তৰ: দা, কটাৰীৰ ধাৰ থকা ফালটো ধৰিব নালাগে৷

৩. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা:

‘ক’ ‘খ’
মূৰ্ছা গ’লে তলমূৰকৈ মাটিত শুৱাই দিব লাগে‍
পানীত ডুবা মানুহক চকুৱে-মুখে পানী ছটিয়াব লাগে‍
মোচোকা খালে আদা নাইবা পিঁয়াজৰ ৰস খুৱাব লাগে৷
মৌ নাইবা বৰলে বিন্ধিলে ঠাণ্ডা পানী ঢালিব লাগে৷
দমকল মাৰোঁতে‍ খেলিব নালাগে‍
ওখোৰা-মোখোৰা ঠাইত লাহে লাহে মাৰিব লাগে‍

উত্তৰ:

‘ক’ ‘খ’
মূৰ্ছা গ’লে চকুৱে-মুখে পানী ছটিয়াব লাগে‍
পানীত ডুবা মানুহক তলমূৰকৈ মাটিত শুৱাই দিব লাগে‍
মোচোকা খালে ঠাণ্ডা পানী ঢালিব লাগে
মৌ নাইবা বৰলে বিন্ধিলে আদা নাইবা পিঁয়াজৰ ৰস খুৱাব লাগে
দমকল মাৰোঁতে‍ লাহে লাহে মাৰিব লাগে‍
ওখোৰা-মোখোৰা ঠাইত খেলিব নালাগে‍ 


৪৷ শুদ্ধ উত্তৰটো বাছি উলিওৱা:

ক) চিকিৎসকৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক আকস্মিক/ প্ৰাথমিক চিকিৎসা বোলে৷

উত্তৰ: চিকিৎসকৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক প্ৰাথমিক চিকিৎসা বোলে৷

খ) বৰফ লগালে তেজ ওলোৱা বন্ধ হয়/নহয়৷

উত্তৰ: বৰফ লগালে তেজ ওলোৱা বন্ধ হয়৷

গ) জুয়ে পোৰা ঠাইত অমিতাৰ/ছালকুঁৱৰীৰ পাত খুন্দি প্ৰলেপ দিব লাগে৷

উত্তৰ: জুয়ে পোৰা ঠাইত ছালকুঁৱৰীৰ পাত খুন্দি প্ৰলেপ দিব লাগে৷

ঘ) তেজ ওলোৱা বন্ধ হ’বলৈ অপৰাজিতাৰ শিপা/বিশল্যকৰণীৰ পাত লগাব লাগে৷

উত্তৰ: তেজ ওলোৱা বন্ধ হ’বলৈ বিশল্যকৰণীৰ পাত লগাব লাগে৷

ঙ) হাত-ভৰি মোচোকা খালে হালধি পিহি /আলু ৰুকি লগাব লাগে৷

উত্তৰ: হাত-ভৰি মোচোকা খালে হালধি পিহি লগাব লাগে৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ