ভিন ভিন পৰিৱেশৰ উদ্ভিদ— পৰিৱেশ অধ্যয়ন, চতুৰ্থ শ্ৰেণী

১. উত্তৰ লিখা:

ক) পৰিৱেশৰ তাৰতম্য হোৱাৰ তিনিটা কাৰণ লিখা৷

উত্তৰ: পৰিৱেশৰ তাৰতম্য হোৱাৰ তিনিটা কাৰণ হ’ল—

(i) বৰষুণৰ পৰিমাণ

(ii) উষ্ণতাৰ মাত্ৰা

(iii) উচ্চতা

খ) সৰল গছ কোন অঞ্চলত পোৱা যায়?

উত্তৰ: সৰল গছ পাৰ্বত্য অঞ্চলত পোৱা যায়৷

গ) মৰুভূমি অঞ্চলত হোৱা এবিধ উদ্ভিদৰ নাম লিখা৷

উত্তৰ: মৰুভূমি অঞ্চলত হোৱা এবিধ উদ্ভিদৰ নাম হ’ল— কেক্‌টাছ৷

ঘ) কেক্‌টাছজাতীয় উদ্ভিদৰ গঠন কেনেকুৱা?

উত্তৰ: কেক্‌টাছজাতীয় উদ্ভিদৰ গঠন— ইহঁতৰ শিপাবোৰ বৰ দীঘল, গা-গছ মঙহাল, পাত নাথাকে, পাতৰ সলনি গা-গছ কাঁইটেৰে ভৰি থাকে৷

ঙ) অতি শীতল অঞ্চলত হোৱা দুবিধ উদ্ভিদৰ নাম লিখা৷

উত্তৰ: অতি শীতল অঞ্চলত হোৱা দুবিধ উদ্ভিদৰ নাম হ’ল— মচ আৰু সৰু সৰু তৃণজাতীয় উদ্ভিদ৷

চ) অৰণ্যত কেনে ধৰণৰ উদ্ভিদ পোৱা যায়?

উত্তৰ: অৰণ্য অঞ্চলত ওখ, গা-গছ শকত আৰু টান, অধিক ঠাল-ঠেঙুলিযুক্ত বৃক্ষজাতীয় উদ্ভিদ পোৱা যায়৷

ছ) পাৰ্বত্য অঞ্চলত হোৱা উদ্ভিদবোৰৰ গঠন কেনেকুৱা?

উত্তৰ: পাৰ্বত্য অঞ্চলত হোৱা উদ্ভিদবোৰ ওখ, গা-গছ কোমল, অধিক ঠাল-ঠেঙুলিযুক্ত, পাতৰ সংখ্যা বেছি আৰু পাতবোৰৰ আগটো বেজীৰ দৰে জোঙা হয়৷

জ) তৃণভূমি অঞ্চলৰ উদ্ভিদবোৰ কেনেকুৱা?

উত্তৰ: তৃণভূমি অঞ্চলৰ উদ্ভিদবোৰ ঘাঁহজাতীয় আৰু ইহঁতৰ পাতবোৰ দীঘল দীঘল৷ এই ঘাঁহজাতীয় উদ্ভিদবোৰৰ মাজে মাজে ওখ গছো দেখা যায়৷ 

ঝ) পাৰ্বত্য অঞ্চলৰ কোন অংশত উদ্ভিদৰ সংখ্যা বেছি?

উত্তৰ: পাৰ্বতত্য অঞ্চলৰ নামনি অংশত উদ্ভিদৰ সংখ্যা বেছি৷

ঞ) কেক্‌টাছে অতিৰিক্ত পানী ক’ত সঞ্চয় কৰি ৰাখে?

উত্তৰ: কেক্‌টাছে অতিৰিক্ত পানী ইয়াৰ গা-গছত সঞ্চয় কৰি ৰাখে৷

২. ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

‘ক’ ‘খ’
মৰুভূমি অঞ্চলৰ উদ্ভিদবোৰৰ বহু এলেকা জুৰি দীঘল দীঘল ঘাঁহ থাকে
পাৰ্বত্য অঞ্চলৰ উদ্ভিদবোৰৰ গা-গছ মঙহাল আৰু কাঁইটেৰে ভৰা
তৃণভূমি অঞ্চলত ডাঠ গছ-গছনিৰে পূৰ্ণ
অৰণ্য অঞ্চল মচ, তৃণজাতীয় উদ্ভিদ আদি গজে
মেৰু অঞ্চলত পাতবোৰ বেজীৰ দৰে জোঙা হয়৷

উত্তৰ:

‘ক’ ‘খ’
মৰুভূমি অঞ্চলৰ উদ্ভিদবোৰৰ গা-গছ মঙহাল আৰু কাঁইটেৰে ভৰা 
পাৰ্বত্য অঞ্চলৰ উদ্ভিদবোৰৰ পাতবোৰ বেজীৰ দৰে জোঙা হয়৷
তৃণভূমি অঞ্চলত বহু এলেকা জুৰি দীঘল দীঘল ঘাঁহ থাকে 
অৰণ্য অঞ্চল ডাঠ গছ-গছনিৰে পূৰ্ণ 
মেৰু অঞ্চলত মচ, তৃণজাতীয় উদ্ভিদ আদি গজে

৩. খালী ঠাই পূৰণ কৰা:

ক) পানীৰ অভাৱৰ বাবে মৰুভূমিত গছ-গছনি অতি _______

উত্তৰ: পানীৰ অভাৱৰ বাবে মৰুভূমিত গছ-গছনি অতি কম ৷

খ) কেক্‌টাছৰ গা-গছ _______ হোৱা বাবে প্ৰাণীয়ে সহজে খাব নোৱাৰে৷

উত্তৰ: কেক্‌টাছৰ গা-গছ কাঁইটীয়া হোৱা বাবে প্ৰাণীয়ে সহজে খাব নোৱাৰে৷

গ) পাৰ্বত্য অঞ্চলৰ উদ্ভিদবোৰৰ _______ কোমল৷

উত্তৰ: পাৰ্বত্য অঞ্চলক উদ্ভিদবোৰৰ  গা-গছ  কোমল৷

ঘ) বৰষুণ, উষ্ণতা, উচ্চতা আদিয়ে _______ তাৰতম্য ঘটায়৷

উত্তৰ: বৰষুণ, উষ্ণতা, উচ্চতা আদিয়ে  পৰিৱেশৰ  তাৰতম্য ঘটায়৷

ঙ) পৰ্বতবোৰৰ ওপৰলৈ ক্ৰমে _______ সংখ্যা কমি আহে৷

উত্তৰ: পৰ্বতবোৰৰ ওপৰলৈ ক্ৰমে  গছ-গছনিৰ  সংখ্যা কমি আহে৷

চ) মেৰু অঞ্চলত _______ কালত ৰং-বিৰঙৰ ফুল ফুলে৷

উত্তৰ: মেৰু অঞ্চলত  গৰম  কালত ৰং-বিৰঙৰ ফুল ফুলে৷

৪. শুদ্ধ উত্তৰটোত  ‘’ চিন দিয়া

ক) সৰল গছৰ গা-গছ টান৷

খ) দেৱদাৰু মৰুভূমি অঞ্চলৰ উদ্ভিদ৷

গ) অতি শীতল অঞ্চলত বৰফ গলিলে তৃণজাতীয় উদ্ভিদ গজে৷

ঘ) তৃণভূমি অঞ্চলৰ উদ্ভিদবোৰ অধিক ঠাল-ঠেঙুলিযুক্ত৷

ঙ) পৃথিৱীৰ সকলো ঠাইত একে ধৰণৰ উদ্ভিদ পোৱা যায়৷

উত্তৰ: গ) অতি শীতল অঞ্চলত বৰফ গলিলে তৃণজাতীয় উদ্ভিদ গজে৷ 

৫. পৰ্বতৰ একেবাৰে ওপৰৰ অংশত গছ-গছনিৰ সংখ্যা কম কিয়?

উত্তৰ: পৰ্বতৰ একেবাৰে ওপৰৰ অংশ অত্যন্ত শীতল আৰু বৰফেৰে ঢাক খাই থাকে বাবে এই অংশত গছ-গছনিৰ সংখ্যা কম হয়৷

অসম বিচিত্ৰা

অসম বিচিত্ৰালৈ স্বাগতম

যোগাযোগ