ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ— সমাজ বি‍জ্ঞান, অষ্টম শ্ৰেণী

১) উত্তৰ দিয়া—

(ক) ইংৰাজ আৰু ফৰাচীৰ মাজত কিহৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল?

উত্তৰ: ইংৰাজ আৰু ফৰাচীৰ মাজত নিজ দেশৰ প্ৰতিপত্তি আৰু সাম্ৰাজ্য স্থাপনৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল।

(খ) প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গৱৰ্নৰ কোন আছিল?

উত্তৰ: প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গৱৰ্নৰ আছিল যোচেফ ফ্ৰান্সিচ ডুপ্লে।

(গ) চিৰাজউদ্দৌল্লাৰ প্ৰধান সেনাপতি কোন আছিল?

উত্তৰ: চিৰাজউদ্দৌল্লাৰ প্ৰধান সেনাপতি আছিল মিৰ্‌জাফৰ।

(ঘ) বংগৰ প্ৰথম গৱৰ্নৰ জেনেৰেল কোন আছিল?

উত্তৰ: বংগৰ প্ৰথম গৱৰ্নৰ জেনেৰেল আছিল লৰ্ড ৱাৰেন হেষ্টিংছ।

(ঙ) কোনে স্বত্ববিলোপ নীতি উদ্ভাৱন কৰিছিল?

উত্তৰ: ইষ্ট ইণ্ডিয়া কোম্পানীৰ ব’র্ড অৱ ডাইৰেক্টৰসকলে স্বত্ববিলোপ নীতি উদ্ভাৱন কৰিছিল।

২) শুদ্ধ উত্তৰ বাছি‍ উলিওৱা—

(ক) পণ্ডিচেৰী ইংৰাজসকলৰ বাণিজ্য কুঠি আছিল।

উত্তৰ: অশুদ্ধ।

(খ) ফৰাচীসকলে চালাবৎ জঙক হায়দৰাবাদৰ নিজাম পাতিছিল।

উত্তৰ: শুদ্ধ।

(গ) চিৰাজউদ্দৌল্লা আলিবৰ্দি খাঁৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল।

উত্তৰ: অশুদ্ধ।

(ঘ) পলাশী নামৰ ঠাইখন ভাগিৰথী নদীৰ পাৰত অৱস্থিত আছিল।

উত্তৰ: শুদ্ধ।

(ঙ) ৰেগুলেটিং এক্টে বংগৰ গৱৰ্নৰগৰাকীক গৱৰ্নৰ জেনেৰেল পদলৈ উন্নীত কৰে।

উত্তৰ: শুদ্ধ।

(চ) লৰ্ড ৱেলেচলিয়ে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল।

উত্তৰ: অশুদ্ধ।

৩) ক্ৰমানুসাৰে সজোৱা—

চিৰাজউদ্দৌল্লা, মিৰ্‌জাফৰ, আলিবৰ্দি খাঁ, মীৰকাছিম।

উত্তৰ: আলিবৰ্দি খাঁ, চিৰাজউদ্দৌল্লা, মিৰ্‌জাফৰ, মীৰকাছিম।

৪) চমু উত্তৰ লিখা—

(ক) প্ৰথম কৰ্ণাটক যুদ্ধ   

(খ) ডুপ্লে

(গ) পলাশী যুদ্ধ

(ঘ) ৰেগুলেটিং এক্ট

(ঙ) পিটৰ ভাৰত শাসন আইন

(চ) চিৰস্থায়ী বন্দোবস্ত

উত্তৰ: 

(ক) প্ৰথম কৰ্ণাটক যুদ্ধ: ইংৰাজ আৰু ফৰাচীসকলে ‍মোগল সাম্ৰাজ্য আৰু অন্যান্য দেশীয় ৰাজ্যবোৰৰ দুর্বলতাৰ সুযোগ লৈ ভাৰতত নিজ নিজ সাম্ৰাজ্য গঢ়ি তোলাৰ অপে‍ক্ষাত আছি‍ল৷ ‍তেনে সময়তে ১৭৪০ খ্ৰীষ্টাব্দত অষ্ট্ৰি‍য়াৰ উত্তৰাধিকাৰী সংক্ৰান্ত যুদ্ধত ইংলেণ্ড আৰু ফ্ৰান্সে‍ পৰস্পৰবিৰোধী পক্ষ হিচাপে থিয় দিয়ে‍৷ ইয়াৰ প্ৰভাৱ ভাৰতৰ ইংৰাজ-ফৰাচী সম্পর্কৰ মাজতো প্ৰতিফলিত হয়৷ ইংৰাজসকলে ভাৰতৰ দক্ষিণ-পূব উপকূলত ফৰাচী জাহাজ এখন ১৭৪৫ খ্ৰীষ্টাব্দত অৱৰোধ কৰে৷ তাৰ উত্তৰত ফৰাচী সেনাপতি ডুপ্লেই ইংৰাজৰ অধীনত থকা মাদ্ৰাজ অধিকাৰ কৰে। উপায়ন্তৰ হয় ইংৰাজে কৰ্ণাটকৰ নৱাব আনোৱাৰ উদ্দিনৰ সহায় লয়। ইয়াৰ ফলত নৱাবৰ বৃহৎ সৈন্যবাহিনীৰ লগত ফৰাচী বাহিনীৰ যুদ্ধ হয়। যুদ্ধত ইংৰাজ আৰু নৱাবৰ সৈন্যবাহিনী পৰাজিত হয়। কিন্তু য়ুৰোপত ইংৰাজ আৰু ফৰাচীসকলৰ সন্ধি হোৱাত ভাৰততো দুয়ো পক্ষৰ সন্ধি হয়। সন্ধিৰ চর্ত অনুসৰি ফৰাচীসকলে ইংৰাজৰ পৰা দখল কৰা ঠাইবোৰ পুনৰ ঘূৰাই দিয়ে। ইতিহাসত ইয়ে কৰ্ণাটকৰ প্ৰথম যুদ্ধ বুলি জনাজাত।

(খ) ডুপ্লে: যোচেফ ফ্ৰান্সিচ ডুপ্লে ১৭৩১ খ্ৰীষ্টাব্দত চন্দননগৰৰ ফৰাচী শাসনকর্তাৰূপে ভাৰতলৈ‍ আহে৷ ১৭৪২ খ্ৰীষ্টাব্দত তেওঁক পণ্ডিচেৰীৰ শাসনকর্তা নিয়োগ কৰা হয়৷ পণ্ডিচেৰীৰ গৱৰ্নৰ হিচাপে ডুপ্লেই ভাৰতৰ ইতিহাসৰ পাতত বিশেষ পৰিচয় লাভ কৰে৷ তেওঁ আছিল চতুৰ, দূৰদর্শী, তীক্ষ্ন বুদ্ধিসম্পন্ন লোক৷ য়ুৰোপীয়সকলৰ ভিতৰত ডুপ্লেই প্ৰথম ভাৰতীয় ৰাজন্যবর্গ তথা সেন্যবাহিনীৰ অসাৰতা উপলব্ধি কৰিছিল৷ হায়দৰাবাদ আৰু কর্ণাটকৰ যুদ্ধত ডুপ্লেই অভাৱনীয় সফলতা লাভ কৰিছিল৷ ডুপ্লেৰ স্বদেশপ্ৰেম, ব্যক্তিগত স্বার্থ ত্যাগ আদিয়ে ফৰাচী ইতিহাসত ডুপ্লেক এক গৌৰৱোজ্জ্বল আসনত অধিষ্ঠিত কৰে৷

(গ) পলাশী যুদ্ধ: ১৭৫৭ খ্ৰীষ্টাব্দত মুর্ছিদাবাদৰ পৰা ২৩ মাইল দক্ষিণে ভাগিৰথী নদীৰ পাৰৰ পলাশী নামৰ ঠাইত বংগৰ নৱাব চিৰাজউদ্দৌলাৰ সৈন্যৰ লগত ইংৰাজৰ যুদ্ধ হয়৷ নৱাবৰ দুই সেনাপতি মীৰমদন আৰু মোহনলালে অসীম পৰাক্ৰমেৰে যুঁজে যদিও সেনাপতি মিৰ্‌জাফৰৰ বিশ্বাসঘাতকতাৰ বাবে পৰাজয় বৰণ কৰে৷ পৰাজিত চিৰাউদ্দৌল্লাক মিৰ্‌জাফৰৰ পুতেক মিৰানে‍ হত্যা কৰে। ইংৰাজে পূৰ্বৰ প্ৰতিশ্ৰুতি মতে মিৰ্‌জাফৰক বংগৰ নৱাব পাতে। যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মিৰ্‌জাফৰে ক্লাইব আৰু ইংৰাজ কৰ্মচাৰীসকলক অজস্ৰ ধন-সম্পত্তি দি পুৰস্কৃত কৰে আৰু চৌবিছ পৰগনাৰ জমিদাৰী ইংৰাজ কোম্পানীক দান দিয়ে। সামৰিক দৃষ্টিকোণৰ পৰা পলাশী যুদ্ধক যুদ্ধ বুলি ক’ব নোৱাৰি যদিও এই যুদ্ধই ভাৰতীয় ইতহাসত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। এই যুদ্ধত জয়ী হৈয়েই ইংৰাজসকলে বংগৰ লগতে ভাৰতৰ অভ্যন্তৰীণ ৰাজনীতিত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সুবিধা পোৱাৰ লগতে ‍ফৰাচী শক্তি ক্ৰমান্বয়ে লোপ পাই আহে। পলাশী যুদ্ধৰ পৰাই মধ্য যুগীয় ভাৰতৰ প্ৰায় সমাপ্তি ঘটিছিল আৰু ভাৰতত আধুনিক যুগৰ সূচনা হৈছিল বুলি গণ্য কৰা হয়।

(ঘ) ৰেগুলেটিং এক্ট: ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্ৰণ তথা সুদৃঢ় কৰাৰ উদ্দেশ্য বৃটিছ সংসদে ৰেগুলেটিং এক্ট নামে এখন আইন প্ৰণয়ন কৰি বলৱৎ কৰিছিল। এই আইনৰ দ্বাৰা বংগদেশৰ গৱৰ্নৰৰ পদটো জেনেৰেললৈ উন্নীত কৰা হৈছিল। গৱৰ্নৰ জেনেৰেলজনৰ কাম-কাজত সহায় কৰিবৰ বাবে এখন চাৰিজনীয়া কমিটি গঠন কৰি দিয়া হৈছিল। বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্নৰ দুজনক বংগৰ গৱৰ্নৰ জেনেৰেলৰ অধীনস্থ কৰা হয়। ৰেগুলেটিং এক্টৰ সাংবিধানিক গুৰুত্ব অধিক। এই আইন মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক কাৰ্যক ভাৰতত স্বীকৃতি দিয়া হৈছিল। এই আইনৰ দ্বাৰা ভাৰতত ইংৰাজ চৰকাৰে স্থায়ী শাসনৰ পাতনি মেলিছিল। কিন্তু ৰেগুলেটিং এক্টত বংগৰ গৱৰ্নৰ জেনেৰেলগৰাকীৰ ক্ষমতা নিৰ্দিষ্ট কৰি নিদিয়াৰ বাবে পৰৱৰ্তী সময়ত এই আইন বিফলতাৰ সন্মুখীন হয় ।

(ঙ) পিটৰ ভাৰত শাসন আইন: ৰেগুলেটিং এক্টৰ আসোঁৱাহসমূহ আঁতৰাবৰ বাবে ১৭৮৪ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ সংসদে পুনৰ এখন আইন বলৱৎ কৰিছিল। এই আইনখনেই আছিল পিটৰ ভাৰত শাসন আইন৷

এই আইন মতে–

(i) ইংলেণ্ডত এখন ছজনীয়া সদস্যৰ নিয়ন্ত্ৰকমণ্ডলী গঠন কৰা হয়। এই মণ্ডলীয়ে ভাৰতৰ কোম্পানীৰ কাম-কাজ তদাৰক কৰে‍।

(ii) এখন আঞ্চলিক সভা গঠন কৰা হয়। এই সভাই কোম্পানীৰ চাকৰিৰ প্ৰাৰ্থী নিযুক্তি আৰু বাতিল কৰাৰ অধিকাৰ লাভ কৰে।

(iii) বংগদেশৰ গৱৰ্নৰ জেনেৰেল পৰিষদৰ সদস্যৰ সংখ্যা চাৰিজনৰ পৰা তিনিজনলৈ হ্ৰাস কৰা হয়।

(iv) এই আইনে বংগদে‍শৰ গৱৰ্নৰ জেনেৰেলৰ পদটো অধিক শক্তিশালী কৰে।

(v) ইয়াৰ দ্বাৰা ভাৰতত কেন্দ্ৰীয় শাসনৰ ভেটি স্থাপন কৰা হয়।

(চ) চিৰস্থায়ী বন্দোৱস্ত: ১৭৯৩ খ্ৰীষ্টাব্দৰ চিৰস্থায়ী বন্দোবস্ত লৰ্ড কৰ্ণৱালিচৰ ভূমি ৰাজহ সর্ম্পকীয় এক উল্লেখ‍যোগ্য সংস্কাৰ৷ কৰ্ণৱালিচে চিৰস্থায়ী বন্দোবস্ত ব্যৱস্থা ভাৰতত প্ৰথম প্ৰৱর্তন কৰিছিল যদিও তেওঁ ইয়াৰ উদ্ভাৱক নাছিল৷ জমিদাৰসকলৰ লগত স্থায়ী ভিত্তিত ৰাজহ নির্ধাৰণৰ ধাৰণাই ৱাৰেণ হেষ্টিংছৰ দিনতে জনপ্ৰিয়তা লাভ কৰিছিল৷ কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দোৱস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্ত্বাৱধানত দিয়া হৈছিল। জমিদাৰসকলে এক নিৰ্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বাৰ্ষিক খাজনা হিচাপে দিব লাগিছিল। জমিদাৰসকলে কোম্পানীক ৰাজহ দিব নোৱাৰিলে তেওঁলোকৰ মাটি নিলামত বিক্ৰী কৰা হৈছিল। এই ব্যৱস্থাৰ জৰিয়তে লৰ্ড কৰ্নৱালিচে তেওঁৰ সাত বছৰীয়া কাৰ্যকালত যথেষ্ট পৰিমাণে অৰ্থ সংগ্ৰহ কৰি কোম্পানীৰ ৰাজভঁৰাল চহকী কৰিছিল।

৫) ‘‘বংগৰ ঘৰুৱা বিবাদেই ইংৰাজৰ বংগ দখলৰ প্ৰধান কাৰণ’’— কথাষাৰৰ যথাৰ্থতা নিৰ্ণয় কৰা।

উত্তৰ: ১৭৫৬ খ্ৰীষ্টাব্দত বংগৰ নৱাব আলিবৰ্দি খাঁৰ মৃত্যু হোৱাত তেওঁৰ সৰু জীয়েকৰ পুত্ৰ চিৰাজউদ্দৌল্লা বংগৰ নৱাব হয়। কিন্তু সিংহাসনত আৰোহণ কৰা দিনৰ পৰা চিৰাজৰ শত্ৰুৰ কেতিয়াও অভাৱ হোৱা নাছিল৷ আলিবৰ্দি খাঁৰ ডাঙৰ জীয়েক ঘাচিতি বেগম আৰু মাজু জীয়েকৰ পুত্ৰ ছৌকৎজঙো বংগৰ সিংহাসনৰ দাবীদাৰ আছিল। সিংহাসনৰ পৰা বঞ্চিত হৈ এওঁলোকে চিৰাজউদ্দৌল্লাৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হয়। এই ষড়যন্ত্ৰত ছৌকৎজঙক ঘাচিতি বেগম আৰু বংগৰ দেৱান ৰাজবল্লভে সমর্থন কৰে৷ এই গৃহকন্দলত চিৰাজউদ্দৌল্লা ব্যস্ত হৈ‍ থকাৰ‍ সুযোগ লৈ ইংৰাজ আৰু ফৰাচীসকলে নিজকে শক্তিশালী আৰু সুৰক্ষিত কৰিবলৈ বংগদেশত সামৰিক দুৰ্গ নিৰ্মাণ কৰিবলৈ অগ্ৰহৰ হয়। চিৰাজে দুয়ো পক্ষকে দুৰ্গ নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ আদেশ দিয়ে। সেইমতে ফৰাচীসকলে দুৰ্গ নিৰ্মাণ বন্ধ কৰে যদিও ইংৰাজে নৱাবৰ আদেশক কাণসাৰ নিদিয়ে৷ আনহাতে ইংৰাজে চুক্তিমতে যি সুবিধা দিয়া হৈছিল, সেইবোৰৰো অপব্যৱহাৰ কৰিছিল। সেইবাবে নৱাবে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ অভিযান চলাই ইংৰাজক পৰাজিত কৰে। পাছত ৰবাৰ্ট ক্লাইবে সসৈন্যে আহি ফ’ৰ্ট ৱি‍লিয়াম দুৰ্গ উদ্ধাৰ কৰে আৰু দুই পক্ষৰ মাজত আলিনগৰত সন্ধি হয়। ১৭৫৭ খ্ৰীষ্টাব্দত ইংৰাজে চিৰাজউদ্দৌল্লাক গাদীচ্যুত কৰিবৰ বাবে নৱাবৰ সেনাপতি মিৰ্‌জাফৰ, ৰায়দুর্ল্লভ, উমিচাঁদ আদিৰ লগত ষড়যন্ত্ৰত লিপ্ত হয়৷ এই ষড়যন্ত্ৰৰ পৰিণতিস্বৰূপে ১৭৫৭ খ্ৰীষ্টাব্দত দুই পক্ষৰ মাজত পলাশী নামৰ ঠাইত হোৱা যুদ্ধত চিৰাজ পৰাজিত হয়৷ যুদ্ধত চিৰাজউদ্দৌল্লাক মিৰ্‌জাফৰৰ পুতেক মিৰানে‍ হত্যা কৰে৷ পূৰ্বৰ প্ৰতিশ্ৰুতি মতে ইংৰাজে মিৰ্‌জাফৰক বংগৰ নৱাব পাতে৷ এইদৰে বংগৰ ঘৰুৱা বিবাদ ইংৰাজৰ বংগ দখলৰ প্ৰধান কাৰণ হৈ‍ পৰিছিল।

৬) ইষ্ট-ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যই চিৰাজউদ্দৌল্লাক অসন্তুষ্ট কৰিছিল?

উত্তৰ: ইষ্ট-ইণ্ডিয়া কোম্পানীৰ কেতবোৰ কাৰ্যই নৱাব চিৰাজউদ্দৌল্লাক অসন্তুষ্ট  কৰিছিল৷ যেনে—

(i) সিংহাসন আৰোহণৰ সময়ত নৱাবলৈ উপহাৰ দিয়াৰ যি ৰীতি আছিল, চিৰাজউদ্দৌল্লাৰ ক্ষে‍ত্ৰত ইংৰাজে এই ৰীতি অমান্য কৰিছিল৷ ইংৰাজৰ এনে আচৰণত চিৰাজে অপমান বোধ কৰিছিল৷

(ii)  বংগদেশত ইংৰাজৰ সামৰিক দুৰ্গ নিৰ্মাণৰ কার্যক চিৰাজে স্থগিত ৰাখিবলৈ দিয়া আদেশ ইংৰাজে অমান্য কৰিছিল।

(iii) ঘাচিতি বেগম আৰু ছৌকৎজঙক চিৰাজৰ বিপক্ষে‍ ইংৰাজসকলে সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি৷

(iv)  ইংৰাজক বেহা-বেপাৰৰ বাবে যি সুবিধা দিয়া হৈছিল, তেওঁলোকে সেই সুবিধাসমূহৰ অপব্যৱহাৰ কৰিছিল।

(v) ইংৰাজ বণি‍কসকলে কোম্পানীৰ নামত ব্যক্তিগতভাৱে ব্যৱসায় আৰম্ভ কৰাত বংগৰ নৱাব প্ৰাপ্য ৰাজহৰ পৰা বঞ্চিত হৈছিল।

(vi) বংগৰ দেৱান ৰাজবল্লভৰ পুত্ৰ কৃষ্ণদাসক নৱাবৰ ইচ্ছাৰ বিৰুদ্ধে ইংৰাজসকলে কলিকতাত আশ্ৰয় দিয়ে আৰু চিৰাজৰ আদেশ সত্ত্বে‍ও তেওঁক ঘূৰাই নিদিয়ে।

৭) ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি কি কি কাৰ্যাৱলীৰ দ্বাৰা প্ৰকাশ পাইছিল আলোচনা কৰা।

উত্তৰ: ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰদ মৈত্ৰী আৰু স্বত্ববিলোপ নীতিৰ দ্বাৰা সাম্ৰাজ্যবাদী নীতি প্ৰকাশ পাইছিল৷ কৰদ মৈত্ৰী নীতিৰ চর্তসমূহ আছিল যে, যি দেশীয় ৰজাই এই নীতি মানি ল’ব, তেওঁক ইংৰাজ সৈন্য বাহিনীয়ে সুৰক্ষা দিব৷ কিন্তু তাৰ বাবদ দেশীয় ৰজাই সৈন্য বাহিনীৰ খৰচ বহন কৰিব৷ কৰদ মৈত্ৰী নীতিৰ অন্তর্ভুক্ত ৰাজ্যৰ ৰজা অকর্মণ্য বুলি বিবেচিত হ’লে তেনে ৰজাক ‍কোম্পানী চৰকাৰে ক্ষমতাচ্যুত কৰিব আৰু ৰাজ্যখন বৃটিছ চৰকাৰৰ শাসনলৈ যাব৷ আনহাতে স্বত্ববিলোপ নীতিৰ দ্বাৰা ইংৰাজৰ আশ্ৰয়ত থকা ৰাজ্যবোৰৰ উত্তৰাধিকাৰী নেথাকিলে ইংৰাজৰ অনুমতি নোলোৱাকৈ তোলনীয়া উত্তৰাধিকাৰী ল’ব নোৱাৰিব আৰু অনুমতিবিহীন উত্তৰাধিকাৰী থাকিলে তেনে ৰাজ্য কোম্পানীয়ে হস্তগত কৰিব৷ কৰদ মৈত্ৰী আৰু স্বত্ববিলোপ নীতিৰ ফলত বহুতো ৰাজ্য ইষ্ট-ইণ্ডিয়া কোম্পানীৰ  অধীনলৈ গৈছিল আৰু কোম্পানীৰ সাম্ৰাজ্য বিস্তাৰ হৈছিল৷

৮) লৰ্ড ডেলহাউছিৰ স্বত্ববিলোপ নীতি প্ৰয়োগ কৰি কোনকেইখন ৰাজ্য কোম্পানীৰ শাসনাধীন কৰিছিল এখন তালিকা প্ৰস্তুত কৰা৷

উত্তৰ: লৰ্ড ডেলহাউছিৰ স্বত্ববিলোপ নীতি প্ৰয়োগ কৰি কোম্পানীৰ শাসনাধীন কৰা ৰাজ্যকেইখনৰ তালিকা—

(i) মন্দতী (১৮৩৯)

(ii) ক’লাবা (১৮৪০)

(iii) চাতাৰা (১৮৪৮)

(iv) জৈতপুৰ, সম্বলপুৰ (১৮৪৯)

(v) ভাগলপুৰ (১৮৫০)

(vi) উদয়পুৰ (১৮৫২)

(vii) ঝান্সি (১৮৫৩)

(viii) নাগপুৰ (১৮৫৪)

৯) ভাৰতবর্ষৰ এখন মানচিত্ৰ আঁকি তলত উল্লেখ কৰা স্থানসমূহ বহুওৱা—

পণ্ডিচেৰী, মাদ্ৰাজ, বোম্বাই, এলাহাবাদ, অযোধ্যা, পলাশী, কর্ণাটক‍ 

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ