আমাৰ চুবুৰীয়া ৰাজ্যসমূহ— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। উত্তৰ লিখা—

(ক) উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা।

উত্তৰ: উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম হ’ল— (১) অসম (২) অৰুণাচল প্ৰদেশ (৩) মেঘালয় (৪) মিজোৰাম (৫) নাগালেণ্ড (৬) মণিপুৰ আৰু (৭) ত্ৰিপুৰা।

(খ) উত্তৰ-পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা।

উত্তৰ: উত্তৰ-পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম হ’ল— আদি,নিচি, আপাটানি, মনপা, চেমা, খাচী, গাৰো, কুকি, ত্ৰিপা, ৰিথাং, আও, ৰাংখল, জয়ন্তীয়া ইত্য়াদি।

(গ) উত্তৰ-পূব ভাৰতক সাতভনীৰ দেশ বুলি কিয় কোৱা হয়?

উত্তৰ: সাতখন ৰাজ্যৰে গঠিত হোৱাৰ বাবে উত্তৰ-পূব ভাৰতক সাতভনীৰ দেশ বুলি কোৱা হয়।

(ঘ) ব্ৰ্ৰ্ৰহ্মপুত্ৰ নৈৰ ৪খন উপনৈৰ নাম লিখা।

উত্তৰ: ব্ৰহ্মপুত্ৰ নৈৰ ৪খন উপনৈৰ নাম হ’ল— জীয়াভৰলী, সোৱণশিৰি, বুঢ়ীদিহিং আৰু দিখৌ।

(ঙ) মণিপুৰ ৰাজ্যত থকা দুখন পাহাৰৰ নাম লিখা।

উত্তৰ: মণিপুৰ ৰাজ্যত থকা দুখন পাহাৰৰ নাম হ’ল— পাটকাই আৰু বৰাইল।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

‘ক’ ‘খ’
অৰুণাচল প্ৰদেশ ক’হিমা
মিজোৰাম আগৰতলা
নাগালেণ্ড ইম্ফল
ত্ৰিপুৰা আইজল
মণিপুৰ ইটানগৰ

উত্তৰ:

‘ক’ ‘খ’
অৰুণাচল প্ৰদেশ ইটানগৰ
মিজোৰাম আইজল
নাগালেণ্ড ক’হিমা
ত্ৰিপুৰা আগৰতলা
মণিপুৰ ইম্ফল

৩। খালী ঠাই পূৰ কৰা—

(ক) ______ পৃথিৱীৰ ভিতৰতে ডাঙৰ নদী দ্বীপ।

উত্তৰ:  মাজুলী  পৃথিৱীৰ ভিতৰতে ডাঙৰ নদী দ্বীপ।

(খ) মণিপুৰ ৰাজ্যৰ ______ হ্ৰদ প্ৰাকৃতিকভাৱে হোৱা এক বৃহৎ হ্ৰদ।

উত্তৰ:  মণিপুৰ ৰাজ্যৰ  লকটক  হ্ৰদ প্ৰাকৃতিকভাৱে হোৱা এক বৃহৎ হ্ৰদ।

(গ) ছিলং এখন ______ ঠাই।

উত্তৰ: ছিলং এখন  স্বাস্থ্যকৰ  ঠাই।

(ঘ) অৰুণাচল প্ৰদেশৰ ______ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই।

উত্তৰ: অৰুণাচল প্ৰদেশৰ  টাৱাং, ব’মদিলা, পৰশুৰাম কুণ্ড  আদি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই।

(ঙ) প্ৰায় সমগ্ৰ মিজোৰাম ৰাজ্যখনেই পাহাৰীয়া অঞ্চল।

উত্তৰ: প্ৰায় সমগ্ৰ মিজোৰাম ৰাজ্যখনেই পাহাৰীয়া অঞ্চল।

৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা—

(ক) বৰ্তমান অৰুণাচল প্ৰদেশ আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল।

উত্তৰ: অশুদ্ধ৷

শুদ্ধ বাক্য— বৰ্তমান নাগালেণ্ড আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল।

(খ) কাৰ্বি আংলং জিলা সমতলভূমিৰে গঠিত।

উত্তৰ: অশুদ্ধ৷

শুদ্ধ বাক্য— কাৰ্বি আংলং জিলা পাহাৰেৰে গঠিত।

(গ) অৰুণাচল প্ৰদেশৰ দক্ষিণ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত।

উত্তৰ: অশুদ্ধ৷

শুদ্ধ বাক্য— অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত।

(ঘ) ত্ৰিপুৰা ৰাজ্যখন সমতল ভূমিৰে আবৃত।

উত্তৰ: শুদ্ধ।

(ঙ) মণিপুৰৰ সোঁমাজৰ অংশ প্ৰায় পাহাৰীয়া।

উত্তৰ: শুদ্ধ।

৫।ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে কিয় আকৰ্ষণীয় লিখা।

উত্তৰ: ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ বহুতো আকৰ্ষণীয় আৰু প্ৰাকতিক ঐতিহ্যৰে ভৰপূৰ। উত্তৰ-পূব অঞ্চল বিভিন্ন নদ-নদী, হ্ৰদ, অভয়াৰণ্য, নদী-দ্বীপ আৰু পাহাৰীয়া অঞ্চলেৰে গঠিত। এনে ধৰণৰ অনেক বৈশিষ্ট্যৰে ভৰি থকাৰ বাবে উত্তৰ-পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে আকৰ্ষণীয়।

৬। কোন কেইখন ৰাজ্যক একেলগে ‘উত্তৰ-পূব ভাৰত’ বুলি কোৱা হয়?

উত্তৰ: অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা ৰাজ্যক একেলগে ‘উত্তৰ-পূব ভাৰত’ বুলি কোৱা হয়।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ