অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি‍— সমাজবি‍জ্ঞান, অষ্টম শ্ৰেণী

১) চমুকৈ উত্তৰ লিখা—

(ক) অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি আছিল?

উত্তৰ: অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ হ’ল— কামৰূপ-কমতা ৰাজ্য, চুটিয়া ৰাজ্য, বাৰভূঞা ৰাজ্য, কছাৰী ৰাজ্য আৰু আহোম ৰাজ্য৷

(খ) দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে?

উত্তৰ: দখনা বড়ো জাতিৰ মহিলাসকলে পৰিধান কৰে।

(গ) আহোমসকলৰ ৰাজত্বকালত ভূ–সম্পত্তিৰ গৰাকী কোন আছিল?

উত্তৰ: আহোমসকলৰ ৰাজত্ব কালত ভূ–সম্পত্তিৰ গৰাকী ৰজা আছিল।

(ঘ) মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায়-বাণিজ্য চলিছিল?

উত্তৰ: মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰ দ্বাৰা ব্যৱসায়-বাণিজ্য চলিছিল।

(ঙ) কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল?

উত্তৰ: কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলি‍য়ে টোল পাতি জ্ঞান চৰ্চা কৰিছিল।

২) ‘ক’ অংশৰ কথাখিনিৰ লগত ‘খ’ অংশৰ কথাখিনি মিলোৱা:

‘ক’ অংশ ‘খ’ অংশ
মাধৱ কন্দলি‍ ৰত্নমালা
সুকুমাৰ বৰকাইথ দৰং ৰাজবংশাৱলী
পুৰুষোত্তম বিদ্যাবাগীশ ৰামায়ণ
ভট্টদেৱ হস্তীবিদ্যার্ণৱ
বলদেৱ সূৰ্যখৰি দৈৱজ্ঞ কথা গীতা

উত্তৰ:

‘ক’ অংশ ‘খ’ অংশ
মাধৱ কন্দলি‍ ৰামায়ণ
সুকুমাৰ বৰকাইথ হস্তীবিদ্যার্ণৱ
পুৰুষোত্তম বিদ্যাবাগীশ ৰত্নমালা
ভট্টদেৱ কথা গীতা
বলদেৱ সূৰ্যখৰি দৈৱজ্ঞ দৰং ৰাজবংশাৱলী

৩) খালী ঠাই পূৰ কৰা —

(ক) হয়গ্ৰীৱ-মাধৱ মন্দিৰ ________ নিৰ্মাণ কৰিছিল।

উত্তৰ:  হয়গ্ৰীৱ-মাধৱ মন্দিৰ  কোচ ৰজা নৰনাৰায়ণে  নিৰ্মাণ কৰিছিল।

(খ) মধ্যযুগত মহিলাৰ স্থান আছিল ________

উত্তৰ: মধ্যযুগত মহিলাৰ স্থান আছিল   উচ্চ  

(গ) জনজাতীয় লোকসকলৰ মাজত ________ খেতিৰ প্ৰচলন আছিল।

উত্তৰ: জনজাতীয় লোকসকলৰ মাজত  জুম  খেতিৰ প্ৰচলন আছিল।

(ঘ) অনন্ত কন্দলি‍য়ে ________ অসমীয়ালৈ অনুবাদ কৰে।

উত্তৰ: অনন্ত কন্দলি‍য়ে  ভাগৱত  অসমীয়ালৈ অনুবাদ কৰে।

(ঙ) ________ মধ্যযুগৰ প্ৰধান বৈশিষ্ট্য আছিল।

উত্তৰ:  আত্মনির্ভৰশীলতা  মধ্যযুগৰ প্ৰধান বৈশিষ্ট্য আছিল।

৪) শুদ্ধ উত্তৰটোত  চিন দিয়া —

(ক) মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক/ ৰাজতান্ত্ৰিক।

উত্তৰ: মধ্যযুগৰ শাসন আছিল ৰাজতান্ত্ৰিক

(খ) পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকল/ কোচসকলে।

উত্তৰ: পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে‍

(গ) টঙালি, হাঁচতি বড়োসকলৰ/ বাৰভূঞাসকলৰ অৱদান।

উত্তৰ: টঙালি, হাঁচতি বাৰভূঞাসকলৰ অৱদান।

(ঘ) কছাৰীসকল/ কোচসকল নলা-নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল।

উত্তৰ: কছাৰীসকল নলা-নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল।

(ঙ) স্বৰ্গদেউ ৰুদ্ৰসিংহ/ স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোম স্থাপত্যত মোগল, পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে।

উত্তৰ: স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা আহোম স্থাপত্যত মোগল, পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে।

৫) উত্তৰ লিখা: (৫০ টামান শব্দৰ ভিতৰত)

(ক) আহোমসকলৰ পাইক প্ৰথা।

উত্তৰ: আহোম ৰাজত্বৰ এক অভিনৱ কার্যপন্থা হল পাইক প্ৰথা৷ স্বদেশ আৰু স্বজাতিৰ উন্নয়নৰ বাবে প্ৰয়োজন হোৱা শ্ৰম, দেশৰ সুৰক্ষাৰ বাবে আৱশ্যক হোৱা সামৰিক শক্তি আৰু আহোমৰ কৰ ব্যৱস্থাৰ ভেঁটি আছিল এই পাইকসকল। ১৫ বছৰৰ পৰা ৫০ বছৰলৈ সকলো সক্ষম পুৰুষেই আছিল একোজন পাইক৷ ৩ বা ৪ জন পাইক মিলি এটা গোট হৈছিল৷ প্ৰতি গোটৰ একোজন পাইকে ৰজাৰ ঘৰত শ্ৰম দান কৰাটো বাধ্যতামূলক আছিল। স্বৰ্গদেউ গৌৰিনাথ সিংহৰ আগলৈ পাইকসকলে যুদ্ধৰ সময়ত সৈনিকৰ কামতো লাগিছিল। কুৰিগোট পাইকৰ ওপৰত এজন বৰা, এশগোটৰ ওপৰত এজন শইকীয়া, এহাজাৰ গোটৰ ওপৰত এজন হাজৰিকা, তিনি হাজাৰ গোটৰ ওপৰত এজন ৰাজখোৱা আৰু ছহেজাৰ গোটৰ ওপৰত এজন ফুকন আছিল৷ মোমাই তামুলী বৰবৰুৱাই স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত এই পাইকসকলক বিভিন্ন খেলৰ দায়িত্ব দি দেশ সংগঠন অধিক মজবুত কৰি তুলিছিল।

(খ) কি কাৰণে আহোম সকলে পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল?

উত্তৰ: দেশ সংগঠনৰ বাবে আহোমসকলে কিছুমান অভিনৱ ব্যৱস্থা হাতত লৈছিল৷ সেইসমূহৰ ভিতৰত পচা প্ৰথা অন্যতম৷ পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাসকলক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্য পচা প্ৰথা গ্ৰহণ কৰা হৈছিল৷ পচা প্ৰথা সীমান্তৱৰ্তী পাহাৰীয়া জাতিসমূহৰ লগত আহোমসকলৰ এক বিশেষ বন্দোৱস্তি।

(গ) মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল?

উত্তৰ: মধ্যযুগৰ অসমত মহিলাসকলক সন্মানৰ চকুৰে চোৱা হৈছিল। তেওঁলোকে ঘৰুৱা কাম-কাজৰ উপৰি সময়সাপেক্ষে আৰু প্ৰয়োজনত যুদ্ধক্ষেত্ৰলৈ গৈ শত্ৰুৰ লগত যুদ্ধ কৰি দেশ তথা জাতি ৰক্ষাৰ কামত নিয়োজিত হ'বলৈ কুণ্ঠাবোধ নকৰিছিল৷ ইয়াৰ উপৰি ৰাজসিংহাসনত বহি ৰাজ্য শাসনো কৰিছিল৷ মহিলাসকলে দৌল-দেৱালয়ত নৰ্তকী, বোৱা-কটা আৰু চোৰাংচোৱাৰ কামো কৰিছিল। প্ৰতিগৰাকী নাৰীয়েই আছিল একোগৰাকী শিপিনী৷

(ঘ) মধ্যযুগৰ কৃষি ব্যৱস্থা।

উত্তৰ: মধ্যযুগৰ অসমৰ অৰ্থনীতিৰ মূল ভেটি তথা জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতু অনুযায়ী পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। কৃষকসকলে‍ ধান, মাহ, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি আদি উৎপাদন কৰিছিল। পাহাৰ অঞ্চলত খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল-মূলৰ খেতি কৰা হৈছিল। জনজাতীয় লোসকলে জুম খেতি কৰি‍ছিল। ডোং বান্ধি বৰষুণৰ পানী জমা কৰি ৰাখি খেতি-পথাৰত পানীৰ যোগান ধৰা হৈ‍ছিল। বৰ্তমান মথাউৰি নিৰ্মাণ কৰি বানপানীৰ পৰা গছ-গছনি, শস্য ৰক্ষা কৰাৰ যি ব্যৱস্থা, সেয়া মধ্যযুগতেই আৰম্ভণি হৈছিল বুলি ক'ব পৰা যায়। সেই সময়ৰ কোচবিহাৰত জান–জুৰিৰ উজনিত বান্ধ বান্ধি প্ৰয়োজন অনুযায়ী খেতি পথাৰত পানী যোগান ধৰাৰ ব্যৱস্থা আছিল৷

(ঙ) কছাৰীসকলৰ স্থাপত্য বিদ্যাৰ উল্লেখযোগ্য দিশসমূহ কি কি?

উত্তৰ: কছাৰীসকলৰ স্থাপত্য বিদ্যাৰ উল্লেখযোগ্য দিশসমূহ হ'ল--

(i) কছাৰীসকলৰ স্থাপত্য-ভাস্কৰ্য শিল্প অতি উচ্চ খাপৰ আছিল। কছাৰীসকলৰ ৰাজধানী ডিমাপুৰৰ তিনিওফালে যেতিয়া ইটাৰ বেৰেৰে ঘেৰা আছিল সেই সময়ত আহোমসকলে ইটাৰ ব্যৱহাৰ জনাই নাছিল। 

(ii) কছাৰীসকলৰ স্থাপত্য বিদ্যাত বংগদেশৰ মুছলমানসকলৰ গৃহনিৰ্মাণ প্ৰণালীৰ প্ৰভাৱ দেখা যায়। 

(iii) তেওঁলোকে গৃহনিৰ্মাণত নানা ৰকমৰ চিত্ৰখোদিত স্তম্ভ ব্যৱহাৰ কৰিছিল।

৬) মধ্যযুগৰ অসমৰ অৰ্থনৈতিক কাম-কাজৰ সম্পৰ্কত এটি টোকা প্ৰস্তুত কৰা।

উত্তৰ: মধ্যযুগৰ অসমৰ অৰ্থনীতিৰ মূল ভেটি তথা জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতু অনুযায়ী পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। কৃষকসকলে‍ ধান, মাহ, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল-মূল, শাক–পাচলি আদি উৎপাদন কৰিছিল। পাহাৰ অঞ্চলত খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল-মূলৰ খেতি কৰা হৈছিল। জনজাতীয় লোসকলে জুম খেতি কৰি‍ছিল। ডোং বান্ধি বৰষুণৰ পানী জমা কৰি ৰাখি খেতি-পথাৰত পানীৰ যোগান ধৰা হৈ‍ছিল। বৰ্তমান মথাউৰি নিৰ্মাণ কৰি বানপানীৰ পৰা গছ–গছনি, শস্য ৰক্ষা কৰাৰ যি ব্যৱস্থা, সেয়া মধ্যযুগতেই আৰম্ভণি হৈছিল বুলি ক'ব পৰা যায়। সেই সময়ৰ কোচবিহাৰত জান-জুৰিৰ উজনিত বান্ধ বান্ধি প্ৰয়োজন অনুযায়ী খেতি পথাৰত পানী যোগান ধৰাৰ ব্যৱস্থা আছিল৷

মধ্যযুগৰ পৰাই অসম কুটিৰ আৰু ক্ষুদ্ৰ শিল্পত চহকী আছিল। শিল্পসমূহৰ ভিতৰত বস্ত্ৰশিল্প, বয়ন শিল্প, ৰঞ্জন শিল্প, হাতী দাঁতৰ শিল্প, মৃৎশিল্প, ধাতুশিল্প আদি প্ৰধান। প্ৰতি ঘৰতেই তাঁতশাল আছিল। কামৰূপ–কমতাৰ কোনো কোনো অঞ্চলত পুৰুষ–মহিলা উভয়েই পেছাদাৰী শিপিনী আছিল। বাণিজ্যিক আদান–প্ৰদান সীমিত আছিল। আনৰ পৰা বস্তু অনা বা আনক বস্তু দিয়াটো বিশেষভাৱে পৰিলক্ষিত নহৈছিল৷ আত্মনিৰ্ভৰশীলতা সেই যুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল। আহোমসকলে‍ ওচৰ–চুবুৰীয়া জনজাতীয় লোকসকলৰ লগত বেহা-বেপাৰ কৰাৰ লগতে বংগদেশ, তিব্বত, চীন আদি দেশৰ লগতো বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল। কোচ ৰজাসকলৰ দিনত ব্যৱসায়-বাণিজ্যই যথেষ্ট প্ৰসাৰতা লাভ কৰিছিল। ব্যৱসায়-বাণিজ্যৰ উন্নতিৰ বাবে কোচ ৰজাসকলে ৰাস্তা–পদূলি নিৰ্মাণ, মুদ্ৰাৰ প্ৰচলনৰ দৰে ব্য  ৱস্থা হাতত লৈছিল৷

৭) আহোমসকলৰ ভূমি নীতিৰ সম্পৰ্কত মতামত আগবঢ়োৱা৷

উত্তৰ: আহোমসকলৰ আমোলত ৰজাই আছিল সমগ্ৰ ভূ-সম্পত্তিৰ প্ৰকৃত গৰাকী৷ কৃষকে খেটিৰ মাটিৰ বাবদ ৰজাক কৰ পৰিশোধ কৰিবলগীয়া হৈছিল৷ অৱশ্যে প্ৰতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন খেতিমাটি লাভ কৰিছিল৷ আহোম ৰজাসকলে ব্ৰাহ্মণ, দেৱ-দেৱালয়, সত্ৰ, মন্দিৰ আদিলৈ কৰমুক্ত মাটি দান কৰিছিল৷ পৰৱৰ্তী সময়ত মছজিদ, কবৰ আদিৰ মেৰামতি আৰু সংৰক্ষণৰ বাবেও মাটি দান কৰাৰ কথাও পোৱা যায়৷ 

৮) মধ্যযুগত নির্মিত মঠ-মন্দিৰসমূহৰ ছবি সংগ্ৰহ কৰি এটি এলবাম তৈয়াৰ কৰা৷

উত্তৰ:

৯) মধ্যযুগত ৰচিত বিভিন্ন পুথিসমূহৰ লগতে তাৰ ৰচকসকলৰ এখন তালিকা প্ৰস্তুত কৰা৷

উত্তৰ:

মধ্যযুগত ৰচিত পুথিসমূহ ৰচকৰ নাম
সুকুমাৰ বৰকাইথ হস্তীবিদ্যার্ণৱ
বলদেৱ সূৰ্যখৰি দৈৱজ্ঞ দৰং ৰাজবংশাৱলী
পুৰুষোত্তম বিদ্যাবাগীশ ৰত্নমালা ব্যাকৰণ
ভট্টদেৱ কথা-গীতা, কথা-ভাগৱত, কথা গুৰুচৰিত
মাধৱ কন্দলি‍ ৰামায়ণ
ৰামনাৰায়ণ চক্ৰৱর্তী গীতগোবিন্দ, ব্ৰহ্মবৈৱর্ত, পুৰাণ, শকুন্তলা কাব্য (অনুবাদ), শঙ্খচূড় বধ কাব্য
সুকবি নাৰায়ণদেৱ পদ্মপুৰাণ
ৰাম সৰস্বতী মহাভাৰত (অনুবাদ)
অনন্ত কন্দলী ভাগৱত (অনুবাদ)

১০) ‘সাম্প্ৰতিক অসমৰ ভাষা, সাহিত্য-সংস্কৃতি প্ৰতিটো জাতি-জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি’ — এই বাক্যশাৰীৰ তাৎপর্য ব্যাখ্যা কৰা৷

উত্তৰ:

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ