আমাৰ পৰিৱেশ— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। উত্তৰ লিখা—

(ক) পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি?

উত্তৰ: পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম হ’ল—  উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি।

(খ) পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা?

উত্তৰ: পেংগুইনৰ গাটো ডিম্বাকৃতিৰ আৰু দীঘলীয়া, গাটো সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু।

(গ) শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম লিখা। 

উত্তৰ: শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম হ’ল—  ৰংঘৰ আৰু তলাতল ঘৰ।

(ঘ) পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি?

উত্তৰ: পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হ’ল— বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত-পাহাৰ আদি।

(ঙ) মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা?

উত্তৰ: মানুহে নিজৰ প্ৰয়োজন অনুসৰি প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহৰ পৰাই কিছুমান উপাদান সৃষ্টি কৰি লয়৷ এনে উপাদানসমূহেৰে গঠিত পৰিৱেশেই হৈছে মানৱসৃষ্ট পৰিৱেশ ৷

(চ) অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা।

উত্তৰ: অসমত থকা, 

দুটা মন্দিৰ নাম হ’ল— উমানন্দ আৰু কামাখ্যা মন্দিৰ৷

দুটা দৌল হ’ল— শিৱ দৌল আৰু জয়দৌল৷

দুখন সত্ৰৰ নাম হ’ল— বৰপেটা সত্ৰ আৰু কমলাবাৰী সত্ৰ।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

‘ক’ ‘খ’
তেজপুৰ ভুৱন পাহাৰৰ মন্দিৰ
কামৰূপ টেগবাহাদুৰ গুৰুদ্বাৰ
গোৱালপাৰা অগ্নিগড়
ধুবুৰী পোৱামক্কা
কাছাৰ সূৰ্য পাহাৰ

উত্তৰ:

‘ক’ ‘খ’
তেজপুৰ অগ্নিগড়
কামৰূপ পোৱামক্কা
গোৱালপাৰা সূৰ্য পাহাৰ
ধুবুৰী টেগবাহাদুৰ গুৰুদ্বাৰ
কাছাৰ ভুৱন পাহাৰৰ মন্দিৰ

৩। খালী ঠাই পূৰ কৰা

(ক) মৰুভূমিৰ প্ৰাণীৰ ছাল _______ আৰু  _______

উত্তৰ: ৰুভূমিৰ প্ৰাণীৰ ছাল  ডাঠ  আৰু  নোমাল 

(খ) বগা ভালুক ______ অঞ্চলত থাকে।

উত্তৰ: বগা ভালুক  মেৰু  অঞ্চলত থাকে।

(গ) তৃণভূমি অঞ্চলত ______  পোৱা যায়।

উত্তৰ: তৃণভূমি অঞ্চলত  তৃণভোজী আৰু মাংসভোজী প্ৰাণী   পোৱা যায়।

(ঘ) পাণবাৰীৰ ______ মছজিদ ঐতিহ্যৰ প্ৰতীক।

উত্তৰ: পাণবাৰীৰ  মিৰজুমলাৰ মছজিদ  ঐতিহ্যৰ প্ৰতীক।

৪। তলৰ উক্তিসমূহ শুদ্ধ কৰি লোৱা—

(ক) বগা ভালুক/ হৰিণ/ জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী।

উত্তৰ: বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী।

(খ) ছীল/ বল্গা হৰিণ/ য়াকৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে।

উত্তৰ: বল্গা হৰিণৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে।

(গ) জিৰাফ/ সিংহ/ বাঘৰ গাৰ ৰং ধূসৰ।

উত্তৰ: সিংহৰ গাৰ ৰং ধূসৰ।

৫। চমুটোকা লিখা—

      জলাহভূমি, অণুজীৱ।

উত্তৰ: 

জলাহভূমি: সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ  থকা মাটিভাগকেই জলাহভূমি বুলি কোৱা হয়। পানী আৰু মাটি— এই দুয়ো ধৰণৰ উপাদানেৰে জলাহভুমি গঠিত৷ এই দুয়োটা উপাদান থকা বাবেই জলাহভূমিত বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱই বাস কৰে৷ তদুপৰি জলাহভূমিৰ কাষৰীয়া অঞ্চলত বিভিন্ন প্ৰজাতিৰ চৰায়ো থাকে৷ খাদ্যৰ বাবে জলাহভূমিৰ প্ৰাণীবোৰে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে৷

অণুজীৱ: যিবিলাক তেনেই ক্ষুদ্ৰ জীৱক আমি খালী চকুৰে দেখা নাপাওঁ, সেইবিলাককে অণুজীৱ বুলি কোৱা হয়৷ এইবিলাক ইমানেই ক্ষুদ্ৰ যে অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। উদাহৰণস্বৰূপে— বেক্টেৰিয়া আৰু ভাইৰাছ৷ ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ