অসমৰ সংস্কৃতি— পৰিৱেশ অধ্যয়ন, পঞ্চম শ্ৰেণী

১। উত্তৰ লিখা—

(ক) অসমত বাস কৰা জনজাতিসমূহৰ নাম লিখা।

উত্তৰ: অসমত বাস কৰা জনজাতিসমূহৰ নাম— মিছিং, কছাৰী, দেউৰী, বড়ো, তিৱা, গাৰো, ডিমাছা, কাৰ্বি, ৰাভা আদিবাসী আদি।

(খ) কিছুমান আ-অলংকাৰৰ নাম লিখা।  

উত্তৰ: কিছুমান আ-অলংকাৰ নাম হৈছে— কেৰু, জোনবিৰি, ঢোলবিৰি, গামখাৰু, লোকাপাৰ, খোপাফুল, কাণফুল, গলপতা, আঙঠি, থুৰীয়া, ডুগডুগী, নাকফুল আদি।

(গ) তিনিটা নৃত্যৰ নাম লিখা।

উত্তৰ: তিনিটা নৃত্যৰ নাম হৈছে— 

(i) দেউৰী নৃত্য 

(ii) খেৰাই নৃত্য 

(iii) দেওধনী নৃত্য।

(ঘ) প্ৰাচীন কালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম লিখা।

উত্তৰ: প্ৰাচীন কালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম হৈছে— 

(i) অষ্ট্ৰিক

(ii) ককেছীয় 

(iii) টাই মংগলীয়।

(ঙ) চাউলৰ পৰা তৈয়াৰ কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা।

উত্তৰ: চাউলৰ পৰা তৈয়াৰ কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম হৈছে—

(i) চিৰা,

(ii) মুৰি,

(iii) আখৈ

(iv) কৰাই গুড়ি।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশৰ মিলোৱা

‘ক’ ‘খ’
বড়ো ৰিগু ৰিজাম্ফাই
ডিমাছা পিনি
কাৰ্বি মেখেলা
অসমীয়া দখনা

উত্তৰ:

‘ক’ ‘খ’
বড়ো দখনা
ডিমাছা ৰিগু ৰিজাম্ফাই
কাৰ্বি পিনি
অসমীয়া মেখেলা

৩। খালী ঠাই পূৰ কৰা—

(ক) খেৰাই পূজা _______ সকলে পালন কৰা উৎসৱ।

উত্তৰ: খেৰাই পূজা  বড়ো  সকলে পালন কৰা উৎসৱ৷

(খ) কাৰ্বিসকলৰ ঘাই উৎসৱ _______ আৰু _______

উত্তৰ: কাৰ্বিসকলৰ ঘাই উৎসৱ  ৰংকাৰ  আৰু  হেচ্ছা 

(গ) মিছিংসকলে _______ পালন কৰে। 

উত্তৰ: মিছিংসকলে  আলি-আই-লিগাং  পালন কৰে। 

(ঘ) ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে _______ আৰু _______

উত্তৰ: ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে  ৰাজিনীগাব্ৰা  আৰু  হানিগাব্ৰা 

৪। অসমীয়া সংস্কৃতি বুলিলে কি বূজা?

উত্তৰ: অসমত বসবাস কৰা জাতি-জনগোষ্ঠীসমূহৰ নিজস্ব ভাষা, সাহিত্য, সামাজিক ৰীতি-নীতি, সাজ-পাৰৰ বৈশিষ্ট্য, আ-অলংকাৰ আৰু উৎসৱ-পাৰ্বণ আদিৰে পুষ্ট নিজা নিজা সংস্কৃতি আছে। এই সকলো সংস্কৃতিৰ আধাৰত গঢ় লৈ উঠা উমৈহতীয়া সংস্কৃতিয়েই হৈছে বৃহৎ অসমীয়া সংস্কৃতি৷

৫। অসমীয়া সংস্কৃতিক অধিক শক্তিশালী ৰূপত গঢ়ি তোলা মহাপুৰুষগৰাকীৰ নাম কি? মহাপুৰুষগৰাকীয়ে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহ কি কি?

উত্তৰ: অসমীয়া সংস্কৃতিক অধিক শক্তিশালী ৰূপত গঢ়ি তোলা মহাপুৰুষগৰাকীৰ নাম হৈছে— শ্ৰীমন্ত শংকৰদেৱ। 

মহাপুৰুষগৰাকীয়ে আগবঢ়োৱা অৱদানসমূহ হৈছে— সত্ৰ, নামঘৰ, বৰগীত, ভাওনা, সত্ৰীয়া নৃত্য আৰু তেখেতৰ বৈষ্ণৱ সাহিত্যৰাজি।

৬। চমুটোকা লিখা—

(ক) উৎসৱ-পাৰ্বণ 

(খ) বাদ্যযন্ত্ৰ 

(গ) নৃত্য-গীত 

(ঘ) ৰীতি-নীতি

উত্তৰ:

(ক) উৎসৱ-পাৰ্বণ: জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকেই উৎসৱ-পাৰ্বণ পালন কৰে। উৎসৱ-পাৰ্বণে মানুহৰ মনত আনন্দ দিয়াৰ উপৰি ঐক্য আৰু সমন্বয় বজাই ৰাখে। অসমীয়া মানুহে পালন কৰা কিছুমান উৎসৱৰ নাম হ'ল- বিহু, মহাপুৰুষসকলৰ তিথি, সৰস্বতী পূজা, লক্ষ্মী পূজা, বিশ্বকৰ্মা পূজা আদি।

(খ) বাদ্যযন্ত্ৰ: বাদ্যযন্ত্ৰ হৈছে নৃত্য-গীতৰ লগত ব্যৱহাৰ কৰা কিছুমান সজুলি। বাদ্যযন্ত্ৰই গীতৰ তাল-মান সুৰ বজাই ৰখাত সহায় কৰে। অসমত ব্যৱহৃত কিছুমান বাদ্যযন্ত্ৰ হৈছে- ঢোল, পেপাঁ, গগণা, তীল, দোতোৰা, টোকাৰী, বাঁহী আদি।

(গ) নৃত্য-গীত: নৃত্য-গীতে এটা জাতিৰ সংস্কৃতিৰ পৰিচয় দিয়ে। অসমীয়া সমাজৰ বিহু গীত আৰু বিহুনৃত্যই অসমীয়া সংস্কৃতিৰ পৰিচয় বহন কৰে। অসমত প্ৰচলিত আন কিছুমান নৃত্য-গীত হৈছে-দেওঁধনী নৃত্য, খেৰাই নৃত্য, বৰগীত, লোকগীত, মহখেদা গীত আদি।

(ঘ) ৰীতি-নীতি: সমাজ এখন সুচাৰুৰূপে চলিবলৈ মানি চলিব লগা নিয়মসমূহেই হৈছে নীতি। পৰম্পৰাগতভাৱে চলি অহা নীতিসমূহেই হৈছে ৰীতি। প্ৰত্যেক সমাজৰ নিজা নিজা ৰীতি-নীতি আছে।

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ