১। উত্তৰ লিখা—
(ক) সামাজিক সমস্যা বুলিলে কি বুজা?
উত্তৰ: সমাজ জীৱনত প্ৰভাৱ পেলাই আমাৰ সমাজৰ পৰিৱেশ নষ্ট কৰা কাৰকবোৰকে সামাজিক সমস্যা বোলে।
(খ) সমাজত একতা গঢ়ি তোলাত কোনবোৰ গুণৰ প্ৰয়োজন হয়?
উত্তৰ: সমাজত একতা গঢ়ি তোলাৰ বাবে মিলা-প্ৰীতি, সহযোগিতা, সহানুভূতি, পাৰস্পৰিক বুজাবুজি, বন্ধুত্ব, ভাতৃত্ববোধ, বিশ্বাস, সচেতনতা আদি গুণৰ প্ৰয়োজন।
(গ) সামাজিক সমস্যাবোৰ কি কি?
উত্তৰ: সামাজিক সমস্যাবোৰ হৈছে— অন্ধবিশ্বাস, কুসংস্কাৰ, লিংগ বৈষম্য, শিশুশ্ৰমিক, যৌতুক প্ৰথা, দৰিদ্ৰতা, নিৰক্ষৰতা আদি।
(ঘ) সামাজিক সমস্যা সৃষ্টিত কোনবোৰ কাৰকে অৰিহণা যোগায়?
উত্তৰ: মানুহৰ মাজত থকা ভেদাভেদ, উচ্চ-নীচ ভাব, আন্তৰিকতাৰ অভাৱ, বিশ্বাসহীনতা আদিয়ে সামাজিক সমস্যা সৃষ্টিত অৰিহণা যোগায়।
২। খালী ঠাই পূৰ কৰা—
(ক) আমি সকলোৱে ______ পাতি বাস কৰোঁ।
উত্তৰ: আমি সকলোৱে সমাজ পাতি বাস কৰোঁ।
(খ) ______ হ’ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা।
উত্তৰ: অন্ধবিশ্বাস হ’ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা।
(গ) সমস্যা দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজত ______ সৃষ্টি হয়।
উত্তৰ: সমস্যা দীৰ্ঘদিনলৈ বৰ্তি থাকিলে সমাজত অশান্তিৰ সৃষ্টি হয়।
(ঘ) ৰাইজৰ সচেতনতা আৰু ______ নহ’লে কোনো সমস্যাৰ সমাধান নহয়।
উত্তৰ: ৰাইজৰ সচেতনতা আৰু সহযোগিতা নহ’লে কোনো সমস্যাৰ সমাধান নহয়।
(ঙ) লিখা-পঢ়া নজনা লোককে ______ লোক বোলে।
উত্তৰ: লিখা-পঢ়া নজনা লোককে নিৰক্ষৰ লোক বোলে।
৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—
‘ক’ | ‘খ’ |
---|---|
অন্ধবিশ্বাসত কোনো | শিশু শ্ৰমিকৰ সৃষ্টি হয়। |
পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে | ডাইনী বিশ্বাস। |
অন্ধবিশ্বাস, লিংগ-বৈষম্য, শিশু-শ্ৰমিক আদি | সামাজিক সমস্যা। |
মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰণা | বৈজ্ঞানিক ভিত্তি নাই। |
উত্তৰ:
‘ক’ | ‘খ’ |
---|---|
অন্ধবিশ্বাসত কোনো | বৈজ্ঞানিক ভিত্তি নাই। |
পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে | শিশু শ্ৰমিকৰ সৃষ্টি হয়। |
অন্ধবিশ্বাস, লিংগ-বৈষম্য, শিশু-শ্ৰমিক আদি | সামাজিক সমস্যা। |
মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰণা | ডাইনী বিশ্বাস। |
৪। অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখা—
(ক) গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে সামাজিক সমস্যাবোৰ সমাধানত সহায় কৰিব পাৰে।
উত্তৰ: শুদ্ধ৷
(খ) কুসংস্কাৰৰ পৰা সমাজৰ ক্ষতি হয়।
উত্তৰ: শুদ্ধ৷
(গ) লিংগ-বৈষম্য হ’ল সমাজৰ এটা সমস্যা।
উত্তৰ: শুদ্ধ৷
(ঘ) নিৰক্ষৰতাই সমাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰিব পাৰে।
উত্তৰ: অশুদ্ধ৷
শুদ্ধ ৰূপ— নিৰক্ষৰতাই সমাজত কু-সংস্কাৰ আৰু অন্ধবিশ্বাস সৃষ্টিত অৰিহণা যোগায়।
(ঙ) টকা-পইচাৰ অভাৱ হ’লে ল’ৰা-ছোৱালীক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে।
উত্তৰ: অশুদ্ধ৷
শুদ্ধ ৰূপ— টকা-পইচাৰ অভাৱ হ’লেও ল’ৰা-ছোৱালীক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব নালাগে।
৫। চমুটোকা লিখা—
(ক) অন্ধবিশ্বাস
উত্তৰ:
অন্ধবিশ্বাস: কোনো বিষয় ভালদৰে চালি-জাৰি নোচোৱাকৈ সঁচা বুলি বিশ্বাস কৰাটোকে অন্ধবিশ্বাস বোলা হয়। এইবিলাকৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। সাধাৰণতে অৰ্থনৈতিকভাৱে পিছ পৰা অঞ্চলত আৰু অশিক্ষিত লোকৰ মাজত অন্ধবিশ্বাস বেছিকৈ দেখা যায়। অন্ধবিশ্বাসে যুক্তিসহকাৰে আৰু বৈজ্ঞানিক চিন্তাধাৰাৰে কথাবোৰ ফঁহিয়াই চোৱাত বাধা দিয়ে৷ ফলস্বৰূপে মানুহৰ মগজু আৰু বুদ্ধিৰ বিকাশ নহয়৷ অন্ধবিশ্বাসৰ হৈছে সমাজৰ এক ডাঙৰ সমস্যাৰ। অন্ধবিশ্বাসৰ এটি উদাহৰণ হৈছে— ডাইনী হত্যা৷
(খ) কুসংস্কাৰ
উত্তৰ:
কুসংস্কাৰ: কুসংস্কাৰ হৈছে এক সামাজিক ব্যাধি। এইবিলাকৰো কোনো বৈজ্ঞানিক ভিত্তি নাথাকে৷ সমাজত বিয়পি পৰা কুসংস্কাৰে সামাজিক প্ৰগতিত বাধা দিয়ে৷ কুসংস্কাৰৰ উদাহৰণ হৈছে— সাপে খুঁটিলে বেজৰ দ্বাৰা চিকিৎসা কৰোৱা, বেমাৰ-আজাৰ হ’লে বেজ মাতি মন্ত্ৰৰ দ্বাৰা জৰা-ফুঁকা কৰি বেমাৰ ভাল কৰিবলৈ চেষ্টা কৰা আদি। এনে ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানুহে উপযুক্ত চিকিৎসাৰ অভাৱত অকালতে মৃত্যুমুখত পৰিবলগীয়া হয়। কু-সংস্কাৰৰ পৰা মুক্ত হ’বলৈ সমাজৰ প্ৰত্যেকজন মানুহ শিক্ষিত আৰু সজাগ হোৱাটো প্ৰয়োজনীয়।
(গ) যৌতুক
উত্তৰ:
যৌতুক: অতীজৰে পৰা পিতৃ-মাতৃ বা অভিভাৱকে ছোৱালী এজনীক নতুন ঘৰ এখনলৈ উলিয়াই দিওঁতে কিছুমান প্ৰয়োজনীয় বয়-বস্তু লগত দি পঠিওৱা সমাজিক প্ৰথাটোৱেই হৈছে যৌতুক প্ৰথা৷ অতীতত এই প্ৰথাই কোনো সামাজিক সমস্যাৰ সৃষ্টি কৰা নাছিল যদিও বৰ্তমান বৰ্তমান সময়ত ই কিছু কিছু ক্ষেত্ৰত সামাজিক ব্যাধিলৈ পৰিণত হোৱা দেখা গৈছে৷ কেতিয়াবা দৰাঘৰৰ ফালৰ পৰা অধিক যৌতুক দাবী কৰা দেখা যায় আৰু সেইমতে কইনাঘৰে দিব নোৱাৰিলে পাছত ছোৱালীয়ে নিৰ্যাতন ভোগ কৰিবলগীয়া হয়৷ প্ৰতিগৰাকী ছোৱালী শিক্ষিত হৈ আত্মনিৰ্ভৰশীল হোৱাৰ লগতে সমাজৰ পৰা এনে ব্যৱস্থাৰ কুপ্ৰভাৱ আঁতৰাবৰ বাবে প্ৰতিজন ব্যক্তি সচেতন হ’লেহে এই প্ৰথা নিৰ্মূল হোৱাটো সম্ভৱ৷
৬। সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা কি লিখা?
উত্তৰ: সামাজিক সমস্যা সমাধানত একতাৰ ভূমিকা অপৰিসীম৷ আমি সকলো মিলি একগোট হৈ সমাজৰ পৰা হিংসা, দ্বেষ, ভেদাভেদ পৰিহাৰ কৰি এখন নিকা সমাজ গঢ়ি তুলিব পাৰোঁ৷ সমাজত একতা আৰু সংহতি থাকিলে সমাজৰ ক্ষতি সাধন কৰিব পৰা কাৰকসমূহ সিমান সক্ৰিয় হৈ উঠিব নোৱাৰে, ফলত সমাজত সমস্যাৰ সংখ্যাও কমে৷ ৰাইজে সমূহীয়াভাৱে আলোচনা কৰি একোটা সমস্যাৰ সমাধানৰ উপায় উলিয়াব পাৰে৷ স্থানীয় সমস্যা কিছুমান ৰাইজে একগোট হৈয়ে সমাধান কৰিব পাৰে।