আমাৰ সংবিধান— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। উত্তৰ লিখা—

(ক) কেতিয়াৰ পৰা ভাৰতে‍ এখন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰ: ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ভাৰতে‍ এখন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে।

(খ) সংবিধান সভাৰ দুগৰাকী সদস্যৰ নাম উল্লেখ কৰা।

উত্তৰ: সংবিধান সভাৰ দুগৰাকী সদস্যৰ নাম হ’ল— বল্লভভাই পেটেল আৰু সৰুজিনী নাইডু।

(গ) কোন তাৰিখে ভাৰতবৰ্ষক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়?

উত্তৰ: ১৯৫০ চনৰ জানুৱাৰী মাহৰ ২৬ তাৰিখে‍ ভাৰতবৰ্ষক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়।

(ঘ) সংবিধান সভাৰ সভাপতি কোন আছিল?

উত্তৰ: সংবিধান সভাৰ সভাপতি আছিল— ড° ৰাজেন্দ্ৰ প্ৰসাদ।

(ঙ) ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে?

উত্তৰ: ভাৰতীয় নাগৰিকৰ ১১ টা মৌলিক কৰ্তব্য আছে।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

‘ক’ ‘খ’
সাৰ্বভৌম নীতি-নিয়মৰ সমষ্টি।
গণতান্ত্ৰিক জণগণৰ দ্বাৰা শাসিত।
সংবিধান সৰ্বোচ্চ ক্ষমতা থকা বা স্বাধীন।
নিৰ্দেশনাত্মক নীতি দেশৰ প্ৰতি সংবিধানৰ নিৰ্দেশনা।

উত্তৰ:

‘ক’ ‘খ’
সাৰ্বভৌম সৰ্বোচ্চ ক্ষমতা থকা বা স্বাধীন।
গণতান্ত্ৰিক জণগণৰ দ্বাৰা শাসিত।
সংবিধান নীতি-নিয়মৰ সমষ্টি।
নিৰ্দেশনাত্মক নীতি দেশৰ প্ৰতি সংবিধানৰ নিৰ্দেশনা।

৩। খালী ঠাই পূৰ কৰা—

(ক) আমি ১৯৫০ চনৰ পৰা প্ৰতি বছৰৰ ২৬ জানুৱাৰী তাৰিখে গণতন্ত্ৰ ______ পালন কৰোঁ।

উত্তৰ: আমি ১৯৫০ চনৰ পৰা প্ৰতি বছৰৰ ২৬ জানুৱাৰী তাৰিখে  গণতন্ত্ৰ দিৱস  হিচাপে পালন কৰোঁ।

(খ) ______ সংবিধানখন অতি দীঘলীয়া সংবিধান।

উত্তৰ:  ভাৰতবৰ্ষৰ  সংবিধানখন অতি দীঘলীয়া সংবিধান।

(গ) ভাৰতবৰ্ষ এখন সাৰ্বভৌম ______ গণৰাজ্য।

উত্তৰ: ভাৰতবৰ্ষ এখন সাৰ্বভৌম  গণতান্ত্ৰিক  গণৰাজ্য।

(ঘ) প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব ______ আছে।

উত্তৰ: প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজস্ব  সংবিধান  আছে।

(ঙ) ______ চনৰ ______ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে।

উত্তৰ:  ১৯৪৭  চনৰ  ১৫  আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে।

৪। সংবিধানৰ প্ৰস্তাৱনাত কি উল্লেখ আছে?

উত্তৰ: সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা মূল দিশসমূহ হ’ল—

(i) ভাৰতবৰ্ষ এখন সাৰ্বভৌম, গণতান্ত্ৰিক গণৰাজ্য

(ii) আইনৰ চকুত সকলো সমান। জাতি, বৰ্ণ, ধৰ্ম, লিংগ, ভাষা আদিক লৈ কোনো বৈষম্য নাথাকিব।

(iii) প্ৰত্যেক নাগৰিকে যিকোনো বিষয়তে‍ মুক্তভাৱে নিজৰ মতামত প্ৰকাশ কৰিব পাৰিব।

(iv) দেশত বাস কৰা সকলো শ্ৰেণীৰ লোকে যাতে জীৱন ধাৰণৰ ন্যূনতম সা-সুবিধাৰ পৰা বঞ্চিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা হ’ব।

(v) ভাৰতীয় নাগৰিকসকলক সমান সুযোগ দি তেওঁলোকৰ মাজত ভাতৃত্ববোধ জগাই তোলা হ’ব।

৫। মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা।

উত্তৰ: প্ৰতিজন নাগৰিকে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি বিভিন্ন দিশত সমানে সুযোগ-সসুবিধা লাভ কৰিব পৰাকৈ ভাৰতীয় সংবিধানে নাগৰিকসকলক কিছুমান অধিকাৰ প্ৰদান কৰিছে। এই অধিকাৰসমূহকে এই অধিকাৰসমূহেই হৈছে মেংলিক অধিকাৰ।মৌলিক অধিকাৰবোৰ হৈছে—

(ক) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ।

(খ) স্বাধীনতাৰ অধিকাৰ।

(গ) সমতাৰ অধিকাৰ।

(গ) সমতাৰ অধিকাৰ৷

(ঘ) শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ।

(ঙ) শোষণৰ বিৰুদ্ধে‍ প্ৰতিকাৰৰ অধিকাৰ৷

(চ) ধৰ্মীয় অধিকাৰ।

৬। শিক্ষাৰ অধিকাৰ আইন বুলিলে কি বুাজ?

উত্তৰ: ৬ বছৰৰ পৰা ১৪ বছৰ বয়সলৈকে সকলো শিশুৱে প্ৰাথমিক শিক্ষা বাধ্যতামূলকভাৱে‍ আৰু বিনামূলীয়াকৈ গ্ৰহণ কৰিব পৰাকৈ ২০০৯ চনত প্ৰৱৰ্তন কৰা আইনখনেই হৈছে শি‍ক্ষাৰ অধিকাৰ আইন৷

৭। নিৰ্দেশনাত্মক নীতিবিলাকৰ মূল উদ্দেশ্য কি?

উত্তৰ: নিৰ্দেশনাত্মক নীতিবিলাকৰ মূল উদ্দেশ্য হৈছে— সামাজিক আৰু আৰ্থিক দিশত সমতা স্থাপন কৰি জনসাধাৰণৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণ সাধন কৰা।

৮। নিৰ্দেশনাত্মক নীতিসমূহক কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি লিখা।

উত্তৰ: নিৰ্দেশনাত্মক নীতিসমূহক চাৰিটা ভাগত ভগোৱা হৈছে আৰু সৈইবোৰ হ’ল—

(ক) অৰ্থনৈতিক নীতি— পুৰুষ-মহিলা উভয়কে সমান কামৰ কাৰণে সমান মজুৰি দিয়া, মাতৃ আৰু শিশুৰ মংগলৰ কাৰণে ব্যৱস্থা কৰা ইত্যাদি।

(খ) গান্ধীবাদী নীতি— পঞ্চায়তীৰাজ ব্যৱস্থা কৰা, কুটীৰ শিল্পৰ সম্প্ৰসাৰণ, বনজ সম্পদ সংৰক্ষণ, গো-পালন ইত্যাদি।

(গ) আন্তঃৰাষ্ট্ৰীয় নীতি— আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা ইত্যাদি।

(ঘ) অন্যান্য— ঐতিহাসিক তাৎপৰ্যপূৰ্ণ ঠাইবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰা ইত্যাদি।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ