বাণিজ্যবাদ আৰু ভাৰতলৈ য়ুৰোপীয় ব্যৱসায়ীসকলৰ আগমন— সমাজ বি‍জ্ঞান, অষ্টম শ্ৰেণী

১) চমু উত্তৰ লিখা —

(ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল?

উত্তৰ: বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ১৫৯৯ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল।

(খ) ভাৰতলৈ অহা জলপথ পোনতে কোনজন নাৱিকে আৱিষ্কাৰ কৰে?

উত্তৰ: ভাৰতলৈ অহা জলপথ পোনতে পৰ্তুগীজ নাৱিক ভাস্ক’–ডা–গামাই আৱিষ্কাৰ কৰে।

(গ) ওলণ্ডাজসকলে ভাৰতৰ কোন ঠাইত প্ৰথম দুৰ্গটো সাজে?

উত্তৰ: ওলণ্ডাজসকলে ভাৰতৰ পুলিকটত প্ৰথম দুৰ্গটো সাজে।

(ঘ) দ্বিতীয় চালর্ছে বোম্বাই (মুম্বাই) কাক লীজত দিছিল?

উত্তৰ: দ্বিতীয় চালর্ছে বোম্বাই (মুম্বাই) ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিছিল।

(ঙ) পঞ্জাব, মহীশূৰ আৰু মাৰাঠা ৰাজ্য ইংৰাজৰ কি নীতিৰ চিকাৰ হৈছিল?

উত্তৰ: পঞ্জাব, মহীশূৰ আৰু মাৰাঠা ৰাজ্য ইংৰাজৰ বিভাজন আৰু শাসন নীতিৰ চিকাৰ হৈছিল।

২) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা —

‘ক’ ‘খ’
কলম্বাছ পৰ্তুগীজ নাৱি‍ক
ৱি‍লিয়াম হকিন্স পৰ্তুগীজ ৰাজকুমাৰী
ভাস্ক’–ডা–গামা ইংৰাজ কটকী
দ্বিতীয় চালর্ছ ওলণ্ডাজ
পুলিকট আমেৰিকা

উত্তৰ:

‘ক’ ‘খ’
কলম্বাছ আমেৰিকা
ৱি‍লিয়াম হকিন্স ইংৰাজ কটকী
ভাস্ক’–ডা–গামা পৰ্তুগীজ নাৱি‍ক
দ্বিতীয় চালর্ছ পৰ্তুগীজ ৰাজকুমাৰী
পুলিকট ওলণ্ডাজ

৩) খালী ঠাই পূৰ কৰা—

ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে _______ খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায়–বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল।

উত্তৰ: বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে  ১৬০০  খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায়–বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল।

খ) _______ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম–কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয়।

উত্তৰ:  বাণিজ্যবাদৰ  দ্বাৰা দেশৰ অৰ্থনৈতিক কাম–কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয়।

গ) ১৬৬১ খ্ৰীষ্টাব্দত দ্বিতীয় চালর্ছে _______ ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিয়ে।

উত্তৰ: ১৬৬১ খ্ৰীষ্টাব্দত দ্বিতীয় চালর্ছে  বোম্বাই  ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিয়ে।

ঘ) ১৭১৫ খ্ৰীষ্টাব্দত মোগল সম্ৰাট _______ ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান/ অনুমতি প্ৰদান কৰে।

উত্তৰ: ১৭১৫ খ্ৰীষ্টাব্দত মোগল সম্ৰাট  ফাৰুখছি‍য়াৰে  ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান/ অনুমতি প্ৰদান কৰে।

ঙ) _______ সকল সাগৰীয় নৌবাহিনীত শক্তিশালী আছিল।

উত্তৰ:  ইংৰাজ  সকল সাগৰীয় নৌবাহিনীত শক্তিশালী আছিল।

৪) সত্য/ অসত্য বিচাৰ কৰা—

ক) ১৮ শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল।

উত্তৰ: অসত্য৷

খ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত ব্যৱসায় কৰা একমাত্ৰ য়ুৰোপীয় কোম্পানী আছিল।

উত্তৰ: অসত্য৷

গ) ভাস্ক’–ডা–গামা ১৪৯২ খ্ৰীষ্টাব্দত কালিকটত উপস্থিত হৈছিল।

উত্তৰ: অসত্য৷

ঘ) ভাৰতীয় কৃষকসকলৰ পৰা জোৰ– জুলুমকৈ ৰাজহ সংগ্ৰহ কৰা পদ্ধতি প্ৰৱৰ্তনৰ ফলত ভাৰতীয় কৃষকসকল ঋণগ্ৰস্ততাত ভুগিছিল।

উত্তৰ: সত্য৷

ঙ) বাণিজ্যবাদে উপনিৱে‍শবাদক উদ্‌গনি যোগাইছিল।

উত্তৰ: সত্য৷

৫) দলত আলোচনা কৰি টোকা প্ৰস্তুত কৰা—

ক) য়ুৰোপীয় বণি‍জ গোষ্ঠীৰ ভাৰত আগমনৰ কাৰণ৷

উত্তৰ: পাশ্চাত্যৰ লগত ভাৰতবর্ষৰ যোগাযোগ আধুনিক কালৰ কথা নহয়৷ য়ুৰোপত ভাৰত প্ৰচুৰ ধন–সম্পত্তিৰ দেশ হিচাপে জনাজাত আছিল। প্ৰাচীন কালৰ পৰাই পাশ্চাত্য জগতৰ লগত ভাৰতৰ বেহা–বেপাৰৰ সম্পৰ্ক আছিল। য়ুৰোপীয় বণিজসকলৰ বাবে ভাৰতৰ মছলা, বস্ত্ৰ, ৰেছম, ধাতৱ দ্ৰব্য, সোণ, ৰূপ, মূল্যবান পাথৰ আদি ভাৰতৰ পৰা সৰবৰাহ কৰি য়ুৰোপৰ বজাৰত বিক্ৰী কৰাটো এক লাভজনক ব্যৱসায় আছিল৷ এইবোৰ সামগ্ৰী কিছু জলপথেৰে আৰু কিছু স্থলপথেৰে য়ুৰোপ পাইছিলগৈ। কিন্তু, ১৪৫৩ খ্ৰীষ্টাব্দত তুৰ্কীসকলে কনষ্টাণ্টিন’পল দখল কৰি য়ুৰোপ আৰু প্ৰাচ্যৰ দেশ সমূহৰ মাজৰ বেহা–বেপাৰৰ পথ বন্ধ কৰি দিয়াত য়ুৰোপীয় বেপাৰী সকলৰ বাবে এক সমস্যাৰ সৃষ্টি হয়৷ য়ুৰোপীয় বণিকসকল এই লাভজনক ব্যৱসায় পৰিত্যাগ কৰিবলৈ মুঠেই প্ৰস্তুত নাছিল৷ ফলস্বৰূপে ভাৰতৰ লগত পুনৰ বেহা-বেপাৰ কৰাৰ উদ্দেশ্য নতুন পথ আৱিষ্কাৰ কৰি য়ুৰোপীয় বণি‍কসকল ভাৰতলৈ আহে৷

খ) বাণিজ্যবাদ বুলিলে কি বুজা? বাণিজ্যবাদ আৰু উপনিৱে‍শবাদৰ মাজত সম্পৰ্ক কি?

উত্তৰ: বাণিজ্যবাদ বুলিলে কোনো এখন দেশৰ ব্যৱসায়-বাণিজ্য বা অৰ্থনৈতিক কাৰ্যকলাপ চৰকাৰীভাৱে নিয়ন্ত্ৰণ কৰাক বুজায়। ১৬ শতিকাৰ পৰা ১৮ শতিকাৰ সময়ছোৱাত য়ুৰোপৰ প্ৰধান দেশবোৰে বৈদেশিক বেপাৰ-বাণিজ্যত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল যদিও লাহে লাহে দেশবোৰে বেপাৰৰ সামগ্ৰী ৰপ্তানী কৰাত গুৰুত্ব দি আমদানি কৰিবলৈ অনিচ্ছুক হয়৷ কোনোৱে যদি আমদানি নকৰে ৰপ্তানী কালৈ কৰিব? ফলস্বৰুপে বেপাৰৰ সামগ্ৰী ৰপ্তানী কৰিবৰ বাবে উপনিৱেশ (বজাৰ)-ৰ প্ৰয়োজন আহি পৰাত য়ুৰোপৰ দেশসমূহে বিদেশত বাণিজ্য সম্প্ৰসাৰণৰ উদ্দেশ্য উপনিৱেশ স্থাপনত গুৰুত্ব দিয়ে৷ এই গুৰুত্ব উপনিৱে‍শবাদলৈ পৰিৱৰ্তন হয় আৰু বাণিজ্যিক দেশবোৰে উপনিৱে‍শ পাতি বাস কৰিবলৈ আৰম্ভ কৰে। এইদৰে বাণিজ্যিবাদ আৰু উপনিৱে‍শবাদৰ সম্পৰ্ক গঢ়ি উঠিছিল।

গ) ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত য়ুৰোপীয় বনিজসকলৰ প্ৰভাৱ।

উত্তৰ: য়ুৰোপীয় বণি‍জসকলৰ প্ৰভাৱ ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত  বাৰুকৈয়ে পৰিছিল৷ য়ুৰোপীয় বণি‍জসকলৰ প্ৰথম আৰু একমাত্ৰ উদ্দেশ্য আছিল ভাৰতত বেহা–বেপাৰ কৰি নানা উপায়ে লাভৱান হোৱা। লাহে লাহে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আন য়ুৰোপীয়ান জাতিবোৰক আৰু দেশীয় বেপাৰীক চেৰ পেলাই ব্যৱসায়িক আৰু ৰাজনৈতিক ক্ষেত্ৰত গোটেই ভাৰততে আধিপত্য বিস্তাৰ কৰে। তেওঁলোকে নিমখ, ধঁপাত, তামোল আদিৰ একচেটি‍য়া ব্যৱসায় আৰম্ভ কৰে৷ কোম্পানীৰ ব্যৱসায়ৰ উপৰি কোম্পানীৰ বিষয়া–কৰ্মচাৰীসকলেও নিজাববীয়াকৈ ব্যৱসায় চলাবলৈ ধৰাত স্থানীয় উদ্যোগবিলাক সংকটৰ সন্মুখীন হ’বলগা হৈছিল। স্থানীয় শিপিনীসকলক কম দামত তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ বাধ্য কৰোৱা হৈছিল৷ আন বিদেশী কোম্পানীক বেছি দামত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ দিয়া নহৈছিল৷ উপায়ন্তৰ হয় বহুতে পৰম্পৰাগত বৃত্তি ত্যাগ কৰাত কুটীৰ শিল্প ধ্বংসমুখী হৈছিল৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নতুন ভূমি ৰাজহ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। যেনে – চিৰস্থায়ী বন্দৱস্ত, ৰায়তবাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা আদি৷ ইয়াৰ ফলত মাটিৰ খাজনা অধিক পৰিমাণে‍ বৃদ্ধি পাইছিল। এই ব্যৱস্থাত জমিদাৰ, মহাজনৰ প্ৰতিপত্তি বৃদ্ধি হৈছিল। কৃষি মাটিৰ খাজনাৰ বাবদ খেতিয়কে মহাজনৰ পৰা টকা ধাৰ ল’বলৈ বাধ্য হৈছিল আৰু উচ্চ হাৰত সুত ভৰিছিল। ঋণ পৰিশোধ কৰিব নোৱৰা কৃষকৰ মাটি কোম্পানীয়ে বাজেয়াপ্ত কৰিছিল। গ্ৰাম্যাঞ্চলত ঋণগ্ৰস্ততা বাঢ়িছিল আৰু কৃষকসকল দৰিদ্ৰ সীমাৰেখাৰ তললৈ অৱনমিত হৈছিল৷ সেই সময়ত দেশৰ প্ৰায় ৭০ শতাংশ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত জীৱন নিৰ্বাহ কৰিছিল। ৰায়তবাৰী, মহলদাৰী ব্যৱস্থা আদিৰ ফলত সমাজত জমিদাৰ, সুদখোৰ মহাজন আদি নতুন শ্ৰেণীৰ সৃষ্টি হৈছিল৷

৬) ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি পৰ্তুগীজ, ওলণ্ডাজ, ইংৰাজ আৰু ফৰাচীসকলৰ ব্যৱসায়িক ঘাটিবোৰ বহুওৱা।

উত্তৰ: ***

৭) ইংৰাজসকলে ভাৰতত প্ৰৱে‍শ কৰাৰ পূৰ্বে ভাৰতত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ: ইংৰাজসকলে ভাৰতত প্ৰৱে‍শ কৰাৰ পূৰ্বে ভাৰতত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগ সমূহ হ’ল—

i) মছলা 

ii) কপাহী কাপোৰ 

iii) সূতা আৰু ৰেচম 

iv) ধাতৱ দ্ৰব্য 

v) সোণ–ৰূপ, মূল্যবান পাথৰ 

vi) নাও নির্মাণ

vii) মৃত্তিকা শিল্প আদি৷

৮) ‘১৭ শতিকাৰ শেষ আৰু ১৮ শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এক দিক্‌ নিৰ্ণয়কাৰী ভূমিকা লৈছিল’— উক্তিটোৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰ: ‘১৭ শতিকাৰ শেষ আৰু ১৮ শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতৰ ইতিহাসত এক দিক্‌ নিৰ্ণয়কাৰী ভূমিকা লৈছিল’। এই সময়ছোৱাত দুটা দিশত ভাৰতবৰ্ষত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা হৈছিল। প্ৰথমটো হ’ল ভাৰতত ৰাজনৈতিক মানচিত্ৰৰ পট পৰিবৰ্তন আৰু দ্বিতীয়তে আর্থ–সামাজিক দিশৰ পৰিৱৰ্তন। বাবৰে প্ৰতিষ্ঠা কৰা মোগল সম্ৰাজ্য ঔৰংজেৱৰ ৰাজত্ব কালত ভাঙোনৰ মুখে ধাবিত হৈছিল। তেওঁৰ কঠোৰ শাসন নীতিয়ে মাৰাঠা, শিখ আৰু জাঠসকলক মোগলৰ শাসন ওফৰাই পুনৰ স্বাধীন হ’বৰ বাবে উৎসাহিত কৰিছিল। ১৭০৭ খ্ৰীষ্টাব্দত ঔৰংজেৱৰ মৃত্যুৰ পাছত মোগল ৰাজবংশৰ কোনো এজন সম্ৰাটে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা বিদ্ৰোহ দমন কৰি মোগল সাম্ৰাজ্যক পুনৰ একত্ৰীকৰণ কৰিব পৰা নাছিল। ফলস্বৰূপে মোগল শাসনৰ দুৰ্বলতাৰ সুযোগ লৈ মোগল সাম্ৰাজ্যৰ বিভিন্ন স্থানত বহুতো সৰু সৰু স্বাধীন ৰাজ্যৰ উত্থান হয়। এই ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত আধিপত্য স্থাপনৰ দিশে অগ্ৰসৰ হয়। এইদৰে ভাৰতত বেপাৰ-বাণিজ্যৰ বাবে মোগল বাদশ্বাহৰ অনুমতি বিছাৰি ফুৰা ইংৰাজ বণিকসকল ভাৰতৰ সামাজিক, ৰাজনৈতিক আৰু প্ৰশাসনিক সকলো দিশতে ভাগ্য নিয়ন্ত্ৰা হয় পৰে আৰু ভাৰতবর্ষ এক দীঘলীয়া সময়ৰ বাবে ইংৰাজৰ হাতলৈ যায়৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ