আমাৰ ৰাজ্যখন— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী

১৷ উত্তৰ লিখা:

ক) অসমৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি?

উত্তৰ: অসমৰ প্ৰধান প্ৰাকৃতিক বিভাগ তিনিটা৷ সেইকেইটা হৈছে—

(i) ব্ৰহ্মপুত্ৰ উপত্যকা

(ii) বৰাক উপত্যকা

(ii) পাহাৰীয়া অঞ্চল

খ) অসমৰ প্ৰধান নৈ দুখনৰ নাম কি কি?

উত্তৰ: অসমৰ প্ৰধান নৈ দুখনৰ নাম হৈছে— ব্ৰহ্মপুত্ৰ আৰু বৰাক৷

গ) অসম ৰাজ্যৰ কাষতে থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম কি কি?

উত্তৰ: অসম ৰাজ্যৰ কাষতে থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম হ’ল—

(i) ভূটান

(ii) বাংলাদেশ

ঘ) অসমৰ চাৰিসীমা লিখা৷

উত্তৰ: অসমৰ চাৰিসীমা—

উত্তৰে: ভূটান আৰু অৰুণাচল প্ৰদেশ৷

পূবে‍: অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ৷

দক্ষিণে: মিজোৰাম আৰু মেঘালয়৷

পশ্চিমে‍: ত্ৰিপুৰা, বাংলাদেশ আৰু পশ্চিমবংগ৷

ঙ) বৰাক উপত্যকাত থকা জিলাকেইখনৰ নাম কি কি?

উত্তৰ: বৰাক উপত্যকাত থকা জিলাকেইখনৰ নাম হ’ল— 

(i) কৰিমগঞ্জ

(ii) শিলচৰ 

(iii) হাইলাকান্দি 

২৷ খালী ঠাই পূৰ কৰা:

ক) অসম ৰাজ্যৰ ……………. অংশত ব্ৰহ্মপুত্ৰ উপত্যকা আছে৷

উত্তৰ: অসম ৰাজ্যৰ উত্তৰ অংশত ব্ৰহ্মপুত্ৰ উপত্যকা আছে 

খ) আমাৰ দেশ ভাৰতৰ …………. অংশত অসম ৰাজ্য অৱস্থিত৷

উত্তৰ: আমাৰ দেশ ভাৰতৰ উত্তৰ-পূব অংশত অসম ৰাজ্য অৱস্থিত

গ) মানচিত্ৰত পৰ্বত, পাহাৰ, নৈ আদি বুজাবলৈ ব্যৱহাৰ কৰা চিনবোৰক …………… চিহ্ন বোলে৷

উত্তৰ: মানচিত্ৰত পৰ্বত, পাহাৰ, নৈ আদি বুজাবলৈ ব্যৱহাৰ কৰা চিনবোৰক সাংকেতিক চিহ্ন বোলে৷

ঘ) অসমৰ দক্ষিণ অংশত ………………. উপত্যকা আছে৷

উত্তৰ: অসমৰ দক্ষিণ অংশত বৰাক উপত্যকা আছে৷

৩৷ শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা:

ক) অসমক প্ৰধানকৈ দুটা/ তিনিটা/ চাৰিটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে৷

উত্তৰ: অসমক প্ৰধানকৈ তিনিটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে৷

খ) ব্ৰহ্মপুত্ৰ উপত্যকা অসম ৰাজ্যৰ উত্তৰ/ দক্ষিণ/ পূব অংশত৷

উত্তৰ: ব্ৰহ্মপুত্ৰ উপত্যকা অসম ৰাজ্যৰ উত্তৰ অংশত৷

গ) অসম ৰাজ্যৰ ওচৰত দুখন/ তিনিখন/ চাৰিখন বিদেশী ৰাষ্ট্ৰ আছে৷

উত্তৰ: অসম ৰাজ্যৰ ওচৰত দুখন বিদেশী ৰাষ্ট্ৰ আছে৷

ঘ) মানাহ/ সোৱণশিৰি‍/ ধলে‍শ্বৰী হ’ল বৰাক নৈৰ উপনৈ৷

উত্তৰ: ধলে‍শ্বৰী হ’ল বৰাক নৈৰ উপনৈ৷

৪৷ ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা:

‘ক’ ‘খ’
জিলাৰ সদৰ ঠাই
আন্তৰ্জাতিক সীমা
ৰে’ল-পথ
নৈ
জিলাৰ সীমা
পৰ্বত-পাহাৰ
ৰাজ্যৰ ৰাজধানী

উত্তৰ:

‘ক’ ‘খ’
নৈ‍
পৰ্বত-পাহাৰ
ৰাজ্যৰ ৰাজধানী
জিলাৰ সীমা
জিলাৰ সদৰ ঠাই
ৰে’ল-পথ
আন্তৰ্জাতিক সীমা
অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ