আমাৰ ক্ষুদ্ৰ উদ্যোগ— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী

১৷ উত্তৰ লিখা:

ক) কুটীৰ শিল্প কাক বোলে?

উত্তৰ: স্থানীয়ভাৱে সহজতে পোৱা কেঁচা সামগ্ৰীৰ পৰা কম মূলধন ব্যয়েৰে‍ অতি কম যন্ত্ৰ-পাতিৰ ব্যৱহাৰ তথ্য কম সংখ্যক শ্ৰমিকৰ দ্বাৰা মানুহৰ প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰা উৎপাদন ব্যৱস্থাকেই কুটীৰ শিল্প বুলি কোৱা হয়৷ 

খ) মৃৎশিল্পৰ বিশেষ আকৰ্ষণ কি?

উত্তৰ: মৃৎশিল্পৰ বিশেষ আকৰ্ষণ হৈছে টেৰাকোটা৷

গ) বাগানত চাহপাত কেনেকৈ তৈয়াৰ কৰা হয়?

উত্তৰ: চাহবাগানৰ পৰা কুমলীয়া চাহপাত ছিঙি সেইবোৰ ভালদৰে শুকুৱাই লোৱাৰ পাছত মেচিনৰ জৰিয়তে বিশেষ পদ্ধতিৰে শুকান পাতবিলাক সৰু সৰু দানালৈ পৰিণত কৰি চাহপাত তৈয়াৰ কৰা হয়৷ 

২৷ চমু উত্তৰ লিখা:

ক) অসমত থকা দুবিধ কুটীৰ শিল্পৰ নাম লিখা৷

উত্তৰ: অসমত থকা দুবিধ কুটীৰ শিল্পৰ নাম হ’ল— 

(i) কাঁহশিল্প

(ii) মৃৎশিল্প৷

খ) চাহখেতি কৰা তিনিখন জিলাৰ নাম লিখা৷

উত্তৰ: চাহখেতি কৰা তিনিখন জিলাৰ নাম হ’ল— 

(i) শিৱসাগৰ 

(ii) যোৰহাট 

(iii) গোলাঘাট৷

গ) অসমত কোনটো উদ্যোগে অধিক পৰিমাণে আমাৰ দেশক আৰ্থিক উন্নয়নত সহায় কৰিছে?

উত্তৰ: অসমত চাহ উদ্যোগে অধিক পৰিমাণে আমাৰ দেশক আৰ্থিক উন্নয়নত সহায় কৰিছে৷

ঘ) অসমৰ কোনখন ঠাইক বস্ত্ৰনগৰী বোলে?

উত্তৰ: অসমৰ শুৱালকুছি নামৰ ঠাইখনক বস্ত্ৰনগৰী বোলা হয়৷

ঙ) মৃৎশিল্প কেন্দ্ৰ থকা তিনিখন ঠাইৰ নাম লিখা৷

উত্তৰ: মৃৎশিল্প কেন্দ্ৰ থকা তিনিখন ঠাইৰ নাম হ’ল—

(i) আশাৰীকান্দি

(ii) হাজো

(iii) কৰিমগঞ্জ

চ) বয়ন কেন্দ্ৰত উৎপাদন হোৱা দুবিধ কাপোৰৰ নাম লিখা৷

উত্তৰ: বয়ন কেন্দ্ৰত উৎপাদন হোৱা দুবিধ কাপোৰৰ নাম হ’ল— 

(i) কপাহী কাপোৰ

(ii) পাট কাপোৰ


৩৷ শুদ্ধ বাক্যত ’  চিন দিয়া৷

ক) কুটীৰ শিল্পত যন্ত্ৰ-পাতিৰ ব্যৱহাৰ বেছি৷

খ) অসমৰ চাহ আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্যোগ৷

গ) ঢকুৱাখনাত বয়ন কেন্দ্ৰ আছে৷

ঘ) অসমৰ পাট-মুগা কাপোৰে দেশে‍-বিদেশে আদৰ পাইছে৷

ঙ) বয়ন কেন্দ্ৰৰ অন্যতম আকৰ্ষণ টেৰাকোটা৷

উত্তৰ: 

ক) কুটীৰ শিল্পত যন্ত্ৰ-পাতিৰ ব্যৱহাৰ বেছি৷

খ) অসমৰ চাহ আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্যোগ৷ 

গ) ঢকুৱাখনাত বয়ন কেন্দ্ৰ আছে৷ 

ঘ) অসমৰ পাট-মুগা কাপোৰে দেশে‍-বিদেশে আদৰ পাইছে৷ 

ঙ) বয়ন কেন্দ্ৰৰ অন্যতম আকৰ্ষণ টেৰাকোটা৷

৪৷ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা:

‘ক’ ‘খ’
সৰ্থেবাৰী পিতলৰ শিল্প
ঢকুৱাখনা মৃৎশিল্প‍
আশাৰীকান্দি কাঁহৰ শিল্প
হাজো বয়ন শিল্প

উত্তৰ:

‘ক’ ‘খ’
সৰ্থেবাৰী কাঁহৰ শিল্প
ঢকুৱাখনা বয়ন শিল্প‍
আশাৰীকান্দি মৃৎশিল্প
হাজো পিতলৰ শিল্প


৫৷ কাঁহৰ বাচন তৈয়াৰ কৰা মানুহজনক কি বোলে?

উত্তৰ: কাঁহৰ বাচন তৈয়াৰ কৰা মানুহক কঁহাৰ বোলে

৬ ৷ অসমত চাহ উদ্যোগ গঢ় লৈ উঠাৰ কাৰণ কি?

উত্তৰ: অসমত চাহ উদ্যোগ গঢ় লৈ উঠাৰ কাৰণ এয়ে যে ইয়াত প্ৰচুৰ পৰিমাণে চাহপাত উৎপাদন হয়৷ অসমত ৮৫০ খনতকৈও অধিক ডাঙৰ চাহবাগান থকাৰ লগতে বহুতো সৰু সৰু চাহবাগানো আছে৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ